Friday, April 3, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
----------------------------------------------------
দেৱাশ্ৰী বৰা (১০ম খণ্ড)
কৰোঁ নকৰোঁকৈ ভয়ে ভয়ে ফোনটো মইয়ে লগালো৷
:hello কোনে কৰিছে বাৰু৷মই মানে মিচকল পাইছিলো মানে৷
:কি মানে মানে কৰি আছা (গলগলীয়া মাত এটাই কৈ উঠিল৷
:what,আপোনাৰ মিছকল আহিছিল so মই ক’ল কৰিছোঁ ৷
:কিয় ক’ল কৰিছা,মই তোমাক কৈছিলোঁ নিকি?
:কি মানুহ হে আপুনি,নিজেই দহবাৰ মান ক’ল কৰিব আৰু ওলোটাই মোৰ লগতে Argue কৰিব যে মই কিয় ক’ল কৰিছোঁ৷for your kind information মোৰ কোনো দৰকাৰ পৰা নাছিলে কিবা emergency হ’ব পাৰে বুলিহে
:এহ্ হ’ব হ’ব hippo,তোৰ মুখখন বৰ লাওপাত কচুপাত,মোৰ মাতটোকো বুজি পোৱা নাইনে আৰু ঘৰ পাই খবৰ এটা দিব পৰা নাই৷এইটো মোৰ new number, save it ৷আৰু ল’ মাৰ লগত কথা পাত৷
কথা বতৰা পাতি ফোনটো থৈ শু বুলি লৈয়ো শুব পৰা নাই৷চকু টিপ মাৰিব লওঁতেই সেই বাছৰ ল’ৰাজনে আহি মনত গণ্ডগোল কৰি দিছে গোটেইখন৷ কিবা এটা ভয় আৰু লাজে মোক শান্তি দিয়া নাই৷ভাবি ভাবিও পাৰ পোৱা নাই কেনেকৈ কাৰ্ডখন দিমগৈ৷ মই বাৰু তেওঁৰ ওচৰত প্ৰথম লগ পাইয়ে অদ্ভুত আচৰণ কৰিছিলোঁ নিকি?সেই এইবোৰ কিয় মনলৈ আহি আছে বুলি নিজৰ ওপৰতে খং উঠিছে৷গাৰোটোকে সাৱটি পাৰোমানে শুৱলৈ চেষ্টা কৰিছোঁ৷
ৰাতিপুৱাই শুইউঠি চাইকেলখন লৈ গোটেই গাওঁখনখন এফালৰ পৰা ফুৰি আহিলোগৈ৷দুই এঘৰত চাহৰ জুতিও ল’লো৷খেতিৰ দিন,ভাললগা এই সময়বোৰ৷আটাইতকৈ ৰাতিপুৱা চাইয়ে ভাল লাগে সকলোৱে গৰুহাল লৈ পথাৰৰ ফালে ওলাই আহে৷ভাললাগে গাওঁৰ মানুহবোৰৰ সহজ সৰল মনবোৰ আৰু অকৃত্ৰিম এই ভালপোৱাবোৰ৷
একেঠাইত শান্তিৰে থাকিব নোৱাৰোঁ মবাইলটো পেলাই য’ত ত’ত ঘুৰি ফুৰোঁ৷কিন্তু আজি মবাইল এৰিবলৈয়ে মন যোৱা নাই৷বাৰে বাৰে ফোনটো চাওঁ কিন্তু নাই কাৰো ফোন,মেচেজ একোকেই নাই৷ মনটো উগুলথুগুল লাগি গৈছে ৷খংটোও উঠি আহিছে লাহে লাহে,বাৰে বাৰে ফোনটো চাইছোঁ কিজানি তেওঁ ফোন কৰিছেই বা,কিন্তু নাই৷যিটো সময়ত যাৰ ফোন আহিব লাগে সিহঁতৰ নাহে কিন্তু অযথা ধেৰ ফোন আহি থাকে৷আজি দিনটোত কাষ্টমাৰ কেয়াৰৰ পৰা আৰম্ভ কৰি জীয়া,অনুজ সকলোৰে ফোন আহিল ৷কিন্তু ইমানবোৰৰ পাছতো ৰৈ থকা ফোনক’লটো এতিয়ালৈকে নাহিল৷অতিস্থ হৈ এইবাৰ মইয়ে ফোন লগালোঁ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment