Sunday, April 26, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
----------------------------------------------------
#দেৱাশ্ৰী_বৰা (#খণ্ড_২৫)
-----------------------------
ৰাশিক বিচাৰি বিচাৰি অনুজে চুইমিং ক্লাছ পালেগৈ৷তাত তাইক জোপোকা মাৰি চুইমিং পুলটোৰ কাষত অন্যমনষ্ক হৈ বহি থকা দেখি অনুজে তাইৰ কাষলৈ গৈ তাইক হাতত ধৰি বাহিৰলৈ উলিয়াই আনিলে আৰু ক’লে-
:" তই পাগল হৈছ নেকি? কাকো একো নোকোৱাকৈ এনেকৈ গুচি আহিলি যে ?
:" এতিয়া সব কাম তোক সুধি কৰিব লাগিব নেকি?"
:"i dont mean that but তই জাননে ,তোৰ কাৰণে ৰাতিপুৱাই কিমান problems creat হ’ল,সবে কিমান চিন্তা কৰিছে ৷ মইটো প্ৰায় ভয়ে খাইছিলো ক’ৰবাত গুচিগলি বুলি আৰু কালি কাৰণে sorry' মায়ে মোক ক’বলৈ কৈছে৷"
:" যদি তোৰ নিজৰ ক’বলৈ মন নাই then আনৰ কথাত আহি sorry নক’বি৷"
ৰাশিয়ে দৌৰি গৈ তাইৰ বেগটো আনি বেগৰ পৰা 500টকা এটা উলিয়াই অনুজৰ হাতত দি কয়
:"ল’ এমাহলৈ দকচি খাবি and thank you for everything you done for me "
:" মই এইবোৰ পইচাৰ কাৰণে কৰা নাই আৰু মই জনা ৰাশিজনী তই নহয়,you totally changed,কিয় কৰি আছ্ এইবোৰ "
:" মই কি লিপষ্টিক লগাব নোৱাৰো নেকি?মই কাৰোবাক like কৰিব নোৱাৰোঁ নেকি?কিয় পাহৰি যাওঁ তহঁতি মইয়ো যে এজনী ছোৱালীয়ে ,মোৰো এটা মন আছে৷মোৰো মন যায় ন’হ ধুনীয়া হ’বলৈ"
:" হুহ ধুনীয়া হ’বলৈ,কিন্তু এটা কথা জান’ you dont want to put any make up on your face,if someone love you then he have to love the way you look আৰু কি জান’ যিটো তই বেয়া পাওঁ সেইটো বেলেগক impress কৰিবলৈ নকৰিবি৷ তই এইবোৰ কিয় কৰিছ’ "
ৰাশিয়ে অনুজৰ কথাকেইটা নিৰৱে শুনি থাকিল একো নামাতিলে,তাই এবাৰ ভালকৈ ভাবিলে সচাইঁ ধুনীয়া হোৱাটো দৰকাৰ নহয় নেকি? চেহেৰা চাই ভালপোৱাবোৰত স্বাৰ্থ থাকে নেকি৷ যিটি কথাবোৰ ভাবি এখোজ দুখোজকৈ চুইমিং পুলৰ কাষৰ ৰাস্তাটোৰে আগবাঢ়ি থাকিল৷অনুজে তাইৰ কাষলৈ গৈ তাইক সুধিলে
:"কি হ’ল ?থিকে আছ্ তই "
:"Sorry i missunderstut you "
:"তোৰ Sorry তোৰ ওচৰতে ৰাখ,কিন্তু কালি জোনাকৰ লগত কি কৰিছিলি,date নিকি?"
" তোক কিয় ক’ম" বুলি লাজ কৰা দৰে তাই সেইখিনিৰ পৰা গুচি গ’ল৷সিহঁতৰ মাজত সকলোখিনি সম্পূৰ্ণকৈ থিক হোৱা নাই যদিও ভুলবুজাবুজিবোৰ কিছু কমিলে৷"
আজিৰ ক্লাছটো কৰিব নালাগে বুলি অনুজে ৰাশিক তাৰ পৰা ঘৰলৈ লৈ আহিলে৷বাৰাণ্ডাতে বহি শেৱালি আন্টি আৰু জীয়াই সিহঁতলৈয়ে বাট চাই আছে৷ৰাশিয়ে আহি পায়েই শেৱালি আন্টিক ক্ষমা বিচাৰিলে তাইৰ কাৰণে যে তেওঁলোকৰ কষ্ট হ’ল আৰু বলক আন্টি কালি পৰা একো খোৱা নাই বহুত ভোক লাগিছে বুলি টানি আজুৰি ভিতৰলৈ লৈ গ’ল৷
জীয়াই শেৱালি আন্টিক মনে মনে সুধিলে "ইহঁতৰ মাজত কি হ’ল কিবা গম পাইছে নেকি?কালিলৈকে ইমান কাজিয়া কিন্তু এতিয়াচোন তাই হাহিঁ ফূৰ্তিতে আছে ৷"
:" বাৰিষা বতৰটোৰ নিচিনা এইজনীৰ মনটোক বুজি পোৱাটো টান কেতিয়া কি চলি থাকে ধৰিবই নোৱাৰি "
অনুজে ঘপককৈ আহি মাজতে ক’লে " কেতিয়াবা মানুহবোৰ বাহিৰে সুখী যেন দেখিলে ভিতৰি যে কি চলি আছে ধৰিবই নোৱাৰি৷"
অনুজৰ কথাষাৰ শেষ হ’বলৈয়ে নাপালে ৰাশিয়ে আহি খাবলৈ বুলি চিঞৰ বাখৰ লগালে৷প্ৰথমবাৰৰ বাবে অনুজে ৰাশিৰ মনৰ ভিতৰৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিছে৷সি হয়টো ভবাই নাছিল কেতিয়াও ৰাশিৰ মাজতো যে এজনী ছোৱালীৰ দৰেই মন এটা আছে৷সৰু পৰা তাইক নিজৰ লগৰ বুলি ভাবোতে পাহৰিয়ে গৈছিল তাতে সিওঁ যিকোনো কথা তাইৰ আগত লাজ শংকা নৰখাকৈ কৈ দিয়ে,কোনোদিন তাইক এজনী ছোৱালী হিচাপে নাচালেই ৷তাৰ মনটো অলপ বেয়া লাগিল তাইৰ বাবে আৰু তাইৰ কাৰণে কিবা এটা কৰাৰ কথাও ভাবিলে৷
সন্ধিয়া প্ৰেকটিছৰ পৰা আহি ৰাশিয়ে সদায় অলপ সময় চাদৰ ওপৰত বহে৷তাই চাদৰ ওপৰত থকা পুৰনি আধাভগা আলমাৰিটোতে মৰ্টনৰ টেমা আৰু হাজমোলাৰ টেমা এটা ভৰাই থৈছে৷মন গ’লে সেইয়া খাই খাই অকলেই বহি থাকে৷আাজি প্ৰেকটিচৰ পৰা আহোতে কল্ডড্ৰিংছৰ বটল এটা কিনি আনিছিল,সেইটোকে বিৰহত থকা মানুহে মদ খোৱাদি খাই আছিল৷ অনুজে তাইৰ ওচৰতে বহি তাইক সুধিলে " সিদিনা তোৰ datingটো বেয়া কৰি দিলোঁ কাৰণে খং উঠি আছে নহ্্ "
:" কি dating,জোনাক দাই যে গমো নাপায় মই তাৰ কাৰণে কিবা feelings ৰাখিছোঁ বুলি৷"
:বেলেগ কাকো নাপালিনে? কিন্তু তই তাক মিচাকে কিয় ক’লি গীতাৰ বজোৱা কথা"
:"মোৰ ভয় লাগিলে বক্সিং খেলোঁ ক’লে বাকীবোৰ নিচিনাকৈ সিওঁ মোলৈ ভয় কৰিব বুলি"
:" আচ্ছা!
:"মই কাইলে তাক সচাঁ কথাটো ক’ব লাগিব৷কিন্তু কেনেকৈ ক’ম বুজি পোৱা নাই "
:"মইতোক কিবা Help কৰোঁ নেকি?"
:"তই মোক কেনেকৈ help কৰিবি আৰু তইটো জোনাকদাক বেয়া পাওঁ "
"বেয়া নাপাওঁ,এইবোৰ তই বাদ দে ৰ’হ তোৰ কাৰণে বস্তু এটা আছে বুলি সি পিটিককৈ গৈ ৰুমৰ পৰা তাৰ গীতাৰ খন লৈ আহিলে আৰু তাইক দেখোৱাই ক’লে "এইখন চা,শিকাই দিম তোক"
ৰাশিয়ে গীতাৰখন দেখি ইনেই এবাৰ লৈ ফাংফুংকৈ বজাই থাকোতেই গীতাৰৰ ষ্টিং এদাল চিগি থাকিলে৷অনুজে ক’লে
:"চেচ্ দিলি তই,তোক নিদিয়া হ’লেই ভাল আছিল ৷"
:"ইয়াত মোৰ ভুল নাই ,মইটো তাক সচাঁ কথাটো কৈ দিম বুলিয়ে কৈছিলোঁ কিন্তু তইহে ভুতৰ মুখত ৰামনাম শুনিব বিচাৰিছিলি "
:"যা যা সব এফালৰ পৰা শেষ কৰি দে,ভালক বুলি মোৰ ইমান মৰমৰ বস্তুটো দিলোঁ আৰু তই,
যি ক’ৰ’ কৰি থাক " বুলি কৈ অলপ খংতে সি তাৰ পৰা গুচি গ’ল৷
ৰাতিপুৱা তাই কলেজলৈ যাওঁতে এটাই কথা ভাবি গ’ল যে তাই আজি জোনাকক সচাঁ কথাটো কৈ দিব,নহ’বা এটা মিছা লোকোৱাবলৈ তাই আৰু এশটা মিছা ক’ব লাগিব৷ সিদিয়া অনুজৰ আগত নকৈ আন কাৰোবাৰ আগত কোৱা হ’লে আৰু বেছি লাজ পালে হয় আৰু যদি এনেকৈ আন কোনোবাই গম পায় তেন্তে আৰু বেয়া হ’ব৷কলেজৰ ব্ৰেক টাইমত তাই জোনাকক বিচাৰিবলৈ ধৰিলে৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
Dhunia
ReplyDeleteThnq
Delete