Tuesday, April 28, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ----------------------------------------------------- #দেৱাশ্ৰী_বৰা (#খণ্ড_২৬) ------------------------------ জোনাকক কলেজৰ ইমুৰৰ পৰা সিমুৰলৈ বিচাৰিও ক’তো নাপালে৷কথাটো তাই ইচ্ছা কৰা হ’লে মেচেজ বা ফোন কৰিও ক’ব পাৰিলে হয় কিন্তু ভুলবুজাবুজি নহ’বলৈ বুলিয়ে সন্মুখত ক’ম বুলি ভাবি থ’লে৷পাছদিনাও তাই কলেজলৈ আহিয়ে জোনাকক বিচাৰিলে কিন্তু ক’তো নাপাই তালৈ ক’ল কৰিলে কিন্তু তাৰ ফোনটো নাপায় ক্লাছ শেষ হোৱাৰ পাছত সিহঁতক বিচাৰি প্ৰেকটিছ কৰিছে নেকি চাবলৈ 301লৈ আহিলে ৷কলেজত এতিয়া কোনো প্ৰগেম নাই সেয়ে নাচ ,গানৰ কোনো প্ৰশ্নই নুঠে৷পাছদিনাও জোনাকক গোটেই কলেজখনতে ইমুৰৰ পৰা সিমুৰলৈ বিচাৰিলে কিন্তু ক’তো নাপায় সিহঁতৰ ক্লাছৰ বাহিৰত লগ পাওঁ বুলি বুন্দাপৰ দি ৰৈ থাকিল৷ক্লাছ শেষ হোৱাত সকলোৱে ওলাই আহিল কিন্তু জোনাকক ওলাই অহা নেদেখি ভিতৰফালে জুমি চালে৷জোনাকক নেদেখিলে কিন্তু জোনাকৰ লগৰ সত্য,চিৰঞ্জীৱহঁতে বহি আদ্দা দি আছিল ৷তাই সিহঁতক সুধো নুসুধোকৈ ৰুমটোৰ ভিতৰলৈ সোমাই গ’ল- :"দাদা জোনাকদা আহিছেনে আজি?মই তেওঁৰ phone টো try কৰি আছোঁ ৰিচিভ কৰা নাই মানে৷" সিহঁতৰ মাজৰে এটাই ক’লে :"সি দুদিনমান আহিব নোৱাৰিব চাগে" :"কিয়" :তাৰ হাত ভাগিলে,কেইদিনমান বেদৰেষ্ট দিছে ডক্তৰে ৷ সন্ধিয়া ঘৰলৈ আহি তাই সেইটোকে ভাবি থাকিল৷তাইৰ মনত বহুত কথা আছে জোনাকক ক’বলৈ কিন্তু এতিয়া ইচ্ছা কৰিলেও তাক কোৱাটো থিক নহ’ব৷তাই মোবাইল বৰ বেছি ব্যৱহাৰ নকৰে সময়ত দৰকাৰ হোৱা কামটো কৰে আৰু য’ত ত’ত পেলাই থয়৷আজি পতককৈ whatsappৰ statusবোৰ চালে,কলেজৰ বহুতে ৰাতিপুৱাৰ পৰা "get well soon জোনাক দা "বুলি কৈ তাৰ ফটো এখন দিছে৷ তাইৰ আকৌ নিজৰ ওপৰতে খং উঠিলে,ৰাতিপুৱাৰ পৰা পাগলৰ দৰে বিচাৰি ফুৰাতকৈ যদি এবাৰ Whatsappটোকে খুলি চালে হয়৷অনুজক কথাবোৰ কৈ সুধিলে তাই এতিয়া কি কৰিব৷সি ক’লে যে " ভগৱানে তোক যেতিয়া অলপ দিন টাইম দিছে তইয়ো ৰৈ চা’ " তাইয়ো কথাটো ভাবি সেইটোকে হওঁক বুলি ভাবিলে আৰু জোনাকলৈ মেচেজ এটা দিলে৷" get well soon bro,কলেজত সোনকালেই লগ পাম৷" অলপ পাছতে ৰিপ্লাই আহিলে " thank you,and i am really sorry,তুমি ক’ল কৰোতে অলপ busy আছিলোঁ কাম এটাত৷তাৰ পাছত call back কৰিবলৈও বহুতে callকৰি কি হ’ল কেনেকৈ হ’ল সুধি আছে মই time য়ে পোৱা নাই" :"sorry নকলেও হ’ব,মই কথাটো শুনিয়ে খবৰ ল’ম বুলিয়েই call কৰিছিলোঁ৷ কেনেকৈ কি হ’ল,থিকে আছেনে আপুনি ! :now i feel better,বাথৰুমত slip hoi হাতত জোৰ দি পৰিলোঁ so হাতখন fracture হৈছে কিন্তু ডক্তৰে সোনকালে থিক হ’ব বুলি কৈছে,বাকী you have to keep your promise' :কোনটো? :"কলেজ যোৱাৰ পাছতে এদিন আমি একেলগে গীতাৰ বজাম " তাই সচাঁ কথাটো কৈ দিওঁ বুলিয়ে এগালমান দীঘলীয়া কৈ মেচেজ এটা লিখিলে কিন্তু এনেকুৱা পৰিস্থিতিত সেইটো কথা নোকোৱাই ভাল বুলি আকৌ মেচেজটো কাটি লিখিলে যে" 1st আপুনি থিক হৈ লওঁক " কথা বতৰা পাতি হোৱাত মিচা কথা কৈ থাকি ভাল লগা নাই যদিও কৈ আছে বুলি তাইৰ মনটো অলপ সেমেকি পৰিল৷কিন্তু তাইৰ মনে মনে নিজৰ ওপৰতে গীতাৰ বজোৱা কথাটোত হাহিঁ উঠিলে ৷গীতাৰ বজোৱাতো দুৰৰে কথা প্ৰথমদিনা হাত লগায়ে গীতাৰৰ ষ্টিং দালেই চিঙি পেলালে৷তাইৰ অনুজলৈয়ো বুলি অলপ বেয়া লাগিল কিদৰে বেচেৰাই তাইৰ সহায় কৰিবলৈ আহি নিজৰে লোকচান কৰিলে৷ পাছদিনা ৰাশিয়ে জীয়াৰ লগত কলেজৰ পৰা বাহিৰে বাহিৰে বজাৰলৈ গীতাৰৰ ষ্টিং কিনিবলৈ বুলি গ’ল৷কিন্তু তাই দোকানত গৈ গীতাৰৰ ষ্টিং খোজাত তাইক দোকানী জনে কেনেকুৱা ধৰণৰ ষ্টিং লাগে বুলি প্ৰশ্ন কৰাত তাই বিবুদ্ধিত পৰিল৷তাই গীতাৰৰ 'গ'টোকো চিনি নাপায়৷কি কৰিম কি নকৰিম কৈ তাইৰ নিকিনাকৈয়ে দোকানৰ পৰা গুচি আহিলে ঘৰলৈ আহি ভাবিলে " সেই টুনটুনা খনতো ইমান অদ্ভুত বস্তবোৰ থাকিব লাগেনে৷" ৰাশিয়ে অনুজক Surprise দিম বুলি দোকানলৈ তাৰ গীতাৰ খনকে লৈ যোৱাৰ কথা ভাবিলে ৷পাছদিনা তাই কলেজৰ পৰা সোনকালে আহি মনে মনে অনুজৰ গীতাৰখন লৈ দোকানলৈ বুলি ওলাল৷আৰু বাটত গৈ থাকোতে তাইক কোনোবাই মতা যেন শুনিলে ,পাছলৈ ঘুৰি চাই দেখে যে জোনাক দেখোন৷ভুত দেখা দৰে বুকুৰ ধপধপনিবোৰৰ লগতে তাইৰ হাত ভৰিবোৰ কপিঁবলৈ ধৰিলে (আগলৈ)

No comments:

Post a Comment