Thursday, April 30, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
_____________________________________
দেৱাশ্ৰী বৰা(#খণ্ড_২৮)
____________________
কিছুমান মানুহ বৰ অদ্ভুত ধৰণে কাষ চাপি আহে৷দুদিনৰ আগৰলৈকে অচিনাকি যেন লগা মুখখন আজি এপলক চোৱাৰ হেপাঁহহে ৰাশিয়ে বাট চাই ৰয় জোনাকলৈ৷হাতভঙা এসপ্তাহে হ’ল কলেজত জোনাকৰ ছাঁটোকো দেখিবলৈ নাই৷তাই তাক বিচাৰি ফুৰা সময়বোৰ মিচ কৰে৷তাই এটাই কামনা কৰে যে "জোনাকদা সোনকালে থিক হওঁক আৰু তাৰ পাছত সকলো কথা তাক বুজাই ক’ব"৷
জোনাক আৰু অনুজৰ কথাবোৰ ভাবিলে বহুত প্ৰশ্নই তাইৰ মনটোক আমনি কৰে৷প্ৰশ্নবোৰৰ উত্তৰ যিহেতু তাইৰ ওচৰত নাই,তাই উত্তৰৰ সন্ধানত ফুৰে৷ কিয় অনুজে জোনাকক বেয়া পায়৷একেলগে থাকে,কথাও পাতে,সিহঁতৰ মাজত বন্ধুত্বও আছে কিন্তু এনেকুৱা কি ঘটিছে যাৰ কাৰণে অনুজে তাক লৈ insecurityত ভুগে৷"ল’ৰাটো ভাল নহয়,তাৰ পৰা আঁতৰত থাক"এইবোৰ কিয় কয়৷সচাইঁ যদি দুয়োটাৰ মাজত কিবা থাকিলে হয় তেন্তে একেলগে কিয় থাকিব৷৷তাই আজি ৰহস্যৰ সাৰগৰ্ভ উলিয়াব বুলি অনুজৰ ওচৰ পালেগৈ৷
অনুজে ৰুমতে শুই আছিল ৷তাই তাৰ দোৱাৰত টুকুৰিয়াই চাদৰ ওপৰলৈ বুলি মাতি নিলে তাক৷সিও তাইৰ পাছে পাছেই গ’ল৷পুৰণি ভগা আলমাৰিটোৰ পৰা তাই চিপছ আৰু কল্ডদ্ৰিংছৰ বটল দুটা উলিয়াই এটা অনুজক দিলে আনটো তাই ল’লে৷
অনুজৰ অলপ কথাবোৰ হজম কৰিব নোৱাৰা যেন পাই ভাবিলে "সদায় মোক শান্তিত থাকিবলৈ নিদিয়া এইজনীৰ আজি কিহে পালে"৷ সি তাইৰ গতিমতি লক্ষ্য কৰি কৈয়ে দিলে
:"মই তোৰ একো কাম কৰি দিব নোৱাৰোঁ হ’লে,ইমান মাস্কা মাৰি লাভ নাই৷"
:"মই কেতিয়া কাম কৰিব দিলোঁ তোক"
:"এইবোৰ খাবলৈ দিছ্ যে,ফ্ৰি কে দিছ্ যেন লগা নাই"
:"I want to know Something about you more ''
:"মই চেলিব্ৰিটি নহয় মোক জানিবলৈ,আৰু তইচোন মোক ভালকৈয়ে চিনি পাওঁ আৰু কি লাগে৷"
:"তোৰ মাজতো বহুতখিনি মই নজনা কথা বহুখিনি আছে৷আমি একেলগে আছোঁ ইমান বছৰ,ভাল ফ্ৰেণ্ডশ্বিপৰ বণ্ডডিং এটা কৰিব নোৱাৰোঁনে?নামতহে আমি একেলগে আছোঁ,তোৰ ৰুমলৈ কালি নোহোমোৱা হেতেন মই তোক আজিৰ এই অনুজটোতকৈ বেলেগ একোৱে নেদেখিলো হেতেন৷"
: "তই কি ক’ব খুজিছ্ মই হ’লে একো বুজা নাই৷তোক কি লাগে Direct ক’ "
:"তোৰ আলমাৰিটোৰ ওপৰত 'old is gold’কি আছিল মোকো চাবলৈ দে"
"কল্ডড্ৰিংচটোৰ কাৰণে Thank you"বুলি কৈ সি তাৰ পৰা ল’ৰালৰিকৈ গুচি আহিলে৷ৰাশিৰ তাৰ ওপৰত সন্দেহ বাঢ়ি গ’ল,সি তাইৰ পৰা যে কিবা কথা লুকুৱাইছে আৰু ক’বও খোজা নাই বুলি ভাবিলে৷তাই তাৰ পাছে পাছে গৈ তাক সুধিলে" হ’ব সেইটো নালাগে বেলেগ এটা ক’ মোক"
:"কি?"
:"মোক ক’ না জোনাকক কিয় বেয়া পাওঁ?"
:"তই আমাৰ মাজত ফ্ৰেণ্ডশ্বিপ নাই দেখা নেকি,আকৌ বেয়া পোৱা কথা সুধিলি যে"
:"দেখিছোঁ কিন্তু "
"কোনো কিন্তু নাই,আল্টু ফাল্টু কথা বাদ দি প্ৰেকটিছ ভালকে ক’ৰ college week পালেহি" বুলি কৈ সি দৰ্জাখন মাৰি ৰুমত সোমাই থাকিল৷
তাইয়ো সেইটো কথা সিমানখিনিতে সামৰি জোখতকৈ কথাবোৰ বেছি ভাবিছে বুলি এৰি দিলে৷
college weekলৈ মাজত মাত্ৰ এসপ্তাহ৷কলেজৰ বেছিভাগ ষ্টুডেণ্ট আজিকালি কলেজতকৈ বেছি কৰ্ড ফিল্ডতহে পোৱা যায়৷ৰাশিৰ আটাইতকৈ প্ৰিয় সময় এইবোৰ৷ডিপাৰ্টমেণ্টৰ মহিলা ক্ৰিকেট টিম,কাবাদী টিম,ফুটবল টিম সকলোতে তাই অংশ লৈছে৷অকলশৰীয়াকৈ খেলা খেলবোৰতো খেলিবই তাই,কিন্তু গ্ৰুপত থকাবোৰৰ প্ৰেকটিছ নকৰিলে নহ’ব৷এইকেইদিন তাইৰ খুউব কষ্টও হৈছে ৰাতিপুৱা চুইমিং ক্লাছৰ পৰা কলেজ ,কলেজৰ পৰা কৰ্ডফিল্ডত প্ৰেকটিছৰ বাবে আহে৷বক্সিং ক্লাছ দুদিনমানৰ বাবে আধাটোহে কৰিবলৈ পাৰমিছন লৈছে৷ঘৰলৈ গৈ পঢ়া শুনা কৰিবলৈ বা আন কিবা কিবি চিন্তা কৰিবলৈ তাই সময় নোহোৱা হ’ল৷দিনটোৰ ভাগৰৰ শেষত তাইৰ লেবেজান হৈ ঢলি পৰে গোটেইজনী৷
কৰ্ডফিল্ডতে ক্ৰিকেটৰ প্ৰেকটিছ চলি আছে৷এইবাৰ তাইৰ বেটিংৰ পাল৷তেনেকুৱাতে তাই কোনোবাই কথা পতা শুনিলে জোনাকৰ বিষয়ে আৰু এতিয়া যে ফিল্ডতে আছে সেইটো শুনি বলৰ পৰা চকু আতৰাই গোটেই ফিল্ডখনৰ কোনোখিনিতনো আছে বুলি চকু ফুৰালে৷হঠাৎ বলটো আহি তাইৰ নাকত খুউব জোৰোৰে লাগিলহি৷লগালগ নাকৰ পৰা তেজ ববলৈ ধৰিলে৷কোনোবাই "তেজ ওলাইছে তেজ" বুলি চিঞৰি দিয়াত ফিল্ডত থকা গোটেই সোপাই কি হ’ল ঘটনাৰ উম ল’বলৈ তাইৰ কাষ পালেহি৷ভিৰে প্ৰায় জোম বান্ধিলে,জোনাকে ক’ৰবাৰ পৰা আহি জোমটোক অলপ বহল কৰি দিলে আৰু তাৰ পকেটৰ পৰা ৰুমাল এখন উলিয়াই ৰাশিক দিলে৷
অনুজে ষ্টেডিয়ামললৈ আহিয়ে জোমটো দেখি কি হ’ল চাবলৈ আহিলে৷দেখিলে ৰাশি বননিতে বহি আছে আৰু নাকৰ পৰা তেজ ওলাইছে,তাই লৈ থকা ৰুমালখন তেজেৰে জুৰুলিজুপুৰি হৈছে৷সি তেজ নোৰোৱা দেখি ব’ল ব’ল ডক্তৰ ওচৰলৈ যাবি বুলি তাইক তাৰ পৰা লৈ গ’ল৷অনুজে তাত জোনাকক দেখিয়ে তাইক ধমক এটাও দিলে "চকু ক’ৰবাত মন ক’ৰবাত হ’লে এনেকুৱাই হ’ব" ৷
জোনাকে একোকে বুজি নাপালে কি হ’ল৷সিয়ে চিনাকি কৰাই দিছিল অনুজক ৰাশিৰ লগত আৰু এতিয়া বহুদিনৰ চিনাকি দৰে যে তাইক লৈ গ’ল সেইখিনিৰ পৰা৷ৰাশিৰ টিমমেট দুজনীমানো ৰাশিহঁতৰ পিছে পিছে গ’ল৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
val lagil😊
ReplyDeleteThnqq
DeleteBhal hoise
ReplyDeleteThnqqqq
DeleteYou go girl...
ReplyDelete❤️Such a beautiful expression of a college girl's emotions!
Thnq so much
Delete