Tuesday, April 21, 2020
JBCৰ বাকৰিত এমুঠি হেপাঁহৰ জোনাক
-----------------------------------------------------
দেৱাশ্ৰী বৰা (খণ্ড ২১)
------------------------------
জোনাকে মাত দিছিল গানৰ মেহফিলত যোগ দিবলৈ৷বক্সিংৰ ক্লাছ আছে তাইৰ কিন্তু তাত নবহিলেও জোনাকে বেয়া পাব বুলি তালৈকে গ’ল৷অলপ পাছতে চিপচিপকৈ এজাক বৰষুণ নামি আহিল৷আটাইবোৰে আহি অডিটৰিয়ামৰ বাৰাণ্ডাতে ৰ’লেহি৷অলপ সময় তাত ৰোৱাৰ পাছত ৰাশিয়ে জোনাকক সুধিলে:
:"time কিমান হ’ল বাৰু ?
:"4বাজিবলৈ 5মিনিট বাকী "
তাই ল’ৰালৰিকৈ বৰষুণত তিতিয়েই সেইখিনিৰ পৰা ওলাই আহিল৷জোনাকে ছাটিতো লৈ তাইৰ কাষ পালেগৈ৷মুৰৰ ওপৰত ছাটিতো দেখি তাই কোনে দিলে বুলি মন কৰোঁতে জোনাকক দেখিলে আৰু তাইৰ বুকুৰ ধপধপনিবোৰ বাঢ়ি আহিল৷একেটা ছাটিৰ তলত তাই আৰু তাইৰ প্ৰিয় মানুহজন৷তাই লাজে লাজে "thank you "বুলি ক’লে৷জোনাকে সুধিলে-
:"কি ক্লাছ আছে তোমাৰ"?
জোনাকৰ প্ৰশ্নটোৰ উত্তৰ কি দিব বুলি মনতে ভাবিবলৈ ধৰিলে "যদি তাই বক্সিং খেলা কথাটো গম পাই জোনাকেও যদি তাইলৈ ভয় কৰে আৰু কথা নপতা হয় তেতিয়া কি হ’ব৷" তাই মুখেৰে নমতাকৈ থকা দেখি সি পুনৰ সুধিলে -
" একো নক’লা যে "?
তাই একো ভাবি গুণি নাপায় "গীতাৰ শিকি আছোঁ "বুলি জীয়া ফাকি এটা দি দিলে৷
:"ৱাহ,nice,তুমিও মিউজিক লাইনৰ বুলি মই ভবাই নাছিলোঁ,এদিন একেলগে perform এটা কৰিব লাগিব "
মিছা কথাষাৰ কৈ তাইৰ নিজকে দোষী দোষী অনুভৱ হ’ল৷কিন্তু জোনাকক হেৰুৱাৰ ভয়ত তাই সচাঁ কথাটো কোৱাৰ পৰা দূৰত থাকিল৷
কথা পাতি পাতি গেটৰ মুখ পালেহি জোনাকে তাইৰ হাতত ছাটিতো দি পঠালে৷তাই নালাগে বুলি কৈছিল যদিও সি লগৰটোক পাই
"তোমাৰ ঘৰ পাওঁতে চাগে দেৰি হ’ব বুলি কৈ গুচি গ’ল"
পুনৰ এক ভাললগা অনুভৱে তাইক ধোৱাই নিলে৷যদিও ছাটিতোৱে বৰষুণ জাকৰ পৰা লোকোৱাইছে তথাপিও প্ৰেমৰ বৰষুণজাকত নিশ্চয়কৈ তাইৰ হৃদয় তিতিছিল৷
সন্ধিয়া হ’বৰে হ’ল ৰাশি ঘৰ নোপোৱা দেখি জীয়াই বাৰাণ্ডাতে তাইলৈ বুলি ৰৈ আছে৷বৰষুণ দি থকাৰ বাবে ৰাশি তিতিব বুলি তাইৰ চিন্তাও হৈছে৷অনুজ আৰু শেৱালী আন্টিও ঘৰত নাই বজাৰ কৰিবলৈ ওলাই গৈ বৰষুণৰ কাৰণে ফচি থাকিল৷ৰাশিয়ে ছাটিতো লৈ ঘুৰাই ঘুৰাই গেটৰ মুখৰ পৰা আহি থকা দেখি তাই গ্ৰিলৰ দৰ্জাখন মেলি দিলেগৈ আৰু ৰাশিক সুধিলে
:"ছাটিতো ক’ত পালি"
:"জোনাক দাই দি পঠাইছে বৰষুণ দি থকা দেখি"
:অ’’ মই ভবা নিচিনাও সি বেয়া নহয় দেখোন"
ৰাশিৰ মনটো ভাল লাগি গ’ল জীয়াৰ কথাটো শুনি৷
পাছদিনা ৰাতিপুৱাই উঠি ৰাশিয়ে ছাটিতো ভালকৈ জাপি ধুনীয়া পলিথিন বেগ এটাত ভৰাই কলেজলৈ লৈ গ’ল৷ছাটিতো দিবলৈ তাই জোনাকক কলেজৰ কোনো চুক কোণ নাৰাখি গোটেইখন বিচাৰিলে,কিন্তু ক’তো নাপালে৷বৰষুণৰ বতৰ ছাটি এতিয়া দৰকাৰ হৈয়ে থাকিব৷তাতে কাৰ্ডখন দিওঁতে এমাহ সময় লাগিল ঘুৰাবলৈ আৰু ছাটিতোও যদি এনেকৈয়ে তাইৰ হাতত থাকে সি কি ভাবিব,সেইবোৰ ভাবিয়ে তাই জোনাকলৈ বুলি ফোন লগালে ৷কিন্তু ফোনটো ৰিচিভ নকৰিলে৷ক্লাছ শেষ হোৱাৰ পাছত তাই এবাৰ আকৌ জোনাকক বিচাৰি বিচাৰি Rcc পালেগৈ৷history departmentৰ সন্মুখত জোনাকক বৰ ধুনীয়া ছোৱালী এজনীৰ লগত কথাপাতি থকা দেখিলে৷তাইৰ অলপ বেয়া লাগিল মনটোত৷তাই ছাটিতো তাক ঘুৰাই নিদিয়াকৈয়ে তাৰ পৰা গুচি গ’ল৷
ৰাতিটো তাইৰ টোপনি নধৰিলে ভালদৰে৷ সেই একেটা কথাকেই ভাবি থাকিল" ছোৱালীজনী কোন হয় ,কোন নহয় কেনেবাকৈ তাৰ গাৰ্লফ্ৰেণ্ড নেকি"?
কলেজলৈ যাবলৈ জীয়াই ধুনীয়াকৈ ইউনিফৰ্ম মেখেলাচাদৰযোৰ পিন্ধি দুদলীয়াকৈ বেনী গুঠিছে৷দুচকুত পাতলকৈ কাজলো সানিছে৷ৰাশিয়ে তাইলৈ একেথৰে চাই থকা দেখি তাই সুধিলে
:"বেয়া লাগিছে নেকি"?
:" i feel jealous,তোক এনেকৈয়ো বহুত ধুনীয়া লাগিছে"৷
:"হ’ব হ’ব,তই নাযাওঁ নেকি?"
:"তই জানই দেখোন এইবোৰ মেখেলাচাদৰ পিন্ধাটো meri bass ki kam nehi"
:"তাৰমানে তই জোনাকদাৰ show নাচাওঁ আজি"
ৰাশিয়ে একো এটাও মুখেৰে নামাতিলে,গাৰুটোত সাবতি তলমুৰ কৰি শুই থাকিল ৷
কলেজৰ পৰা আহি জীয়াই সমষ্ট দিনটোৰ দীঘলীয়া কাহিনীটো ৰাশিৰ আগত ক’লে৷কিদৰে সিহঁতৰ ডিপাৰ্টমেণ্টত চিনিয়ৰবোৰে পূজা অৰ্চনা কৰি আদৰি সাদৰি সিহঁতৰ কপালত ডাঙৰ ডাঙৰ সেন্দূৰৰ ৰঙা ফুট আঁকি দিছিল৷নাছ,গানৰ লগতে জেনেৰেল freshersত জোনাকৰ "meri pehli mahabat "গানটোত কিদৰে অডিটৰিয়াম মুখৰিত হৈ উঠিছিল৷ জীয়াই ৰাশিক লগতে ক’লে
" you missed everything"
ৰাশিৰ মনলৈ বাৰে বাৰে জীয়াই কোৱা কথাবোৰ আহি থাকিল৷ফেচবুকটো খুলি দেখিলে তাইৰ ফ্ৰেণ্ডলিষ্টত থকা কলেজৰ বেছিভাগেই জোনাকে আজি গোৱা গানটো চেয়াৰ কৰি ফুৰিছে ৷সেইদিনা জোনাকৰ লগত কথাপতা ছোৱালীজনীক কোনোবাই শ্ৰুতি বুলি মতা শুনিছিল ৷ৰাশিয়ে জোনাকৰ প্ৰফাইলত আপলোড দিয়া ভিডিঅটোত কৰা কমেণ্টবোৰ CIDৰ দৰে খুচৰিবলৈ ধৰিলে৷প্ৰায় 100টা কমেণ্টৰ মুৰত শ্ৰুতিৰ কমেণ্টোও পালেগৈ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment