Friday, May 15, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪২) _____________________ অনুজ বুলিয়ে ৰাশিয়ে খংত পাছলৈ ঘুৰি চাই দেখিলে জোনাক দেখোন৷তাই ফিচিঙা ফিচিঙি কৰি বেকামুৰীয়া মিচিকিয়া হাহিঁ এটা মাৰি জধলা হৈ থকা চুলি কেইডাল আঙুলিৰে অলপ চিজিল কৰি ল’লে৷জোনাকে তাইক সুধিলে :"ইমান ৰাতিপুৱাই বস্তু বাঢ়নী লৈ ক’ত যোৱা ?" তাই কিবা এটা উত্তৰ দিয়াৰ আগতেই হঠাৎ ক’ৰবাৰ পৰা অনুজ ওলালহি আৰু জোনাকে তাক ক’লে :"অনুজ ভাই তই ইয়াত যে ? :"এইজনীক ঘৰ নিবলৈ আহিছোঁ কিন্তু তই ইয়াত যে " :"ৱাহ ৱাহ কি চলি আছে তহঁতৰ,live in together নেকি ?" :"ধুই তেনেকুৱা একো নহয় ৷fatty তোৰ চাগে ভাগৰ লাগিছে গাড়ীতে বহ গৈ যা,মই আহি আছোঁ৷ :"তেতিয়াহ’লে কি হয় ?" :"collegeত admission হোৱা পাছত হোষ্টেলত seat নাপালে আৰু p.gত থকাতকৈ মায়ে আমাৰ ঘৰতে থাকিবলৈ ক’লে৷মাৰ bestfriend ৰ জীয়েক যোৱা ছমাহ ধৰি এই আমাৰ ঘৰতে আছে ৷কিন্তু তই ইয়াত কিয় নক’লি যে" :"college lifeৰ last sem গতিকে ডিপাৰ্টমেণ্টৰ ল’ৰাবোৰে মিলি পিকনিক যাম আজি৷ bdw ৰাশিৰ লগত জীয়াও থাকে নে তহঁতৰ ঘৰতে?" :"হুম তাইয়ো থাকে,এতিয়া আমি যাওঁ " ৰাশিয়ে গাড়ীৰ আগচিটটোত মুখখন ফুলাই বহি আছে৷অনুজে ড্ৰাইভাৰ চিটটোত বহি ভয়ে ভয়ে মাতো নামাতোঁ কৈ ৰাশিক মাত লগাল৷ :"কি হ’ল খং উঠিছে নেকি?মই মানে ঘৰৰ পৰা সোনকালেই উলাইছিলোঁ কিন্তু :"কিন্তু কি মানে হা৷এতিয়া আৰু কি বাহানা বাকী থাকিল৷ট্ৰেফিক জামত ফচিলি নেকি নে ৰাতিপুৱাই কাৰোবাক লগ কৰিবলৈ গৈছিলি?" :"নহয় অও তই কথাবোৰ বুজা নাই " :"চুপচাপ গাড়ী চলা,তোৰ কাৰণেই বছৰৰ 1st day ৰাতিপুৱাই জোনাকৰ চেহেৰা চাব লগা হ’ল,যদি থিক timeত আহিলি হয় " :" shut up yaarr, মোৰ গাড়ীত তেল নাছিল আৰু আধাৰাস্তাতে ৰৈ গ’লহি ৷আকৌ ডিপুলৈ খোজকাঢ়ি গৈ তেল আনি ভৰাইছোহি এইবোৰতে দেৰি হৈ গ’ল৷তোৰ কাৰণেই ইমানবোৰ কৰিছোঁ আৰু তই মোকেই কথা শুনাইছ ,গোটেই বছৰটো এনেকেই ৰাতিপুৱা উঠি তোৰ পেকপেক শুনিবলৈ পাম যেন পাইছোঁ" :"হ’ব হ’ব emotional drama কৰিব নালাগে কিন্তু ৰাতিপুৱাই দৰা অহাদি সাজি কাচি আহিছ যে ?" :"তই আহিবি বুলি " :"কি ক’লি ?" :" নাই মানে একো নহয় ইনেই মন গ’ল৷ ঘৰ আহি বহুতদিনৰ মুৰত শান্তিৰে শুই ল’লে অলপ পৰ৷সাৰ পাইয়ে শেৱালি আন্টিয়ে কি কৰিছে চাবলৈ পাকঘৰলৈ গ’ল৷দুপৰীয়া সাজত কি কি খাব আব্দাৰৰ ওপৰত আব্দাৰ৷শেৱালি আন্টিক ট্ৰেইনিংত কেনেকুৱা লাগিলে ,কাক কাক লগ পালে,কি কৰিলে সকলোবোৰ এফালৰ পৰা গাই গ’ল৷লগতে পলৰ কথা শুনি আন্টিৰো মনটো বেয়া লাগি গ’ল৷অনুজে কথাবোৰ ডাইনিং ৰুমৰ পৰা মনে মনে শুনি আছিল৷ কিন্তু কি পাতিছে সঠিককৈ বুজি নাপালে সেয়ে সন্ধিয়া ৰাশিয়ে চাদৰ ওপৰত বহি থাকোঁতে সি তাইকে সুধিলগৈ :"তইযে মাক ল’ৰা এটাৰ কথা কৈছিলি অথনি ল’ৰাটো কোন ? :"অও তই পলৰ কথা কৈছ ,বহুত ভাল আৰু মৰমলগা ল’ৰা আছিল পাই " :"হ’ব হ’ব সি দেখিবলৈ কেনেকুৱা সেইটো সুধা নাই " :"তেতিয়াহ’লে কি সুধিছ"? :"মই তোক তাৰ কেচটো সুধিছোঁ কি? ৰাশিয়ে তাক কথাখিনি ক’লে৷সি কিবা এটা ভালকৈ কোৱাতকৈ খেলৰ নামত ল’ৰা চাই ফুৰিলে এনেকুৱা হ’ব বুলিহে ক’লে৷ৰাশিৰ সেইটোতে খং উঠিল অনুজলৈ,জীয়ালৈ ফোন লগাই আগগুৰি নোহোৱাকৈ তাইকে বলকিবলৈ ধৰিলে৷প্ৰথমে তাই আচৰিত হৈছিল কিন্তু লাহে লাহে বুজিলে ৰাশিৰ যে কিবা কথাত খং উঠিছে৷মগজ ঠাণ্ডা হ’লে শান্তিৰে কথা পাতিম বুলি কৈ ফোনটো কাটি দিলে৷অনুজে আকৌ আহি তাইক সুধিলেহি, :"ল’ৰাটো কেনেবাকে তই like কৰিছ নিকি?" :"অনুজ are you insane or what ?পল মোতকৈ 2years সৰু,just like brother type behave কৰোঁ তাৰ লগত আৰু সিও মোক বা বুলি মাতে৷" :"আচ্চা,thank god সৰু ওলাল " :" তোৰ আকৌ কি হ’ল ?" :"মোৰ তোক কিবা এটা ক’বলৈ আছে " :"কি?তোৰ বেকাৰ কথাবোৰ শুনাৰ mood নাই আকৌ "(দম দিয়াদি সুধিলে) :"শুনিটো ল’ actually মই ভাবি আছিলোঁ যে ...'' :"কি ভাবিছিলি,মোক Murder কৰা কথা ভবা নাইটো,ghost moviesৰ ডাইলগ কোৱাদি script মাতিছ যে?" :"নহয় অও ,তইটো জানই আমি childhood friend,এতিয়া friendshipটো আগতকৈ অলপ ভাল হ’ল so can we.... ?(আগলৈ)

No comments:

Post a Comment