Sunday, April 5, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
--------------------------------------------------------
দেৱাশ্ৰী বৰা (১১দশ খণ্ড )
------------------
ফোনৰ ৰিং হৈ কাট খাই গৈছে কিন্তু ৰিচিভ কৰা নাই এতিয়াও৷এইবাৰ মইয়ো কথা পাতিহে এৰিম বুলি বাৰে বাৰে ফোন লগালোঁ৷ ফোনটো এপাকত ৰিচিভ হ’ল
:Hello(পুৰুষ কন্ঠই মাত লগালে)
:জোনাক দা হয়নে?actually i want to appologize to you about...
:ৰ’বা সি বাথৰুমত আছে,মই তাৰ লগৰ chinmoy
:Okey,তেওঁ আহিলে কৈ দিব মই ফোন কৰা বুলি,its an urgent
:যদি কথাটো Urgent মোকো ক’ব পাৰা৷By the way তুমি কোন?
:actually সিদিনা মই বাছত দাদাৰ I.D cardখন পালোঁ৷ইয়াতে নম্বৰটো আছিল সেয়ে মই inform কৰি দিওঁ বুলিয়ে ক’ল কৰিছিলোঁ৷মই ৰাশি দত্ত, আপুনি জোনাক দাক ক’ব দেই
:okey ক’ম বাৰু!
কথাষাৰ কৈ ফোনটো ৰাখি মনটো এতিয়া গৈ অলপ শান্তি লাগিছে৷নহ’লেটো কি কৰোঁ কি নকৰোঁ লাগি গৈছিল৷তথাপিও এবাৰ তেওঁক Sorry কোৱা হ’লেই একেবাৰে শান্তি পাওঁ ৷নহ’লে তেওঁ মোৰ কথা কি ভাবিছে থিক নাই৷তাতে তেওঁৰ juniorবুলি কেনেবাকৈ গম পাব হ’লে কি হ’ব৷এইবোৰ মনৰ ভয়ত যিটি ভাবিয়েই অনুজলৈ ফোন কৰি কথাবোৰ ক’লো ,কিদৰে বাছত কাজিয়া হ’ল আৰু তাৰ পাছত তেওঁৰ IDখন মোৰ হাতত থাকিল আৰু এতিয়া মইযে ক’ল কৰিছিলো বেলেগে ধৰিলে আৰু তেওঁক কি কি ক’লো৷ অনুৱে চিনি পায় জোনাকক,তাৰ ভাল বন্ধু বোলে আৰু সেয়ে জীয়ালৈ ফোনটো conference কৰি "rakhi is in love "বুলি কৈ তাইৰ সৈতে লগ হৈ মিচামিচি কামুৰ দি আছে ৷মই আছোঁ বেলেগ এটা চিন্তাত আৰু ইহঁত দুইটাই ইয়াতো romantic কিবা এটা বিচাৰি পাইছে৷উফ্ এই দুটাৰ পৰাযে একো নহ’ব বুলি ফোনটো খংতে কাটি দিলোঁ৷
বাৰে বাৰে অনুজে কথাই কথাই" সি কলেজৰ বহুত ছোৱালীৰে central crush and তইও তাক crush বনাই ল’ "বুলি কৈ থকা কথাটোৱে মনত বাৰে বাৰে খুন্দিয়াই আছে কিয়যে তেনেকৈ ক’লে৷মনৰ পিৰপিৰণি আতৰাবলৈ নামটো ফেছবুকত চাৰ্চ কৰিলোঁ৷কিন্তু জোনাক বৰুৱা এগ্গালমান ওলাল৷সিদিনাযে কিয় মুখখন এবাৰো মন নকৰিলোঁ বুলি ভাবোতেই IDকাৰ্ড খনলৈ মনত পৰিল ৷সেইখনকেই উলিয়াই এফালৰ পৰা তাৰ ফটোখনৰ লগত মিলাই গ’লো৷কিন্তু নাই নাপালোঁ বিচাৰি ক’তো৷ইমান কষ্ট কৰিও একোদাল নহ’ল বুলি মোবাইলটো বিচনাতে এৰি ওলাই আহিলোঁ৷
ৰাতি প্ৰায় 12বাজিছে৷টোপনি অহা নাই,craftৰ কাম অলপমান কৰি আছোঁ৷কাষৰ টেবুলত মবাইলটো থৈ ভাললগা গান এটা লগাই থৈছোঁ৷হঠাৎ মেছেজ এটা popout হ’ল৷আৰে ৰাতিখন কাৰ মেছেজ বুলি খুলি চাই দেখোঁ-
''hey junak here,Anyways thnks for keeping my card with you,and i don't mind anything happened on that day😊good night take care "
মেচেজটো পাই কিবা এটা ভাল লাগিল৷নাজানো কিয় বাৰে বাৰে মেছেজটো পঢ়িবলৈ মন গ’ল৷মই সিদিনা তেওঁৰ দুখ নথকা সত্বেও তেওঁক বহুত কিবা কিবি শুনাই দিলোঁ আৰু তেওঁ মোক তাৰ বাবে অলপো বেয়া পোৱা নাই৷তথাপিও মোৰ ভুলৰ বাবে ক্ষমা বিচাৰি মেচেজ এটা লিখি তেওঁলৈ পঠিয়ালো ৷ মইও ভাললগাবোৰ বুকুত সামৰি শুই পৰিলোঁ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment