Wednesday, March 25, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক -------------------------------------------------------- দেৱাশ্ৰী বৰা (৩য় খণ্ড) -------------------- ৰাতি প্ৰায় বাৰ বাজিছে জীয়াই বিচনাৰ ইটোমূৰে থকা টেবুলখনতে বহি কিবা কিবি লিখি আছে ৷মই বুজো তাইক; তাইযে খুউব আৱেগিক৷ তথাপিও আনে যাতে তাইৰ বাবে দুখী নহওঁক সেইটো ভাবিয়ে তাই কোনো কথাই প্ৰকাশ নকৰে৷ক্লাছ 7ৰ পৰাই তাইৰ লগত মোৰ সম্পৰ্ক কলম আৰু চিয়াহীৰ দৰেই৷য’ত এটাৰ অবিহনে আনটোৰ মূল্যহীন৷মোৰ প্ৰতিটো সুখ-দুখৰ সাৰথি হৈ ছাঁৰ দৰে লগত থাকে অথচ মোৰ সুখৰ বাবেই তাই নিজৰ দুখখিনিকো মূল্যহীন কৰি ডায়েৰীৰ পাতত ৰাতি ৰাতি মনে মনে লিখি থাকে৷তাইৰ পৰা পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈ সদায়েই তাইক সহায় কৰিবলৈ বিচাৰোঁ৷আনৰ ডায়েৰী পঢ়াতো বেয়া অভ্যাস যদিও তাইৰ প্ৰতিটো দুখৰ সমভাগী হৈ তাইক সাহস দিয়াৰ অৰ্থেই তাই নথকাত ডায়েৰীখন মনে মনে পঢ়োঁ৷এই ৰাতিখন তাইনো কি লিখিছে পঢ়িবলৈকে এইবাৰো মনে মনে তাইৰ পাছফালে ৰৈ জুপ ল’লোঁ৷তাই লিখি আছে- "জীৱনৰো যে আছে এক সুকীয়া ৰস৷সুখ,দুখ,হাহিঁ, কান্দোন,প্ৰেম, অভিমান সকলো থকাৰ পাছতো য’ত লোকাই আছে হাজাৰটা ৰহস্যৰ অনুসন্ধান তাকো আধাখনিয়া৷জীৱন হয়টো এনেকুৱাই সকলো থাকিও আধৰুৱা কোনোবাখিনিত৷এফালে আশা আৰু হেপাঁহৰ ভাৰ আনফালে সপোনৰ যশস্যা৷যদি এই জীৱনে নতুনত্ব পাই আকৌ সাৰপাব বহুৰঙী সপোনে৷কিন্তু সেই সপোনৰো কোনো ঠিকনা নাই৷ঠিকনাবিহীন কোনো কোনো বস্তুৰ যে অস্তিত্ব নাই৷" এইবাৰ মই গলখেকাৰি এটা মাৰি তাইক সুধিলো এই আধাৰাতিখন তই কি লিখি আছ্নো?তাই থতমত খাই ডায়েৰীখন বুকুৰ মাজত লুকুৱাই,কুচিমুচি হৈয়ে কৈ উঠিল - :একো নাই,কিবা কিবি বেবেৰিবাং৷ :সচাইঁ কৈছ্ নে? :কিয় মোৰ ওপৰত বিশ্বাস নাই তোৰ? :বিশ্বাস আছে কিন্তু তই ইমান ঘামিছ যে জীয়াই তেতিয়াহে মন কৰিলে তাইৰ কপালঁত যে বিন্দু বিন্দু ঘামৰ টোপাল হৈ নিয়ৰৰ দৰেই সৰি পৰিছে৷তাই ধৰা নপৰিবলৈয়ে হাহিঁ এটা মাৰি কৈ উঠিল"এই আধা ৰাতি ঘপককৈ যদি পিছফালৰ পৰা মাত লগাও ভয় আকৌ কিয় নাখাম৷হ’ব দে শু এতিয়া৷মইও শু৷good night৷ মইয়ো বুজিলো যে তাই মোক একো ক’ব বিচৰা নাই সেয়ে তাইক সোনকালে শুই থাকিবলৈ কৈ দিনটোৰ সমস্ত ভাগৰক আকোঁৱালি মইয়ো শুই পৰিলোঁ৷ কিন্ত এইবাৰ তাই নিজেই মাত লগালে. :তই দেউতালৈ ফোন কৰিলি নে বাৰু? তাই শুধাতহে মই মবাইলটোৰ অনুসন্ধান কৰিলো৷পাহৰনিৰ বেমাৰটো মোৰ আগৰ পৰাই আছে৷ভাবি ভাবি মনত পৰিল যে অথনি মবাইলটোৰ চাৰ্জ নাইকিয়া হোৱাত গাড়ীতে এৰিলো আৰু দেতালৈ কল কৰিবও পাহৰিলোঁ৷জীয়াই মোৰ আওভাও ধৰিব পাৰি খংতে ক’লে :you did something wrong? :নাহ,Let me explaine :তই ইমান Careless কিয়?নিজৰ বস্তুটোবোৰ য’তে ত’তে পেলাও যে ৷এতিয়াও চাগে মবাইটো ক’ৰবাত থ’লি মনত পৰা নাই হয়নে :sorry,sorry next time পৰা i will be careful,please এই আধাৰাতিখন মোক গালি নাপাৰিবি,i promise ৰাতিপুৱা শুই উঠিয়ে phone বিচাৰি charge দিম আৰু দেতালৈ call কৰিম৷ এতিয়া শু দেই বুলি কৈ ইকাতি হৈ মনে মনে শুই পৰিলোঁ৷তাই বহু সময় মোক ভোৰভোৰাই থাকিল৷এই সাতটা বছৰ তাইৰ লগত একেলগে থাকি মইয়ো তাইক বুজি পালোঁ ভালদৰেই৷তাইৰ যে এতিয়া খং শেষ নোহোৱালৈকে মোকে ভোৰভোৰাই থাকিব আৰু মই তাত মাত মাতিলে তাৰ বিৰোধিতা কৰি মোক ক’ব"please don't creat a scene,মই আজি তোক সচাইঁ বেয়া পাইছোঁ নামাতিবি মোক" আৰু অভিমানবোৰ মই আকৌ নভঙালৈকে এনেকৈয়ে থাকিব৷তাইৰ সেই অভিমান আতৰাওঁতে গোটেই ৰাতিটো শেষ হ’বগৈ৷সেয়ে একো নুশুনাৰ ভাও ধৰি শুই থাকিলোঁ৷(আগলৈ)

2 comments: