Saturday, March 28, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
--------------------------------------------------------
দেৱাশ্ৰী বৰা (৫ম খণ্ড)
--------------------
জীয়া আৰু অনুজ দুইটা দুফালে পৰি আছে আৰু ধুই থোৱা তিতা কাপোৰবোৰ বিশৃংখল হৈ পৰি আছে৷মোৰ আৰু একো বুজিবলৈ বাকী নাথাকিল যে ইহঁতৰ মাজত ভালদৰে তক্কৰ এটা হ’ল৷মই লৰালৰিকৈ আহি জীয়াক উঠালো৷আন্টিয়ে আহি জীয়াক সুধা পোছা কৰি কাপোৰবোৰ বুটলিবলৈ লাগিল৷অনিচ্ছা সত্বেও চেপি ৰখা হাহিঁটো ৰখাব নোৱাৰাকৈ ভাহি আহিল৷অনুজৰ নাকৰ আগত খং, তাতে মই হাহিঁ থকা দেখি মোক খেদি খেদি গোটেই ঘৰটোত প্ৰায় 10পাক মান ঘুৰালে৷কিন্তু ক’ত ধৰিব পাৰিব মই হ’লো খেলৰ মানুহ আৰু সি ব্ৰইলাৰ খাই Gym মাৰি বনোৱা ফোপোলা দেহৰ ডেকা ল’ৰা৷
কথাবোৰ ভাবি ভাবি নিজৰ ওপৰতে গৰ্ব উপজি গ’ল৷বাথৰুমৰ আইনাখনত নিজকে লক্ষ্য কৰি "good job dude if you want you can do anything"বুলি কৈ পিঠিত চাবাচি এটা দিলোঁ নিজকে নিজে৷বাথৰুমৰ পৰা ওলাই আহি দেখোঁ বাৰাণ্ডাতে চকী এখন পাৰি অনুজে মুখতে কিবা কিবি ভুৰভুৰাই আছে৷মইয়ো কামোৰটো দিবলৈ তাক এপাক জোকাই আহিলোঁ-"কেনে বন্ধু?"
সি একো নোহোৱাৰ নিচিনাকৈ এইবাৰ হাহিঁ হাহিঁয়ে ক’লে-
:"এইয়া যেনে তেনে!"আৰু সি মোক শুনাই গান গাবলৈ ধৰিলে" apna time ayega"৷
আৰে কি অদ্ভুত ল’ৰা এইটো?একোকে বুজিব নোৱাৰি দেখোন৷অলপ আগত খংত বকি আছিল আৰু এতিয়া হাহিঁ হাহিঁ গান গাইছে৷এই ল’ৰাবোৰকো কিন্তু বুজি পোৱা টান ৷কেতিয়া সিহঁতৰ ডিমাগত কি খেলাই সেইয়া স্ৱয়ং সিহঁত নিজেও অজ্ঞাত৷মোৰ কি যায় ল’ৰাৰ কথাত বুলি ভাবি গুনি থাকোতেই মনত পৰিল মোৰ মবাইলটো এতিয়াও গাড়ীতে আছে আৰু যোৱাকালিৰ পৰা দেতালৈ ফোন এটাও কৰা নাই ,এতিয়া যদি দেতালৈ ফোন নকৰাৰ কথা জীয়াই গম পায় মোৰ জান খাই দিব৷সেইবুলি ভাবি ভাবিয়ে গাড়ীৰ ফালে দৌৰি গ’লো৷জুমি জুমি চাই দেখিলোঁ মবাইলটো আগচিটত কালি বহা ঠাইতে আছে৷কিন্তু আনিবলৈও গাড়ীৰ দৰ্জাখন lock হৈ আছে৷মই গাড়ীখন কেনেকৈ খুলিব পৰা যাব বুলি ঘুৰি পকি চাবি বিচাৰি থাকোতেঁ অনুজে আহি ক’লেহি "কি বিচাৰিছ?"মোৰ মুখৰ পৰাও ভুলক্ৰমে ওলাই গ’ল গাড়ীখনৰ চাবিটো৷সি এইবাৰ প্ৰশ্নৰ উপৰি প্ৰশ্ন আৰম্ভ কৰি দিলে ৷মইয়ো প্ৰশ্নৰ উত্তৰ দিয়াত বাধ্য হৈ পৰিলোঁ৷তাৰ লগত কিন্তু এতিয়া নম্ৰ ভদ্ৰভাৱেই কথা পাতিছোঁ৷আৰু ভালদৰেই বুজাই ক’লো যে মোৰ ফোনটো কালিয়ে তাৰ গাড়ীৰ ভিতৰত থাকি আহিল আৰু এতিয়া সি উলিয়াই দিব লাগে৷এইবাৰ সি প্ৰায় জোৰত হাহিঁ মাৰি চিঞৰি দিলে
"হে ভগৱান তুমি মোৰ প্ৰকৃত বন্ধু দেখিছা apna time aa gaya"৷
মইয়ো তাৰ কথাৰ পাক বুজি তাক ক’লো-
:next time তোৰ যদি কিবা হয় মই কেতিয়াও নাহাহোঁ god promise, এতিয়া মোৰ ফোনটো দে্
:হুম but এটা চৰ্তত হে দিম
:Yes please, continue..
:okey ,you have to beg me
:no.i can't
:Then okey মবাইলৰ আশা বাদ দে
এইবাৰ মইয়ো চিঞৰি মাতিলোঁ"শেৱালী আন্টি সোনকালে আহকচোন অনুৱে মোৰ ফোনটো লৈ গাড়ীৰ ভিতৰত লুকুৱাই থৈছে" আৰু একেটা কথাকে আন্টি আহি ওচৰ নোপোৱালৈকে চিঞৰিয়ে থাকিলোঁ৷অনুৱে কানদুখনত সোপা দি মাথোঁ ৰৈহে আছে একো নোকোৱাকৈ৷আন্টিয়ে হুলস্থূলবোৰ শুনি দৌৰি আহিল আৰু আহিয়ে অনুজকে গালি পাৰিলে আৰু মোৰ বস্তু ঘুৰাই দিবলৈ ক’লে৷অনুজেও মাকৰ একান্ত বাধ্য ল’ৰাৰ দৰে আহি ফোনটো মোৰ হাতত দিলেহি ৷
মইয়ো আকৌ তাকে শুনাই ডাইলগ এটা মাৰি দিলো" নাৰীক কেতিয়াও অবলা বুলি নাভাবিবা,সময়ত এই নাৰীয়ে দুৰ্গা,কালি সকলোৰে ৰূপ ল’ব পাৰে৷কিন্তু অনুজে মোৰ কথাত খং কৰাতকে হাঃহাঃকৈ হাহিঁ মোকেই ওলোটাই প্ৰশ্ন কৰিলে
:তই কোনটো angle পৰা নিজকে নাৰী বুলি ক’লি বাৰু সচাঁকে ক’ চোন?
"যাহ এইটো আতৰ হ’ "বুলি কৈ মই দপদপাই ভিতৰলৈ সোমাই আহিলো৷ফোনটো chargeত লগাই জীয়াকে দেখুৱাই দেতালৈ ফোন লগালোঁ আৰু সমস্ত কাহিনীৰ আতঁ ধৰি সকলোবোৰ বৰ্ণনা কৰি গ’লো ৷ক’ত কেতিয়া কেনেকৈ কি হ’ল৷দেতাই কালিৰ পৰা মোৰ ফোন নাপায় ভয়তে হেনো ভাতকে খাব পৰা নাছিল৷আজি পিছে প্ৰথমে গালি দুটামান ঠিকছে দি লৈছে তাৰ পাছতহে মোৰ খা-খবৰ লৈছে৷এই মানুহটোৱে মোৰ জীৱনৰ একমাত্ৰ সংগ যাৰ আগত অলপো লাজ শংকা নৰখাকৈ সকলো কথাই কৈ দিওঁ কাৰণ তেওঁৱে মা ঢোকোৱাৰ দিন ধৰি মোৰ মা-দেউতা সমস্ত পৃথিৱীখন৷এওঁৰ মুখলৈ চাই হাজাৰ দুখকো অতিক্ৰমী তেওঁৰ দৰে সৎ আৰু নিষ্ঠাবান লোক হোৱাৰ মানসেৰে জীৱন নদীখনত ব্ৰতী হৈছোঁ৷
ফোনটো ৰাখি কেতিয়ানো আপোনপাহৰা হৈ গ’লো গমেই নাপালোঁ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment