Monday, March 30, 2020
JBCৰ বাকৰিত হেপাঁঁহৰ এমুঠি জোনাক
--------------------------------------------------------
দেৱাশ্ৰী বৰা (৭ম খণ্ড)
---------------------------------
সম্পৰ্কই কোঙা কৰা পৃথিৱীৰ জটিলতা ভাঙি তাইজনীয়ে খিলখিলাই হাহিঁছে৷আবেলিৰ চাহকাপৰ লগত এই সুখৰ ক্ষণবোৰ আজীৱন এনেদৰেই থাকক৷আপোনত্বৰ অৰ্থ নজনা জীয়াই আজি অচিনাকি মানুহঘৰক দুদিনতে নিজৰ কৰি শেৱালী আন্টিকো নতুন সম্বন্ধৰ বুকুচাত বান্ধি পেলাইছে৷অনুজৰ পগলামিবোৰেও তাইক জীপাল কৰি তুলিছে৷
সময়বোৰ পাৰ হৈ গৈ আছে এনেদৰেই৷সময়ক সাক্ষী কৰি কলেজটো দুই এটা সম্পৰ্ক ভালকৈ গঢ়ি উঠিছে ৷তাৰে মাজৰে লক্ষীমপুৰৰ তৃষ্ণা ময়ুৰী শইকীয়া,দিখৌমুখৰ পিয়াংকী মিলি,ডিব্ৰুগড়ৰ সন্দিপ হাজৰিকাই মোৰ ভাল বন্ধুৰ তালিকাত ঠাই ল’লে৷সন্দিপৰ বন্ধু কৃষ্ণানুৰ লগতো সম্পৰ্ক গঢ়ি উঠিল লাহে লাহে৷কলেজখন এতিয়া একেবাৰেই অচিনাকি হৈ থকা নাই,ভাল লগা হৈছে পৰিছে সময়বোৰ চিনাকি সুৰৰ ৰস পাই৷ আৰম্ভ হৈছিলহে নতুনত্বৰ পৰিৱেশটোৰ গৰমৰ বন্ধ দিলেই৷কাইলে ঘৰলৈ যাম দুদিনমান থাকি বক্সিং ক্লাছৰ বাবে গুচি আহিম৷
সময়বোৰনো কেতিয়া পাৰহৈ গ’ল গমেই নাপালোঁ৷জীয়াৰ মনটোও বৰ এটা ভাল নহয়,ঘৰলৈ যাবলৈ তাইৰ একেবাৰেই মন নাই কিন্তু ককায়েকৰ কথা তল পেলাব নোৱাৰি ওলাইছে যাবলৈ৷হাহিঁব শিকা ছোৱালীজনী আকৌ গহীন হৈ পৰিল৷আমাৰ ৰুমটো শান্ত আৰু আন্ধাৰ হৈ থকা দেখিয়ে অনুজে ভোমোকি মাৰি চাওঁতে দুয়োজনীকে মবাইলৰ ফ্লেছ লাইটৰ পোহৰত চকা মকাকৈ আমনজিমনকৈ বহি থকা দেখি লাইটো জ্বলাই চটৰ ওপৰলৈ মাতি আনিলে৷দুয়োজনীয়ে তাৰ পিছে পিছে আহিলোঁ ,পৰিৱেশটো সহজ কৰিবলৈ মইয়ে এইবাৰ অনুজৰ লগত কলেজৰ যিটি কথা পাতিলোঁ৷কিন্তু জীয়া একেবাৰে শিল পৰা কপৌজনীৰ দৰে হৈ আছে৷অনুজে জীয়াৰ চকুপানীৰে বুৰ যোৱা চকুহাল দেখি মোক মনে মনে কাণৰ কাষতে তাইৰ লগত কথা পাতিব কৈ গুচি গ’ল৷মই জীয়াৰ কান্ধত হাতখন বোলাই তাইক ক’লো
"বেটা জীৱনে যি কৰে ভালৰ বাবেহে,তইয়ো মন মাৰি নাথাক সোনকালে গুচি আহিবি৷ মইটো বক্সিংৰ প্ৰেক্টিছৰ বাবে এসপ্তাহৰ পিছতে ঘুৰিম,তইয়ো আহিবি ইয়াত থাকিলে তোৰো মনটো মুকলি হ’ব৷" তাই চকুলোবোৰ ৰখাব নোৱাৰি মোৰ কোলাতে মুৰটো থৈ হুকহুকাই কান্দিবলৈ ধৰিলে৷আৰু কৈ গ’ল
:ৰাশি,মই আকৌ সেই নৰকখনলৈ কেনেকৈ ঘুৰি যাওঁ৷মোৰ ক’তো যাবলৈ মন নাই,মই কোনোবা এদিন মৰি থাকিম ৰাশি,এই অশান্তিবোৰ সহ্য নহয় মোৰ৷মা-পাপাৰ মুখামুখি হ’লেই কাজিয়া হয়,ৰাতিপুৱা গধূলি সকলো সময়তে মাথোঁ কাজিয়া৷পাপাই সদায় মদ খাই কৰা উদ্ভনদালীবোৰ,কেতিয়াবা টকা পইচাক লৈ কেতিয়াবা অবৈধ সম্পৰ্কৰ সন্দেহক লৈ৷কিমান শুনি থাকিম?কাজিয়াক লৈ ওচৰৰ মানুহবোৰেও অশান্তি পাই আছে ইমান দিনে আকৌ
:হ’ব মই বুজিছোঁ,তই এইবোৰ কাণসাৰ নিদিবি৷ বেছিকৈ এইবোৰ কথাত impotance দি থাকিলে তোৰ lifeটোও complecated হৈ পৰিব৷তই পঢ়া শুনাত focus কৰ৷
:মানুহৰ ঘৰখনেই সব হয়৷মোৰ childhood টো ধবংস কৰি পেলালে একো নুবুজোতেই আৰু এতিয়া বুজি পাইয়ো সকলো জটিল হৈ পৰিছে৷মইয়ো মা পাপা দুয়ো লগতে একেলগে time spent কৰিব বিচাৰোঁ৷কিন্তু
:এতিয়াও সকলো থিক কৰিব পাৰিবি তই,পাপাক মদ খাব নিদিবি
:খাবলৈ নাপালে যে মাৰ লগত মাৰপিট কৰে,টকা বিচাৰি চিঞৰি চিঞৰি অকথ্য কথা শুনাই৷দাদাইয়ো এইবোৰৰ কাৰণেই ঘৰত নথকা হ’ল"
শেৱালি আন্টিৰ মাত শুনি জীয়া ৰৈ গ’ল পিছৰখিনি নোকোৱাকৈয়ে৷আন্টিয়ে ভাত খাবলৈ মাতিছে ৷দুয়োজনী তলতৈ নামি আহিলোঁ৷জীয়াই চকু দুটা মোহাৰি মোহাৰি বেচিনৰফালে গ’ল৷আন্টিয়ে মোক চকুৰ টিপতে পাকঘৰৰ ফালে মাতি নি সুধিলে
: কিয় কান্দিছে তাই৷
:নাই কন্দা,চকুত পোক এটা সোমাইছিল সেয়ে চকুপানী ওলাল৷
:আজি তেতিয়াহ’লে দুজনীৰে চকুতে পোক সোমাল৷আগতে এইবোৰ ডাইলগ হিন্দী চিনেমাত বহুত শুনিলোঁ৷জীয়াৰ মুখৰ ৰঙবোৰ দেখিলেই ধৰিব পাৰি সকলো৷একো নাই কেতিয়াবা মোৰ সহায়ৰ প্ৰয়োজন বুলি ভাবিলে মোক ক’বা ৷কিন্তু জোৰ কৰা নাই৷বাবাই মোক কোৱা বাবেহে সুধিলোঁ৷
:নাই আন্টি তেনেকুৱা একো নাই ইয়াৰ পৰা কাইলে যাবগৈ যে সেইকাৰণে অলপ দুখ কৰিলে৷
জীয়া
ফাকি এটা মাৰি তলমুৰ কৰি তাৰ পৰা পোনেই আহি ভাতৰ টেবুলত বহিলোহি৷মিছা কথা কোৱাৰ বাবে মনটোৱে শান্তি পোৱা নাই৷ ভাতৰ কাহীঁখন মুখৰ আগত লৈ দুইজনীয়ে পিটিকি মোহাৰি থাকিলোঁ৷মাংস দুইজনীৰে প্ৰিয় যদিও আজি দেখোন প্ৰিয় বস্তুটোও গিলিব পৰা নাই আজি৷দুখ হয়তো এইবোৰেই৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment