Friday, April 3, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ---------------------------------------------------------- দেৱাশ্ৰী বৰা (৯ম খণ্ড) ঘৰৰ কাষৰ পুৱালিবোৰৰ লগত ক্ৰিকেট খেলি আছোঁ৷সন্ধিয়াই হ’বৰ হ’ল৷দেউতাই দীঘল এচাৰি এডাল লৈ বকি-ৰকি আহি আছে৷ দেতাক দেখি দুটামান পোৱালী পলাল কিন্তু লগৰ জিন্টু মিন্টুহতে জানে দেতাই নামাৰে মোক ভয় খুৱাবলৈকে যে এচাৰি দাল লৈ আহে৷ :ঘৰ আহি পোৱা কিমান পৰ হৈছিল তাইৰ উৎপাত আৰম্ভ হ’লেই :ৰ’বাচোন আৰু দুটা বল মাৰি লওঁ তোক ৰ’হ বুলি এইবাৰ প্ৰায় খেদি অহাদি আহিল,মইও চেগবুজি খুউবমতে দৌৰি আহি খুড়ীহঁতৰ ঘৰ পালোহি৷দেতাই আকৌ এচাৰিদাল হাতত লৈয়ে ভিতৰ পালেহি,"দেখিছনে এই ছোৱালীজনীয়ে আহিয়ে এই বুঢ়া বাপেকটোক কেনেকৈ নচুৱাই ফুৰিছে৷"আইতাই আকৌ জাঙুৰ খাই আহিছে :ইমান দিনৰ মুৰত ছোৱালীজনী আহিছে তই কিয় বলকি আছ :তাই তহঁতৰ কাৰণেই বেয়া হৈছে,কওঁ নহয় ইমান মৰম নকৰিবি,দেখিছ এতিয়া একো কথাই কাণসাৰ নকৰা হ’ল৷ মই ফেকুৰি ফেকুৰি আইতাৰ কোচতে সুমাই ক’লো "এইবোৰ জানো হোষ্টেলৰ বন্ধ কুঠাত পাওঁ৷ঘৰলৈ আহিলেহে ক’ৰো৷"মোৰ চকুত চকুপানী দেখিয়ে দেতাই অলপ কাষ চাপি ক’লেহি :চোৱা মা,এতিয়া জানো তুমি ডাঙৰ হোৱা নাই,এনেকে সৰু সৰু ল’ৰাছোৱালীৰ লগত খেলা বয়স আছে জানোঁ৷ আৰু নকৰিবলৈ কোৱা নাই নহয়,আজি অলপ আগত আহি পাইছাহে,একো নোখোৱাকৈ ওলাই যাব লাগেনে৷ খুড়ীয়ে বাপেক জীয়েকৰ এইবোৰ দেখি হাহিঁ হাহিঁ পাকঘৰৰ পৰা ওলাই আহিল,"দাদা তাইৰ যি মন গৈছে কৰক দিয়ক,কেইদিননো ঘৰত থাকিবলৈ পায়৷পিছে এইবাৰ কেইদিন থাকিবা ৰাশি"৷এইবাৰ মোৰ বহুত কাম আছে,নতুনকৈ Swimming ক্লাছ লৈছোঁ,বক্সিংৰ ক্লাছ আৰম্ভ হ’লেই৷এসপ্তাহ থাকিয়ে যাম গৈ চাগে৷আইতায়ে কন্দা কটা কৰি চকুৱে মুখে চুমা খাই কৈছে,ইমান কম দিনলে ছোৱালীজনী আহিছে,তাকো গালি পাৰিছে সি,এনেকে হ’লে কোনোবা দিনা ঘৰলৈয়ে নাহিব তাই৷ হাতৰমুঠিতে আইতাই চেইন এডাল উলিয়াই পিন্ধাই মোক কৈছে পেন্সনৰ টকা কেইটা পাইয়ে তোলৈ বনাই থৈছোঁঁ,সোণৰ হয় নেহেৰুৱাবি৷ :আইতা তুমিচোন জানাই মই এইবোৰ বেয়া পাওঁ কিয় বনাব লাগে৷সেইকেইটা পইচাৰে তুমি নিজলৈ horlics এটা আনিব নোৱাৰিলা৷ :থ, থ, আমাৰ দিনত সেইবোৰ নথকাকেই বুঢ়ী হ’লোহি এতিয়া সেইবোৰ খালেহে হয়নে?তোলৈ কাণত পিন্ধা ফুলি আৰু খাৰু এযোৰ কিনি আনিছোঁ পিন্ধিবি৷ :আইতা মই এইবোৰ বেয়া পাওঁ বুলি জানিও কিয় ল’ব লাগে৷বেয়া পাবা বুলিহে লৈছোঁ কিন্তু পিন্ধিবলৈ যোৰ নকৰিবা৷ :তোৰ এই ল’ৰা গতটো সলাবি নহ’বা কোনেও পচন্দ নকৰিব কৈ থ’লোঁ দেউতাই ওপৰতে পৰিয়ে কৈছে মোৰ ছোৱালী কোনোবাই বিয়া নাপাতিলেও নাই,এতিয়া যেনেকৈ ৰাখিছোঁ পাছে পৰেও ৰাখিম৷সমাজৰ চিন্তা মই নকৰোঁ,মুঠতে তাইৰ যি ইচ্ছা যেনেকৈ ইচ্ছা তেনেকৈয়ে থাকক৷আনৰ কথাশুনি তই সলনি হ’ব নালাগে মাজনী৷ উফ্ তোমালোকে এইবোৰ বন্ধ কৰা দেই৷যি হয় পিছত হ’ব এতিয়া ব’লা আইতা বৰদেউতাহ’তৰ ঘৰৰ পৰা আহোঁ৷ সময় প্ৰায় 8মান বাজিল গাওঁফুৰি আহোঁ মানে,ইফালে দেতাৰ বকনি"ঘৰলৈ আহি এক মিনিট ঘৰখনতে শান্তিকৈ নাথাকে,কিয় আহিব লাগে"মই এইবোৰ কাণসাৰ নকৰি নিজৰ ৰুমলৈ গুচি আহিলোঁ৷ দিনযোৰা ভাগৰৰ অন্তত আহি বিচনাখনতে ঢলি পৰিলোঁ৷হঠাৎ I.D card খনলৈ মনত পৰিল আৰু বেগৰ পৰা উলিয়াই নভবা নিচিনাকৈ তাত থকা ফোন নম্বৰটোত ক’ল কৰিলোঁ৷কিন্তু দুটা ৰিং যোৱাৰ পাছতে কাটি দিলে৷ আকৌ এবাৰ ক’ল কৰিবলৈ লওঁতেই ৰাতিৰ ভাত খাবলৈ মাতিলে৷ভাতখাই আহি মবাইলটো চাই দেখো দহটা মিচকল ৷কোন হ’ব পাৰে বাৰু,unknown number ,অথনিৰ ল’ৰাটো নহয়টো৷ফোনটো ধৰোঁ নে নধৰোঁ৷যদি ল’ৰাটোৱে হয় কি ক’ম৷সি ভুল নুবুজেটো৷(আগলৈ)

No comments:

Post a Comment