Tuesday, April 7, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
----------------------------------------------------
দেৱাশ্ৰী বৰা (১2ম খণ্ড)
ঘৰৰ পৰা ওলাই আহি বাছৰ বাবে ৰৈ আছোঁ ৷ একেবাৰে মন যোৱা নাই ঘৰখন এৰি যাবলৈ৷দুদিনমানৰ সময় হাতত লৈ আহো তাকো ঘৰৰ মানুহৰ উৎপাতত দুই তিনিদিন বাঢ়িয়ে যায় প্ৰতিবাৰে৷অনুৱেও বাৰে বাৰে ফোন কৰি আছে৷জীয়াইটো এসপ্তাহ থাকিয়ে গুচি আহিল আৰু swimming ক্লাছ কৰি আছে৷মোৰটো বহুতেই লোকচান হৈ আছে৷তথাপিও ঘৰৰ মানুহবোৰৰ মৰমবোৰে নিদিয়েই আকৌ আহিবলৈ৷
বাছত সদায়ৰ দৰে খিৰিকীৰ কাষতে বহি হেডফোন লগাই গান শুনি শুনি কেতিয়ানো যোৰহাট পালোহি গমেই নাপালোঁ৷বাছৰ পৰা নামিয়ে অনুলৈ ফোন লগালোঁ৷তাক মাতিছিলোঁ নিবলৈ,সি আপনা বাজাৰ ওচৰত ৰৈ আছে সেইফালেই আগুৱাই গ’লো৷তাক লগ পায়েই ক’লো-
:ব’ল পুলিচ ষ্টেচন পৰা আহোঁ
:পুলিচ ষ্টেচন কিন্তু কিয় ?
:তোক ব’ল বুলিছো ব’ল, নহ’বা অকলেই যাওঁ কোনফালে আছে address টো ক’ মই অকলেই যাম
:পাগল নিকি?গাড়ীত তেল নাই তাতে আকৌ নতুন bike
:এহ্ ব’ল,বৰ পেক পেক ক’ৰ,তেল মই ভৰাই দিম তোক (বুলি কৈ তাৰ পৰা বাইকৰ চাবিটো কাঢ়ি ল’লো৷)
:মানুহ মাৰিবি নেকি?তই Bike চলাবি,মই হ’লে নুঠো দেই৷অকলেই যা তই৷
:বহ একো নহয়,নমৰ তই৷ইমানটো risk দয় ল’ম দে৷ষ্টাৰ্ট দিলোৱেই মানুহৰ আগত তামাচা নকৰিবি বহি ল’ ৷
সি মোক দিনে ৰাতিয়ে কৰা অশান্তিবোৰৰ প্ৰতিশোধ ল’ম বুলিয়ে মই বাইকখন অকাই পকাই তাক অলপ ভয় খোৱালো ৷অনুৱে সুধি আছে কিয় আহিছ্ কি কাম?কিবা হেৰালে নেকি,কিন্তু মোৰ হাহিঁ উঠি গ’ল৷4বাজিলে BIG BAZARৰ সন্মুখত বহুত ধুনীয়া ম’ম উলিয়াই সেয়ে খাই যাওঁ বুলিয়ে তাক অলপ সময় অশান্তি কৰিলোঁ৷মোৰ কথাবোৰ শুনি তাৰ সম্ভৱ অলপ খং উঠিল কিন্তু মই খোৱাম বুলি ক’লো কাৰণে শান্তিত আছে৷খাই বৈ জীয়ালৈয়ো পেকিং কৰি ল’লো৷তাক জোনাকৰ কথা কোৱৰ দিনাৰ পৰা মুৰটোৰ এফাল কামোৰ দি দি চোবাই পেলাইছে৷উফ্ তাতে আকৌ জোনাকে মেচেজ কৰা কথাটোৰ পৰাও জোকাইয়ে আছে৷
বাৰু সিয়ে কৈছিল ম’ম খোৱাবি তেতিয়া জোনাকৰ লগত জোকাই নাথাকো বুলি কিন্তু নিজে পাহৰিলে৷হঠাৎ জোনাকে বাইক এখন লৈ মুখৰ আগেদিয়েই সাউতকৈ পাৰ হৈ যোৱা দেখি মই অনুজক চিঞৰ মাৰি দেখুৱালো"চা চা সৈতো জোনাক"কিন্তু সি "মই কি কৰোঁ এতিয়া"বুলি কেৰাহিকৈ চাই গোমোঠা মাৰি ক’লে
:তোৰ অলপ বেছি হোৱা নাইনে?
:কি বেছি হোৱা কম হোৱা দেখিলি,এতিয়া এইবোৰ বাদ দে তাক IDখন দি থৈ আহোঁ ব’ল৷
:পাগল হ’লি নিকি ?IDখন কলেজতো দিব পাৰিবি৷তাৰ কাৰণে তাক ৰাস্তাই পথে পিছ লৈ বিচাৰি যাব নালাগে৷
:কিন্তু ?
:কোনো কিন্তু নাই ঘৰলৈ ব’ল!(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment