Monday, May 11, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৯)
_____________________
লাহে লাহে পলৰ সৈতে ৰাশিৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিল ৷পলে তাৰ জীৱনৰ লগত জড়িত সৰু বৰ বহুতো কথাই তাইক ক’লে ৷সি তাৰ হেৰুৱা শৈশৱৰ কথাও ক’লে,আজি লৈকে তাৰ যে কোনো বন্ধু নাই আৰু সি কাকো মাতিবলৈয়ো সাহ কৰা নাই সেই বিষয়েও ক’লে৷পলৰ ওচৰত সৰু Doremonৰ key chain এডাল আছে৷সদায় সেইদাল সি লগত ৰাখে,তাৰ দেউতাকে সি সৰু হৈ থাকোঁতেই তাক দিছিল আৰু দেউতাক ঢুকুৱাৰ পাছত সেইডাল সি সদায়েই লগত ৰাখে ৷ পলৰ লগত থাকি ৰাশায়ে কিছুমান মানুহৰ জীৱন যে কিমান অন্ধকাৰ সেই কথা অনুভৱ কৰিব পাৰিছে৷
সপ্তাহত এদিন দুঘণ্টাৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু পাতি কিনিবলৈ দুকান বজাৰ কৰিবলৈ দিয়ে৷ওচৰতে থকা super market খনলৈ ৰাশিয়ে কি আছেনো চাবলৈ গ’ল৷তাই তাত পলক দেখিলে,coldrinksৰ বটলবোৰৰ দাম চাই চাই এটাও নলৈ 10টকীয়া পানীৰ বটল এটাকে কিনিলে৷তাইৰ দেখি বেয়া লাগি গ’ল যে তাৰ হাতত 15টকীয়া coldrinksৰ বটল এটা কিনিবলৈয়ো পইচা নাই ৷হয়তো বহুত দুখীয়া ঘৰৰ ল’ৰা হ’ব সেয়েই মাকেও ভয় কৰে,লগৰ কাৰোবাৰ লগত থাকিলে সি বিচৰাতো দিব নিৱাৰিব বুলি৷হয়টো এই কাৰণেই তাক অকলসৰে ৰাখে৷তাই আৰু বেছি ভাবি নাথাকি mazzaৰ বটল দুটা কিনিলে আৰু এটা পলৰ হাতত দিলেগৈ৷
:"এইটো লোৱা"
:"নাই নালাগে "
:"একো নাই মোৰ ফালৰ পৰা বুলিয়ে লৈ লোৱা৷"
"মোৰ ওচৰত পইচা আছে "বুলি কৈ সি জেপত খুচৰিবলৈ ধৰিলে৷ৰাশিৰ তাক দেখি বুকুত শোকে খুন্দা মাৰি ধৰিলে৷ৰাশিয়ে পইচা নালাগে মৰমত দিছোঁ আৰু মৰমৰ কোনো দাম নাথাকে বুলি ক’লে৷সেয়ে সিয়ো বটলটো খুলি এঢোক খাইয়ে তাইক ক’লে৷
:"ইয়াৰ test টো বহুত ভাল৷মই আজিলৈকে খোৱা নাছিলোঁ"
:"ভাল লাগিছে,bdw তোমাৰ বেছি কোনটো ভাল লাগে৷"
:"মই আজি এইটো প্ৰথম খাইছোঁ coldrinksৰ নামত৷"
পলৰ এইষাৰ কথা শুনি ৰাশিৰ বুকুখন আকৌ খুন্দামাৰি ধৰি চকুকেইটা জলজলীয়া হৈ পৰিল৷ইমান দুখীয়া ঘৰৰ ল’ৰা যে আজিলৈকে সি coldrinksএটা কিনিও খাই পোৱা নাই৷ কথাবোৰ ভাবি ভাবি তাই ৰুম পালেহি৷তাইৰ কিবা সপোন দেখাৰ দৰে লাগিছে ৷মানুহৰ জীৱনো ইমান নিষ্ঠুৰ হ’ব পাৰেনে৷তাইয়ো বৰ বেছি ধনী ঘৰৰ নহয় তথাপিও দেউতাকে আজিলৈকে কোনো বস্তুৰ অভাৱ অনুভৱেই কৰিবলৈ দিয়া নাই৷এজনী ছোৱালী বুলিয়ে সদায় যিটোকে বিচাৰে সেইটোকেই আনি দিয়ে৷দিয়াত দুদিনমান দেৰি হ’ব পাৰে কিন্তু তাই খুজিলে নিদিয়াকৈ নাথাকে৷
সময়ৰ লগে লগে পলৰ সৈতে ভাল সম্পৰ্ক এটা গঢ়ি উঠিল৷লাহে লাহে সিও তাইৰ লগত ফ্ৰি হৈ কথা পাতিবলৈ ল’লে৷এমাহলৈ এতিয়া আৰু এসপ্তাহে বাকী ৷হঠাৎ এদিন সদায়ৰ দৰে আবেলি তাই পলৰ লগত বৰগছ জোপাৰ তলত বহি কথা পাতি থাকোতে পলৰ মাক আহি ওলালহি ,সি মাকক দেখি যিমান সুখী হ’ব লাগিছিল তাৰ মুখত সেই সুখৰ কোনো চিনচাবেই নাই৷মাকৰ কাপোৰ কানিলৈ লক্ষ্য কৰি ভাল ঘৰৰ যেনেই অনুভৱ হৈছে৷কথাবতৰাৰ পৰাও মৰ্ডান দৰেই লাগিছে৷ যদি ধনী ঘৰৰ হয় তেনেহ’লে পলে কিয় থাকিও নথকাৰ দৰে এনেকৈ থাকে৷তাই মাত দিয়াৰ আগতেই মাকে পলক সেইখিনিৰ পৰা লৈ গ’ল আৰু তাইক মাত এষাৰো নিদিলে৷পলৰ মাকজনীক ধৰণ কৰন দেখি ৰাশিৰ কিবা এটা ভাল নালাগিল৷ তাৰ পাছদিনা ৰাশিয়ে প্ৰেকটিচৰ পৰা ওলাই আহোঁতে পলৰ মাকক লগ পালে৷আজি তেওঁ নিজেই প্ৰথমে মাত লগালে
:"মই যদি ভুল নহওঁ তুমিয়েই ৰাশি নহয়নে?"
:"হয় ময়েই ৰাশি,কালি আপোনাক লগ পাইছিলো পলৰ সৈতে "
:"তোমাৰ সৈতে কথা অলপ পাতিব লগা আছে,মোৰ লগত অলপ আহাঁচোন৷"
পলৰ মাকৰ আচৰণ দেখি ৰাশিৰ অলপ সন্দেহ উপজিল,আগদিনা দেখিও মাত নলগোৱা মানুহজনীয়ে তাইৰ লগত কথা পাতিব বিচাৰিছে কিন্তু কিয় ,তাইৰ লগত কি কথা থাকিব পাৰে৷এইবোৰ ভাবি ভাবিয়েই তাই গৈ training center ৰ campusতে থকা এখন ৰেষ্টুৰেণ্টত বহিলগৈ৷মাকে দুকাপ কফিৰ অৰ্ডাৰ দিলে আৰু তাইক ক’লে
:"তুমি কোন হয়, কি হয় মোৰ সেইবোৰ জনাত অলপো Interest নাই "
:"কি ক’ব বিচাৰিছে মই থিক বুজিব পৰা নাই"
:"মোক ইয়াৰ পৰা খবৰ দিছিল,আজিকালি পলে আগৰ দৰে খেলত interest দিয়া নাই৷আৰু সেই কাৰণ বিচাৰিয়ে মই ইয়ালৈ আহিলে৷ল’ৰাটোৰ মনটো ক’তনো ব্যস্ত হৈ আছে তাকে জানিবলৈ৷কালি তোমালোকক একেলগে দেখিলোঁ মোৰ আৰু বুজিবলৈ একো বাকী নাথাকিল৷যিহেতু মোৰ ল’ৰাটোৰ ভৱিষ্যত জীৱনৰ কথা আছে ইয়াত সেয়েহে তোমাৰ lifeত interrupte কৰিছোঁ "
:"নাই আন্টি,may be আপোনাৰ কিবা missunderstanding হৈছে"
:"মোৰ কোনো ভুল হোৱা নাই,মই ভালকৈ জানো এটা ল’ৰা আৰু এজনী ছোৱালীৰ মাজত কেনেকুৱা সম্পৰ্ক থাকিব পাৰে৷"
:"no,auntie you are wrong"
:"তুমি মোক শিকাবা নেকি ভুল শুদ্ধ কি ?কিন্তু মনত ৰাখিবা তুমি তাৰ লগত কোনোপধ্যেই Match নোহোৱা "
:"নাই,আন্টি আপোনাৰ কিবা খেলিমেলি হৈছে,আমি just friend হয়,ইয়াত কোনো match ৰ কথাই নাহে"
:"চোৱা,মোৰ ল’ৰাটো বহুত সৰু আৰু সহজ সৰল,সেয়ে মই ভাবো এইটো সময়ত সি মাত্ৰ national বাবে selectionতহে বেছি মনোযোগ দিব লাগে৷তুমি তাক এনেকৈ অশান্তি কৰাটো মই কেতিয়াও নিবিচাৰোঁ৷হয়তো তোমাক ইমানখিনি শিষ্টাচাৰ মা দেউতাই দিছে৷"
:"চাওঁক আন্টি,বহুত শুনিলো আপোনাৰ ফৰফৰনি,মই যেতিয়া কৈছোঁৱেই আমাৰ মাজত একো নাই আপুনি ভবাৰ দৰে তাত আকৌ মোৰ মা দেউতাৰ কথা টানিবলৈ কি হ’ল৷তেওঁলোক বহুত kind,understandable,আৰু open hearted হয়,atleast আপোনাৰ দৰেটো নহয়৷পাৰিলে কাপোৰকানিৰ সৈতে মনটোকো মৰ্ডান কৰক৷"
:"তোমাৰ মুখখন কেচিৰ দৰে বৰ চোকা"
:"মই সচাঁ কথাত মনে মনে শুনি থকা বিধৰ নহয়,আৰু আপোনাৰ যদি কিবা misunderstanding হৈ আছে মই ভাবো 1st আপোনাৰ ল’ৰাৰ সৈতে clear হৈ লওঁক তাৰ পাছতহে মোক কিবা প্ৰশ্ন কৰিব৷coffee কাপৰ বাবে thank you,মই আহোঁ "
মুখত এটা হাহিঁ লৈ গাত লগাকৈ কথা কেইষাৰ কৈ তাই তাৰ পৰা গুচি আহিলে৷ৰুমলৈ আহি ভাবিলে কথাবোৰ,তাই ভবাৰ দৰে পল দুখীয়া নহয় কিন্তু সি কিয় তেনেকৈ থাকে৷তাই তাৰ লগত কথাপাতি জানিব লাগিব কি হৈছে তাৰ লগত৷পাছদিনা তাই পলকো লগ পাবলৈ গ’ল ৷কিন্তু সি তাইক দেখি আগৰ দৰে মুখ ঘুৰাই তাৰ পৰা পলাবলৈ বিচাৰিলে৷তাই তাৰ পাছে পাছে গ’ল কি হ’ল জানিবলৈ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment