Thursday, April 23, 2020

JBCৰ বাকৰিত এমুঠি হেপাঁহৰ জোনাক ----------------------------------------------------- দেৱাশ্ৰী বৰা (খণ্ড ২৩) ----------------------------- :"কি চলি আছে এইবোৰ" তাই থতমত খাই মুখখন গামোচাৰে মোহাৰি মোহাৰি "ক’ত কি হোৱা দেখিলি,একোতো নাই " বুলি কপা কপা মাতেৰে ক’লে৷অনুজৰ তাইৰ ওপৰত সন্দেহ হ’ল,তাইৰ মুখখনলৈ চাই ভালকৈ ওচৰৰ পৰা লক্ষ্য কৰি সুধিলে - :"তোৰ চকুটো ইমান ক’লা ক’লা হৈ আছে যে কি লাগিলে " :"মই কাজল লগোৱা নাই দেই,টোপনি খতি হৈছে কাৰণে ক’লা পৰিছে চাগে" মিছা কথা কোৱাৰ অভ্যাস নাই সেয়ে জিভাখন পিচলিয়ে গৈছিল কিন্তু সঠিক সময়তে জীয়াই আহি ক’লেহি :" টোপনি খতি নহ’ব কে’লে ৰাতি দেৰিলৈকে যদি জোনাক দাৰ ভিদিঅ’কে চাই থাকে" :"ৰ’হ চোন ৰ’হ ,জোনাক,ভিদিঅ’,কাজল এইবোৰ কি চলি আছে?মই চোন বুজিয়ে পোৱা নাই " "এইবোৰ ছোৱালী কথা তই নালাগে বুজিব "বুলি কৈ ৰাশি তাৰ পৰা ল’ৰ মাৰিলে৷ ৰুমলৈ সোমাইয়ে দৰ্জাখনৰ শুকটো লগাই পুনৰ আইনাৰ সন্মুখত থিয় হৈ মুখৰ ক’ৰবাত কিবাকিবি লাগি আছে নেকি ভালকৈ চালে৷কিন্তু একো নেদেখি মনতে ভাবিলে" একো নাই দেখোন মুখত,অনুৱে মোক মানে ওল্লু বনালে,তাক নেৰোঁ মই"বুলি হাতখন মুঠি মাৰি চকু কেইটা টেলেকা কৰি দিলে৷তাৰ পাছত আকৌ এবাৰ নিজৰ মুখখন চাই ধুনীয়াকৈ হাহিঁ এটা মাৰি চালে৷তাইৰ নিজৰে লাজ লাগি গ’ল৷ ৰাতিপুৱাই কলেজলৈ গৈ ছাটিতো ঘুৰাবলৈ জোনাকদা আহিছে নে নাই খবৰ ল’লে৷কিন্তু ক’তো লগ নাপাই তালৈ ফোন কৰি সুধিলে- "হেল্লৌ,জোনাকদা !ছাটিতো যে আপোনাৰ মোৰ ওচৰত আছিল "তাইৰ কথাবোৰ অলপ ভয়তে লাগি লাগি ধৰিলে,বুকুৰ ধপধপনিবোৰ বাঢ়ি গৈছে,তাতে প্ৰথমবাৰ ফোনত কথা পাতিছে প্ৰিয় মানুহজনৰ লগত৷ :"মই কাম এটাত ব্যস্ত আছোঁ কলেজলৈ যাব নোৱাৰিম,যদি সময় হয়গৈ তেন্তে তোমাক ফোন কৰি জনাম বাৰু" কথাকেইটা শুনি তাইৰ মনটো উথপথপ লাগিল৷দিনটো ক্লাছৰ মাজে মাজে মনে মনে ফোনটো চাই থাকিল৷শেষৰটো ক্নাছ আছেগৈ মাত্ৰ আৰু এতিয়া লৈকে জোনাকৰ ফোন কিয় অহা নাই বুলি তাইৰ চিন্তাও লাগিল৷ শেষৰ ক্লাছটোৰো বেল মাৰিলে কিন্তু জোনাকৰ ফোনটো নাহিলেই সেয়ে তাই আকৌ এবাৰ ফোন কৰিব নিকি ভাবিলে যদিও বাৰে বাৰে সামান্য কথা এটাৰ বাবে ফোন কৰি থাকিবলৈ মন নগ’ল৷"কলেজ খোলা আছে যেতিয়া পিছে পৰেও দিব পাৰিব "বুলি নিজকে নিজেই সান্তনা দি গেটৰ ফালে আগবাঢ়ি গ’ল৷ দিনটোৰ অপেক্ষাৰ অন্ত পৰিল, তেনেকুৱাতে তাইৰ ফোনটো বাজিল৷ল’ৰালৰিকৈ তাই ফোনটো উলিয়ালে হয় জোনাকৰে ফোন৷ৰিচিভ কৰিলে সি ক’লে যে - :"তুমি কলেজতে আছা নে?" :"এইয়া গেটৰ মুখতে,আপুনি ক’ত"? :"বেয়া নোপোৱা যদি 10minutesৰৈ দিবা নেকি" :"ক’ত ৰ’ম " গেটৰ মুখতে ৰওঁনে?" :"তুমি এটা কাম কৰা ,কলেজৰ ওচৰত যে আছে ’eats’ তাতে বহা নহ’লে মই তালৈকে যাম " জোনাকে কোৱা বাবে তাই তাক মনা কৰিবলৈ বেয়া পালে৷প্ৰথমবাৰ এনেকৈ অকলশৰীয়াকে লগ পাব তাক সেয়ে অলপমান Nervous হৈ আছে৷তাতে আজিলৈকে কাৰো লগত এনেকৈ ক’তো গৈ পোৱা নাই৷সময়টো চালে এতিয়াও সি পাবলৈ আঠ মিনিট আছে,তাই দৌৰি গৈ গাৰ্লছ ক’মন ৰুম পালেগৈ৷তাই হাতেৰেই চুটি চুলিকোচা ভালদৰে সামৰি,বেগত লুকুৱাই থোৱা লিপষ্টিকটো অলপ লগাই ল’লে৷ চিনাকি কোনেও নেদেখাকৈ লুকাই লুকাই তাই গৈ ’eats’ত বহিলেগৈ৷ কলেজলৈ প্ৰথম অহাৰ পাছতে ' Eats'খন অনুজে চিনাকি কৰাই দিছিলে আৰু তাৰ পাছৰ পৰা তাই ’eats’ৰ ৰেগোলাৰ কাষ্টমাৰ বুলি ক’লেও বেয়া নহয় ৷কিন্তু আজি সদায় অহা ৰেষ্টুৰেণ্টত খনতো ভয় ভয় ভাব এটাই আৱৰি ধৰিছে তাইক৷চিনাকি কোনোবাই দেখিব নেকি,যদি দেখে কি হ’ব সেইবোৰ ভাবি গুনিয়ে বহি থাকিল৷জোনাকে সময়মতেই আহি পাই তাইৰ সন্মুখত বহি ল’লে৷তাইৰ লাজ লাগিছে৷তাতে লিপষ্টিক লোৱাৰ অভ্যাস নাই আগে পাছে বৰ uncomfortable feel কৰিছে৷তথাপিও অনুজে কোৱাৰ দৰে অলপ ষ্টাইলত থাকিবলৈ চেষ্টা কৰিলে৷জোনাকক ছাটিতো দি কি ক’ম কি নক’ম কৈ তললৈ মুৰ কৰি বহি থাকিল৷হঠাৎ অনুজৰ মাতটো শুনিলে- " দাদা Chiken fried rice hulf এটা দিব" কথাতে কোৱা হয় যে য’তে বাঘৰ ভয় তাতে ৰাতি হয় ৷তাইৰ লগতো থিক তেনেকুৱাই হ’ল৷অনুজ হয়নে বুলি পাছলৈ মনে মনে ঘুৰি চাই তাকেই দেখা পায় ৷তাইৰ বুকুখন ইমানেই বেছি ধপধপাই উঠিল যে তাই ঘামি গ’লগৈ৷যিমান পাৰে বেগটোকে টেবুলখনৰ ওপৰত উঠাই অনুজে নিদেখাকৈ কুচিমুচি বেগটোৰ পাছফালে মুখখন ঢাকিবলৈ ধৰিলে৷(আগলৈ)

No comments:

Post a Comment