Saturday, April 18, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ------------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড ১৯) ------------------------------- ৰাশি যেন এতিয়া বেলেগ এখন পৃথিৱীৰহে বাসিন্দা৷ ডায়েৰীৰ পাতবোৰ এখিলা এখিলাকৈ লুটিয়াই তন্নতন্নকৈ পঢ়ি গৈ আছিল ৷ ভোক পিয়াহ সকলো পাহৰি ডায়েৰীৰ পাতত লিখা স্মৃতিৰ কুহেলিকাত বন্দী হৈ তাই সকলো পাহৰিয়েই পেলাইছিল৷ খুৰীয়েকৰ মাত শুনি পুনৰ ঘুৰি আহিল বাস্তৱলৈ৷আজি তাইৰ শেষ দিন আপোন ঘৰ খনত,তাইৰ নিজৰ ঘৰখনত য’ত তাই জীৱনৰ 28টা বছৰ অতিক্ৰম কৰিছে৷ ৰভাঘৰ উদুলিমুদুলি,সকলো কামত ব্যস্ত৷কোনোবাই তামোল কাটিছে,কোনোৱে শাকপাচলি,কোনোবাই ইফালৰ পৰা সিফাল কৰি ইটো সিটো কাম ঘুৰি কৰিছে৷মুঠৰ ওপৰত কাৰো ক্ষন্তেকো আহৰিয়েই নাই ৷পৰিয়ালৰ প্ৰত্যেকজন সদস্যই আজি খুউব সুখী কাৰণ সৰুৰ পৰাই বিয়া পতাৰ কথাটো আওকাণ কৰা ৰাশিৰ বিয়া আজি৷সকলোৱে মনত এটাই ভয় আছিল ৰাশিৰ স্বভাৱটোৰ কাৰণে৷কোনেও হয়তো সপোনতো ভবা নাছিল সেই মতামুৰীয়া ছোৱালীজনীৰ বিয়া উলহমালহেৰে এদিন যে ধুমধামকৈ পতা হ’ব৷পৰিয়ালৰ মানুহেটো তাইৰ বিয়াৰ আশা বাদেই দিছিল৷দেউতাক আৰু আইতাৰ এটাই চিন্তা আছিল "ইম্মান উৎপত্তিয়া মতামুৰীয়া ছোৱালীজনী কোনে বিয়া পাতিব"৷ ৰাশি আজি বহুত সুখী মনে মিলা মানুহজনক স্বামী হিচাপে পাই আৰু সেই কথা তাইৰ দুচকুত জলজলপটপটকৈ উজ্জ্বলি উঠে৷তাহানিৰ সেই মতামুৰীয়া গজগজিয়া ছোৱালীজনীৰ ছয়বছৰীয়া প্ৰেমৰ পৰিণতিতে এই প্ৰেমবিবাহ৷ বিয়াৰ সকলোখিনি কাম ৰাশিৰ মন-পছন্দৰ মতেই আয়োজন কৰা হৈছে৷ বিয়া নাপাতো বুলি কোৱা ছোৱালীজনীয়ে এতিয়া নিজৰ বিয়াৰ সকলো দায়িত্ব নিজেই লৈছে৷যোৱা এমাহ ধৰি তাইও বিয়াৰ কামৰ পৰা আহৰিয়েই পোৱা নাই ৷ভিতৰৰ পৰা ওলাই আহি আলহী অতিথিৰ লগত কথা বতৰা পাতি হোৱাৰ পাছত পেন্দেলৰ Decorationৰ লগতে কইনা বহা ঠাইৰ চকীখনত আলফুলে সজাই দিলে তাই ভাল লগা গোলাপৰ থূপাৰে৷কেমেৰা মেন,makeup artists সকলোকে আকৌ এবাৰ ফোন কৰি মনত পেলাই দিলে " কাইলৈ 12মে’ দাদা মনত আছে নহয় আপোনাৰ,মোৰ বিয়া ৰাতিপুৱাই সোনকালে আহিব আকৌ "৷কিমান ভালপালে নিজকে সলনি কৰি দিব পাৰি আনৰ বাবে এনেদৰে৷হয়তো তাই নাজানে তাই তাক কিমান ভাল পাই৷ আজিও তাই একেদৰেই আছে তথাপি সময়ৰ লগতে সলনি হ’ল তাইৰ হৃদয়খন৷ভালপোৱাৰ পৰশত তাইৰ স্ৱভাৱৰ ক্ষেত্ৰতো বহুখিনি পৰিৱৰ্তন আহিলে৷তাই এতিয়া আগৰ দৰে আকোৰগোঁজ স্ৱভাৱৰ নহয় তাই সচাঁই সলনি হ’ল৷ তেজ মঙহৰ সম্পৰ্ক এৰি আন এখন ঘৰলৈ যোৱাটো একেবাৰে সহজ নহয়৷দিনটো মুখত ধুনীয়া হাহিঁ এটা লৈ কামৰ ব্যস্ততাত ঘুৰি ফুৰা ৰাশিৰ দেউতাকে ৰাতিৰ নিৰৱতাত ৰভাখনৰ এচুকত বহি আছে৷হেতাপৰা মনটোৰ লগতে চকুদুটাও জ্বলজ্বলিয়া হৈ আছে যদিও কান্দিব পৰা নাই ৷তেওঁ সুখী যদিও ইমান মৰমৰ ছোৱালীজনীক কেনেদৰে সদায়ৰ কাৰণে আন এখন ঘৰলৈ উলিয়াই দিব৷ দেউতাকক আমনজিমনকৈ বহি থকা দেখি ৰাশি আহি তেওঁৰ কাষতে বহিলহি৷এই 28টা বছৰত তাই দেউতাকক বুজিবলৈ বাকী নাই৷দেউতাকৰ হাত দুখনত ধৰি তাই কথা দিলে" দুখ নকৰিবা,মই আহি থাকিমটো মাজে সময়ে " ৷ দেউতাকৰ মন,বুকুত যেন ধানবনাদি একুৰা জুই জ্বলি আছে ৷ অতবছৰে মাকৰ অবিহনে অকলেই তাইক ডাঙৰ দীঘল কৰিছে,Defenseৰ চাকৰি সূত্ৰে সদায় বাহিৰে বাহিৰে থাকিব লগা হয় ৷তথাপিও এই মাক নাইকিয়া ছোৱালীজনীয়ে যাতে মাহীমাকৰ পৰা কোনো কষ্ট নাপায় সেই ভয়তে দ্বিতীয় বিবাহ কৰাৰ পৰিৱৰ্তে তাইক হোষ্টেলত ৰাখিলে৷ কিন্তু যেতিয়া ৰিটায়াৰ হৈ ঘৰলৈ আহিলে তাইৰ পঢ়া শুনা,চাকৰি আদি বাবে সদায় দুৰে দুৰে থাকিব লগা হ’ল,যিবোৰ সময় একেলগে কটাইছিল সেইবোৰো তেওঁৰ চমু যেন লগা হ’ল৷ইমান সোনকালে সময়বোৰ উকলিল যে কাইলৈ তাইৰ বিয়া ,কিদৰে সদায়ৰ বাবেই উলিয়াই দিব আনৰ ঘৰলৈ আৰু দুদিন লগত ৰাখিব পৰা হ’লে ছোৱালেজনীক" । মনৰ মাজতে কথাবোৰ ভাবি ভাবি অলপ সময় দুয়ো একো নোকোৱাকৈয়ি হাতত হাত থৈ বহি থাকিল৷ৰাশিয়ে আৰু সহ্য কৰিব নোৱাৰিলে,ধৈৰ্য্যৰ সীমা ভাঙি দুচকুৰে চকুপানী বৈ আহিল,তাই চেপি ৰখা মাতটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহিল৷তাইৰ কান্দোনৰ বিননি শুনিও দেউতাকৰ " নাকান্দিবি আই" বুলি ক’বলৈও সাহস নহ’ল৷ হৃদয় ভঙা কান্দোনৰ শব্দই সকলোকে আৱেগিক কৰি তুলিলে৷তাৰ মাজতে পৰিৱেশটো সহজ কৰিবলৈ বহুজনে চেষ্টা চলালে৷কোনোবাই আহি তাইক কিবা এটা খুৱাই বুজাই বঢ়াই শুবলৈ দিলে৷তাই বিচনাখনতে বাগৰি গাৰোটোক সাবটি ধৰিল৷কাষতে থকা ফোনটো বাজি উঠিল৷ "My lifeline" বুলি চেভ কৰা নম্বৰটো চাই তাইৰ মনটো অলপ পাতলিল৷ভাললগা অনুভৱ এটাই তাইক বেৰি ধৰিলে৷ফোনটো ধৰি তাই তাক ক’লে- :i cant believe this,its actually happen to us and we are getting married tommorow" :"dont think,just feel the time we spent together" দুইএটা কথা পাতি ফোনটো ৰাখি তাই পুনৰ ভাৱনাত ডুব গ’ল অতীতৰ স্মৃতিবোৰৰ কোলাত ৷(আগলৈ)

No comments:

Post a Comment