Thursday, April 9, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ----------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড১৩) ---------------------------- ঘৰ আহি ৰুমত সোমাইয়ে বিচনাত ঢলি পৰিলোঁ৷জীয়াই পানী এগিলাচ আনি দিলেহি৷পানী গিলাচ খাই উশাহটো সলাবলৈয়ে পোৱা নাই অনুজে দোৱাৰ মুখৰ পৰাই চিঞৰিলে :চিঃ চিঃ চিঃ পেটু তই কিম্মান লেতেৰী ভাবচোন,আহিয়ে কাপোৰ কানি Change নকৰাকৈয়ে বিচনাত বাগৰি ফুৰিছ্ :মোৰ ৰুম মোৰ কথা ,তোক ছোৱালী ৰুমত জুপি থাকিবলৈ কোনে কৈছে? সি আৰু একো এটা মাত নামাতি তাৰ পৰা গুচি গ’ল৷হয়তো জীয়াৰ আগত অলপ লাজ পালে৷তথাপিও মোৰ তাৰ পাছে পাছে গৈ তাক মনোৱাৰ ইচ্ছা একেবাৰেই নাই৷জীয়াইয়ো অনু যোৱাৰ পাছত তাৰ কথাতে হয়ভৰ দিয়াত গা মুৰ ধুই আহিলোগৈ৷ৰুমত সোমাইয়ে মনটো মুকলি লাগি গৈছে৷শেৱালি আন্টিয়ে প্ৰাথৰ্না গাইছে "মৎস্য কুৰ্ম নৰসিংহ,বামুণ পৰশুৰাম,হলিৰাম বৰাহ শ্ৰীৰাম" তিতা চুলিত টাৱেলখন মেৰিয়াই মইয়ো একেলগে শাৰী পোনাই প্ৰাৰ্থনা কৰিলোঁ৷ তিনিজনী বহুত দিনৰ মুৰত একেলগ হৈছোঁ৷ কথাৰ মহলা ভালেকৈয়ে বহিছে ৷ শেৱালী আন্টিয়ে ইমানদিন ঘৰত থাকি মই কি কৰিলোঁ,তেওঁ কি কৰিলে,আজি যে বহুদিনৰ মুৰত সকলোবোৰ একেলগে আছোঁ,সেয়ে আজিহে ঘৰখন সম্পূৰ্ণ যেন লাগিছে বুলি বাৰে বাৰে কৈ থকা কথাকেইষাৰে হৃদয়ৰ মাজত কুৰুকি কুৰুকি সোমাই ৰ’ল৷ ৰাতিপুৱাই swimming class লৈ যাবলৈ এলাহ লাগিছে৷তথাপিও অনু আৰু জীয়াই টানি আজুৰি লৈ আহিছে৷ৰাতিপুৱাৰ morning walk টোও হ’ব বুলি অ’ত দুৰ খোজ কঢ়াইয়ে আনিছে৷ক্লাছ কৰিলোঁ ভাল লাগিল৷ঘৰ আহি আকৌ অনুৰ so called gymখনৰ বস্তু কেইপদ লৈ অলপ ব্যায়াম কৰিলোঁ৷শেৱালি আন্টিয়ে তিনিওটাকে বাৰাণ্ডাতেই গাখীৰ গিলাচ তিনিটা দি ভিতৰত ইটো সিটো কাম কৰি আছেগৈ৷জীয়াইয়ো আন্টিক সহায় কৰিবলৈ বুলি আমাৰ কাষৰ পৰা আতৰি গ’ল৷মই আৰু অনুৱে নষ্টালজিয়া সময়বোৰক উপেক্ষা কৰি গাখীৰ খাই কাৰ কেনেকুৱা দাঢ়ি বনে সেইবোৰ ধেমালি খেলি আছোঁ ৷ হঠাৎ জেপত থোৱা মোবাইলটোত মেচেজ এটা Pop out হ’ল ৷মই চাই দেখিলোঁ জোনাক দাৰ মেচেজ দেখোঁন লিখিছে " তুমি swimming শিকি আছা নিকি JDSত?" মই লগালগ মেচেজটো অনুক গাই শুনালোঁ -চা মোক জোনাক দাই মেচেজ দিছে ৷সি গেঙেৰি মাৰিহে ক’লে "কৈ দে তাক ,মই য’তে যি নকৰোঁ আপোনাৰ কি দৰকাৰ" কিন্তু মই " ধেৎ চিনিয়ৰ হয় বেয়া পাব বুলি ক’লো" সি একো নক’লে৷তথাপিও বুজিব পৰা নাই তাৰ বা কি হ’ল ! নিজেই জোনাকৰ লগত জোকাই থাকিব আৰু কেতিয়াবা আকৌ তাৰ নামেই শুনিব নুখোজে৷ এইবোৰ ভাবি থাকোতেই সি আকৌ ক’লে " তাৰ লগত বেছি কথা পাতি নাথাকিবি,সি ল’ৰাটো ভাল নহয় আকৌ৷" মই ইচ্ছুক হৈয়ে সুধিলোঁ "ভাল নহয় কিন্তু কিয়"?(আগলৈ) (আগৰ খণ্ডৰ লিংক https://m.facebook.com/groups/917699648365704?view=permalink&id=1812180135584313)

1 comment: