Friday, May 1, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
_____________________________________
দেৱাশ্ৰী বৰা (খণ্ড ২৯)
___________________
মেডিকেল পালেগৈ,ডক্তৰে চাই ক’লে নাকৰ জইনটো ল’ৰি যোৱা বাবে ব্লিডিং ৰোৱা নাই,কিন্তু চিন্তা কৰিব লগা কোনো কথা নাই বুলি দৰৱ কেইটামান লিখি দিলে আৰু ৰাশিৰ নাকত বেন্দেজ এটা লগাই দিলে৷ৰাশিক দুদিনমানলৈ দৌৰাদৌৰি কৰিবলৈ মানা কৰিলে৷ডক্তৰৰ ওচৰৰ পৰা ওলাই আহি বাহিৰৰ বেন্সতে বহি তাই অনুজক ক’লে
:"এতিয়া মোৰ গেম কি হ’ব ?"
:"কি হ’বলৈ আছে নাপাওঁ খেলিবলৈ"
:"ইস্ কে’লে নেখেলিম,এনেকুৱা সৰুসুৰা দুখ আগতেও পাইছোঁ ,মই খেলাটো খেলিমেই মুঠতে"
:"কি ক’ৰ কৰি থাকিবি আৰু কিবা হ’লে মই মেডিকেল আনিবলৈ নাই তোক"
:"তোকনো কোনে কৈছিল নিজে হে আনিছিলি৷"
সিহঁতৰ মাজত সৰুসুৰা তৰ্কাতৰ্কি চলি আছিল৷ৰাশিৰ ফোনটো বজাত তাই কাৰ ফোন চালে৷জোনাক দাৰ ফোন বুলি তাই উলাহত বিষকোষ পাহৰি পেলাই ক’লটো ৰিচিভ কৰিবলৈ লওঁতেই অনুজে তাইৰ হাতৰ পৰা মবাইলটো থাপমাৰি কাঢ়ি লৈ তাইক ক’লে
:" কোনো দৰকাৰ নাই ৰিচিভ কৰিবলৈ৷সব তাৰ পৰাই হৈছে"
:"মোৰ ফোন দে তামাছা নকৰিবি ৷একো তাৰ কাৰণে হোৱা নাই "
সি তাইৰ কথা একো নুশুনি ক’লটো কাটি দিলে৷জোনাকে এইবাৰ অনুজলৈ ক’ল কৰিলে৷সি অনিচ্ছা সত্বেও ফোনটো ৰিচিভ কৰিলে
:"ৰাশি থিকে আছেনে ?"
:"হাঃ,She is alright But তাই এতিয়া কথা পাতিব নোৱাৰিব৷"
:"অ’ thank god তাইৰ একো নহ’লে,কিন্তু তই তাইৰ লগত ইমান close কেতিয়া হ’লি,মইচোন গমেই নাপালোঁ,কি চলি আছে বেটা৷"
"এতিয়া এইবোৰ কথা পতাৰ mood নাই,পিছত কৈ আছোঁ bye " বুলি অনুটো ক’লটো কাটি দিলে৷ ৰাশিয়ে তালৈ চাই সুধিলে
:"কাৰ ফোন আছিল " ?
:"জোনাকৰ"
"কি সুধিছে" বুলি ৰাশিয়ে বৰ আগ্ৰহেৰে সুধিলে৷কিন্তু ৰাশিৰ প্ৰশ্নটোৰ উত্তৰ নিদি অনুজে "এতিয়া এইখিনিতে বহি থাকিবি নি" বুলি কৈ তাইক ঘৰলৈ লৈ গ’ল৷ঘৰলৈ অহাৰ পাছত কি হ’ল কেনেকৈ হ’ল বুলি শেৱালি আন্টিয়ে ধেৰ প্ৰশ্ন কৰিছে৷অনুজে মাকক "মই তোমাক সব কম ব’লা,এতিয়া তাইক অলপ ৰেষ্ট ল’ব দিয়া" বুলি ৰুমৰ পৰা ওলাই আহিলে৷
জীয়াই কলেজত কাৰোবাৰ মুখত ৰাশিয়ে দুখপোৱাৰ কথাটো শুনি দৌৰাদৌৰিকৈ ঘৰ পালেহি ৷ আহিয়ে তাইক শুই থকা দেখি নজগাই অনুজক কি হ’ল কেনেকৈ হ’ল একেখিনি প্ৰশ্নকে কৰিলে৷ সি ক’লে যে "খেলি থাকোঁতে দুখ পালে "
:"এইজনী ইমান অন্যমনস্ক হৈ কিয় খেলিব লাগে বাৰু"
:"চকু ক’ৰবাত মন ক’ৰবাত হ’লে এনেকুৱাই হ’ব "
:"মানে"?
:"তুমি তাইকে সুধিবা পাছত,এতিয়া শুবলৈ দিয়া,বহুত ব্লিডিং হ’ল আজি "
:"হুম,ডক্তৰে কি কৈছে ?"
:"অলপ Pain হ’ব বুলিছে,ৰাতিলৈ জ্বৰ উঠিলে মেডিচিন দিছে,মই তোমালোকৰ টেবুলতে ৰাখিছোঁ খুবাই দিবা৷"
:"হ’ব বাৰু,আৰু কি কৈছে?"
:"দুদিনত বিষ কম নহ’লে আকৌ check upত মাতিছে৷"
"হ’ব বাৰু "বুলি কৈ তাইৰ ৰাশিৰ ওচৰ পালেগৈ৷তাইৰ কাষতে বহি জ্বৰ আছেনি চাবলৈ কপালখন চুই চালে৷জীয়াৰ চকুৰ পৰা তপতপকৈ চকুপানী বৈ ৰাশিৰ গালতে পৰিল৷তাই সাৰ পাই চকুমেলি জীয়াৰ ফালে চাই সুধিলে
:"কি হ’ল তোৰ "?
:"একো নাই "
:"একো নাই যদি তই কান্দিছ কিয়?"
জীয়াই একো নুকুৱাকৈ চকুপানীবোৰ লুকুৱাই মচি ৰাশিৰ ওচৰৰ পৰা গুচি আহিলে৷
দুদিনৰ অন্তত ৰাশি কলেজ যাবলৈ ওলাইছে তাকো নাকত বেণ্ডেজটো আছেই৷লগৰ,চিনিয়ৰ সবেই তাইক কলেজলৈ মাতি আছে৷তাই আইনাখনত মুখখন চাই বেণ্ডেজটোৱে অদ্ভুত দেখিছে বুলি এৰুৱাই পেলালে৷
জীয়াই খেলধেমালি বৰ এটা ভাল নাপায় তাতে কাইলৈৰ পৰা কলেজ উইকৰ আৰম্ভণি হ’ব আজি ক্লাছ হোৱাৰ কোনো কথাই নাই৷গা মুৰ ধুই চুলি শুকোৱাবলৈ বুলি বাৰাণ্ডাতে বহি আছে ৰ’দ লৈ৷ৰাশিক কলেজলৈ ওলাই অহা দেখি সুধিলে
:"তই কলেজ যাবলৈ ওলালি যে,ভাল পালি জানো?"
শেৱালি আন্টিয়ে পাছফালৰ পৰাই মাত দিলে
:"তাই ঘৰত থাকিনো কি কৰিব ভাল পালে যেতিয়া কলেজলৈ কে যাওঁক দিয়া৷৷ঘৰত থকা কলেজত থকা একেই কথা তাইৰ কাৰণে,ঘৰতো ল’ৰিঢাপৰি আছে কলেজতো সেইটোৰকেই কৰিব"
:"জীয়া আন্টিয়ে কি ক’লে শুনিলি যেতিয়া মই যাব পাৰোঁ নে ?"
:"যা যা,কিন্তু উৎপাত কৰি নুফুৰিবি"
জীয়াক"হ’ব হ’ব "বুলি কৈ তাই গেটৰ ওচৰ পাইছিল হে অনুজে পাছফালৰ পৰাই চিঞৰিলে"তোৰ নাকৰ বেণ্ডেজ টো কি হ’ল"৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment