Wednesday, May 6, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৩৪) _____________________ college weekৰ শেষ হোৱাৰ পাছতো কলেজখনত ব্যস্ততাবোৰ শেষ নহ’ল৷ক্লাছবোৰ আৰম্ভ হৈছিলহে ইলেকচন আহিলেই৷ তাৰ মাজতে সময় উলিয়াই প্ৰাইজ distributionকৰা হ’ল ৷ৰাশি আৰু জীয়াৰ প্ৰথমবাৰ কলেজলৈ আহি ইমান ভাল performanceৰ কাৰণে অনুজে সিহঁত দুজনীক পাৰ্টি দিবলৈ জোৰ কৰিলে৷ দিনবাৰ থিক কৰি তিনিওটা এদিন কলেজ শেষ হোৱাৰ পাছত "beizing benquet"নামৰ chines ৰেষ্টুৰেণ্টখনলৈ আহিল পাৰ্টি কৰিবলৈ৷কিন্তু surprisingly জোনাককো তাতে লগ পালে৷সি অকলে বহি আছিল সেয়ে সিহঁতক দেখি সিহঁতৰ লগতে বহি ল’লেহি ৷অনুজে কথাটো বৰ ভাল নাপালে তথাপিও সিহঁত দুজনীৰ পাৰ্টিটো spoil নহওক বুলিয়ে তাৰ সময়বোৰো জোনাকৰ লগত ভাগ বতৰা কৰিলে৷জোনাকে ৰাশি আৰু জীয়াক impress কৰাৰ এটাও সুবিধা এৰি নিদিলে৷সি যিমান পাৰে সিহঁত দুজনীৰ লগত ফ্ৰি হৈ কথা পাতিবলৈ বিচাৰিলে৷সিহঁতৰ ভাল লগা,বেয়ালগা বোৰৰ হিচাপ কৰাৰ দৰে কিবা গোপন তথ্য খুচৰাৰ দৰে কথা পাতিলে৷অনুজে মাত্ৰ মনে মনে বহি কথাবোৰ শুনিহে আছিল৷খাই বৈ হোৱাত ৰাশিয়ে cash counterটোৰ ফালে গ’ল আৰু পইচা উলিয়াবলৈ নাপালেই জোনাকে আটাইকেইটাৰে bill pay কৰি দিলে৷তাৰ পাছত জোনাকক সিহঁতৰ খৰচটো দিছিল যদিও সি ল’বলৈ অমান্তি হ’ল ৷কিন্তু বেছিকৈ জোৰ কৰাত সি ক’লে যে " বেলেগ এদিন তোমালোকে মোৰ bill pay কৰি দিবা "৷ হাহিঁ ধেমালিৰে আবেলিটো পাৰ হ’ল৷কিন্তু অনুজৰ মনত জোনাকৰ প্ৰতি সন্দেহ বাঢ়ি আহিল৷সদায় কেবাৰী হৈ থকা ল’ৰাটোৱে আজি ৰেষ্টুৰেণ্টত খোৱাৰ নামত পকেটৰ পইচা খৰচ কৰিলে৷যাৰ হাতৰ পৰা এটকা এটা সৰকাবলৈ টান,এইয়া কেনেকৈ সম্ভৱ ৷সি কথাবোৰ গুৰুত্ব সহকাৰে ভাবিবলৈ ধৰিলে৷ইফালে ৰাশিৰ সুখৰ ঠিকনা নাই৷হেৰুৱা অনুভৱবোৰ ঘুৰাই পাই তাই খুউব সুখী,এদিন সময়ে কিছু সলনি কৰিছিলে কিন্তু আকৌ সময়েই সকলো থিক কৰি দিছে বুলি বুকুত নতুন সপোন বান্ধি সাজু হৈছে৷জোনাকৰ প্ৰতি আকাংক্ষাবোৰ বাঢ়ি গৈছে,তাই নভবাকৈয়ে জোনাকে তাইৰ প্ৰতি গুৰুত্ব আগবঢ়াইছে,জোনাকৰ মনতো তাইৰ প্ৰতি দুৰ্বলতা আছে নেকি সেই কথাটোৱে তাইক খুলি খুলি খাইছে৷অনুজ আৰু জীয়াক জোনাকৰ কথা কৈ কৈ ভাগৰ নলগা হৈছে৷দিনটোত ভগৱানৰ নামতকৈয়ো বেছি মুখলৈ জোনাকৰ নামটোহে অহা হৈছে৷ জাৰৰ দিনবোৰ কাষ চাপি আহিল লগতে পৰীক্ষাবোৰো আৰম্ভ হ’বৰ হ’ল ৷ৰাশিৰ মনত দিনে নিশাই জোনাকক দুদিনৰ পাছত যে লগ নাপাব,দেখিবলৈ নাপাব সেই কথাষাৰে আমনি কৰিবলৈ ল’লে৷পঢ়া শুনাতো মন নবহা হ’ল৷পঢ়িবলৈ বহিলেও লেপটপটো সন্মুখত লৈ ফেচবুকত মেচেজ আহিছে নেকি বাৰে বাৰে চাই৷পৰীক্ষাৰ বাবে কলেজ বন্ধ দিয়া দিনাৰ পৰা ৰাতিপুৱা গধুলী দৰৱ দিয়া দৰে 'good morning' 'good evening'বুলি সদায় জোনাকলৈ মেচেজ দিয়ে৷কিন্তু ৰিপ্লাইত সদায় তাই বিচৰাধৰণে একোকে নাপায়৷ পৰীক্ষাবোৰ আৰম্ভ হ’ল,সময়বোৰ বেলেগ বেলেগ হোৱাৰ বাবে ইচ্ছা কৰিও ৰাশিয়ে জোনাকক লগ পোৱা নাই৷হঠাৎ এদিন জোনাকৰ মেচেজ আহিল :"last exam কেতিয়া আছে৷" লগালগ পঢ়াৰ পৰা কিতাপ বহী সামৰি মেছেজ টাইপ কৰাত লাগিল :"25th novemberত" :"can we meet" প্ৰিয় মানুহজনে এইষাৰ কথা সুধা দেখি জোনাকক নেদেখাকৈয়ে তাইৰ বুকুৰ ধপধপনিবোৰ বাঢ়ি গ’ল৷লাজত গাল দুখন গৰম হৈ পকি থকা বিলাহীটোৰ দৰেই হ’ল৷তথাপিও বিশ্বাস কৰিব নোৱাৰি ওচৰতে পঢ়ি থকা জীয়াক চিকুট এটা দিবলৈ কয় আৰু জীয়াই চিকুটি দিয়াত পুনৰ লেপটপটোত মেছেজটো চাই সচাঁ সচাঁ বুলি চিঞৰি দিয়ে৷জীয়াই সুধে :"চিঞৰিবলৈ কিহে পালে এই ৰাতিখন,আৰু কি সচাঁ হ’ল৷ ৰাশিয়ে জীয়াক জোনাকৰ মেচেজটো দেখুৱাই তাইৰ বুকুৰ কাষলৈ জীয়াৰ হাতখন নি হাৰ্টবিটবোৰ কিমান ফাষ্ট হৈছে অনুভৱ কৰালে৷জীয়াই ক’লে :"তোৰ পৰা যে একো নহ’ব,সি তোক Insult কৰা পাছতো still same feelings ৰাখিছ তাৰ কাৰণে" :"চা’ জীয়া ভগৱানৰো mistake হৈছিল but he is only a common man ,এটা chance toh banta hain!right?" :"যি ক’ৰ কৰি থাক কিন্তু এতিয়া পঢ় কাইলৈ exam আছে " "তোৰ পৰা একো নহ’ব,মই ৰিপ্লাই কৰি লওঁ "বুলি জীয়াক কৈ তাই পুনৰ টাইপিং কৰে :"sure ,but কেতিয়া?" :"অ’হ মই ৰিপ্লাই নাহিব বুলিয়ে ভাবিছিলোঁ৷anyways last exam দিনাখনেই ভাল হ’ব ন’হ৷" :"okey,কলেজতে লগ কৰিব নে?" :"তোমালোকৰ exam 3pm ত শেষ হ’ব তাৰ পৰা direct ' cafe momo' গুচি আহিবা আৰু লগতে জীয়াকো লৈ আহিবা " :"okey we will be there,bye good night sweet dream" পৰীক্ষাৰো syllabus মুখস্থ কৰাতকৈয়ো বেছি সময়বোৰ কিমান লাহে লাহে গৈছে সেইবোৰহে ভাবি আছে৷জোনাকক বহুত দিনৰ মুৰত লগ পাব সেয়ে তাই বহুত exited হৈ আছে৷(আগলৈ)

No comments:

Post a Comment