Saturday, April 11, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ---------------------------------------------------- দেৱাশ্ৰী বৰা ( খণ্ড ১৫) ------------------------------ Swimming classৰ পৰা আহি ল’ৰালৰিকৈ কলেজলৈ বুলি ওলালোঁ৷যিহেতু এমাহৰ দীঘলীয়া গৰমৰ বন্ধৰ পাছত আজি কলেজ খুলিব৷প্ৰথম ক্লাছটো খঙাল চাৰজনৰ গতিকে দেৰি হ’লে সোমাবলৈ নিদিব৷যেনেতেনে আহি 9বাজিবলৈ 5মিনিট থকাত ক্লাছ সোমালোঁ৷বহুদিনৰ মুৰত চিনাকি মুখবোৰ দেখি মনটো উৎফুল্লিত হৈ পৰিছে৷তাতে বন্ধত 1st sem.ৰ যিটো গ্ৰুপ খুলিছিল তাত বহুতৰে লগত চিনাকিও হৈছিলোঁ৷ভাল লাগিছে লগ পাই আকৌ৷ দ্বিতীয় ক্লাছটো( generic )film studiesৰ৷ভাল লাগে ক্লাছটো কৰি ,দেশ বিদেশৰ চিনেমা দেখুৱাই আৰু তাৰ ওপৰত বুজায় দিয়ে চাৰে ভালকৈ৷কিন্তু বহুতে এই ক্লাছটো পঢ়িব নালাগে বুলিয়ে generic subject হিচাপে লৈছে৷জীয়া আৰু মোৰ core subject বেলেগ হোৱা বাবে কলেজত একেলগ হ’বলৈ বুলি দুইজনীয়ে এইটোকে লৈছোঁ৷অনুজৰো generic film studies আছিল আৰু আমাকো সিয়ে জোৰ কৰিছিল ল’বলৈ৷ ক্লাছটো কৰি ওলাই আহোতে দুৱাৰ মুখতে জোনাকদাক দেখি বুকুৰ ধপ্ধপনিবোৰ ক্ৰমাৎ বাঢ়ি আহিল,অচিনা ভয় এটাই বুকুখন চেপিকুচি আনিল৷জীয়াৰ হাতত জোৰকৈ ধৰি তাই কাণতে উঠ লগাই ফুচফুচাই ক’লো "চা সৈটো জোনাক দা" ৷কিন্তু তাই গুৰুত্ব নিদিয়া দেখি খং উঠিল৷জোনাক দাক মাত দিম বুলিও খংৰ ভমক’ত ল’ৰালৰিকৈ ৰুমটোৰ পৰা তলমুৰ কৰি ওলাই আহিলোঁ৷চিৰিৰ পৰা দীঘল দীঘল খোজ দি মুখ ফুলাই তললৈ আহি জীয়াৰ বাবে ৰৈ দিলোঁ৷ অনুজে কেন্টিনত চাহ খাই আছে তাৰ লগত কেইবাটাও অচিনাকি মুখৰ ল’ৰা আছে৷সি এইবাৰ মোক মাতিলে "oi junior এইফালে আহ"৷খংৰ ভমকত তাৰ ওচৰলৈ গৈ তাকে উধাইমুধাই গালি পাৰিলোঁ৷"ইনেই খং উঠি আহিছে জোকাই নল’বি ,সকলো সময়তে ধেমালি বেয়া পাওঁ " ৷অনুজৰ লগৰ এটাই ক’লে" behave yourself,senior লগত কেনেকৈ কথা পাতিব লাগে নাজানা" অলপ লাজ পালোঁ তথাপি অনুজে তাৰ childhood friend বুলি চিনাকি কৰাই দিয়াত তেওঁ "sorry বেয়া নাপাবা" বুলি ক’লে৷ প্ৰথমে যদিও অস্বস্তি লাগিছিল গালি দিয়াৰ দৰে কোৱা কথাকেইটা শুনি তথাপি অনুজৰ লগৰ আৰু মোৰো senior তাতে কথাবোৰ গম পাই নিজেই sorry কোৱাত ভাল লাগি গ’ল৷মনতে ভাবিলোঁ "দাদাজন খঙাল যদিও আবেগিক৷"তেনেকুৱাতে জীয়াও আহিল ,তাইক মই মাতবোল কৰা নাই৷এইটো ক্লাছ অফ আছে কাৰণে তাইও ওচৰতে বহি ল’লেহি৷অনুজে দুইজনীকে তাৰ লগৰ কেইটাৰ লগত ভালদৰে চিনাকি কৰি দিলে৷পল্লব দা,স্বৰস্বত দা,বিনয় দা আৰু গালি দিয়া দাদাজন চিৰন্তন দা৷সিহঁতৰ লগতে দুইজনীয়ে চাহ খালোঁ৷খং মাৰ নুজুৱালৈকে জীয়াক নমতাকৈয়ে তাইৰ কাষতে বহি থাকিলোঁ৷অনুজে সম্ভৱ জানিব পাৰিলে যে আমাৰ মাজত কিবা এটা হৈছে৷সি লগকেইটাক অডিটৰিয়ামৰ কাষলৈ যাবলৈ লগ ধৰিলে৷সিহঁতে আমাৰমক বহা বুলি কৈ বহাৰ পৰা উঠি গ’ল,অনুজে যাওঁতে কৈ থৈ গ’ল "কাজিয়া নকৰাকৈ কি লাগিলি থিক কৰি ল’"৷জীয়াই "মই হ’লে একো কৰা নাই,তাইৰ এনেই খং উঠিল" বুলি কোৱাত অনুজে "মই জানো নহয়" বুলি ক’লে৷মই কি জান সুধিবলৈ লওঁতেই পল্লব দাই সোনকালে আহ বুলি টানি লৈ গ’ল৷ Film studiesৰ ক্লাছ ফালৰ পৰা জোনাক দা চিৰিয়েদি নামি অহা দেখি পাৰোঁ মানে নিজকে তাৰ চকুৰ পৰা লুকুৱাবলৈ বুলি জীয়াৰ পিঠিফালে কুচিমুচি মুখখন গুজি ল’লোঁ৷মাজে মাজে কোনখিনিত আছে জুপি জুপি চাওঁতে কেন্টিনৰ দৰ্জাখনৰ সন্মুখত দেখিলোঁ আৰু চকুত চকু পৰিল ৷লাজ লাগি গ’ল ,পাৰোঁ মানে একো নজনাৰ অভিনয় কৰিলোঁ৷কিন্তু আমাৰ ফালেই চাই সি খোজ ল’লে৷বুকুৰ ধপধপনিবোৰ ক্ৰমাত পুনৰ বাঢ়িবলৈ ধৰিলে৷(আগলৈ)

No comments:

Post a Comment