Saturday, May 16, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪৩) _____________________ :"তই কি ক’ব খুজিছ অনুজ ,মই ভালকৈ বুজা নাই " :"তই যোৱা পাছত মোৰ মানে কিবা আধৰুৱা আধৰুৱা Feelings এটা আহি আছিলে৷তোক miss কৰিও আছিলোঁ,নাজানো কি হৈছে but i think I love you because i feel for you something' আৰু বহুতে আমাক couple বুলি ভাবে জানই নহ’ " লগালগ অনুজৰ গালত থাচ্ কৰি এক চৰ পৰিছে৷সি অবাক হৈ ৰাশিৰ ফালে চালে তাই দেখোন হাহিঁ আছে ৷সি তাইক ইমান ডাঙৰ কথা এটা কৈছে আৰু তাই তাক এথাপৰ দি হাহিঁ আছে,এইটো কেনেকুৱা কথা৷গালখন দেখোন সচাকৈ ফৰফৰাই গৈছে ,মনতে যিটি ভাবি অনুজে গালখন মহাৰি আছে আৰু ৰাশিয়ে তাক "Sorry মহ এটা পৰি আছিল তোৰ গালত "বুলি ক’লে৷সি confused হৈ গৈছে,সি ভাবি আছিল নে সচাকৈ ক’লে৷থাপৰটোৱে গোটেইখন খেলিমেলি কৰি পেলালে৷তথাপিও অলপ সাহস কৰি সি তাইক সুধিয়ে পেলালে :"মই তোক কিবা কৈছিলোঁ নেকি? :"ক’বলৈ লৈছিলি but .,'' :"That means মই এতিয়া লৈকে একো কোৱা নাই right " :"yaa,এতিয়া ক’ কি ক’বলৈ আছিলে " অনুজে "কাইলৈ তোক ঘৰত থবলৈ মইয়ো যাম" বুলি কৈ ল’ৰালৰিকৈ ৰুমলৈ গুচি গ’ল৷ৰুমত আহি ভাবিলে উফ্ আজি যদি সি কথাষাৰ ভাবি নাথাকি কৈ দিলে হয় সচাকৈ এথাপৰ নহয় আৰু কি কি পৰিল হয় থিক নাই ৷সি বহুত ভাবিলে কিন্তু ভালপোৱা কথাটো নোকোৱাই ভাল হ’ব বুলি সিদ্ধান্ত ল’লে৷ কেতিয়াবা ক’বলৈ হ’লেও 1st ৰাশিয়ে তাৰ কাৰণে কি ভাবে সেইটো জানি ল’ব লাগিব নহ’বা relationshipত অহাৰ ধাণ্ডাত ভাল friendship এটাও হেৰুৱাই পেলাব ৷কথাবোৰ ভালদৰে ভাবি গুণি সি ৰাশিৰ মনৰ কথাও জানিব বিচাৰিলে৷ ৰাতি খোৱা বোৱা কৰি ৰাশি শুৱলৈ গ’ল ৷বতৰটো বৰ ভাল নহয় ,মেঘটোৱে বৰ গুমগুমাই আছে ৷ বিজুলী ধেৰেকনীৰ সৈতে বৰষুণ নামি আহিল৷বিজুলী ধেৰেকনীলৈ তাই সৰুৰ পৰাই বৰ ভয় কৰে,তাতে জীয়াও ওচৰত নাই৷লাহে লাহে বৰষুণজাক কমি আহিল ,মাজে মাজে দুই এটা বিজুলীৰ এচাকনি ৷নিজান হৈ পৰা পৰিৱেশটোত অকলে বৰ অসহায় যেন লাগিছে তাইৰ৷কাৰেণ্টো গ’ল ৰুমটোত ঘড়ীৰ টিকটিক শব্দৰ বাদে আন একো শুনিবলৈ নাই,নিৰ্জনতাত নিসংগতাৰ ভয় ভাৱে আগুৰি ধৰিলে তাইক ৷ব্লেংকেটখনৰ তলত কুচিমুচি সোমাই জীয়াৰ গাৰুটোকে যিমান পাৰে টানকৈ ধৰি সাবটি লৈছে ৷তেনেকুৱাতে দোৱাৰত টকটক শব্দ শুনি তাইৰ পুহমহীয়া ঠাণ্ডাতো ঘামৰ পানী টোপটোপকৈ ববলৈ ধৰিলে৷বিচনাখনৰ পৰা উঠি যোৱাৰ সাহস হোৱা নাই ,তথাপিও নিজকে নিজে সাহস দি লেপৰ তলৰ পৰাই মাত দিলে :"কো..কোন...কোননো? :"ৰাশি মই আন্টি,দৰ্জাখন খুলি দিয়াচোন ৷ :"শেৱালী আন্টিনে? তাই বাৰে বাৰে মাতি চালে কোনোবা প্ৰেত আত্মাও হ’ব পাৰে বুলি৷জীয়াই সদায় তাইক ৰাতি এনেকুৱা কিবা হ’লে বাহিৰলৈ ওলাই যাবলৈ মনা কৰে আৰু কোনোবাই মতা শুনিলেও দৰ্জাখন খুলাৰ আগত তিনিচাৰিবাৰ মাত লগাই চিনাকি মানুহ হয়নে কোনোবা চুৰ ডকাইত সেইটো চাই ল’বলৈ কয় যদি এবাৰ মাত লগাই পুনৰ মাত নিদিয়ে সেইয়া বুলে ভুত৷ৰাশিয়ে জীয়াক নিজে ভুত প্ৰেতৰ অন্ধবিশ্বাসত ডুব যাবলৈ মনা কৰে কিন্তু এনেকুৱা পৰিস্থিতিত সেইবোৰহে মনলৈ আহিছে,নামানিলেওটো নহয় ৷সেয়ে তিনিচাৰিবাৰ মান মাত দি যেনেতেনে গৈ দৰ্জাখন খুলি " owhh thank god aunty আপুনিয়েই হয় " :"ব’লা আজি মোৰ লগতে শুবা,কাৰেণ্টো নাই বতৰটোও ভাল নহয় ৷" ৰাশিয়েটো একেজাপে ব্লেংকেট,গাৰু আটাইবোৰ সামৰি লৈ আন্টিৰ ৰুম পালেগৈ৷বিচনাখনত বাগৰি মনে মনে ইকাটি সিকাটি কৰি থাকিল৷এপাকত শেৱালি আন্টিয়ে সুধিলে :"কি হ’ল টোপনি অহা নাই নি ?" :"নাই মানে ,বিচনা সলনি হ’ল যে অলপমান Uncomfortable feel কৰিছোঁ তাতে আজি প্ৰথমবাৰ আপোনাৰ ৰুমত আহিছোঁ তাকো শুৱলৈ বুলি৷কিন্তু আপুনি একো চিন্তা কৰিব নালাগে অলপ পাছতে adjust হৈ যাম আৰু মোৰ টোপনি আহি যাব৷ আপুনি শুৱক good night '' :"মিচা কিয় কৈছা ৰাশি ,তুমি হ’বলা মই গম নাপাওঁ বুলি ভাবিছা,মোক জীয়াই কৈছিল তুমি বিজুলী ধেৰেকনীলৈ ভয় কৰা বুলি সেয়ে তোমাক মোৰ ৰুমলৈ লৈ আহিলোগৈ৷" :"হা...জীয়াই কেনেকৈ গম পালে ইয়াত এইবোৰ হৈছে বুলি?" :"বাবা লগত কথা পাতিছিল বুলে সি ক’লে তাৰ পাছত মোলৈ ক’ল কৰিলে " :"how strange না আন্টি,তাই ইমান দুৰত থাকিও মোৰ কথা ইমান ভাবে,ভগৱানে মোক মা নিদিলে কিন্তু জীয়াৰ দৰে এজনী bestfriend দিলে ,এজনী sister দিলে আৰু তাইৰ careবোৰ জানো মাতকৈ ক’ম ,আজিলৈকে মা নোহোৱা কথাটো অনুভৱ হ’বলৈয়ে নিদিলে ৷তাই নিজে সদায় প্ৰব্লেমত থাকে কিন্তু মোৰ কথা কেতিয়াও নাপাহৰে৷" :"উম্ আমি জীৱনত এটাৰ বিনিময়ত আন এটা বস্তু পাওঁ আৰু জীয়া ছোৱালীজনী বৰ আকলুৱা,তাইৰ দৰে মানুহবোৰ নেহেৰুৱাবা কেতিয়াও,আজিৰ দুনীয়াতটো তেজৰ সম্পৰ্ক থকা মানুহেও লগ এৰি দিয়ে৷তাইৰ দৰে ছোৱালী এজনী যাৰ ঘৰলৈকে যায় সকলোতে সুখ বিলাব " :"সেইটো হয় কিন্তু তাইৰ দুখবোৰ বুজা মানুহো ওলাব লাগিব নহয় ,অও আন্টি আপোনাতকৈ ভালকৈ কোনে বুজিব তাইক৷" :"কি ক’লা ? "একো নাই "বুলি কৈ বেৰৰ ফালে মুৰ কৰি ৰাশিয়ে ভাবিবলৈ ধৰিলে,জীয়া যদি অনুজলৈ বিয়া হয় তেন্তে ইমান ভাল এজনী শাহুৱেক পাব,মাকৰ পৰা নোপোৱা মৰমবোৰ পাব,তাতে অনুজো বেয়া নহয়টো ,তাই সিহঁত দুটাক মিলোৱাৰ কথা পাং পাতিলে৷ (আগলৈ)

No comments:

Post a Comment