Friday, April 10, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ----------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড১৪) ---------------------------- অনুজে আজিকালি আনদিনাতকৈ অলপ অদ্ভুত আচৰণ কৰিবলৈ লৈছে৷মোৰ কোনো কথাৰ উত্তৰ পোনপটীয়াকৈ নিদিয়া হৈছে ৷সি কিয় জোনাক দা কিয় বেয়া বুলি ক’লে অথনিৰে পৰাই সুধি আছোঁ কিন্তু একোকে উত্তৰ নিদিয়া হ’ল৷ তথাপি এপাকত ক’লে- : "তই তাক কেনেকুৱা বুলি ভাব?" :মই অচিনাকি ল’ৰাজনৰ কথা কি বুলি ভাবিমনো!প্ৰথমে লগ পাওঁতে অলপ বেয়া বুলিয়ে ভাবিছিলোঁ কিন্তু মোৰ ভুলৰ কাৰণেই সেইদিনা বাছত কাজিয়াখন হৈছিল৷But তাৰ পাছত আমাৰ মাজত confession হৈ missunderstanding বোৰ clear হ’ল বাৰু ৷এতিয়া ভাল যেনেই লাগিছে তথাপিও ওচৰত পোৱা নাইটো toh মই কি ক’ম আৰু৷ :থিক আছে লগ পোৱাৰ পাছত ক’বি মোক৷ "আৰে ভাই কথাখিনি কিয় আধৰুৱা কৰিছ্ "বুলি অনুক বাৰে বাৰে বাট আগুচি ধৰি সুধিবলৈ খুজিলোঁ৷কিন্তু নাই এটা শব্দও নক’লে৷জোনাক দাৰ প্ৰতি অন্য ভাৱ এটা মনত জাগি উঠিল৷নাজানো কি এই অনুভৱ কিন্তু মোৰ বাবে একেবাৰেই নতুন যেন লগা এই অনুভৱটোৱে মনটো ইচ্ছুক কৰি তুলিছে ,তেওঁৰ বিষয়ে জনাৰ লগতে তেওঁক এপলক চোৱাৰ৷"কিয় যে তেওঁ প্ৰতিজনী ছোৱালীৰ central crush বুলি কয়৷তেওঁ বাৰু চেনি নিকি?কিন্তুু দেখাত গহীন গম্ভীৰ ভাল যেনেই লাগে দেখোন "এনেকুৱা বহুবোৰ প্ৰশ্নই মনত দোলা দি গ’ল৷ মনৰ পিৰপিৰণি আতৰাবলৈ য’তে ত’তে খুচৰি কৰি হ’লেও ক’ৰবাৰ পৰা যেনেতেনে যোগাৰ কৰি জোনাকদাৰ facebook profileটোৰ নামটো গোটালোঁ৷নামটো বিচাৰি পাই ইমান ফুৰ্তি লাগিছিল যে জীয়াক কোচত তুলি তিনিপাকমান ঘুৰাই দিলোঁ৷তাইটো মোৰ অদ্ভুত আচৰণ দেখি হতভম্বই হৈয়ে সুধিলে - :"কি হ’ল আজি তোৰ ?বাহ্ ইম্মান excitement কিহৰ হা? :finally i found his facebook account৷ : নাম কি আছিল তাৰ? : নামটো জোনাকেই ৰাখিছিল যদিও অকাই পকাই থোৱা আখৰ কেইটাৰ কাৰণে ইমান দিনে বিচাৰ পোৱা নাছিলো৷ :ক’ত কেনেকৈ বিচাৰি পালি? :অনুৰ লগৰ পাৰ্থ দা যে সি আজি ফেচবুকত ফটোএখন আপলোড কৰিছিল৷আৰু তাতেই জোনাক দাই কমেণ্ট কৰিছিল ৷পাই গ’লো yeahh hooo৷(জীয়াই একো নোকোৱাকৈ মনে মনে থাকিল) জোনাকদাৰ ফেচবুকৰ প্ৰফাইলত থকা পষ্টবোৰ চাই কিবা এটা ভাল লাগি গ’ল৷তেওঁৰ পষ্টবোৰত মানৱতাৰ প্ৰকৃত স্বৰূপ এটা লোকাই আছে৷অকল মানুহকেই নহয়,জীৱ জন্তু আৰু প্ৰকৃততিকো নিস্বাৰ্থভাৱে ভালপোৱাৰ নিদৰ্শন আছে৷মোৰ ভাললাগে এনেকুৱা মানুহবোৰ আৰু এই ভাললগাবোৰৰ সুগন্ধি লৈ জোনাকদাই গোৱা জুবিনদাৰ " ৰ’দ আজি কেনি গ’ল " গানটো বাৰে বাৰে শুনিলোঁ আমনি নলগালৈকে৷"মনতে ভাবিবলৈ ধৰিলো ঁ "অনুৱে কিয় ইম্মান ভাল ল’ৰাটোক বেয়া বুলি ক’লে৷তাৰ মাজত বাৰু কিবা ৰহস্য আছে নিকি? কি হ’ব পাৰে বুলি অনুজৰ কাষতৈ ল’ৰ মাৰিলোঁ৷(আগলৈ) (লেখনিটো পঢ়িবলৈ কেনেকুৱা হৈছে জনাবচোন আৰু ভুল ক্ৰতিবোৰ দেখুৱাই দিব বুলি আশা কৰিলোঁ৷আপোনালোকৰ বাবেই লিখিছোঁ আগে পিছে লিখাৰ অভ্যাস নাই তথাপিও আশা কৰা মতে পঢ়ুৱৈ পোৱা নাই৷আনৰ লিখনিবোৰত বেছি বেছি লাইক কমেণ্ট দেখিলে মোৰ যেন কোনোবাখিনিত ভুল ৰৈ গৈছে তেনে অনুভৱ হৈছে৷তথাপিও আশা কৰিছোঁ আপোনালোকে পঢ়ি ভাল পাব৷লাইক কমেণ্টৰ বাবে লিখা নাই অৱশ্যে দুগৰাকীয়ে পঢ়ি ভাল পালেও লিখি যাম কিন্তু কিবা ভুল হৈছে যদি শুদ্ধৰণি কৰিবলৈ সুযোগ এটি দিব বুলি আশা ৰাখিলোঁ৷)

No comments:

Post a Comment