Sunday, May 31, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪৭)
_____________________
ৰাশিয়ে ৰুমলৈ আহি কাপোৰ কানি সলাই বিচনাতে বাগৰি পৰিল৷কেতিয়াবা চকুৱে দেখা আৰু কাণেৰে শুনাবোৰ ভুল হ’ব পাৰে কিন্তু আপোন বুলি ভবাবোৰে যেতিয়া বুকুত ঘাঁ দিয়ে কোনো দৰবেই সেয়া থিক কৰিব নোৱাৰে৷তাতে তাইৰ আটাইতকৈ বিশ্বাসী যাক নিজৰ বুলি ভাবে,চকুুমুদিয়ে বিশ্বাস কৰি লয় সেই জীয়া আৰু অনুজে তাইক মিছা কথা কৈছে বুলি তাইৰ মনটো সিহঁতৰ প্ৰতি খং আৰু অভিমানেৰে ভৰি পৰিল৷ইফালে অনুজ আৰু জীয়াই তাইৰ কাৰণে বাৰাণ্ডাতে বহি বাট চাই থাকিল৷সন্ধিয়া ছয়টা বাজি গ’ল,ইমানপৰ ৰাশি ঘৰলৈ নহা দেখি অনুজৰ চিন্তা বাঢ়ি গ’ল৷দিনকাল ভাল নহয় তাতে ঠাণ্ডাদিনত সোনকালে আন্ধাৰ হয়,ইমান দেৰি এজনী ছোৱালী বাহিৰত অকলে থকাটো ভাল নহয়৷তাই ক’ত আছে জানিবলৈ তাইলৈ call কৰিলে কিন্তু তাৰ callটো ৰিচিভ নকৰা দেখি জীয়াক call কৰিবলৈ ক’লে৷জীয়াই ফোনটো আনিবলৈ ভিতৰলৈ সোমাই গৈ ৰাশিক বিচনাতে শুই থকা দেখি সুধিলে
:"পেটু তই কেতিয়া ঘৰলৈ আহিলি,অনুজ দা আৰু মই তোৰ কাৰণে অথনিৰে পৰা wait কৰি আছিলোঁ "
:" তহঁতৰ মোলৈ সময় ওলাল যে সেইটোৱেই বহুত "
:"মানে ?"
:"একো নাই thnq কৈছোঁ মোৰ কাৰণে চিন্তা কৰা কাৰণে ,অহা অলপ time হ’ল ,actually বহুত tired feel কৰিছোঁ so তহঁতক distrub নকৰিলোঁ "
:"are you okey ?যোৱা দুদিনমান ধৰি তই বহুত weird behave কৰি আছ আৰু কিবা tensionত থকা দৰে লাগিছে,মোকো ভালদৰে মাতবোল কৰা নাই, সব থিকেই আছেনে ?"
:"yaa ,its alright ,bdw তই মোক কিবা কথা ক’বলৈ পাহৰিছ নেকি ?"
:"নাই একোটো পাহৰা নাই আৰু কিবা ক’বলৈ হ’লে তোকেই 1st কম,কিয় সুধিলি?"
:"নাই নাই ইনেই সুধিছোঁ,আজিকালি বৰ উৰি ফুৰ যে মই বোলো pyarr yaar হৈছে নেকি আকৌ "
"ইস্ সেইবোৰ কিবা হ’লেটো তোক কমেই আৰু এনেকুৱা একো কথা নাই ,ৰ’হ মই অনুজদাক তই ঘৰ পালিহি বুলি কৈ থৈ আহোঁ নহ’বা মিচাতে সি চিন্তা কৰি থাকিব" বুলি কৈ জীয়া ৰুমটোৰ পৰা ওলাই গ’ল৷ৰাশিৰ মনটো আকৌ অলপ বেয়া লাগি গ’ল জীয়াই এতিয়াও তাইক সচাঁ কথাটো নাই কোৱা বুলি৷মনৰ দুখতে গাৰুটো সাবটি কাণত হেদফোনদাল লগাই শুই থাকিল ৷
জীয়াই অনুজক ৰাশি ঘৰলৈ অহা কথাটো কোৱাৰ লগে লগেই সি আহি দৰ্জামুখৰ পৰাই ৰাশিক মাত লগালে৷কিন্তু ৰাশিয়ে একো মাত নিদিয়া দেখি তাই শুলে বুলি ভাবি দুৱাৰমুখৰ পৰাই উভতি গ’ল৷ৰাতি ভাতৰ টেবুলতো ৰাশিয়ে কাকো একো মাতবোল নকৰাকৈ মনে মনে ভাত খাই উঠি গ’ল৷দুদিনমান ৰাশিয়ে কাৰো লগত ভালকৈ কথাবতৰা নপতা হ’ল,একেখন ঘৰতে থাকিও অনুজক মাতিব লাগে বুলি নিগনি মেকুৰীৰ দৰে অনুজৰ পৰা লোকাই থকা হ’ল৷অনুজে সদায় চাদৰ ওপৰত ৰাশি অহালৈ বাট চাই থাকে কিন্তু ৰাশিয়ে ক্লাছৰ পৰা ঘৰলৈ আহি কাৰো লগত মুখামুখি নহ’বলৈ বুলিয়ে ৰুমতে সোমাই থাকে চাদলৈয়ো নোযোৱা হ’ল৷জীয়াৰ লগতো ভালদৰে কথা বতৰা নাপাতে,জৰুৰী কিবা থাকিলে মাত দিয়ে নহ’লে জীয়াই কথা পাতিব বিচাৰিলে গা বেয়া,mood নাই বুলি কৈ থৈ দিয়ে৷ৰাশিৰ অদ্ভুৎ আচৰণ দেখি শেৱালি আন্টিৰো তাইৰ প্ৰতি চিন্তা হ’ল আৰু ৰাশিৰ লগত কথা পাতিলে ৷কিন্তু বক্সিং ক্লাছৰ কিবা কিবি খেলিমেলি বুলি কৈ কথাষাৰ পাতলাই দিলে৷শেৱালি আন্টিয়েও তাইক যিটি কথাবোৰ ভাবি মন বেয়া নকৰিবলৈ বহুত কথা বুজালে৷কথাবোৰ বুজিয়ে তাই অনুজ আৰু জীয়াক আৰু এটা chance দিয়াৰ কথা ভাবিলে৷হয়টো অনুজ আৰু জীয়াক মিছা কথাৰ বাবে কাহানিও সিহঁতক ক্ষমা কৰিব নোৱাৰিব কিন্তু একেলগে থাকি সিহঁতৰ পৰা দুৰত থকাটোও সম্ভৱ নহয়৷ভুল মানুহৰেই হয় বুলি এবাৰলৈ সিহঁতক এৰি দিয়াৰ কথা ভাবিলে৷
জীয়া আৰু অনুজে plan bৰ planning মতে কামবোৰ আৰম্ভ কৰিলে৷এইবাৰ যিয়েই নহওঁক লাগিলে 14februaryত অনুজে ৰাশিক তাৰ মনৰ কথাবোৰ খুলি ক’বই লাগিব নহ’লে তাতকৈ আগত যদি আন কোনোবাই ৰাশিক propose কৰি দিয়ে তেতিয়াহ’লে তাৰ মনৰ আশা মনতে মৰহি ৰ’ব আৰু কেতিয়াও ৰাশিক মনৰ কথাবোৰ ক’বই নোৱাৰিব৷আজিকালি কলেজত বহুতৰ লগত ৰাশিৰ ঘনিষ্ঠ সম্পৰ্কও গঢ়ি উঠিছে, সহজ সৰল ভাৱৰ কাৰো প্ৰতি বেয়া ভাব নৰখাকৈ সকলোকে সহায় কৰা মনটোৰ বাবে ৰাশিক বহুতে ভাল পায়৷বহুত ল’ৰাই ৰাশিৰ লগত চিনাকি হ’বলৈয়ো বিচাৰি ফুৰে,তাৰ মাজৰে কাৰোবাৰ লগত ৰাশিৰ ভালপোৱা হোৱাতো দুৰৰে কথা ৰাশিক বেলেগৰ লগত দেখিলেই অনুজৰ তেজ উতলি আহে৷সেয়ে সোনকালে কথাবোৰ খুলি খালী ক’বই লাগিব৷যদি উত্তৰত ৰাশিয়ে no কয় তেনেহ’লে friendshipটো বেয়া নকৰিবলৈ তাইৰ আগত কাকুতি মিনতি কৰিব কিন্তু তাৰ feelingsবোৰৰ কথা নোকোৱাকৈ তাইক বেলেগৰ লগত সহ্য কৰাটো টান হৈ পৰিছে৷
14febৰ দিনা আছিল দেওবাৰ,অনুজৰ মাহীয়েকৰ ফালৰ মিটিৰ এঘৰত বিয়া শেৱালি আন্টিও তালৈকে গৈছে৷ৰাতিটো মাহীয়েকৰ ঘৰতে থাকিব৷দিনটো ৰাশিয়ে ইটো সিটো কাম কৰি ৰুমতে সোমাই থাকিল ৷মাজে মাজে অনুজে তাইক অশান্তি কৰি থাকিল আৰু special দিনটোত আৰু কি special কৰিব পাৰি জীয়াৰ লগত সেইটোও মনে মনে আলোচনা কৰিলে৷অনুজে ৰাতিৰ সাজ ৰাশিলৈ specialকে নিজেই বনাব আৰু জীয়াক ভাত বনোৱাত সহায় কৰি দিবলৈ ক’লে৷যিহেতু ৰাশিয়ে ভাত পানী বনাব নাজানে সেয়ে তাইৰ বাবে surprise হৈ থাকক বুলিয়ে এটায়ো তাইক একো নক’লে৷সন্ধিয়া যেতিয়া সিহঁতি ভাত বনাবৰ বাবে যা যোগাৰ কৰি আছিল তেতিয়া ৰাশিয়ে দুইটাকে পাকঘৰত একেলগে দেখিলে৷কিন্তু সিহঁতৰ ওচৰলৈ গ’লে কাবাব মে হাৰ্ডি বনা দৰে হ’ব বুলি মাত নিদিলে৷ডাইনিং ৰুমটোও ধুনীয়াকৈ সজাই থোৱা দেখি জীয়া আৰু অনুজৰ 1st dinner date বুলি ভাবি ৰুমলৈ গৈ নিজলৈ বাহিৰৰ পৰাই কিবা এটা অৰ্ডাৰ কৰি দিলে ৷সন্ধিয়া সাতমান বজাত কলিং বেলটো বাজিল ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment