Monday, April 13, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
------------------------------------------------------
দেৱাশ্ৰী বৰা (খণ্ড ১৭)
-------------------------------
মই বেঙাজনী নিচিনাকৈ উঠ কামুৰি ভয়ে ভয়ে ক’লো " দাদা আপোনাৰ ID Card খন,sorry ইমান দিন ঘুৰাই নিদিয়াৰ বাবে"
:নাই একো নাই,এইখনৰ ইমান কাম নাই,কেতিয়াবাহে দৰকাৰ হয়,anyways thank you
Welcome বুলি কৈ ল’ৰালৰিকৈ বৰপাত্ৰ কুটীৰৰ ফালে আহিবলৈ চালোঁ৷কিন্তু পিছফালৰ পৰা তেওঁ মাত লগালে-
:"শুনা,তোমাৰ ডিপাৰ্টমেণ্ট কি আছিল?"
:philosophy
:অহ্ ,ঘৰুৱা মানুহ
:মানে?
:মই Pol.sc ৰ ,actually same building যে,সেয়ে আমি ধেমালিতে Pg buildingটোৰ students খিনিক ঘৰৰ মানুহ বুলি কওঁ৷কিবা Help লাগিলে ক’বা৷
ক’ম বাৰু বুলি কৈ তাৰ পৰা ঢপলিয়াই অহাদি আহিলোঁ৷ অডিটৰিয়ামৰ ওচৰৰ ষ্টেপ এটাত বহি দীঘলীয়া নিশ্বাস এটা এৰিলোঁ৷কিয় জানো জোনাক দাক দেখিলে বুকুৰ ধপধপনিবোৰ আচৰিত ধৰণে বাঢ়ি যায়৷উফ্ লাজ আৰু ভয়ৰ প্ৰকোপত গোটেইজনী গৰম হৈ ঘামি গ’লোঁ৷
ক্লাছ 10বজাৰ পৰা আছে৷এতিয়াও 10বাজিবলৈ 5মিনিট বাকী৷জীয়াৰ গাটো বৰ ভাল নহয় সেয়ে আজি কলেজ নাহিলে৷অনুজে বাইকৰ servicing ৰ বাবে ডিলাৰলৈ গৈছে৷জোনাকদাৰ লগত আজি যে কথা পাতিলো সেইটো কাক কওঁ কাক নকওঁ লাগিলে ৷সিহঁতক পাছত ক’ম বুলিয়ে কবিতাক দেখি তাইৰ কাষলৈ ল’ৰ মাৰিলোঁ৷দৌৰি যোৱা দেখি কবিতাই ক’লে
:" ৰাশি তোমাক যে সদায় মই দৌৰি ফুৰাই দেখোঁ কিয়?"
:"ভাল পাওঁ আকৌ,তাতে প্লেয়াৰ বোৰে যিমানেই দৌৰি ফুৰে সিমানেই শৰীৰটোৰ কাৰণে ভাল "
: "প্লেয়াৰ মানে?তুমি কি খেলানো?"
: "মই বক্সিং শিকি আছোঁ "
দুখোজ আগুৱাই গৈ তাইক দুটা মান shot দেখাই দিলোঁ ,কবিতাই হিঃ হিঃকৈ হাহিঁ দিলে লগতে মোৰো হাহিঁ উঠিল৷ তাই আকৌ ক’লে
" সেই কাৰণে তোমাক ল’ৰাৰ নিচিনা লাগে,প্ৰথমতে মইটো তোমাক ল’ৰা বুলিয়ে ভাবিছিলোঁ"
হাহিঁ থকাৰ পৰা মুখখন অলপ সেমেকি উঠিল৷মনটো মাৰি দিয়া দেখি আকৌ কবিতাই ক’লে
:" তুমি বেয়া পালা নিকি?মই সেইটো senseত কোৱা নাছিলোঁ৷"
: "তেন্তে কোনটো sense ত কৈছিলা" বুলি কৈ মই হাহিঁ দিলোঁ
:তুমিটো মোক ভয়ে খুৱাইছিলা
:হাঃ হাঃ দেখিলা মই কিমান উৎপতীয়া,আৰু মই বেয়া নাপাওঁ মোৰ এনেকৈ থাকি ভাল লাগে বাবেহে থাকোঁ৷
কথা পাতি পাতি কেতিয়ানো ক্লাছ ৰুম পালোহি গমেই নাপালোঁ৷ক্লাছলৈ চিনিয়ৰ দুগৰাকীমান আহি কৈ গ’লহি-
"আজি 2বজাত তোমালোকৰ সৈতে চিনাকি পৰ্ব আছে৷যিহেতু কলেজ খোলাৰ পৰা আজিলৈকে তোমালোকৰ সৈতে চিনাকি হোৱাই নাই সেয়ে আজি আমাৰ ডিপাৰ্টমেণ্টৰ সকলোৰে সময় সুবিধা মিলাই মিটিং এখন দিয়া হৈছে আৰু আজি present থকা কোনোবা যদি মিটিংলৈ নোযোৱা 1st sessional দিবলৈ দিয়া নহ’ব৷RCC-302ত সকলোকে লগ পাম বুলি আশা থাকিল"
মিটিংৰ নাম শুনি লগৰ বহুতে ভয় কৰি আছে৷মোৰ লগৰ সজ্ঞীব,প্ৰত্যাসাহতেঁ মোৰ লগত এইবোৰ কথালৈয়ে আলোচনা কৰি আছে৷কি বা হ’ব মিটিংত! কি বা কৰিব বুলি দিনটো ভয়ে ভয়েই কটালোঁ৷সময়বোৰো নাযায় নোপোৱাই যেন লাগিছে৷ইটো ঘন্টাৰ পাছত সিটো ঘন্টাৰ বেল বাজি আছে৷ক্লাছ আটাইবোৰে ঘড়ীটো চাই আজিযেন 2নাবাজিলেই হয় সেইটোকে ভাবি আছে৷শেষৰ ক্লাছটোৰ পৰা পোনেই RCC-302লৈ কেইজনমান চিনিয়ৰে আহি লৈ গ’লহি ৷অৱশ্যে 2বাজিবলৈ এতিয়াও 5 মিনিট বাকী আছে৷হয়তো ল’ৰা-ছোৱালীবোৰ পলাব বুলিয়েই ক্লাছৰ পৰা পুনেই জেলৰ কয়দিৰ দৰে লাইন পতাই সকলোকে লৈ আনিছে৷
PGৰ পৰা RCCৰ লৈকে ৰে’লগাড়ীৰ দৰে লাইনটো দেখি বহুতে জুমি জুমিও চাইছে৷অডিটৰিয়ামৰ কাষত অনুজে লগৰ দুটামানৰ সৈতে ৰৈ আছিল৷আমাৰ দীঘলীয়া লাইনটো দেখি সিওঁ অলপ আগবাঢ়ি আহি মোক উদ্দেশ্যি ক’লে " যা যা আজি তহঁতক বাঁহটো দিব ভালকৈ" (আগলৈ)
Subscribe to:
Post Comments (Atom)
Bhal hoise
ReplyDeleteThnq
ReplyDelete