Monday, April 20, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক ---------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড ২০) ----------------------------- ব্যস্ত সময়,ব্যস্ত কলেজৰ চৌহদ! অনাগত নবাগত আদৰণি সভাৰ বাবে কলেজত ক্লাছৰুমবোৰ খালী নথকা হ’ল৷সময় সুবিধা চাই ক্লাছ অ’ফ থাকিলেই ল’ৰা ছোৱালীবোৰে নাচ,গান,বাদ্যযন্ত্ৰৰ প্ৰেকটিছ কৰে৷প্ৰায় 2বজাৰ পাছতটো কলেজখন কোনোবা যেন মিউজিক ক্লাবৰ দৰে লাগে৷কলেজৰ "দৈয়াং বিহু" দলৰ বিহু প্ৰেকটিছ সদায় 3বজাৰ পৰাই আৰম্ভ হয় ৷ গ্ৰুপৰ নাচনীৰ বাবে পতা অডিচ’নত জীয়া চিলেক্ট হ’ল আৰু তাইৰ মুখতে ৰাশিয়ে গম পালে জোনাকে বাহী আৰু পেপাঁ বজাই৷ৰাশিৰ মনৰ উচপিচনি বাঢ়ি আহিল জোনাকক চাবলৈ৷যদিও তাই নাছিব নাজানে তথাপিও জীয়াক লগ কৰা বাহানাতে জোনাকক চাবলৈ আহে কিন্তু তাইৰ কপাল বেয়া এদিনো ভাগ্যই লগ দিয়া নাই ৷ অন্যদিনতকৈ কিছু পৃথক কলেজৰ এই দিনবোৰ৷ ৰাশিৰ আগতকৈ কিছু সলনি হৈছে৷জোনাকৰ প্ৰতি তাইৰ আকৰ্ষণ নে ভালপোৱা সেইকথা তাই এতিয়াও বুজি উঠা নাই৷ অনুজ আৰু জীয়াইটো জোনাকৰ নামটোও শুনিব নুখুজে৷crush হিচাপে হ’লেও ৰাশিৰ প্ৰথম অনুভৱ এইয়া তাকো তাত কাৰো সমৰ্থনেই নাই৷জীয়াই সহজে কোনো মানুহকেই বিশ্বাস নকৰে,কাৰো লগত বন্ধুত্বও কৰিব নুখুজে৷হয়টো সেয়েই জোনাককো তাইৰ ভাল নালাগে,কিন্তু অনুজে তাক বেয়া বুলি কোৱাৰ আৰঁত কি ৰহস্য থাকিব পাৰে৷ৰাশিয়ে কলেজৰ এচুকত বহি এইবোৰ ভাবিয়ে আছিল তেনেকুৱাতে ক’ৰবাৰ পৰা মধুৰ বাহীৰ সুৰ এটা ভাহি আহিল৷ "Muskurane ki wajah tum hoo" সুৰটোৱে কোনোবা খিনিত তাইৰ হৃদয় চুলে৷এই চিনাকি সুৰটো কোনে ক’ত বজাইছে বিচাৰি বিচাৰি তাই RCC 301 পালেগৈ৷দেখিলে তাত কেইবাজনো ল’ৰাই একেলগে বহি মিউজিক প্ৰেকটিছ কৰি আছে৷তাত মাত্ৰ বাহীয়েই নহয় গীতাৰ,পিয়ানো,আৰু দুটামানে সেই গানটোও গুনগুনাই আছিল৷কিন্তু তাইৰ মনটো মাত্ৰ বাহীৰ সুৰটোতে আৱদ্ধ হৈ ৰ’ল৷ৰাশিৰ দেউতাকেও বাহী বজায়,সৰু পৰা দেউতাকৰ বাহীৰ মাত শুনিয়ে ডাঙৰ হৈছে তাই আৰু আজি বহুত দিনৰ মুৰত সেই সুৰ শুনিছে৷দুৱাৰ মুখৰ পৰাই তাই মনে মনে শুনি আছিল৷চিন্ময়ে তাইক দোৱাৰমুখত ৰৈ থকা দেখি ভিতৰলৈ মাতি নিলে৷কি ক’ব কি নক’ব ভাবি বেঙা দৰে তাত বহি থাকিলে৷uncomfortable feel কৰিছে কাৰণ তাইৰ সন্মুখত জোনাকে বহি বাহী বজাই আছে৷ তাইৰ বুকুৰ ধপধপনিবোৰে প্ৰিয় সুৰটো প্ৰিয় মানুহজনৰ পৰা শুনাত বাধা দিছে৷ ৰাশিয়ে ৰুমটোৰ পৰা ওলাই আহিল৷জোনাকক আগতকৈও বেছিকৈ ভাল লাগিবলৈ ল’লে তাইৰ৷ভাললগা অনুভৱবোৰ বান্ধি ৰাখিল বুকুৰ একোণত৷অডিটৰিয়ামৰ কাষতে জীয়াক লগ পালে আৰু জোনাকে বাহী বজোৱাৰ কথাটো ক’লে৷জীয়াই " ভাল বজাই তেওঁ"বুলি ক’লে৷ৰাশিয়ে জীয়াক সুধিলে- :"তই জোনাকদাক কিয় বেয়া পাওঁ "? :"বেয়া নাপাওঁ কিন্তু ভালো নাপাওঁ " :"এইটো কেনেকুৱা কথা হ’ল আকৌ" :"তই দেখোন জানই মই সোনকালে কাকো বিশ্বাস নকৰোঁ তাতে তাৰ ৰূপটো দেখিয়ে কিবা ভাল নালাগে কিন্তু তই এইবোৰ কিয় সুধিছ্ :" i think i like him" :"অনুজ দা আৰু মই তোক খং উঠাবলৈ বুলিহে জোকাইছিলো কিন্তু তই চোন Serious হৈ গ’লি৷" :"মোৰ কি কাৰোবাক ভাল লাগিব নালাগে নেকি?" :" i dont mean it, যদি তই ভাবিছ এনেকৈ তই happy তাত মোৰ ক’ব লগা একো নাই কিন্তু চাই ল’ ভালপোৱা আৰু ভাললগা দুয়োটা একে নহয়" ৰাশিয়ে জীয়াৰ কথাত হয়ভৰ দি ক্লাছলৈ আহিলে ৷ ডিপাৰ্টমেণ্টৰ চিনিয়ৰ দুজনীমান আহি কৈ থৈ গ’লহি " যিহেতু শিক্ষক দিৱস আৰু freshers একেলগে পতা হয় সেয়ে 5ছেপ্তেম্বৰ তাৰিখে ছোৱালীবোৰে আমাৰ কলেজ ইউনিফৰ্ম চাদৰ মেখেলাযোৰ পিন্ধি আহিব লাগিব৷" Freshers লৈ মাথোঁ দুটা দিন বাকী তাতে চাদৰ মেখেলা পিন্ধাৰ কথা শুনিয়ে ৰাশিয়ে কলেজলৈ নাহো বুলিয়ে ভাবি ল’লে৷কিন্তু মনলৈ বাৰে বাৰে আহি থাকিল সেইদিনা জোনাকৰ প্ৰগেম আছে general freshers ত আৰু সি নিজে তাইক তাইৰ প্ৰগ্ৰেম চাবলৈ মাতিছে ৷কি কৰিব কি নকৰিব বুলি ভাবি ভাবি অডিটৰিয়ামৰ কাষ পালেগৈ ৷RCC Buildingৰ সন্মুখত থকা লিচু গছজোপাৰ তলত বহি জোনাকে বাহী বজায় থকা দেখিলে ,তাৰ লগত আৰু বহুত ল’ৰা ছোৱালীও আছিল ৷তাইৰ মনটো অজানিতে ভাল লাগি গ’ল ৷গানৰ সেই মেহফিলত বহিবলৈ মন আছিল যদিও বক্সিং ক্লাছলৈ দেৰি হ’ব বুলি সেইখিনি পৰা যাবলৈয়ে ওলাইছিল তেনেতে কোনোবাই মাত দিয়া যেন শুনিলে৷(আগলৈ)

No comments:

Post a Comment