Saturday, March 21, 2020
জীৱন এক যুদ্ধক্ষেত্ৰ
গল্পৰ নাম :জীৱন এক যুদ্ধক্ষেত্ৰ
লেখিকা: দেৱাশ্ৰী বৰা৷
প্ৰায় আঠবছৰৰ অন্তত প্ৰেমৰ উপহাৰ স্বৰূপে অনিতাই পল্লবক স্বামী হিচাপে পাই খুউব সুখী৷অগ্নিক সাক্ষী কৰি অনিতা আৰু পল্লবৰ বিয়া হৈ যোৱা দুসপ্তাহ নহওঁতেই কৰ্মক্ষেত্ৰত উগ্ৰপন্থীৰ আতংক বাঢ়ি যোৱাত পল্লব কৰ্মস্হানলৈ ঘুৰি যাব লগাত পৰিল৷পল্লব ভাৰতীয় সেনা বাহিনীৰ বৰ্তমান জম্মু-কাশ্মীৰত কৰ্তব্যৰত এজন সেনা জোৱান৷নিয়তিৰ কঠোৰ বিননিত এটা নতুন অধ্যায়ৰ আৰম্ভ নহঁওতেই যৱনিকা পৰিল৷পল্লবৰ যুদ্ধত মৃত্যু হোৱাৰ খবৰটো পোৱাৰ পাছৰে পৰা তাইজনী আপোনপাহৰা হৈ পৰিল৷প্ৰিয় মানুহজনক হেৰুৱাৰ দুখ সহ্য কৰিব নোৱাৰি তাইৰ ঘৰৰ কোনো কামতে মন নবহা হ’ল৷সত্যটো জানিও স্বীকাৰ কৰিব বিচৰা নাই৷বিশ্বাস কৰিবওনো কেনেকৈ মৃত্যু হ’লেও যে শৰীৰতো দেখাৰ সৌভাগ্যকন তাইৰ নহ’ল৷ঘৰলৈ শ্বহীদৰ নামত পঠোৱা শৰীৰৰ অৰ্ধ টুকুৰাটোৰক কিদৰে নিজৰ মৰমবোৰ বুলি আদৰি ল’ব?বাস্তৱক বাধা দি তাই ৰাস্তাই পথে পল্লবক বিচাৰিব ধৰিলে৷দুটা জীৱন ইমানতেই শেষ হৈ গ’ল৷এটা দেশৰ বাবে আনটো প্ৰেমৰ বাবে৷অনিতা মানসিকভাৱে একেবাৰেই ভাগি পৰিল৷মানসিক বিকাৰগ্ৰস্ততাৰ বাবে য’তে ত’তে পল্লবক বিচাৰি হাবাথুৰি খোৱা অনিতাই সভ্য সমাজৰ পৰা এটি নতুন নাম পালে- "পাগলী"৷তাইৰ অৱস্হা দেখি কোনেও পুতৌৰ ভাৱ নেদেখুৱালে বৰঞ্চ তাইৰ আপোন ঘৰখনেও তাইৰ অৱস্থা দেখি তাইক ৰাখিব নিবিচাৰিলে৷হয়তো সঠিক সময়ত চিকিৎসা কৰা হ’লে তাই পূৰ্বৰ দৰেই স্বাধীন মনৰ গৰাকী হ’লহেতেন৷স্বামীগৃহৰ সকলোৱে তাইক আদৰি লোৱাৰ পৰিৱৰ্তে তাইৰ বাবেই পল্লবৰ মৃতু্্য হোৱা বুলি অপবাদ সানি তাইক ঘৰৰ পৰা খেদি পঠালে৷তাই এতিয়া ৰাস্তাই ঘাটে ঘুৰি ফুৰা এজনী অঘৰী পাগলী৷তাই জীয়াই আছেনে নাই,কিদৰে আছে,ক’ত আছে এইবোৰৰ খবৰ কোনেও নাৰাখে৷
অনিতা এতিয়া জীৱনৰ মুল্য নুবুজা,সংসাৰৰ সংজ্ঞা নজনা প্ৰেমৰ বাবেই জীৱনটো বলিদান দিয়া এজনী আপোনপাহৰা মানসিক বিকাৰগ্ৰস্ত মহিলা৷ভোক কি চিনি নোপোৱা তাইজনীয়েও পেটৰ তাড়নাত থাকিব নোৱাৰি পথৰ দাতিঁত পৰি থকা বস্তুবোৰ বুটলি খায়,ডাষ্টবিনবোৰ খুচৰি ফুৰে৷হয়তো তাইয়ো এদিন জানিছিল প্ৰেম মানেইটো জীৱন নহয় তথাপি প্ৰিয়জনক বিচাৰি ঘুৰি ফুৰে কিজানিবা ক’ৰবাত ঠিকনাটি বিচাৰি পায়েই৷
হাজাৰটা দুখ বুকুত বান্ধি ফুৰা তাইজনীৰ জীৱনত কিন্তু দুখৰ অন্ত নপৰিল৷ভদ্ৰ সমাজৰ সেই পুতৌ নকৰা এচাম মুখাপিন্ধা ভদ্ৰলোকৰ দ্বাৰাই কামনাৰ বলি হ’ল তাই৷কোনেও তাইৰ এই অৱস্হাৰ বাবে খবৰ নল’লে৷বাটেৰে অহা যোৱা কৰা প্ৰত্যেকজন বাটৰুৱাৰ চকুত ফুটি উঠিল তাইৰ হঠাৎ হোৱা শৰীৰৰ পৰিৱৰ্তনখিনিহে৷কোনোৱে তাইক দেখি হাহিঁলে,কোনোৱে সমালোচনা কৰিলে ৷আনকি সমাজৰ বাবে কাম কৰা নিউজ চেনেল কেইটাৰ বাবেও তাই হৈ পৰিল TRP ৰ আন এক কাৰণ৷কিন্তু তাই এই জীৱনত শূন্যতাৰ বাদে একোৱেই নাপালে৷এয়াই আজিৰ সজাগ,শিক্ষিত সমাজৰ এক নিকৃষ্ট নিদৰ্শন৷
(বি:দ্ৰ: স্বাধীনতা দিৱস উপলক্ষে আমাৰ শ্বহীদ বীৰ সকল আৰু তেওঁলোকৰ পৰিয়াললৈ কৃতজ্ঞতা জনাই মই মোৰ লেখাটো আগবঢ়ালোঁ৷বাস্তৱ জীৱনত ঘটি থকা ঘটনাৰ আতঁ ধৰি কাহিনীটো আগবঢ়ালো৷ভুলহ’লে শুদ্ধৰাই দিব বুলি আশা কৰিঁলো)
Subscribe to:
Post Comments (Atom)
সুন্দৰ লেখনী বা...আগবাঢ়ি যাওক তাৰেই কামনা মোৰ
ReplyDeleteধুনীয়া হৈছে পাগলী। লিখি যা।
ReplyDeleteThnqq pgl
Delete