Saturday, April 25, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ------------------------------------------------------ #দেৱাশ্ৰী_বৰা (#খণ্ড_২৪) ------------------------------ অনুজে জোনাকক দেখি "hey bro"বুলি কৈ তাৰ কাষতে বহি ল’লে৷ৰাশিক যেন পৃথিৱীৰ সমস্ত বিপদৰ লগতে ভয়শংকা ,লাজ,খং আটাইবোৰে একেলগে হেচাঁমাৰি ধৰিলে৷অনুজে জোনাকক সুধিলে যে সি বহিলে problem হ’ব নেকি কিন্তু ওলোটাই আমাৰ জুনিয়ৰ বুলি কৈ তাইৰ লগত চিনাকি কৰি দিওঁ বুলিহে ক’েল৷তাই মনতে ভুৰভুৰাবলৈ ধৰিলে " এইদাল এতিয়াহে ওলাব পালেহি " ৷জোনাকে ৰাশিক ক’লে- :" ৰাশি এইয়া অনুজ ,মোৰ লগৰে বুলি ধৰিব পাৰা,পিছে তোমাৰ কি হ’ল মুখখন ঢাকি আছা যে ,Any problem" অনুজে পানী খাই থকাৰ পৰা ৰাশিৰ নামটো শুনি চৰচৰণি খাই উঠিল ৷ৰাশিয়ে বেগটোৰ আঁৰৰ পৰা মুখখন উলিয়াই হেমহেমীয়া মিচিকিয়া হাহিঁ এটা মাৰো নামাৰোকৈ তাৰ ফালে চাই মাৰি দিলে৷অনুজেও ৰাশিক চিনি নোপোৱাৰ নাটক কৰি তাইক কামোৰ দিম বুলিয়ে ক’লে :"হেল্ল ভন্টি,কিহত পঢ়ি আছা?তোমাৰ মেজৰ কি ? অনিচ্ছা সত্বেও জোনাকৰ আগত অনুজক ভদ্ৰভাবে অচিনাকি মানুহৰ দৰে পৰিচয় দিলে৷ৰাশিয়ে মনে মনে দাতঁ মুখ কামুৰি বহি থাকিল খংতে৷জোনাকে অনুজক ক’লে : " ৰাশিয়ে গীতাৰ বজায় নহয় অনুজ তোমাৰ লগতে তাইকো লৈ ল’ব পাৰা চোন" এইষাৰ শুনিটো ৰাশিৰ মুখখন লাজতে ৰঙা বিলাহীটোৰ নিচিনা হৈ থাকিলে৷তাই মিছা কথা কৈছিল জোনাকদাৰ আগত আৰু এতিয়া সেইটো কথা জোনাকে অনুজক কৈ দিলে৷অনুজেটো জোনাকৰ মুখত কথাষাৰ শুনিয়ে চেপিকুচি হাহিঁটো ধৰি ৰাখিলে আৰু জোনাকৰ কথাত কথা মিলাই "নিশ্চয় নিশ্চয়" বুলি ক’লে৷ৰাশিয়ে চকুৰ ইংগিততে তাক বুজাবলৈ চেষ্টা কৰিলে যে আজিলৈ বচাই দে আৰু অনুজেও সেইমতে তাইৰ ওচৰত চৰ্ত ৰাখি তাইলৈ মেছেজ এটা পঠিয়ালে " এমাহলৈ ’Eats’তো daily খোৱাব লাগিব৷" ৰাশিৰ হাতত উপায় নোহোৱা হ’ল, খংত হাতমুখ যেনেতেনে হে কনট্ৰল কৰি ৰাখিলে৷তেনেকুৱাতে জোনাকৰ ফোনটো বাজিলে আৰু সি urgent call বুলি কৈ বাহিৰলৈ ওলাই গ’ল৷অনুজে ৰাশিলৈ চাই পাৰে মানে হাহিঁ হাহিঁ তাইক জোকালে- " তই লিপষ্টিক কেতিয়া পৰা লগাবলৈ ধৰিলি"৷তেনেকুৱাতে জোনাকে আহি সুধিলে "ইমান হাহিঁ যে ইয়াত কি চলিছে " অনুজে ক’লে " নাই মেমে এটা দেখুৱাইছোঁ তাইক" আৰু ৰাশিয়ে জোনাকলৈ চাই বেকা হাহিঁ এটা মাৰি " মই যাওঁ " বুলি কৈ তাৰ পৰা ওলাই আহে৷ তাই খং আৰু লাজত অগ্নিপিণ্ড যেন ৰূপ ধৰি আছে৷নিজৰ ওপৰতে তাইৰ খং উঠিল "কিহে পাইছিল জোনাকদাক মিছাকে ক’বলৈ " ৷ দাঁত দুখ কামুৰি ৰাষ্টাটোৰ দাতিয়েদি আহি থাকিল বক্সিং ক্লাছলৈ বুলি৷তেনেতে তাইৰ কাষেদি অনুজে বাইক লৈ পাৰ হৈ যাওঁতে হাহিঁ হাহিঁ "ঐ hippo মুখৰ লিপষ্টিক খিনি মুচি ল’বি "বুলি চিঞৰি থৈ গ’ল৷ সন্ধিয়া ঘৰ পাই তাই ৰুমতে সোমাই থাকিল৷অনুজৰ আগত বৰ বেয়াকৈ লাজ পালে ৷তাৰ মুখামুখি হ’বলৈ তাই সাহস গোটাব পৰা নাই৷ৰাতি ভালসাজ খাবলৈ বুলি আহি ডাইনিং টেবুলতে মনে মনে বহি থাকিল ৷অনুজে তাইক দেখি ফিচিঙা ফিচিঙি কৰি হাহিঁ দিলে আৰু "তই লিপষ্টিক কেতিয়া পৰা লগাও নক’লি যে "বুলি জোকালে৷ এইবাৰ ৰাশিৰ বৰ বেয়াকৈ খং এটা উঠি আহিল আৰু জোৰকৈ হাতখন টেবুলত মাৰি অনুুজলৈ আঙুলি টোৱাই চিঞৰিয়ে ক’লে "enough is enough,please ভগৱানৰ কাৰণে stop ক’ৰ ইমানতে,বহুত হাহিঁলি ,দিনত বহুত সহ্য কৰিলোঁ but এতিয়া আৰু নহ’ব৷tell me one thing ,what do i wrong with you,মই নিজৰ কাম কৰিছোঁ and its better for you নিজৰ কামত মতলব ৰাখ৷'' অনুজে ধেমালিতে জুকাইছিল কিন্তু ৰাশিয়ে তেনেকুৱা ক’ৰাত তাৰ মনটোও অলপ বেয়া লাগিল৷ৰাশিয়ে ভাত নোখোৱাকৈয়ে ৰুমলৈ গুচি গ’ল৷ৰাশিৰ চিঞৰ শুনি জীয়া আৰু শেৱালি আন্টিয়ে পাকঘৰৰ পৰা ওলাই আহিল৷ ৰাশি আৰু অনুজৰ মাজৰ এইবোৰ একো বুজি নাপাই অনুজক কি হ’ল সুধিলে৷কিন্তু অনুজে মাকৰ প্ৰশ্নৰ উত্তৰ নিদি " চাওঁ মোক ভাত দিয়া " বুলি ক’লে৷ শেৱালি আন্টিয়ে জীয়াক ৰাশিক মাতিবলৈ পঠালে৷জীয়াই ৰাশিক দৰ্জাখন খুলি দিবলৈ ক’লে যদিও তাই দৰ্জাখন খুলি নিদিলে আৰু কান্দি থাকিল৷জীয়াই শেৱালি আন্টিক ৰাশিয়ে কন্দা কথাটো কোৱাত তেওঁ অনুজক বুজালে " ৰাশিৰ আজি তোৰ ওপৰত ইমান খং উঠিছে আৰু তাই কান্দিছে যেতিয়া তইয়ে কিবা জগৰ লগালি৷আনৰ ঘৰৰ ছোৱালীজনী আছেহি আৰু তহঁতি কাজিয়া কৰি এইবোৰ কি কৰিছ্ ,ধেমালিৰো এটা সময় থাকে সকলো সময়তে ধেমালিয়ো ভাল নাপায় সকলোৱে,যদি কথাবোৰ বুজিছ যা তাইক ভাত খাবলৈ তই লৈ আহ্ বুজাই বঢ়াই,মই তহঁত দুটাৰ মাজত সোমাব নিবিচাৰোঁ,যা তই sorry ক’ তাইক"৷ সি ওফাইদাং মাৰি " মই একো কৰা নাই" বুলি কৈ ভাততে পানী ঢালি থৈ ৰুমলৈ গ’লগৈ৷ অনুজে নিজৰ ৰুমৰ দৰ্জাখন মাৰি কাণত হেদফোন দাল লগাই সোমাই থাকিলেগৈ ৷ৰাতিৰ নিৰ্জনতাত ৰাশিৰ উচুপনিবোৰ তাৰ কাণলৈ ভাহি আহিল৷মাকে কোৱা কথাবোৰ তাৰ মনলৈ আহিলে৷সি কথাবোৰ এবাৰ ভাবি চালে আৰু ৰুমৰ পৰা বাহিৰলৈ ওলাই মানুহবোৰ ক’ত আছে বিচাৰিলে৷ ডাইনিং টেবুলত সজোৱা ভাত তেনেকৈয়ে থকা দেখি তাৰ মনটো বেয়া লাগিল৷তাৰ সৰু ধেমালিৰ কাৰণেই সবে আজি ৰাতিটো লঘোণে ভুকে শুব লগা হ’ল৷সি সবকে ভাত খাবলৈ মাতো বুলি ঘড়ীটোলৈ চালে "আৰে 12বাজি গ’ল৷" সি ভাবিবলৈ বেছি সময় লৈ ল’লে৷ ৰাশিহঁতৰ ৰুমৰ লাইতটো অ’ন হৈ থকা দেখি ৰাশিৰ নম্বৰটো ডাইল কৰিলে,কিন্তু তাই ক’লটো কাটি কাটি দিয়া দেখি মেচেজ এটা পঠালে " i am sorry,dont take it wrongly,i just kidding you,এতিয়া শুই থাক বহু ৰাতি হ’ল Good night” ৰাশিয়ে মেচেজটো চাই তাক একো ৰিপ্লাই নিদিলে৷ অনুজ আৰু জীয়াই চুইমিং ক্লাছলৈ যাবলৈ বুলি ৰাতিপুৱাই ৰাশিক বিচাৰি হাবাথুৰি খালে৷তাইলৈ ফোন লগালে কিন্তু গম পালে যে ফোনটো তাই ৰুমতে এৰি থৈ গৈছে৷ৰাতি কাজিয়া লাগি তাই ক’ৰবালৈ গুচি গ’ল বুলি অনুজে খুউব ভয় খালে আৰু ৰুমত ৰাশিৰ বস্তু বাঢ়নিবোৰ আছেনে বিচাৰিবলৈ ধৰিলে৷ (আগলৈ)

No comments:

Post a Comment