Wednesday, May 13, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪১) _____________________ এমাহৰ অন্তত সকলোৰে কষ্ট আৰু performanceৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট ওলালে৷ৰাশি State level boxing compititionৰ বাবে select নহ’ল কিন্তু তাই যেতিয়া জানিব পাৰিলে যে পলে nationalৰ বাবে select হ’ল তাই নিজৰ নোপোৱাৰ দুখবোৰ পাহৰিয়েই পেলালে৷তাই পলক congratulations দিবলৈ বুলিয়ে সি থকা আৱাসৰ বাহিৰত ৰ’লেহি৷যিহেতু ছোৱালী আৰু ল’ৰাৰ বাবে বেলেগ বেলেগ আৱাহৰ ব্যৱস্থা কৰা হৈছিল৷তাইক তাত ৰৈ থকা দেখি গেটত থকা security gardজনে কাক লগ পাব বিচাৰিছে সুধিলে৷তাই ক’লে :"পল্লব বৰুৱা,Recently nationalৰ কাৰণে selecte হৈছে যে তাক বেয়া নাপায় যদি মাতি দিব নেকি?" :"পল্লব সেই শান্ত শিষ্ট ল’ৰাটো যে?" :"হয় " :"সিটো অলপ আগতেই ইয়াৰ পৰা গ’ল" :"ক’ত গ’ল?" :"তাৰ মাক আহিছিল ঘৰলৈ লৈ গ’ল তাক৷" :"কেতিয়া গ’ল?মোক নজনোৱাকৈ হঠাৎ সি এনেকৈ গুচি গ’ল যে " :"বেছিদেৰি হোৱা নাই,তুমি অহাৰ 5মিনিট আগত ওলাই গৈছে৷বাছষ্টেণ্ড গ’লে পাবাই চাগে " ৰাশিয়ে দৌৰি গৈ বাছষ্টেণ্ডৰ বাবে অ’টোত উঠিলগৈ৷বাছষ্টেণ্ড পাই কোনখন বাছত উঠিব পাৰে ভাবি গুণি ডিব্ৰুগড় যোৱা প্ৰতিখন বাছতে বিচাৰিলেগৈ৷হঠাৎ তাই এখন বাছৰ খিৰিকীৰ কাষত পলৰ মুখখন দেখিলে৷লুচিখনৰ দৰে ফুলাই তাই দিয়া পুতলাটো লৈ বহি আছে৷তাই সেইফালে দৌৰি গ’ল৷বাছষ্টাৰ্ট দি যাওঁ যাওঁ হওঁতেই তাই পলক দুৰৰ পৰাই চিঞৰি চিঞৰি মাতিলে কিন্তু তাইৰ মাতটো শুনাৰ আগতেই বাছখন চলিবলৈ ল’লে৷তাইয়ো বাছখনৰ পাছে পাছে দৌৰ দিলে৷এপাকত পলে তাইৰ মাতটো শুনি খিৰিকীৰ পৰা মুৰটো উলিয়াই তাইক দেখি বাছৰ পৰা নামিব খুজিলে কিন্তু মাকে তাক বাধা দিলে৷সি ইচ্ছা কৰিও একো কৰিব পৰা নাই,মাত্ৰ কান্দি কান্দি চাই ৰ’ল ৰাশিয়ে কিদৰে তাৰ বাবে বাছখনৰ পাছে পাছে দৌৰি আহিছে৷সি পতাপট কাগজ এটুকুৰাত মাকৰ মোবাইল নম্বৰটো লিখি বাহিৰলৈ দলিয়াই দিলে৷ৰাশিয়ে উৰি অহা কাগজৰ টুকুৰাটো চাই অলপ হ’লেও শান্তিৰে উভতিলে ৰুমলৈ বুলি৷ যিহেতু আজি 31st december বছৰৰ শেষৰটো দিন আৰু আজি সিহঁতি ঘৰলৈ যাব,এমহীয়া ট্ৰেইনিংৰ অন্ত পৰিল৷Select হোৱা সকলৰ বাবে আৰু নোহোৱাসকলে পুনৰ আহিবলৈ উৎসাহ জনাই organizer ৰ পৰা এটা সৰু পাৰ্টি দিলে৷ৰাশিৰ পলৰ কথা মনত পৰি মনটো ভাল লাগি থকা নাই তাতে এমাহত বহুতৰে লগত ভাল সম্পৰ্ক কিছুমান গঢ়ি উঠিছিল৷যদিও তাই ট্ৰেইনিংলৈ আহি select হ’ব নোৱাৰিলে তথাপিও তাই এগ্গালমান অভিজ্ঞতা,ভাললগা অনুভৱ লগত লৈ যাবলৈ ওলাইছে৷ ৰাতিৰ 9বজাৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ অহা বাছত বহিলে৷সম্পূৰ্ণ এমাহৰ মুৰত মোবাইলটো ঘুৰাই পাইছে,switch onকৰি চালে৷অনুজ আৰু জীয়াই whatsapp group এটা খুলি প্ৰতিদিনে কি কৰিছে কি খাইছে তাৰ ফটো দি থৈছে৷জীয়াই দিনটোৰ প্ৰতিটো কথা তাইৰ লগত থকাৰ দৰেই inboxত দি থৈছে৷ৰাশিৰ চকুপানী বৈ আহিল সচাঁই জীয়াজনীও পলৰ দৰেই আজলী৷এমাহ দিন তাই লগত নাই কাৰণেই প্ৰতিটো কথাই তাইক লগালগ কৈ গৈছে৷তাতে দুই এটা জোনাকৰ কথা,বেচেৰীয়ে নাজানে ৰাশিয়ে কিয় জোনাকৰ পৰা আতৰি আহিলে৷জীয়াইটো ৰাশিৰ মবাইল বন্ধ কাৰণেই তাইৰ লগত জোনাকে কথা পাতিছে বুলি ভাবি আছে৷জীয়াৰ মেছেজবোৰ পঢ়ি থাকোঁতেই ৰাশিক অনলাইন পাই অনুজে মেছেজ দিলে :"oii fatty,তাত গৈ মোকটো পাহৰিয়েই পেলালি bdw আজি online কেনেকৈ?" :"i am coming back,selecte নহ’লো yaarr,mood off" :"নহ’লি যদি নাই জল্দি ঘৰ আহ্ আৰু Mood off কৰিবলৈ কি হ’ল তইটো বুঢ়ী হৈ যোৱা নাই,আৰু বহুত chance আছে৷ৰ’হ vdo call কৰিছোঁ ইয়াত পাৰ্টি চলি আছে " :"নকৰিবি যা,মোৰ মন নাই এতিয়া" :"কিবা জ্বলা জ্বলা গুদ্ধাইছে ,bdw call কিয় disconnecte কৰিছ,ৰিচিভ কৰি এবাৰ চা" :"নকৰোঁ যা,মোক শুই লওঁ অলপ৷ ৰাতিপুৱা 5বজাত pick up কৰিবি বৰুৱা চাৰিআলি পৰা bye " ৰাতিপুৱা 4.30বজাতে ৰাশিহঁত যোৰহাট আহি পালেহি৷বৰুৱা চাৰিআলিত বুন্দাপৰ দি ৰোৱাতকৈ পোনেই ষ্টেডিয়ামলৈয়ে গুচি গ’ল৷ যোৰহাট পোৱাৰ আগতেই অনুজলৈ ফোন কৰিছিল কিন্তু আধাঘণ্টা হৈ গ’ল তাৰ কোনো খবৰেই নাই৷ফোন কৰিছে ফোনো ৰিচিভ কৰা নাই,শেৱালি আন্টিক সুধোতে সি ঘৰৰ পৰা আহিল বুলি ক’লে৷অনুজলৈ বাট চাই চাই তাইৰ আমনি লাগিল৷দুই এখন অ’টো চলা দেখি তাই পিঠিত এটা বেগ ,এখন হাতত এটা বেগ আৰু আনখন হাতত পানীৰ বটলটো লৈ ঢলংপলংকৈ গীতাৰ্থী পইন্টৰ ফালে আহি থাকিল৷তাইৰ থিক পাছফালেই কোনোবাই জোৰত আহি বাইকৰ ব্ৰেক মাৰিলে৷অনুজ বুলিয়ে খংত ঘুৰি চাই দেখিলে(অাগলৈ)

No comments:

Post a Comment