Wednesday, April 1, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
----------------------------------------------------
দেৱাশ্ৰী বৰা (৮ম খণ্ড)
-------------------------------
গৰমৰ বন্ধ আৰম্ভ হ’ল৷আজি কিমান দিনৰ মুৰত আপোন ঘৰখন দেখিম তথাপিও জীয়াৰ মুখখন দেখি সেই ফূৰ্তিৰ অনুভৱবোৰ দেখোন মনলৈ অহাই নাই৷ঘৰলৈ বুলি অনুজে দুজনীকে বৰুৱা চাৰিআলিলৈকে আগবঢ়াবলৈ আহিছে৷সি আমাক Swimming শিকিবি নি সুধিবলৈ হে পালে মই উত্তৰ দিয়াৰ আগতেই,ঘপককৈ জীয়াই ক’লে "অনুজ দা মোৰলৈয়ো ফ্ৰম এখন আনি থ’ব মইয়ো শিকিম"৷মই প্ৰায় আচৰিত হৈ সুধিয়ে পেলালোঁ
:জীয়া তই আৰু swimming শিকিবি?
:ঘৰত থকাতকৈ এইটোৱেই Better,atleast কিবা কামত busy হৈ থাকিম৷
:i can't believe yaaarrrrrr
:হ’ব Over react নকৰ ৰাশি,মই সলনি হ’ব try কৰিছোঁ anyways তোৰ কিবা problem আছে যদি ক’?
:No yaar মোৰ কি problem হ’ব,তোৰ life তই enjoy ক’ৰ৷তই এইবোৰ বেয়া পাওঁ কাৰণেহে সুধিছোঁ৷
এই ছোৱালী জনী সচাঁকৈয়ে বৰ অদ্ভুত,কোন সময়ত কি কৈ দিয়ে আৰু সলনি হোৱা মনটোৰ কথা ধৰিবই নোৱাৰোঁ৷তাইৰ কথাকে ভাবি আহোতেই কেতিয়া বাছষ্টেণ্ড পালোহি গমেই নাপালোঁ৷নামিব লৈ তাইৰ ফালে চালো তাইৰ মুখখন আজিও অহাদিনাৰ দৰেই লুচিটোৰ নিচিনাকৈ ফুলি আছে৷তাইক আৰু অনুক bye কৈ মইয়ো মোৰ চিনাকি গুন্ধ বিচাৰি বাট ল’লো প্ৰিয় মোৰ ঠাইলৈ৷
বেগটো লৈ গেৰুগেঠুকৈ বাছত উঠি মোৰ চিটৰ কাষতে বহা ল’ৰাটোক গচকি পালোঁ৷সি মোক ক’বলৈহে পালে
:অলপ চাই চিটি আহিব নোৱাৰা নিকি?
:কি হেহ আপুনি নেদেখে নেকি?
:তুমি মোক গচকি sorry কোৱাৰ সলনি মোকে কথা শুনাইছা,এইটো কেনেকুৱা কথা৷
:এইখন আপোনাৰ private property নেকি ভৰিহাত মেলি বহিবলৈ?
:চোৱা ভন্তি মোৰ তোমাৰ লগত মুখচুপতি মাৰিবলৈ ইচ্ছা নাই৷চাওঁ আতৰি দিয়া ৷
ইস্ কাজিয়া লগাৰ Mood টো আহিছিলহে তেওঁ দিলেই silent হৈ৷কিন্তু বাছত বেলেগ চিট নথকাৰ বাবে তেওঁৰ কাষৰ চিটটোতে অনিচ্ছা সত্বেও বহিব লগাত পৰিল৷তেনেকুৱাতে মাটিত identity-card এখন পৰি থকা পাই জুমি চালোঁ৷এই ল’ৰাটোৰ ফটো লগোৱা আছে দেখোন আৰু জে.বি কলেজৰ তাকো 5th semester৷এইবাৰ মোৰ অলপ ভয় লাগিল,শেষ সকলো৷মোৰ চিনিয়ৰ আৰু মই নিজৰ ভুল থকা সত্বেও কাজিয়া লাগি ল’লোঁ৷ এতিয়া পিছে কাৰ্ডখন তেওঁক বুটলি দিওঁ নে নিদোঁ৷
"দাদা আপুনি J.b collegeৰ বুলি মই গম পোৱা নাছিলোঁ আচলতে মোৰ বেলেগ কথা এটাত খং উঠি আছিল আৰু আপোনাৰ ওপৰতে জাৰি দিলো সমষ্ট ক্ষোভ খিনি৷বেয়া নাপাব প্লিজ প্লিজ "বুলি কৈ থাকোতেই গাড়ীখনৰ ব্ৰেক মৰাৰ শব্দত সাৰ পাই গ’লো৷কাষলৈ চালো ল’ৰাজন নাই দেখোন কিন্তু এতিয়াও identity card খন তলতে পৰি আছে৷বুটলি লৈ বেগতে ভৰাই থ’লো পাছত লগ পালে দি দিম বুলিয়ে৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment