Thursday, April 23, 2020
JBCৰ বাকৰিত এমুঠি হেপাঁহৰ জোনাক
-----------------------------------------------------
দেৱাশ্ৰী বৰা (খণ্ড ২২)
------------------------------
কমেণ্টটোত লিখা আছিল "Bro আজি অডিটৰিয়াম হিলাই দিলা🔥” আৰু ৰিপ্লাইত সি "thank you sister"বুলি লিখিছিল৷তাইৰ মনলৈ কিছু হ’লেও সকাহ আহিল৷তাৰ পাছত জোনাকক দিয়া প্ৰতিটো কমেণ্ট তন্নতন্নকৈ পঢ়িলে,একো নাপালে৷
"তাৰমানে জোনাকৰ কোনো গাৰ্লফ্ৰেণ্ড নাই " বুলি চিঞৰি উঠিলে৷কাষতে থকা জীয়াই উচপ খাই উঠিল ৰাশিৰ চিঞৰত আৰু ক’লে
:"কি হ’ল হা তোৰ,ৰাতিখন ভুতে পালে নেকি?"
:“ভুতে পোৱা নাই,জান’ জীয়া জোনাকৰ গাৰ্লফ্ৰেণ্ড নাই"বুলি তাই জীয়াক টানিআজুৰি এপাক ঘুৰাই দিলে৷ জীয়াই তাইৰ কথা একো বুজি নাপাই "হ’ব দে এতিয়া শুই থাক "বুলি ক’লে৷
ৰাশিয়ে মোবাইলটো হাতত লৈ ৰংমনেৰে জোনাকে গোৱা গানটো দহবাৰ মান শুনিলে৷কোনোবাখিনিত তাইৰ লগতে মিলি গৈছিল গানটো৷তাইৰ নিজৰ ওপৰতে অলপ খংও উঠিলে,তাইৰ ভুলবুজাবুজিৰ কাৰণে আজি জোনাকৰ প্ৰথমবাৰৰ এই প্ৰগেমটো চোৱাৰ পৰা বঞ্চিত হ’ল৷ ৰাতিপুৱাই গৈ জোনাকক ছাতিটো ঘুৰাই দিব বুলি মনতে ভাবি থ’লে৷কিন্তু কথাতে কয় নহয় "ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি "তাইৰ লগতো তেনেকুৱাই হ’ল৷কাইলৈ দেওবাৰ বুলি মবাইল ক্ৰিনত দেখিহে মনত পৰিল তাইৰ৷কি কৰোঁ ,কি নকৰোঁ কৈ জোনাকলৈ ফোন এটা কৰি আজি গানটো ভাল লাগিলে বুলি কওঁ বুলি ভাবিলে৷সময় চালে ৰাতি 12বাজিবৰ হ’ল,শুলে চাগে বুলি whatsappতে ৰচনা লিখা দি মেচেজ এটা দি দিলে৷
ৰাতিপুৱা সাৰ পাই প্ৰথমতে জোনাকৰ ৰিপ্লাই আহিছে নেকি চালে কিন্তু নাই মেচেজটোকে seenকৰা নাই ৷ দেওবাৰ বুলি ৰুমটোকে চাফা কৰিলে দুইজনীয়ে মিলি৷ঘৰৰ পৰিৱেশটো ৰাশি থকা অৱস্থাটো ঠাণ্ডা হৈ থকা দেখি ঘটনাৰ উম ল’বলৈ অনুজে আহি সিহঁতৰ ৰুমৰ বাহিৰত ৰ’লহি৷ৰাশিক অশান্তি কৰিবলৈকে যিটি নাম দি তাইক জোকাবলৈ লাগিল৷ৰাশিয়ে চকু মুখ ঢাকি আতংবাদীৰ দৰে ৰূপ লৈ কান্ধত ঝাৰুটো তুলি ওলাই আহিল ৰুমৰ পৰা৷তাইক দেখি অনুজে হাহিঁ দিলে আৰু তাই তাক খেদি খেদি শেৱালি আন্টিৰ ওচৰ পালেগৈ৷সিহঁতক দেখি শেৱালি আন্টিয়ে
" এই ল’ৰা ছোৱালী দুটা যে কেতিয়া ডাঙৰ হ’ব৷ৰ’হ বিয়া পাতি দিম তহঁতৰ" বুলি ধেমালিতেই ক’লে৷কিন্তু অনুজে লগালগ কৈয়ে দিলে-
:"এইজনী পৃথিৱীৰ শেষ ছোৱালী হ’লেও তাইক মই বিয়া পাতিবলৈ নাই দেই৷"
:"আৰু তই কি ভাবিছ তোক বিয়া পাতিবলৈ মই ৰৈ আছোঁ,দৰকাৰ হ’লে ঘৰতে বুঢ়ী হৈ থাকিম"
সিহঁতৰ কাজিয়াবোৰ দেখি জীয়া আৰু শেৱালি আন্টিয়ে দুৰৰ পৰা চাইয়ে হাহিঁ থাকিল৷
সন্ধিয়া হ’বৰ হ’ল জোনাকৰ মেছেজৰ কোনো ৰিপ্লাই নাহিল ৰাশিলৈ ৷তাই চাদৰ ওপৰত বেলি ডুবা চাবলৈ বহিলগৈ ৷অনুজে হাতত জুচৰ বটল দুটা লৈ তাইৰ কাষতে বহিলেগৈ৷ৰাশিয়ে তাক সুধিলে-
:"WAH জনাব Itna pyar kis khusi main"
:"চোবা মায়ে দিছে,জীয়াক ৰুমতে দি তোক বিচাৰি ইয়াত পালোহি"
:"আচ্ছা কথা এটা ক’ চোন !তোক কেনেকুৱা গাৰ্লফ্ৰেণ্ড লাগে,মানে কেনেকুৱা typeৰ ছোৱালী ভাল লাগে?
: " তোক আকৌ ছোৱালীৰ কথা কে’লে লাগে "?
:" মই কি ছোৱালী নহয় নেকি?bdw এইবোৰ বাদ দে মোক answer ক’?"
:"অলপ styles হ’ব লাগে ,ধুনীয়া হ’ব লাগে with kind hearted behavior and ভাল হ’বটো লাগিবই "
:"আচ্চা ’ then in love looks also matter right?"
:"i dont think so, but আজি কালি বেছিভাগে look চাইয়ে Joudge কৰে
"Okey then তই বহ মোৰ কাম এটা আছে " বুলি কৈ তাই ৰুমলৈ গুচি আহিল ৷আইতাকে উপহাৰ দিয়া ক্লিপ,ৰাবাৰ,কাণফুলি আৰু লিপষ্টিকৰ বক্সটো বিচাৰিলে৷জীয়া ৰুমত নথকাৰ সুযোগ লৈ দৰ্জাখন বন্ধ কৰি আইনাৰ সন্মুখত বহি নিজকে সজাই পৰাই চালে আৰু নিজে ক’লে
" এতিয়াটো মোক ছোৱালীৰ নিচিনাই লাগিছে একদম৷"
দুৱাৰত টুকুৰিয়াৰ মাত শুনি লগালগ বস্তুবোৰ পুনৰ সামৰি মুখখন মচি ল’লে তাই ৷তাৰ পাছত দৰ্জাখন খুলিয়ে চুৰৰ দৰে মুখখন তললৈ কৰি বেচিনটোৰ ফালে গ’ল৷অনুজে তাইক চুৰৰ দৰে মনে মনে যোৱা লক্ষ্য কৰি আছিল৷কি কৰিছে হাতে লুতে ধৰা পেলাও বুলিয়ে কথাৰ গম ল’বলৈ তাইৰ ওচৰ পালেগৈ৷তাই বেচিনত মুখ ধুই পাছফালে ঘুৰিয়ে তাক দেখি ভয়ত থতমত খাই গ’ল৷সি ক’লে-(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment