Sunday, April 12, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ---------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড ১৬) ------------------------------ জীয়াৰ হাতখনত খামুচি ধৰি ল’লো,নিজকে জোনাকদাৰ চকুৰ পৰা লুকুৱাব বিচাৰিলোঁ৷নাজানো কিয় ইমান ভয় আৰু লাজে আগুৰি ধৰিছে৷তেওঁ দুখোজ দিলেই একেবাৰে কাষ পাবহি,কি হ’ব নাজানো কিন্তু মগজুত মাত্ৰ এইখিনিৰ পৰা কেনেকৈ পলাব হাৰিব পাৰি সেইটোহে আহি আছে৷ ভাগ্যক্ৰমে সেই সময়ত তাক কোনোবা ছোৱালী এজনীয়ে মাত লগালে আৰু সিওঁ কথা পতা দেখি জীয়াক চুচুৰাই অনাদি টানি লৈ আহিলো কেন্টিনৰ পৰা ৷জীয়াই গালিয়ে দিছে" ইমান দিনৰ পৰা excited হৈ আছিলি আৰু আজি সন্মুখত দেখি পলাইছ যে কিয়?" একো নুকুৱাকৈ মনে মনে আহি থাকিলোঁ৷ দুয়োজনীকে একেলগে দেখি অনুজেও অডিটৰিয়ামৰ কাষৰ পৰা দৌৰি আহি মাত লগালেহি৷ :"তহঁতৰ কাজিয়া শেষ হ’ল তেতিয়াহ’লে৷" সেই সময়তে কলেজৰ বেল মাৰিলে ৷next classৰ কাৰণে আৰু মই তাক একো নুকুৱাকৈ তাৰ পৰা গুচি আহিলোঁ ৷ক্লাছত আহি মই চিন্তাৰ সাগৰত উটিভাঁহি ফুৰিলোঁ৷ "মই বাৰু এনেকৈ পলাই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ,মই বাৰু মাতিব লাগিছিল নিকি,"এইবোৰকে ভাবি ভাবি এঘন্টা পাৰ কৰিলোঁ৷ ক্লাছত কি বুজালে একো পাত্তাই নাপালোঁ৷ যদিও মাতবোল নকৰিলোঁ তথাপিও মনটো কিবা এটা ভাল লাগিছে যে মই অৱশেষত ইমান দিনে ফটোত দেখি থকা মানুহটো ওচৰৰ পৰা দেখা পালোঁ৷সেইদিনা বাছত হয়তো ভালকৈ মন নকৰিলো,কেকোৰা চুলি আৰু গালৰ ডিম্পলটোৱে এতিয়াহে আমনি কৰিছে মোক৷লাজ লাজ অনুভৱ এটাই বেয়াকৈ হেচিঁ ধৰিছে৷ভাবি আছোঁ বহু কথা কল্পনাৰ জগতত বুৰ গৈ ৷সি বৰ বেছি ওখও নহয় তথাপিও চাপৰ বুলিও ক’ব নোৱাৰি,চাবলৈ গ’লে best handsome কিন্তু৷Height প্ৰায় 5.6মান হ’ব ৷তাৰ ফেচবুকৰ প্ৰফাইলটো খুচৰোতেই পাইছিলোঁ last year" Mr. JB "হৈছিল৷হয়টো এইটোও এটা কাৰণ বহুত ছোৱালীৰ central crush হৈ থকাৰ৷ ক্লাছবোৰ শেষ হ’ল আৰু বক্সিং ক্লাছৰ বাবে ল’ৰালৰিকৈ গেটৰ ফালে ওলাই আহিলোঁ৷আকৌ দেখিলোঁ গেটৰ মুখতে কাৰোবাৰ লগত কথা পাতি আছে৷সাহস হোৱা নাই তাৰ সন্মুখেদি পাৰ হৈ যাবলৈ৷তথাপিও সাহস কৰি আগুৱাই আহিলোঁ আৰু পাছফালৰ পৰা কোনোবাই মোৰ বেগটো টানি ধৰিলে৷ভয়তে উচপ খাই উঠিলোঁ৷ঘুৰি চাই দেখোঁ অনুজ দেখোনঁ ৷খং এটা টিঙিচকৈ উঠিছিল যদিও এতিয়া কিবা কৰিলে জোনাকদাই যদি কেনেবাকৈ দেখে মই য’তে ত’তে কাজিয়া লাগি থাকোঁ ভাবিব বুলি সহ্য কৰিলোঁ৷ অনুজে ক’লে : কি হ’ল বিলাহীটোৰ নিচিনা ৰঙা হৈ আছ্ যে৷ :নাজানো আজি দিনতো গালখন পুৰিছে কিবা গৰম হৈ গৈছে জোনাক দাক দেখি দেখি৷ :কি ক’লি? "নাই একো নাই "বুলি হাতেৰে মুখখনত চেপি দৌৰি দৌৰি গুচি আহিলোঁ৷ ব্যস্ততাৰ বাবে হয়টো সময়বোৰ সোনকালে পাৰ হ’বলৈ ল’লে৷কলেজত জোনাকদাক প্ৰায় দেখোঁ কিন্তু এতিয়ালৈকে সাহস হোৱা নাই ওচৰলৈ যাবলৈ তাতে ID Cardখন দিবলৈও আছে৷সদায় কলেজলৈ আনো আৰু আকৌ বেগতে ভৰাই ঘুৰাই লৈ যাওঁ ৷কলেজ খোলা এসপ্তাহেই হ’ব হ’ল কিন্তু মই সেই সাহসখিনি আজিও গোটাব পৰা নাই৷কেনেকৈ মাতিম বুজি পোৱা নাই৷ঘৰত বহুত বাৰ আইনাৰ সন্মুখত থিয় হৈ প্ৰেকটিছো কৰিছোঁ তথাপি সি সন্মুখত উলাই দিলে সব খেলিমেলি হৈ যায়৷আজি ৰাতিপুৱা ঘৰৰ পৰা সোনকালেই ওলাই আহিছো কলেজলৈ বুলি৷কলেজৰ গেটখন পাৰ কৰিয়ে জোনাকদাক দেখিছোঁ নাৰিকল গছ জোপাৰ ওচৰত ৰৈ আছে ৷চিপচিপকৈ বৰষুণো দি আছে ৷সি কিবা সৰু ল’ৰা-ছোৱালীৰ দৰে বৰষুণৰ সৰু সৰু টোপালবোৰক চাই আছে৷মনটো কিবা এটা ভাল লাগি গ’ল তথাপিও বুকুৰ ধপধপনিবোৰ পুনৰ দ্ৰুতগতিত বাঢ়িবলৈ ধৰিলে৷নাক গাল সকলোবোৰো ৰঙা হৈ পৰিছে ক্ৰমান্বয়ে৷ সন্মুখেদি পাৰ হ’বলৈ সচাকেঁ কিবা নিচিনা লাগিছে৷তথাপিও চুটি চুলি কেইডালকে অলপ থিক কৰি লৈ ক’ৰবাৰ পৰা সাহস গোটাই তেওঁৰ সন্মুখত থিয় দিলোহি৷(আগলৈ)

No comments:

Post a Comment