Friday, April 17, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ---------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড ১৮) ------------------------------ অনুজৰ কথাশুনি বহুত ভয় খাই আছিলোঁ কিন্তু তেনেকুৱা একোৱেই নহ’ল৷মিটিংত আমাৰ ডিপাৰ্টমেণ্টৰ HOD (N.B mam) আৰু assistant prof. (P.B mam) আছিল৷Mamহতঁক সোমাই অহা দেখি আমাৰ মনলৈ কিছু হ’লেও সকাহ আহিল যে ইয়াত এতিয়া কোনোপধ্যেই ৰেগিং হ’ব নোৱাৰে৷কলেজলৈ অহাৰ আগতে বহুতে কৈছিল ৰেগিংৰ কথা৷কিন্তু কলেজলৈ অহাৰ পাছত চিনিয়ৰবোৰে কোনোবাই ৰেগিং কৰিলে জনাবলৈ কৈছিল তথাপি ভয় এটাই খেদি ফুৰিছিল৷প্ৰথমবাৰ আহিছোঁ RCCলৈ,মানুহবোৰৰ লগতে ঠাইটুকুৰাও অচিনাকি ৷ৰুমটোত তিনিটা ভাগত বেন্সসমূহ আছে তাৰে প্ৰথম শাৰীটোত 5Th sem ৰ students বহিছে,মাজত 1st sem আৰু চুকৰ sideত 3rd semৰ ৷সকলোৰে মাজত এতিয়াও জেইলৰ কয়দীৰ দৰেই যেন বন্দী আছোঁ৷ পল্লবী নামৰ চিনিয়ৰ বা জনীয়ে মিটিংখনৰ উদ্দেশ্য ব্যাখ্যা কৰি new commers সকলক নিজৰ পৰিচয়ৰ লগতে hobby সম্পৰ্কে ক’বলৈ জনালে৷তাৰ মাজতে দুই এজন চিনিয়ৰে দুই এটা প্ৰশ্নও সুধিলে৷সকলোৱে এফালৰ পৰা নিজৰ নিজৰ নামৰ লগতে নিজৰ hobby সম্পৰ্কে জনালে৷কোনো কোনোৱে ব্লেক বৰ্ডত ধুনীয়া ছবি আকিঁলে,কোনোৱে নাছিলে,কোনোৱে গান গালে,কোনোৱে কৌতুক শুনাই পৰিৱেশটো সহজ কৰিলে৷মই কি কৰিম কি নকৰিম কৈ কাষতে বহা প্ৰত্যাষাৰ লগত ফুচফুচাই কথা পাতি আছিলোঁ৷HODৰ চকুত কেনেবাকৈ পৰিলোঁ আৰু মোক মাতি নিলে সকলোৰে সন্মুখলৈ আৰু সুধিলে - :"তোমাৰ নাম কি? তুমি কিয় philosophyকে নিজৰ core subject হিচাপে বাছি ল’লা"৷ হাত ভৰিবোৰ ক্ৰমান্বয়ে কঁপিবলৈ ধৰিলে তথাপি কপাঁ কপাঁ মাতেৰেই ক’লো : " good evening everyone ,myself Rakhi dutta from sivsagor , philosophy subject টো পঢ়ি ভাল পাওঁ লগতে j.b collegeত পঢ়াৰ সপোন এটা সৰুৰ পৰাই মনত পুহি ৰাখিছিলোঁ৷" চিনিয়ৰ এজনে তেওঁৰ ফালৰ পৰা এটা প্ৰশ্ন আগবঢ়ালে যে :" তোমাৰ hobby কি?" : "মই খেল ধেমালি কৰি ভাল পাওঁ,মাজে মাজে Hiphop নাচোঁ মন গ’লে " তেওঁ পুনৰ সুধিলে - :"কি খেল খেলি বেছি ভালপোৱা ?" :"সকলো খেলেই ভাল লাগে তথাপিও বক্সিং মোৰ আটাইতকৈ প্ৰিয় , মই নিজকে এগৰাকী বক্সাৰ হিচাপে প্ৰতিস্থিত কৰিব খোজোঁ" এইবাৰ mam য়ে প্ৰশ্ন কৰিলে যে- " আজিলৈকে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছানে ?" :" তিনিবাৰকৈ স্কুলক represent কৰি জিলাভিত্তিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ ৷এবাৰ দ্বিতীয় আৰু এবাৰ তৃতীয় স্হান হিচাপে দুবাৰ স্হান পাইছোঁ৷এতিয়া state levelৰ যি প্ৰতিযোগিতা আছে তাৰ বাবে প্ৰেকটিছ কৰি আছোঁ৷" Mamয়ে সকলোৰে আগত ধেমেলীয়া সুৰত ক’লে " এইৰ পৰা তোমালোক বাছি থাকিবা দেই,খং উঠিলে ঘুচিয়াই দিব" আৰু mamৰ কথাটোত সকলোৱে হাহিঁ দিলে৷ চিনিয়ৰৰ ফালৰ পৰা প্ৰস্তাৱ আহিল যে মই বিহুগীতত hiphop কৰি দেখুৱাব লাগে ৷মইয়ো চেষ্টা কৰিলোঁ নাছিবলৈ আৰু সকলোৱে উৎসাহ আৰু মৰমবোৰ পাই ভয় ভাবটো কমিল৷মিটিংৰ একেবাৰে শেষত আমাৰ ডিপাৰ্টমেণ্টৰ Wall megazine compitition কথা ক’লে আৰু তাৰ বাবে সকলোৰে সহায় সহযোগিতাও বিচাৰিলে৷মিটিংৰ শেষ হোৱাৰ পাছত বহুকেইজন চিনিয়ৰৰ সৈতে চিনাকি হ’লো ৷দিনটোৰ সমষ্ট ভাললগাবোৰ সামৰি ষ্টেডিয়ামলৈ বুলি খোজ ল’লোঁ৷ কৰ্ট ফিল্ডৰ কাষৰ ফুটপাথেৰে খোজ কাঢ়ি গৈ আছোঁ৷হঠাৎ জোনাকদাক দেখিলোঁ বুলেট চলাই গৈ আছে আৰু বতাহত তাৰ চুলি কেইডাল উৰি আছে,ডালিম ফুটীয়া দাতৰ সৈতে মন চুই যোৱা হাহিঁ এটা মোৰ ফালে চাই মাৰি থৈ গ’ল৷ইচ্ কি হৈছিল নাজানো কিন্তু গোটেইজনী ৰঙাচিঙা পৰি গ’লোঁ৷প্ৰেক্টিছতো মন নবহিল,বাৰে বাৰে সেই হাহিটোঁৱে আমনি কৰি থাকিল ৷ কলেজত আজিকালি সকলো Wall megazine ৰ কামত ব্যস্ত থাকে ৷দুজনমান চিনিয়ৰৰ সৈতে খুউব ভাল এটা সম্পৰ্কও গঢ়ি উঠিছে৷ megazine ৰ কাম কৰি থকা ৰুমটোলৈ মাজে মাজে পাক এটা মাৰি আহোঁ৷সৰু সুৰা কিবা কাম কৰিব লগীয়া থাকিলে কৰি দিও৷চিনিয়ৰ প্ৰায়ভাগেই মোক বক্সাৰ বক্সাৰ বুলি মাতিবলৈ লাগিল৷নামটো অৱশ্যে বেয়া নালাগে মোৰ৷(আগলৈ) (সকলোলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ যাচিলোঁঁ৷কুশলে থাকক,সুখী থাকক❤️)

No comments:

Post a Comment