Friday, March 27, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক --------------------------------------------------------- দেৱাশ্ৰী বৰা (৪ৰ্থ খণ্ড) -------------------- ৰাতি দেৰিকৈ শুলেও পুৱা সোনকালে শুই উঠি যোগাশন কৰা হোষ্টেলীয়া জীৱনৰ এক অন্যতম উপহাৰ৷JNV ৰ প্ৰতিটো অনুশাসন আৰু পৰম্পৰাই অনাগত দিনবোৰত আমাক আৱৰি ৰাখিছে এক সুস্থ জীৱন দান দিয়াত৷এতিয়াও পুৰণি দিনবোৰলৈ ঘুৰি চালে মনত পৰে ৰাতিপুৱা সোনকালে উঠি দৌৰিবলৈ যোৱা নাইবা যোগাসন কৰাৰ নিয়মবোৰেই আমাৰ বাবে আছিল অত্যন্ত কঠোৰ তথাপিও সেইদিনবোৰ এতিয়া মোৰ প্ৰিয়৷তাৰ পাছতো শাৰী শাৰীকৈ ৰাতিপুৱা গধূলি গা ধোৱাৰ বাবে পতা লাইনবোৰ আৰু এবাৰ লাইন ভংগ কৰি ওলাই যোৱা মানে আকৌ আন এটা নতুন শাৰীত থিয় দিয়া দিনবোৰ সচাইঁ আমনিদায়ক আছিল যদিও এতিয়া সেইবোৰেই মোৰ প্ৰিয়৷হোষ্টেলৰ মুখৰ সৰু সৰু ঘুমটিদোকান কেইখনেই যে পিচিঅ’ তাতো আকৌ শাৰী শাৰী লাইন,জাক জাক ছোৱালীৰ ভিৰ৷দিনটো স্কুলত পঢ়াৰ পাছতো আকৌ এক্সটা ক্লাছবোৰ কিন্তু এতিয়া এইবোৰেই মোৰ বাবে আটাইতকৈ নষ্টালজিয়া দিন,পদে পদে অনুভৱ কৰোঁ সোৱৰাই তোলো সময়বোৰক৷কাৰণ এইবোৰ আমাৰ সময় আছিল,য’ত নিজকে প্ৰতিষ্ঠা কৰিছিলোঁ মানুহ হ’বলৈ,ভৱিষ্যতৰ সপোনবোৰক বাস্তৱ কৰিবলৈ৷ এইবোৰ ভবাৰ পৰা জীয়াই মাত লগালতহে এটা দীঘলীয়া নিশ্বাস এৰি মইয়ো ঘুৰি আহিলোঁ বাস্তৱলৈ৷দুয়োজনী ৰুমলৈ আহি বিচনাত ঢলি পৰিলোঁ৷তেনেতে শেৱালী আন্টিয়ে ক’লেহি" আজি মোৰ লগত তোমালোক বজাৰলৈ ওলাবা,তোমালোকক আমাৰ ইয়াৰ দেওবৰীয়া সাপ্তাহিক বজাৰখন দেখুৱাই আহিম"আমি দুইজনীয়ে হয়ভৰ দিলোঁ বজাৰলৈ যাবলৈ৷গৰম আৰু ভাগৰত বিচনাতে আকৌ ঢল দিলোঁ৷জীয়াই এইবাৰ মোক উদ্দেশ্যি ক’লে- :hey you get up,phone charge কৰিলি? :give me 5minutes more,তাৰ পিছতে সব কৰিম৷ :okey,মই fresh হৈ আহোঁ৷আৰু মই আকৌ অহা আগত phone বিচাৰি charge দিবি৷ মইয়ো মুখেৰে একো নামাতি বহুদেৰি তলকা মাৰি বিচনাখনতে পৰি থাকিলোঁ৷অলপ সময় পাছত এটা প্ৰকাণ্ড শব্দ শুনি বিচনাৰ পৰা জাপ মাৰি উঠিলোঁ৷অনুমান কৰিলোঁ যে ক’ৰবাত কিবা হৈছে কিন্তু কি হৈছে বুলি ভাবি একেজাপেই বাহিৰ পালোহি৷আৰু দেখিলোঁ - (আগলৈ)

No comments:

Post a Comment