Thursday, August 20, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 50) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) সমীৰ আৰু বৰ্ষাৰ জীৱনৰ এটা কলা অধ্যায়ৰ যৱনিকা পৰিল৷সিহঁতি সুখী অনাগত জীৱনটোত আগবাঢ়িবলৈ৷দুপৰীয়াৰ ভাতসাজ খাই আবেলিপৰত ছায়া আৰু নিবিড় ঘুৰি যোৱাৰ কথা আছিল ৷কিন্তু বাহিৰত দুপালপিটা বৰষুণ,যাবলৈ ৰৈ থাকোঁতেই সন্ধিয়া লাগিল৷বৰষুণ ক’ম হোৱাৰ নামেই লোৱা নাই৷বৰ্ষা আৰু সমীৰে সিহঁতকো আজি ইয়াতেই থাকি দিবলৈ যোৰ কৰিলে৷লগতে সমীৰে কোনো কথাৰ অৱতাৰণা নকৰাকৈ মায়াক কাইলৈ এসেকা দিম বুলিয়েই ঘৰলৈ মাতি পঠিয়াইছে,পুনৰ ৰাতিপুৱা অহাতকে সিহঁতিও থাকি দিয়াটোৱেই শ্ৰেয় বুলি ধৰি ল’লে৷ৰাতিসাজ আটাইয়ে খোৱা বোৱা কৰি নিজৰ নিজৰ ৰুমত সোমালগৈ৷ সমীৰে যদিও বৰ্ষাক কাষত পাই সুখী তথাপিও মায়াৰ প্ৰতি ক্ষোধাগ্নিৰ জুইত দগ্ধ হৈ পৰিছে৷মায়াই তাৰ সমস্তখিনি এক মুহূৰ্ততে নুই কৰি দিলে৷খঙত সমীৰৰ চকুমুখ জবাফুলৰ দৰে হ’ল৷তীব্ৰ আক্ৰোশেৰে কৈ উঠিল "মায়াক মই সুদাই নেৰোঁ" কথাষাৰ বৰ্ষাই শুনি সমীৰৰ মুখতে হাত পাতি ধৰিলেহি৷সমীৰে বৰ্ষালৈ আচৰিত ভাৱে চাই সুধিলে "বৰ্ষা তুমি এতিয়াও?" "মায়াই আপোনাৰ লগত যি কৰিলে আপুনিও যদি তাইৰ লগত সেই একেই ব্যৱহাৰেই কৰে তেনেহ’লে আপোনাৰ আৰু তাইৰ মাজত জানো কিবা পাৰ্থক্য থাকিব৷" "কিন্তু বৰ্ষা তাইৰ বাবেই জানো আমি ইমানদিনে কাষত থাকিও দুৰ হৈ থকা নাই৷ইমানদিনে মৌন হৈ ৰোৱা নাই? সমীৰৰ চকুত চকু থৈ বৰ্ষাই কৈ গ’ল "আপুনি বাৰু কিয় ভাবিলে মৌনতাবোৰে দুৰত্ব বঢ়াই বুলি৷এই মৌনতাবোৰৰে সুযোগ লৈ আমি আমাৰ সৈতে চিনাকি হৈছিলোঁ,ইজনে সিজনৰ ভাল লগা বেয়ালগাবোৰ উপলব্ধি কৰিছিলোঁ,এই মৌনতা বোৰতেই আমি আমাৰ সৈতে পৰিচয় হৈছিলোঁ৷ মৌনতা বোৰে শূন্যৰ দেৱাল বগাই সোণৰ সাকো গঢ়ে৷ আজি আমি সেই সোণৰ সাকোঁ ঢুকি পোৱা হ’লো" সমীৰে স্তম্ভিত হৈ বৰ্ষাৰ ফালে চাই ৰ’ল৷বৰ্ষাই মেডচিন কেইটা তাৰ ফালে আগবঢ়াই খাবলৈ দিলে ৷আজি ভালেমান দিনধৰি নিজৰ চিন্তা ভাৱনাবোৰৰ বাবে চিনুৰ কথা পাহৰিয়েই পেলাইছিল তাই৷আজি নিবিড়হঁতে সিটো ৰুমত শোৱাৰ বাবেই নেগুৰ জোকাৰি জোকাৰি চিনু আহি তাইৰ কাষত ৰৈ আছেহি৷বৰ্ষাই মৰমেৰে তাৰ মুৰত হাত বুলাই বাহিৰৰ ৰুমটোত তাৰ বাবে শোৱাৰ ব্যৱস্থা কৰি দিলেগৈ৷এইদৰে ৰাতিখন তাইৰ কাষলৈ সি অহাতেই তাইয়ো বুজিছে নিশ্চয় তাৰো টোপনি ধৰিছে৷ সমীৰে যিহেতু ঘৰ যোৱা কথা ক’লেই সেয়ে ফূৰ্তিতে তাইয়ো কাপোৰ কানিৰ আজিৰ পৰা জাপিবলৈ আৰম্ভ কৰি দিলে৷আজি বহুত দিনৰ মুৰত বৰ্ষাৰ মনটো মুকলি যেন লাগিছে৷গান এটা গুণগুণাই ৰাতি বহুদেৰিলৈ কাপোৰ কানি আটাইখিনি জাপি শেষ কৰিলে৷ভাগে ভাগে ব্যৱহাৰ নোহোৱা কাপোৰবোৰ বেগত ভৰাই গ’ল৷ কিমান যে ভাল লাগিছে তাইৰ,বহুত দিনৰ মুৰত আপোন ঘৰখনলৈ উভতি যাব,অসমলৈ উভতি যাব৷ ৰাতি দেৰিকৈ শোৱাৰ বাবে বৰ্ষাৰ সাৰপোৱা আনদিনাতকৈ আজি দেৰি হ’ল৷সমীৰে সোনকালে সাৰ পালে যদিও তাই ইমান ধুনীয়াকৈ শুই থকা দেখিয়েই জগাবলৈ বেয়া পালে৷বৰ্ষাই সাৰ পাই সমীৰক বিচনাত নেদেখি সময় কিমান হ’ল চালে,সাত বাজিবৰ হ’ল৷ইমান দেৰি হ’ল বুলি ল’ৰালৰিকৈ উঠি বিচনাখন পাৰি বাথৰুমত সোমালগৈ৷ সমীৰে হাতত চাহ দুকাপ লৈ বৰ্ষালৈ বাট চাই বেলকনিতেই বহি আছে ৷খপজপকৈ বাথৰুমৰ পৰা ওলাই আহি বৰ্ষাই আইনাৰ সন্মুখত বহি লৈ তিতা চুলিকোছা মোহাৰি আছে৷তাইৰ ব্লাউজ তিতি স্বচ্ছ হৈ পৰা পিঠিখনে সমীৰক উন্মাদ কৰি তুলিছে৷আজিলৈ আগতে কেতিয়াও এনে হোৱা নাই৷আগবাঢ়ি গ’ল তাইৰ ফালে৷আইনাত সমীৰৰ প্ৰতিকৃতিটো ভাহিঁ পৰাত বৰ্ষাই তালৈ চাই হাঁহি এটি মাৰি সুধিলে " মোৰ উঠা দেৰি হৈ গ’ল ,নিবিড়হঁত উঠিলে নি বাৰু " গহীন সুৰত সমীৰে ক’লে "নাই উঠা " বৰ্ষাই সমীৰক "ৰ’ব মই আপোনালৈ চাহ কৰি আনোগৈ" বুলি কোৱাৰ লগে লগে সমীৰে তাইৰ হাতত ধৰি বেলকনিৰ ফালে টানি নিলে৷চাহৰ কাপটো তাইৰ হাতত তুলি দি ক’লে "কিমাননো তুমিয়ে চাহ দি থাকিবা?আজি মোৰ হাতৰে খাই চোৱা৷" সমীৰৰ কথাত বৰ্ষাৰ চকুহাল চমকি উঠিল৷তাইৰ হাতলৈ সমীৰে চাহৰ কাপটো আগবঢ়াই কেনেকুৱা হৈছে জানিবলৈ তাইৰ মুখলৈ চাই ৰ’ল ৷বৰ্ষাই চাহত চুমুক মাৰিয়েই তিতা আৰু চেনি নিদিয়া চাহ কাপ খাই সমীৰৰ মন ৰাখিবলৈ বুলিয়ে একোকে নক’লে৷সমীৰে তাইৰ সোৱাদবিহীন মুখখন দেখি কি হ’ল সুধিলে৷তাইয়ো সেমেনাসেমেনি কৰি একো নাই বুলি কৈ পুনৰবাৰ চাহত চুমুক দিলে৷সমীৰৰ সন্দেহ হ’ল নিশ্চয় কিবা এটা গণ্ডগোল যে হৈছে৷সেয়ে নিজৰ চাহৰ কাপটো হাতত তুলি শুহাটো মাৰিয়েই জিকাৰ খাই গ’ল৷বৰ্ষাই খিলখিলাই হাঁহি দিলে৷তাকে দেখি সমীৰেও তাইৰ হাতৰ পৰা চাহকাপ কাঢ়ি আনি ক’লে " কেনেকৈ খালা এইবোৰ৷মোক অন্তত জনাব লাগিছিল " বৰ্ষাই হাঁহি এটা মাৰি কাপকেইটা সামৰি তাক কৈ থৈ গ’ল "একো নাই প্ৰথমবাৰ বনাইছে৷আপুনি বহক মই চাহ লৈ আহোঁগৈ৷" বৰ্ষাৰ পাছে পাছে সমীৰো ডাইনিং ৰুমলৈ ওলাই আহিল৷বৰ্ষাই চাহ বনাইছেই যেতিয়া ৰাতিপুৱাৰ চাহ কাপ আটাইয়ে একেলগে খাওঁ বুলিয়েই ছায়া আৰু নিবিড়কো জগাই দিলে৷আটাইয়ে হাঁহি ফূৰ্তিৰে দিনটোৰ আৰম্ভণি কৰিলে৷ছায়াই থাকিম বুলি লগত কাপোৰ অনা নাছিল বাবেই গা ধুই বৰ্ষাৰে কাপোৰ এসাজ খুজিলে৷বৰ্ষাই আলমিৰাটো খুলি যি যোৰ লাগে লৈ ল’বলৈ ক’লে৷কিন্তু বৰ্ষাৰ কুৰ্তাবোৰ তাইৰ চাইজৰ নহয় সেয়ে উপায় নাপাই শাৰী এখনকে পিন্ধাৰ কথা ভাবিলে৷চাদৰ মেখেলা এযোৰ ঘৰলৈ পিন্ধি যাবলৈ থোৱাৰ বাদে আটাইবোৰ কাপোৰ তাই বেগত ভৰাই থ’লে৷সেয়ে বেগটোৰ পৰা কাপোৰ উলিয়াওতে বৰ্ষাই ছায়াক জনালে যে ঘৰলৈ যাবলৈ তাই কাপোৰ পেক কৰিলেই৷ছায়াইয়ো কথাষাৰ শুনি ফুৰ্তিতে ল’ৰালৰিকৈ কাপোৰসাজ পিন্ধি বৰ্ষাৰ বেগটো বাহিৰলৈ উলিয়াই আনি নিবিড়ক ক’লেহি "দেখিছা ঘৰ যোৱাৰ নাম শুনি বৌয়ে কাপোৰ জাপিলেই ,আমি কেতিয়া যাম" নিবিড়েও ধেমেলীয়া সুৰতেই তাইকো সিহঁতৰ লগতে পঠিয়াই দিম বুলি ক’লে৷কথা বতৰাৰ মাজেৰেই সময়বোৰ গৈ আছে৷ৰাতিপুৱা দহ বাজিবৰেই হ’ল,সেয়ে ল’ৰালৰিকৈ বৰ্ষাই ব্ৰেকফাষ্ট বাঢ়ি দিলে৷ খোৱা বোৱা কৰি আজৰি হৈছিলহে কলিংবেলটো বাজি উঠিল ৷বৰ্ষাই ড’ৰহ’লেৰে জুমি চালে ,দোৱাৰৰ সন্মুখত মায়া ৰৈ আছে ৷কথাটো সমীৰক জনোৱাত সি ছায়া আৰু নিবিড়ক ৰুমৰ ভিতৰত সোমাবলৈ ক’লে৷বৰ্ষাই লাহেকৈ দোৱাৰখন খুলি দিলে৷তাইৰ উপস্থিতিক উপেক্ষা কৰি মায়াই গপগপাই ভিতৰলৈ সোমাই আহিল৷সমীৰক চোফাতে বহি থকা দেখি প্ৰথমেই চকু পৰা বেগকেইটাৰ কথাটোকে উলিয়ালে৷ "তাৰ মানে সমীৰ তুমি সিদ্ধান্ত লৈ পেলালা" সমীৰৰ মায়াৰ প্ৰতি উঠি থকা খঙটোক সামৰি গহীনাই ক’লে "হয় মই সিদ্ধান্ত ল’লোঁ" হাঁহি এটি মাৰি মায়াই ক’লে " তেনেহ’লে ডিভোৰ্চ পেপাৰখন দিয়া আকৌ মোক " সমীৰে তাইক বহুৱাই ডিভোৰ্চ পেপাৰখন ভিতৰৰ পৰা লৈ আনিলেগৈ৷বৰ্ষাই একো কোৱা নাই মৌন হৈ ৰৈ আছে ৷এখন ব্লেংক ডিভোৰ্চ পেপাৰ সমীৰে তাইৰ হাতত গুজি দিলেহি৷মায়াই হতবাক হৈ প্ৰশ্ন কৰিলে " এইখন খালী যে ?" সমীৰে বৰ্ষাৰ কাষলৈ আহি তাইৰ কান্ধত হাত থৈ ক’লে "মই বৰ্ষাক ডিভোৰ্চ নিদিওঁ " মায়াই খপজপকৈ সমীৰৰ সন্মুখলৈ আহি সুধিলে "তেনেহ’লে এইবোৰ কিহৰ বেগ?বৰ্ষা মানে ক’লৈকো নাযায় ?" সমীৰে বেগকেইটালৈ মন কৰাই নাছিল,ছায়াই ৰাতিপুৱাই নিবিড়ক দেখাবলৈ আনি ডাইনিং ৰুমতে এৰিলে৷কথাটো মনত পৰাত মিচমিচাই হাঁহি এটা উঠি আহিল তাৰ আৰু কৈ উঠিল " বৰ্ষাই নহয় আমি যামগৈ ইয়াৰ পৰা " মায়াই পগলাৰ লেখিয়াকৈ সমীৰক প্ৰশ্ন কৰিলে " কি কৈছা এইবোৰ৷তুমি গুচি গ’লে মোৰ কি হ’ব?আমাৰ ভালপোৱা বোৰৰ কি হ’ব৷মই জানো নহয়, এইসব এই বৰ্ষাৰ কাৰণেই হৈছে " বৰ্ষাৰ ফালে মায়াই হাত ডাঙি অহাত তাই কঁপি উঠিল৷সমীৰে মায়াৰ হাতত ধৰি বাধা দি চিঞৰি উঠিল " বন্ধ কৰা তোমাৰ নাটক ৷অতদিনে বহুত সহ্য কৰিলোঁ৷আজি আৰু নহ’ব ৷তোমাৰ মুখা খোল খালে মায়া " মায়াই সমীৰলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ক’লে " সমীৰ তুমি মোক এনেকৈ ক’ব পৰা হ’লা ?" "বহুত আগতেই ক’ব লাগিছিল দেৰিহে কৰিলোঁ৷তুমি কি ভাবিছিলা মুখা পিন্ধিলেই মানুহ ভদ্ৰ হৈ পৰে৷মই মুৰ্খ নহয়,তোমাৰ সকলোখিনি ইতিমধ্যে গম পাইছোঁঁ৷ " "কি আবোলতাবোল গাই আছা হা...কি জানা তুমি মোৰ কথা কি জানা ?" সমীৰে ছায়াক মাত দিলে,চলচলীয়া চকুহালেৰে সম্পূৰ্ণ দুটা বছৰৰ মুৰত ছায়াই মায়াৰ মুখামুখি হৈছেহি৷ছায়াই মুখেৰে একো নমতাকৈ তলমুৰকৈ ৰৈ আছে৷নিবিড়ে দাঁত কৰচি মায়াক কৈ উঠিল " এই ওপৰত কৰা অত্যাচাৰবোৰ কম আছিল নেকি? এতিয়া যে বৌক খেদিবলৈ বিচাৰিছা ?" মায়াই ইমান দিনৰ মুৰত ছায়াক দেখি আচৰিত হ’ল৷কোনো এটা মুৰ বিচাৰি পোৱা নাই ৷তথাপিও নিজকে সচাঁ প্ৰমাণ কৰিবলৈ সমীৰক খাটিৰ কৰিছে "নিশ্চয় তোমাক ইহঁতিয়েই কিবা লগাইছে নহয়নে? কিন্তু সমীৰ তোমাক মই সচাঁকৈ বহুত বেছি ভালপাওঁ আজিও৷" সমীৰে ককৰ্ষ হঁাহিৰে ক’লে " ভালপোৱা আৰু তুমি ...যদি তোমাৰ ভালপোৱা সচাঁ হ’ল হয় দুবছৰ আগতে মোক অকলশৰীয়া কৰি টকাৰ পিছত দৌৰ নিদিলাহেঁতেন৷আৰু এতিয়া মোৰ অসহায় অৱস্থা দেখি টকাৰে কিনিব বিচাৰিছা!ৱাহ ৷ তোমাৰ দৰে অবিশ্বাসী,অসৎ আৰু স্বাৰ্থপৰ মানুহ পাবলৈ সহজ কিন্তু বৰ্ষাৰ দৰে বিশ্বাস আৰু নিস্বাৰ্থ মনোভাব পোৱা কাৰোবাক পাবলৈহে টান সেয়ে মই বৰ্ষাক হেৰুৱাব নোখোজোঁ৷" সমীৰে ডিভোৰ্চ পেপাৰখন হাতত তুলি মায়াৰ চকুৰ সন্মুখতে ফালি টুকুৰাটুকুৰ কৰিলে৷তাকে দেখি মায়াই কাবৌ কাকুতি কৰি সমীৰক ক’লে "মোৰ ভুল হ’ল মানিছোঁ কিন্তু মই সলনি হ’লো সমীৰ৷" " হুহ সলনি আৰু তুমি?কুকুৰৰ নেজ জীৱনভৰ পুতি থ’লেও পোন নহয়৷যিজনী ছোৱালী নিজৰ জন্মদাত্ৰী মাকৰ আপোন হ’ব নোৱাৰিলে তাই মোৰ কি আপোন হ’ব ৷এনিৱেইছ এতিয়া মোক আৰু বৰ্ষাক কোনেও আতৰ কৰিব নোৱাৰে৷ তোমাৰ টকাৰ শক্তি বেলেগৰ আগত দেখুৱাগৈ৷তোমাৰ দৰে স্বাৰ্থলোভী নাৰীৰে টকাৰে মানুহৰ কিনাবেচা কৰিব খুজে৷আজি মোক কিনিব আহিছা কাইলৈ মন সলনি হ’লে মোক কাৰোবাৰ হাতত বিক্ৰী কৰি দিবও পাৰা" "নাই নাই সমীৰ মই এনেকুৱা কেতিয়াও নকৰোঁ,সচাঁ হৃদয়ৰে ভালপাওঁ তোমাক " চিঞৰমাৰি সমীৰে মায়াৰ গালত এটা পোনপটীয়া চৰ সোধালে আৰু " এতিয়াও যদি লাজ মান কিবা অলপো বাকী আছে ওলাই যোৱা ইয়াৰ পৰা,নহ’লে তোমাক মই " বুলি কৈ তাইলৈ পুনৰ হাত ডাঙি গৈছিল কিন্তু বৰ্ষাইহে কোনোমতে ৰখালে তাক৷খঙত জ্বলন্ত আঙঠাৰ দৰে সমীৰৰ চকুহাল ৰঙা হৈ পৰিছে,খঙতে তাৰ ফোপনি উঠিছে৷মায়াই অলপ ভয় খালে তাৰ ৰূপটো দেখি সেয়ে যাবলৈ বুলিয়েই এখোজ দুখোজকৈ দৰ্জাখনৰ ফালে খোজ ল’লে৷সমীৰে এইবাৰ পুনৰ মাত লগাই ক’লে " আৰু শুনি যোৱা,ইমান দিনৰ কোম্পানীৰ চাৰ্ভিছখিনি তোমাৰ প্ৰেম প্ৰতাৰণাৰ দান বুলি ধৰি ল’বা ,আকৌ যাতে মোৰ আৰু বৰ্ষাৰ জীৱনত তোমাৰ ছাঁটোকো নেদেখোঁ মনত ৰাখিবা "৷ মায়া ওলাই গ’ল সিহঁতৰ ঘৰৰ পৰা হয়টো ইমান অপমান কৰাৰ পাছত পুনৰ সিহঁতৰ জীৱনলৈ ঘুৰি আহিব নোৱাৰে৷খং বিৰক্তিত সমীৰৰ কপালেৰে ঘাম বৈ আহিছে৷ছায়াই পানীৰ গিলাচ এটা তাৰফালে আগবঢ়াই দিলেহি৷নিবিড়েও সমীৰৰ বাহুত হাত থৈ তাক সকাহ দিছে৷বৰ্ষা নিমাত হৈ কাষতে ৰৈ আছে৷মনলৈ বহুত কিবাকিবি কথাবোৰ আহি আছে তাইৰ ৷আজি মায়াৰ সন্মুখত তাইৰ হাতত ধৰি সকলোৰে আগত চিঞৰি চিঞৰি তাইক যে ভালপোৱা বুলি কোৱাৰ সাহস কৰিলে সেইটোতে মনটো ভৰি পৰিছে৷কিছুসময় পৰিৱেশটো নিস্তব্ধ হৈ পৰিল৷ ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে৷সকলোৰে মনবোৰ ভাল নহয়৷যদিও মায়া সিহঁতৰ জীৱনৰ পৰা আতৰি গৈছে তথাপিও ছায়া আৰু সমীৰৰ দুয়োটাই আপোনজনৰ পৰা পোৱা প্ৰতাৰণা আৰু বিষাদত বহু জীয়া কাহিনীক জীৱন্ত ৰূপত শেষ কৰি দিছে৷পৰিৱেশ গুমা যেন দেখি নিবিড়েই উকি এটা মাৰি সকলোৰে মুখত হাঁহি আনিবলৈ বুলিয়েই ক’লে " ইট’ছ চেলিব্ৰট টাইম,তোমালোকে কিহৰ ইমান বিষন্ন মনেৰে বহি আছা ৷বৌ আৰু ছায়া যোৱা তোমালোকে ভাত বনোৱাগৈ৷" বৰ্ষাইয়ো চকুহাল মচি পাকঘৰলৈ সোমাই গ’ল৷সমীৰে নিবিড়ক ক’লে "আমি দুদিনৰ পাছতে ঘৰলৈ উভতিম৷পাৰিলে তইয়ো সোনকালে যাবলৈ চেষ্টা কৰিবি" আবেলিপৰতে ভাতপানী খাই নিবিড়হঁতো গ’লগৈ৷মায়াক সিহঁতৰ ঘৰৰ পৰা উলাই যোৱা দেখি প্ৰিয়াই ভয় কৰি আছিল কি বা হ’ল৷সেয়েই নিবিড়হঁত উলাই যোৱাৰ পাছত খবৰ ল’বলৈ আহিল৷বৰ্ষাই সকলো কথা প্ৰিয়াৰ আগত বিৱৰি ক’লে আৰু দুদিনমানৰ পাছতে ঘৰলৈ যোৱাৰ কথাটোৰো অৱতাৰণা কৰিলে৷প্ৰিয়াৰ মনটো ভাল লাগি আহিল সমীৰ আৰু বৰ্ষাৰ জীৱনটো স্বাভাৱিক হ’বলৈ ওলোৱা দেখি কিন্তু সদায়ৰ কাৰণে যে আতৰি যাবগৈ সেই কথা শুই মনটো গধুৰ হৈ পৰিল৷এতিয়াৰ পৰা আহিবলগা যুগ্মজীৱনৰ শুভেচ্ছা জনাই তাইয়ো ওলাই গ’ল৷ আনদিনাৰ দৰেই বৰ্ষাই দিনটোৰ ভাগৰত ৰাতি খোৱা বোৱাবোৰ সামৰি বহল বিচনাখনৰ এচুকত একাটি কৰি সমীৰৰ ফালে পিঠি দি শুই পৰিল৷হঠাৎ তাইৰ শৰীৰৰ ককাঁলৰ ভাজটোত চিনাকি হাতৰ পৰশত উচপ খাই পৰিল৷ভয়তে কপিঁ উঠিল তাই,তাইৰ কাণতে সমীৰে ওঁঠ লগাই সুধিলে "বৰ্ষা কেন আই" ইচ্ছা কৰিয়েই তাইয়ো দুই হাতেৰে আকোঁৱালি ল’লে৷ সমীৰৰ ফালে মুখখন ঘোৰাই দিব লওঁতেই তাইৰ কোমল ওঁঠত সমীৰৰ উষ্ম আলিংগন৷উশাহবোৰ ঘন হ’বলৈ ধৰিলে,ক্ৰমাত বুকুৰ ধপধপনিবোৰৰ উচ্চ স্বৰ তাই নিজ কাণেৰে শুনিবলৈ পালে৷ডেৰবছৰৰ বৈবাহিক জীৱনত তাই এই মুহুত্বটোলৈকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল৷সমীৰৰ উন্মাদ প্ৰেম চুম্বনত চকুহাল মুদি দিলে৷সমীৰে প্ৰচণ্ড আবেগেৰে তাইক সাবটি ধৰিলে৷চকু,মুখ,বাহু,ডিঙি সকলোতে তপত ওঠঁৰ চুম্বনত বৰ্ষাই নিজকে সমৰ্পণ কৰিলে সমীৰৰ ওচৰত৷আস্ এই সমৰ্পণৰো যে আছে মাদকতা ৷দুটি আত্মাৰ মিলনেৰে দুয়ো বিলীন হৈ পৰিল এক নতুন পৃথিৱীত৷এই ৰাতিটো সিহঁতৰ বাবে!!! মধুলগনৰ মধুক্ষণ... সমাপ্ত ******* (সমীৰ আৰু বৰ্ষাৰ দাম্পত্যজীৱন সফল হ’ল৷নিবিড় আৰু ছায়াৰ বিয়াখন একেখন ৰভাতে উলহমালহেৰে পতা হ’ল৷নিবিড় আৰু সমীৰে নতুনকৈ আৰম্ভ কৰা "বৰুৱা ব্ৰাদাৰ্চ"ইনডাষ্ট্ৰিটোৱে পুনৰ সফলতাৰ শীৰ্ষত থিয় দিলে৷বৰ্ষাইয়ো পঢ়াৰ সপোনটো পুৰ কৰিলে তাৰ পাছতে সমীৰৰ সৈতে কোম্পানীৰ কামবনত সহায় সহযোগিতা আগবঢ়ালে৷এহাল যমজ সন্তানেৰে (অনুভৱ আৰু অৰুণোভৱ )সিহঁতৰো এখন সুখৰ সংসাৰ৷টকা পইছাৰে অন্ধ হৈ পৰা মায়াই আজি এধানি মৰম বিচাৰি হাবাথুৰি খাইছে৷অসমলৈ ঘুৰি অহাৰো সাহস পুনৰ নকৰিলে৷জীৱনত মৃত্যুহীন চেতনাৰ উপস্থিতি বিচাৰি তিলতিলকৈ নৰক যান্ত্ৰনা ভোগ কৰিছে৷এয়াই প্ৰকৃতাৰ্থক জীৱন,কৰ্মফলৰ ভোগবিলাসৰ জীৱন৷ ) *******************❤️❤️❤️******************* আপোনালোকৰ মৰম আদৰে উপন্যাসৰ লেখনিটোক আগবঢ়াই নিবলৈ মোক যথেষ্ট সহায় কৰিলে৷আজি সম্পূৰ্ণ পঞ্চাশটা খণ্ডৰে মোৰ এই উপন্যাসৰ কাহিনীটোৰ যৱনিকা পৰিল৷আশা কৰাতকৈও বহুত বেছি মৰম দিলে,মৰমবোৰ ভাষাৰে প্ৰকাশ কৰিবলৈয়ো শব্দৰ অভাৱ হৈ পৰিছে৷আপোনালোকৰ মৰম চেনেহবোৰৰ আগত চিৰকৃতজ্ঞ হৈ ৰ’ম৷পুনৰ এটা নতুন লেখনিৰে আপোনালোকৰ কাষলৈ উভতিম আজিলৈ এটা ধন্যবাদেৰে আপোনালোকৰ "সেন্দুৰ বুলীয়া ৰঙাবোৰ তোমাৰ নামত "উপন্যাসখনে বিদায় মাগিলোঁ৷ পুনঃ উপন্যাসৰ কাহিনীটো লিখিবলৈ মোক উৎসাহ জনোৱা সকলোলৈ প্ৰণিপাত জনালো৷ধন্যবাদেৰে দেৱাশ্ৰী বৰা 😊

Wednesday, August 19, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 49) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) সময় পাৰ হোৱাৰ লগতে ক্ৰমান্বয়ে সমীৰৰ বুকুৰ ধপধপনিবোৰ বাঢ়ি আহিছে ৷কৌতূহলী মনত বৰ্ষা সম্পৰ্কত বহুত কথাই অহাযোৱা কৰি আছে ৷বুকুৰ ভিতৰৰ হৃদয়খনে বৰ্ষাই এৰি গ’ল বুলিয়েই যন্ত্ৰণাত বাৰে বাৰে চিঞৰি উঠিছে৷প্ৰিয়জনৰ বিদায়ে মনত বিষাদৰ পুলি ৰুৱে৷সেই বিষাদৰে ঠাল ঠেঙুলিবোৰে সমীৰক চেপিকুচি আনিছে৷তাৰ বাবে,মায়াৰ বাবেই এনে হৈছে বুলি কাণমুৰ গৰম হৈ আহিছে৷মুৰে কপালে হাত দি চিন্তাতে বহি আছে৷চকুহাল চলচলীয়া হৈ আছে মাত্ৰ চকুপানী ব’বলৈহে বাকী৷ দুৱাৰখন খুলি দুহাতে দুটা চবজিৰ মোনা লৈ বৰ্ষা ভিতৰলৈ সোমাই আহিল৷সমীৰক চোফাতে মুৰে কপালে হাত দি বহি থকা দেখি পুনৰ মায়া আহিছিল নেকি ভাবি বুকুখন কঁপি উঠিল তাইৰ৷তথাপিও লাহেকৈ সমীৰক মাত দি ক’লে " মই পালোহি " বৰ্ষাৰ মাতটো শুনি সমীৰে একেজাপে চোফাৰ পৰা উঠি গৈ তাইৰ মুখমণ্ডলত আলফুলে হাত বুলাই একো নোকোৱাকৈ সাবটি ধৰিলে৷বৰ্ষাই সমীৰৰ কি হৈছে একো বুজিব নোৱাৰি আচম্বিত হৈ ৰ’ল৷ইমান সময়ে সমীৰে কঠিন কৰি থোৱা হৃদয়খন এক ক্ষণতে গলি চকুলোবোৰ বাগৰি আহিল৷তাৰ চকুপানীৰে বৰ্ষাৰ ব্লাউজ পৰ্যন্ত তিতি পৰিল৷সমীৰে কিয় এইদৰে কান্দিছে তাই বুজি পোৱা নাই তথাপিও হাতৰ মোনাটো মাটিত পেলাই তাৰ পিঠিত হাতখন বুলাই সুধিলে " আপুনি থিকেই আছেনে?" চকুপানীবোৰ মোহাৰি সমীৰে বৰ্ষাক টানি আনি চোফাখনত বহুৱাই দিলে৷তাইৰ সন্মুখত আঠু কাঢ়ি বহি লৈ তাইৰ হাতত চুমা এটা আঁকি লৈ ক’লে "মোৰ ভুল হৈ গ’ল বৰ্ষা,যোৱাকালি মায়া অহাৰ কথাটো মই তোমাক আগতীয়াকৈ জনাব লাগিছিল,কিন্তু মোৰ তোমাক দুখ দিয়াৰ কোনো ইনটেনচন নাছিল ৷সেইবুলি নোকোৱা নেমেলাকৈ কোনোবাই ঘৰ এৰি যায় নেকি?" বৰ্ষাই আচৰিত হৈ সমীৰলৈ চাই সুধিলে "মানে ?কোনে ঘৰ এৰি গ’ল " চকুপানীবোৰ মোহাৰি সমীৰে পুনৰ কৈ উঠিল "তেতিয়াহ’লে তুমি ক’ত গৈছিলা মই যে গোটেইখন বিচাৰি আছোঁ অথনিৰে পৰা ৷ক’ত আছিলা তুমি ইমান সময়ে ?" "গুপ্তা আন্টিৰ লগত মন্দিৰলৈ গৈছিলোঁ৷ৰাতিপুৱা আপুনি শুই থকাৰ বাবে জগাবলৈ বেয়া লাগিল আৰু কালি ৰাতিও ক’ম বুলি ভাবোতেই ...'' ৰৈ গ’ল বৰ্ষাই আৰু একো নোকোৱাকৈ৷সমীৰে সজোৰে তাইক সাবটি ধৰি ক’লে " তোমাক এৰি এক মুহূৰ্ত থকাটোও এতিয়া মোৰ বাবে সম্ভৱ নহয় বৰ্ষা,প্লিজ মোক মাফ কৰি দিয়া ৷তুমি ভবাৰ দৰে মায়া আৰু মোৰ মাজত এতিয়া একো নাই,যি আছিল সেই সম্পৰ্ক মই কেতিয়াবাই চ্ছেদ কৰিলোঁ৷" অভিমানৰ সুৰত বৰ্ষাই ক’লে "তেন্তে কালি দেখাবোৰ কি আছিল?" "বৰ্ষা পৰিস্থিতি অনুসৰি কেতিয়াবা চকুৰে দেখাবোৰ আৰু কাণেৰে শুনাবোৰ সচাঁ নহ’বও পাৰে৷তুমি নাজানা মই এতিয়া কিমান ডাঙৰ বিপদত পৰিছোঁ" "মই জানোঁ নিবিড়ে মোক যোৱাৰাতি সকলোখিনি জনাইছে " "কিন্তু বৰ্ষা কথাবোৰ সিমানতেই শেষ হোৱা নাই,মায়াই মোৰ সপোনবোৰৰ বিনিময় বিচাৰিছে " "নিশ্চয় মোক ডিভোৰ্চ দিবলৈ কৈছে নহয়জানো" সমীৰে অবাক হৈ সুধিলে " তুমি কেনেকৈ জানিলা?" "কালি মায়াই আপোনাক কৈ থকা শুনিছিলো,কিন্তু এতিয়া আপুনি কি বিচাৰিছে?" " নোৱাৰিম বৰ্ষা,এতিয়া আৰু তোমাক এৰি থকাটো মোৰ বাবে সম্ভৱেই নহয়৷কিন্তু তুমি মোক এৰি ক’তো নাযাবা ৷কালি তোমাক কথাবোৰ ক’ম বুলিয়েই ভাবিছিলোঁ কিন্তু মই বহুত চিন্তাত আছিলোঁ সেয়ে তোমাক এইবোৰ কৈ দিগদাৰ দিবলৈ মন নগ’ল৷আৰু তুমি জানাই খঙ উঠিলে মই বহুত নক’বলগীয়া কথাই কৈ পেলাও সেয়ে ৰাতিপুৱা জনাম বুলিয়েই শুই থাকিলোঁ ৷কিন্তু এটা কথা বৰ্ষা মই কেতিয়াও মায়াক তোমাৰ ঠাই দিব খোজা নাই ,তুমি কথাবোৰ নাজানা বাবেই ভুল বুজিছা চাগৈ " ওমম বুলি কৈ বৰ্ষাই মুৰ দুপিয়ালে৷সমীৰৰ তাইৰ প্ৰতি মৰম লাগি গ’ল৷ইমানবোৰ হোৱাৰ পাছতো তাই এতিয়াও তাৰ সৈতে ধৈৰ্য্যৰে কথা পাতি আছে৷তাৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে৷তাইৰ কপালঁত চুমা এটা আঁকি ইমান দেৰি কিয় হ’ল সুধিলে৷বৰ্ষাইয়ো জনালে " মন্দিৰত আজি বহুত ভিৰ হৈ আছিল ৷তাতে আহোঁতেও বজাৰ কৰিবলৈ সোমাওঁতে কিমান দেৰি হ’ল ক’বই নোৱাৰিলোঁ " "কিন্তু মোবাইলটো কিয় এৰি থৈ গ’লা ?তুমি নাজানা মই কিমান চিন্তাত আছিলোঁ৷" ভয়ে ভয়ে বৰ্ষাই ক’লে "ল’ৰালৰি হোৱাত থাকিয়ে গ’ল ৷কথা এটা সুধোনে ?" " উমম কৈ যোৱা " " এইবোৰৰ পৰা উলোৱাৰ কোনো উপায় নাইনে?মানে আগলৈ কি কৰা যাব" "মই একোকে বুজি পোৱা নাই৷মানুহ চিনাত মই কিদৰে ভুল কৰিব পাৰোঁ৷মায়াই মোৰ সৈতে এনেকুৱা কৰিব সেইটো মই সপোনতো ভবাই নাছিলোঁ ৷" "একো নাই ভুল মানুহৰেই হয়,কিন্তু ভুলৰ শুদ্ধৰণিটো হ’ব পাৰে!" "কিন্তু যদি এই প্ৰজেক্টটো ফেইল হয় তেনেহ’লে মোৰ বহু লাখ টকাৰ লোকচান হৈ যাব,আৰু কোম্পানীৰ এম্প্লইবোৰক ক’ৰ পৰা দিব দৰমহাৰ ইমান টকা৷মোৰ ওচৰত সিমান টকা নাই,দেউতাৰ পৰাও খুজিব নোৱাৰোঁ ৷কিন্তু বৰ্ষা পৰিস্থিতি যেনেকুৱাই নহওক কিয় মই তোমাক হেৰুৱাব নোখোজোঁ৷" দীঘলীয়াকৈ হুমুনিয়াহ এটা এৰি বৰ্ষাৰ চকুহালো চলচলীয়া হৈ লোটক ব’বলৈ ধৰিলে৷সমীৰে আলফুলে তাইৰ চকুপানীবোৰ মোহাৰি দিলে আৰু তাইক সজোৰে আৱেগত সাবতি ধৰিলে৷তেনেকুৱাতেই নিবিড় আৰু ছায়াও আহি ওলালহি,দৰ্জাখন খোলা আছিল বাবেই ভিতৰলৈকে সোমাই আহিল৷আৰু সিহঁতক তেনেকৈ দেখি নিবিড়ে গলখেকাৰি এটা মাৰি দিয়াতহে দুয়োটা আতৰ হৈছে৷নিবিড়ে ধেমেলীয়া সুৰতেই কৈ উঠিল " চ’ৰি ফ’ৰ ডিচষ্টাৰবেন্স,ৰং টাইমত আহিলোঁ আমি" বৰ্ষাই চকুহাল মোহাৰি সিহঁতৰ ফালেই দুখোজ আগবাঢ়ি আহিল৷সমীৰে লাজতেই নিজৰ ৰুমত সোমালগৈ৷মাটিত পৰি থকা বেগকেইটা সামৰি ছায়াই পাকঘৰৰ ফালে লৈ গ’ল৷নিবিড়ে বৰ্ষা ক’ত গৈছিল কি হৈছিল তাইৰ সৈতে সেইবোৰ এফালৰ পৰা সুধিবলৈ ধৰিলে ৷তাই ঘৰত নথকা কথাটো নিবিড়ে কেনেকৈ জানিলে বুলি মনতে ভাবি বৰ্ষাই তাক প্ৰশ্ন কৰিলে " তোমাক কোনে ক’লে এইবোৰ?" "কি ক’বা আৰু বৌ !তোমাৰ মিষ্টাৰে যিহে কন্দাকটাখন কৰি মোক মাতি পঠাইছে মই মানে কি ক’ম৷কিন্তু দেখিছা আমি আহি তোমালোকক ডিচটাৰ্বহে কৰিলোঁ" বৰ্ষাৰ কান্ধতে হাত থৈ ছায়াই হাঁহি এটা মাৰি ক’লে " বৌ হাইথা মাটিত পৰিল তেতিয়াহ’লে " বৰ্ষাইয়ো লাজে লাজে হাঁহি এটি মাৰি পঠিয়ালে৷গালদুখন ৰঙা হৈ গোটেইজনী ৰঙাবিলাহীটোৰ দৰেই লাগিছে৷এক ভাললগা অনুভৱে তাইৰ মনটোক বিচিত্ৰ কৰি তুলিছে৷এতিয়া যদি তাই নিজকে প্ৰশ্ন কৰে সমীৰক ভাল পোৱানে তেতিয়াহ’লে চিঞৰি চিঞৰি ভালপাওঁ বুলি ক’বলৈয়ো কুণ্ঠাবোধ নকৰে৷আৰু সমীৰে নক’লেও বুজিলে সি যে তাইক কিমান বেছি ভাল পাই পেলালে৷সেয়ে নেদেখাজনৰ বশ্যতাৰ ওপৰত আৰু বেছি বিশ্বাস আৰু শ্ৰদ্ধাৰে মনটো ভৰি পৰিল৷ বৰ্ষাই চাহৰ ট্ৰেখন ব্ৰেকফাষ্টৰ সৈতে ধুনীয়াকৈ সজাই আনি ডাইনিংত থ’লে আৰু সকলোকে চাহ খাবৰ বাবে মাত লগালে৷সমীৰো সেমেনাসেমেনিকৈ ৰুমটোৰ পৰা ওলাই আহিল৷সদায় নিজকে কঠিন দেখুৱাই থকা সমীৰে আজি আৱেগৰ ভৰত সৰি পৰিল ,নোৱাৰিলে বৰ্ষাক পুনৰ এৰি থকাৰ কথা ভাবিবলৈয়ো ৷তথাপিও ইমান দুখৰ মাজতো ভাললগা অনুভৱ কিছুমানে তাকো আৱৰি ধৰি ৰাখিছে৷কিন্তু চিন্তাবোৰেহে যে তাক শান্তি দিয়া নাই৷সমীৰক চিন্তিত দেখি নিবিড়ে সুধিলে " কি ভাবিছ ?" "খাই ল’ তাৰ পাছত কথা অলপ পাতিবলৈ আছে" অলপ সময়ৰ পাছত দুয়োটাই ব্ৰেকফাষ্ট খাই উঠি অফিচৰ ফাইলবোৰ উলিয়াই হিচাপ নিকাচ কৰাত লাগিল৷সমীৰেও এই সময়ত নিবিড়ৰ পৰা কোনো কথা লুকুৱাই ৰাখিব খুজা নাই ৷সেয়ে খুলাখুলিকৈ সকলো কথা কৈ দিছে,আনকি এই সকলোবোৰ যে মায়াৰ বাবেই হৈছে সেই কথাও জনাইছে৷এইবোৰ মায়াই কৰা বুলি জানি নিবিড়ৰো খঙ এটা উঠি আহিল৷ইমানদিনে সমীৰৰ পৰা লুকুৱাই থোৱা ছায়াৰ প্ৰকৃত চিনাকিটোও সমীৰৰ আগত উদঙাই দিলে৷ ছায়া যে মায়াৰেই নিজৰ ভনীয়েক সেই কথা জানি সমীৰৰ চকু কপালত উঠিল৷কাৰণ এইবিষয়ে মায়াই সমীৰক কাহানিও একো কথাই জনোৱা নাছিল৷জনাবওনো কি বুলি?নিজৰ ভনীয়েকৰ ওপৰতেই নিমৰ্মভাৱে যি অত্যাচাৰ কৰিলে সেয়া জানো আনক কোৱা কথা৷নিবিড়ে সমীৰক বিশ্বাস দিয়াবলৈ ছায়াৰ হাতে ভৰিয়ে থকা জ্বলা পুৰাৰ চিনবোৰো দেখুৱাব খুজিলে ,কিন্তু ছায়াৰ হাতত থকা ইস্ত্ৰিৰে জ্বলোৱা দাগটো দেখাৰ পাছতেই সমীৰৰ বুকুখন দেই পুৰি যোৱা যেন কৰিল৷নোৱাৰিলে চাবলৈ,এতিয়া অন্তত সমীৰে মায়াৰ গাত দোষ নিদিয়াকৈ নাথাকে ৷মায়াৰ নামটোতে তাইৰ প্ৰতি ঘৃণা উপজিছে তাৰ৷মানুহ কিদৰে পশুতকৈও অধম হ’ব পাৰে ভাবিয়েই বুকুখন জিকাৰ খাই উঠিল৷ ইমানদিনে বৰ্ষাৰ সৈতে কৰা ব্যৱহাৰতো সমীৰে নিজৰ ওপৰতেই অনুতপ্ত হৈ পৰিছে,মায়াৰ দৰে ছোৱালী এজনীৰ বাবে যে ইমান সময়ে বৰ্ষাক অৱহেলা কৰি আহিছিল তাৰ প্ৰতিফল আজি হাতে হাতে পাইছে৷সমীৰৰ মনলৈ বহুতো পুৰনি কথা কিছুমানে আহি দুলা দি থাকিল৷যেতিয়া মায়াই তাক এৰি আতঁৰি গৈছিল,হয়তো তেতিয়াই বুজি পাব লাগিছিল তাইৰ প্ৰেম প্ৰতাৰণাৰ কথা,কিন্তু নুবুজিলে ,নিজৰে কোনোবাখিনিত ভুল হৈ গ’ল বুলি দিনে নিশাই নিজৰ লগতে বৰ্ষাকো কষ্ট দিলে৷সকলোবোৰ পাহৰি যেতিয়া বৰ্ষাৰ হ’বলৈ চেষ্টা কৰিছিল তেতিয়াই তাই আহি পুনৰ সকলো খেলিমেলি কৰি দিলে৷ সমীৰৰ বৰ্ষাৰ সৈতে মৰম চেনেহবোৰ বাঢ়িব ধৰিছিলহে কিন্তু সেইবোৰতো মায়াৰ চকু পৰিল৷সিহঁতৰ ভালপোৱা সহ্য কৰিব নোৱাৰি মায়াই সমীৰক নিজৰ কৰাৰ চেষ্টা চলালে৷কিন্তু যেতিয়া সমীৰে তাইৰ প্ৰেমৰ বশ্যতা স্বীকাৰ নকৰোঁ বুলি ক’লে তেতিয়া তাই তাক টকাৰে কিনিব খুজিছে৷কথাবোৰ ভাবিয়েই সমীৰৰ ঘৃণা উপজিছে মায়াৰ ওপৰত৷মৰম ভালপোৱা জানো টকাৰে কিনিব পৰা বস্তু ?কথাবোৰ ভাবি ভাবি চকুহাল মুদি চোফাখনতে মুৰটো পেলাই দিলে৷ নিবিড়ে মোম্বাইতে থকা তাৰ চিনাকি উকিল এজনৰ সৈতে কথাপাতি সমীৰে পুনৰ নিজৰ অধিকাৰ বোৰ ঘুৰাই পাব পাৰিবনে সেই বিষয়ে কথা পাতিলে৷কিন্তু মায়াই যিমান চলেৰে সমীৰৰ সকলোবোৰ নিজৰ নামত কৰি থৈছে সেই সকলোবোৰ বিনা প্ৰোভত নচলিব আৰু যদি কেচ চলোৱা হয় তেতিয়াও বহু টকাৰ ব্যয় আৰু সময়ৰহে বৰবাদ হ’ব বুলি জনালে৷যিহেতু কোম্পানীৰ পেপাৰেই হওক বা ডকুমেণ্টেই হওক সকলোতে স্পষ্ট ৰূপত সমীৰে লিখি থোৱা আছে যে সম্পূৰ্ণ সুস্থ মগজুৰে তেওঁ এই সকলোবোৰ মায়াৰ নামত কৰিছে৷সেই সময়ত মায়াৰ ওপৰত বিশ্বাস আছিল বাবেহে সমষ্ট লিখি দিছিল৷কিন্তু সমীৰে যে পাহৰিয়েই পেলাইছিল মানুহ সময়ৰ দাস,অবিশ্বাসৰ দাস ৷বহুত ভাবি ভাবিও কোনোফালেই একো মিলাব পৰা নাই ৷সপোনৰ পাছত দৌৰি দৌৰি আজি এনে পৰ্যায়ত উপনিত হ’লহি যে তাৰ ওচৰত আজি সকলো থাকিব যদিহে বৰ্ষাক ডিভোৰ্চ দিয়ে কিন্তু বৰ্ষাক হেৰুৱা মানেই তাৰ জীৱনটো অৰ্থহীন ৷মায়াৰ দৰে এজনী প্ৰতাৰিত নাৰীৰ সৈতে সংসাৰ কৰিব নোৱাৰে কেতিয়াও৷ বহু কথাই ভাবি গুণি সি নিবিড়ক ক’লে " ঘুৰি যাওঁ মই ঘৰলৈ ,নতুনকৈ আকৌ আৰম্ভ কৰিম,টকাৰ লোভত বিক্ৰী যোৱা মানুহ মই নহয়৷ঘৰলৈ ঘুৰি যাওঁ ইমানদিনীয়া ভুলবোৰ শুদ্ধৰণি কৰোঁগৈ৷" নিবিড়ে ইমান দুখৰ মাজতো মুকলি মনেৰে হাঁহি এটি মাৰি ক’লে " মইয়ো তোৰ লগত আছোঁ৷টকা পইচাৰে বিলাসী জীৱন নহ’লেওটো আমি এটা সুখী জীৱন কটাব পাৰিম" হাঁহি এটি মাৰি বৰ্ষা আৰু ছায়াইয়ো একেলগই জনালে আমিও আছোঁ আপোনালোকৰ লগত৷সমীৰে লাজ সংকোচ নকৰাকৈ বৰ্ষাৰ ফালে আগবাঢ়ি আহি তাইক ক’লে "মোক মাফ কৰি দিয়া বৰ্ষা ,মই হাৰি গৈছোঁ৷তোমাক ৰাণীৰ দৰে ৰখাৰ সপোন দেখিছিলোঁহে হয়তো সেই সপোন এতিয়াই সাৰ্থক কৰিব নোৱাৰিম " "টকাৰে ধনী হোৱাতকৈ,মোক যদি মৰমেৰে ধনী কৰে মই বেছি সুখী হ’ম৷এটা স্বাস্বন্দ্যৰ জীৱনৰ কামনা মই কেতিয়াও কৰা নাই,টকা পইচাৰে কেৱল প্ৰয়োজনহে পুৰন কৰিব পাৰি৷আপোনাৰ ওচৰতো অতদিনে ইমান টকা আছিল আমি জানো সুখী আছিলোঁ?" বৰ্ষাৰ কথাবোৰ তাৰ হাড়ে সিমজুৱে সোমাই বুকুলৈকে বগাই গ’ল৷এই ৰঙীন সময়বোৰতো অজানিতে সমীৰৰ চকুহাল সেমেকি পৰিল৷বৰ্ষাক বাহুবেষ্টনীৰ মাজত সাবটি লৈ কৈ উঠিল "অতীত সদায় পুৰনি,আমাৰ জীৱনটোও আজিৰ পৰা সলনি হৈ যাব " (আগলৈ)

Tuesday, August 18, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 48) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) বৰ্ষাৰ আস্হা আৰু বিশ্বাসে সমীৰক সম্পূৰ্ণ ৰূপত সলাই পেলালে৷তিনিমাহ হ’বৰ হ’ল,সমীৰে এতিয়া ভালদৰে লাহে লাহে চলা ফিৰা কৰিবও পাৰিছে৷হাত ভৰিৰ বেণ্ডেজ বোৰো খুলিলে৷ৰাতিপুৱা ঘৰৰ ভিতৰত বৰ্ষাই খোজ কাঢ়িবলৈ সহায় কৰিছিল কিন্তু এতিয়া বৰ্ষাৰ সৈতে ৰাতিপুৱা শুই উঠিয়েই খোজ কাঢ়িবলৈ বুলি উলাই যায়৷ এইকেইদিন সমীৰৰ আলপৈচানত বৰ্ষাৰ শাৰীৰিক ভাৱে কষ্ট হৈছিল যদিও মানসিক সুখে তাইক সবল কৰি ৰাখিছিল৷মাত্ৰ ভয় এটাই আছিল যাতে সিহঁতৰ এই সুখবোৰৰ মাজলৈ মায়া আহি খেলিমেলি নকৰে৷এতিয়াও আগৰ দৰেই বিচনাৰ ভাগ বতৰা কৰিয়েই সিহঁতি চলি আছে,সেইকথা প্ৰিয়াই জনাত বৰ্ষাক কৈছিল সমীৰৰ মায়াৰ সৈতে এতিয়াও সম্পৰ্ক আছেনে নাই লক্ষ্য কৰিবলৈ৷যদি সমীৰে এতিয়াও লুকুৱাই মায়াৰ সৈতে সম্পৰ্ক ৰাখিছে সেইটো জানিবলৈ তাৰ ফোনটো মাজে সময়ে চেক কৰিবলৈ৷কিন্তু বৰ্ষাৰ এইবোৰ কৰিবলৈ মন নগ’ল৷মনত সন্দেহ পুহি এই সম্পৰ্কটো আগুৱাই নিবলৈ মন নাই৷যদি সমীৰৰ তাইৰ প্ৰতি মৰম চেনেহ সচাঁ অৰ্থত আছে তেনেহ’লে নিশ্চয় সম্পটো জীয়াই থাকিব৷যদি সমীৰে মায়াক পাহৰি এতিয়াও তাইক আকোঁৱালি ল’ব পৰা নাই তেনেহ’লে তাই সময় থাকোঁতেই আতৰি যাব দুৰ ক’ৰবালৈ৷ যিমান দুখ কষ্ট সহ্য কৰিব লগা আছিল বৰ্ষাই সকলো কৰিলে৷এতিয়া সমীৰৰ পাল,বাকী থকা জীৱনটো কাৰ সৈতে কটাব খুজে ৷সেইয়া মাত্ৰ সমীৰেহে নিশ্চিত কৰিব পাৰিব ৷যি কি নহওঁক সমীৰ সলনি হোৱাৰ পৰা বৰ্ষাৰ মনত আশাৰ চাকি এগচি জ্বলি উঠিছে ৷যেতিয়াই তেতিয়াই সমীৰে যিকোনো ৰোমাণ্টিক কথা কৈ তাইক কেতিয়াবা বিবুদ্ধিত পেলাই৷মোটামুটি ভাৱে সিহঁতে চলাই নিজে বৈবাহিক সম্পৰ্কটো৷ সমীৰ আৰোগ্য হ’ল,বহুদিনীয়া বিৰতিৰ অন্তত আজিৰ পৰা অফিচলৈ যাব৷সমীৰে ভালহোৱাৰ পাছতো দুই এবাৰ অফিচলৈ বুলি গৈছিল যদিও খন্তেকৰ বাবেহে৷অফিচৰ কামবোৰ ঘৰৰ পৰাই কৰি থকা বাবে বহুখিনি কাম পিছপৰি গ’ল৷এবছৰৰ বাবে আহিছিল যদিও এতিয়া আৰু কেইমাহমান ইয়াতেই কটাব লাগিব৷গোটেই দিনটোৰ বাবে বৰ্ষাৰ পৰা দুৰত থাকিব কথাষাৰ ভাবিয়েই ৰাতিপুৱা আন্ধাৰতে সাৰ পালে৷বিচনাতে চটফটাই আছে ইফালৰ পৰা সিফাল কৰি৷বিচনাতে পৰি তাৰ দিশে মুখ কৰি শুই থকা বৰ্ষালৈ চালে,তাই টোপনিত লালকাল৷তাইৰ চকুৰ আগলৈ পৰি থকা চুলি কেইদাল কাণৰ কাষত গুজি দিলে৷সমীৰৰ হাতৰ স্পৰ্শত খপজপকৈ সাৰ পাই সমীৰক তাইলৈ চাই থকা দেখি সুধিলে "কিবা লাগিছিল নেকি আপোনাক " "নাই নালাগে" চকুকেইটা মোহাৰি খিৰিকীৰ ফালে চালে অলপ অলপকৈ পোহৰবোৰ নামি আহিছে ধৰালৈ৷হঠাৎ মনলৈ আহিল আজি সমীৰ অফিচলৈ যাব নহয়,কেনেবাকৈ তাই সাৰপোৱা দেৰি হ’ল নেকি?লগালগ বিচনাতে বহি মবাইলটো বিচৰাত লাগিল৷তাকে দেখি সমীৰে সুধিলে " হেয়’ কি বিচাৰিছা" "মোৰ মবাইলটো" সমীৰে তাৰ গাৰুতলৰ পৰা তাইৰ মোবাইলটো উলিয়াই আনি হাতখনলৈ দেখুৱাই ক’লে " এইটো নেকি তোমাৰ মবাইল" তাই মুৰটো জোকাৰি সন্মতি জনোৱাত সমীৰে হাতখন পিছলৈ মেলি ক’লে "লৈ লোৱা মোৰ হাতৰ পৰা " ৰাতিপুৱা পুৱা সাৰ পাই বস্তু টনা আজোৰা কৰিবলৈ তাইৰ অলপো মন নাই যোৱা তথাপিও সমীৰে কৈছে যেতিয়া ল’বটো লাগিবই সেয়ে তাইয়ো হাতখন আগৱাই আনিলে৷তাকে দেখি সমীৰেও তাইক আমনি কৰিবলৈ বুলিয়েই ইফালৰ পৰা সিফাল কৰি ফুৰিছে মোবাইলটো৷এপাকত তাই খপজপকৈ মোবাইলটো ল’বলৈ ধৰোঁতে ওৱালতেই খুন্দা খালে৷তাকে দেখি সমীৰে একদম তাইৰ কাষ পালেহি আৰু ক’লে " চাওঁ চাওঁ ক’ত দুখ পালা" সমীৰে বৰ্ষাই দুখপোৱা ঠাইখিনি মোহাৰি মোহাৰি ফুৱাই দি ক’লে " বেছিকৈ দুখ পালা নেকি ?" সমীৰৰ হাতখন এৰুৱাই তাই দুখপোৱা ঠাইখিনি মোহাৰি মোহাৰি ক’লে " নাই নাই,বেছিকৈ নাই পোৱা" "হ’ব এতিয়া শুই থাকা" বৰ্ষাই মোবাইলটো চালে সময় চাৰি বাজিবৰ হ’ল৷এতিয়া আৰু পুনৰ শুই থকাৰ সময় নাই ৷এঙামুৰি এটা দি সমীৰক ক’লে "আপুনি পুনৰ নুশুৱে যদি উঠক,আজি সোনকালেই এপাক খোজ কাঢ়ি আহোগৈ" ইমান ঠাণ্ডাখনত ৰাতিপুৱাই ব্লেংকেটৰ তলৰ পৰা উলাই যোৱাটোত সমীৰে বৰ এলাহ কৰে ৷আজিয়েই নহয় সদায়েই অলপ ৰ’বা ৰ’বা বুলি সময়বোৰ পিছুৱাই থাকে৷আজিও বৰ্ষাক অলপ পিছত যাম বুলি কোৱাত তাই "তেতিয়াহ’লে মই সোনকালেই পাক এটা মাৰি আহোগৈ"বুলি কৈ বাথৰুমত সোমালগৈ৷বৰ্ষাক অকলে এৰি দিবলৈ মন নগ’ল সেয়ে সিও ল’ৰালৰিকৈ উঠি ব্লেংকেট কেইখন জাপি যাবলৈ ৰেডি হ’ল৷ মুখহাত ধুই আহি বৰ্ষাই সমীৰক খোজ কাঢ়িবলৈ যাবলৈ ৰেডি হৈ থকা দেখি আচৰিত হৈ সুধিলে " আপুনি দেৰিকৈ যোৱাৰ কথা আছিল নহয় " সমীৰেও মিচাকৈয়ে ক’লে " সাৰ পালোঁ যেতিয়া সোনকালে যোৱাই ভাল হ’ব বুলি ভাবিলোঁ" চুলিকোছা ফণিয়াই,দুপাত্তাখন কান্ধতে লৈ তাইয়ো সমীৰৰ পাছে পাছে উলাই আহিল৷এমাহ দিনে নিতৌ পুৱা খোজ কাঢ়িবলৈ আহোঁতে বহুতো মানুহৰ লগত সিহঁতৰ চকুৰ চিনাকি সম্বন্ধ কিছুমান গঢ়ি উঠিল৷সিহঁত হালক একেলগে দেখিলে কিছুমান মানুহৰ মুখত হাঁহি এটি জিলিকি পৰে৷ইমানদিনে বৰ্ষাই সমীৰৰ সৈতে কৰা কষ্টবোৰ সকলোৱে দেখিছে,প্ৰথম দিনা খোজ কাঢ়িবলৈ আহোঁতে বৰ্ষাই সমীৰক ধৰি ধৰি আনিব লগা হৈছিল কিন্তু এতিয়া দুয়োটা একেলগেই সুস্থ সবল হৈ খোজ দিছে৷কেতিয়াবা চকুৰ চিনাকি বাটৰুৱা কিছুমানে সিহঁতক দেখিলেই মাতষাৰ লগাই সমীৰক কৈ যায় ''wow good job ,You are getting well soon,happy to see both of you together " তেতিয়া সমীৰৰ বুকুখন গৰ্বত ফুলি উঠে,বৰ্ষাৰ হাতখন যোৰকৈ টেপা মাৰি ধৰি লয়৷আজি বৰ্ষা নোহোৱা হ’লে তাৰ কি অৱস্থা হ’ল হয় ভাবি চাই৷মায়া তাৰ জীৱনত থকা হ’লেও কিজানি বৰ্ষাৰ দৰে তাৰ যত্ন ল’ব নোৱাৰিলে হয়৷কাৰণ এতিয়া ঘৰত থকা তিনিমাহেই হ’বৰ হ’ল,প্ৰথমমাহত তাৰ মাক দেউতাক আছে বুলি কৈ তাই নাহিলে নাহিলে,তাৰ পাছত অফিচৰ ব্যস্ততা,নতুন কামৰ প্ৰেচাৰ বুলিয়েই থাকিলে৷কেতিয়াবা ফোন কৰি খবৰ লয় সিও বৰ্ষাই নেদেখাকৈ কথা পাতিলেও তাইক বুজায় এতিয়া যে বৰ্ষাক এৰি থকাটো সহজ নহয় ৷কিন্তু মায়াই বুজিবলৈ চেষ্টাই নকৰে৷পাৰ কৰা সময়ৰ দোহাই দি যোৰ কৰে পুনৰ হেৰুৱা সপোনবোৰ বাস্তৱ কৰিবলৈ ৷সেয়ে আজিকালি মায়াৰ ফোন অহা যেন পালে সমীৰে ৰিচিভ নকৰে নাইবা কাটি দিয়ে৷ মৰ্ণিং ৱাকৰ পৰা আহি বৰ্ষাই গা পা ধুই ল’ৰালৰিকৈ সমীৰে খাই যাবলৈ ব্ৰেকফাষ্ট ৰেডি কৰাত ব্যস্ত৷ইফালে আজি সময়তকৈ আগতেই সমীৰে আহি টেবুলত বহি আছেহি৷ইমান পৰ টেবুলত চাহ কাপো নেদেখি সমীৰে চিঞৰি সুধিলে " বৰ্ষা হোৱা নাই নেকি?" বৰ্ষাইয়ো চিঞৰিয়েই উত্তৰ দিলে " হৈছে ৰ’ব,চাহটো উতলিব আৰু" বহাৰ পৰা উঠি সিও তাইৰ কাষ পালেগৈ৷ৰুটি বনাই আছে তাই,তাতে সমীৰক পাকঘৰত দেখি বেছিকৈ দেৰি হৈছে বুলি অলপকৈ ভয়ো কৰিছে৷সেয়ে তাই ৰুটিটো বহোৱাই প্লেট এখনত ভাজি বাঢ়ি থকা দেখি উতলি পৰা চাহখিনি সমীৰেই নমাই বাকিবলৈ ধৰিলে৷ইফালে ৰুটিটোও দেই যাওঁ যেন অৱস্থা, বৰ্ষাই পতাপত লুটিয়াই দিওঁতে আঙুলিতে অলপ পুৰিলে৷হাতখন ফুৰাই ফুৰাই তাই ভয়ে ভয়ে ৰৈ থকা দেখি সমীৰে তাইৰ হাতখন নিজৰফালে টানি আনি চালে কিমান পুৰিলে,বেছি নহয় মাত্ৰ ৰঙা পৰিছে ৷তাই দুখ পোৱা দেখি খঙো উঠিছে সেয়ে টানকৈ গম্ভীৰ সুৰত ক’লে "কি কৰি আছা বাৰু ,মোৰ দেৰি হোৱা নাই লাহে লাহে কৰা" তাৰ পাছত চাহৰ কাপটো লৈ ডাইনিং টেবুলত বহিলহি৷বৰ্ষাক অলপ টানকৈ কোৱাৰ বাবে কিবা এটা ভাল লগা নাই,তাইৰ গাতনো কি ভুল?সি কিবা এটা খাই যাব বুলিহে ল’ৰালৰি কৰিছে৷চাহত চুমুক দি কথাবোৰ ভাবোঁতেই বৰ্ষাই ব্ৰেকফাষ্টৰ প্লেটখন তাৰ সন্মুখলৈ আগবঢ়াই দিলেহি৷সমীৰে তাইৰ ফালে চালে ,কিন্তু তাৰ প্ৰতি তাইৰ মনত কোনো খঙ ৰাগ অনুভৱ নকৰিলে৷সোনকালে খাই বৈ ফাইলৰ বেগটো লৈ পাকঘৰলৈ আহি বৰ্ষাক পিছফালৰ পৰাই তাই নজনাকৈ গালতে টপককৈ চুমা এটা সেইখিনিৰ পৰা অদৃশ্য হোৱাৰ দৰেই তাইক যাওঁ বুলি কৈ ওলাই আহিল৷ ইমান জল্দি তাইৰ সৈতে কি হ’ল তাই ভাবিবলৈয়ে বাট নাপালে৷তথাপিও মনটো ভাল লাগি আহিল ৷ দিনটো ভাললগা অনুভূতিয়ে বৰ্ষাৰ মনটো আৱৰি ৰাখিল৷সন্ধিয়া সমীৰে অফিচৰ পৰা অহালৈ বাট চাই আছে,সাত বাজি গ’ল কিন্তু এতিয়াও পোৱাহি নাই৷দিনত বৰ্ষাই ফোন কৰিছিল যদিও বিশেষ কামত ব্যস্ত আছোঁ বুলি কৈ,তাইৰো খা খবৰ সুধি ফোনটো কাটি দিলে৷এতিয়াও দুবাৰ মান ফোন কৰিছিল কিন্তু ৰিচিভ নকৰিলে৷বাৰে বাৰে ফোন কৰি থাকিবলৈয়ো বেয়া লাগিছে৷তথাপিও তাৰ বাবে চিন্তা হৈ আছে৷ কেনেবাকৈ কিবা অসুবিধাত পৰিছে নেকি জানিবলৈ তাইৰ মনটো উদ্বিগ্নতাৰে ভৰি পৰিল৷তেনেকুৱাতেই মোবাইল স্ক্ৰিনত ভাহি আহিল সমীৰৰ মেছেজটো "মোৰ দেৰি হ’ব চিন্তা নকৰিবা" ৷ চিন্তাবোৰ অলপমান কমিল যদিও মনত ভয় ভাব এটাই খেদি ফুৰিছে৷নানা ধৰণৰ প্ৰশ্নই মুৰটোত ঘৰ পাতিছেহি,কিন্তু এই সকলোবোৰৰ পৰা নিজকে মুক্ত কৰিবলৈ নিজকে ব্যস্ত ৰখাৰ চেষ্টাত পাকঘৰতে কামত ধৰিলগৈ৷টিকটিক কৈ ঘড়ীৰ কাটাবোৰে শব্দ কৰি সময়বোৰ পাৰ হৈছে,কিন্তু এতিয়ালৈ সমীৰৰ কোনো খা খবৰ নাই ৷বাৰে বাৰে ঘড়ীটো চাই আছে,আঠ বাজি পাৰ হ’ল ৷সেয়ে কামত লাগি আছে যদিও কাণখন এতিয়াও কলিংবেলটোত আৱদ্ধ কৰি ৰাখিছে৷ অপেক্ষা বোৰৰ যতি পেলাই কলিং বেলটো বাজি উঠিল৷বৰ্ষাই ল’ৰালৰিকৈ দোৱাৰখন খুলি দিবলৈ ঢপলিয়াই আহিল৷সমীৰে গোমোঠা মুখখন লৈ ভিতৰলৈ সোমাই আহিল ৷তাক দেখাত অলপ চিন্তিত যেন লাগিছে সেয়ে তাই কিবা এটা সুধিম বুলিও ৰৈ গ’ল৷সমীৰেও মৌন হৈ সেইখিনিৰ পৰা আতৰি গ’ল৷সেয়ে পাছতেই সুধিম বুলি তাইয়ো চাহ কৰিবলৈ বুলি পাকঘৰলৈ সোমাই আহিল৷ কাপোৰ কানি সলাই চিন্তাত বিভোৰ হৈ সমীৰে বিচনাখনতে বহি আছে৷বৰ্ষাই এখোজ দুখোজকৈ আগবাঢ়ি সমীৰৰ হাততে চাহৰ কাপটো তুলি দিলে৷ইমান চিন্তিত থকাৰ কাৰণ জানিবলৈ বুলিয়েই তাৰ কাষতে বহি ল’লে৷কিন্তু পুনৰ কলিংবেলটো বাজি উঠাত এইসময়ত কোন আহিব পাৰে বুলি বৰ্ষাই সেইখিনিৰ পৰা উঠি আহিল৷ দোৱাৰখন খুলি দিয়াত বৰ্ষাৰ উপস্থিতিক অগ্ৰাহ্য কৰি মায়াই গপগপাই ভিতৰলৈ সোমাই আহিল আৰু সমীৰ থকা ৰুমটোত সোমালগৈ৷হঠাৎ ধুমুহা জাকৰ দৰে মায়াই তাইৰ সন্মুখেৰে পাৰ হৈ সমীৰৰ কাষলৈ গ’ল বৰ্ষাই একো তলকিবই নোৱাৰিলে৷তথাপিও মায়াক দেখিয়েই তাই কঁপি উঠিল৷বুকুখন গধুৰ হৈ আহিল,একোকে বুজিবলৈ বা সুধিবলৈ সুবিধাই নাপালে তাইক৷একেঠাইতে শিল পৰা কপৌৰ দৰে থৰ লাগিল তাই৷বুকুৰ ভাৰাক্ৰান্ত যন্ত্ৰণাবোৰে চেপিকুচি আনিলে তাইক৷মুৰটো ঘুৰোৱা যেন কৰাত চোফাখনতেই বহি পৰিল৷মনলৈ বহুবোৰ প্ৰশ্নই অহা যোৱা কৰি আছে৷এইৰাতিখন মায়া অহাৰ কাৰণ জানিবলৈয়ো মনটো উদ্বিগ্নতাৰে ভৰি পৰিছে৷সময় প্ৰায় পোন্ধৰমিনিট হ’ল মায়া এতিয়াও সমীৰৰ কোঠাৰ পৰা ওলাই অহা নাই৷তাইৰ বুকুৰ যন্ত্ৰণাবোৰ বাঢ়ি আহিব ধৰিছে,কি বা কৰিছে?কি হৈছে সিহঁতৰ মাজত ভাবি ভাবি চকুপানীবোৰ সৰাসৰে বাগৰিব ধৰিছে৷ সমীৰৰ জীৱনলৈ কালধুমুহা নামি আহিছে৷গুৱাহাটীত থকা তাৰ কোম্পানীটোৰ যি পঞ্চাশ শতাংশৰ মালিকীস্বত্ব তাৰ নামত আছিল,সেয়া আচলতে তাৰ কেতিয়াও নাছিলেই৷মায়াই তাৰ সৈতে বিশ্বাসঘাটকতা কৰিলে৷বিশ্বাসৰ নামত বেআইনী কাগজৰ প্ৰমাণ তাৰ হাতত জাপি দিছিল ৷সেইসময়ত সমীৰে তাইৰ ওপৰত থকা দৃঢ় বিশ্বাসৰ বাবেই সচামিছা কোনো কথাৰ বিচাৰ নকৰাকৈয়ে চহী কৰি দিছিল সকলোবোৰ৷কিন্তু এতিয়া বাহিৰৰ কোম্পানীৰ সৈতে কৰা তাৰ ড্ৰিম প্ৰজেক্টটো কাহানিও হৈ নুঠিব যদিহে কোম্পানীৰ আধা মালিকীস্বত তাৰ নামত আছে বুলি প্ৰমাণ কৰি দেখুৱাব নোৱাৰে৷যদিহে এই প্ৰজেক্টটো কেনচেল হয় তেনেহ’লে তাৰ বহু লাখ টকাৰ লোকচান হ’ব৷মায়াই তাৰ সৈতে কিয় এনেকুৱা কৰিলে জানিবলৈয়ে তাইক ঘৰলৈ মাতি পঠাইছিল৷কিন্তু মায়াই নিজৰ ভুল মানি ল’বলৈ কোনো মতেই সাজু নহয়৷মাত্ৰ সমীৰক চলাহি কথাৰে এতিয়াও নিজৰ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে৷সমীৰৰ সৈতে এইবোৰ কি হৈ আছে সি একোকে বুজি পোৱা নাই৷কাক বিশ্বাস কৰিব কাক নকৰিব আৰু মায়াই তাৰ সৈতে এনেকুৱা কৰিব পাৰেনে ভাবিয়েই যথৰ লাগিছে৷মায়াই তেতিয়াই প্ৰচন্দ আৱে তাক ভালপোৱাৰ স্মৃতিবোৰ সোৱৰাই সাবটি ধৰি ল’লে৷ তেনেকুৱাতে বৰ্ষাই আহি সিহঁতক সেই অৱস্থাত দেখিলেহি লগতে মায়াই সমীৰক কৈ থকা শুনিলে "মই আছোঁ তোমাৰ লগত,এতিয়াও সকলো থিক হৈ যাব সমীৰ৷ তুমি মাত্ৰ এবাৰ বৰ্ষাৰ সৈতে ডিভোৰ্চ পেপাৰত চাইন কৰি দিয়া "৷ কথাষাৰ শুনি বৰ্ষাই ৰ’ব নোৱাৰিলে উচুপি উচুপি সেইখিনিৰ পৰা গুচি আহিলে৷সমীৰে বৰ্ষাক কান্দি কান্দি ওলাই যোৱা দেখি মায়াক কাষৰ পৰা গতিয়াই বৰ্ষাৰ পাছে পাছে আহিল৷এই সময়ত বৰ্ষাৰ মুৰটোৱে অলপো কাম নকৰা হৈ পৰিছে,চকুৰে দেখাবোৰ আৰু কাণেৰে শুনাবোৰেই সচাঁ বুলি ধৰি সমীৰৰ ওপৰত মনটো তীব্ৰ অভিমানী হৈ পৰিছে৷ইটো ৰুমৰ দোৱাৰত হুকটো লগাই সোমাই থাকিলে৷সমীৰে বাহিৰৰ পৰাই বৰ্ষাক বহুবাৰ মাত দিলে কিন্তু বৰ্ষাই কোনো উত্তৰেই নিদিলে মাত্ৰ হুকহুকাই কান্দি থাকিল৷ বৰ্ষাক এইদৰে কান্দি কান্দি ওলাই যোৱাৰ দৃশ্যটোৱে তাৰ বুকুত দ’কৈ সাজ বহোৱাইছে৷মায়াৰ ওপৰতে তীব্ৰ খঙ উঠি আহিল,দাঁত কৰচি গৰজি উঠিল তাইৰ ওপৰতে আৰু ক’লে যে "এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যোৱা নহ’লে কথা বহুত বেয়া হ’ব " মায়াই লাজ মান নথকাৰ দৰে সমীৰলৈ ডিভোৰ্চ পেপাৰ এখন আগবঢ়াই দি ক’লে " তুমি কি ভাবিলা মই ইমান সহজেই তোমাৰ লগ এৰি দিম৷না..না..মি.সমীৰ বৰুৱা মই ইমান সহজে তোমাক পাহৰি যোৱা বিধৰ নহয়৷এতিয়াও সময় আছে বৰ্ষাক ডিভোৰ্চ দিয়া আৰু মোৰ সতে আমি একেলগে মিলি দেখা সপোনবোৰ পুৰ কৰোঁ আহা" সমীৰে প্ৰচন্দ খঙেৰে কৈ উঠিল " পাগল হৈছা নেকি তুমি অলপ,কি আবোল তাবোল বকি আছা ?এইবোৰ মোৰ বাবে এতিয়া একেবাৰেই সম্ভৱ নহয় !" "তেনেহ’লে অসম্ভৱক সম্ভৱ কৰি দিয়া ৷মোক পাহৰি বৰ্ষাক ভালপোৱাটোও তোমাৰ বাবে জানো অসম্ভৱ নাছিলে৷ কথাবোৰ ভাবি ক’বা কাৰণ প্ৰেম,প্ৰতাৰণা,প্ৰতিশোধ এইবোৰ মই ভাল নাপাওঁ৷তাতে এইটো তোমাৰ জানো ড্ৰিম প্ৰজেক্ট নহয়,এনেকুৱা গল্ডেন অপচুনিতি কেতিয়াও নাপাব যদিহে বিজনেছ চেক্টৰত তুমি এবাৰ কাৰোবাক ধৌকা দি সময় বৰবাদ কৰিলা বুলি উলাই পৰে৷" "তাৰমানে মায়া এইবোৰ তুমি কৰিলা?" "সমীৰ তুমি কিয় নুবুজা ৷তোমাক ভালপাওঁ বাবেইটো এইবোৰ কৰিছোঁ৷মই মাত্ৰ তোমাক নিজৰ কৰিব খোজো সমীৰ৷মোৰ তোমাক সেই ভয়াতুৰ গঞা ব্লা...ব্লা..এনিথিং হোৱাটএভাৰ যিয়েই নহওঁক,থাৰ্ড ক্লাছ বৰ্ষাজনীৰ লগত অলপো হজম নহয় ৷সেয়ে এতিয়া চইছ তোমাৰ ওপৰত " মায়া যোৱাৰ পাছত মেইন দৰ্জাখন বন্ধ কৰি থেৰোঁগেৰোঁকৈ নিজৰ ৰুমলৈ সোমাই আহিল৷খঙতে কি কৰিব একোকেই বুজি পোৱা নাই৷এফালে জীৱনৰ সৰ্বস্ব আৰু আনফালে বৰ্ষা আৰু এই ডিভোৰ্চ পেপাৰখন৷খঙত মুৰটো ইমানেই কামুৰিছে যে তাৰ নিজৰে কন্ট্ৰলৰ বাহিৰত গুচি গৈছে৷এনেকুৱা অৱস্থাত কোনো কথা বৰ্ষাক বুজোৱাটো তাৰ বাবে একেবাৰেই বোধগম্য নহ’ব ৷ সেয়ে শ্লিপিং টেবলেট এটা খাই শুই পৰিল৷ পুৱা সমীৰৰ সাৰপোৱা অলপ দেৰি হ’ল৷যোৱাৰাতিৰ কথাবোৰ বৰ্ষাক ভালদৰে জনাব বুলি তাইক বিচাৰি ৰুমটোৰ পৰা উলাই আহিল৷কিন্তু বৰ্ষা ক’তো নাই,পাকঘৰ ,বেডৰুম,বাথৰুম,ড্ৰয়িং ৰুম ক’তোৱেই নাই ৷বুকুখন হেচাঁ মাৰি আহিল ,ল’ৰালৰিকৈ সময়টো চালে আঠ বাজিবৰ হ’ল৷ইমান ৰাতিপুৱাই বৰ্ষা ক’ত যাব পাৰে ভাবি বুকুখন গধুৰ হ’বলৈ ধৰিলে৷কোনোমতে মোবাইলটো লৈ কপাঁ কপাঁ হাতেৰে বৰ্ষাৰ নাম্বাৰটো ডাইল কৰিলে৷কিন্তু ৰিং গৈছে ৰিচিভ হোৱা নাই৷এপাকত মোবাইল ৰিংটনটো সিহঁতৰ ৰুমটোৰ পৰা ভাহি অহা যেন শুনি কেনেবাকৈ বেলকনিত আছিলে নেকি ভাবি সেইফালেই দৌৰি গ’ল৷কিন্তু নাই তাইৰ ফোনটো গাৰুটোৰ কাষতে থোৱা আছে৷ফোন এৰি গৈছে যেতিয়া প্ৰিয়াহঁতৰ ঘৰলৈয়ে যাব পাৰে বুলি দৌৰি আহিল প্ৰিয়াহঁতৰ ঘৰৰ ফালেই৷কিন্তু নাই সিহঁতৰ ঘৰটোত তলাবন্ধ৷তেনেহ’লে বৰ্ষা ক’ত গ’ল৷কেনেবাকৈ যোৱাৰাতিৰ ঘটনাটোৰ বাবে ঘৰ এৰে গুচি যোৱা নাইটো ৷লগালগ দৌৰি আহি আলমিৰাহ কেইটা খুলি চিলেহি৷কিন্তু বৰ্ষাৰ কাপোৰ কানিবোৰো আছে দেখোন,তেনেহ’লে তাই ক’ত যাব পাৰে৷কেনেবাকৈ দোকানৰ ফালে ওলাই গ’ল বুলি ভাবি মনতে সকাহ লৈ তাইৰ বাবে অলপ সময় বাট চালে কিন্তু এঘন্টা হ’বৰ হ’ল বৰ্ষা এতিয়াও ঘুৰি অহা নাই৷কেনেবাকৈ সকলোবোৰ এৰি গুচি গ’ল নেকি তাই,ভাবিয়েই মনটো জোখতকৈ আৰু অধিক গধুৰ হৈ পৰিলে৷হৃদয়খন যন্ত্ৰণাত দগ্ধ হ’বলৈ ধৰিলে,হাত ভৰিৰ কপঁনিবোৰ বাঢ়ি আহিল৷তেনেকুৱাতেই মনত পৰিল নিবিড়ৰ কথা৷লগালগ তালৈকে ফোন কৰি সুধিলে " বৰ্ষা আছে নেকি তোৰ লগত ?" " নাই নহয়,মইটো ছায়াক হস্পিতাল আনিছোঁ আজি " " কিয় তাইৰ কি হৈছে ?" "এহ’ অলপ ভাইৰেল ফিভাৰ " " সচাঁকৈ বৰ্ষা তোৰ সৈতে নাইনে,মিচাকৈ কৈছ্?" "আৰ্ৰে ৰাতিপুৱাই কিয় মিছা ক’ম বাৰু তোক সচাকৈ নাই " "তেতিয়াহ’লে ইমান ৰাতিপুৱাই ক’ত গ’ল তাই?" "আছে চাগে প্ৰিয়া বাহঁতৰ ঘৰতে " "নাই মই সব চালোঁ ক’তো নাই,ইনফেক্ট যোৱা এঘন্টা ধৰি মই তাইক বিচাৰি আছোঁ৷" "ৰ’হ মই ফোন কৰি সুধি আছোঁ" সমীৰে চিঞৰ মাৰি দাঁত কৰচি কৈ উঠিল " তই নুবুজ কিয় মোৰ কথা,বৰ্ষা ক’তো নাই৷মোবাইলো ঘৰতে থৈ গৈছে৷ক’ত গৈছে মোকো কৈ থৈ যোৱা নাই৷প্ৰিয়াহঁতৰ ঘৰতো তলা" "ৰ’হ ৰ’হ ধৈৰ্য্য ধৰ মই গৈ আছোঁ " কান্দোনামুৱা হৈ সমীৰে কৈ উঠিল " জল্দি আহ্ না ভাই মোৰ বহুত চিন্তা হৈছে৷তাই ঘৰ এৰি গুচি যোৱা নাইটো " "ৰ’হ ৰ’হ মই এতিয়াই গৈ আছোঁ " (আগলৈ)

Monday, August 17, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 47) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) দিন বাগৰাৰ লগে লগে সমীৰে অনুভৱ কৰিছে কিমান যে মধুৰ এই দাম্পত্যৰ জীৱন৷যিজনী বৰ্ষাৰ সৈতে এখন্তেক সময় কটাবলৈ তাৰ কঠিন যেন লাগিছিল সেইজনী বৰ্ষা নহ’লে এতিয়া তাৰ সময়বোৰ নাযায় নুপুৱায়৷যদি বৰ্ষাই এই সম্পৰ্কটো ধৰি বান্ধি জীয়াই নাৰাখিলে হয় তেতিয়াহ’লে সি কেতিয়াও নুবুজিলে হয় কঠিন যেন লগা এই সম্পৰ্কটোৱে যে এদিন এৰাব নোৱাৰা আত্মিক সম্পৰ্কলৈ ৰূপান্তৰিত হ’ব৷বিবাহৰ বান্ধোনেৰে অচিনা অজানা মানুহ এজনৰ লগত সম্পৰ্ক ৰক্ষা কৰাটো জানো সহজনে ?তাতে আজিলৈ হয়তো অৱহেলাৰ বাবে একোৱেই দিব নোৱাৰিলে তাইক৷শৰশয্যাকাৰী হোৱাৰ পৰাই বৰ্ষাই মাথোন তাক সুস্থ কৰি তুলিবলৈয়ে যৎপৰোনাস্তি চেষ্টা কৰি আছে৷বৰ্ষাৰ ঠাইত মায়া হোৱা হ’লে জানো ইমান কৰে? দুয়োজনীৰ মাজতেই এক তুলনা কৰি চালে৷৷কিন্তু উত্তৰত মনলৈ আহিল "প্ৰেমিকা হোৱাটো সহজ কিন্তু পত্নী হোৱাটো টান" ৷ সচাঁই প্ৰেমিকাৰ পৰা পত্নীৰ যাত্ৰাটো কেতিয়াবা উজুটি খায় মানুহে কিন্তু বিবাহপাশত আবদ্ধ হৈ দুখন অচিনাকি হৃদয়ো চিৰযুগমীয়া হয়৷আপোনত্বৰ অনুভৱে মানুহক সলনি কৰি দিব পাৰে৷এধানি মৰম পালে শিলো এদিন ক্ষয় যাব পাৰে,যেনেকৈ বৰ্ষাৰ মৰমে সমীৰক সলনি হ’বলৈ বাধ্য কৰিলে৷মৰম লাগি গ’ল তাৰ এই টিপটিপি বৰ্ষাজনীলৈ যি এতিয়া নিজৰ দায়িত্ববোধৰ আগত দুখ কষ্ট সকলোবোৰৰে বিসৰ্জন কৰি দিছে৷চাওঁতে চাওঁতে সময়বোৰ ইমান বেগত দৌৰিছে যে ভাবিয়েই ভাল লাগে৷হয় সি পুনৰ প্ৰেমত পৰিছে,বৰ্ষাৰ প্ৰেমত চিঞৰি চিঞৰি তাইক জনাবলৈ মন যায়,প্ৰেমৰ নিবেদন দিবলৈ মন যায় কিন্তু এই ভগা ভৰিৰে ক’লৈকো উঠি যাবওটো নোৱাৰে৷মনটোত বেজাৰ লাগিল কিন্তু হাতত টাৱেলখন লৈ বৰ্ষাক তাৰ ফালেই অহা মন কৰিলে,সেয়ে চকুহাল উজ্জ্বলি উঠিল৷ বৰ্ষাক দেখি সমীৰে নিজকে কামত ব্যস্ত থকা যেন দেখুৱাবলৈ যত্ন কৰিছে৷সমীৰৰ একেবাৰে ওচৰত থিয় হৈ বৰ্ষাই ক’লে " অলপ পাছত ডক্তৰ আহিব,চেকআপ কৰিবলৈ৷কাপোৰ সাজ সলাই দিওঁ " একান্ত বাধ্য ছাত্ৰৰ দৰে সমীৰে ৰৈ দিলে৷গৰম পানীত কাপোৰখন তিয়াই মচি দিলে তাৰ গাটো৷প্ৰথমে লাজ লাগিছিল তাইৰ,কিন্তু এতিয়া নালাগে,প্ৰতিদিনৰ অভ্যাসেই হৈ উঠিছে৷তাতে সমীৰ যিহে চাফ চিকুণ,এসাজ কাপোৰ দিনটো পিন্ধি থাকিব নোৱাৰে৷মুখহাতবোৰ মোহাৰি দিওঁতে সমীৰে "আস " বুলি কৈ জিকাৰ খাই উঠিল৷বৰ্ষাৰ বুকুখন ধিপধিপাই উঠিল,কেনেবাকৈ দুখ পালে নেকি? বৰ্ষাই চকুহাল মুদিয়েই সুধিলে "নজনাকৈ লাগিল,মই জানি বুজি কৰা নাই " সমীৰে হাঁহি এটা মাৰি ক’লে " একো নাই,মই কিবা কৈছোঁ জানো তোমাক " যেনেতেনে তাইৰ বুকুৰ ধপধপনি বোৰে হ্ৰাস পালে ৷সমীৰৰ মনত বৰ্ষাৰ প্ৰতি উন্মাদনা বাঢ়ি আহিল৷সেয়ে কৈ দিলে " তুমি মোৰ অৱহেলাবোৰ কেনেকৈ সহ্য কৰিছিলা ?" বৰ্ষাই অবাক লাগি তালৈ চালে,উত্তৰ দিব পৰাকৈ তাইৰ হাতত একোৱেই নাই৷সেয়েই লাহেকৈ সুধিলে " কিয় লাগে আপোনাক " " মোকো শিকাই দিয়া,তুমি অৱহেলা কৰা যেন পালে কষ্ট পাওঁ " "অৱহেলা আৰু মই ?" "তেনেহ’লে মোৰ পৰা কিয় আতৰি থাকা " বৰ্ষাৰ গালদুখন ৰঙা চিঙা পৰিল৷তাই আজিলৈ ভবাই নাছিলে সমীৰে যে তাই অৱহেলা কৰিছে বুলি কোনোদিন অনুভৱ কৰিব৷আচলতে তাইয়ো অৱহেলা কৰা নাই,মায়া উভতি আহিলে তাইৰ অস্তিত্ব হেৰাব বুলিহে অলপকৈ আতৰি থাকে৷কিন্তু দায়িত্ববোধৰ পৰা কেতিয়াও পলাই যোৱা নাই৷বুকুখন লাহে লাহে গধুৰ হৈ পৰিল৷সমীৰক ভালদৰে কাপোৰ কানি পিন্ধাই চুলিখিনি আছুৰি তাৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈয়ে যাবলৈ ওলাল৷সমীৰে তাইৰ চাদৰৰ আগটোতে টান মাৰি ধৰিলে৷পাছলৈ ঘুৰি তাই ক’লে " নাই যোৱা আতৰি,দৰব খোৱাৰ সময় হ’ব হ’ল৷তাৰ আগতে কিবা এটা খোৱাই লওঁ" চাদৰৰ আগটো এৰি দিলে সমীৰে৷বৰ্ষাও ৰুমটোৰ পৰা ওলাই গ’ল তেনেকুৱাতেই ফোনটো বাজি উঠিল,মায়াৰ ফোন৷ৰিচিভ কৰিবলৈ মন নথকা সত্বেও কিনো কয় জানিবলৈ খুজিলে৷সেইদিনা তাই হস্পিতালত বৰ্ষাৰ কথা মিচাকৈ কোৱা বুলি জানি খঙ এটা উঠিয়েই আছে৷তথাপিও এসময়ৰ প্ৰেমিকা আৰু ভাল বান্ধৱী বুলিয়েই ফোনটো ৰিচিভ কৰিলে৷মায়াই ভাল বেয়াৰ খবৰ সুধি,পুৰণা স্মৃতি কিছুমানৰ কথাও উলিয়ালে৷এতিয়া সেইবোৰ কথা পাতিবলৈ বা মনত কৰিবলৈ মন যোৱা নাই তাৰ৷বাৰে বাৰে কথাবোৰ সলাবলৈ খুজিলে৷কিন্তু মায়াই তাই যে এতিয়া অকলশৰীয়া সেই কথা জনাই বাৰে বাৰে সমীৰক উপলব্ধি কৰাব খুজিলে সিহঁতৰ প্ৰেমৰ কথা৷জপাই থোৱা দোৱাৰখন লাহেকৈ খুলি বৰ্ষাই ভাতৰ থালীখন লৈ তাৰফালে আগবাঢ়ি আহিছে৷তাকেদেখি মায়াৰ ফোনটো কাটি মোবাইলটো চুইটচ অ’ফ কৰি একাষে থৈ দিলে৷ সমীৰে তাইৰ দেখি ল’ৰালৰিকৈ ফোনটো থোৱা দেখি বৰ্ষাৰ অলপমান কথাবোৰ অসহজ যেন লাগিলে৷আজিকালি অৱশ্যে সমীৰলৈ থকা ভয়বোৰ কমিছে গতিকে লগালগ প্ৰশ্ন কৰিলে " কাৰ ফোন আছিল ?" "অফিচৰ পৰা " বুলি সমীৰে মিচাকৈয়ে কৈ দিলে৷কাৰণ আন এদিনো এইদৰে মায়াৰ সৈতে কথা পতাটো বৰ্ষাই মন কৰোঁতে তাক কৈ দিছিল ব্যস্ত আছে যদি মই পিছত আহিম আৰু তাৰ পাছত তাৰ পৰা দুৰে দুৰেই আছিল৷বৰ্ষাই যে অভিমান কৰে বুজিব পৰা হ’ল৷অভিমানৰ ওৰণি তুলি অন্যমনস্ক হৈ ইটো সিটো কৰি ফুৰিছিল তাই ৷এতিয়া তাইক কোনোধৰণৰ মানসিক অশান্তিত ভুগা দেখিলে তাৰো কষ্ট হয়,সেয়ে যিমান পাৰে অসহজ হ’ব পৰা সময়বোৰক এৰাই চলে৷বৰ্ষাক সুখত ৰাখিব খোজে,বৰ্ষা সুখী হওঁক৷ কথাবোৰ কৈ বৰ্ষাই তাক কেনেবাকৈ সন্দেহ কৰিছে নেকি ভাবিয়েই তাইৰ মুখলৈ চাই আছিল৷কিন্তু নাই তেনেকুৱা একো দেখা নাই৷বৰ্ষাই সানিপিটিকি ভাতৰ গৰাহ এটা তাৰফালে আগবঢ়াই দিলে৷মুখ মেলি পৰম তৃপ্তিৰে ভাতগৰাহ খাওঁতে বিয়াৰ দুদিনৰ পাছতেই তাই ৰন্ধাবোৰ দেখি তাইৰ ওপৰত চিঞৰি উঠাৰ দৃশ্যটো চকুৰ আগত ভাহি আহিল৷লগালগ কথাটোৱে বুকুত শূল বিন্ধাদি সোমাই পৰাত চৰচৰণি খালে৷ বৰ্ষাই তাৰ পিঠিতে থপথপাই মোহাৰি পানী অলপ খুৱাই দিলে৷সমীৰৰ চকুহাল চলচলীয়া হৈ পৰিল,বৰ্ষাই তাইৰ চাদৰৰ আগটোৰে সমীৰৰ চকুৰ কোণ কেইটা মোহাৰি সুধিলে "থিকেই আছেনে এতিয়া " সমীৰেও হুমুনিয়াহ এটি কাঢ়ি আন গৰাহ ভাত মুখত ল’লে৷সোঁহাতখনত বেণ্ডেজ থকাৰ বাবে বাওঁহাতেৰে চামুচেৰে খাবলৈ কষ্ট পাব বুলিয়েই বৰ্ষাই খোৱাই দিয়ে নিজ হাতেৰে৷এই ভাত গৰাহত এক বেলেগ ধৰণৰ তৃপ্তি আছে৷সৰুতে স্কুল যাওঁতে মাকে লাডু কৰি খোৱাই পঠিওৱাৰ দৰেই সোৱাদ৷বৰ্ষাৰ মাজত এতিয়া সমীৰে মাকৰ দৰেই নিস্বাৰ্থ মৰম আৰু আৱেগ বিচাৰি পায়৷আত্মসন্তুষ্টিত আৰু বেছি খাবলৈ মন যোৱা নাই তাৰ সেয়ে দুগৰাহমান খায়েই নাখাওঁ বুলি আব্দাৰ কৰিছিল কিন্তু বৰ্ষাইহে ফুচুলাই,ধমক দি আটাইখিনি শেষ কৰালে৷আজিকালি মৰম আদৰবোৰ বেছিকৈ পায় বাবে সমীৰো কেচুৱাৰ দৰে হৈ পৰিছে৷বৰ্ষাই অলপ মৰম লগাই বা কেতিয়াবা নিৰস কথা কিছুমান নক’লে সহজে সমীৰে মানিয়েই নলয় ৷ আবেলিপৰত ডক্তৰ আহিল,সমীৰক চেকআপ কৰি আজি ধৰি ধৰি অলপকৈ থিয় কৰাবলৈ যত্ন কৰিলে৷ধৰি দিলে সমীৰেও পাৰিছে থিয় হ’বলৈ,সেয়ে এতিয়াৰ পৰা ৰাতিপুৱা গধূলি খোজ কাঢ়িবলৈ চেষ্টা কৰিবলৈ জনাইছে৷বিষবোৰ এতিয়াও থকাৰ বাবে ইনজেকচন দিলে,ৰাতিলৈ জ্বৰ উঠিবও পাৰে বুলি বৰ্ষাক জনাই থৈ ডক্তৰজন গ’লগৈ৷এটা ভৰিত বেণ্ডেজ থকাৰ বাবে লৰাবই নোৱাৰে তাতে আজি ইটো ভৰিটো ইনজেকচন দিয়াত অলপ অলপকৈ ফুলি আছে৷ভয়ো হৈছে বৰ্ষাৰ,এপাকত ভাবিলে নিবিড়কে মাতি দিব নেকি কিন্তু পিছমুহূৰ্ততে মনলৈ আহিল কিমাননো আমনি কৰিব যি হয় নিজেই কৰিব লাগিব এতিয়া৷ৰাতিলৈ কিবা দিগদাৰ হ’লেটো প্ৰিয়া হঁত আছেই৷ গধূলি শাহুৱেক বৰুৱানীৰ ফোন আহিল৷খবৰ খাটি সুধাৰ পাছত সমীৰক এবাৰ দেখা কৰিবলৈ বুলিয়েই ভিদিঅ’ ক’ল কৰিবলৈ জনালে৷বৰ্ষাইয়ো ফোনটো হাততে লৈ সমীৰৰ কাষতে বহি ল’লেগৈ,তাৰ পাছতে বৰুৱানীলৈ ফোন লগালে৷দুয়োটাকে একেলগে ওচৰাওচৰিকৈ থকা দেখি বৰুৱানীৰ মনটোও উৎফুল্লিত হৈ উঠিল৷সিহঁতৰ কথা বতৰাবোৰতো দুয়োটাক সুখী থকা যেনেই লাগিছে৷ হাঁহি থকা চকু দুহালে মধুৰ সময়ৰ দোহাই দি গ’ল৷ সমীৰক হস্পিতালৰ পৰা অনা দিনাৰ পৰা আজিলৈ বৰ্ষাই তাৰসৈতে বিচনাৰ ভাগ বতৰা কৰি শুৱা নাই৷তাতে এতিয়া শুৱলৈ জেগা যেনেতেনে জোৰেহে সমীৰলৈ৷বৰ্ষাৰ ভয় লাগে কেনেবাকৈ হাতভৰি সমীৰৰ গাত পৰে বুলি সেয়ে মাটিতে সৰু তুলি এখন পাৰিলৈ শুৱে৷সমীৰৰ বেয়া লাগে তাইক তেনেকৈ শুৱা দেখিলে,সেয়ে দিগদাৰ পালে ইটো ৰুমতে শুৱলৈয়ো কয় কিন্তু তাইহে ৰাতি কেনেবাকৈ প্ৰয়োজন হ’ব বুলি তাক এৰি ক’লৈকো নাযায়৷আজিও তাই কাম বন সামৰি সমীৰক সকলোবোৰ যোগাৰ দি লৈ শুৱলৈ আহিল৷কিন্তু সমীৰে জানি বুজিয়েই মিচাকৈ ক’লে "মুৰটো পিটিকি দিয়াচোন খুউব বিষাইছে" ইনজেকচন দিয়াৰ বাবেই হৈছে বুলি বৰ্ষাই ল’ৰালৰিকৈ আহি সমীৰৰ মুৰটোত আলফুলে হাত বুলাই দিলে৷অলপ সময়ৰ পাছতে সমীৰে তাইৰ হাতখন টানি চুমা এটা আকি ক’লে "যাদু আছে তোমাৰ হাতত যাদু "৷ এক ৰক্তাক্ত শিহৰণে বৰ্ষাক কপাঁই গ’ল৷ভেবা লাগি তালৈ চাই থকা বৰ্ষালৈ ঈষৎ হাঁহি এটি মাৰি সমীৰে ক’লে "টোপনি অহা নাই নেকি? তুমিয়ো আজি মোৰ লগতেই শোৱা৷" হঠাতে বৰ্ষাৰ এক ৰহস্যময় শিহৰণ জাগি উঠিল৷তাইয়ো মন্ত্ৰমুগ্ধৰ দৰে তাৰ কাষতেই বহি পৰিল৷অলপ সময় নিস্তব্ধতা,সমীৰে লাহেকৈ টোপনি যোৱাত ভালদৰে কাপোৰকানিবোৰ দি জ্বৰ আছে নেকি কপালখন চুই চালে,নাই জ্বৰ এতিয়ালৈ উঠা নাই সেয়ে নিশব্দে নিজৰ বিচনা পালেগৈ৷(আগলৈ) দেৱাশ্ৰী বৰা ❤️

Sunday, August 16, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 46) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) কাণৰ কাষতে কোনোবাই কান্দি থকা যেন শুনি সমীৰে চকামকাকৈ টোপনিৰ পৰা সাৰ পালে৷মনতে এইয়া বৰ্ষাই হ’ব বুলি আশা কৰিছিল কিন্তু সন্মুখত মায়াক কান্দি থকা দেখি সি আচৰিত হৈ পৰিল৷সি সাৰ পোৱা দেখি তাই তাৰ হাততে ধৰি লৈ সুধিলে " আগতকৈ বেটাৰ ফিল হৈছেনে" সমীৰেও মুৰটো অলপকৈ লৰাই দিলে৷শাৰীৰিক আঘাটবোৰৰ বাবে বৰকৈ কথা বতৰা পাতিব পৰা হোৱা নাই৷তথাপিও চকুহালে বৰ্ষাক বিচাৰি ফুৰিছে৷এইদৰে এটা ৰুমত মায়াৰ সৈতে থাকিবলৈ অলপো মন যোৱা নাই,মায়াৰ উপস্থিতিয়ে সুখ দিয়াৰ সলনি কষ্টহে দিছে৷এক অচিনাকি ভাৱনাই হেৰুৱাই পেলাইছে,এইমুহূৰ্তত তাৰ কাষত মাত্ৰ বৰ্ষাৰ উপস্থিতিহে বিচাৰিছে৷সম্পৰ্ক যেনেকুৱাই নহওঁক যোৱা এটা বছৰ বৰ্ষাৰ সৈতে কটাই বৰ্ষা এতিয়া তাৰ বাবে অভ্যাস হৈ পৰিছে৷মনৰ অনুভূতিবোৰ কেতিয়ানো মায়াৰ পৰা বৰ্ষালৈ সলনি হৈ পৰিল সি নিজেও নাজানে৷তাৰ হৃদয়ত মায়াৰ বাবে থকা অধিকাৰবোৰ এতিয়া অন্ততঃ তাইক দিব নোখোজে৷অতীত সদায়েই পুৰনি৷অতীতৰ বাটত খুজ দি বৰ্তমানটো মষিমূৰ কৰিব নোৱাৰে৷প্ৰতিপল কাষত বিচৰা মায়াৰ সহানুভূতিখিনি এতিয়া তাৰ বাবে অচিনাকি৷মায়াৰ স্পৰ্শত অস্বস্তি অনুভৱ কৰিছে আৰু মায়াৰ সৈতে এই নিৰ্জনতাবোৰে তাক বাৰুকৈয়ে অস্বস্তিত পেলাইছে৷মায়াই কিবাকিবিবোৰ কৈ আছে কিন্তু তাৰ এইবোৰ শুনি থাকিবলৈ অলপো মন যোৱা নাই৷বৰ্ষা ক’ত আছে মনটোৱে বাৰে বাৰে প্ৰশ্ন কৰিছে৷সেয়েই অস্পষ্ট মাতেৰেই মায়াক সুধিলে "বৰ্ষাক দেখা নাই যে ...??" মায়াই সহজ ভাৱেই মিচাকৈ কৈ দিলে " মই আজিলৈ বহুবাৰ আহিছো কিন্তু বৰ্ষাক দেখা মনত পৰা নাই৷" মায়াৰ এই কথাষাৰে সমীৰক ভাঙি পেলাইছে ভিতৰৰ পৰা৷তাৰমানে বৰ্ষাই সচাঁকৈ তাক এৰি গ’লগৈ নেকি?মনৰ অজানিতে হৃদয়খনে উচুপি উঠিল তাইৰ বাবে ৷চকুহাল মুদি দিলে অলপ সময়ৰ বাবে,বৰ্ষাৰ বাবে হৃদয়ত খং,অভিমানবোৰে ঠাই ল’লেহি৷মায়াই কিবা কিবি কথাৰে তাৰ সৈতে সময় কটাবলৈ বিচাৰিছিল যদিও সি তাইক "অলপ সময় অকলে এৰি দিয়া "বুলি কোৱাত তাইয়ো সমীৰৰ কথাক অগ্ৰাহ্য কৰিব নোৱাৰি ওলাই আহিল৷ গেটৰ সন্মুখতে বৰ্ষা আৰু নিবিড়ে মায়াক হস্পিতালৰ ভিতৰৰ পৰা ওলাই যোৱা দেখি ল’ৰালৰিকৈ সমীৰৰ ওচৰলৈ ঢাপলি মেলিলে৷বৰ্ষাই সমীৰৰ কেবিনৰ দোৱাৰখন অলপকৈ মেলি চালে,সমীৰ শুই আছে কিন্তু তাৰ কপালত লিপষ্টিকৰ দাগ সুস্পষ্ট৷চকুহাল চলচলীয়া হৈ পৰিল তাইৰ ,তাৰমানে এইয়া মায়াই...নোৱাৰিলে ভাবিবলৈয়ো !হৃদয়ত একুৰা জুই জ্বলি উঠিল৷মন্দিৰৰ পৰা অনা প্ৰসাদ অলপ নিবিড়ৰ হাততে দি সমীৰৰ কাষলৈ পঠিয়ালে৷ নিবিড়ক দেখাৰ লগে লগেই সমীৰৰ চকুহাল উজ্জ্বলি উঠিল৷তাৰ আশে পাশে কেনেবাকৈ বৰ্ষাও আছে নেকি চকুৰে ঢুকি পোৱালৈ বিচাৰিলে৷কিন্তু নেদেখিলে,পুনৰ মনটো সেমেকি উঠিল৷নিবিড়ক সুধিবলৈয়ো সাহস হোৱা নাই,কাৰণ এতিয়ালৈ সকলো কথা যে বৰ্ষাই নিবিড়ক জনাইছে সেয়া বুজিছে৷সেয়ে তাৰ ফালে চাবলৈয়ো লাজ লাগিছে নিজৰে৷সমীৰৰ কপালত জিলিকি থকা লিপষ্টিকৰ দাগটোত নিবিড়ৰ মুৰটোৱে কাম নকৰা হৈ পৰিল৷সিও নুবুজাকৈ থকা নাই এইয়া যে মায়াৰ কাম৷কাষতে থকা কপাহ অলপ হাতত তুলি মোহাৰি দিলে দাগটো৷খংতে সমীৰক এষাৰো মাত নিদিয়াকৈয়ে ৰুমটোৰ পৰা উলাই আহিল৷সমীৰে নুবুজিলে,নিবিড়ে কিয় তাৰ কপালখন মোহাৰি দিলে৷ এদিন দুদিনকৈ সময়বোৰ পাৰ হ’বলৈ ধৰিলে৷বৰ্ষাই সমীৰক এৰি এক মুহূৰ্তৰ বাবেও ক’লৈকো আতৰি নাযায় কিজানিবা মায়াই পুনৰ আহে তাৰ কাষলৈ৷কিন্তু নিজেও সমীৰে শুই থকা অৱস্থাতহে তাক এপাক চাই থৈ আহেগৈ৷ৰাতি ৰাতি টোপনি খতি কৰি কিবা প্ৰয়োজন হ’ব বুলি বহি থাকেগৈ কিন্তু সমীৰৰ সৈতে কোনো কথাৰে অৱতাৰণা নকৰে৷সি কথা পাতিব খুজিলেও মনত প্ৰাণত সাজ লোৱা অভিমান বোৰে তাৰ লগত সহজ হ’বলৈ নিদিয়ে৷ভয় লাগে এতিয়া তাইৰ কেনেবাকৈ সমীৰে যদি মায়াক আকোঁৱালি লয়৷ বৰ্ষাক প্ৰতিপল কাষত বিচাৰি সমীৰে হাবাথুৰি খায়৷সচাঁকৈ তাৰ পৰা আতৰি যাব বুলি ভয় কৰে এতিয়া৷আজি ৰাতিপুৱাৰ পৰা দুপৰীয়া হ’লহি বৰ্ষাই এতিয়ালৈ তাক চাবলৈ অহাই নাই৷মনে কথাবোৰ চিন্তা কৰি আছে৷চকুমুদি থকাৰ পৰাই সমীৰে অনুভৱ কৰিলে কোনোবা তাৰ ৰুমলৈ সোমাই আহিছে৷প্ৰথমে এইয়া মায়া বুলিয়েই সন্দেহ কৰিছিল কিন্তু চকুহাল অলপকৈ মেলি চালে লাহেকৈ দৰ্জাখন খুলি মনে মনে বৰ্ষা সোমাই আহিছে৷তাৰ হাতভৰি কেইটা লাহেকৈ তিতা কাপোৰ এখনেৰে মোহাৰি দিলেহি তাই৷চুলিখিনিতো হাত ফুৰাই থিকথাক কৰি দিলে,তেনেকুৱাতেই সমীৰে চকুহাল খুলি তাইক প্ৰশ্ন কৰিলে " ইমানদেৰি অহা নাছিলা কিয় ?" তেনেকুৱাতেই ডাক্তৰ এজন ৰুমটোলৈ সোমাই আহিলে৷বৰ্ষাইয়ো তেখেতক দেখিয়ে বাহিৰলৈ উলাই দিলে৷আজি সমীৰে আগতকৈ অলপ হ’লেও ভাল পাইছে৷অৱশ শৰীৰটো লৰাব পাৰিছে,মুৰটোও ইফালেসিফালে ঘুৰাব পাৰিছে৷ডাক্তৰজনৰো সমীৰক সোনকালেই সুস্থ হোৱা যেন দেখি ভাল লাগিছে৷তেওঁৱেই সমীৰক ক’লে " বৰুৱা তোমাৰ কিন্তু এইখন সৌভাগ্য দেই " সমীৰে তেওঁৰ ফালে অবাক হৈ চাই ৰ’ল তাকে দেখি ডাক্তৰজনে পুনৰ ক’বলৈ ধৰিলে৷ "আপুনি জীৱন দান পাইছে বুজিছে বৰুৱা,জীৱন দান ৷সাবিত্ৰীয়ে সত্যবানৰ জীয়টো যমৰ পৰা খুজি অনাৰ দৰেই আপোনাৰ পত্নীয়েও আপোনাক মৃত্যুৰ পৰাহে বচাই আনিছে " সমীৰে আৰু অলপ আচৰিত হৈ প্ৰশ্ন কৰিলে "তাৰমানে ?" "এনেকুৱা কেচত আমি জীয়াই থকাটোৰ সম্ভৱনা খুবেই কম পাওঁ৷আপোনাৰ গাড়ীখন দেখিলেটো বিশ্বাসেই নহয়,তাতে ঠাণ্ডাত আপোনাৰ শৰীৰটো লাহেকৈ মৰিবলৈ ধৰিছিল,আই মিন তেজবোৰ গোট মাৰিবলৈ ধৰিছিল৷হস্পিতাল অনা আৰু অলপ দেৰি হোৱা হ’লে দিগদাৰেই আছিল৷তাত থকা মানুহবোৰেটো ঢুকাল বুলিয়েই ধৰি লৈছিল ৷" "তাৰ পাছত ?" ডাক্তৰজনে হাঁহি মাৰি ক’লে "আপোনাৰ পত্নীৰ বিশ্বাসৰ বলতেই আপুনি এইয়া আমাৰ চকুৰ সন্মুখত সুস্থ হৈ আছে৷" নিজৰ কৰিব লগীয়া কামখিনি কৰি ডাক্তৰজনো ওলাই গ’ল৷কথাষাৰ শুনি সমীৰৰ মনটোৱে পৰম শান্তি পালে ৷তাৰমানে বৰ্ষা সেইসময়তো তাৰ লগতেই আছিল আৰু তাৰ এই জীৱন বৰ্ষাৰ বাবেহে৷লগালগ চকুপানীবোৰে ডোঙা পাতিলেহি৷বৰ্ষাৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি আহিল৷ দিন বাঢ়ি যোৱাৰ লগে লগে বৰ্ষাৰ প্ৰতি সমীৰৰো হাবিয়াস বাঢ়িব ধৰিলে৷লাহে লাহে সমীৰে অনুভৱ কৰিলে,সি টোপনি গ’লেই কোনোবাই তাৰ কাষতে বহি থাকেহি আৰু সাৰ পোৱা যেন দেখিলেই আতৰি যায়৷কথাটো দুদিনমান লক্ষ্য কৰি এইয়া বৰ্ষা বুলিয়েই জানিব পাৰি তাৰ মনটোও ফৰকাল যেন লাগিল৷এতিয়া তাৰ বৰ্ষাৰ সৈতে মন ভৰাই কথা পাতিবলৈ মন যায়,তাইক দিয়া কষ্টবোৰৰ বাবে ক্ষমা খুজিবলৈ মন যায় কিন্তু বৰ্ষাই সি সাৰে থকা দেখিলে তাৰ কাষলৈ যে নাহে আৰু আহিলেও তাৰ সৈতে কোনো কথাই পাতিব নুখুজে, সেই ভাবিয়েই মনটো দুখ লাগি আহে৷ আজি সিও বৰ্ষাৰ সৈতে কথা পাতিহে এৰিব বুলি তাই অহালৈ বাট চাই আছে৷কিন্তু তাক সাৰ পাই থকা দেখিলে যে তাই সোমাই নাহে সেই কথাও বুজি উঠিছে সেয়ে চকুহাল মুদি তাই অহালৈ বাট চাই আছে৷এসময়ত বৰ্ষা সোমাই আহিল ৰুমটোলৈ৷কাষতে থকা চকীখনত বহি সমীৰৰ মুৰটোত হাতখন ফুৰাই দিলেহি৷এক আপোন আপোন পৰশে সমীৰক ভৰাই তুলিলে৷নোৱাৰিলে আৱেগক প্ৰশ্ৰয় দি বৰ্ষাৰ পৰা নিজকে লুকুৱাই ৰাখিবলৈ৷থাপমাৰি তাইৰ হাতখনতে ধৰি লৈ আলসুৱা সুৰতেই সুধিলে "মোৰ লগত কিয় কথা নাপাতা? আজিও বেয়া পাই আছা?" অভিমানৰ সুৰত বৰ্ষাৰ পোনপটীয়া উত্তৰ " নাই পোৱা,চাওঁ হাতখন এৰি দিয়ক নহ’বা কোনোবাই দেখিব " সমীৰে চঞ্চলভাৱেই কৈ উঠিল " কি হ’বনো,নিজৰ পত্নীৰ হাত খনহে ধৰিছোঁ৷পৰ স্ত্ৰিৰ হাতত ধৰা নাই নহয় " বৰ্ষাই প্ৰশ্নবোধক দৃষ্টিৰে তাৰফালে চাই সুধিলে "পত্নী? তেতিয়াহ’লে ডিভোৰ্চ পেপাৰখন কিয় দিছিলে?" সমীৰৰ চকুহাল চলচলীয়া হৈ পৰিল,এৰি দিলে বৰ্ষাৰ হাতখন৷কিবা ক’ব খুজিও বোবাৰ দৰে হৈ পৰিল৷অলপ সময় বৰ্ষাৰ শিৰৰ সেন্দূৰখিনিত দৃষ্টি আৱদ্ধ কৰি পুনৰ কৈ উঠিল "মই খঙত আছিলোঁ ,কিন্তু মই নাভাবো এতিয়া তেনেকুৱা কিবা এটা কৰাৰ কথা" বৰ্ষাৰ অন্তৰে আনন্দত নাছি উঠিছিল তথাপিও সেই সুখৰ ৰেশ মুখত জিলিকিবলৈ নিদিয়াকৈ সমীৰক প্ৰশ্ন কৰিলে " কিন্তু এই এডজাষ্টমেন্ট আৰু আণ্ডাৰষ্টেডিঙত পতি পত্নী হ’ব পাৰেনে?" সমীৰে কোনো উত্তৰ নিদিলে৷তাইয়ো সেইখিনিৰ পৰা আতৰি আহিলে৷সমীৰক তাইয়ো এতিয়া হেৰুৱাবলৈ নোৱাৰে,সমীৰে যেতিয়া নিজৰ ব্যৱহাৰত অনুতপ্ত হৈ এই কথাষাৰ ক’বলৈ পাৰিছে তেনেহ’লে অনুভৱ কৰিছে এই সম্পটোৰ বিষয়েও৷সমীৰে সুস্থ হ’লে কথাবোৰ ভালদৰে জানিব লাগিম কিন্তু এতিয়া তাৰ ওপৰত কোনো কথাৰ প্ৰেচাৰ দিব নোৱাৰে৷লাহে লাহে সমীৰৰ গুৰুত্ব পাই তাইৰ দিনবোৰো সুখৰ হ’বলৈ ধৰিলে৷সৰু সৰু কথাতেই সুখ বিচাৰিব জানে বাবেই দুখবোৰ অনুভৱ হ’বলৈ নিদিয়াকৈ দিনবোৰ পাৰ হৈছে৷ সম্পূৰ্ণ পোন্ধৰ দিনৰ অন্তত হস্পিতালৰ পৰা ডিছাৰ্জ লৈ ঘৰলৈ আনিলে৷তিনিমাহৰ বাবে বেডৰেষ্ট দিছে,লাহে লাহে শৰীৰৰ ঘাঁবোৰো শুকাবলৈ ধৰিছে৷হয়তো বৰ্ষাৰ মৰমে তাক সোনকালে সুস্থ হ’বলৈ বাধ্য কৰাইছে ৷প্ৰিয়াহঁতো ঘৰৰ পৰা আহি পালেহি৷বৰ্ষাৰ জীৱনত যে ইমানখিনি পৰিৱৰ্তন আহিলে সেইটো ভাবিয়েই প্ৰিয়াৰ ভয় লাগিছে৷মায়ালৈয়ো খঙ উঠিছে,স্বাৰ্থপৰ হৈ কিদৰে এখন সংসাৰ ভাঙি নিজৰ অস্তিত্ব ঘুৰাই পোৱাৰ স্বাৰ্থত লাগিছে তাই,ভাবিয়েই ঘৃণা উপজিছে তাইৰ ওপৰত৷প্ৰিয়াই সমীৰৰ খবৰ ল’বলৈ আহোঁতে অনুভৱ কৰিলে,সমীৰক আগতকৈ অলপ সলনি হোৱা যেন৷প্ৰতিটো কথাতেই সি এতিয়া বৰ্ষাৰ ওপৰত ডিপেন্দ হৈ থাকে৷নিজে কৰিব নোৱাৰাৰ বাবেই নহয় তাৰ চকুত বৰ্ষাৰ নামটো উচ্চাৰণ কৰোঁতে এক বেলেগ ধৰণৰ সুখ দেখা পাই৷তাতে সমীৰে ডিভোৰ্চ পেপাৰখন জ্বলাই পেলোৱা কথাটো বৰ্ষাই প্ৰিয়াক জনাওতে তাই জোকাইছিল "বৰ্ষা শিল গলাই দিলা " বৰ্ষাই মিচমিচাই হাঁহিছিল যদিও সেই হাঁহিৰ আঁৰত ভয় এটি লোকাই আছিল৷সেই ভয় মায়াৰ বাবে সেইটোও বুজি উঠিছিল,সেয়ে প্ৰিয়াই বৰ্ষাক বুজাইছিল যদি সমীৰক নিজৰ কৰিব বিচাৰা মায়াক আতৰাই পঠিওৱা৷সমীৰক নিজৰ কৰাৰ যত্ন কৰা৷তাৰ ওপৰত চকু ৰাখা,মনত ৰাখিবা যে সি যাতে মায়াৰ সৈতে কন্টেকত আহিব নোৱাৰে৷বৰ্ষাইয়ো মনতে ভাবিছিল যি হয় ভালৰ বাবেই হয়,কিন্তু মায়াক কিদৰে আতৰাই ৰাখিব সেইটো ভাবি পোৱা নাছিল৷চাই থাকোঁতেই এমাহ পাৰ হ’ল ৷মি.বৰুৱা আৰু বৰুৱানীও ঘৰমুৱা হ’ল৷সমীৰৰ অফিচৰ কামখিনি নিবিড়েই চোৱাচিতা কৰি আছে৷সেই সংক্ৰান্তত প্ৰায়েই অহাযোৱা কৰি থাকে৷ছায়াক ভালপোৱাৰ কথাটো সমীৰক জনাইছে যদিও বাকীবোৰ কথা এতিয়ালৈ জনোৱা হোৱা নাই৷কাৰণ সমীৰৰ জীৱনত এতিয়াও মায়া আছেনে নাই সিহঁতি সেই বিষয়ে কোনো কথাই নাজানে৷তাতে মনত কষ্ট পোৱা কোনো কথাই ক’বলৈ ডাক্তৰেও মানা কৰিছে৷এক সঠিক সময়ৰ অপেক্ষাত সিহঁতিও দিনবোৰ পাৰ কৰিছে৷(আগলৈ)

Saturday, August 15, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 45) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) যদিও বৰ্ষাই সমীৰক এৰি সদায়ৰ বাবে আতৰি আহিব খুজিছে তথাপিও গাড়ীত উঠাৰ সময়লৈকে মনে প্ৰাণে কামনা কৰিছিল ,যদি সমীৰে এবাৰলৈ কৈ দিয়ে "বৰ্ষা তুমি নাযাবা" ৷ৰৈ দিলে হয় তাৰ এষাৰ মাততেই তাৰ বাবে ৷কিন্তু আশাবোৰ বুকুতে মৰহি গ’ল৷ঘৰৰ পৰা এয়াৰপৰ্টলৈ আধাঘণ্টাৰ বাট,বাৰে বাৰে ফোনটো চাই আছে কিজানিবা সমীৰে ফোনটো কৰিছেই৷ কিন্তু নাই,সমীৰৰ কোনো ফোন মেচেজ বুলিবলৈ একোকেই নাই৷খঙতে ফোনটো চুইটচ অ’ফ কৰি থৈ দিলে৷ বাহিৰত বতাহ ধুমুহাৰ সৈতে বৰষুণ আহিছে,যেনেতেনে আহি এয়াৰপৰ্ট পালেহি যদিও বহি আছে ,বতৰ ভাল নহ’লে ফ্লাইট এঘন্টামান লেট হ’ব বা তাতকৈয়ো বেছি দেৰি হ’ব পাৰে৷ বৰ্ষাবিহীন ঘৰখন একেবাৰেই নিজান হৈ পৰিছে,নিৰ্জনতাত নিসংগতাৰ ভয় ভাৱে সমীৰক আগুৰি ধৰিছে৷য’তে ত’তে বৰ্ষাৰ উপস্থিতি বিচাৰি হাবাথুৰি খাইছে৷টেবুলতে এতিয়াও পৰি ৰোৱা ডিভোৰ্চ পেপাৰখন দেখি বুকুৰ যন্ত্ৰণাবোৰ বাঢ়িব ধৰিছে৷বৰ্ষাৰ প্ৰতিটো কথাই আমনি কৰিবলৈ ধৰিছে৷বৰ্ষা অবিহনে এটা অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি জীৱনলৈ আজি প্ৰথমবাৰ ভয় হৈছে,অনুশোচনাত ভুগিছে সি৷নাই এইদৰে অস্থিৰতাৰে জীৱন কটাব নোৱাৰে,বৰ্ষাক এইদৰেই যাবলৈ দিব নোৱাৰে৷তাৰ বাদে তাইৰ জীৱনত এতিয়া কোনো নাই,বৰ্ষাক এইদৰে যাবলৈ দিব নোৱাৰে৷ফোনটো বিচাৰি কঁপা কপাঁ হাতেৰে বৰ্ষাৰ নাম্বাৰটো ডাইল কৰিলে৷এবাৰ নহয় দুবাৰ নহয় ,বহুবাৰ ফোন লগাইছে কিন্তু ফোনটো চুইটছ অ’ফ৷নিবিড়লৈয়ো ক’ল লগাইছে,বতাহ বৰষুণৰ বাবে ফোনটো আউত অফ নেটৱৰ্ক বুলি কৈছে৷নোৱাৰিলে আৰু ৰৈ থাকিব এইদৰে,গাড়ীৰ চাবিটো হাতত তুলি লগালগ দৌৰি ঢাপৰি তললৈ নামি আহিল৷বতাহ ধুমুহা বৰষুণকো নেউচি গাড়ীৰ স্পিদ বঢ়াই দিলে৷এইমুহূৰ্তত বৰ্ষাক ৰখোৱাৰ বাদে আন কোনো কথাই মুৰলৈ অহা নাই ৷গাড়ীৰ স্পিদ ইমানেই বাঢ়ি গ’ল যে গাড়ীখন তাৰ কন্ট্ৰলৰ বাহিৰত গুচি গ’ল,ইফালে বৰষুণত বাট নেদেখা হৈ পৰিছে৷অলপদুৰ যোৱাৰ পাছত ধাম কৰি এটা ডাঙৰ শব্দ হ’ল৷চিটিকি পৰিল দুৰৰ খালৈত তাৰ গাড়ীখন৷ লাহে লাহে বৰষুণজাক কমিবলৈ ধৰিলে৷হয়টো অলপ পাছতেই সিহঁতি ঘৰলৈ ৰাওনা হ’ব পাৰিব৷সেই ভাবিয়েই অন্যমনস্ক হৈ পৰা মনটোক বুজাই চকুপানীখিনি মচি লৈছে বৰ্ষাই৷মনটোক বুজাই লৈছে তাই " সমীৰে নিবলৈ নাহে তোক বৰ্ষা,সমীৰ নাহে" ৷তথাপিও মনটো বাৰে বাৰে বিচলিত হৈ পৰিছে৷নিবিড়ে পাৰে মানে সান্ত্বনা দিছে বৰ্ষাক সাহসী হ’বলৈ,তাইয়ো চেষ্টা কৰিছে কিন্তু পৰাহে নাই৷ অলপ সময় পাছতে এয়াৰপৰ্টত ডাঙৰ ডাঙৰকৈ এনাউন্সমেন্ট এটা বাজি উঠিল "passengers for flight air Indian 306 to Guwahati please go to gate no 26 "৷ঘোষণাটো শুনি নিবিড়ে বস্তুবাঢ়নিবোৰ লৈ সেইফালে আগবাঢ়িল আৰু তাৰ পাছে পাছে বৰ্ষাই খোজ দিলে৷যাওঁ বুলিয়েই এইদৰে গুচি যাব পাৰিনে?এতিয়াও কোনোবাখিনিত আশা এটা বাকী আছে,পিছলৈ ঘুৰি ঘুৰি চাই গ’ল কেনেবাকৈ সমীৰ আহিছে নেকি তাইক ঘুৰাই নিবলৈ৷কিন্তু নাই কোনো নাই,ফোনৰ চুইটছটো অন কৰি ল’লে কিন্তু কোনোধৰণৰ ফোন ক’ল বা একো নাই৷মনটো দুখত চেপি কুচি আহিল৷ফ্লাইটত উঠাৰ আগতে পুনৰ বাৰ মোবাইলটো চালে কিন্তু তেতিয়াও একো নাপালে৷চুইটছটো পুনৰ অফ কৰিব লওঁতেই সমীৰৰ নম্বৰৰ পৰা মেছেজ এটা আহিল৷চকুহাল চলচলীয়া হৈ গ’ল,সমীৰৰ দহটা মিছকল৷ৰৈ দিলে তাই একেঠাইতে আৰু নিবিড়ক গৈ মেছেজটো দেখুৱালে৷হাঁহি এটি বিৰিঙি উঠিল দুয়োটাৰে মুখত৷লগালগ সমীৰলৈ ফোন লগালে,কিন্তু ৰিং হৈ হৈ কাট খাই গৈছে,ৰিচিভ হোৱা নাই৷নাযায় তাই ক’লৈকো সমীৰৰ ওচৰলৈকে ঘুৰি যাব৷ইমান ভিৰৰ মাজতো কাৰো কথালৈ আস্বস্ত নকৰি দৌৰি দৌৰি ওলাই আহিল এয়াৰপৰ্টৰ বাহিৰলৈ৷তাইক নিবিড়েও ৰখাব খোজা নাই,চেপি থকা মিচা অনুভৱখিনিক দলিয়াই তাই সমীৰৰ বাবে দৌৰিছে৷ইমান সময়ে সমীৰৰ প্ৰতি থকা অভিমানত শোক এটাই আৱৰি আছিল,কিন্তু সমীৰৰ পৰা অহা দহটা মিচকলৰ মেছেজটোৰ আকুলতাখিনিয়ে তাইক দুৰ্বল কৰি দিলে৷বৈবাহিক জীৱনৰ আৰম্ভণিতে লোৱা প্ৰতিশ্ৰুতিবোৰে তাইক এতিয়া সমীৰৰ পৰা দূৰৈত যাবলৈ নিদিয়ে৷ বৰ্ষাৰ মুখখন,চকুহাল অলপকৈ উজ্জ্বলিবলৈ ধৰিছিলহে হঠাৎ পুলিচ ষ্টেচনৰ পৰা ফোন কৰি জনালে সমীৰৰ এক্সিডেণ্ট হোৱাৰ খবৰটো৷বৰ্ষাৰ বুকুৰ যন্ত্ৰণাবোৰে উশাহবোৰত সোপা মাৰি ধৰিলেহি৷সমীৰক বিচাৰি ফুৰা চকুহালে ধুৱলীকুৱলী দেখিলে,যন্ত্ৰণাত কাতৰ হোৱা হৃদয়খনে আতনাদ কৰাত চিঞৰ মাৰি উঠিল৷বৰ্ষাৰ চিঞৰ শুনি নিবিড়ো তাইৰ ফালে দৌৰি আহিল৷কি হৈছে তাইৰ,কিয় কান্দিছে সি একোকেই বুজি পোৱা নাই৷বৰ্ষাক বাৰে বাৰে কি হ’ল প্ৰশ্ন কৰিছে কিন্তু বৰ্ষাৰ নিৰৱতাবোৰে তাক অস্থিৰ কৰি তুলিছে৷ ভগ্ন স্বৰেৰে তাই মাত্ৰ সমীৰ,সমীৰ বুলি কৈ মোবাইলটো দেখুৱাই কান্দি আছে৷নিবিড়ৰ চিন্তাবোৰ বাঢ়ি আহিল৷বৰ্ষাৰ হাতৰ পৰা ফোনটো লৈ লাষ্ট ক’ল অহা নম্বৰটোৰ পৰা কথাবোৰ ভালদৰে জানি তাইৰ সৈতে এক্সিডেণ্ট হোৱা ঠাইখিনিলৈ দৌৰ লগালে৷সৰু সুৰা এক্সিডেণ্ট নহয় এটা ডাঙৰ এক্সিডেণ্ট,বৰষুণৰ বাট মণিব নোৱাৰি কেইবাখনো গাড়ীৰ মাজত সংঘৰ্ষ হ’ল৷সমীৰৰ মোবাইলটোৰ বাদে এতিয়ালৈকে মানুহটোক উদ্ধাৰ কৰিব পৰাই নাই৷সমীৰ ক’ত আছে কোনেও নাজানে,বৰ্ষা আৰু নিবিড়ে আহি সমীৰক হাবাথুৰি খাই বিচাৰিছে৷দ খাৱৈত গৈ পৰা গাড়ীখন কাৰ হয় সেই বিষয়ে পুলিচে এতিয়াও তদন্ত চলাই আছে৷গোটেইখন মানুহৰ ভিৰ,বৰ্তমান সময়লৈকে দুটা ডেডবডি পোৱা গ’ল আৰু আঘাতপ্ৰাপ্ত সকলক হস্পিতাললৈ নিয়া হ’ল৷কিন্তু এতিয়ালৈ সমীৰৰহে কোনোধৰণৰ খবৰখাতি পোৱা নাই৷ঠাইখিনিত এক বুজাব নোৱাৰা হুলস্থূলীয়া পৰিৱেশে বিৰাজ কৰিছে,ৰেস্কিউ টিমে বিচাৰিবলৈ চেষ্টা কৰি আছে৷তাতে বৰ্ষাই কোনোবা দুজনে পাতি থকা শুনিলে " ইমান ডাঙৰ এক্সিডেণ্ট হৈ দ’ খাৱৈত পৰিছে যেতিয়া বচাৰ চান্স তেনেই নগণ্য "৷ কথাষাৰ শুনি বৰ্ষাৰ কাণ মুৰ গৰম হৈ আহিল,ভালপোৱা মানুহজনৰ বিষয়ে কোনোবাই এই মুহূৰ্তত এনেকুৱা নঞৰ্থক ধাৰণা লৈ কথা পতাটো সহ্য কৰিব নোৱাৰিলে৷মানুহ কেইজনৰ ওপৰত চিঞৰি উঠিল " যদি ভাল কিবা এটা ক’ব নোৱাৰে বেয়াটো চিন্তা কৰি ইয়াত নাথাকিব,যাওঁক ইয়াৰ পৰা,মোৰ চকুৰ আগৰ পৰা আতঁৰ হওঁক৷" বৰ্ষাৰ এনে ৰূপ নিবিড়ে প্ৰথমবাৰ লক্ষ্য কৰিছে,তাৰ বুকুখনো কঁপি উঠিছে৷প্ৰিয় জনক হেৰুৱাৰ ভয়ত এই সময়ত বৰ্ষাই মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে৷সকাহ দিব পৰাকৈ নিবিড়ৰ নিজৰ অৱস্থাই ভাল নহয় বৰ্ষাক কিদৰে কিবা ক’ব বা বুজাব৷চিন্তা বাঢ়িব বুলিয়েই ঘৰত এতিয়ালৈক খবৰ দিয়া হোৱা নাই ,বৰ্ষাক চম্ভালিবলৈ বুলিয়েই ছায়াক মাতি পঠাইছিল৷তাইয়ো আহি পালেহি,বৰ্ষাই পাৰে মানে তাইকে সাবটি ধৰি কান্দিবলৈ লাগিছে৷তিনিঘণ্টা সময় পাৰ হৈ গ’ল এতিয়াও সমীৰৰ কোনো খবৰ পোৱা নাই৷ৰেস্কিউ টিম ভাগৰি পৰিছে,কেহেপা মৰা চেচাত তলৰ পৰা ওপৰলৈ ৰচীৰে অহা যোৱা কৰোঁতে৷ এসময়ত খাৱৈৰ পৰা আতৰত থকা টিলাটোৰ পৰা তেজেৰে লুটুৰিপুটুৰি হৈ থকা বডি এটা পোৱা গ’ল ৷ মুখখন ধৰিবই পৰা নাই৷বডিটো উঠাই আনোতে কিছুমানে চিঞৰি উঠিল "নাই নাই,উশাহ লোৱা নাই,এইটোও ডেডবডিহে চাগৈ" কথাষাৰ শুনি বৰ্ষাই ডিঙি মেলি মেলি চাওঁতে সমীৰৰ চিনাকি জেকেটটো চকুত পৰাত দৌৰি গৈ সেই দোখৰ পালেগৈ ৷সমীৰ সমীৰ বুলি চিঞৰি চাদৰৰ আগটোৰে তাৰ মুখৰ তেজবোৰ মোহাৰি ক’বলৈ ধৰিলে "সমীৰ উঠা,সমীৰ,মই ক’তো নাই যোৱা৷চোৱাচোন উঠা " বহুকেইজনে ডেডবডি বুলি কোৱাত নিবিড়ৰ বুকুখন মোচৰ খাই পৰিল৷কান্দিব নোৱাৰে যদিও বুকুত অনুভৱ কৰা বিষবোৰে তাক বোবা কৰি পেলাইছে৷বহুতে কৈছে ডেডবডি বুলি কিন্তু বৰ্ষাই কাৰো কথা শুনিবলৈয়ে নিবিচাৰে৷বুকুত সাবটি মুৰটো কোচত তুলি লৈ আছে৷ঠাণ্ডাৰ বাবে বহুসময় ধৰি তিতা শৰীৰে টিলাটোত পৰি থকাৰ বাবে শৰীৰটো কটকটীয়া চেচাঁ পৰিল,বৰ্ষাই বহুত ৰিকুৱেষ্ট কৰি সমীৰক এম্বুলেন্স এখনত তুলি নিবিড় আৰু ছায়াৰ সৈতে আনি হস্পিতাল পোৱালেহি৷ সমীৰক ইমাৰজেন্সী ৱাৰ্ডত এডমিট কৰি ৰখা হৈছে৷হেতাঁ পৰা ঠাণ্ডাৰ বাবে ধৰিব পৰা নাছিল,বুকুৰ ধপধপনিবোৰ নোহোৱা হৈ পৰিছিল কিন্তু হস্পিতালত আনিহে জানিব পৰা গ’ল,পাল্চবোৰ এতিয়াও চলিয়েই আছে৷কিন্তু কিমান ক’ত দুখ পাইছে এতিয়ালৈ গম পোৱা নাই৷হস্পিতালৰ বাৰাণ্ডাত বহি বৰ্ষাই ছায়াক সাবটি ধৰি হুকহুকাই কান্দি আছে৷কেতিয়ানো অভিমান কৰিব পৰাকৈ ইমান ভাল পাই পেলালে তাই নিজেও নাজানে৷ভগৱানে বাৰে বাৰে তাইৰ সৈতে কি খেল খেলি আছে সেই ভাবিয়েই শোকত ভাগৰি পৰিছে৷এখন্তেকৰ বাবেটো ভগৱানৰ ওপৰৰ পৰা বিশ্বাসেই নোহোৱা হৈ পৰিছিল৷ দুদিনৰ মুৰত সমীৰৰ চেন্স ঘুৰি আহিল,কিন্তু আই.চি.ইউ ত থোৱাৰ বাবে এতিয়ালৈ কাকো লগ কৰিবলৈ দিয়া হোৱা নাই৷দুৰৰ পৰাহে চাবলৈ দিয়া হৈছে৷সমীৰৰ সোঁহাত আৰু বাওঁ ভৰিখন ভাগিছে,লগতে বুকুত আৰু মুৰত অলপমান দুখ পাইছে৷সমীৰে এতিয়ালৈ মুখেৰে কথা বতৰা পাতিব পৰা নাই যদিও চকুৰে পিৰিকপাৰাককৈ ইফালেসিফালে চাই বৰ্ষাক বিচাৰি ফুৰিছে৷এতিয়াও তাৰ মুৰত বৰ্ষাৰ বাদে আন কোনোৱেই মনত অহা নাই মাত্ৰ বৰ্ষাৰ কথাহে বাৰে বাৰে আহি আছে ৷ আই.চি.ইউৰ পৰা ডক্তৰ উলাই অহা দেখিলেই বৰ্ষাই সমীৰৰ অৱস্থা কেনেকুৱা জানিবলৈ দৌৰি যায়৷ এতিয়া ডক্টৰে সমীৰৰ অৱস্থা আউট অফ ডেঞ্জাৰ বুলি কৈছে আৰু দুটা দিনৰ পাছতে আই.চি.ইউৰ পৰা উলিয়াই দিয়াৰ কথাও কৈছে৷এতিয়াহে বৰ্ষাৰ মনটো অলপকৈ পাতলিছে৷এক্সিডেণ্টৰ খবৰ ঘৰলৈ দিয়াত মি. বৰুৱা আৰু বৰুৱানী দুয়োজনেই আহি পালেহি৷তেওঁলোকেও বৰ্ষাক মানসিক আৰু শাৰীৰিক ভাৱে সবল কৰি ৰাখিছে৷সেয়েই বৰ্ষাই বহুখিনি সকাহ পাইছে তেওঁলোকৰ ফালৰ পৰাও৷ এইকেইদিন থকা খোৱাৰ চিনচাব নোহোৱা হৈ পৰিছে৷সমীৰৰ চিন্তাতে বৰ্ষাই দিন ৰাতি একাকাৰ কৰি হস্পিতালতেই কটাই দিয়ে৷ছায়াইহে মি.বৰুৱা আৰু বৰুৱানীৰ চোৱাচিতা আৰু খোৱাবোৱাৰ কামবোৰ কৰি আছে৷মায়াই সমীৰৰ এক্সিডেণ্টৰ খবৰ পাই হস্পিতাললৈ আহিছিল কিন্তু নিবিড়েহে নিদিলে সোমাবলৈ,এই সকলোবোৰ তাইৰ বাবেই হৈছে বুলি ৷তাইয়ো কান্দি কাতি আউলিবাউলি হৈ পৰিছিল কিন্তু নিবিড়ে ঘড়িয়ালৰ চকু পানীত আমিবোৰ গলিব নোৱাৰোঁ বুলি কৈ ঘুৰাই পঠিয়ালে৷ আজি সম্পূৰ্ণ চাৰি দিনৰ অন্তত সমীৰক আই.চি.ইউৰ পৰা উলিয়াই জেনেৰেল কেবিনলৈ চিফ্ট কৰা হ’ব৷ৰাতিপুৱাৰ পৰা এতিয়ালৈ বৰ্ষাই ইটো মন্দিৰৰ পৰা সিটো মন্দিৰত নিবিড়ৰ সৈতে চাকি দি ফুৰিছে৷সমীৰক কেবিনলৈ উলিয়াই অনাৰ সময়তো তাই লগত নাছিল৷সমীৰে বৰ্ষাক চাবলৈ ধৰফৰাই ফুৰিছিল,তাৰ কাষত মাক দেউতাক সকলোবোৰ আছে আজি মাত্ৰ বৰ্ষা নাই৷বৰ্ষা আৰু নিবিড় হস্পিতালত নথকাৰ সুযোগতে মায়া সমীৰৰ খবৰ ল’বলৈ বুলি আহিলে৷সমীৰ থকা কেবিনলৈয়ে সোমাই গ’ল,শুই থকা সমীৰৰ মুৰত চুমা এটা আঁকি কৈ উঠিল " এতিয়া আৰু তোমাক এৰি থাকিব নোৱাৰোঁ সমীৰ" (আগলৈ)দেৱাশ্ৰী বৰা

Friday, August 14, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 44) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই পুনৰ এটা খণ্ড আগবঢ়াই দিলোঁ ৷ভুল ভ্ৰান্তি হ’লে শুদ্ধৰাই দিব৷আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি পুনৰ আৰু এটা খণ্ড লিখিবলৈ প্ৰয়াস কৰিলোঁ আশাকৰোঁ আপোনালোকে ভাল পাব৷তাতে বহুতে কথাবোৰ নঞৰ্থক ভাৱে লোৱাৰ বাবে ভুল ভাঙিবলৈ বুলিয়ে এই খণ্ডটিও আজিয়েই আগবঢ়াই দিলোঁ৷কিবা বেয়া দেখিলে ক্ষমা কৰিব৷) সমীৰৰ বৰ্ষালৈ চিন্তা লাগিবলৈ ধৰিলে,মুৰে কপালে হাত থৈ দুখোজ পিছুৱাই গ’ল,কাণত বাজি উঠিল দুদিনৰ আগত নিউজত পোৱা খবৰটো " পতিৰ অত্যাচাৰত আত্মহত্যা পত্নীৰ "৷উফ্ বুকুখন বিষাই গ’ল তাৰ৷এনেকৈ থাকিব নোৱাৰে,বৰ্ষাৰ বাবেই মনত জাগি উঠা এই বিষবোৰত সি সকলো দুখ কষ্টৰ কথা পাহৰি পেলাইছে৷দোৱাৰখন হেঁচি থেলি ল’কটো ভাঙি সোমাই আহিল৷ৰুমটো এতিয়াও বিশৃংখল হৈয়েই বস্তুবোৰ য’তে ত’তে পৰি আছে,বিচনাত কাপোৰ দ’মটোৰ মাজত বৰ্ষা নিথৰ হৈ পৰি আছে৷ভয়বোৰ বেছিকৈ হ’বলৈ ধৰিছে,দুখোজমান আগুৱাই বৰ্ষাৰ ফালে চালে৷তাইক চালে ধৰিবই পৰা নাই উশাহ লৈছেনে নাই৷আৰু অলপ আগবাঢ়ি গৈ তাইৰ বুকুতে কাণখন লগাই শুনি চালে ,ধিপধিপাই আছে৷উফ ৰক্ষা পৰিল,তথাপিও বৰ্ষাক মাত লগাই চালে " বৰ্ষা,শুই আছা তুমি " তাই সংসাৰৰ কথা নজনাকৈ শুই আছে,সমীৰে লাহেকৈ জোকাৰি দিলে " বৰ্ষা উঠা,মোৰ ভোক লাগিছে " তাই সাৰ পালে যদিও এক নতুন উদ্যমেৰে সমীৰৰ কোনো কথালৈ কাণসাৰ নকৰি পোনেই বাথৰুমত সোমালগৈ৷গোটেই ৰাতিটো কান্দি কাটি তাইৰ চকুহালৰ লগতে মুখখন গোটেই ফুলি উঠিছে,গাল দুখন টুপটুপীয়া ৰঙা হৈ পৰিছে৷চকুৰ তলতো ক’লা ডাগবোৰে চানি ধৰি গাত সাজিছে৷বাথৰুমৰ পৰা ওলাই আহি ৰুমটোৰ বিশৃংখল বস্তুপাতিবোৰ আউতাই ল’লে৷ কাপোৰ কানিবোৰ ভাগে ভাগে জাপি ল’লে,কাচঁৰ টুকুৰাবোৰ তুলি আনোতে হাতত বিন্ধি তেজ টোপটোপকৈ সৰিছে কিন্তু বুকুত লগা ঘাঁবোৰতকৈ এই ঘাঁ তেনেই নগণ্য৷হঠাতে তাইৰ মনলৈ আহিল সদায় লোকৰ বাবেই জীৱনটো চলাই দিব নেকি? মায়াৰ কথাবোৰ লুকুৱাই কি বেয়া কৰিছিল তাই?হয়টো এনে কিবা হোৱাৰ ভয় আৰু আশংকাতহে লুকুৱাইছিল৷লোকোৱাবলৈ যে তাইৰো মন নাছিল মাত্ৰ বাধ্যত পৰিহে তেনেকাম কৰিলে,সেই সামান্য কথাটো বুজাৰো যদি সামৰ্থ্য নাই সমীৰৰ তেন্তে তাইয়ো একো নকয় ৷আতৰি যাব তাৰ জীৱনৰ পৰা ৷তাইয়ো নোৱাৰে এতিয়া তাৰ সৈতে থাকিবলৈ৷ খঙত লোৱা সিদ্ধান্তবোৰ সদায়েই ভুল হয় থিক তেনেদৰে সমীৰেও কোনো কথা নভবা নিচিনাকৈ,বিয়াৰ প্ৰথমে প্ৰথমেই বৰ্ষাৰ ওপৰত সন্দেহ উপজাত ডিভোৰ্চ পেপাৰ কেইখন আনি ৰাখিছিল তাইক এই সম্পৰ্কটোৰ পৰা মুক্ত কৰি দিব বুলিয়েই ৷কিন্তু এতিয়া বৰ্ষা তাৰ বাবে অভ্যাস হৈ পৰিছে৷এক এৰাব নোৱাৰা অভ্যাস৷যাক নিজৰ পৰা দুৰ কৰাটো দুৰৰে কথা,সেইকথা ভাবিবলৈয়ো ভয় লাগে তাৰ৷যোৱাকালি আচলতে মায়াৰ পাছে পাছে দৌৰি যাওঁতে মায়াই বৰ্ষাক কিদৰে চিনি পাই প্ৰশ্ন কৰিছিল৷তেতিয়াই তাই কৈ গৈছিল বহু আগতেই বৰ্ষাৰ সৈতে চিনাকি হোৱাৰ কথা আনকি সিহঁতৰ ঘৰলৈ অহাৰ কথাটো৷তেতিয়াই সমীৰৰ বৰ্ষাৰ ওপৰত খঙ উঠিছিল তাই তাক বিশ্বাসঘাটকতা কৰা বুলি,হেৰুৱা প্ৰেমক ঘুৰাই পাই জীৱনৰ গাড়ীখন থৰক বৰক কৰিছিল৷মায়াই সমীৰে তাইক পাহৰি সুখী সংসাৰ কৰা বুলি অপবাদ জাপি দিছিল,তাৰ দুখ লাগিছিল,বহুত চেষ্টা কৰিছিল মায়াক বুজাবলৈ যে যোৱা দুটা বছৰ সি মাথোঁ তাইৰ স্মৃতিৰ সৈতে কটাই দিলে ৷কিন্তু মায়াই সেই কথা অবিশ্বাস কৰিছিল৷ইমানদিনীয়া তাৰ অপেক্ষাবোৰ ক্ষন্তেকতে মিছা বুলি কৈ দিয়াত বৰ্ষাৰ ওপৰতেই তীব্ৰ খঙ উঠিছিল ৷সেয়ে মনৰ দুখবোৰ পাতলাবলৈ নিচাত মাতাল হৈ পৰিছিল ৷প্ৰথম ভালপোৱাবোৰ পাহৰি দ্বিতীয়বাৰ বহু কষ্টৰ অন্তত বৰ্ষাৰ সৰলতাবোৰৰ প্ৰেমত পৰিছিল,কিন্তু তাইৰ পৰা বিশ্বাসঘাটকতা কোনোপধ্যেই আশা কৰা নাছিল সেই খঙতেই যোৱাৰাতি কি কৰি পেলালে ভাবিও তাৰ অসহ্য লাগিছে৷ মনটোৱে সাংঘাতিক ধৰণে অস্হিৰতাত ভুগিছে৷ হাতত কাচৰ ভগা চিগা টুকুৰাবোৰ লৈ বৰ্ষা ৰুমটোৰ পৰা ওলাই আহিল৷সমীৰে বৰ্ষাক কথাবোৰ বুজাম বুলিয়েই তাইলৈ বাট চাই আছিল কিন্তু কেনেকৈ কি ক’ব সেই দোষতেই সাহস কৰিব পৰা নাছিল৷কিন্তু এতিয়া তাইৰ হাতত তেজৰ চেকুৰাবোৰ দেখি ৰ’ব পৰা নাই৷ল’ৰালৰিকৈ ফাষ্ট এইড বক্সটো বিচাৰি ৰুমটোলৈ সোমাই গ’ল৷তেনেকুৱাতেই ফোনটো বাজি উঠিল৷আজি যিহেতু অফিচত কোনো খবৰ নিদিয়াকৈয়ে ঘৰতে কটাই দিলে সেয়ে কিবা ইমপৰটেন্ট ক’ল হ’ব পাৰে বুলিয়েই আননউন নম্বৰটো ৰিচিভ কৰি "হেল্লো" বুলি ক’বলৈহে পালে সিমুৰৰ পৰা নাৰী কণ্ঠই মাত লগালে " মই জানিছিলোৱেই তুমি যে আজিও নম্বৰ চেন্স কৰা নাই " মায়াৰ ফোন,শুকাই যোৱা কলিজাৰ পাহীত পুনৰ জীয়াই তুলাৰ এই প্ৰচেষ্টাত কি উত্তৰ দিব সি একোকেই বুজি পোৱা নাই৷যেনেতেনে হেৰুৱা অতীতক এৰি আগবাঢ়িছিল কিন্তু সেই অতীতে স্মৃতি হৈ নহয় বাস্তৱ হৈ ঘুৰি অহাৰ চেষ্টা কৰিছে৷বুকুখন বিষাবলৈ ধৰিছে,এইয়া কি ধৰণৰ পৰীক্ষা৷বহুপৰ কোনো মাত নিদিয়াকৈ কিবাকিবিবোৰ ভাবি ফোনটো কাণতে লৈ বহি থাকিল৷সমীৰৰ কোনো ধৰণৰ সহাৰি নোপোৱাত পুনৰ ফোনটো নতুনকৈ বাজি উঠিল৷ইচ্ছা নথকাৰ পাছতো ৰিচিভ কৰিলে,সিমুৰৰ পৰা মায়াই কিবাকিবি কথাবোৰ কৈ আছে ৷আজিও সমীৰে তাইলৈ বাট চাই আছে যদি তাই আকুৱালি ল’বলৈয়ো সাজু আছে,এই পৃথিৱীত তাই যে আটাইতকৈ অকলশৰীয়া হৈ পৰিছে সেই কথাও বুজাইছে৷সম্পূৰ্ণ ৰূপত সমীৰৰ আৱেগক সলনি কৰি নিজৰ কৰাৰ প্ৰচেষ্টাত লাগিছে তাই৷সমীৰে তাইক বুজাবলৈ চেষ্টা কৰিছে যদিও পৰা নাই কোনো কথাই খুলি ক’বলৈ ৷আনকি বৰ্ষালৈ পৰিৱৰ্তন হোৱা আকুলতবোৰৰ কথাও ক’ব পৰা নাই৷হয়তো নোৱাৰিবও,কিজানিবা মায়াই তাৰ ভালপোৱাবোৰ মিছা বুলি কয়৷ বহুপৰ সমীৰক ৰুমত সোমাই থকা দেখি এপাকত বৰ্ষাই মনে মনে চাই থৈ গ’লহি৷সমীৰে কথাপতাত ব্যস্ত,টিঙিচকৈ খঙ এটা উঠি আহিল তাইৰ৷লগালগ নিবিড়লৈ ফোন কৰি তাইক সোনকালেই জৰুৰী কাম এটাত ঘৰত থৈ অহাৰ বাবে অনুৰোধ কৰিলে৷তাৰ আৰঁৰ কাৰণ কি তাক নক’লে ৷নিবিড়েও নাজানে সমীৰ আৰু বৰ্ষাৰ জীৱনলৈ এনেকৈ যে ধুমুহা নামি আহিব পাৰে৷বৰ্ষাই ৰন্ধা বঢ়া কৰি টেবুলতে সকলোবোৰ থৈ দিলে৷নিজক কষ্ট দিলেও আনক কষ্ট দিব নোৱাৰে তাই৷তাইৰ খাবলৈ অলপো মন নাই,খাবওনো কেনেকৈ?ভোক পিয়াহ সকলোবোৰেই অন্ত পৰিল,যেতিয়া নেকি জীৱনত সেন্দূৰৰ অস্তিত্ব খিনিয়েই হেৰাই থাকিল৷ প্ৰায় এঘন্টাৰ পাছত সমীৰে ৰুমটোৰ পৰা ওলাই আহিল৷তাক দেখাৰ লগেলগেই তাই নিশব্দে সেইখিনিৰ পৰা আতৰি ৰুমলৈ সোমাই হুকটো বন্ধ কৰি দিলে৷সমীৰৰ সৈতে মুখামুখি হ’বলৈ অলপো মন যোৱা নাই ৷গাৰুটো বুকুত সাবটি ভাবিবলৈ ধৰিলে সমীৰৰ সতে দেখোন আত্মীয়তা কেৱল দায়িত্ববোধৰ নিস্বাৰ্থ বন্ধন৷যি বন্ধনে তাইক তাৰ পৰা দুৰ হ’বলৈ নিদিয়ে৷যি বন্ধনে তাৰ প্ৰতিটো দৃঢ় সিদ্ধান্ত লোৱাৰ পৰা বিচলিত কৰি দিয়ে কিন্তু এইবাৰ লোৱা সিদ্ধান্তত তাই হৃদয়ৰ পৰা সমৰ্থন কৰে৷কথাবোৰ ভাবি থাকোঁতেই উচুপি উচুপি কৈ উঠিল "সমীৰ মাত্ৰ এজন অহংকাৰী পুৰুষ,যি নিজৰ অতীতৰ পাছত দৌৰি ফুৰোঁতে বৰ্তমানটোক পাহৰি পেলালে৷কেতিয়াও মোৰ কথা বুজিবলৈকে নাচালে৷ মাত্ৰ দুখবোৰ সহি যোৱাৰ সমল হৈ পৰি ৰ’লো মই " সন্ধিয়া সাত বাজিবৰ হ’ল,বৰ্ষাই ৰুমতে সোমাই আছে৷আজি বহুদেৰিলৈ শুলে,টোপনি আহক বা নাহক বিচনাতে পৰি আছে৷সমীৰৰ পৰা দুৰত থকাৰ অভ্যাসটো কৰিব খুজিছে,মন নাযায় তাৰ সন্মুখলৈ ওলাবলৈয়ো৷সমীৰৰ সেই দুচকুৰ চাৱনি এতিয়া আৰু সহ্য কৰিব নোৱাৰে,যি চাৱনিৰে তাইৰ হৃদয়ত তোলাপাৰ লগাই দিয়ে৷ যোৱাৰাতিৰ পৰা আজিলৈ ২৪ঘন্টাই পাৰ হ’ব হ’ল তাইৰ পেটত একো এটা পৰা নাই৷সেয়ে পেটত অত্যাধিক বিষ অনুভৱ কৰিলে,মুৰটোও অলপকৈ ঘুৰাইছে সেয়ে শুই নাথাকি মুৰ হাত কেইটা ধুই ৰুমৰ পৰা ওলাই আহিল৷ ডাইনিং টেবুলত সজাই থোৱা খোৱাবোৰ এতিয়াও তেনেদৰেই আছে,সমীৰে কিয় নাখালে সুধিবলৈ মন নগ’ল৷পাকঘৰলৈ সোমাই আহি চাহ কৰিলে৷দিনটো তাইৰ লগতে সমীৰে ভোকত আছে ভাবি মনটো দুখ লাগি গ’ল৷সেয়ে চাহ একাপ সমীৰৰ সন্মুখৰ টেবুলত শব্দ কৰি থৈ আহিলে৷সমীৰে তাইক দেখি কিবা এটা ক’বলৈ বিচাৰিছিল কিন্তু তাই শুনিবলৈ নিবিচাৰিলে৷হাতত বিস্কুট দুটা আৰু চাহকাপ লৈ পুনৰ ৰুমটোত হুক লগাই সোমাই থাকিলহি৷গই সময়ত সমীৰে খায় নাখায়,ক’ত থাকে কি কৰে জানিবলৈ অলপো মন যোৱা নাই৷তেনেকুৱাতেই নিবিড়ে ফোন কৰি ইমাৰজেন্সী ৱাৰ্ডত কাইলৈয়ে ফ্লাইটৰ দুটা টিকেট পাইছে বুলি জনালে৷বৰ্ষাইয়ো পাৰে যদি সেইটোকে কাটি দিবলৈ ক’লে আৰু শুই থাকিলে৷ অন্যদিনাৰ দৰে ৰাতিপুৱাই উঠি কোনো কামবন নকৰিলে,অজান অভিমানত সোনকালে উঠি দোৱাৰৰ হুকটো খুলি পুনৰ শুই থাকিলে৷সমীৰেও বৰ্ষাই তাৰ সৈতে এইদৰে থকাত ঘৰত থাকি শান্তি পোৱা নাই৷সোনকালেই অফিচলৈ ওলাই গ’ল৷অলপমান দেৰিকৈ উঠি বৰ্ষাইয়ো কাপোৰ কানিবোৰ সামৰি ল’লে যাবলৈ বুলিয়েই৷দিনটো বহু কষ্টৰে নিজকে চম্ভালি ল’লে তাই ৷ আবেলি সময়ত নিবিড়ে বৰ্ষাক নিবলৈ বুলি ঘৰ উলালহি৷হঠাৎ এইদৰে যাবলৈ ওলোৱাৰ কাৰণ সুধিছিল যদিও বৰ্ষাই আগতে নক’লে তাক সেয়ে সিও যোৰ নকৰিলে৷কিন্তু এতিয়া বৰ্ষাই কেইবাটাও বেগ উলিয়াই থোৱাত তাৰ অলপ সন্দেহ হ’ল৷ধেমেলীয়া সুৰতে সুধিলে " ৱাহ,বছে তোমাক বহুদিনীয়া ছুটী দিলে নেকি?এদম বেগ লৈ উলালা যে ?" বৰ্ষাই কঠিন কৰি লোৱা হৃদয় খনক পিছলিব নিদিয়াকৈ কৈ উঠিল " মই একেবাৰে যাবলৈ ওলাইছোঁ হয়টো সমীৰৰ জীৱনৰ পৰাই সদায়ৰ কাৰণে" বৰ্ষাই গম্ভীৰ ভাৱে কোৱা কথাকেইষাৰ সচাঁমিছা ধৰিব নোৱাৰি সি পুনৰ সুধিলে "তাৰমানে?" চাবিদিয়া পুতলাৰ দৰেই কোনো অনুভৱ,অনুভূতি নোহোৱাকৈ বৰ্ষাই কৈ উঠিল " সমীৰে মোক ডিভোৰ্চ দিছে,মায়া তেওঁৰ জীৱনলৈ ঘুৰি আহিল " কথাষাৰে নিবিড়ৰ বুকুতো চিৰিংকৈ মাৰিলে, ক্ষোভত জ্বলি সি কৈ উঠিল " কিহ্ সি তোমাক ডিভোৰ্চ খুজিলে বুলিয়েই তুমি দি দিবা নেকি?" "যদি মই আতৰি গ’লে তেখেতৰ জীৱনলৈ সুখ আহে তেনেহ’লে মই আতৰি যাবলৈ অলপো কুণ্ঠাবোধ নকৰোঁ,তেখেত সুখী থাকক" "কিন্তু বৌ তোমাৰ সুখবোৰৰ কি হ’ব ,ক’ত যাবা তুমি,কি কৰিবা ৷কথাবোৰ ঘৰত গম পালে কি কৰিবা?" "সেইবোৰ মই নাজানো,এতিয়া মাথোঁ মা দেউতাক এবাৰ চাবলৈ যাওঁ " "বৌ কি কৈ আছা তুমি এইবোৰ৷ইমান সহজ হয়নে তোমাৰ বাবে সকলো,তুমি নিজৰ কথা ভাবি চোৱা,মাৰ কথা ভাবি চোৱা,যদি মায়ে এইবোৰ গম পাই জীয়াই জীয়াই মৰি থাকিব৷প্লিজ বৌ এনেকুৱা নকৰিবা তুমি ,এতিয়াও সময় আছে ডিভোৰ্চ নিদিওঁ বুলি কৈ দিয়া দাদাক" "সকলো শেষ হ’ল নিবিড়,মই চহী কৰি দিলোঁ,মোক ক্ষমা কৰিবা আৰু কথাবোৰ বেছিকৈ নাভাবিবা মই কিবা এটা উপায় উলিয়াম,মাত্ৰ মোক এবাৰ ঘৰত থৈ আহা,তাৰ পিছত মই মোৰ ব্যৱস্হা নিজেই কৰি ল’ম" " নাই,তুমি ক’তো যোৱাৰ প্ৰয়োজন নাই,তুমি আমাৰ ঘৰত আমাৰ লগত থাকিবা,যদি প্ৰয়োজন হয় দাদা ঘৰৰ বাহিৰত থাকিব ,তোমাৰ যিহেতু এইবোৰত কোনো দুখ নাই তেনেহ’লে তুমিও ভোগ কৰিব লগীয়া একো নাই " সমীৰে অফিচৰ পৰা আজি অলপ সোনকালেই ওলাইছিল,বৰ্ষাৰ সৈতে ভুলবুজাবুজিবোৰ থিক কৰিম বুলিয়েই কিন্তু ঘৰলৈ আহি বৰ্ষা যাবলৈ ওলোৱা দেখি আৰু নিবিড়ৰ সৈতে পতা কথাবোৰ শুনি সি পাছফালৰ পৰাই মাত দিলে "বৰ্ষা মোৰ ভুলৰ শাস্তি মই ভুগিব লগা হ’লে অকলেই ভোগ কৰিম৷তুমি ঘৰলৈ যাবলৈ বিচাৰিছা যেতিয়া যোৱা আৰু বেলেগ ক’তো যাব নালাগে,প্ৰয়োজন হ’লে মই কোনোদিন ঘৰলৈ উভতি নাযাওঁ৷তুমি যিহেতু মোৰ দায়িত্ব সেয়ে মই মোৰ দায়িত্ব পালন কৰি যাম৷মই মোৰ এই দায়িত্বৰ পৰা পলাব নুখোজো ৷তুমি ঘৰত থাকিবা,মা দেউতাক চাবা " শেষলৈ সমীৰৰ মাতষাৰ থোকাথুকি হৈ পৰিল৷তাৰ মনৰ আশা মনতে ডুব গ’ল৷বৰ্ষাইয়ো মাত এষাৰ নিদিয়াকৈ চকুপানী টুকিয়েই ওলাই আহিল ঘৰৰ পৰা ৷নিবিড়েও সমীৰৰ প্ৰতি থকা খঙটোৰ বাবে একো নোকোৱাকৈ ওলাই আহিল৷বৰ্ষা ঘৰটোৰ পৰা ওলাই যোৱাৰ লগেলগেই পৰিৱেশটো শূন্য হৈ পৰিল,ঘৰখন এতিয়া যে ঘৰ হৈ থকা নাই সেই কথা সমীৰে বাৰুকৈয়ে উপলব্ধি কৰিলে৷এটি এটি ক্ষণ গণি দুখে ভাগৰে ঘড়ীটোলৈ লক্ষ্য কৰি বহি পৰিল৷(আগলৈ) দেৱাশ্ৰী বৰা

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 43) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) ফোপাই জোপাই দৌৰি অহাদি আহি মায়াই বৰ্ষাৰ হাতত তাই দোকানত এৰি অহা বেগটো আগবঢ়াই দিলেহি৷বৰ্ষাই হাত পাতি ল’লে যদিও সমীৰে অবাক হৈ সিহঁতলৈয়ে চাই থকাটো মন কৰিলে৷মায়াই অৱশ্যে তেতিয়ালৈকে সমীৰক দেখাই নাই,মাত্ৰ দৌৰি অহাৰ বাবে ভাগৰ লগাত ঘন ঘনকৈ উশাহ টানি বৰ্ষাক কৈ আছে "তুমি এৰি থৈ আহিছিলা আকৌ,মই দেখিলোঁ বুলিহে,মই যাওঁ দিয়া বাই " মায়াই উভতি যাবলৈ লওঁতেই সমীৰে তাইৰ হাতত থাপমাৰি ধৰিলে৷মায়াই ঘুৰি চাই সমীৰক দেখি একে ঠাইতে থৰ হৈ চাই আছে৷দুয়োটাৰ চকুত চকু পৰাত ইটোৱে সিটোৰ চকুলৈ চাই আছে৷দুবছৰৰ অন্তত আজি সিহঁতৰ মুখামুখি হৈছে ৷হেপাঁহ পলোৱাই ইটোৱে সিটোক চাই আছে৷আৱেগক প্ৰশ্ৰয় দি বৰ্ষাই এই মুহূৰ্তত সিহঁতক চোৱাৰ বাদে অন্য একোৱেই কৰিব নোৱাৰে৷ভিতৰৰ পৰা মোচৰ খাই পৰিছে গোটেই জনী৷আইনা ভগাৰ দৰে হিয়াখন ভাঙি টুকুৰা টুকুৰ হৈ পৰিছে৷ক্ষত বিক্ষত সেই টুকুৰাবোৰ তুলিবলৈয়ো তাইৰ সাহস হোৱা নাই৷ এইমুহূৰ্তত সমীৰৰ চকুত বৰ্ষাৰ প্ৰতি ঘৃণাৰ এক জ্বলন্ত প্ৰতিচ্ছবি৷ক্ষোভত ভিতৰৰ পৰা ভাগি পৰিছে৷তাৰ বুকুত একুৰা জুই দপদপাই জ্বলি উঠিছে৷কিন্তু মায়াক ভালপায় বুলি নহয় বৰ্ষাই মায়াক চিনি পায় তাৰপাছতো এইষাৰ কথা তাক নজনালে অথচ সমীৰে মায়াৰ বাবে দিনে নিশাই পগলাৰ দৰে চটফটাই থকা সময়বোৰ বৰ্ষাই একেবাৰে ওচৰৰ পৰা লক্ষ্য কৰিছিল৷বৰ্ষাই তাক বিশ্বাসঘাটকতা কৰিলে এই ভাৱতে মুৰত সৰি পৰিছে বখলাবখলে বিশ্বাসঘাটকতাৰ চপৰাবোৰ৷ মায়াই সশব্দে উচুপি উঠি ক’লে "সমীৰ তুমি ইয়াত ?" সমীৰৰ চকুহাল চলচলীয়া হৈ আছে এই যেন পুৰণা প্ৰেম অতদিনৰ মুৰত ঘুৰাই পোৱাত সাবটি ধৰিব,কিন্তু নোৱাৰিলে৷কাৰণ মায়াৰ স্মৃতিবোৰ হয়টো কোনোবাখিনিত এৰি থৈ আহিলে৷অলপ আগত বৰ্ষাক নিজৰ কৰাৰ সপোনবোৰ এতিয়া তাৰ বাবে ধূসৰ হৈ আহিল৷সি কি কৰিব লাগে ,কি উত্তৰ দিব একোৱেই বুজিব পৰা নাই৷তেনেকুৱাতেই মায়াই বৰ্ষালৈ চাই ক’লে "বৰ্ষা তাৰমানে সমীৰ আৰু তুমি ..." নোৱাৰিলে তাই পাছৰ খিনি ভাবিবলৈয়ো৷হুকহুকাই কান্দি কান্দি ল’ৰ মাৰিলে সেইখিনিৰ পৰা আৰু মায়াৰ পাছে পাছে দৌৰ দিলে সমীৰে৷ মাজ বাটতে অকলশৰীয়া হৈ পৰিল বৰ্ষা৷বুকুত খহি পৰা শিল টুকুৰা লৈ একেঠাইতে থৰ হ’ল৷ফুটপাথত অহাযোৱা কৰা মানুহবোৰৰ খুন্দাত নিজকে হেৰুৱাই পেলাইছে৷সমীৰে তাইক এৰি যোৱা বাটেৰে চাই আছে৷ৰাতিৰ আন্ধাৰৰ সৈতে জীৱনৰ পোহৰখিনিকো হেৰুৱাই দিয়াৰ দৰেই লাগিছে তাইৰ৷অসম্পূৰ্ণ হৈ পৰিছে তাই,সমীৰ মায়া ক’ত গ’ল নাজানে তাই,আনকি সিহঁতৰ পিছত দৌৰিবও নোৱাৰে৷কাৰণ এই দৌৰত তাই হয়টো কোনোবাখিনিতেই উফৰি থাকি যাব৷এঘন্টা,দুঘণ্টাকৈ বহুসময় সমীৰে ঘুৰি অপেক্ষাত কটাই দিলে,কিন্তু সমীৰে ওলটি অহাৰ কোনো বাটেই নল’লে৷ফোন কৰিবলৈয়ো ভয় লাগিছে তাইৰ,ক’ত আছে জানিলে সকলো কথাই বিৱৰি কোৱাৰ কথাও ভাবিলে কিন্তু সি জানো এতিয়া তাইৰ কোনো কথাত বিশ্বাস কৰিব৷নিজৰ ওপৰতে এটাৰ পিছত আনটো ভুল জাপি জাপি,এইবাৰ ভুলৰ শুদ্ধৰণিৰ লগতে উপযুক্ত শাস্তিকো তাই মানি ল’ব বুলিয়েই সমীৰলৈ ফোন লগালে৷নাই ফোনটো চুইটচ অ’ফ৷এই ৰাতিখন এইখিনিত তালৈ বাট চাই জানো কিবা লাভ হ’ব,কেনেবাকৈ ঘৰ পালেগৈ বুলিয়েই তাইয়ো ঘৰলৈ বুলিয়েই বাট ল’লে৷ সমীৰৰ লগত গাড়ীতে গৈছে যেতিয়া হাতত টকা পইচা লোৱাৰ কোনো প্ৰয়োজন নাছিল তথাপিও এশ টকা এটা বেগতে ভৰাই থৈছিল,কিন্তু তাই ভালদৰে বুজি নোপোৱাত গাড়ী এখন ভাৰা কৰিয়েই ঘৰলৈকে আহিলে৷ড্ৰাইভাৰ জনলৈ হাতত থকা এশ টকাটোকে আগবঢ়াই দিলে কিন্তু ভাড়া হ’ল তিনিশ টকা,ৰুমৰ পৰা টকা আনি দিবলৈয়ো চাবিটো সমীৰৰ হাতত থাকিলে,কিন্তু গাড়ী চালক জনে পইচা নহ’লে নাযায়েই সেইখিনিৰ পৰা৷ৰাতিখন খুজিবলৈয়ো ওচৰত কোনো নাই ,উপায় নোহোৱাত কাণত থকা সোণৰ কাণফুলি এপাতকে খুলি দি ল’ৰালৰিকৈ ৰুমৰ ফালে ঢপলিয়াই আহিল৷ লোভ মোহ বা টনাআজোৰা কৰাৰ সময় নাই এতিয়া ৷দৌৰি দৌৰি ৰুমৰ কাষ পালেহি৷কিন্তু সমীৰ ৰুমটো নাই দৰ্জাখন ল’ক হৈ আছে৷আজি প্ৰিয়াহঁতো নাই তাইক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ,নিবিড়কো এই ৰাতিখন ফোন কৰি অশান্তি দিবলৈ মন নগ’ল৷এইমুহূৰ্তত তাইক সমীৰৰ চিন্তাইহে খুলি খুলি খাইছে৷দৰ্জাখনৰ মুখতে হাতভৰি কুচিমুচি বহি লৈ সমীৰৰ বাবে বাট চাই আছে৷কিয় যে ভুল কৰি পেলালে সমীৰক কথাবোৰ আগতেই নকৈ সেই কথাই তাইক ভিতৰৰ পৰা খুলি খুলি খাইছে৷ ৰাতি প্ৰায় তিনিমান বাজিছে,সমীৰলৈ বাট চাই বৰ্ষাই এতিয়াও দোৱাৰ মুখতে বহি আছে৷আজি বহুদিনৰ মুৰত টেটুলৈকে মদ গিলি সমীৰে ঢলংপলং খোজ দি তাইৰ ফালেই আগবাঢ়ি আহিছে৷সমীৰক দেখাৰ লগেলগেই ভয়তে তাইৰ উশাহটো বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে৷বুকুৰ ধপধপনিবোৰ ইমানেই বাঢ়িছে যে তাই নিজ কাণেৰেই শুনা পোৱাৰ উপৰিও বুকুফালি কলিজাটো ওলাই আহিব যেন লাগিছে৷এতিয়া সমীৰে তাইক কি কৰিব ভাবিয়েই তাই থৰথৰকৈ কপিঁছে,কিন্তু সমীৰে তাইলৈ কেৰাহিকৈয়ো নাচালে,দুৱাৰখন খুলি মনে মনে ভিতৰলৈ সোমাই গ’ল৷তাইয়ো ভয়ে ভয়ে সমীৰৰ পাছে পাছে ভিতৰলৈ সোমাই আহি সমীৰৰ ভৰিতে ধৰি কান্দিবলৈ ধৰিলে ৷লগতে তাইৰ ভুলৰ বাবেও ক্ষমা খুজি ক’লে যে "মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ’ল,মোক এবাৰলৈ ক্ষমা কৰি দিব৷মই আপোনাক সকলো কথাই আগতেই কৈ দিব লাগিছিল,বিচাৰিছিলোঁ ক’বলৈ কিন্তু ..." সমীৰে তাইৰ কোনো কথালৈ আক্ষেপ নকৰি,তাইৰ কথাষাৰ শেষ হ’বলৈ নৌপাওঁতেই চিঞৰি ক’লে " ভুল তোমাৰ নহয় বৰ্ষা ভুল মোৰ হ’ল৷তোমাৰ দৰে স্বাৰ্থলোভী ছোৱালী এজনীক বিয়া পতাটোৱেই নহয়,তোমাক বিশ্বাস কৰি তাতোতকৈ ডাঙৰ ভুল কৰিলোঁ৷তুমি কি ভাবিছা সচাঁ কথাবোৰ লুকাই থাকে ?আজি যদি মই মায়াক হেৰুৱাব লগীয়া হয় তাৰ একমাত্ৰ কাৰণ তুমি হ’বা বৰ্ষা মাত্ৰ তুমি" কথাষাৰ কৈ এক চেকেণ্ডৰ বাবেও সেইখিনিত ৰৈ নাথাকি সমীৰে দপদপাই ভিতৰলৈ সোমাই গ’ল৷আইনাত স্পষ্টকৈ জিলিকি পৰা নিজৰ মুখখন দেখি হাততে পোৱাকৈ ৰখা ফুলিদানীটো আইনাখনলৈ দলিয়াই দিলে৷খঙতে গোটেই ৰুমটোৰ বস্তু বাঢ়নি দলিয়াই শেষ কৰিছে৷কি হ’বলৈ গৈছে বৰ্ষাই একোকে বুজি পোৱা নাই,মাত্ৰ ৰুমৰ পৰা অহা খিলিং খালাং বস্তু ভগাৰ শব্দবোৰত ভয়তে কঁপি আছে৷শব্দবোৰ অলপ সময় নোহোৱাকৈ থকাৰ পাছত ভিতৰত কি হৈছে,সমীৰে কি কৰিছে চাবলৈ বুলি ভয়ে ভয়ে এখোজ দুখোজকৈ তাইয়ো ৰুমটোৰ ফালে আগবাঢ়ি আহিল৷ৰুমটোত বিশৃংখল হৈ পৰা বস্তুবোৰত চকু নিবদ্ধ কৰি সমীৰলৈ চাওঁতে দেখিলে যে,কিবাকিবি ফাইল এসোপামানৰ পৰা কাগজ এখন উলিয়াই বৰ্ষাক দেখাৰ লগালগেই তাইৰ ফালে আগুৱাই আহিছে৷সমীৰে কি কৰিবলৈ ওলাইছে বুজিবলৈ নাপাওঁতেই সি তাইক ওৱালৰ ফালে থেলি নি তাইৰ মুখখনত জোৰেৰে চেপি ধৰি কাগজ এখন মুখলৈকে দলিয়াই চিঞৰি ক’লে " তোমাৰ ওপৰত বিশ্বাস কৰাৰ বহুত আগতেই মই এনেকুৱা কৰিব লাগিছিল "আৰু তাৰ পাছতে থেলামুৰি এটা দি হুহোৱাই ৰুমবোৰ পৰা ওলাই গ’ল৷সমীৰৰ ইমান বেছি খঙ দেখি দীঘল দীঘলকৈ উশাহ টানি কপাঁ কপাঁ হাতেৰে মাটিত পৰা কাগজখন তুলি ল’লে৷ ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল "Divorce agreement"৷অতদেৰিৰ পৰা বৈ থকা চকুপানীখিনি পলকতে শুকাই গ’ল,মুখৰ মাত নোহোৱা হৈ পৰিল৷ওৱালখনতেই মুৰটো থৈ ভাগৰি পৰিল৷হয়তো এয়াই শেষ এই সম্পৰ্কৰ ৷ ৰাতিপুৱাৰ পোহৰবোৰ আহি চকুত পৰিলতহে বাস্তৱৰ পৃথিৱীখনৰ পোহৰে আহি কোঠাটো ৰঙীন কৰিলে কিন্তু বৰ্ষাৰ জীৱনটোত যে স্হায়ীকৈ আন্ধাৰ এচপৰা লাগি ধৰিলেহি৷নিজৰ ওপৰতে পুতৌ জাগিছে,ভগ্ন হৃদয়ৰ চিঞৰে ভিতৰৰ পৰাই দুৰ্বল কৰি পেলাইছে তাইক৷হাতত থকা ডিভোৰ্চ পেপাৰখন পুনৰ বাৰ তন্নতন্নকৈ চকু ফুৰাইছে৷মায়া ঘুৰি আহিলে সম্পৰ্কটো হেৰাই যাব বুলি ভাবিছিল কিন্তু আগতীয়াকৈয়ে সমীৰে যে ডিভোৰ্চ পেপাৰখন ৰেডি কৰি থৈছিল সেইকথা ভাবিয়েই কষ্ট হৈছে তাইৰ৷মনতে ভাবিছিল,ইমান দিনে সমীৰৰ সলনি হোৱা ব্যৱহাৰ মানে তাইৰ বাবে পুতৌৰ বাদে আন একোৱেই নাছিল৷তাৰমানে বিয়াৰ এবছৰৰ পাছতো সমীৰে তাইক নিজৰ কৰিবই নোৱাৰিলে৷ইমানদিনে তাইৰ লগত সমীৰে তাৰমানে সুখী হোৱাৰ এখন পৰিকল্পিত নাটকহে কৰি আছিল৷এক বুজনি সদৃশ গেঙনি অস্পষ্টভাৱে তাইৰ মুখৰ পৰা ওলাই আহিল৷ "নালাগে মোক পত্নীৰ অধিকাৰ,মোৰেই ভুল হ’ল নতুনকৈ সপোন দেখাৰ৷" পগলাৰ দৰে বিশৃংখল ৰুমটোত পৰি ৰোৱা বস্তুখিনিৰ মাজত পেন এটা বিচাৰি হাবাথুৰি খাইছে৷কিন্তু নাপালে পেন বিচাৰি,সেয়ে বাহিৰৰ ৰুমটোলৈ ওলাই আহি কপাঁ কপাঁ হাতেৰে ক’ৰবাত পেন এটা পাই নেকি তাকেই বিচাৰিছে৷তেনেকুৱাতে চোফাখনতে নিচিন্ত মনেৰে সমীৰে শুই থকা দেখি এইবাৰ তাইৰো অলপকৈ খঙটো উঠি আহিল৷কিন্তু সমীৰৰ ওপৰত খঙ দেখুৱাৰ সাহসকন তাইৰ নাই,সেয়ে পেন এটা পাওঁতেই পেপাৰখনত চহী এটা কৰি টেবুলখনতে থ’লে আৰু দৌৰি আহি ৰুমতে সোমাই দোৱাৰত হুকটো লগাই ল’লে ৷বিচনাখনতে পৰি গাৰোটোত মুখগুজি যিমান পাৰে চিঞৰি চিঞৰ কান্দি ল’লে৷মনতে ভাবিলে "কান্দি থাকি লাভ নাই বৰ্ষা,এয়াই কপালৰ লিখন তই মানি ল’,চিঙি দে সংসাৰৰ মায়ামোহৰ বন্ধন৷আতৰি যা তই " ৰাতিটো টোপনি খতি হোৱাৰ লগতে অত্যাধিক নিচা কৰাৰ কাৰণে সমীৰৰ মুৰটো খুবকৈ কামুৰিছে৷চকুহাল নেমেলাকৈয়ে নেমুপানী এগিলাচৰ বাবে বৰ্ষাক চিঞৰিলে৷তিনিচাৰি বাৰ মাত দিয়াৰ পাছতো বৰ্ষা ওলাই নাহিল৷ৰাতি ঘটা ঘটনাবোৰৰ কথা তাৰ এতিয়ালৈ মনত নাই,সময়টো চালে বাৰ বাজিবৰ হ’ল৷উঠি আহি ইফালেসিফালে চালে য’ত ত’ত বস্তুবোৰ পৰি আছে,লাহে লাহে এটা দুটা কথা চকুৰ সন্মুখত ভাহি আহিল৷টেবুলত পৰি থকা ডিভোৰ্চ পেপাৰখনতো তাৰ চকু পৰিল,লগালগ বুকুখন ধৰফৰাই উঠিল৷হাতত তুলি চালে বৰ্ষাই সেইখনত চাইন কৰি থৈছে৷চকুৰ সন্মুখত ভাহি আহিল বৰ্ষাৰ মুখলৈ কাগজখন দলিয়াই দিয়াৰ দৃশ্যটো ৷বৰ্ষাই এইখনত চাইন কৰি ক’ত গ’ল ভাবিয়েই পাকঘৰ,ড্ৰয়িং ৰুম সকলোতে চকু ফুৰোৱাৰ পাছতো ক’তো নেদেখি সিহঁতৰ ৰুমৰ বন্ধ দোৱাৰত টুকৰ দিলে৷কিন্তু ভিতৰৰ পৰা কোনো উত্তৰেই নাপালেই ৷(আগলৈ) দেৱাশ্ৰী বৰা

Thursday, August 13, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 42) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) বৰ্ষাৰ কেতিয়াবা দুৰ্বলমুহূৰ্তবোৰত মায়ালৈ মনত পৰে ,সমীৰৰ অতীত সিহঁতৰ ভৱিষ্যত সকলোৰে কথা যুক্তিৰে যুকিয়াই চাই৷নিবিড় আৰু ছায়াৰ সম্পৰ্কটোও ঘৰখনে আকুৱালি লৈছে সেয়ে এতিয়া চিন্তা বা বোজা বুলিবলৈ মায়াৰ কথাবোৰেহে খেলিমেলি লগাই থাকে৷সমীৰৰ সলনি হোৱা ব্যৱহাৰৰ লগতে বৰ্ষাই লক্ষ্য কৰে সমীৰে আগৰদৰে এতিয়া মায়াৰ স্মৃতিত নিৰৱতাৰ আশ্ৰয় নলয়৷বৰঞ্চ অফিচৰ পৰা আহি কিবাকিবি কাম কৰিবলৈ হ’লেও বৰ্ষাৰ চকুৱে ঢুকি পাব পৰাকৈ কাষত থাকে৷মাজে মাজে সমীৰে দুই এটা চিগাৰেট খাই যদিও লাষ্ট কেতিয়া মদৰ বটল হাতত লৈ সুৰাৰ ৰাগীত মাতাল আছিল সেই কথা মনত পেলাবলৈয়ো কষ্ট হয়৷সময়ৰ লগত স্মৃতিবোৰো কিজানি অতীত হৈ পৰিছে তাৰ বাবে,সেয়েই বৰকৈ ভাবি নাথাকে কথাবোৰ৷৷আজৰি সময় পালে বৰ্ষাৰ সৈতে দুই এটা কথা পাতে৷প্ৰেম সিহঁতৰ মাজত আছেনে বুলি সুধিলে উত্তৰ দিয়াত অসুবিধা হ’ব পাৰে কিন্তু বুজাবুজি আন্তৰিকতাবোৰ বাঢ়ি গৈছে৷ বৈবাহিক জীৱনত পুৰুষৰ ওপৰত নাৰীগৰাকীৰ প্ৰভাৱ থাকে ৷সেই প্ৰভাৱ সমীৰৰ জীৱনত আছেনে নাই সি কেতিয়াবা ভাবি চায়৷কিন্তু এটা কথা ভাবি কেতিয়াবা আচৰিত হয়,তাৰ আচলতে হৈছে কি?বৰ্ষাৰ বাবে সি নিজেও সলনি হোৱাটো অনুভৱ কৰিছে ৷কিন্তু কিয় ?আৰু তাইৰ বাবে থকা দুৰ্বলতাবোৰ কিহৰ বাবে?কেনেবাকৈ বৰ্ষাৰ সৰলতাই তাক প্ৰেমত পেলালে নেকি?আজি কালি দেখোন এসময়ত পাগলৰ দৰেই ভালপোৱা মায়াৰ প্ৰতি তাৰ মোহ নাইকিয়া হ’ল৷এতিয়া তাৰ বাবে অতীত পুৰণি যেন লাগে আৰু বৰ্ষাৰ অবিহনে সময়বোৰ যেন ৰৈ যাব৷এতিয়া বৰ্ষাই তাৰ মনৰ ভাৱবোৰ চুই যাব পৰাকৈ আপোন তাৰ বাবে৷মায়াৰ পৰা বৰ্ষালৈ তাৰ মনটো পিছলিছে সেইটো ভালদৰেই বুজিছে কিন্তু এই কথা বৰ্ষাক কিদৰে বুজাব সি৷ দিনটো অফিচত কামৰ ব্যস্তাৰ মাজতো বৰ্ষাৰ মুখখনে সমীৰক বৰকৈ আমনি কৰি আছে৷মনে মনে ৰেকৰ্ড কৰা বৰ্ষাৰ ভিদিঅ’বোৰ চাই অকলেই হাঁহি আছে৷বুকুত এক শিহৰণ অনুভৱ কৰিছে,পুনৰ মনত পৰিল বৰ্ষাৰ গাত হাত থ’লে তাই জিকাৰ খাই উঠা কথাটো৷উফ্ কি হৈছে তাৰ ,য’তে ত’তে বৰ্ষাকেই দেখিবলৈ ধৰিছে৷আৱেগেৰে সাবটি ধৰিবলৈ মন যায় কেতিয়াবা আৰু এই মুহূৰ্ততো তেনেকুৱা কিবা এটাই অনুভৱ কৰিছে৷অনুভৱবোৰ মনৰ মাজতে পুতি থোৱাতকৈ বৰ্ষাৰ মাতষাৰ শুনো বুলিয়েই ফোন লগালে৷কিন্তু তাই ৰিচিভ নকৰাত টিঙিচকৈ খঙ এটা উঠি আহিল৷থেকেঁচা মাৰি ফোনটো টেবুলতে থৈ কামত ধৰিলে৷ গুপ্তা আন্টিৰ পৰিয়ালটো আজি কলিকতাৰ নিজৰ ঘৰলৈ গৈছে প্ৰিয়াৰ ভায়েকৰ বিয়া লগতে নতুন বছৰটোও এইবাৰ পৰিয়ালৰ সৈতে কটাব বুলিয়েই সিহঁতি কেইদিনমান আগতীয়াকৈয়ে ওলাইছে৷তেওঁলোককেই আগবঢ়াবলৈ বুলি বৰ্ষাই গেটৰ ওচৰলৈ গৈছিল৷ঘুৰি আহি মবাইলটো চাই দেখিলে সমীৰৰ তিনিটা মিচকল৷অসময়ত কিয় বা ফোন কৰিছিল ভাবিয়ে ভয়তেই বুকুখন ধপধপাই উঠিল ৷লগালগ সমীৰলৈ ফোন লগালে ,ৰিচিভ কৰিয়েই অভিমানৰ সুৰত সমীৰে কৈ উঠি " ফোনটো ৰিচিভ কৰিবলৈয়ো তোমাৰ সময় নাই নেকি?কি কৰি থাকা হা ?" "প্ৰিয়া বা হঁত ঘৰলৈ যোৱাৰ কথা কৈছিলোঁ যে ,তাকেই আগবঢ়াবলৈ গৈছিলোঁ " "হুম,আবেলি ওলাই থাকিবা,অলপ ওলাই যাম " বৰ্ষাই আন কোনো কথা সুধিবলৈয়ে নাপালে সমীৰে ফোনটো কাটি দিলে৷বহুপৰ ফোনটো হাতত লৈ মনতে ভাবিলে আজি বা সমীৰে তাইক কিয় ওলাই থাকিবলৈ ক’লে ৷যিহ’লেও লগ ধৰিছে যেতিয়া সোনকালে ঘৰৰ কামবোৰ শেষ কৰি উলাব লাগিব৷সময়মতে উলাই যাব নোৱাৰিলে আকৌ খঙেই উঠিব তাৰ৷ল’ৰালৰিকৈ কাম বন কৰি আজৰি হৈ চিনুকো কিবাকিবি এটা খোৱাই ল’লে৷ওলাই যাব যেতিয়া একেবাৰতেই ঘৰৰো আনিব লগা বস্তুবোৰৰ লিষ্টখন লিখি ল’লে৷হাতভৰিবোৰ ধুই ধুনীয়াকৈ নীলাৰঙৰ শাৰীখন পিন্ধি ল’লে,শিৰত সেন্দূৰখিনি ল’বলৈ লওঁতেই সেন্দূৰৰ টেমাটো অকস্মাৎ হাতৰ পৰা পৰিবলৈ ধৰিছিল ক’ৰপৰানো সমীৰে আহি ধৰিলহি তাইয়ো ক’বই নোৱাৰিলে৷সমীৰক দেখি ভুত দেখাৰ দৰে লাগিছে তাইৰ৷দৰ্জাখুলিবলৈয়ো যে আজি তাইক মাত নলগালে ,মনে মনে এইদৰে সোমাই আহিলে তাকো ৰুমলৈকে৷সেইবোৰ ভাবিয়েই তালৈ চাই থাকোঁতেই সমীৰে ক’লে "দেৰি হৈছে সোনকাল কৰা,সন্ধিয়া গাড়ীৰ বহুত ভিৰ লাগে জানাই চোন " "আপুনি কেতিয়া আহিলে,মই যে গমেই নাপালোঁ" "তুমি বাথৰুত আছিলা,কলিংবেল বজোৱাটো খুলি নিদিয়াত এক্সট্ৰা চাবিপাতেৰে সোমাই আহিলোঁ,সোনকালেই ওলাই আহা মই তলতে ৰৈছোঁ" সেন্দূৰখিনি পৰিবলৈ লোৱাৰ কথাটো ভাবি মনটো কিবা গধুৰ গধুৰ লাগিছে তাইৰ৷তথাপিও সমীৰে সময়ত আহি যে ধৰিলেহি সেই বুলিয়েই পুনৰ উজ্জ্বলি উঠিল৷দীঘলীয়াকৈ সেন্দূৰখিনি লৈ ল’ৰালৰিকৈ ওলাই যাবলৈ লওঁতেই চিনুৱে আহি তাইৰ শাৰীখনতেই কামোৰ মাৰি ধৰিলেহি৷তাইক ওলাই যাবলৈয়ে নিদিয়ে ইফালে সমীৰে ফোনৰ উপৰি ফোন মাৰিয়েই আছে ৷যেনেতেনে চিনুক ভিতৰতে ভৰাই দোৱাৰখন ল’ক কৰি উলাই আহিল৷সমীৰৰ কাষৰ চিটতে তাইয়ো বহিলহি৷ লক্ষ্যহীন ভাৱে সমীৰে গাড়ীখন চলাই নিল৷বহুদুৰ বাট সেইদৰেই যোৱাৰ পাছত বৰ্ষাই সুধিলে "আমি ক’ত গৈ আছোঁ?" "কিয় লাগে তোমাক ?আমনি পাইছা যদি কোৱা " সমীৰৰ উত্তৰত বৰ্ষাই মুখেৰে আৰু একোকে নামাতিলে৷অলপদুৰ গৈ পাহাৰৰ টিলা এটাৰ কাষত থকা ৰেষ্টুৰেণ্টত এখনৰ সন্মুখত গাড়ীখন ৰখালেহি৷সমীৰে গাড়ীৰ পৰা নামি গৈ বৰ্ষাৰ বাবে দুৱাৰখন খুলি দি ক’লে " আহা ,ইয়াতেই অলপ বহোগৈ৷" বৰ্ষাই গাড়ীৰ পৰা নামি ইমূৰৰ পৰা সিমূৰলৈ এপাক চাই পঠিয়ালে৷ চাংঘৰৰ আকৃতিত সজা এখন সুউচ্চ ৰেষ্টুৰেণ্ট৷দীঘলীয়াকৈ ওপৰৰ পৰা তললৈ পৰাকৈ ওলোমাই ৰাখিছে ভিন্ন ৰঙৰ ফুলৰ টাববোৰ৷সমীৰে বৰ্ষাৰ হাতখনত চেপামাৰি ধৰি আগবাঢ়িল৷বৰ্ষাইয়ো তাৰ পাছে পাছি খোজ দি ৰেষ্টুৰেণ্টৰ ভিতৰলৈকে সোমাই গ’ল৷বেতৰ আৰামী চকীখন সমীৰে তাইৰ ফালে আগবঢ়াই নিজেও তাইৰ সন্মুখতে বহি ল’লেগৈ৷বৰ্ষাই অশান্ত হৈ থকা সমীৰৰ মুখখন বাৰে বাৰে লক্ষ্য কৰিছে৷কিবা এটা ক’বলৈ সমীৰৰ উঠঁ দুখন সামান্য কপিঁছে কিন্তু ক’ব পৰা নাই ৰৈ গৈছে৷কথা কিনো পাতিব সেইটোও বুজি পোৱা নাই ৷মৌন হৈ দুয়োটা বহি আছে৷ ৱেইটাৰ বয়জনে আহি মেনু এখন আগবঢ়াই দিলেহি,বৰ্ষাই মেনুখনকে হাতত লৈ বহি আছে৷মৌনতা ভাঙি সমীৰে বৰ্ষাক ক’লে " কি খাবা কোৱা? " এইদৰে ৰেষ্টুৰেণ্টত খোৱাৰ অভ্যাস বৰ্ষাৰ একেবাৰেই নাই তাতে ঘৰতো ভাত খায়েই আহিছে ৷খাবলৈ একোকেই মন যোৱা নাই কিন্তু সমীৰে ইমান দুৰলৈ আনিছে যেতিয়া একো এটা নাখালেও বেয়া হ’ব ভাবিয়েই ক’লে " মোৰ পেট ভৰিয়েই আছে,কফি একাপ দিলেই হ’ব" বৰ্ষাৰ বেলেগ একো খাবলৈ মন নাই যেতিয়া কফি দুকাপৰ সৈতে তাৰ বাবে কিবা এটা অৰ্ডাৰ কৰি দিলে৷অৰ্ডাৰ অহা সময়খিনিত সি বৰ্ষাক ক’লে " ব্লু চুইটচ অন ইউ,ভাল লাগিছে তোমাক " বৰ্ষাই চকুহাল বহলাই সমীৰলৈ চালে৷সিও হাঁহি এটি মাৰি ৰেষ্টুৰেণ্টখনত কি কি পাই,ক’ত কি আছে এফালৰ পৰা কৈ,বেলকনিলৈ গৈ পাহৰৰ বুকুত অস্ত যোৱা সূৰ্য্যৰ মনোমোহা দৃশ্যভাগ বৰ্ষাৰ সৈতে উপভোগ কৰিলে৷বৰ্ষাক ক’ব নোৱাৰিলে যদিও মনতে ভাবিলে " বেলিটোৰ দৰে আজি মোৰ বুকুত জাঁহ যাব বহু পুৰনি ঠিকনা৷নতুন বছৰত এটা নতুন আৰম্ভণি বিচাৰোঁ বৰ্ষা" বাহিৰৰ উৰুঙা বতাহচাটিয়ে দেহ মন হাত পেলাই চেচাঁ পেলাইছে৷ব্যৰ্থ হৃদয়ৰ গোপন কথাবোৰ খুলি ক’বলৈ এয়াই সঠিক সময় বুলি বৰ্ষাৰ হাতখন নিজৰ হাতৰ মাজত লৈ ল’লে৷কিন্তু বৰফৰ দৰে চেচাঁ হৈ থকা বৰ্ষাৰ হাতখন চুই সমীৰে " তোমাৰ হাতখন ইমান ঠাণ্ডা যে ?"বুলি কৈ তাইক ভিতৰলৈ সোমোৱাই আনিলে৷ঠাণ্ডাতে চেচাঁ পৰা তাইৰ শৰীৰটো চুই সমীৰে গৰম গৰম চুপ এটাৰো অৰ্ডাৰ কৰি দিলে৷ঠাণ্ডা বেছিকৈ পৰাত খোৱা বোৱা কৰিয়েই ঘৰলৈ যাওঁ বুলিয়েই সমীৰে গাড়ী পোনাইছিল কিন্তু বৰ্ষাইহে বস্তু অলপ ল’বলৈ আছে সেয়ে একেবাৰেই বজাৰ কৰি ঘৰ যোৱাৰ কথা উলিয়াত সমীৰেও তাইৰ কথাত বাধা নিদিলে৷ প্ৰায়খিনি বস্তু কিনি হোৱাৰ পাছতে সমীৰে এ.টি.এম ৰ পৰা টকা অলপ উলিয়াই আনো বুলি কৈ বৰ্ষাক কাপোৰৰ দোকান এখনৰ সন্মুখতে ৰ’বলৈ ক’লে৷সমীৰে যোৱাৰ পাছত তাই সেইখিনিতে ৰৈ নাথাকি দোকানখনৰ ভিতৰলৈয়ে সোমাই আহিল৷হেঙাৰত ওলোমাই থোৱা ৰঙ বিৰঙৰ কুৰ্তাবোৰ চাই থাকোঁতেই তাইক পাছফালৰ পৰা কোনোবাই আহি মাত দিলে " বৰ্ষা তুমি ইয়াত যে,বজাৰ কৰিছা নেকি?" অসমীয়াত কোৱা কথাকেইষাৰ আৰু মাতষাৰ মায়াৰ দৰেই পাই পিছলৈ ঘুৰি চাবলৈয়ো তাইৰ সাহস হোৱা নাই ৷বুকুৰ ধপধপনিবোৰো সাংঘাতিক ধৰণে বাঢ়িবলৈ ধৰিলে৷মায়া ইয়াত কেনেকৈ বুলি মনতেই প্ৰশ্ন কৰি মুৰটো ঘুৰাই দিলে৷তাইৰ সৈতে কথা পাতিবলৈয়ো ভয় লাগিছে তাইৰ৷কোন সময়ত সমীৰে আহি তাইৰ কাষ পায়হি ঠিকান নাই৷সচাঁই মায়া হয়নে নহয় তলৰ পৰা ওপৰলৈকে পৰ্যবেক্ষণ কৰিছে৷এইবাৰ মায়াই ক’লে " কিয় চিনি পোৱা নাই নেকি?মই মায়া আকৌ,প্ৰিয়াহতঁৰ ঘৰত যে তোমাক লগ পাইছিলোঁ পাহৰিলা " সচা মিছাৰ প্ৰমাণ কৰিবলৈ নিজৰ হাততে চিকুট এটা মাৰি চালে ৷হয় তাইৰ সন্মুখত মায়া ৰৈ আছে৷কিন্তু মায়াই কি কৈ আছে তাই একো শুনা পোৱা নাই৷ভয়তে তাইৰ কাণখন তাল মাৰি ধৰিছে৷কৃত্ৰিম হাঁহি এটি উঠত লগাই মায়া এইখিনিৰ পৰা সোনকালেই আতৰি যোৱাটো কামনা কৰিছে৷তেনেকুৱাতেই ফোনটো বাজি উঠিল,সমীৰৰ ফোন ৷"মই যাব লাগে "বুলি কৈ বৰ্ষাই সেইখিনিৰপৰা ল’ৰালৰিকৈ ওলাই আহিলে৷দোকানখনৰ বাহিৰতেই সমীৰে ৰৈ আছে,এইখিনিৰ পৰা সোনকালে ওলাব পাৰিলেই যেন তাই শান্তিৰে উশাহটো ল’ব পাৰিব৷ এই পুহমহীয়া ঠাণ্ডাতো বৰ্ষাৰ কপালত ঘামৰ বিন্দু বিন্দু টোপাল বিৰিঙি আছে ৷তাকে দেখি সমীৰে সুধিলে " অলপ আগৰলৈকেচোন ঠাণ্ডাত কঁপি আছিলা,এতিয়া ঘামিছা যে৷" এইমুহূৰ্তত সমীৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈয়ো মন যোৱা নাই তাইৰ৷সেয়ে উত্তৰ নিদিয়াকৈয়ে গাড়ীখনৰ দিশে আগবাঢ়িল৷কিন্তু কোনোবাই দৌৰি আহি চিঞৰ দিলে "বৰ্ষা ...তোমাৰ বেগটো " চিনাকি মাতটো সমীৰৰ কাণত বাজি উঠাত সি ৰৈ দিলে ৷কিন্তু বৰ্ষাই চিন্তাতে কাৰো মাত ক’তো শুনা নাই মাত্ৰ দপদপাই আগবাঢ়িছে৷হঠাৎ সমীৰক কাষত নেদেখি পাছলৈ ঘুৰি চাই দেখিলে সমীৰে স্তব্ধ হৈ পৰা ষ্টেচুটোৰ দৰেই একেঠাইত ৰৈ আছে আৰু তাৰ পাছফালৰ পৰা মায়াই দৌৰি আহিছে ৷সময়বোৰ এইখিনিতেই ৰৈ যোৱাৰ দৰে এফালৰ পৰা মায়া আৰু আনফালৰ পৰা বৰ্ষা দুয়োজনীয়ে সমীৰৰ ওচৰলৈ আগবাঢ়িছে৷ভগা এৰাসুঁতিৰ দৰেই বৰ্ষাৰ চকুলোবোৰ ব’বলৈ ধৰিলে৷(আগলৈ)

Wednesday, August 12, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 41) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আজি যথেষ্ট দেৰি হ’ল কাহিনীভাগ আগবঢ়াই দিয়াত সেইবাবে প্ৰথমেই মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ ৷মই যিহেতু মবাইল ন’টত কাহিটো লিখি থওঁ কিন্তু আজি দিবলৈ লৈ দেখিছোঁ খণ্ডটো নাই ,পুনৰ বাৰ যেনেতেনে মিলাই মেলি লিখি দিছোঁ৷বেয়া নাপাব দেই৷আপোনালোকক সুখী কৰিব পৰাকৈ এতিয়াও কাহিনীভাগ একেই ৰাখিব পাৰিছোঁ নাই নাজানো কিন্তু মৰমবোৰৰ বাবে অশেষ ধন্যবাদ ❤️ ) প্ৰিয়াই ঘৰৰ কাম,ল’ৰা-ছোৱালীৰ জঞ্জাল আউতাই অফিচৰ কামৰ ব্যস্ততাৰ মাজত মুৰ গুজি ভালদৰে নিজলৈ সময়কণকে গোটাব নোৱাৰে তথাপিও বৰ্ষাৰ দুখবোৰ পাতল হওক বুলিয়েই মায়া আৰু সমীৰৰ অতীতৰ কথাবোৰ লাহে লাহে সুধি জানি লৈ আজি একেলগে বহুখিনি তথ্য গোটাই বৰ্ষাৰ ওচৰলৈ আহিছে৷কথাবোৰ কোনখিনিৰ পৰা আৰম্ভ কৰিব তাই নিজেও বুজি পোৱা নাই৷বৰ্ষাক ক’বলৈ আহিছে যদিও প্ৰিয়াৰ বেৰঙী মুখখনতেই বৰ্ষাই অনুমান কৰিছে নিশ্চয় প্ৰিয়াই ক’বলৈ ওলোৱা কথাবোৰ সহজ নহ’ব তাইৰ বাবেও৷জিজ্ঞাসু মনটোৰ বাবে নিজকে প্ৰস্তুত কৰিছে সাহসী হ’বলৈ৷ প্ৰিয়াৰ সৈতে অন্য কথা বতৰা পাতি মুৰ নঘমায় পুনেই সুধিলে "প্ৰিয়া দি কিবা গম পালে নেকি?" হুমুনিয়াহ এটা এৰি প্ৰিয়াইয়ো ক’লে "বৰ্ষা মই যিবোৰ জানিলোঁ তাইৰ পৰা সেইবোৰ তোমাক কেনেকৈ কওঁ একো বুজি পোৱা নাই " "মানে প্ৰিয়া দি?" "মানে আমি ভবাৰ দৰে মায়া আৰু সমীৰৰ সম্পৰ্কটো একেবাৰেই নহয়,বহুত খেলিমেলি আছে " "খেলিমেলি মানে?" পানীৰ গিলাচটো ঘুটে ঘুটে গিলি লৈ প্ৰিয়াই ক’বলৈ ধৰিলে " মায়াই কোৱা মতে সমীৰ আৰু তাইৰ সম্পৰ্ক কলেজৰ দিনৰে৷কমেও পাচঁবছৰীয়া প্ৰেমৰ সম্পৰ্ক আৰু তাৰ আগতে দুয়োৰে দীৰ্ঘদিনীয়া বন্ধুত্ব ,সেয়েই হয়টো সমীৰে এতিয়াও পাহৰিব পৰা নাই মায়াক " বৰ্ষাৰ বুকুত বিষাদৰ পুলি এটাই শিপাইছে৷নিজকে সংযত কৰি ইমান দীৰ্ঘদিনীয়া সম্পৰ্কটো হঠাতে ভাগি যোৱাৰ কাৰণ বিচাৰি তাই পুনৰ সুধিলে "আৰু কিবা সুধিলেনে আপুনি মানে কিয় শেষ কৰাৰ সিদ্ধান্ত ল’লে তেওঁলোকে" "হুম কৈছে !প্ৰথমতে সম্পৰ্কটো খুবেই মধুৰ আছিল কিন্তু লাহে লাহে দুইটাই ইটোৱে সিটোক লৈ বেছিকৈ পজেচিভ হ’বলৈ ধৰিলে,সমবয়সৰ হোৱাৰ বাবে কাজিয়া পাতিও বেছিকৈ হ’বলৈ ধৰিলে৷কোনো এটাই তল পৰিব নুখুজে ই’গ’ হাৰ্ট হ’ব বুলি৷সমীৰ বহুত খঙাল আছিল সেইদৰে মায়াও বহুত জিদ্দি আছিল ৷লাহে লাহে সম্পৰ্কটো বেয়াৰ দিশে ঢাল খালে৷তাৰ পাছতে মায়াই দেউতাকৰ কোম্পানীতেই নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰাৰ কথা ভাবিলে ৷ সমীৰেও তাইৰ সৈতে সহযোগ কৰি দুয়োটাই মিলি এটা কোম্পানীৰ ষ্টাৰ্ট কৰিলে৷কোম্পানী এটা চলোৱাটো কোনোপধ্যেই ইমান সহজ নহয় তথাপিও দুয়োটাই মিলি পাৰিম বুলিয়েই আগবাঢ়িছিল৷কোম্পানীটো লাহে লাহে সমীৰৰ বাবে সপোন হৈ উঠিছিল৷সেয়ে মায়াক সময় দিব নোৱাৰা হ’ল,প্ৰায়েই ব্যস্ত থকা হ’ল৷সমীৰৰ ব্যস্ততাৰ বাবে সম্পৰ্কটো আৰু কঠিন হ’বলৈ ধৰিলে৷সেয়ে সম্পৰ্কটো বচাবলৈ মায়াই এইটো কোম্পানী ইমানতেই শেষ কৰাৰ সিদ্ধান্ত ল’লে কিন্তু সমীৰে কোনোপধ্যেই তাইৰ এই প্ৰস্তাৱক মানি ল’ব নুখুজিলে৷হাই কাজিয়াই চৰম সীমা পাৰ কৰিলে,এদিন মায়াক 'তুমি অফিচ নচলালেও মই অকলেই আগবঢ়াই নিম 'বুলি কৈ সমীৰে তাইক তাৰ পৰা বাহিৰ কৰি দিলে৷কিন্তু সমীৰে তাইৰ সৈতে সম্পৰ্ক চেদ কৰা নাছিলে,অলপদিন দুয়োটাৰ মাজত কথা বতৰা নহ’ল ৷তেতিয়াই মায়াৰ ঘৰত তাইৰ বিয়াৰ কথা ওলোৱাৰ খবৰটো পাই সমীৰে খঙ অভিমান সামৰি পুনৰ মায়াৰ কাষলৈ দৌৰ দিলে৷ভালদৰে বুজালে তাইক কথাবোৰ,সমীৰৰ কথাত তাইয়ো মান্তি হ’ল৷লাহে লাহে বিজনেছটো আগবাঢ়িল,বহুতো দেশী বিদেশী কোম্পানীৰ সৈতে হাত মিলালে৷সেইসময়ত সিহঁত দুয়োটাই টকা ঘটাতোৱেই উৎকৃষ্ট পথ হিচাপে ধৰি ল’লে৷বাহিৰৰ কোম্পানী বোৰৰ পৰা সঘনাই ইটো সিটো অফাৰ আহিবলৈ ধৰিলে৷যিহেতু চাকৰিটো আছেই দুয়োটাৰ হাতত সেয়ে বিয়াখন দেৰিকৈ পতাৰ সিদ্ধান্ত দুয়োটাই ল’লে৷কিন্তু মায়াই সেই সময়ত ধন টকা পইচাৰ পাছত ইমানেই অন্ধ হৈ পৰিছিল,লগতে আকাশ চুৱাৰ উচ্চকাংক্ষাত মাকৰ কথাও ৰাখিব নুখুজিলে৷সমীৰে জোৰ কৰিছিল যদিও তাইৰ জেদৰ আগত সি কোনো কথাৰে ল’ৰচৰ কৰিব নোৱাৰিলে৷সেইসময়তে মায়াৰ মাকৰো মৃত্যু হ’ল,পুনৰ উচ্চকাংক্ষাৰ স্বপ্নত সমীৰৰ সৈতে অসমৰ পৰা দুৰ ক’ৰবালৈ সদায়ৰ বাবে আহিবলৈ যোৰ কৰিলে৷কিন্তু সমীৰ আছিল হ’মচিক৷ঘৰৰ পৰা দুৰত থকাৰ কথাটোত কেতিয়াও সন্মতি নজনালে সেয়ে মায়াই অকলেই গুচি আহিল অসমৰ পৰা৷তাৰ পাছতে ভাৰতৰ বাহিৰত বহুতো ডাঙৰ ডাঙৰ কোম্পানীৰ সৈতে কাম কৰিলে এবছৰ দিন ৷কিন্তু লাহে লাহে নিসংগতাই তাইৰ বাবে হেঙাৰ হৈ পৰিল৷নিজৰ ভুলবোৰ বুজি আপোন মানুহবোৰ বিচাৰি পুনৰ অসমলৈ ঘুৰি গ’ল ৷কিন্তু সেইসময়তে এটা কাৰ এক্সিডেণ্টত দেউতাকৰো মৃত্যু হ’ল,তাই একেবাৰে অকলশৰীয়া হৈ পৰিল৷সমীৰৰ সৈতে যোগাযোগ কৰিবলৈ তাই সাহস গোটাবই নোৱাৰিলে " বৰ্ষাই উৎসাহিত কণ্ঠেৰে সুধিলে " কিয় ?" প্ৰিয়াই পুনৰ ক’বলৈ ধৰিলে "সমীৰৰ বিয়া পতাৰ খবৰটো পালে৷মোৰ ভাৱ হয় মায়া যদি এদিনৰ আগতো আহিলে হয় তেনেহ’লে তোমালোকৰ এই বিয়াখন কেতিয়াও হৈ উঠা সম্ভৱ নহ’ল হেতেন৷" বৰ্ষাই চকুহাল বহলাই সুধিলে "তাৰ মানে সমীৰে বিয়া পতাৰ কথাটো মায়াই জানে?কিন্তু সমীৰক কিয় লগ নকৰিলে?" "সমীৰৰ ওপৰত থকা ইমানদিনীয়া খঙ অভিমানবোৰৰ বাবে ,আৰু তাইক যে এবাৰো বিচাৰিব নুখুজিলে বুলিয়েই সদায়ৰ বাবেই অসম এৰি গুচি আহিলে আৰু এতিয়া আমাৰ অফিচতেই সৰু সুৰা জ’ব এটা কৰি আছে জীৱনটো চলাই নিব পৰাৰ জোখাৰে" ৷ কথাখিনি শুনি বৰ্ষাৰ চকুহাল চলচলীয়া হৈ পৰিল,মায়াৰ বাবে তাইৰ বেয়া লাগিছে ৷ এইদৰেও যে ভালপোৱাৰ পাছত বিচ্ছেদ হ’ব পাৰে ভাবিয়ে বুকুখন বিষাই আহিছে৷তাই বুজিছে সমীৰৰ বাবে মায়া যেনেকুৱাই নহওক প্ৰথম প্ৰেম হিচাপে সদায়েই স্মৰণীয় ৷তেনেহ’লে তাই এতিয়া কি কৰিব৷মায়া যদি সচাঁই সলনি হৈছে তেনেহ’লে দুখন হেৰাই যোৱা হৃদয়ৰ মিলনত সহায় কৰিব নেকি?নে সমীৰক সচাঁ কথাবোৰ কৈ দিব৷যদি সমীৰে এতিয়া মায়াৰ বাবে মা হতঁক অৱহেলা কৰিবলৈ লয় তেতিয়া জানো তাইয়ে দুখী নহ’ব৷আৰু নিবিড়ে জানো কথাবোৰ সহজে ল’ব ৷এফালৰ পৰা এটা এটাকৈ কথাবোৰ ভাবি গ’ল৷ বৰ্ষাই একো নোকোৱাকৈ থকা দেখি প্ৰিয়াই সুধিলে " হেই,তুমি কিয় কান্দিছা আকৌ৷আৰু ইমান ভাবিবলগীয়া কি আছে ইয়াত৷" থতমত খাই বৰ্ষাই গহীনাই প্ৰিয়াক সুধিলে " মই বাৰু সমীৰক মায়াৰ কথা কৈ দিয়াটো ভাল হ’ব নেকি?" প্ৰিয়াই ধমক দি কোৱাৰ দৰেই ক’লে " কোনো দৰকাৰ নাই ৷যেনেতেনে তোমালোকৰ জীৱনলৈ সুখ আহিছে এতিয়া আৰু সমীৰৰ অতীতৰ বাবে আহিব লগা জীৱনটো শেষ কৰি দিব নালাগে " "কিন্তু প্ৰিয়া দি " "কোনো কিন্তু নাই ,তুমিয়েই কোৱাচোন মায়াই যদি সমীৰক এৰি গুচি নাহিলে হয় তেনেহ’লে জানো নিজকে সলনি কৰিব পাৰিলে হয় ৷আৰু কি জানা বৰ্ষা যিজনী ছোৱালী নিজৰ মাকৰ হ’ব নোৱাৰিলে তাই জানো সমীৰৰ হ’ব পাৰিব৷তোমাৰ দৰে জানো সমীৰক সুখত ৰাখিব পাৰিব?মই যিমানখিনি বুজিলোঁ তাৰ ভিত্তিত এটা কথাই ক’ম,যি সম্পৰ্কত বুজাবুজি নাথাকে ,ইজনে সিজনৰ বাবে ত্যাগ কৰাৰ ক্ষমতা নাথাকে তেনে এটা সম্পৰ্কও জীয়াই ৰখা হ’লে হয়টো বেছিদিন টিকি থাকিব নোৱাৰিলে হয়৷এদিন নহয় এদিন তেনে সম্পৰ্ক এটা ভাগি যোৱাৰ আশংকা তেনেই নগণ্য৷" বৰ্ষাই ফেকুঁৰি ফেকুঁৰি কৈ উঠিল "মোৰ মায়ালৈ বেয়া লাগিছে,এইসময়ত যে তাই কিমান অকলশৰীয়া সেই কথা মোতকৈ বেছি আন কোনেও বুজিব নোৱাৰে" "হ’ব পাৰে মায়া অকলশৰীয়া কাৰণ তাই নিজৰ কৰ্মৰ ফল ভোগ কৰিছে৷কিন্তু বৰ্ষা তুমিয়েই কোৱা সমীৰ আৰু তাৰ ফেমেলিটোৰ বাদে তোমাৰটো এতিয়া কোনো নাই !তুমি কি কৰিবা ?" "মই যেনেতেনে থাকি ল’ম " "তুমি কেনেকুৱা মানুহ বৰ্ষা?তোমাৰ সুখবোৰ পচন্দ হোৱা নাই নে কান্দি কান্দিয়েই জীয়াব বিচাৰা?পাৰিবা জানো সমীৰক মায়াৰ কাষলৈ উভতাই দিবলৈ ?" বৰ্ষাই উচুপি উচুপি কৈ উঠিল "নোৱাৰোঁ ,নোৱাৰোঁ " প্ৰিয়াই অলপ টানকৈ কোৱাৰ দৰে কৈ উঠি গ’ল " বিয়া পতাটো কোনো ল’ৰাধেমালি বা পুতলাৰ খেল নহয়,মনে গ’লে লৈ ল’বা মন গ’লে দি দিবা৷এতিয়া সমীৰ তোমাৰ সেয়ে তোমাৰ কৰি ৰাখা ৷এটা কথা মনত ৰাখিবা প্ৰেমত ত্যাগ থাকেই ,কিন্তু সেই ত্যাগ এতিয়া তুমি নহয় মায়াই কৰিব লাগিব৷কন্দা কটা বন্ধ কৰি আগবাঢ়া সমীৰৰ সৈতে৷মই যাওঁ এতিয়া কিবা প্ৰয়োজন হ’লে ক’বা কিন্তু এইদৰে তুমি দুৰ্বল হৈ থাকিলে নহ’ব " চকুপানীখিনি মচি লৈ কি কৰিব কি নকৰিব সেই দুমোজাতেই সময়বোৰ কটাই দিলে৷সমীৰৰ মুখখনে বৰ্ষাৰ মনৰ মাজত ভাঁহি থাকি আমনি কৰি থাকিল৷সাত বাজি গ’ল সমীৰ এতিয়াও ঘৰ পোৱাহি নাই তাইৰ চিন্তা লাগিল ৷মনৰ অজানিতেই বুকুখন ধপধপাই উঠিল,অশান্ত মনটোক স্হিতি দিবলৈ ফোনটো হাতত তুলি সমীৰৰ নম্বৰটো ডাইল কৰিলে৷ৰিং যাবলৈ নাপালেই দোৱাৰত কলিংবেলৰ শব্দ শুনি দৌৰি গৈ দোৱাৰখন খুলি দিলেগৈ৷আনকালে এইটো সময়ত বৰ্ষাই সমীৰলৈ ক’ল নকৰে কিন্তু আজি অকস্মাৎ তাইৰ ক’লটো পোৱাৰ বাবে ভিতৰলৈ সোমাইয়ে সমীৰে প্ৰথমে তাইক সুধিলে "ফোন কৰিছিলা যে কিয়? কিবা আনিব লগা আছিল নেকি?" বৰ্ষাইয়ো নাই বুলি কৈ মুৰটো জোকাৰি দিয়াত সমীৰে ৰুমফালেই সোমাই গ’ল৷দোৱাৰখন জপাই একেঠাইতে ৰৈ কমি অহা বুকুৰ ধপধপনিবোৰত হাতখন লগাই চালে৷মনতে ভাবিলে সমীৰে অফিচৰ পৰা অহা অলপ দেৰি হ’লেই দেখোন বুকুখন ধপধপাই উঠিল তেনেস্থলত সদায়ৰ বাবে জানো সমীৰক পাহৰি যাব পাৰিব?কিছুদিন আগৰলৈকে এই প্ৰশ্নৰ উত্তৰ দিয়াতো তাইৰ বাবে অলপো কঠিন নাছিল কিন্তু এতিয়া যে তাই সমীৰক ভাল পাবলৈ ধৰিলে,নজনাকৈ নভবাকৈ৷সমীৰৰ হেৰাই যোৱা অতীতৰ বাবে তাই জানো ভৱিষ্যতটো অনিশ্চয়তালৈ ঠেলি দিব পাৰিব? নাই নাই এতিয়া এই কথা কোনোমতেই সম্ভৱ হ’ব নোৱাৰে৷সমীৰক হেৰুৱাৰ কথা ভাবিবলৈয়ো তাইৰ সামৰ্থ নাই৷ভয় আৰু হতাশাত উচুপনি এটা নিজৰ অজানিতেই বাহিৰ হৈ গ’ল৷ বৰ্ষাই নিশ্চুপ হৈ পাকঘৰৰ কামবনবোৰ কৰি গৈছে৷সমীৰে অফিচৰ ফাইল এটা মেলি কিবাকিবি কৰি আছে যদিও চকু বৰ্ষাৰ অশান্ত মনটোৰ ওপৰতহে৷তাৰ হৃদয়ত বৰ্ষাৰ প্ৰতি থকা নিৰ্ভেজাল মৰমবোৰে কেতিয়াবা তাকো অস্বস্তিত পেলাই৷কিয় যে বৰ্ষাৰ প্ৰতি সি এইদৰে আকৰ্ষিত হয়,কেনেবাকৈ বৰ্ষাক ভাল পাবলৈ লোৱা নাইটো?হৃদয়ৰ অজানিতেই বৰ্ষাৰ নামত বহু কেইটা অপ্ৰাসঙ্গিক আলোচনা কৰি পেলাই৷এইমুহূৰ্ততো তাৰ মুৰত তেনেকুৱাই কিবাকিবি চলি আছে ৷মনৰ চঞ্চলতাখিনি নোহোৱা কৰিব পৰা নাই৷এটা আবদ্ধ কোঠাত বৰ্ষাৰ সৈতে নিজকে অকলশৰীয়া কৰি ৰাখিব খোজা নাই৷বৰ্ষাৰ সৰলতাবোৰৰ বাবেই কেতিয়াবা নিজৰ কৰি ল’বলৈয়ো মন যায় ৷কিন্তু হঠাৎ মনলৈ আহে মায়াৰ কথা,অতীতৰ সেই পাহৰিব নোৱাৰা মুহূৰ্তবোৰৰ কথা৷সেইখিনিতেই ৰৈ যায় বৰ্ষাক নিজৰ কৰিব খুজিও৷ আজিকালি বৰ্ষাৰ সুখবোৰৰ আৰঁত অচিন দুখ কিছুমানে নাচি থাকে৷বহু কথাই আধৰুৱা হৈ ৰৈ আছে পূৰ্ণতা বিচাৰি৷লাহে লাহে নিবিড়েও পাৰ্ট টাইম হিচাপত সমীৰৰ সৈতে কাম বনত সহায় কৰিবলৈ ধৰিছে৷বৰ্ষাই ছায়া আৰু নিবিড়ৰ সম্পৰ্কটোৰো খেয়াল ৰাখে,এতিয়াটো নিবিড়েও ঘৰত জনোৱাৰ কথা ভাবিছে কিন্তু কেনেকৈ জনাব সেই ভাবিয়েই বৰ্ষাক কুটুৰি আছে মাকক এই বিষয়ে জনাবলৈ৷আজি কেইবাদিন ধৰি তাইয়ো সকলো কথা পাহৰি নিবিড় আৰু ছায়াৰ কথা ঘৰত কেনেকৈ জনাব ভাবি আছে৷কেতিয়াবা ভাবে সমীৰক প্ৰথমে জনাব নেকি?কিন্তু পিছমুহূৰ্ততে মনলৈ আহে মায়াৰ কথাবোৰ সেয়ে ৰৈ যায় নুসুধাকৈ৷নতুন বছৰলৈ এতিয়া পোন্ধৰ দিন বাকী আছে৷ আৰম্ভণিবোৰ সুখেৰে হওক বুলিয়েই আজিয়েই শাহুৱেকৰ সৈতে কথাবোৰ পাতিব বুলি ফোন লগালে৷ দুই তিনিবাৰৰ অন্তত শাহুৱেক বৰুৱানীয়ে ফোনটো ৰিচিভ কৰিলে৷ভাল বেয়াৰ খবৰ খাটি সুধি নিবিড়ৰ কথাবোৰ ক’ম বুলিয়েই ভয়ে ভয়ে ইটো সিটো কথা উলিয়াই আছে৷শাহুৱেকে যেন বৰ্ষাৰ মনৰ অস্থিৰতাবোৰ বুজি উঠিলে,সেয়েই নিজেই সুধিলে " বোৱাৰী কিবা ক’বলগা আছিল নেকি? " "অ’ মা ক’ব লগাটো আছিল মানে ...'' "মোক বাৰু কথা ক’বলৈ তুমি ইমানকৈ ভাবিব লাগেনে?" "নহয় মানে মা,মই নিবিড়ৰ কথা এটা ক’ম বুলিহে ফোন কৰিছিলোঁ " " কোৱা আকৌ " "মোৰ চকুত মানে ভাল ছোৱালী এজনী আছিলে " "হ’ব বুজিলোঁ,আৰু সেইজনী ছোৱালীকেই চাগে নিবিড়ে ভাল পায় নহয়নে?" "মা আপুনি কেনেকৈ জানিলে" "মাক হয় তাৰ বুজি পাওঁ কথাবোৰ,এইকেইদিন সিও কথা এটা ক’ম ক’ম বুলি নেটৱৰ্ক প্ৰব্লেম,আহৰি পোৱা নাই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই কথাটো পিছুৱাই আছে আৰু তুমি এতিয়া নিবিড়ৰ বাবে ছোৱালী চোৱাৰ কথা কৈছা " বৰ্ষাই ভয়ে ভয়েই হুম বুলি কৈ হুমুনিয়াহ এটা এৰিলে৷শাহুৱেকে এইবাৰ হাঁহি এটা মাৰি ক’লে " ভয় খাব নালাগে মোলৈ,মই বেয়া নাপাওঁ৷সিহঁতি সংসাৰ কৰিব আৰু তেনেকৈয়ে যদি সুখী হ’ব পাৰে মোৰ তাত ক’বলগীয়া একো নাই৷কিন্তু মোক এটা কথা কোৱা ছোৱালীজনী কেনেকুৱা ?" বৰ্ষাইয়ো এইবাৰ হাঁহি এমুকুৰা উঠত সানি ক’লে " তাইৰ নামটো ছায়া ৷বহুত ভাল ছোৱালীজনী,মাক দেউতাক কোনো নাই,অসমৰেই ছোৱালী ৷নিবিড়ে মোৰ সতে চিনাকি কৰাবলৈ আমাৰ ইয়ালৈ আনিছিল ৷তাইক মোৰ একেবাৰে নিজৰ সৰু ভন্তিৰ দৰেই লাগিছে৷সহজ সৰল বিশেষকৈ আমাৰ ঘৰখনত মিলিব পৰা,আৰু কি জানে মা!মোৰ ভাৱ হয় তাই নিবিড়ৰ লগতে গোটেই ঘৰ খনকেই সুখত ৰাখিব পাৰিব৷" " হ’ব হ’ব তুমি ভাল বুলিছা যেতিয়া নিশ্চয় ভাল হ’ব ৷তোমাৰ পচন্দৰ ওপৰত মোৰ বিশ্বাস আছে " এটা গধুৰ বোজা বৰ্ষাৰ বুকুৰ পৰা পাতল হ’ল৷শাহুৱেকৰ তাইৰ প্ৰতি থকা অগাধ বিশ্বাসত তেওঁলৈ বেছিকৈয়ে শ্ৰদ্ধা বাঢ়ি গ’ল৷ইমান মৰম জানো তাইক আনকোনোৱে দিব পাৰিব৷ভালখবৰটো নিবিড় আৰু ছায়াকো জনাই দিলে৷আৰু শাহুৱেকেও ছায়াৰ সৈতে কথা পাতিব বিচৰা কথাটো কৈ কাইলৈ তেখেতলৈ ফোন কৰিবলৈয়ো ক’লে৷এইসময়ত বৰ্ষাক ধন্যবাদ জনাব পৰাকৈ নিবিড় আৰু ছায়াৰ হাতত শব্দৰ অভাৱ৷মাথোঁ সুখী হৈছে সিহঁতি৷মনৰ উল্লাসতে বৰ্ষাইয়ো জপিয়াই হাঁহি উঠিল৷ সমীৰে অফিচৰ পৰা আহিয়ে আজি বৰ্ষাৰ উঠত লাগি থকা হাঁহিটো দেখি নিশ্চয় তাইৰ সৈতে কিবা এটা ভাল হোৱাৰ অনুমান কৰিছে৷বৰ্ষাই সমীৰৰ উপস্থিতিকো উপেক্ষা কৰি ৰুমটোতে ইফাল সিফাল কৰি আছে ৷সমীৰে বহাৰ পৰা তাইলৈ একেথৰে চাই মন কৰিছে তাইৰ উঠৰ পৰা যে আজি হাঁহিটো নুগুচাই হ’ল৷হাঁহিৰ আৰঁত লুকাই থকা কাৰণটো জানিবলৈ তাৰ মনটো তীব্ৰ ইচ্ছা জাগি উঠিল৷কামত মনটো বঢ়াব পৰা নাই বাৰে বাৰে বৰ্ষালৈহে চকু গৈছে ৷হঠাতে বৰ্ষা তাৰ চকুৰ আগৰ পৰা নোহোৱা হৈ গ’ল ,বহু কষ্টেৰে সামৰি থকা ধৈৰ্য্য ভাঙি বৰ্ষাৰ ওচৰলৈ উঠি গ’ল৷পাকঘৰত বৰ্ষাক নাপাই শোৱা ৰুমলৈয়ে তাইক বিচাৰি গ’ল৷ হঠাৎ সমীৰক সন্মুখতে দেখি বৰ্ষাৰ চেহেৰাটো ৰঙা চিঙা পৰি গ’ল৷সমীৰৰ মনটো সন্দেহেৰে ভৰি পৰিল৷সেয়ে তাইক একে টানে চপাই আনি ওৱালৰ সমান্তৰালকৈ থিয় কৰাই দুহাতেৰে ওৱালত ভেজা দি হঠাৎ হেৰাই যোৱা বৰ্ষাৰ উঠৰ হাঁহিটো পৰ্যৱেক্ষণ কৰিলে৷মুখৰ আগত যমদূতক দেখাৰ দৰেই বৰ্ষাই ভয়তে কঁপিছে,সমীৰে কি কৰিবলৈ ওলাইছে একোকে ভাবি পোৱা নাই৷ভয়ে ভয়ে তালৈ চাই থাকিব নোৱাৰি চকুহাল পিৰিকপাৰাককৈ ৰুমটোতে ইফালে সিফালে ফুৰাই আছে৷চকুৰ আগলৈকে মুখত পৰি থকা অলকাসদৃশ চুলিখিনি তাইৰ কাণৰ কাষত গুজি সমীৰে দাবী কৰাৰ দৰে সুধিলে " ইমানকৈ কিয় হাঁহি আছা যে আজি,কি হ’ল মইয়ো জানিব লাগে " বৰ্ষাই অবাক হৈ সমীৰৰ মুখলৈ চাই ক’লে "মানে?" " একেবাৰেই চিম্পল,তোমাৰ হাঁহিৰ আৰঁৰ কাৰণটো লাগে মোক " বৰ্ষাক জেৰা কৰাৰ দৰেই সমীৰে প্ৰশ্ন কৰাত তাৰ পৰা বাচিবলৈ তাইয়ো ভয়ে ভয়েই ক’লে " মন গ’লেও হাঁহিব নাপাই নেকি? " সমীৰে চকুকেইটা ঘোপা কৰি সুধিলে " মন যাব লগীয়া বিশেষ কাৰণটো লাগে মোক " " আপুনি যেনেকৈ জেৰা কৰিছে মোক যেন পৃথিৱীত নোহোৱা ঘটনা এটাহে হ’ল " বৰ্ষাৰ পৰা এনেদৰে শুনাৰ পাছত তাইক বন্দী কৰি ৰাখিব পৰাকৈ তাৰ বাবে একোৱেই নাবাচিল৷মুকলি কৰি দিলে ,তাইয়ো হোহোৱাই ৰুমটোৰ পৰা ওলাই গ’ল৷ওৱালখনতে মুৰটো থৈ মনৰ মাজতে ভাবিলে কি হৈছে তাৰ৷বৰ্ষাৰ বাবে দুৰ্বলতাবোৰ কিহৰ? তাইৰ হাঁহিৰ কাৰণ জানিবলৈয়ে তাইক এইদৰে বন্দী কৰি জেৰা কৰিব লগা কি কথাটো হ’ল নুবুজিলে৷তথাপিও প্ৰেম প্ৰেম অনুভৱ এটাই চাৰিওফালে ঘুৰি ফুৰিল৷(আগলৈ) দেৱাশ্ৰী বৰা ❤️

Tuesday, August 11, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 40) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) "জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে" ভাললগাবোৰ সামৰি বৰ্ষা ব্যস্ত হৈ পৰে আপোন যেন লগা অনুভৱবোৰৰ সৈতে৷জীৱনত সুখী হ’বলৈ বিশেষ একো নালাগে প্ৰিয় জনৰ সচাঁ অনুভূতিয়েই যথেষ্ট ৷আজিকালি প্ৰায়েই বৰ্ষাৰ চকুহাল তিৰবিৰাই থাকে লাগিলে ভাগৰেই হওঁক বা বেজাৰেই হওক৷চকুৰে ঢুকি পোৱা দূৰত্ববোৰ লাহে লাহে নোহোৱা হৈ পৰিল,বৰঞ্চ চকুহাল মুদিলেই দেখা পোৱাকৈ সমীৰ তাইৰ একেবাৰে কাষৰত৷স্মৃতিৰ মেটমৰা জোলোঙাটি মেলি প্ৰথমৰ সমীৰ আৰু এতিয়াৰ সমীৰৰ পাথৰ্ক্যবোৰ মিলাই ভাললাগে তাইৰ৷সমীৰ সলনি হোৱাৰ বাবেইটো কমি অহা দুৰত্ববোৰত এতিয়া সিহঁতি ওপঙি ফুৰে৷প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপবোৰ নোহোৱা হৈ পৰিছে ভালপোৱাৰ আলিংগনত৷বৰ্ষাই আন্দোলিত হৃদয়ৰ উত্তৰ বিচাৰি ফুৰাত ব্যস্ত৷এতিয়া সমীৰ তাইৰ বাবে প্ৰয়োজন নে ভালপোৱা? ব্যৰ্থতাৰ দৌৰত ভাগৰি পৰা সমীৰৰ হৃদয়ৰ কুঁহে কুঁহে বিয়পি ফুৰে বৰ্ষাৰ আদৰুৱা মৰমবোৰ৷বৰ্ষাক সুখী কৰাৰ স্বাৰ্থতেই কেতিয়ানো ইমানেই কাষ চাপি গ’ল সমীৰেও নাজানে৷নুবুজে সি হৃদয়ৰ ভাষা বৰ্ষাৰ বাবে থকা অন্তৰংগ অনুভৱবোৰ৷পুৱাৰ চাহ কাপৰ পৰা ধৰি ৰাতি শোৱালৈকে বৰ্ষাৰ নামটো শ শ বাৰ উচ্চাৰণ কৰি প্ৰিয় হৈ পৰিছে তাৰ বাবে৷কিন্তু অতীতৰ বিচিন্ন পৃষ্ঠাবোৰে কোনোমতে এতিয়াও বান্ধি ৰাখিছে সমীৰক৷মাজে মাজে অতীতে বিষ হৈ শিপাই হৃদয়ৰ কোণত৷বৰ্ষাই নেদেখাকৈ মেলি লয় মায়া নামৰ জীৱন্ত পৃষ্ঠাবোৰ৷মায়াক পোৱাৰ হেপাঁহ এতিয়া আগৰ দৰে হৈ থকা নাই তথাপিও এবাৰ ঘুৰাই পোৱাৰ আপাহত দৌৰি ফুৰে হৃদয়৷হেৰাই যোৱা ঠিকনাটো পুনৰ ঘুৰাই পোৱাৰ বিশ্বাস আলোড়িত হয় হৃদয়ত ৷ পোহৰৰ সন্ধানত ঘুৰি ফুৰা বৰ্ষাৰ উশাহ বন্ধ হোৱাকৈ আন্ধাৰবোৰে কেতিয়াবা মেৰিয়াই ধৰে৷কেতিয়াবা তাইৰ বৰকৈ ভয় লাগে ৷শুই থকা অৱস্থাত আন্ধাৰবোৰে ঘনাই আবৰি ধৰে৷প্ৰিয়জনক হেৰুৱাৰ ভয়ে বুকুৰ ধপধপনিবোৰ বঢ়াই তুলে৷উশাহৰ ঘনত্বই সুৱৰাই অদুৰ ভবিষ্যতৰ কথা৷সমীৰলৈ থকা বিশ্বাসৰ ভৰতে আজিকালি ভয়বোৰ আগতকৈ কম হ’ল৷যিকোনো কথা ইচ্ছা কৰিলেই ক’ব পৰা হ’ল৷তাই মন কৰিলেই নিজৰ পচন্দৰ খোৱা বোৱা বনালেও সমীৰে আপত্তি নকৰা হ’ল৷কোনোবাখিনিত এইবোৰৰ বাবেই বিশ্বাসবোৰ বাঢ়ি গ’ল সমীৰৰ প্ৰতি৷সাংসাৰিক জীৱনটোত লক্ষ্যহীন ভাৱেই আগুৱাই গৈছে দুয়ো সুখে শান্তিৰে৷ আজি দেওবাৰ,ৰাতিপুৱাই ঘৰৰ সকলো কামবন সামৰি বৰ্ষাই চুলিমুৰ ধুই বাথৰুমৰ পৰা ওলাই আহিছে৷তিতাচুলিত ৰ’দৰ পোহৰ পৰাত জিলিকি আছে৷সমীৰ শুই থকাৰ বাবেই ধীৰে স্হিৰে শব্দ নকৰাকৈ আইনাৰ সন্মুখত বহি কিবাকিবি সানিছে৷ইফালে টোপনিৰ ভাও ধৰি সমীৰে তাই কি কি কৰে মনে মনে লক্ষ্য কৰি আছে৷দীঘলীয়াকৈ ৰঙাবোৰ শিৰত লৈ আইনালৈ চাই তিতাচুলিখিনি মোহাৰি আছে৷সমীৰৰ কিনো মন গ’ল মবাইলৰ কেমেৰাটো অ’ন কৰি তাইৰ এই সময়বোৰৰ ভিদিঅ’ কৰিছে৷আজিকালি অৱশ্যে মন গ’লেই সি মনে মনে বৰ্ষাৰ ফটো তুলি ৰাখে৷তাই ভয়াৰ্ত মুখখন বাৰে বাৰে চাবলৈ কেতিয়াবা তাইৰ একেবাৰে কাষলৈ গৈ তাইক অস্বস্তিত পেলাই দিয়ে৷বৰ্ষাইয়ো ভয়তে যোৰ কৰি চকুহাল মুদি দিয়ে আৰু সমীৰে একো নোকোৱা নেমেলাকৈ আতৰি আহে তাইৰ কাষৰ পৰা৷এতিয়াও ভিদিঅ’ কৰি থকা কথাটো নাজানিলেও বৰ্ষাই সমীৰে যে টোপনিৰ ভাও ধৰি আছে সেইটো ভালদৰেই বুজিছে৷সেয়ে টাৱেলখনত চুলিমোৰ মেৰিয়াই সমীৰৰ ফালে আগবাঢ়ি আহিল৷তাকে দেখি সমীৰেও খপজপকৈ মোবাইলটো লুকুৱাই টোপনিৰ ভাও ধৰাত লাগিল ৷বৰ্ষাই মাত দিলে তাক "আপুনি সাৰ পালে যদি উঠক,বজাৰৰ পৰা মোক বস্তু অলপ আনি দিব লাগিছিল" সমীৰে সংসাৰৰ কোনো কথা নজনা নুশুনাৰ দৰে সাৰ সুৰ নোহোৱাকৈ টোপনিৰ ভাও দিয়াত ব্যস্ত ৷বৰ্ষাই জানি বুজিয়েই তাৰ গাৰ পৰা কাপোৰখন আতৰাই দিলে৷নবেম্বৰ মাহৰ ঠাণ্ডা,ৰাতিপুৱা অলপ বেছিকৈয়ে পৰে,সেয়ে কাপোৰখন টানি দিয়াত একেজাপে বিচনাত বহি কাপোৰখন গাৰে মুৰে লৈ সমীৰে ক’লে " উ...ইমান ঠাণ্ডা,কি কি লাগে লিষ্ট এখন বনাই থ’বা পিছত গৈ লৈ আনিম গৈ " বৰ্ষাই সমীৰৰ মুদটো লক্ষ্য কৰি কুমল সুৰত কৈ থৈ গ’ল " আলু কেইটাৰ বাদে একোৱেই নাই ঘৰত,সোনকালে বজাৰ কৰিব নগ’লে দিগদাৰেই হ’ব তাতে আজি নিবিড় আৰু মোৰ লগৰ এজনী আহিব দুপৰীয়া ভাত খোৱাকৈ৷সিদিনা যে আপোনাক কৈছিলোঁ৷" বৰ্ষাৰ লগৰ কোনোবা আহিব,কিন্তু মোম্বাইৰ দৰে চহৰত তাই আকৌ কাৰ লগত চিনাকি হ’ল কেনেকৈ হ’ল মনতে ভাবি ভাবি আলহী অহাৰ নাম শুনিয়েই ল’ৰালৰিকৈ গাটো ধুবলৈ গ’ল৷সমীৰে পিন্ধা উৰাৰ উপৰিও প্ৰায়ভাগ বস্তু বেন্ডেট কোম্পানীৰেই ব্যৱহাৰ কৰে ৷কিন্তু চেম্পু শেষ হোৱাত পুনৰ নতুনকৈ এটা আনিবলৈ পাহৰি মুৰটো তিয়াই দিয়াত উপায় নোহোৱাত বৰ্ষাৰ চেম্পুটোকে ব্যৱহাৰ কৰোঁ বুলি ভাবি বটলটো হাতত তুলি ল’লে৷চেম্পুৰ নামত শুদ্ধ পানী এগালমান পাই সি আচৰিত হ’ল৷চেম্পু বটলটোত পানী যে,তাৰ পাছত মনলৈ আহিল যে তাই দেখোন তাক আজিলৈ কোনোধৰণৰ টকা পইচাই বিচৰা নাই আৰু সিওঁ আজিলৈ শাক পাচলি বা দাইল আলু কিনাৰ জোখাৰেহে তাইক পইচা দিছে৷তাইৰো যে কোনোধৰণৰ প্ৰয়োজন থাকিব পাৰে সেইবোৰৰ বাবেটো কোনোদিনেই ভবা নাই তেনেহ’লে তাই ক’ৰ পৰা কিনিব৷গা ধুই আহি ড্ৰেছিংত সজাই থোৱা ক্ৰিমৰ টেমাটো চালে তলিত সামান্যতম লাগি আছে,লগতে বৰ্ষাই ব্যৱহাৰ কৰা টুথপেষ্টটোও চেপেটা হৈ আছে৷মুৰটো কামুৰি গ’ল তাৰ ,এতিয়াও বৰ্ষাই আগৰ দৰেই টনা আজোৰা কৰিয়েই চলি আছেনে?তাৰমানে আজিও সি বৰ্ষাক তাইৰ প্ৰয়োজনখিনি পুৰাব পৰাকৈ সুখী কৰিব পৰা নাই৷কথাবোৰ ভাবিয়েই খঙ ভৰা অভিমানী মুখখন লৈ ব্ৰেকফাষ্ট কৰিবলৈ বহিলেগৈ৷ ব্ৰেকফাষ্ট কৰি উঠি বজাৰৰ লিষ্টখন বিচৰাত ঘৰৰ সামগ্ৰীৰে ভৰপূৰ লিষ্টখন বৰ্ষাই তাৰফালে আগবঢ়াই দিলে যদিও লিষ্টখনৰ ক’তো তাইৰ বাবে তেল,চেম্পু বা ক্ৰিমৰ নামটো নাপালে৷ কিয় তাই এইবোৰ বস্তু শেষ হোৱাৰ পাছতো আনিবলৈ লিখা নাই তাইক সুধিম বুলি ভাবিও একো নুকুৱাকৈ তাইনো কি কি প্ৰডাক্ট ব্যৱহাৰ কৰি আছে নিজেই চাই লৈ ওলাই গ’ল৷৷ছুপাৰ মাৰ্কেট এখনত সোমাই বৰ্ষাৰ বাবে ক্ৰিম,পাউদাৰ,ডাঙৰ চাইজৰ পেডৰ পেকেট এটাকে ধৰি বাকী লিষ্টত লিখা বস্তুখিনি লৈ ঘৰ পালেহি৷ কলিংবেলটো বজোৱাতেই নিবিড়ে আহি দোৱাৰখন খুলি দিলেহি৷নিবিড়ক পালিহি বুলি কৈ চোফাতে বহি থকা ছায়াকো মাত লগাই পুনেই বৰ্ষাৰ ওচৰ পালেগৈ৷বৰ্ষাই পাকঘৰত ভাত বনাই আছে,বস্তুৰ টোপোলাটো ডাইনিংতেই থৈ তাইক মাত লগালে " বৰ্ষা সকলোবোৰ বস্তু আহিলনে চাই দিয়াহি" নিবিড়ে সমীৰক জোকাবলৈ বুলিয়েই তাৰ কাণৰ কাষতে কৈ থৈ গ’লহি " তই মানুহটো বিৰাট সাংসাৰিক হৈ পৰিলি দেই " কথাষাৰ ছায়াই শুনি হাঁহি এটা মাৰি দিলে৷তাকে দেখি সমীৰে অলপকৈ লাজ পালে কিন্তু লাজৰ প্ৰতিক্ৰিয়া দেখাবলৈ নৌপাওঁতেই বৰ্ষাই আহি টোপোলাৰ পৰা বস্তুবোৰ উলিয়াই সকলোবোৰ আছেনে হিচাপ কৰাত লাগিল৷হিচাপৰ বস্তুখিনিৰ উপৰিও বেগৰ ভিতৰত আৰু কিবাকিবিবোৰ দেখি বৰ্ষাই লগালগেই সমীৰক কৈ উঠিল " এই কেইটাতো লিষ্টত নাছিল ?" সমীৰে পানীৰ গিলাচ খাই থকাৰ পৰাই গহীনাই ক’লে " তোমাৰ বাবে আনিছোঁ" বৰ্ষাই আচৰিত হৈ ক’লে " মোৰ বাবে?কিন্তু মোৰ দেখোন এতিয়াও এইকেইটা বস্তু আছেই " আগপিছ নভবাকৈ সমীৰে কৈ দিলে " শেষ হোৱা চেম্পু বটলটোত পানী ভৰালেও চেম্পু নোলাই আৰু ক্ৰিম দেখোন শেষেই হ’ল ৷প্ৰয়োজনীয় বস্তুবোৰ আনিবলৈ নোকোৱা কিয়?আজি মই মন কৰিলোঁ বুলিহে৷" বৰ্ষাই এইবোৰ কথা সমীৰে কেনেকৈ জানিলে বুলি ভাবিয়েই অবাক লাগি তালৈ চাই আছে৷কিন্তু সমীৰে এইবোৰ মনকাণ নকৰি ৰুমত সোমালগৈ৷সমীৰৰ সলনি হোৱা স্বভাৱটো দেখি নিবিড় আৰু ছায়াও আচৰিত হৈছে৷নিবিড়ে ভেবা লাগি বৰ্ষালৈ চাই প্ৰশ্ন কৰিলে " বৌ আমাৰ বছ কেতিয়াৰ পৰা ইমান সলনি হ’ল? " বৰ্ষাই নিজেও নাজানে এই কথা তাকনো কি বুলি উত্তৰ দিব৷বিয়াৰ পাছতো বহুদিনলৈ তাইৰ মুখখনকে চাবলৈ নিবিচৰা সমীৰে আজি তাইৰ ক্ৰিম,পাউদাৰ পৰ্যন্ত হিচাপ ৰখা হ’ল৷সচাঁই এই অনুভৱ বোৰ বৰ ভাললগা৷মনৰ মাজতে কথাবোৰ ভাবি থৰ লাগি ৰৈ আছিল তাই৷ছায়াই আহি তাইক সাবটি ধৰি ক’লে " বৌ তোমাৰ কাৰণে আজি বহুত সুখী,চাও চাও ক’লা তিল এটা লগাই দিওঁ নহ’বা মোৰেই মুখ লাগিব এতিয়া " তাৰ পাছতে ছায়াই নিবিড়ৰ কাণখনতে চেপা এটা দি তাক জেৰা কৰাৰ দৰে প্ৰশ্ন কৰাত ধৰিল " তুমি আজিলৈকে মোৰ বস্তুবোৰৰ এইদৰে খবৰ ৰাখি পাইছা ?" নিবিড়েও তাইৰ সৈতে সমানে সমানে কৈছে " কিয় কিয়,এইবোৰৰ হিচাপ নাৰাখিলেও জানো কেতিয়াবা মৰম নিদিয়াকৈ আছোঁ " ছায়াই থুনথুনাই বৰ্ষাক আপত্তি দিছেগৈ "চোৱানা বৌ ই নানুৱে কেনেকৈ কৈছে " ইফালৰ পৰাও নিবিড়ে বৰ্ষাৰ ওচৰলৈ গৈ ছায়াই কৈ যোৱা কথাকেইষাৰকেই ৰিপিট কৰি তাইৰ দৰে এক্টিং কৰি ছায়াৰ খং উঠাইছে ৷বৰ্ষা বিমোৰত পৰিছে তাই এতিয়া কোনফালে কি ক’ব৷দুয়োটাই তাইৰ খুউব মৰমৰ৷সেয়েই মিহিকৈ দুয়োটাকে ক’লে " হ’ব বাৰু বিয়াখন পাতি দিম তাৰ পাছত যি লাগে প্ৰতিটো হিচাপ ৰাখিব নিবিড়ে" নিবিড়েও বৌয়েকৰ কথাত হয়ভৰ জনাই " ওম চাকৰিটো পাই ল’ব দিয়া তাৰ পাছত কি লাগে হুকুম দিবা মেৰে আকাস "বুলি কৈ ছায়াৰ আগৰ আঠুকাঢ়ি বহি দিলে৷ সময়বোৰ হাঁহি ফূৰ্তিৰেই পাৰ হৈছিল কিন্তু হঠাৎ সমীৰে ৰুমটোৰ পৰা ওলাই অহাত সকলোৱে হাঁহিবোৰ সেৰেঙাই নিজৰ নিজৰ কামত ধৰিলেগৈ৷ সমীৰে নিবিড়ক মাতি নি যিহেতু আৰু কিছুদিনৰ পাছতে তাৰ এম.বি.এৰ কচিংটো শেষ হ’ব সেয়ে কোম্পানীৰ কিছুমান কামত এতিয়াৰ পৰাই পাৰে যদি সহায় কৰি দিবলৈ ক’লে৷নিবিড়েও এই সুযোগতে ছায়াৰ কথাবোৰ ঘৰত জনোৱাৰ কথাটোও ভাবিলে৷ইফালে পাকঘৰত বৰ্ষাৰ সমানে সমানে ছায়াইয়ো বনোৱা মেলাত সহায় কৰি দিয়াত আটাইয়ে এটা সুন্দৰ দুপৰীয়া লগে ভাগে কটাই পাৰ কৰি দিলে৷বৰ্ষা বা নিবিড় কোনো এটাইয়ো সমীৰক ছায়াৰ বিষয়ে নজনালে মাথোঁ বৰ্ষাই ইয়াত চিনাকি হোৱা নতুন বান্ধৱী বুলিয়েই সি জানি থ’লে৷ ক্ষণ গণি গণি সময়বোৰ হাঁহি ধেমালীৰে পাৰ হ’বলৈ ধৰিলে৷প্ৰিয়াই মাজে সময়ে বৰ্ষাৰ খবৰখাতি ল’বলৈ আহি থাকে,নতুনকৈ জিলিকি থকা বৰ্ষাৰ মুখৰ হাঁহিটোৰ কাৰণ সমীৰ বুলি তাইয়ো বুজি পোৱা হ’ল৷বৰ্ষা আৰু সমীৰৰ বাবে তাইয়ো সুখী,সম্পৰ্ক যেনেকুৱাই নহওক এতিয়া অন্তত বৰ্ষা সুখী আছে,সুখী হ’ব পৰা জোখাৰে সমীৰে তাইক সিমানখিনি মৰম দিছে,বিশ্বাস দিছে৷প্ৰিয়াইয়ো বৰ্ষাৰ সুখবোৰ অটুত ৰখাৰ কামনাৰে মায়াৰ পৰা তাইৰ অতীতৰ বিষয়ে জনাৰ অহৰহ চেষ্টা চলাইয়ে আছে কিন্তু প্ৰতিবাৰতেই বিফল হৈছে৷কিন্তু এইবাৰ মায়াৰ বিষয়ে,তাইৰ অতীতৰ বিষয়ে ভালেমান তথ্য লৈ বৰ্ষাৰ কাষ পালেহি৷ (আগলৈ) দেৱাশ্ৰী বৰা

Monday, August 10, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 39) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) এইয়া সপোন নে দিথক তাইটো একেবাৰেই বুজি পোৱা নাই৷সমীৰক ইমান কাষৰত পাই মাথোঁ তাইৰ ভৰিৰ পৰা মুৰলৈকে থৰথৰকৈ কপিঁবলৈ ধৰিলে৷উশাহবোৰ যেন চুটি চুটি হ’বলৈ ধৰিছে৷তাইক এইদৰে কঁপি থকা দেখি সমীৰে তৎক্ষণাত কথা সলাই "চাহৰ প্লেটখন তুমি লৈ আনা মই এইখিনি লৈ আহিছোঁ"বুলি কৈ পাকঘৰৰ পৰা ওলাই আহিলে৷তাইয়ো ধুনীয়াকৈ চাহৰ ট্ৰেখন সজাই আনিলে৷ সমীৰে তাইক সহায় সহযোগ কৰা দিয়া দেখিয়েই এগৰাকীয়ে সুধিলে "তোমালোকৰ বিয়া নিশ্চয় ল’ভ মেৰেজ নহয়নে?" উত্তৰত সমীৰেই ক’লে "নাই নাই মেডাম আমাৰ এৰেঞ্জ মেৰেজহে " "ৱাও বাট তোমালোকক দেখিলে নালাগেই তেনেকুৱা" তেখেতৰ কথাত হয়ভৰ জনাই আনগৰাকীয়েও ক’লে "এৱছ’লিউটলি কেমেষ্ট্ৰি খুবেই ধুনীয়া এওঁলোকৰ মাজৰ " সমীৰে মাথোঁ তেওঁলোকৰ কথাত হয়ভৰ জনাই গৈছে৷পিঠাপনাৰে ধুনীয়াকৈ ভৰি থকা প্লেট কেইখনত কি কি আছে সকলোবোৰ সমীৰে তেখেত সকলৰ আগত চিনাকি দি প্লেটত থকা সকলোবোৰ হ’মমেড বুলি কোৱাত তেখেত সকলে গাম্ভীৰ্য ভৰা চাৱনিৰে সুধিলে " ইটচ্ ডিচ অ’ল আৰ হুম’মেড ?" সমীৰে বৰ্ষাই বনোৱা বুলি কোৱাত তেখেতসকলে পুনৰ বৰ্ষাৰ প্ৰসংশা কৰি সমীৰক ক’লে " ৱাহঃ সমীৰ তোমাৰ ৱাইফ দেখা শুনাৰ লগতে খানা বনোৱাতো বহুত টেলেলটেড" তেওঁলোকৰ কথাবোৰ শুনি বৰ্ষাৰ চকুহাল ডাঙৰ হৈ আহিল৷লাজে ভয়ে সমীৰৰ ফালে চালে,সি মিচিকিয়া হাঁহি এটা মাৰি তেওঁলোকৰ কথাৰ সম্ভাষণ জনালে৷ইমানবোৰ পিঠা পনা জলপানেৰে চাহ খাই পুনৰ ভাত খোৱাটো সম্ভৱ নহ’ব বুলিয়েই অলপ অলপহে খালে ৷ভাতপানী খাই বৈ তেওঁলোকো ঘৰমুৱা হ’ল ৷সমীৰক ইমানখিনি সহায় কৰি দিয়াৰ বাবে সিও বৰ্ষাক ধন্যবাদ জনাই খোৱাত বহিল৷কিন্তু আজি যিহেতু সময় এঘাৰ বাজি পাৰ হ’ল সেয়ে বৰ্ষাকো খাবলৈ লগতেই বহিবলৈ ক’লে৷খোৱাৰ মাজতে ইটো সিটো কথা পাতি বৰ্ষাক ধন্যবাদ জনাই এইসময়বোৰ সুখেৰে পোহৰাই তুলিলে৷ পুৱা আনদিনাৰ দৰেই বৰ্ষাই ধূপধুনা জ্বলাই আটাখিনি মঠি কোকাৰটোত মটৰ অলপ বঢ়াই সমীৰক ইমানপৰে নুঠা দেখি জগাবলৈ আহিল৷সমীৰক চিঞৰি উঠাবলৈ ভয় লাগে তাইৰ,কিজানিবা গালি পাৰি দিয়ে৷সেয়ে বিচনাৰ সিটোমূৰে শুই থকা সমীৰক জগাবলৈ তাইয়ো বিচনাতে উঠি গৈ মাত লগালে " শুনকচোন ,সাত বাজি গ’ল উঠক নহ’লে দেৰি হ’ব অফিচলৈ" দুই তিনিবাৰ এইদৰে মাত দিয়াতো সমীৰৰ তাইৰ কথাৰ প্ৰতি কোনো গুৰুত্বই নাই৷ৰাতি শোৱা অলপ দেৰি হোৱাৰ বাবেই এতিয়া উঠিবলৈ যে এলাহ কৰিছে সেইটো ভালদৰেই বুজিছে তাই৷সেই ভাবিয়েই অলপমান ডাঙৰকৈ মাতটো উলিয়াই "উঠক"বুলি কৈছিলহে সমীৰে একে পাকে তাইক গাৰ ফালে টানি আনিলে৷বৰ্ষাই নিজকে সমীৰৰ বাহ বেষ্টনীত পাই স্তম্ভিত হৈ পৰিল৷লাজে ভয়ে নিজকে মুকলি কৰিবলৈ উঠি পৰি লাগিল কিন্তু সমীৰে তাইৰ থুতৰিতে আলফুলে ধৰি আলসুৱাকৈ সুধিলে " ইমান চিঞৰি আছিলা কিয় ,মই উঠিম নহয়" বৰ্ষাই কঁপি কঁপি ভয়ে ভয়ে ক’লে " মই মানে ,এই মানে " সমীৰে তাইক বিমোৰত পেলাবলৈ বুলিয়েই তাইৰ চকুত চকু থৈ ক’লে " কি মানে মানে কৰি আছা,যি ক’বলৈ আছে চিধাচিধি কোৱা" বৰ্ষা গোটেইজনী ৰঙাচিঙা পৰিল,সমীৰে তাইৰ সৈতে এনেকুৱা কিয় কৰিছে৷ইয়াৰ আগতে কাহানিও এনেকুৱা কৰা নাই ৷তাইৰ এষাৰ মাততেই শোৱাৰ পৰা উঠি ডাইৰেক্ট বাথৰুম পায়গৈ কিন্তু আজি !কথাবোৰ মনতে ভাবি থাকোঁতেই কোকাৰৰ হুইছেলটো বাজি উঠাৰ শব্দত তাই যেনেতেনে নিজকে মুকলি কৰি পাকঘৰ পালেহি৷বুকুখন সাংঘাতিক ধৰণে কঁপিছে তাইৰ ৷লাজতে গাল দুখন তিলতিলকৈ ৰঙা পৰাটো জিলিকি উঠিছে৷সচাই এইবোৰ তাইৰ লগত সচাকৈয়ে হৈছেনে ভাবি হাততে চিকুট এটা মাৰি চালে৷নিজৰ চিকুটতে দুখপোৱাত সচা বুলি জানি ভাললগাৰ অনুভৱে হেচিঁ ধৰিলে তাইক৷ আজি তাইৰ মনটো প্ৰফুল্লিত হৈ পৰিলে,সচাঁই এই ভাললগা অনুভৱবোৰ খুবেই সুন্দৰ৷ব্ৰেকফাষ্টৰ টেবুলত ধুনীয়াকৈ খোৱাবোৰ সজাই সমীৰক মাত দিলেগৈ৷এইমুহূৰ্তত সমীৰৰ ফালে চাবলৈয়ো লাজ লাগিছে তাইৰ ৷সমীৰেও তাইক দেখাত অলপ অসহজ অনুভৱ কৰিছে হঠাতে যে সিও এনেকুৱা কিবা এটা কৰি দিব ভাবিয়েই নাচালে৷ ল’ৰালৰিকৈ খোৱা বোৱা কৰি সিও অফিচলৈ উলাই গ’ল৷ ভাললগা অনুভৱবোৰ সামৰি বৰ্ষাই কামবন কৰাত লাগিল৷তাৰ মাজতে শাহুৱেকৰ খবৰ খাতি ল’বলৈয়ো ফোন লগালে৷ভাল বেয়া সোধাৰ পাছতে কথাৰ মাজতে নিবিড়ৰ কথাবোৰ জনাব নেকি ভাবিছিল কিন্তু এনেকৈ জনালে বা তেখেতে কি ভাবে সেই বুলিয়েই একোকে নক’লে৷তথাপিও নিবিড়ে কিবা এটা পালে তাৰ বিয়াখনো পাতিব লাগিব বুলি বৰুৱানীৰ কাণ চুৱাই থৈছিল যাতে তেওঁ এই সম্পৰ্কত কি ভাবে জানিব পাৰে৷তেখেতেও বৰ্ষাক জনাইছিল নিবিড়ৰ বিষয়ে কোনো কথা জানে যদি তেখেতক জনাবলৈ৷কিন্তু নিবিড়ক কথাটো এবাৰ জনাইহে তেখেতকো জনাব বুলি এই বিষয়ত আৰু বিশেষ একো নাপাতিলে৷ তেখেতৰ সৈতে কথাবতৰা পাতি হোৱাত অলপ সময় চিনুৰ সৈতেও ভালবেয়া সময়ৰ সুখদুখবোৰ ভগাই কটাই দিলে৷ সমীৰে দিনটো অফিচতো বৰ্ষাৰ কথাই ভাবি আছে৷বৰ্ষাৰ বাবে থকা দায়িত্ববোধ বোৰে কেতিয়া তাৰ হৃদয়ৰ পৰা মায়াক আতৰাই বৰ্ষাৰ ছবিখন ৰাখিবলৈ ধৰিলে সি হয়টো গমেই নাপালে৷বৰ্ষা সদায় ধীৰ -স্হিৰ কিন্তু আজি ৰাতিপুৱা সমীৰক তাইৰ একেবাৰেই কাষত পাই যেনেকৈ চটফটাই উঠিছিল সেই মুহূৰ্ততো বাৰে বাৰে মনলৈ আহি আছে আৰু বৰ্ষাৰ মৰমলগা ভয়াৰ্ত মুখখন মনত পেলাই তাৰ হাঁহিও উঠিছে৷তাতে আজি অফিচটো যোৱাকালি ঘৰলৈ যোৱা গেষ্ট কেইজনৰ এজনে সমীৰক আহি ক’লেহি " বৰুৱা ইউ আৰ লাকি ,যে আপুনি ইমান মাল্টি টেলেণ্টেদ ৱাইফ পাইছে৷মোৰ হ’লে আপোনালৈ হিংসাহে লাগিছে৷আপোনাৰ মন গ’লেই চাগে এনেকুৱা সোৱাদযুক্ত আহাৰ খাবলৈ পায়,আমাৰ ভাগ্যতটো কাম কৰা মানুহে বনাই দিয়া জবৰজং খানাবোৰহে আছে" সমীৰৰ মনটো গৌৰৱেৰে উপচি পৰি যদিও পৰ পুৰুষৰ মুখত বৰ্ষাৰ গুণগান অলপো ভাললগা নাই ৷যিহেতু আজিলৈ সি নিজেই বৰ্ষাক ভালদৰে কিবা এষাৰ কৈ পোৱা নাই ৷তেনেক্ষেত্ৰত আন কোনোবাই কিবা এটা কোৱাটো মুঠেও হজম হোৱা নাই৷যি হ’লেও বৰ্ষাই কামেই এনেকুৱা কৰিছে যে তাইক সকলোৱে প্ৰশংসা কৰিবই৷সেই ভাবিয়েই সিও ক’লে " হয় বাৰু এনেকুৱা ভাগ্য সকলোৱে নাপায় " মানুহজনেও হয়ভৰ দি নিজৰ কামলৈ গ’ল৷ সমীৰে একেঠাইতে ৰৈ বহু কথাই ভাবিলে ,সচাই বৰ্ষাৰ দৰে পত্নী এগৰাকী পাই সি সচাকৈয়ে সৌভাগ্যবান কিন্তু সেই সৌভাগ্য জানো বৰ্ষাই অনুভৱ কৰিছে? যদি নাই কৰা তেনেহ’লে বৰ্ষাৰ বাবে কিবা এটা সিও কৰাটো উচিত হ’ব৷ অফিচৰ কামবনবোৰ সোনকালে সামৰি ফুলৰ দোকান এখনৰ পৰা গাজৰা অলপ লৈ সিও ঘৰ ওলালগৈ৷কলিংবেলটো বজাই দিয়াত বৰ্ষাই দোৱাৰখন খুলি দিলেহি৷ৰাতিপুৱাৰ ঘটনাটোৰ বাবে বৰ্ষাৰ চকুলৈ চাবলৈয়ো অলপ অসহজ অনুভৱ কৰিছে তেনেক্ষেত্ৰত গাজৰা আনিলে যদিও দিব কেনেকৈ৷সেইটো ভাবিয়েই একো নকৈ পোনেই ৰুম পালেগৈ৷ফ্ৰেচ হোৱাৰ পাছত টেবুলতে থোৱা গাজৰা খিনিলৈ চাই মনতে ভাবিলে কেনেকৈ দিব বৰ্ষাক ৷সেই ভাবিয়েই আইনাৰ মুখত ৰৈ প্ৰেকট্ৰিছ কৰিলে "বৰ্ষা এইয়া তোমাৰ বাবে ,চুলিত লগাই ল’বা" "লোৱা তোমালৈ আনিছোঁ " " চুলিত লগালে ধুনীয়া দেখি " বহুকেইবাৰ প্ৰেকট্ৰিছ কৰাৰ পাছতো নিজকে এনেকুৱা এটা পৰিস্থিতিত খাপ খোৱাব পৰা নাই৷খঙতে হাতখন টেবুলত মাৰি চিঞৰি উঠিল৷ সমীৰৰ চিঞৰ শুনি বৰ্ষাই কি বা হ’ল তাৰ সেই ভাবিয়েই একে দৌৰি আহি ৰুম পালেহি৷ৰুমৰ দোৱাৰ খনৰ ওচৰৰ পৰাই সমীৰক মনে মনে চাই আছে৷বৰ্ষাক দেখাৰ লগে লগেই অলপ ককৰ্ষ সুৰত সমীৰে তাইক মাত লগালে "এইফালে আহা" সমীৰৰ কি হ’ল তাই একোকেই বুজি পোৱা নাই ৷মুঠতে সি খঙত থকা দেখিয়েই তাইৰ ভয় লাগিছে৷অফিচৰ পৰা আহোঁতেও কোনো মাত নিদিয়াকৈ ৰুমত সোমালেহি ৷কেনেবাকৈ যোৱা কালি তাইৰ পৰা কিবা ভুল হ’ল নেকি ?নে আজি সেই বিষয়ে কোনোবাই কিবা ক’লে ?কথাবোৰ ভাবি ভাবি এখোজ দুখোজকৈ একেবাৰে তাৰ ওচৰ পালেহি৷সমীৰেও তাইৰ ফালে আগবাঢ়ি যোৱাত ভয়তে দুখোজ পিছুৱাই দিলে তাই৷সমীৰে আৱেগেৰে তাইৰ হাতত ধৰি একে ঠাইতে তাইক বন্দী কৰিলে৷এইবাৰ ভয়টো বেছিকৈয়ে বাঢ়িবলৈ ধৰিলে৷পৃথিৱীৰ যিমান বেয়া কথা আছে সকলোবোৰেই তাইৰ মনলৈ এটা এটাকৈ আহিবলৈ ধৰিছে ৷এপাকত মনলৈ আহিছে কেনেবাকৈ মায়াৰ কথা জানিলে নেকি?উফ্ এইটো কথা মনত পৰাতেই বুকুখন বিষাই গ’ল তাইৰ৷মুখৰ মাতোঁ হেৰাল কেনিবা,কিবা অঘটন নহওক বুলিয়েই ভগৱানৰ নামটো ভাবি চকুহাল মুদি দিলে৷ সমীৰে তাইৰ পিঠিৰ ফালে গৈ তাইৰ খোপাটো খুলি দীঘল চুলি কোচা মেলি চুলিৰ পৰা কিলিপ দাল লাহেকৈ খুলি গাজৰা খিনি লগাই দিলে৷বৰ্ষা আচৰিত হ’ল এইয়া সমীৰে তাইৰ সৈতে কি কৰিবলৈ ওলাইছে৷চকুহাল অলপকৈ মেলিছিল হে সমীৰে একেবাৰে তাইৰ সন্মুখলৈ আহি তাইক কেনেকুৱা দেখাইছে পৰ্যৱেক্ষণ কৰাত লাগিছে৷সমীৰক সন্মুখত দেখি পাছফালৰ পৰা অহা এটা ধুনীয়া সুগন্ধিৰ ফুলৰ গুন্ধ পাই উশাহটো দীঘলীয়াকৈ লৈ সামৰিবলৈ নাপালেই সমীৰে তাইক টানি আইনাৰ সন্মুখলৈ আনি ক’লে " চোৱাচোন লগোৱাটো হৈছে নাই " সমীৰক কি উত্তৰ দিব তাই ভাবি পোৱা নাই৷সমীৰৰ এনে ব্যৱহাৰত অবাক হৈ ভেবা লাগি আইনাত জিলিকি থকা সমীৰৰ মুখখন চাই আছে৷ সমীৰে তাইৰ উত্তৰলৈ বাট নাচাই পুনৰ সুধিলে " ভাল লাগিছে নহ’ " উত্তৰৰ নামত বৰ্ষাৰ উঠ দুখন সামান্য কপিঁলে৷গাৰ সমস্ত তেজবোৰে গোট বান্ধি গাল দুখনত থিতাপি ল’লেহি৷এতিয়া যে সমীৰৰ তাইলৈ অলপ বেছিকৈয়ে মৰম লাগি গ’ল৷ইমান মৰম আজিলৈ কাহানিও কাৰো বাবে উপচি উঠা নাই ৷আনকি মায়াৰ বাবেও৷তাতে অফিচত শুনা বৰ্ষাৰ প্ৰশংসা বোৰেও তাক আজি যেন বাধ্য কৰাইছে বৰ্ষাক মৰম দিবলৈ৷একো কথা নাভাবি পিছফালৰ পৰাই তাইক সাবটি গালতে টপককৈ চুমা এটা যাচিলে৷বৰ্ষাই আইনাত দেখি থকা প্ৰতিচ্ছবি দুটা যে সিহঁতেই হয় বিশ্বাসেই কৰিব পৰা নাই৷মাথোঁ সমীৰৰ উষ্ম উঠৰ পৰশে তাইৰ সমষ্ট শৰীৰত কপনিৰ যোৱাৰ তুলিছে৷তাইৰ ঘণ ঘণকৈ লোৱা উশাহ আৰু কলিজাৰ ধপধপনিবোৰৰ শব্দ কাণেৰে শুনাকৈ ফুটি উঠিছিল,সেই শব্দ সমীৰৰ কাণত পৰাত নিজকে সংযত কৰি সিও ৰুমটোৰ পৰা ওলাই গ’ল৷ নিজকে পুনৰ বাৰ আইনাত চাই সমীৰে চুমা দিয়া ঠাইখিনি এবাৰ চুই চালে৷নজনাকৈয়ে মুখত হাঁহি এটি ফুটি উঠিল৷এইমুহূৰ্তত তাই হতাষা আৰু বিষাদভৰা ভৱিষ্যতৰ পৰা নিজকে মুক্ত যেন অনুভৱ কৰিছে ৷মাথোঁ সকলোফালে ভাললগা আৰু ভাললগা ৷(আগলৈ)দেৱাশ্ৰী বৰা

Sunday, August 9, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 38) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷বৰ্ষা আৰু সমীৰৰ প্ৰেম প্ৰেম লগা অনুভূতিবোৰ৷আজি অলপ সলনি কৰি দিছোঁ প্ৰফাইলখন৷বহুতেই মোক সুধিছিল মই কল্পনা কৰা বৰ্ষাজনী দেখিবলৈ কেনেকুৱা৷সেয়ে মই কল্পনা কৰি লোৱা বৰ্ষাজনী এনেকুৱা বুলি দেখুৱাই দিছোঁ,মৰম লগা,পেন্দুৰী,অলপমান আলসুৱা৷) যিহেতু কাইলৈ সমীৰৰ স্পেচিয়েল গেষ্ট আহিব সেইবুলিয়েই সমীৰে অফিচলৈ ওলাই যোৱাৰ পাছতে কৰিব লগা কামবোৰৰ লিষ্টখন মুৰতে আউৰাই বৰ্ষাই চাহৰ কাপটো লৈ কিবাকিবি ভাবি আছে৷তেনেতে ফোনটো বাজি উঠিল৷ নিবিড়ৰ ফোন লগতে শাহুৱেকৰো কেইবাটাও মিচকল৷ৰাতিপুৱা সময়খিনিত বৰ ল’ৰালৰিকৈ সমীৰক অফিচলৈ উলিয়াই পঠিয়াব লাগে সেয়ে মোবাইলটো খুলি চাবলৈয়ো সময়েই নহয়৷মিচকলবোৰ দেখি বুকুখন কঁপি উঠিল,সকলো থিকেই আছেটো সেইবুলিয়েই ল’ৰালৰিকৈ ফোনটো ৰিচিভ কৰিলে৷তাই হেল্লৌ বুলি ক’বলৈ নাপালেই সিমুৰৰ পৰা ছায়া আৰু নিবিড়ে একেলগেই চিঞৰি ক’লে " হেপ্পী এনিভাৰছেৰী বৌ" বৰ্ষাই হঠাৎ এনিভাৰছেৰীৰ উইচটো পাই মোবাইল স্ক্ৰীনত তাৰিখটো চালে৷আজি 29 ছেপ্তেম্বৰ সিহঁতৰ বৈবাহিক জীৱনে প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে৷আচলতে সমীৰৰ স্পিচিয়েল গেষ্টৰ আদৰ সাদৰৰ বাবে এইকেইদিন খুউব বেয়াকৈ ব্যস্ত হৈ পৰিছিল তাই৷কি কি ৰান্ধিব,কেনেকৈ ৰান্ধিব,তাৰ উপৰিও বজাৰ সমাৰ কৰা,লগতে সমীৰে নতুন নতুন পৰ্দা,চোফাৰ কভাৰ সকলোবোৰ নতুনকৈ আনি বৰ্ষাৰ সৈতে ঘৰটো সম্পূৰ্ণকৈ ন-কইনাৰ দৰে সজাইছে পৰাইছে৷তাৰ উপৰিও এই কেইদিন সমীৰে তাইক নতুন নতুন ব্যঞ্জন ৰান্ধিবলৈয়ো কৈ ইটো সিটো টেষ্ট কৰি আছে গেষ্টৰ বাবে কোনটো আটাইতকৈ ভাল হ’ব৷মাত্ৰ এয়াইনে,পিঠা পনা বনোৱা,লাড়ু ,মিথৈকে আদি কৰি যোগাৰ কৰিব পৰা প্ৰায় সকলোখিনিয়েই আলহীৰ বাবে গোটাই বৰ্ষাৰ সৈতে ৰন্ধা বঢ়াত লাগি গৈছে৷ইমানবোৰ ব্যস্ততাৰ মাজত তাই পাহৰিয়েই পেলালে যে আজি সিহঁতৰ এনিভাৰছেৰী৷ বৰ্ষাৰ পৰা কোনোধৰণৰ ৰিপ্লাই নাপাই নিবিড় আৰু ছায়াই হেল্লৌ হেল্লৌ বুলি খুটিয়াখুটি লাগি আছে৷মই আগত ক’ম মোৰ বৌহে বুলি উপৰাউপৰিও কৰিছে৷বৰ্ষাই কোনোমতে সিহঁত হালক শান্ত কৰি থেংকিউ বুলি ক’বলৈহে পালে নিবিড়ে প্ৰশ্ন কৰিলেই "তুমি পাহৰিছিলা হয়নে?সচাঁ ক’বা " বৰ্ষাই প্ৰথম বিবাহ বাৰ্ষিকি পাহৰিছো বুলি ক’লে লাজ পাব ভাবিয়েই ক’লে "নাই নাই মনত আছিলেই ব্যস্ততাৰ বাবেহে ..." কথাষাৰ শেষ কৰিবলৈ নাপালেই ছায়াই নিবিড়ৰ পৰা ফোনটো থপিয়াই লৈ সুধিলে "ৰাৱণ দাদাই উইচ কৰিলে নাই ?" ছায়াই ৰাৱণ দাদা বুলি কোৱাত বৰ্ষাই খিলখিলাই হাঁহি দিলে৷তাৰ পাছতে মনৰ মাজতে ভাবিলে "তেওঁৰ বা মনত আছেনে নাই?" তাৰপাছতে দুই এটা কথা পাতি সিহঁতি দুপৰীয়া ভাত খোৱাকৈ আহিম বুলি কোৱাত তাইয়ো ফোনটো ৰাখিলে৷ডাটাটো অন কৰি ল’লে ,মোবাইল হেং হৈ যোৱাকৈ ইটোৰ পাছত সিটো মেছেজেৰে হোৱাটছআপটো ভৰ্তি হৈ পৰিল৷কেনেবাকৈ ইয়াৰ মাজতে সমীৰৰ নামটো আছে নেকি চালে,কিন্তু নাপালে ৷সমীৰে কিবা ষ্টেটাছ দিছে নেকি তাকো লক্ষ্য কৰিলে কিন্তু সেয়াও নাপালে৷মনটো অলপকৈ সেমেকি পৰিল৷তথাপিও নিজৰ মনটোক সান্ত্বনা দি শাহুৱেকলৈয়ে ক’ল বেক কৰিলে৷তেখেতেও এজুলুকা আৰ্শীবাদেৰে সিহঁতৰ অনাগত বৈবাহিক জীৱনটোত সিহঁতি সুখী হোৱাৰ কৃপা প্ৰাৰ্থনা জনাই ভাল বেয়াৰ খবৰখাতি ল’লে৷বহুপৰ ফোনতেই কথা বতৰা পাতিলে,মি.বৰুৱাইয়ো বিবাহ বাৰ্ষিকিৰ শুভকামনা জনালে৷সকলোৰে শুভাষাবোৰত তাইৰ মনটো আনন্দেৰে ভৰি পৰিল যদিও কোনোবাখিনিত আধৰুৱা যেন লাগিলে৷এপাকত ভাবিলে সমীৰক মনত পেলাই দিব নিকি? কিন্তু পিছমুহূৰ্ততে মনলৈ আহিল সি যদি কিবা এষাৰ বেয়াকৈ বা টানকৈ কৈ দিয়ে দিনটোলৈ মনটো মিচাতে বেয়া হৈ পৰিব৷যদি সমীৰৰ মনত থাকিলেও হয় তথাপিও জানো প্ৰেমহীন এই সম্পকটোৰ আশু আয়োগ কামনা কৰি শুভেচ্ছা যাচিব? নাই নাই ক’ত সি বন্দী হৈ আছে মায়াৰ স্মৃতিত আৰু তাই কি ভাবি আছে৷ আজিকালি সমীৰে অৱশ্যে আগৰ দৰে মায়াৰ স্মৃতিত ডুবি নাথাকে অথচ সি লেপটপটো লোৱা দেখিলেই বৰ্ষাৰ মনলৈ মায়া নামৰ ভয়বোৰ চাপি আহে৷ কিনো মনত পৰিল তাইৰ ,বিয়াৰ এলবামটো উলিয়াই ল’লেগৈ৷ প্ৰতিখন ফটোতে সমীৰৰ গোমোঠা মুখখন দেখি কিবা এটা মৰম লাগি গ’ল তালৈ৷এই বিশেষ দিনটো বিশেষ কৰি তুলাৰ কামনাৰে কিবা এটা স্পিচিয়েল কৰাৰ কথা ভাবিলে৷সমীৰৰ মনত থাকক বা নাথাকক তাইৰ মনত আছে যেতিয়া বিশেষ দিনটোৰ এই সময়বোৰ অকলে হ’লেও উপভোগ কৰিব৷সেইভাবিয়েই এক নতুন উদ্যমেৰে কাম কাজ কৰাত লাগিল৷ দুপৰীয়া সময়ত জনোৱা মতেই নিবিড় আৰু ছায়াই কেক এটা আৰু মিঠাই অলপ লৈ ওলালহি৷নিবিড়ে যিহেতু ককায়েকৰ স্বভাৱবোৰ বিষয়ে জানে সেয়ে চাৰপ্ৰাইজ গিফ্ট এটা সিহঁতৰ ফালৰ পৰা দিয়াৰ কথা ভাবিয়েই আহি ওলালহি৷কেক কাটি বহুকেইখন ফটোও তুলিলে৷তাৰ পাছতে খোৱা বোৱা কৰি সিহঁতিও উভতিল৷বৰ্ষাই বাকীৰোৱা কেকটোৰ অলপমান গুপ্তা আন্টিহঁতৰ ঘৰতো দি থৈ আহিলগৈ৷তেখেতে সুধিছিল বিশেষ কিবা আছিল নেকি কিন্তু তাই লাজুকীয়া হাঁহি এটা মাৰি লাহেকৈ কৈছিল "আমাৰ বিবাহ বাৰ্ষিকি "৷ আমাৰ বুলি কোৱাৰ পাছত ঘৰলৈ আহি মনে মনে ভাবিছিল,যোৱা কেইমাহমানলৈ অচিনাকিৰ দৰে থকাৰ পাছতো এতিয়া তাই কেনেকৈ আমাৰ বুলি ক’ব পৰা হ’ল৷কেনেবাকৈ তাই সম্পৰ্কটো জীয়াই ৰাখিবলৈ বিচাৰি ফুৰোঁতে সমীৰৰ প্ৰেমত পৰা নাইটো?নে প্ৰেম আপোনাআপুনি নজনাকৈ হৈ গ’ল?কিন্তু এই প্ৰেম জানো একপক্ষীয় ভাৱে সফল হ’ব ? পুনৰ কেইবাটাও প্ৰশ্নই জুমুৰি ধৰি মনটোক অশান্ত কৰি তুলিলে৷উগুলথুগুল মনটোক বুজাই সন্ধিয়া সমীৰ অহালৈ বাট চাই ৰ’ল৷আজি সময়তকৈ বহুত আগতেই সমীৰ আহি ঘৰ ওলালহি৷ভিতৰলৈ সোমাই আহিয়েই বৰ্ষাৰ ফালে গিফ্ট এটা আগবঢ়াই দি ক’লে "লোৱা এইটো তোমাৰ বাবে" বৰ্ষা চমকি উঠিল,সমীৰে তাইলৈ গিফ্ট আনিছে তাৰমানে তাৰ মনত আছে নেকি আজি যে সিহঁতৰ প্ৰথম বিবাহ বাৰ্ষিকিৰ দিন৷কথাবোৰ ভাবি থাকোতেই থেংকিউ বুলি ক’বলৈ নাপালেই সমীৰে গৈ ৰুম পালেগৈ৷ল’ৰালৰিকৈ গিফ্টটো খুলি চাই দেখিলে সমীৰৰ প্ৰিয় ৰঙা ৰঙৰ শাৰী এখন ৷তাই মন কৰিছিল ঘৰৰ পৰা তাইক আনিবলৈ যাওঁতে তাই পিন্ধা ৰঙা চাদৰমেখেলা যোৰত তাইক দেখি সি তধা লাগি চাই ৰৈছিল৷নিশ্চয় সি বৰ্ষাক ৰঙা সাজেৰে চাবলৈ বিচাৰে৷এমুকুৰা লাজৰ হাঁহিৰে গাল দুখন ৰঙা পৰি আহিল তাইৰ৷বুকুৰ ধপধপনিবোৰেও আৱেগত উতলা হৈ সমীৰৰ নামকে বাৰে বাৰে ল’বলৈ ধৰিলে৷কেনেবাকৈ সমীৰো তাইৰ প্ৰেমত পৰিল নেকি জানিবলৈ মন গ’ল৷ৰঙা শাৰীখন গাৰ ওপৰতে লৈ আইনাখন চালে মুখখন আজি পূৰ্ণিমাৰ জোনটোৰ দৰেই উজ্জ্বল হৈ পৰিছে৷অকস্মাৎ বাথৰুমৰ দোৱাৰ খুলি সমীৰে উলাই অহাত শাৰীখন ল’ৰালৰিকৈ জাপি তাইয়ো ৰুমটোৰ পৰা ওলাই আহিল৷তাকে দেখি সমীৰেও মিচিকিয়াই হাঁহি দিলে৷ মনৰ উলাহতে সময়বোৰ জীপাল কৰাৰ আশাৰে আজিৰ সন্ধিয়াৰ চাহকাপ ধুনীয়াকৈ নিবিড়ে অনা কেক,মিঠাই আৰু তাই বনোৱা পিয়াজীৰ সৈতে প্লেটত সজাই পৰাই চোফাত বহি থকা সমীৰৰ সন্মুখলৈ আগবঢ়াই দিলে৷সমীৰৰ পৰা বিবাহ বাৰ্ষিকিৰ শুভেচ্ছা শুনিবলৈ তাইয়ো হাঁহিমুখে তাৰফালে চাই ৰ’ল৷কিন্তু প্লেটত থকা মিঠাই আৰু কেকৰ টুকুৰাটো দেখি সমীৰে উলোটাই বৰ্ষাক প্ৰশ্নহে কৰিলে "আজি কাৰোবাৰ বাৰ্থদে আছিল নেকি?" বৰ্ষাই "নাই "বুলি কৈ সমীৰে আৰু কিবা কোৱালৈ বাট চালে৷ এইবাৰ সমীৰে পুনৰ সুধিলে " কোনোবা আহিছিল নেকি ঘৰলৈ ?" বৰ্ষাই বৰ উৎসুকতাৰে কৈ উঠিল " নিবিড় আহিছিল সিয়েই আনিছিল আজি যে আমাৰ.." কথাষাৰ বৰ্ষাই কৈ শেষ কৰিবলৈ নাপালেই সমীৰে পুনৰ কৈ উঠিল "আট্চা সি মোৰ ভাল খবৰটো পালে মানে৷তুমিয়েই জনালা জনালা হয়নে?সেয়ে সি মোৰ ফেভাৰিট ফ্লেভাৰৰ চকলেট কেক আনিছে৷" বৰ্ষাৰ মুখৰ হাঁহিটো পলকতে নোহোৱা হৈ পৰিল ৷শুকাই গ’ল মুখখন একেবাৰেই,তাৰমানে সমীৰৰ আজিৰ এই বিশেষ দিনটোৰ কথা মনত নাই৷তাতে তাই ক’বলৈ নৌপাওঁতেই যে সিও অন্য এষাৰ কথা কৈ দিলে সেয়ে তাইৰো আকৌ উপজাচি কথাটো ক’বলৈ মন নগ’ল৷চাহৰ কাপকেইটা ধুবলৈ আহি শাৰীখন দিয়াৰ কাৰণটো বা কি জানিবলৈ মনটো উচপিচাই উঠিল৷সেই উচপিচনিতে শাৰীখন লৈ আহি একেবাৰে সমীৰৰ কাষ পালেহি৷সুধো নুসোধাকৈয়ে মাত লগালে আৰু ক’লে " এই শাৰীখন ?" সমীৰে সৰল ভাৱেই কৈ উঠিল " অ’হ তোমাক কোৱাই নহ’ল ,এইখন কাইলৈ পিন্ধিবা৷সেইদিনা বজাৰত তুমি এইখন শাৰীয়েই চাই থকা নাছিলা জানো?" হঠাৎ সমীৰৰ কথাত মনত পৰি গ’ল তাইৰ,সেইদিনা সমীৰৰ সৈতে বজাৰলৈ ওলাই যাওঁতে তাইৰ এইখন শাৰীকেই বৰ মৰম লাগিছিল কিন্তু ৰঙটো হালধীয়া আছিল যদিও কাপোৰটো আৰু ডিজাইনটো একেবাৰেই একে৷কথাটো মনত পৰাত হুহোৱাই ভিতৰলৈ সোমাই আহিলে৷সেইদিনা শাৰীখন ল’বলৈ তাইৰ খুউব মন গৈছিল কিন্তু হাতত সেই জোখাৰে টকাই নাছিল ,তাতে সমীৰক খুজিবলৈয়ো বেয়া লাগে তাইৰ সেয়ে কোৱা নাছিল কিন্তু এই কথাটো যে সমীৰে লক্ষ্য কৰিছিল তাই ভবাই নাছিল৷বিবাহ বাৰ্ষিকিৰ কথা মনত নাৰাখিলেও বিশেষ দিনটোত দিয়া এই বিশেষ উপহাৰটোৱে তাইক আৱেগিক কৰি তুলিছে৷শাৰীখনকে সাবটি ধৰি মনতে ভাবিলে বিবাহ বাৰ্ষিকি বুলি নহ’লেও যে সমীৰে লাহে লাহে তাইৰ পচন্দ অপচন্দ বোৰৰ খেয়াল ৰাখিব জনা হ’ল সেয়াই বহুত তাইৰ বাবে৷ ইফালে ৰাতি শোৱাৰ সময়ত মোবাইলটো হাতত তুলি লৈ সমীৰে দেখিলে হোৱাটছআপত বহুকেইটা মেছেজ৷হোৱাটছআপটো খুলি চাই দেখিলে বহুতেই এনিভাৰছেৰীৰ উইচ কৰি থৈছে৷তাৰমানে আজি সিহঁতৰ বিয়া হোৱাৰ এবছৰ হ’ল আৰু সি গমেই নাপালে৷আৰু এতিয়া যে কেক খাইছিল সেইয়া মানে বৰ্ষাই জানি বুজি খুৱাইছিল৷লগালগ বৰ্ষাক জগাই সুধিম বুলি ভাবি বৰ্ষালৈ মুৰ তুলি চালে তাই গভীৰ টোপনিত৷তাইক টোপনিৰ পৰা উঠাই লৈ আৰু সুধিবলৈ মন নগ’ল কিয় নক’লে আমোক তামোক বুলি ৷হোৱাটছআপ ষ্টেটাছ বোৰৰ মাজত নিবিড়ৰ ষ্টেটাছত এনিভাৰছেৰীৰ কেকটো নিবিড় বৰ্ষা আৰু এজনী ছোৱালীৰ মাজতে সিহঁতৰ ঘৰতেই কটা হৈছিল ৷অথচ সি এই কথা নাজানে৷আনকি তাক ক’ব লাগে বুলিও সিহঁতৰ কোনেও কুণ্ঠাবোধ নকৰিলে৷মনত অভিমান অলপ পুহি সিও শুই থাকিল বিশেষ দিনটো প্ৰতিবাৰেই অহাৰ কামনাৰে৷ ৰাতিলৈ যিহেতু সমীৰৰ স্পিচিয়েল আলহী আহিব সেইগতিকে সমীৰেও দিনটোত আজি দহবাৰ মান বৰ্ষালৈ ফোন কৰি কেটলি পিঠা,মালপোৱা সকলোবোৰ বনালেনে নাই খবৰ ৰাখিছে৷লগতে আবেলি সোনকালেই অফিচৰ পৰা ওলাই জলপানৰ বাবে দৈ চিৰা মুড়ি কিবাকিবি পাই নেকি বিচাৰিছে৷সন্ধিয়া ছয়মান বাজিল,সমীৰে ঘৰ পাইয়ে বৰ্ষাৰ হাতত ৰাতিৰ সাজৰ বাবে বনাব লগীয়া বস্তুপাতিবোৰ গতাই দিছে৷এটা এটাকৈ সকলোখিনি প্ৰায় দুঘণ্টা ভিতৰতে বনাই তাই অলপ পৰ চকীখনত বহিছিলহে সমীৰে তাইক বহি থকা দেখাৰ লগে লগেই থেলি হেচি ধুনীয়াকৈ ৰেডি হোৱাগৈ বুলি পঠিয়ালে৷বৰ্ষাই সমীৰে দিয়া ৰঙা শাৰীখনৰ সৈতে প্ৰসাধনৰ নামত দুচকুত পাতলকৈ কাজল আৰু উঠত সামান্যতম পাতলীয়া লিপষ্টিক অলপ লগাই কলিংবেলটো বাজি উঠাত ল’ৰালৰিকৈ উলাই আহিল৷ সমীৰৰ অপেক্ষাৰ অন্ত পৰিল,সি আচলতে ভাবিয়েই পোৱা নাই ইমানপৰে অপেক্ষা স্পিচিয়েল গেষ্টৰ বাবে কৰিছিল নে বৰ্ষাৰ বাবে কৰিছিল৷আজি বৰ্ষাক সাংঘাতিক ধৰণে ধুনীয়া দেখাইছে৷তাইৰ পৰা যেন তাৰ চকু আতৰ নহ’বই ৷এইসময়ত মন দিব লাগে ক’ত মন দি আছে ক’ত বুলি ভাবিয়েই মুৰটো খজুৱাই উঠিল৷বৰ্ষাৰ সমানে সমানে গৈ বিশেষ অতিথিক আদৰ সাদৰে ভিতৰলৈ মাতি আনিলে৷কোম্পানীৰ দুজন উচ্চ পদস্থ বিষয়া আৰু তেওঁলোকৰ ৱাইফ দুগৰাকী আহিছে৷পোনেই সোমাই অহাৰ পাছতে বহিবলৈ দি সমীৰে তেওঁলোকক বৰ্ষাৰ সৈতে চিনাকি কৰাই দিলে৷চিনাকি পৰ্ব শেষ কৰি বৰ্ষাই তেওঁলোকলৈ বুলি চাহ আনিবলৈ পাকঘৰলৈ সোমালগৈ৷গেষ্ট হিচাপে অহা মহিলা দুগৰাকীয়ে সমীৰৰ আগত বৰ্ষাৰ ৰূপ গুণৰ বৰ্ণনা কৰাত লাগিল সেইখিনি লৈকে থিকেই আছিল যাহাই মহিলাদুগৰাকীৰ হাজবেণ্ডে তেওঁলোকৰ কথাত হয়ভৰ জনালে সমীৰৰ বুকুখন জ্বলি পুৰি চাই হ’বলৈ ধৰিলে৷ বৰ্ষাক সহায় কৰাৰ চলেৰে সমীৰো পাকঘৰলৈ সোমাই গ’ল৷চাহৰ প্লেট সজাই থকা বৰ্ষাৰ কাণৰ কাষতে ফুচফুচাই ক’লে " তুমি বিনা মেকআপতেই থাকিবা চোন মোৰ তোমাক তেনেকৈয়ে ভাল লাগে ৷নহ’লেটো এইদৰে থাকিলে আনে বেছিকৈয়ে প্ৰশংসা কৰে ৷এনিৱেইছ বিলেটেদ হেপ্পী এনিভাৰছেৰী " (আগলৈ) দেৱাশ্ৰী বৰা

Saturday, August 8, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 37) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) কি কৰিব কি নকৰিব কথাবোৰ ভাবি ভাবিয়েই বৰ্ষাই পাত্তা পোৱা নাই৷অৱশ অৱশ লাগিছে সময়বোৰ,কেতিয়াবা সমীৰক কওঁ বুলি ভাবিলে দুখোজ আগুৱাই যায় কিন্তু আলসুৱা বুকুৰ হৃদস্পন্দনবোৰ হঠাৎ বাঢ়ি যায় ,এনে লাগে যেন হৃদপিণ্ডটোৱেই বুকু ফালি ওলাই আহিব৷উঠযোৰ সামান্য কপি উঠে ৰৈ যায় নোকোৱাকৈয়ে৷অজান শোকত মনে মনে কান্দে৷দিন যোৱাৰ লগে লগে মাকক হেৰুৱাৰ দুখবোৰ পাতলিল যদিও আহিব লগা সময়বোৰৰ ভয় সংশয় বাট এৰি দিয়া নাই ৷বুকুত সাচি ৰখা গোপনীয় কথাৰ ভাৰ সহিব নোৱাৰি মনটো প্ৰায়েই বেয়া হৈ থাকে৷মন বেয়া হোৱাৰ বাবে শৰীৰো ভাল লগা নাই৷দিনে দিনে নিজকে বেমাৰী যেন অনুভৱ কৰিছে৷অনবৰতে মূৰটো ঘুৰাই থাকে,কাম বন কৰিবলৈয়ো মন নোযোৱা হ’ল৷ সমীৰে বৰ্ষাৰ কি হৈছে ভাবি পোৱা নাই কিন্তু লক্ষ্য কৰি আছে কেইমাহমানৰ পৰা যে তাই একেবাৰে সলনি হৈ পৰিছে৷আগতকৈ সলনি হৈছে তাই ,অনবৰতে শুই থাকে ,সমীৰৰ লগত প্ৰয়োজনত ভাত খাবলৈ বা বজাৰৰ পৰা কিবা আনিব লগা থকাৰ বাদে আন একো কথাই নাপাতে৷এতিয়া পৰিস্থিতিয়ে এনে ৰূপ লৈছে যে এহাল পক্ষী এটা সজাত বন্দী হৈ আছে৷বন্দীত্বৰ শোকত ডেউকা বিহীন হৈ পৰিছে৷মুকলি আকাশত উৰিব বিচাৰিছে,খিলখিলাই হাঁহিব বিচাৰিছে৷কিন্তু এতিয়া সেই মুকলি আকাশো নাই ,সেই হাঁহিও নাই৷বৰ্ষাই পাকঘৰত কাম কৰোতে আগতে গুণগুণাই থাকে যিটি মুখতে কিন্তু এতিয়া সেই গুণগুণনিয়ো নাই ৷কেতিয়াবা গুণগুণনিবোৰ শুনিবলৈ সমীৰেও হাবাথুৰি খাই ,বৰ্ষাৰ অস্হিৰ মনটোৰ কথা জানিবলৈ বিচাৰে৷কিন্তু বৰ্ষাই আজিকালি সমীৰৰ সৈতে অচিনাকিৰ দৰে সময় কটায় সেয়ে তাৰো ভাল নালাগে৷প্ৰথমে ভাবিছিল মাকক হেৰুৱাই তাই ভাগি পৰিছে কিন্তু ইমান সময়ে একেলগে থাকি কথা বতৰা বেছিকৈ নাপাতিলেও বুজি পোৱা হৈছে,তাইৰ ভাললগা বেয়ালগাবোৰ৷এইসময়ত যে তাইৰ মনৰ অস্থিৰতাৰ কাৰণ বেলেগ সেয়াও জানিছে৷নিজৰ ওপৰতে কেতিয়াবা ক্ষোভ জন্মে তাৰ,বৰ্ষাক এই সম্পৰ্কৰ বান্ধোনৰ পৰা মুকলি কৰি দিবলৈ মন যায় কিন্তু তাই ক’ত যাব কি কৰিব সেইবোৰ ভাবি ৰৈ যায়৷বৰ্ষাক সুখী ৰখাৰ আপহতে মায়াৰ স্মৃতিবোৰ পাহৰিবলৈয়ো সাজু হৈ পৰে৷অফিচৰ পৰা আহোঁতে সমীৰে আজিকালি বৰ্ষাৰ বাবে কিবাকিবি লৈ আহে৷সৰুছোৱালীৰ দৰেই লাগে তাইক৷ সেয়ে অকলে থকা সময়খিনিত তাই ব্যস্ত থাকক বুলিয়েই যিকোনো কিতাপ বা খেলনা বস্তু লৈ আহে৷ সমীৰ এতিয়া সলনি হৈছে আগতকৈ এতিয়া বেছিকৈ দায়িত্ববোধ বুজা হৈ পৰিছে৷বৰ্ষাক সুখী ৰখাৰ স্বাৰ্থতেই সলনি হ’ব লগাত পৰিছে৷ ঘৰৰ পৰা অহা দুমাহেই পাৰ হ’ল আৰু কিছুদিনৰ পাছতে সিহঁতৰ সম্পৰ্কটোৱে এটা বছৰ সম্পূৰ্ণ কৰিব৷কিন্তু আজিও বৰ্ষা ফোট-সেন্দূৰ আৰু গহনাৰে গৃহবন্দী হৈ থাকিল৷সময় বাগৰাৰ লগে লগে চকু মুখত সতেজতা নোহোৱা হৈ পৰিছে,নিৰ্মল স্বত্বঃস্ফূৰ্ত হাঁহিটোও নোহোৱা হৈ পৰিল৷কেতিয়াবা প্ৰিয়া নাইবা গুপ্তা আন্টিয়ে আহি খন্তেক তাইৰ ওচৰত বহেহি,ইটো সিটো কথা পাতে তাইৰ সৈতে কিন্তু তাই নিজাববীয়াকৈ কোনো কথাই তেওঁলোকৰ সৈতে নাপাতে৷ বৰ্ষাই নক’লেও প্ৰিয়াই কিছুমান কথা ধৰিব পাৰে যদিও আনৰ পাৰিবাৰিক সমস্যাত সোমাবলৈ বেয়া পায়৷তথাপিও সমীৰৰ বাবে যদি তাই এই অশান্তিত ভুগিছে তেনেহ’লে যেনেহ’লেও কিবাকৈ সহায় কৰিব বিচাৰে সেয়ে বৰ্ষাক বুজাই " ভাল বেয়া সকলো সময়তেই স্বামীক বলাই ৰাখিব জানিব লাগিব৷সেয়াহে আচলতে পত্নীৰ ধৰম৷" বৰ্ষাক এইষাৰ কথা মাকেও বুজাইছিল আগতেই কিন্তু তাই জানো সমীৰক বলাই ৰাখিব পাৰিব৷যদি পাৰিলে হয় নিশ্চয় মায়াৰ কথাবোৰ খুলাখুলিকৈ কৈ দিলে হয় আৰু অভিমান কৰিও জনালে হয় পুনৰ মায়াক যাতে তেওঁৰ জীৱনলৈ আহিবলৈ নিদিয়ে৷অতীতৰ স্মৃতিবোৰৰ লগত যুজি বৰ্তমানটোও নষ্ট নকৰি এক নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ জনালে হয় কিন্তু সিহঁতৰ সম্পৰ্কটোত যে এনেকুৱা একোৱেই নাই,মৰম ভালপোৱা নথকা এটা সম্পৰ্কক কিহৰ লোভত সহ্য কৰিছে তাই৷এনে সম্পৰ্ক হেৰুৱাই দিয়াৰ ভয় ক’ত?বৈবাহিক জীৱন এটা আৰম্ভ কৰাৰ পৰাই যেন সকলো শেষ কৰিলে এনে ভাব হয় তাইৰ তথাপিও মাজে সময়ে সমীৰৰ কিছু কথাত য’তে ত’তে সোণতৰা সদৃশ আশাবোৰ ফুলি উঠে৷ সন্ধিয়া পৰত অফিচৰ পৰা আহোতে প্ৰিয়াই চিঙৰা লৈ আহিছিল ৷তাৰে দুটামান বৰ্ষালৈয়ো এক্সট্ৰা কৈ বান্ধি আনিছিল৷তাকে দিবলৈ বুলি বৰ্ষাৰ ওচৰ পালেহি৷বৰ্ষাৰ চকুহাল অলপকৈ ফুলি আছে,প্ৰিয়াই অনুমান কৰিলে নিশ্চয় কিবা এটা হৈছে ৷তথাপিও আন দিনাৰ দৰে আজিও জানিবলৈ একো নিবিচাৰিলে মাথোঁ সুধিলে "বৰ্ষা মালৈ মনত পৰিছে নেকি?" অন্যমনস্ক হৈ বৰ্ষাই চাহ বনাই আছে,প্ৰিয়াই কেইবাবাৰো মাত দিলে তাইক কিন্তু তাই নিজৰ বেলেগ এখন পৃথিৱীত ব্যস্ত হৈ আছে৷প্ৰিয়াই তাইক সামান্য জোকাৰি দিয়াত চক খাই "হা " বুলি কৈ চাহটো বাকি টেবুলতে বহিলহি৷কথাৰ চলেৰে প্ৰিয়াই বৰ্ষাৰ পৰা জানিবলৈ খুজিলে আচলতে বৰ্ষাৰ হৈছে কি? কাৰণ তাই সমীৰক যিমানলৈকে জানে তাইৰ এনে নালাগে যে বৰ্ষাক সি মাৰ পিট কৰি হাৰাশাস্তি কৰে তেনেহ’লে বৰ্ষাই কিহত ইমানকৈ কষ্ট পাই আছে৷বৰ্ষাৰ সম্পূৰ্ণ শৰীৰত এবাৰ ওপৰৰ পৰা তললৈ চকু ফুৰালে কিন্তু আঘাটৰ চিন ক’তো দেখা নাপায় সুধিলে " বৰ্ষা তোমাৰ কি হৈছে মোক কোৱাচোন,তুমি আজিকালি বহুত আপচেট থাকিব লৈছা " একো নাই বুলি কৈ বৰ্ষাই একে ঢুকে চাহখিনি খাই চোফাত বহিলহি৷তাইৰ পাছে পাছে প্ৰিয়াও আহিলে,বৰ্ষাৰ চকুত চকুপানী৷প্ৰিয়াই তাইক একো নুসুধি তাইৰ কাষতে বহি লৈ কান্ধত হাত বুলাই দিলে৷বৰ্ষাই আকস্মিকভাৱে তাইক সজোৰে সাবটি ধৰি কান্দিবলৈ ধৰিলে৷প্ৰিয়া বিবুধিত পৰিল ,বৰ্ষাই অস্পষ্ট কন্ঠেৰে কৈ উঠিল "সকলো থাকিও মই আধৰুৱা " প্ৰিয়াই বৰ্ষাৰ মুৰত হাত বুলাই দিয়াত তাই বেছিকৈ হুকহুকাই কান্দি পেলালে আৰু কৈ উঠিল "কিয় পাইয়ো সকলো হেৰুৱাব লগীয়া হয়?" সৰল দৃষ্টিৰে প্ৰিয়াই বৰ্ষালৈ চাই চকুপানীবোৰ মচি দি ক’লে " জন্ম হ’লে মৃত্যু অনিবাৰ্য বৰ্ষা কিন্তু মা নাই বুলি এতিয়া আহিব লগা সময়বোৰ কান্দি থাকিবা নেকি?বৰুৱাই আহি কি ভাবিব,মই তোমাক কন্দোৱাইছো ৷" "নাই প্ৰিয়া দি মাৰ বাবে মই কন্দা নাই,মোৰ ভয় হয় আহিবলগা ভবিষ্যতৰ কথা ভাবিলে,কি হ’বলৈ গৈ আছে মই একোৱেই বুজি পোৱা নাই৷" "ভয় আকৌ কিয় হৈছে৷আহিব লগা সময়বোৰ আমাৰ হাতত নাই তাতে কান্দিবলৈ কি আছে?বৰ্তমানটো সুখী কৰি তোলা আপোনাআপুনি ভৱিষ্যতটো সুন্দৰ হৈ পৰিব৷" "কিন্তু কেনেকৈ,মই এইদৰে জীয়াই থাকিব নোৱাৰিম৷মা থাকোঁতে জীয়াই থকাৰ এটা কাৰণ আছিল এতিয়া যে সেইটোও নোহোৱা হৈ পৰিল ৷" "কিয় সমীৰ?" ''এটা বৈবাহিক সম্পৰ্কত স্বামী আৰু স্ত্ৰীৰ মিলন হয় ৷অথাৎ এটা লিংগই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাটো প্ৰকৃতিৰ নিয়ম কিন্তু তেনে সম্পৰ্ক আমাৰ মাজত আজিও নাই৷মাত্ৰ দুয়োজনে এডজাষ্ট কৰি আগবাঢ়িছো৷কিন্তু এতিয়া ...'' অলপপৰ বৰ্ষা মৌন হৈ পৰিল ৷প্ৰিয়াই কৌতূহলেৰে বৰ্ষাৰ ফালে চাই প্ৰশ্ন কৰিলে "এতিয়া কি বৰ্ষা ?" উচুপনিবোৰ সামৰি বৰ্ষাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে "প্ৰেমবিহীন সম্পৰ্কটো সামৰি মই ভাগৰি পৰিছোঁ৷সমীৰৰ জীৱনত মই নহয় অন্য কোনোবা আছে,সেয়ে তেওঁ কাহানিও মোক হয়তো মৰম ভালপোৱা দিব নোৱাৰিব৷মাত্ৰ বুজাবুজিৰ মাজতেই শেষ হৈ পৰিব সকলো" প্ৰিয়াই আচৰিত হৈ প্ৰশ্ন কৰিলে "বৰুৱাৰ জীৱনত অন্য কোনোবা এতিয়াও আছেনে?" চকুপানী মোহাৰি বৰ্ষাই ক’লে ''এতিয়া নাই ,আগতে আছিলে " এটা স্বস্তিৰ নিশ্বাস এৰি প্ৰিয়াই ক’লে "আগতেহে আছিলে এতিয়াটো নাই তেনেহ’লে তুমি কিয় কন্দাকটাখন কৰিছা?ধেৎ এজনী মই বৰ ভয় খাইছিলোঁ৷" অসহায় ভাৱে বৰ্ষাই প্ৰিয়াৰ মুখলৈ চাই ক’লে "তাই ঘুৰি আহিছে প্ৰিয়া দি,মোৰ ভয় লাগিছে" "কোন তাই ?কোন হয় ?ক’ৰ হয় ?তুমি চিনি পোৱানে?"এটা এটাকৈ কেইবাটাও প্ৰশ্ন কৰি পেলালে প্ৰিয়াই৷পুনৰ বৰ্ষা উচুপি উঠিল আৰু লাহেকৈ ক’লে " চিনি পাওঁ,মায়া !" "আৰ ইউ চিৰিয়াছ বৰ্ষা ?হাউ ইছ ইট পচিবল?মায়াইটো এই বিষয়ে মোক আজিলৈ একো কোৱা নাই " "জনাহ’লে ক’লে হয় ,কিন্তু সমীৰ ,মই মানে আমি ইয়াত থকাৰ কথাটো তাই নাজানে,কিন্তু জানিলে কি হ’ব৷সেইদিনা মায়াক দেখিয়েই মই চক’দ খাইছিলোঁ" "মানে? " বৰ্ষাই এফালৰ পৰা যিমানখিনি জানে সকলোবোৰ প্ৰিয়াৰ আগত কৈ গ’ল ৷প্ৰিয়াই এইক্ষেত্ৰত যিমান পাৰে সহায় কৰিম বুলিয়েই কৈছে ৷সমীৰে যিহেতু আজিও মায়াৰ অপেক্ষাত আছে গতিকে নিজাববীয়াকৈ সমীৰ আৰু মায়াৰ সম্পৰ্কটোৰ বিষয়ে উলিয়াবলৈ চেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি বৰ্ষাক দিছে৷বৰ্ষাইয়ো কথাবোৰ মায়াই নজনাকৈ যাতে কৰা হয় সেই কথা সকীয়াই দিছে৷এতিয়াহে তাইৰ মনটো অলপ পাতল লাগিছে৷কথাবোৰ পাতি থাকোঁতে সময়বোৰ কেনেদৰে পাৰ হ’ল সিহঁতি ক’বই নোৱাৰিলে৷কলিংবেলটো বাজি উঠাত হে বৰ্ষাই সময় চাই সমীৰেই আহিছে বুলি প্ৰিয়াক জনাই দৰ্জাখন খুলি দিলেগৈ৷প্ৰিয়াই সমীৰক মাত দি ঘৰলৈ গ’ল৷ এটা অস্ফুট হাঁহি লৈ সমীৰে ভিতৰলৈ সোমাই আহিল ৷বৰ্ষাৰ মুখলৈ চালে আন দিনাতকৈ কিছু পৰিবৰ্তন দেখিছে যদিও চকুকেইটা ৰঙা হৈ সামান্যকৈ ফুলি আছে৷কিবা এটা ক’ম বুলি ভাবিও হাঁহি এটা মাৰি ৰুমলৈ সোমাই গ’ল৷অলপসময় পাছত ফ্ৰেছ হৈ ওলাই আহি অানদিনাৰ দৰে লেপটপটো হাতত লৈ ব্যস্ত হৈ থকা নাই৷অথচ আজি বৰ্ষাৰ সৈতে কিছু কথা পাতিম বুলিহে বহিছেহি৷চাহৰ কাপটো হাতত লৈ বৰ্ষাই সমীৰৰ ফালে আগবঢ়াই দিলে ৷চাহত চুমুক দিয়েই সমীৰে কৈ উঠিল "বৰ্ষা অলপ শুনাচোন ৷মোৰ কথা অলপ ক’বলৈ আছে " বৰ্ষা চমকি উঠিল,আজি সমীৰে বা তাইক কি কথা ক’বলৈ বিচাৰিছে?চাহৰ কাপটো হাততে লৈ সমীৰৰ ফালে অবাক লাগি চাই আছে তাই৷সমীৰে তাইৰ চকুৰ আগত আঙুলিৰে চুটকি এটা বজাই হাঁহিমুখেৰে ক’লে "হেয় কি ভাবিছা " নিজকে সংযত কৰি তাই কৈ উঠিল " নাই একো নাই " সমীৰে কৈ গ’ল " জানা বৰ্ষা আজি মই বহুত সুখী৷যিটো কামৰ বাবে আহিছিলোঁ সেইটো এতিয়া চাকছেচ হোৱাৰ দিশত৷এটা বহুত নামীদামী কম্পেনিয়ে মোৰ বিজনেছ প্ৰজেক্টটো খুউব ভাল পাইছে ৷এতিয়া কথা হ’ল তুমি মোক এটা হেল্প কৰিব লাগে !কৰিবানে?" বৰ্ষাই আচৰিত হৈ শুকাই যোৱা ডিঙিত হেপ ঢুকি সুধিলে "হেল্প আৰু মই ?" "হুম তুমি! আচলতে তেওঁলোকৰ কেইজনমানে অসমৰ খোৱা বস্তুৰ বৰ বৰকৈ প্ৰসংশা কৰিছে,সেইদেখিয়েই মই তেওঁলোকক ডিনাৰৰ বাবে ইনভাইট কৰিলোঁ " বৰ্ষাই চকু ডাঙৰ কৰি সুধিলে " ডিনাৰৰ বাবে আজি ?" হাঁহি এটা মাৰি সমীৰে ক’লে " নাই নাই আজি নহয় ,ভয় খাব নালাগে ৷ডেটটো ডিচাইড্ হোৱা নাই হ’লে তোমাক জনাম বাৰু ৷" এইবাৰ সমীৰে আহি তাইৰ একেবাৰে কাষ পালেহি আৰু তাৰ হাতৰ মুঠিত তাইৰ হাতখন ভৰাই চকুত চকু থৈ সুধিলে "তুমি হেল্প কৰিব নহ’ ?" ইস্ হেৰাই যোৱা লাজটোৱে তাইক আজি বেৰি বেৰি ধৰিলে৷ যি হ’লেও সমীৰে প্ৰথমবাৰ তাইৰ পৰা কিবা এটা বিচাৰিছে তাই বাৰু মনা কৰিব পাৰিবনে? সেইবুলি তাৰ হাতত হাত থৈ তাৰ চকুলৈ চাই থাকিব নোৱাৰে ৷ল’ৰমাৰি ৰুমলৈ দৌৰি অহাদি আহিলে৷বহুত দিনৰ মুৰত তাইৰ বুকুৰ ধপধপনি বোৰে হৃদয়ত প্ৰেমৰ সংগীত জুৰিলে৷পলকতে মনৰ অশান্তিবোৰ দুৰ হৈ গ’ল৷উচুপি উচুপি শিল হোৱা কলিজাটোকোৰাও গলিবলৈ ধৰিলে৷সমীৰক অলপ সলনি হোৱা যেন লাগিল তাইৰ ৷এইমুহূৰ্তত মায়াৰ দুচিন্তাই ঢুকি পাব নোৱাৰাকৈ সুখী তাই৷(আগলৈ) আগৰ খণ্ডৰ লিংক

Friday, August 7, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাক নামত... ------------------------------------------------ (Part 36) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) বেমাৰত পৰাৰ পাছত বৰ্ষাই মানসিক অৱস্থাটোৰ লগত যুজি যুজি যেনেতেনে মনলৈ সতেজতা আনিছিলহে পুনৰ তাইৰ সুখবোৰত যেন আউল লাগিল৷ইতিমধ্যে অফিচৰ পৰা ওলোৱাৰ আগতেই বৰ্ষাৰ পুনৰ গা বেয়া হোৱাৰ খবৰটো সমীৰক গুপ্তা আন্টিয়ে জনাইছিল৷সেয়ে ল’ৰালৰিকৈ অফিচৰ সকলো কাম বন সামৰি সিও বৰ্ষাৰ পুনৰ কি হ’ল চিন্তাতে ঘৰমুৱা হ’ল৷ বৰ্ষাই ইমানপৰে উচুপি উচুপি কুচিমুচি বহি আছিল ,কিন্তু সমীৰক দেখাৰ লগে লগেই আজি বেছিকৈয়ে আৱেগিক হৈ পৰিল,লাজ ভয় শংকা সকলোবোৰ পাহৰি তাক সাবটি ধৰি কান্দিবলৈ ধৰিলে৷কান্দি কান্দি যেন তাই ভাগৰি পৰিছে,চকুলো বোৰেও এতিয়া লগ এৰা দিছে ৷সমীৰৰ বুকুত মুৰগুজি তাই মাত্ৰ এটাই অনুৰোধ কৰিছে "মোক ঘৰত থৈ আহক গৈ, মই মাৰ ওচৰলৈ যাওঁ ৷মাৰ বাদে মোৰ এই জীৱনত আন কোনোৱেই নাই ৷মাক মোৰ প্ৰয়োজন হৈছে কিজানি "৷ বৰ্ষাক এইদৰে কন্দা আজিলৈকে সি কাহানিও দেখাই নাই,কান্দিলেও সি মন কৰা নাই ৷বৰ্ষাক কিবা এটা হোৱা বুলি জানিছিল কি হৈছে থিক বুজিয়েই পোৱা নাই ৷তাই মাত্ৰ হুকহুকাই কান্দি আছে৷বৰ্ষাৰ কান্দোনবোৰে তাকো আৱেগিক কৰি তুলিছে সেয়ে সকাহ দিবলৈ বুলিয়ে সিও প্ৰথমবাৰৰ বাবে তাইক আলফুলে সাবটি ধৰি ল’লে আৰু চোফাখনত বহুৱাই কি হ’ল কিয় কান্দিছে সুধ পুচ কৰাত বৰ্ষাই এফালৰ পৰা সকলোখিনি কৈ গ’ল৷ বৰ্ষাৰ কথাবোৰ ভালদৰে শুনি সকলো থিক হ’ব বুলি আশ্বাস দিলে আৰু নিজে কি কৰিব পাৰে সেইকথা ভাবি ৰুমটোৰ পৰা ওলাই গ’ল৷গুপ্তা আন্টিও সেইসময়তে সিহঁতৰ ঘৰ উলালহি৷তেখেতক বৰ্ষাৰ কাষতে বহুৱাই সিও বৰ্ষালৈ ফোন অহা সেই আননউন নাম্বাৰটো ডাইল কৰি কথাবোৰ বিতংকৈ জানি ল’লে৷ফোনত সিমুৰৰ পৰা জনালে যে বৰ্ষাৰ মাকৰ অৱস্থা খুবেই বেয়া,ৰাস্তা পাৰ হওঁতে সাবধান নোহোৱা বাবেই ব’লেৰ এখনৰ চেপাত বহুদুৰ উফৰি গ’ল৷বৰ্তমান গাওঁৰে দুই এজন ল’ৰাই তেওঁক যোৰহাট মেডিকেলৰ আই.চি.ইউত এডমিট কৰাইছে৷কথাখিনি শুনি সমীৰৰো বুকুখন কপিঁ উঠিল৷সপোনতো কল্পনা কৰিব নোৱাৰা এক মৰ্মান্তিক ঘটনা ৷লগালগ নিজৰ ঘৰলৈ ফোন কৰি কথাবোৰ জনাই পাৰে যদি দেউতাককেই বৰ্ষাৰ মাকৰ অৱস্থাটোৰ খবৰ ল’বলৈ যাবলৈ ক’লে৷অকলশৰীয়া মানুহগৰাকীক চাবলৈয়ো এই সময়ত আত্মীয় কুটুম্ব কোনোৱেই লগত নাই সেয়ে ঘৰৰ বুলি কোনোবা গ’লে টকা পইচাৰো সুবিধা হ’ব৷সমীৰৰ কথামতেই দেউতাকেও যাবলৈ মান্তি হোৱাত ৰাতিপুৱাই সোনকালে পোৱাকৈ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী প্ৰথমখন ফ্লাইটৰ টিকটটো কাটি দিলে৷সমীৰৰ অফিচৰ ব্যস্ততাৰ বাবে এদিনৰ ভিতৰত সকলো কাম শেষ কৰিয়েই ঘৰলৈ যাবলৈ বুলিয়েই সিহঁতৰো টিকট কাটিলে৷সকলোখিনি ঠিক কৰি সি বৰ্ষাৰ ওচৰতে আহি বহিলহি আৰু যদিও কথাখিনি শুই ভয়ভাৱ এটাই তাক খেদি ফুৰিছিল তথাপিও বৰ্ষাৰ অৱস্থাটো বুজি সকলো থিকেই আছে বুলি কৈ তাইক সাহস দিলে ৷যাতে তাইৰ কন্দা কটাবোৰ ক’ম কৰি পুনৰ অলপ স্বাভাৱিক অৱস্থালৈ আহে৷বৰ্ষাৰ মাকৰ আশু আৰোগ্য কামনা কৰি তাইক বহুপৰ বুজাই বঢ়াই গুপ্তা আন্টিও ঘৰলৈ গ’ল৷ বিচনাতে বহি লৈ হঠাৎ তাইৰ জীৱনলৈ কেনেধৰণৰ কাল ধুমুহা নামি আহিল তাইয়ো ধৰিবই পৰা নাই৷গোসাঁই থাপনাত শিৰনত কৰি মাকৰ বাবে প্ৰাৰ্থনা জনাইছে৷ঘৰৰ কাষৰ মানুহবোৰৰ সৈতে যোগাযোগ কৰি মাকৰ খবৰখাটি লৈ আছে,সমীৰেও মি.বৰুৱাই ৰাতিপুৱাৰ প্ৰথমখন ফ্লাইটতেই মাকৰ ওচৰলৈ যাব আৰু অফিচৰ কামবনবোৰ সামৰি হ’লে সিহঁতিও সোনকালেই ঘৰলৈ যাব বুলি বৰ্ষাক জনালে৷ বাৰে বাৰে বৰ্ষাৰ মনটো মাকৰ ওচৰলৈ ল’ৰ মাৰিছে,তেখেতে কি কৰিছে,এতিয়া বা কেনেকৈ আছে ভাবি ভাবি উচুপি আছে৷যাওঁ বুলিলেও সোনকালে যাব নোৱাৰি,বহুদুৰ বাট সময়টো লাগিবই তাতে টিকটৰো কথা আছে৷৷সেইটো নিজেও বুজিছে তাই তথাপিও সমীৰক বাৰে বাৰে সোনকালেই মাকৰ কাষলৈ নিবলৈ কৈ আছে৷ এটা বিপদ শেষ নহয়েই পুনৰ নতুন এটা বিপদৰ আৰম্ভণি হয়েই৷তাইৰ সুখবোৰ যেন কোনোবাখিনিত লোকাই পৰিছে৷সুখ দুখৰ সমাহাৰেৰে তাইৰ সৈতে লুকাচুৰিৰ খেলা কৰিছে৷চিন্তাতে তাইৰ খাবলৈ একোৱেই মন নাই তথাপিও সমীৰৰ বাবে কিবাকিবি অলপ বনাই দিছে৷ৰাতিৰ সাজ সমীৰক বাঢ়ি তাই একো নুখুৱাত সমীৰে সকলো কথা পাহৰি মাত্ৰ তাইৰ মানসিক অৱস্থাটোৰ কথা ভাবিয়েই যোৰ কৰি নিজ হাতেৰেই খোৱাই দিছে৷ৰাতিটো বিচনাতে বিভিন্ন চিন্তাৰে ধৰফৰাই যেনেতেনে কটাই দিলে৷ ৰাতিপুৱাও সমীৰে অফিচলৈ ওলাই যোৱাৰ পাছতে তাইয়ো কাপোৰ কানিবোৰ বান্ধি যাবলৈ থিকথাক কৰিছে৷তেনেতে কলিংবেলটো বাজি উঠিল,ৰাতিপুৱাই কোন উলালেহি বুলি খুলি দিয়াৰ লগে লগে সমীৰে ল’ৰালৰিকৈ বৰ্ষাক ঘৰলৈ যাবলৈ ওলাবলৈ ক’লে৷হঠাৎ এইদৰে ৰাতি ফ্লাইট থকা পাছতো ৰাতিপুৱা দহ বজাতেই ল’ৰালৰি কৰাত বৰ্ষা আচৰিত হৈ পৰিল৷কেনেবাকৈ মাকৰ কিবা অঘটন ঘটা নাইটো সেই ভাবিয়েই ভয়তে বাৰে বাৰে সমীৰক প্ৰশ্ন কৰিছে কিন্তু সমীৰে কোনো প্ৰশ্নৰ উত্তৰ নিদি ল’ৰালৰিহে কৰি আছে৷কিন্তু বৰ্ষাই কন্দাকটা কৰি প্ৰশ্ন কৰিয়েই আছে "আমাৰ টিকট ৰাতিহে আছিল এতিয়াই কিয়?মা থিকেই আছেটো?একো নকয় যে কিবা এটাটো কওঁক?উফ্ এইদৰে মই শেষ হৈ যাম এতিয়া" সমীৰৰ বৰ্ষালৈ দয়া উপজিল ,আচলতে সমীৰৰ দেউতাকে ফোন কৰি সোনকালে মাতি পঠিয়াইছে সিহঁতক৷বৰ্ষাৰ মাকৰ অৱস্থা বোলে খুবেই শোচনীয়,জীয়াই থকা সম্ভাৱনা তিনেই ক্ষীণ৷কিন্তু এই কথা সি বৰ্ষাৰ আগত ক’ব নোৱাৰে কিন্তু সি যদি এইদৰেই বৰ্ষাৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ থাকে তেনেহ’লে তাইৰ সন্দেহবোৰ বাঢ়ি যাব৷সেয়েই মিচা কথাৰ আশ্ৰয় লৈ সি ক’লে " ৰাতিৰ টিকটটো কেঞ্চেল হ’ল গতিকে ইমাৰজেন্সীত ৰাতিপুৱা এঘাৰ বজাৰ টিকটটোৱেই পাই গ’লো৷এতিয়া তুমি উলাবানে ইয়াতে থাকিবা নিজৰ ওপৰত কথা৷এয়াৰপৰ্টলৈ ইয়াৰ পৰা ত্ৰিশ মিনিট,আমাৰ হাতত এঘন্টা সময় আছে ল’ৰালৰি কৰা৷" সমীৰৰ কথা খিনিত সচাঁ মিছা ভাবিবলৈ বৰ্ষাৰ অলপো সময়েই নহ’ল৷সেয়ে পাচঁমিনিটতে ৰেডি হৈ চিনুক গুপ্তা আন্টিহঁতৰ ঘৰতে কেইদিনমানলৈ থাকিবলৈ দি উলাই আহিল দুয়ো ঘৰৰ পৰা এয়াৰপৰ্টৰ দিশে৷গোটেই বাটতো বৰ্ষাই সমীৰৰ কান্ধতে মুৰটো থৈ কিবাকিবি ভাবি আহিল৷এইহেন বিপদৰ সময়ত সমীৰে কিবা এষাৰ টানকৈ ক’বলৈয়ো বেয়া পাইছে গতিকে নিজৰ ফালৰ পৰা যিমান পাৰিছে বৰ্ষাক লগ দিছে৷চাৰিঘন্টাৰ বাট অতিক্ৰম কৰি সিহঁতি যোৰহাট পালেহি৷এয়াৰপৰ্টৰ পৰা ওলায়েই সমীৰে খবৰ পালে বৰ্ষাৰ মাক আৰু নাই সেয়ে মেডিকেলত ৰ’ব নালাগে,পোনেই সিহঁতৰ ঘৰলৈ আহিলেই হ’ল৷সকলোৱে মাত্ৰ বৰ্ষাৰ অপেক্ষাতহে ৰৈ আছে ৷কথাষাৰ জানিব পাৰি সমীৰৰ বুকুখনেও ধান বনাদি বান্ধিবলৈ ধৰিলে,এইসময়ত বৰ্ষাক এইষাৰ কথা কিদৰে ক’ব একোকে ভাবি নাপালে৷সেয়ে বৰ্ষাক কথাষাৰ নজনালে৷এয়াৰপৰ্টৰ পৰা গাড়ী মেডিকেল নোসোমাই পোনেই শিৱসাগৰৰ সিহঁতৰ ঘৰখনৰ দিশে পোনাই দিলে৷বৰ্ষাৰ মনটোত এইবাৰ সন্দেহেৰে উপচি পৰিল৷সমীৰে কিয় এনেকুৱা কৰিলে তাইৰ যেন বুজিবলৈ বাকী নাথাকিল,ইমান পৰে মাকক লগ পোৱাৰ আশা দশাবোৰ এইখিনিতেই শেষ হৈ পৰিল৷কাতৰ ভাৱে সমীৰক সাবটি ধৰি সুধিলে " মা থিকেই আছেনে,সচাকৈ কওঁক?" এইষাৰ কথা সুধাৰ সাহস তাই বহুত কষ্ট কৰিহে সুধিছে কিন্তু আশানুৰূপ উত্তৰেই সমীৰে আগবঢ়ালে "মাক ঘৰলৈ নিয়া হ’ল,চ’ৰি বৰ্ষা" কথাষাৰ কৈ সমীৰৰ চকুৰ পৰাও চকুলো বাগৰি আহিল৷কিন্তু বৰ্ষাই কথাষাৰ শুনিয়েই বৰ্জ্ৰপাত পৰাৰ দৰে একেঠাইতে থেৰেঙা লাগিল৷এইসময়ত তাইক সান্ত্বনা দিব পৰাকৈ সমীৰৰ ওচৰতো শব্দৰ অভাৱ ঘটিছে৷পাৰিব জানো বৰ্ষাক স্বম্ভালিবলৈ,তথাপিও ভাগি পৰা বৰ্ষাক দেখি সিও সিমানেই কষ্ট পাইছে৷এইসময়ত সি বৰ্ষাৰ হৈ পৰিছে,মাত্ৰ বৰ্ষাৰ কথাহে ভাবিছে৷একমাত্ৰ মাকেই আছিল তাইৰ জীৱনৰ কণাৰ লাখুটি এতিয়া যেন তাই একেবাৰেই অকলশৰীয়া হৈ পৰিছে৷ গাড়ীখন আহি বৰ্ষাহঁতৰ ঘৰৰ পদূলিত ৰ’লহি৷চিনাকি ঠাইখিনি দেখি গাড়ীৰ পৰা নামি দৌৰাদৌৰিকৈ তাইয়ো ভিতৰলৈ সোমাই আহিল৷আজি গোটেই গাওঁখন নিমাওমাও ৷চোতালত অসংখ্য মানুহৰ ভিৰ আৰু চোতালৰ মাজতে পৰি আছে বৰ্ষাৰ মাকৰ নশ্বৰ দেহ ৷ডেডবডিটোৰ কাষতে স্তব্ধ হৈ বহি পৰিল তাই৷বিষাদবোৰে বুকুভেদি হুল মাৰিছে তাইলৈ৷মাকৰ গালে মুখে চুমা দি তাইয়ো ৰাউচি যুৰি হিয়াভগা কান্দোনৰ ৰোল তুলিলে৷ বৰ্ষাৰ এটা এটা চিঞৰত কিয় জানো সমীৰৰো বুকুখন কপি উঠিছে৷অস্থিৰ হৈ পৰিছে সমীৰৰ মনটো৷ঘৰৰ ওচৰৰ মানুহবোৰে বৰ্ষাক বুজাবলৈ চেষ্টা কৰিছে তথাপিও তাই আউলীবাউলী হৈ কন্দাকটা কৰিয়ে আছে৷এইমুহূৰ্তত যে তাই যন্ত্ৰণাত ভাগি পৰিছে সেই কথা সমীৰে বুজিছে৷সহজ হয় জানো ভালপোৱাৰ আদিপাঠ শিকোৱা মানুহগৰাকীক বিদায় জনাবলৈ৷সমীৰে ক্ষন্তেকৰ বাবে নিজকে বৰ্ষাৰ ঠাইত ৰাখিবলৈ চালে কিন্তু নোৱাৰিলে,কেনেকৈনো পাৰিব৷এই প্ৰেম যে দুৰ্লভ,সেইকথা বুজিয়ে দুখোজমান আগবাঢ়ি আহি বৰ্ষাৰ ওচৰ চাপিল৷শেষকৃৎ কৰ্মখিনি কৰিবলৈ আত্মীয় কুটুম্বৰ প্ৰয়োজন হ’ল কিন্তু বৰ্ষা আৰু মাক অকলশৰীয়া হোৱাৰ বাবে এইখিনি কৰ্ম কৰিবলৈ সমীৰেই আগবাঢ়ি আহিল৷মি.বৰুৱাইয়ো সমীৰৰ প্ৰস্তাৱত সুখী হ’ল৷নশ্বৰ দেহটোক সেৱা সৎকাৰ কৰাই গাওঁৰে দুগৰাকী মানে বৰ্ষাক ভিতৰলৈ লৈ গ’ল৷যি যেনেকৈ পাৰে তাইৰ মুৰত তেল পানী দিয়াত ধৰিল৷মাকে এক মৰ্মান্তিক মৃত্যু আকোৱা্লি লোৱাৰ বাবেই বৰ্ষাই বেছিকৈ কষ্ট পাইছে,শেষবাৰৰ বাবে যে দুৰত থকাৰ বাবেই পানী এটোপো মাকৰ মুখত দিবলৈ নাপালে৷সেইদিনা ৰাতিপুৱাই মাকে ফোন কৰি তাইৰ সৈতে কথা পাতিছিল,পাৰিলে এপাক ঘৰলৈ পাক মাৰিবি বুলিও জনাইছিল৷তাই অসুস্থতাৰ কথা মাকক জনোৱা নাছিল যদিও সমীৰৰ ব্যস্ততাবোৰ শেষ হ’লেই আহিম বুলি কথা দিছিল কিন্তু কথা দি যে সেই কথা তাই ৰাখিব নোৱাৰিলে৷ সন্ধিয়ালৈ বৰ্ষাৰ শাহুৱেক বৰুৱানীও ওলালহি৷এইসময়ত তেখেতৰ বাদে যেন কোনোৱেই বৰ্ষাক সকাহ দিব নোৱাৰিব৷বৰুৱানীক দেখাৰ লগে লগে মা বুলি কৈ তাইয়ো সাবটি ধৰি বহুসময় উচুপি থাকিল৷ৰাতিও বৰুৱানীৰ কোলাতেই মুৰ থৈ মাকৰ সৈতে এই ঘৰটোত উপভোগ কৰা সুখ দুখৰ প্ৰতিটো কথাই কৈ গ’ল৷মাকৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ বৰুৱানীয়ে যিমান পাৰে নিজৰ ফালৰ পৰাও চেষ্টা চলালে৷ইফালে বৰ্ষাৰ খবৰটো পাই নিবিড় আৰু ছায়াইয়ো মোম্বাই পৰাই যিমান পাৰে বৰ্ষাক সুস্থিৰ অৱস্থালৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিলে৷এইক্ষেত্ৰত সমীৰো পিছপৰি ৰোৱা নাই,তাইৰ ছাঁ হৈ থিয় দিছে প্ৰতিটো খোজতে৷বাৰদিনৰ ভিতৰত মৃতকৰ ঘৰত প্ৰয়োজনীয় সকলো কৰ্ম কৰি তিনিদিনমান ঘৰত থাকি সিহঁতিও পুনৰ মোম্বাইলৈ উভতিলে৷ ঘুৰি অহাৰ পাছৰ পৰা বৰ্ষা পুনৰ অকলশৰীয়া হৈ পৰিল৷যেনেতেনে নিজকে সময়ৰ সৈতে যুজিবলৈ বুলি সুস্থিৰ কৰি তুলিছিলহে কিন্তু পুনৰ এজাক ধুমুহাই তাইৰ জীৱনটো চাৰখাৰ কৰি থৈ গ’ল৷আপোন মানুহৰ মৃত্যুত হতাশাত ভুগাটো স্বাভাৱিক কিন্তু সেইবুলি জীৱন জানো ৰৈ যায়?দুখবোৰ বুকুত সামৰি নতুনকৈ জীয়াব বুলি পণ লৈ তাইয়ো আগবাঢ়িল৷সমীৰে বৰ্ষাৰ অৱস্থাটো দেখি প্ৰথমে ভয়েই খাইছিল,কিন্তু এতিয়া তাই নিজকে সংযত কৰিবলৈ লোৱা দেখি সিও নিচিন্ত হৈ পৰিছে৷তথাপিও বুকুৰ এচুকত ভয়ভাব এটা নথকা নহয় ৷সেয়েই অফিচলৈ ওলাই গ’লে গুপ্তা আন্টি নহ’বা নিবিড়ক মাজে সময়ে খবৰ খাটি কৰি থাকিবলৈ বুলি সহায়ৰ হাত বিচাৰিলে৷সমীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই নিবিড়ে বৰ্ষাই অকলশৰীয়া অনুভৱ নকৰিবলৈয়ে ছায়াক দিনটোৰ বাবে তাইৰ কাষত থৈ যায়হি৷ছায়াৰ জৰিয়তে বৰ্ষাই বহুখিনি মনোবল শক্তিশালী কৰি তুলিব পাৰিছে৷ ছায়াই তাইক বুজাই যে তাই বৰ্ষাতকৈয়ো এক বিভৎস জীৱন পাৰ কৰি আহিছে৷তাই যেতিয়া সময়ৰ সৈতি জিকিব পাৰিছে তেনেহ’লে বৰ্ষাই কিয় নোৱাৰিব৷তথাপিও আনে বুজালেইটো জীৱনটো সলনি হৈ নাযায়৷যেনেহ’লেও ছায়াৰ জীৱনত তাইৰ প্ৰিয় আপোন মানুহজন লগত আছে কিন্তু বৰ্ষাৰ যে সকলো থাকিও অকলশৰীয়া৷যদিও সমীৰৰ ব্যৱহাৰ তাইৰ প্ৰতি সলনি হ’ল তথাপিও এয়া যেন সমীৰে বৰ্ষালৈ থকা দায়িত্ববোধৰ ফলশ্ৰুতিতহে আগবঢ়াই নিছে,এতিয়াও তাই বিচৰা এক সম্বন্ধ সিহঁতৰ মাজত গঢ়ি উঠা নাই৷কেতিয়াবা সমীৰৰ মুখামুখি হ’বলৈয়ো ভয় হয় তাইৰ৷কাৰণ আজিকালি বৰ্ষাক কোনো কথা টানকৈ নকয় বাবে নিজৰ মাজতেই যে যুজি থাকে সি৷এইদৰে সমীৰে যুজি থকা দেখিলে তাইয়ো ভাগি পৰে নজনাকৈ অজানিতে৷সমীৰে তাইৰ প্ৰতি দেখুওৱা সহানুভূতি খিনিৰ বিনিময়ত তাই সদায়েই সমীৰৰ আগত কৃতজ্ঞ হৈ ৰ’ব৷সেইদিনা সমীৰে মাকৰ শেষকৃৎ নকৰাহেতেন কি হ’ল হয়৷ সমীৰৰ মহানুভৱতাই তাইক তুচ্ছজ্ঞান কৰিছে৷কথাবোৰ ভাবিলে তাইৰ বুকুখন কপি উঠে তেতিয়াই মায়াৰ কথা মনলৈ আহিলে সমীৰক প্ৰতাৰণা কৰা যেন অনুভৱ কৰে৷তাই জানো সমীৰৰ পৰা কথাবোৰ লুকুৱাই ৰাখি ভুল কৰা নাই?মাত্ৰ নিজৰ স্বাৰ্থৰ বাবেই সমীৰক এইদৰে যন্ত্ৰণাত দগ্ধ হ’বলৈ দিব পাৰিব জানো?সমীৰে দেখুৱাই নিদিলেও তাই বুজি পাই,আজিও যে সমীৰে মায়াক পাহৰিব পৰা নাই৷কিয় পৰা নাই তাই নাজানে অথচ কথাবোৰ লুকুৱাই যেন চকুৰ সন্মুখতে ৰং চাই থকাৰ দৰে সমীৰক এইদৰে জীয়াবলৈ দিব নোৱাৰে তাই৷সোনকালেই সমস্যাবোৰৰ সমাধান কৰি তাই সমীৰক সত্য কথাবোৰ জনাই দিব৷(আগলৈ) দেৱাশ্ৰী বৰা

Thursday, August 6, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 35) (সকলোলৈ মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ খণ্ডটিও আগবঢ়াই দিলোঁ৷যিহেতু সোনকালেই শেষ কৰিব খুজিছোঁ সেয়ে কাহিনীবোৰ অলপ দীঘলীয়াকৈ দিম৷আমনি পালে জনাব) কম পোহৰৰ লাইটটো জ্বলাই সমীৰে বেলকনিতেই আকাশৰ তৰা গণি গণি বহি আছে৷সি অনুভৱ কৰিছে যোৱা দুদিনমানৰ পৰা বৰ্ষাৰ অসুস্থতাৰ সুযোগতে সি তাইৰ প্ৰতি এক দুৰ্বলতা অনুভৱ কৰিছে৷কিন্তু তাৰ ভয় লাগে এই দুৰ্বলতাই যদি এদিন প্ৰেমৰ ৰূপ লয় তেনেহ’লে সি কেতিয়াও নিজকে মাফ কৰিব নোৱাৰিব৷মায়াৰ প্ৰেমিক হিচাপে সি বিফল হ’ব কেতিয়াও নোৱাৰে৷ সেই আপাহতে মায়াক পুনৰ জীৱনলৈ ঘুৰাই আনিব খুজিছে৷কিন্তু আজি দুবছৰেই হ’ব হ’ল মায়াৰ কোনো খা খবৰ নাই৷কোনটো জনমৰ ভুলৰ শাস্তি পাইছে সি কেতিয়াবা ভাবি চায়৷মায়াৰ সৈতে এখন ঘৰ পতাৰ সপোন সি বাৰুকৈয়ে দেখিছিল,কিন্তু ভবা কথা কেতিয়াও সিদ্ধি নহয় হঠাৎ মায়াৰ সৈতে হোৱা দুৰ্বাৰ কাজিয়াৰ ফলশ্ৰুতিত মায়া সদায়ৰ কাৰণে তাৰ জীৱনৰ পৰা গুচি গ’ল৷ ভুল যিহেতু সমীৰৰ নিজৰ গাত আছিল সেয়ে সি আজিলৈ মায়াৰ অপেক্ষাত তাইক বিচাৰি হাবাথুৰি খাই ফুৰিছে৷অন্তত তাই বিচৰা সুখবোৰ আগতে দিব নোৱাৰিলেও এতিয়া দিবলৈ সি সক্ষম আৰু এতিয়া যদি সি তেনে নকৰে তেনেহ’লে তাতকৈ স্বাৰ্থপৰ আৰু কোনো হ’বই নোৱাৰে ৷সি যদি আজি নিজকে কিবাকৈ প্ৰতিস্থিত কৰিব পাৰিছে সেয়া হ’ল মায়াৰ অৱদান৷কিন্তু আজিকালি যে তাৰ মন মগজুত মায়াৰ দৰেই বৰ্ষাৰ চিন্তাবোৰে খেলি থাকে৷কি কৰিব ভাবি ভাবিও কেতিয়াবা উপায়বিহীন হৈ পৰে ৷আজিকালি বৰ্ষাই তাৰ পৰা পলাই পলাই থকাৰ দৰে থাকে,সি কিবা এটা তাইৰ পৰা জানিব বিচাৰিলেও তাই তাক বিভিন্ন কামৰ অজুহাত দেখুৱাই আতৰি যায়৷প্ৰায়বোৰ সময়ত বৰ্ষাই ভাবুক হৈ কিবাকিবি চিন্তা কৰি থাকে৷কিন্তু তাইৰ মন মগজুত কি চলি থাকে সি জানিব খুজিয়ো বিফল হৈ পৰে৷ মনৰ অস্হিৰতাবোৰ দুৰ কৰিবলৈ তেতিয়াই হাতত তুলি লয় মদৰ বটলটো৷মদ খালে কথাবোৰ পাহৰিবটো নোৱাৰে কিন্তু অলপসময়ৰ বাবেও নিচাত থকাৰ বাবে কথাবোৰ মনলৈ আহি তাক অশান্তি কৰাৰ পৰা বিৰত থাকে৷ এইকেইদিন সমীৰে ৰাতি ৰাতি মদৰ বটলটোৱেই তাৰ জীৱন সংগী কৰি তুলিছে৷দিনটো অফিচত কামৰ ব্যস্ততাৰ মাজতেই কটাই দিয়ে তাৰ পাছত ঘৰলৈ আহি নিজৰ সৈতে ব্যস্ত হৈ পৰে মদৰ বটলটোক সাৰথি কৰি৷বৰ্ষাই কথাখিনি মাত্ৰ মন কৰি গৈছে৷ভয়তে একো ক’বও পৰা নাই সমীৰক তথাপিও এইদৰে তাক অশান্তিত ভোগা দেখি তাইৰ মনটোও কোচ খাই পৰিছে৷কোনোবাখিনিত নিজকেই দুখী সাজিছে৷তাই যদি মায়াৰ কথাখিনি নোলোকোৱাই সমীৰক সকলোবোৰ জনাই দিলে হয় তেনেহ’লে সমীৰে আজি এক সুস্থিৰ জীৱন কটালে হয় ৷কিন্তু কওঁ বুলি ভাবিলেও নিজৰ কাৰণে নহ’লেও নিবিড় আৰু ছায়াৰ কথা ভাবি ৰৈ যায়৷কথাবোৰ মনতে যুকিয়াই চায় তাই বাৰু ভুল কৰিবলৈ ওলাইছে নেকি?এইকেইদিন বেমাৰ হোৱা বুলি জানি শাহুৱেকেও ঘনাই ফোন কৰি খবৰ খাটি লৈ আছে কিন্তু তাইহে মনৰ অশান্তিত তেখেতৰ সৈতে খোলাকৈ কথা পাতিব পৰা নাই৷ইমানবোৰ কথা লুকুৱাই তাইৰ পেটটো ভৰি আছে তাতে তাই সুখী হোৱাৰ মিচা অভিনয় কৰি থাকিবলৈ বৰ কষ্ট পাইছে৷ইমান সাদৰী শাহুৱেকজনীক প্ৰতিকথাই সুধি সুধি কৰাৰ বিপৰীতে এতিয়া ইমান ডাঙৰ ডাঙৰ কথা লুকুৱাই ৰাখিছে যে তাইৰ মনটোৱে যেন অলপো মনাই নাই৷সমীৰৰ মুখৰ আগলৈয়ো ওলাবলৈ লাজ লগা হ’ল,যেতিয়াই সমীৰৰ নিস্তেজ মুখখন দেখে তাইৰ নিজকে দুখী বুলি প্ৰতিয়ন দিয়াৰ পৰা বাচি যাব নোৱাৰে৷কথাবোৰ ভাবি থকাৰ পৰা কিনো মন গ’ল ঘপহকৈ আহি সমীৰৰ কাষ পালেহি৷কোনো কথাৰ অৱতাৰণা নকৰাকৈ সমীৰৰ হাতৰ পৰা মদৰ বটলটো টানি লৈ সাফৰখন মাৰি দিলে৷সমীৰে আচৰিত হৈ তাইলৈ চোৱা দেখি তাই ক’লে " হ’ব আৰু আজিলৈ বহুত হ’ল৷এতিয়া শুব হ’ল " ভয়ে ভয়ে কথাকেইষাৰ কৈ তাই ল’ৰমাৰি যোৱাদি বিচনাত পৰিলগৈ৷সমীৰেও একো নক’লে,একান্ত বাধ্য ছাত্ৰৰ দৰে তাইৰ পাছে পাছে গৈ বিচনাত বাগৰ দিলেগৈ৷বহুৰাতিলৈ বৰ্ষাই বিচনাত চটফটাই থকাৰ পাছতো টোপনি নাহিল,সমীৰলৈ চালে সি টোপনিত লালকাল৷তাৰ গাৰ পৰা ওলোৱা মদৰ ভেকেটাভেকেট গোন্ধই তাইক অশান্তি কৰিছে৷সমীৰে কিয় এইদৰে মদ খাবলৈ লৈছে তাই নুবুজাকৈ থকা নাই৷সেইবুলিয়েই কেনেকৈনো মায়াক তাৰ জীৱনত ঘুৰাই দিব?মায়াক তাৰ জীৱনলৈ ঘুৰাই আনিলে তাইৰ জীৱনৰ অস্তিত্ব হেৰুৱাটো দুৰৰে কথা,ইমান মৰম আদৰ সাদৰ কৰা শাহুৱেক গৰাকীয়ে তাইক প্ৰশ্ন নকৰিবনে কিয় তাই থাকোঁতে আন কাৰোবাক সমীৰৰ জীৱনলৈ আহিবলৈ তাই বাট এৰি দিলে,কিয় চেষ্টা কৰি নাচালে৷সেই প্ৰশ্নৰ উত্তৰ তাই কি বুলি দিব?মায়াক সমীৰৰ হাতত গটাই দিয়াৰ পাছত নিবিড়ক কি বুলি উত্তৰ দিব?অকশৰীয়া মাকজনীৰ কাষলৈ পুনৰ কেনেকৈ ঘুৰি যাব,মাকক কি বুলি ক’ব তাই সমীৰৰ পৰা আতৰি অহাৰ কাৰণ?যদি মায়াক ঘুৰাই আনে তেনেহ’লে সচাকৈ ছায়াৰ জীৱনলৈয়ো পুৰনা দুখবোৰৰ বাট খুলি দিব নেকি? "উফ পাগল হৈ যাব মই " বুলি চুলিখিনত খামুচি ধৰি চিঞৰি উঠিল তাই৷মনৰ অস্থিৰতাবোৰত একেখন বিচনাতে সমীৰৰ সৈতে একেলগে শুই থাকিবলৈ ধৈৰ্য্য হেৰাই গ’ল৷নোৱাৰে তাই ইমানবোৰ মানুহৰ সৈতে অন্যায় কৰিবলৈ,নোৱাৰে তাই৷সমীৰৰ জীৱনৰ পৰা মায়াক উফৰাই পেলাবই লাগিব৷লাগিলে সমগ্ৰ জীৱন সমীৰৰ প্ৰেমবিহীনতাত দাসী হৈয়ে কটাই দিব কিন্তু মায়াক উভটি আহিবলৈ দিব নোৱাৰে৷ কথাবোৰে ভাবি মুৰটো কামুৰি গ’ল তাইৰ৷বেলকনিৰ ফালে ওলাই আহিলে৷বাহিৰত চিপ চিপ বৰষুণ পৰিছে,সেই বৰষুণজাকক তিতিয়েই দুখবোৰ ধুৱাই নিব খুজিছে৷এনেকৈ থাকোঁতে থাকোঁতে কেতিয়ানো ৰাতিপুৱালে তাই ক’বই নোৱাৰিলে৷তাই বেলকনিৰ চকীখনতে টোপনি গ’ল৷ সমীৰে আজি অন্য দিনাতকৈ অলপ সোনকালেই সাৰ পালে৷ঘড়ীটোলৈ চালে চাৰিটা বাজিছে,কিন্তু ইমান ৰাতিপুৱাই বৰ্ষাক বিচনাত নাপাই ক’ত যাব পাৰে বুলি গোটেই ৰুমটোতে এবাৰ চাই পঠিয়ালে৷যোৱা ৰাতিৰ মদৰ নিচাত মুৰটোও কামুৰি আছে৷নেমুপানী এগিলাছৰ বাবেই বৰ্ষাক মাত লগালে কিন্তু বৰ্ষাৰ কোনো উত্তৰ নাপালে৷বুকুখন ধপধপাই উঠিল,ইমান ৰাতিপুৱাই ক’ত যাব পাৰে বুলিয়েই পাকঘৰ বাথৰুম সকলোতে চাইয়ো ক’তো নাপাই বেলকনিৰ ফালেই আগুৱাই আহিলে৷বৰ্ষাই বেলকনিৰ চকীখনতেই কুচিমুচি যেনেতেনে শুই আছে৷বৰ্ষাক এইদৰে দেখি সমীৰে তাইক মাত লগালে৷কিন্তু অলপো সাৰসুৰ নোহোৱাকৈ শুই আছে তাই৷পুনৰ তাইৰ কেনেবাকৈ গা বেয়া লাগিল নেকি বুলি কপালত হাতখন লগাই চালে৷গোটেই মানুহজনী বৰফৰ দৰে চেচাঁ পৰি আছে,ভৰি হাত সকলোবোৰ শিল যেন চেচাঁ পৰি আছে তাইৰ৷অজান ভয়ভাৱে তাক থেলি আনিলে,বৰ্ষাক কোলাত তুলি বিচনালৈ আনি শুৱাই দি মুখখনত থপথপাই মাত লগালে " বৰ্ষা ,হেয় বৰ্ষা কি হ’ল,তুমি শুনিচানে ?" এঙামুৰি এটা দি সৰু ছোৱালীৰ দৰেই বৰ্ষাই ক’লে "মোৰ টোপনি ধৰিছে শুৱলৈ দিয়াক " তাইৰ উত্তৰ দিয়াত সমীৰৰ ভয়বোৰ দুৰ হ’ল যদিও গাটো শিলৰ দৰে ঠাণ্ডা যেতিয়া ৰাতিটো তাই বাহিৰতে থাকিলে বুলি খঙ উঠি আহিল৷বেমাৰৰ পৰা উঠা বেছিদিন হোৱাই নাই পুনৰ এইদৰে বাহিৰত থাকিবলৈ কিহে পালে তাইৰ৷মনতে কথাবোৰ ভাবি লৈ এইবাৰ একেবাৰে ধমক এটা দিয়েই ক’লে "কিহে পাইছিল হা’ ৰাতিখন বাহিৰত শুই থাকিবলৈ " অস্পষ্ট মাতেৰে বৰ্ষাই ক’লে "ভিতৰত টোপনি অহা নাছিল " সমীৰে একে উশাহতে কেইবাটাও প্ৰশ্ন সুধি পেলালে "টোপনি অহা নাছিল মানে কি হৈছে তোমাৰ,সকলো থিকেই আছেনে ,মেডিচিন বোৰ টাইম মতে লৈছাটো?" বৰ্ষাই টোপনিৰ ভমকত নভবা নিচিন্তাকৈয়ে কৈ দিলে " শৰীৰৰ অসুস্থতাৰ বাবে দৰব খালেই ভাল পাম বাৰু কিন্তু মনৰ অসুস্থতাবোৰ কি হ’ব ?" বৰ্ষাৰ পৰা এনেধৰণৰ উত্তৰ সমীৰে কাহানিও সপোনতো কামনা কৰা নাছিল আৰু বৰ্ষাই এইদৰে ক’ব পাৰিব যে তাৰ আগত সেইয়া হয়তো সি ভবাই নাছিল৷আৰু একো সুধিবলৈ সাহস নহ’ল তাৰ৷তাইৰ কাষৰ পৰা আতৰি আহিলে৷ড্ৰিংকচ কৰিলে তাৰ মুৰটো এনেই বিষাই থাকে কিন্তু এতিয়া যে বিষত ফাটি চিটি যোৱা যেন অনুভৱ কৰিছে৷নেমুপানী এগিলাচ কাঢ়াকৈ চেপি খাই ল’লে৷বৰ্ষাই কোৱা কথাকেইষাৰে তাক এতিয়াও আমনি কৰিয়েই আছে৷তাৰমানে বৰ্ষাই তাৰ সৈতে থাকি এতিয়া অশান্তিত ভুগিছে সেইটোকে বুজাবলৈ বিচৰা নাই জানো?বৰ্ষাৰ সৈতে যি হৈছে তাৰ বাবে দায়ী সিয়েই নহয় জানো? বৰ্ষাৰ উত্তৰৰ প্ৰতুত্তৰ ভালদৰে এসেকা দিম বুলি ভাবি দপদপাই ৰুমলৈ সোমাই আহিল৷বৰ মৰমলগাকৈ শুই আছে তাই,সংসাৰৰ সকলো দুখ কষ্টৰ পৰা আতৰত যেন এক গভীৰ টোপনি মাৰিছে৷দীঘলীয়া উশাহ এটা এৰি সিনো বৰ্ষাক কি বুলি ক’ব মনতেই এবাৰ যুকিয়াই চালে কিন্তু তাইক কিবা এষাৰ কোৱাৰ আগত তালৈয়ে বহুত প্ৰশ্নই আঙুলি টোৱাই থন ধৰি উঠিলে৷ সি বৰ্ষাক বিয়া পাতি জানো ভুল কৰা নাই ,তাইৰ গাতটো কোনো দুখ নাই৷তাইক যদি সি বিয়াৰ আগতেই খুলাখুলিকৈ মায়াৰ কথাবোৰ ক’লে হয় তেনেহ’লে তাই হয়টো বিয়াত বহিবলৈ কাহানিও সন্মতি নিদিলে হয়৷তাই নালাগে আন কোনো ছোৱালীয়েই সন্মতি নিদিলে হয়৷আৰু তাইৰ অজ্ঞাতে বিয়া পতাৰ পাছত যেতিয়া আন নাৰীৰ বাবে গিৰিয়েকে অপেক্ষাত আছে বুলি জানে তেনেহ’লে আন ছোৱালী হোৱা হ’লে ইমান হাৰাশাস্তি লৈ ইমান দিন তাৰ লগত নাথাকিলেই হয়৷কিন্তু বৰ্ষাই যে সকলো নিৰৱে সহ্য কৰি তাৰ কোনো কথাতেই কোনোধৰণৰ বাধা নিদিয়াকৈ মনে মনে সকলো সহ্য কৰি গৈছে সেয়া জানো সৰু কথা৷যিমান হ’লেও তাইয়ো এজনী তেজ মঙহৰ মানুহহে,সদায়নো কিমান সহ্য কৰিব একেখিনিকেই? নাই সি তাইক মৰম দিব নোৱাৰিলেও কোনো কথাতে হাৰাশাস্তি কৰি এটুকুৰা শিল বনাই মৃত্যুৰ মুখলৈ থেলি দিব নোৱাৰে৷ সি পত্নীৰ মৰ্যাদা নিদিলেও জানো ,তাৰ অৰ্ধাংগিনী হিচাপে থাকি তাইৰ খঙ উঠাৰ জানো অধিকাৰ নাই? চিলমিলকৈ অহা ধুনীয়া টোপনিটো ভাগিল তাইৰ৷চকু দুটা মেলিয়েই সমীৰক সন্মুখত দেখি চক খাই উঠিল৷সমীৰক টানকৈ কোৱা কথাষাৰ তাই এতিয়াও সপোন বুলিয়েই ভাবি আছে৷ৰাতি যে বাহিৰতে টোপনি গ’ল সেই কথাও মনত নাই তাইৰ৷ভয়ে ভয়ে সমীৰলৈ চাই সুধিলে " কিবা লাগিছিল আপোনাক?" তাইৰ মাতত থতমত খাই "একো নাই " বুলি কৈ সমীৰে আতৰি গ’ল সেই খিনিৰ পৰা৷বৰ্ষাইয়ো উঠি গা পা ধুই সমীৰলৈ ব্ৰেকফাষ্ট আৰু টিফিন বনাই ৰেডি কৰি তাক মাত লগালে৷ল’ৰালৰিকৈ দুটুকুৰামান ৰুটি খাইয়ে ওলাই গ’ল সি৷এসপ্তাহ বেমাৰ বুলিয়েই ঘৰৰ কোনো কাম বনতেই মন নবহিল তাইৰ৷আচলতে শৰীৰৰ বেমাৰ নে মানৰ বেমাৰত দুৰ্বল হৈছে তাই নিজেও নাজানে৷তথাপি আজি মনটো অলপ সতেজ অনুভৱ কৰিছে,কাৰণ আজি নিবিড়ে ছায়াৰ লৈ দুপৰীয়া ভাত খোৱাকৈ আহিব৷কিমান যে মনটোত ফূৰ্তি লাগিছে তাইৰ৷সেয়ে ল’ৰালৰিকৈ সকলোবোৰ কাম কৰি আজৰি হৈ ল’লে৷বহুদিন বেমাৰ বুলিয়েই চিনুৰ প্ৰতিপাল ভালদৰে ল’ব পৰা নাই কিন্তু এইকেইদিনতেই সি বৰটো হৈছে৷বৰ্ষাই তাৰ খোৱা বোৱা বোৰৰ খিয়াল নাৰাখিলেও সমীৰে কিবাকিবি ড’গ ফুড আনি দিছে৷তাৰ উপৰিও চিনুৰ বাবে নতুনকৈ ঘৰ এটা আনি দিলে৷এতিয়া আৰু চিনুৱে বাকচত থাকিব নালাগে৷নতুন ঘৰ পাই চিনুৰো যে কি ফূৰ্তি,তাৰ পৰা ওলাবলৈয়ে নোখোজে৷কিন্তু যি হ’লেও আজি তাৰ ঘৰটোও চাফা কৰি তাক গাটো ধুৱাব লাগিব৷সেইবুলিয়েই চিনুক আনিবলৈ গৈছিলহে কলিংবেলটো বাজিলেই৷ৰাতিপুৱা এঘাৰ বজাতেই বা কোন ওলালহি বুলি দৰ্জাখন খুলি দিলেগৈ৷দুৱাৰমুখত নীলা দীঘল হাতৰ চুৰিদাৰ পৰিহিত এজনী দিপলিপ ওখপাখ ছোৱালী৷কোন হয় চিনি নোপোৱাত অসমীয়াতেই সুধিব নে হিন্দীতেই সুধিব ভাবি থাকোঁতেই ছোৱালীজনীয়ে তাইক সাবটি ধৰিলে আৰু ক’লে "বৰ্ষা বৌ" বৌ বুলি কোৱাত যিহেতু আজিলৈ ছায়াক দেখা নাই সেয়ে ছায়া বুলিয়েই চিধাই মনলৈ আহিলে কিন্তু ছায়াইটো ঘৰ চিনি নাপায় আৰু নিবিড় লগত থাকিলে হয় তেনেহ’লে এইগৰাকী বা কোন৷তথাপিও বৌ বুলি মাতিছে যেতিয়া অলপ হতবাক নোহোৱা নহয় ,সেয়েই ক্ষীণ মাতেৰে তাইয়ো সুধিলে "কোননো মই চিনি পোৱা নাই " বৰ্ষাৰ হাতত গিফ্টৰ পেকেট এটা আগবঢ়াই দি নিবিড়ে ক’লে "এতিয়া?" বৰ্ষাই মনতে ভাবি থকাটোৱেই হোৱাত আনন্দতেই উৎফুল্লিত কণ্ঠৰে ক’লে "আৰে তোমালোক,আহা আহা ভিতৰলৈ আহা৷মোৰ মনত থিকেই সন্দেহ হৈছিল ছায়াই হ’ব পাৰে বুলি কিন্তু নিবিড়ক নেদেখিহে কোন হয় ভাবিবলৈ বাধ্য হৈছিলোঁ ৷" মিহি মাতেৰে ছায়াই ক’লে " বৌ মোক নিবিড়ে ক’লে আকৌ এনেকুৱা কৰিবলৈ,এইটো যে মানুহক ভয় খুৱাবলৈ বৰ ভাল পায়৷সেয়ে মোক লগাই দিছে দেখিচানে?" বৰ্ষাই হাঁহি এটা মাৰি সিহঁতক বহিবলৈ দি কথাবতৰা পতাত লাগিল৷আচলতে সিহঁতি একমান বজাতহে অহাৰ কথা আছিল কিন্তু বিশেষ কাম এটা থকাৰ বাবেই সোনকালে গুচি আহিল৷বৰ্ষাই যিহেতু দেৰিকৈ আহিব বুলি ভাবিছিল সেয়ে লাহে ধিৰে কামবোৰ কৰি আছিল৷সোনকালে অহাত একো বনোৱাও নহ’ল সেইটোক লৈয়ে দুখ কৰি আছে তাকে দেখি নিবিড়ে আজি খানা মই বনাম বুলিয়েই আগবাঢ়ি গ’ল আৰু সিহঁত দুজনীক কথা পাতিবলৈ লগ এৰা দিলে৷বৰ্ষাই নিবিড়ে বনোৱাতো একদমেই বিচৰা নাছিল কিন্তু ছায়াই হে ক’লে " আমাৰ এইজন বনোৱাত উস্তাদ,পাকঘৰ এৰি দিয়া বৌ৷কেতিয়াবা জানানে বনোৱাক লৈ আমাৰ দুটাৰ মাজত কাজিয়া হৈ যায়৷" বৰ্ষাই চকুকেইটা বহলাই সুধিলে "বনোৱাক লৈ কাজিয়া ?" ছায়াই হাঁহি এটা মাৰি ক’লে " মোৰ এবাৰ গা বেয়া হওঁতে বৰ একেবাৰে বনাবলৈ শিকিলে ইউটিউবত চাই এতিয়া পাকঘৰ এৰি দিবই নুখুজে ৷" নিবিড়েও পাকঘৰৰ পৰা উফৰি অহাদি সিহঁতৰ সৈতে ধেমালি কৰিলে " কি বদনাম গাইছা,মই হ’লে এলাপেচা কুক নহয় দেই,আৰু বৌ তুমিয়েই কোৱাচোন নিজৰ হাতৰ কিমান খাই থাকিবা এদিন বেলেগৰ হাতৰো ট্ৰাই কৰিব লাগে নহয়নে" বৰ্ষাই হাঁহি এটা মাৰি সিহঁতৰ কথাত সহাৰি জনালে৷তাৰপাছতে দুইজনীয়েই বিভিন্ন কথা বতৰা পতাত লাগিল৷বহুদিনৰ পুৰণি বান্ধৱীৰ দৰেই দুয়োজনী মিলি পৰিল৷সিহঁতক এইদৰে কথাৰ মহলা মৰাত নিবিড়ে মাজে মাজে কমেণ্ট পাছ কৰি গ’লহি "দুয়োজনীয়ে এই বালকক পাহৰি নাযাবা বুলি" হাঁহি ফূৰ্তিৰেই দিনটো পাৰ হ’ল৷আজিৰ সমান বৰ্ষাই কাহানিও হহাঁই নাই৷আচলতে হাঁহিবলগীয়া কাৰণো নাই ,কিন্তু ছায়া আৰু নিবিড়ে আজি তাইৰ মনৰ পৰা অকলশৰীয়া ভাবটো আতৰাই পূৰ্ণতাত প্ৰাপ্তিৰে ভৰাই তুলিলে৷ছায়াই নিজ হাতেৰে কৰা বৰ ধুনীয়া ৰঙবিৰঙৰ ফুলেৰে ভৰা দুপাত্তা এখন আৰু পাতল ৰঙৰ শাৰী এখন বৰ্ষাক গিফ্ট হিচাপে দিছিল৷কিন্তু গিফ্ট দিব পৰাকৈ বৰ্ষাই ছায়াৰ বাবে একোৱেই আনি থোৱা নাছিল আচলতে সমীৰক ছায়াৰ কথা নজনোৱাৰ বাবে তাইৰ হাততো গিফ্ট দিবৰ জোখাৰে পইচাই নাছিল৷কিন্তু সিহঁতৰ সম্পৰ্কটো ঘৰত জনাই বিয়াখন সোনকালেই পাতি দিম বুলি কোৱা কথাষাৰেই সিহঁতহালক মৰমেৰে উপচাই তুলিলে৷আবেলি পাচঁমান বজাত সিহঁতিও যাবলৈ ওলাল সিহঁতক গেটলৈকে আগবঢ়াই তাইয়ো অলপ সময় গুপ্তা আন্টিৰ ঘৰলৈ আহিল ৷যিহেতু বেমাৰ বুলিয়েই তেওঁলোকৰ কোনোধৰণৰ খা খবৰ ল’ব পৰা নাছিল সেয়ে আজিয়েই তাইৰ বাবে কৰা সহায়বোৰৰ বাবে ধন্যবাদ এটা দি যাব বুলিয়েই তেখেতৰ কাষ পালেহি৷বহুসময় কথাবতৰা পতাৰ পাছত তাইলৈ আননউন নম্বৰ এটাৰ পৰা ফোন আহিল৷হাঁহিমুখেৰেই ফোনটো ৰিচিভ কৰিছিল কিন্তু ফোনৰ সিপাৰৰ পৰা ভাহি অাহিল মাকৰ গুৰুত্বৰ ভাৱে এক্সিডেণ্ট হোৱাৰ খবৰটো৷কথাকেইষাৰ শুনাৰ পাছত কিমান কি হ’ল জানিবলৈ বা সুধিবলৈ নহ’লেই থৰথৰকৈ কঁপিবলৈ ধৰিলে৷ তাইৰ হাতৰ পৰাও ফোনটো সৰি পৰিল৷চকুৰ আগতেই ঘোৰ অন্ধকাৰে চানি ধৰিলেহি৷যথৰ হৈ একেঠাইতে ৰৈ থকাৰ পাছত চিঞৰি চিঞৰি"মা" মা"বুলি কৈ কান্দিবলৈ ধৰিলে৷তাইৰ কাতৰ চিঞৰ কেইটাত গুপ্তা আন্টিয়ে যিমান পাৰে তাইক বুজাবলৈ চেষ্টা কৰিছে কিন্তু তাই এইমুহূৰ্তত যেন কোনো কথা শুনিবলৈয়ে প্ৰস্তুত নহয়৷কান্দি কান্দি এটাসময়ত ভাগৰি ক’ব নোৱাৰা হৈ পৰি গ’ল৷(আগলৈ)

Sunday, June 28, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৬০ সমাপ্ত) ___________________________ ৰাতিয়ে দিনটো ৰুমতে সোমাই থাকিলে,চকুৰ আগতে তাই ইমানদিনৰ পৰা দেখি থকা সপোনবোৰ যেন আজি চাৰষাৰ হৈ গ’ল৷চকুলোৱে বাট নেদেখা হ’ল৷তাই বিশ্বাসেই কৰিব পৰা নাই যে এদিন এনেকৈ অনুজে তাইক ব্ৰেকআপ দিব৷সেই অনুজ যি জীৱনে মৰণে একেলগে থকাৰ শপত খাইছিল সি আজি সন্দেহত ডুব গৈ তাইক এলাগী কৰিলে৷তাইৰ প্ৰথম ভুল আছিল যে অনুজে তাই আকৌ পলক সহায় কৰা কথাবোৰ গম পালে খং কৰিব বুলি তাৰ আগত মিছা কথা কৈছিল দ্বিতীয় ভুল এইটো আছিল যে পুৰনি সেইকথাবোৰ লুকুৱাবলৈ পুনৰ মিছা কথা কৈছিল৷কিন্তু যেতিয়া সচাঁ কথাবোৰ ক’ব খুজিছিল সি শুনিবই নুখুজিলে৷মনৰ দুখতে দুই তিনদিনলৈ ৰাশিয়ে ৰুমৰ পৰা ওলাইয়ে নাহিলে,ইমানৰ পাছতো ক’ৰবাত এটা আশাৰ চাকি জ্বলি আছিলে৷সেয়ে তাই এবাৰ হ’লেও এই কথাবোৰ অনুজক ক’বলৈ খুজিলে৷বুকুত বহুত সাহস বান্ধি কথাখিনি ক’বলৈ অনুজৰ ওচৰলৈ গ’ল কিন্তু অনুজে তাইৰ কোনো কথাই নুশুনো বুলি কৈ " তোৰ কাৰণে জোনাকী সংঘৰ ওচৰতে ৰুম এটা চাই থৈ আহিছো,তাৰ পৰা কলেজলৈ অহা যোৱা কৰিবলৈ সুবিধা হ’ব৷মায়ে আগতকৈ যথেষ্ট ভাল পাইছে আৰু চোৱাচিতা কৰিবলৈ মিনু আন্টি আছেই৷তই ইয়াৰ পৰা যাব পাৰ ,thanks for everything"বুলি ক’লে৷ৰাশিৰ বহুত খং উঠিলে৷সেয়ে এইখন ঘৰত নাথাকো বুলিয়েই কাপোৰ কানি পেক কৰিলে৷অনুজে ক’লে বুলিয়েই দুমাহৰ বাবে তাই যদি অন্য ক’ৰবাত থাকে তেনেহ’লে ঘৰৰ মানুহক কি বুলি ক’ব,আন নালাগে শেৱালি আন্টিক কিয় যায় তাৰ কাৰণ কি দিব৷মুঠৰ ওপৰত একোকে ভাবি পোৱা নাই৷সেয়ে খংতে ঘৰৰ পৰা ওলাই গ’ল,বহুদিনৰ অন্তত বক্সিং ক্লাছলৈ আহিছে৷নেখেলোঁ বুলিয়েই ভাবিছিল তথাপি আজি খংৰ প্ৰকোপত আহি বক্সিং ক্লাছৰ দুৱাৰদলিত ভৰি দিলেহি৷অফিচত coach জন বহি আছে তেওঁকেই পোনেই গৈ পুনৰ বক্সিং খেলাৰ কথাটো ক’লে৷ৰাশিৰ মুখত এইষাৰ কথা শুনি তেওঁ খুউব ভাল পালে ৷সেয়ে সুধিলে :"কেতিয়াৰ পৰা জইন কৰিবা" :"আজিৰ পৰা,যদি বেয়া নাপায় মই এতিয়াই অলপ সময় প্ৰেকট্ৰিছ কৰিব খুজোঁ" :"ofcouse এইবোৰ তোমালোকৰ কাৰণেই আছে,যদি তুমি continue কৰা তেন্তে তোমাৰ কাৰণে এটা অফাৰ আছে৷" :"কেনেকুৱা অফাৰ?" :"ছেপ্তেম্বৰত inter district tournament এখন হ’ব ,তাত জইন কৰিব পাৰিবা কিন্তু তৰৰ কাৰণে বহুত কষ্ট কৰিব লাগিব এতিয়াৰ পৰাই আৰু এইদৰে মাজতে এৰি আকৌ গুচি যাব নোৱাৰিবা৷তুমিটো জানাই ইমানখিনিলৈ আহিবলৈয়ো কিমান কষ্ট আৰু সাধনাৰ প্ৰয়োজন৷সেয়ে বেছি নকওঁ i hope you got it.'' অফিচৰ পৰা ওলাই আহি বহুদিনৰ মুৰত ক্লাছৰুমটোৰ আশেপাশে চাই তাই ব্যৱহাৰ কৰা ল’কাৰটোৰ পৰা গ্ল’বছযোৰ উলিয়াই পিন্ধি ল’লে আৰু তাইৰ সমষ্ট খং সেই punching bagটোতে উলিয়াই দিলে৷প্ৰায় দুইঘন্টামান পগলাৰ দৰে কোবাই ভাগৰোৱা হৈ পৰাত সেইখিনিতেই বহি লৈ চেপি চেপি বহু সময় কান্দিলে৷তাৰ পাছত অনুজহঁতৰ ঘৰত নাথাকোঁ বুলিয়েই অল্ড হোষ্টেলত ৰুম এটা বিচাৰি গ’ল৷বহুত ৰিকুৱেষ্ট কৰাৰ পাছত ৱাৰ্ডেনে বাকীথকা দিনকেইটা হোষ্টেলতে থাকিবলৈ পাৰমিশ্বন দিলে৷প্ৰায় আবেলিপৰত ঘৰলৈ আহি নিজৰ প্ৰয়োজনীয় দুই এপদ বস্তু বান্ধি ল’লে আৰু অনুজক ক’লেগৈ :"মই নিজৰ ৰুম নিজে থিক কৰিলোঁ,thankyou ইমান দিন থাকিবলৈ দিয়াৰ কাৰণে৷"অনুজে তাইক যাবলৈ বাধাদিব বুলি আগ্ৰহেৰে তাৰ ফালে চাই আছিল কিন্তু সি ক’লে"এইটো সময়ত যোৱাতকৈ কাইলৈ ৰাতিপুৱা যাবিগৈ"৷ৰাশিয়ে অবাক লাগি তাৰফালে চাই ৰ’ল,কিন্তু সি এবাৰো তাইৰ ফালে মুৰ নকৰিলে৷হয়তো অনুজে জানিছিল যদি সি এবাৰ তাইৰফালে চাই তেন্তে নিজকে ৰখাব নোৱাৰিব৷বহুত ভালপায় সেয়ে অভিমান কৰাত অলপো কৃপনালি নকৰে তথাপি ইমান ডাঙৰ ভুল কৰা পাছত ৰাশিক কেনেকৈ মাফ কৰে৷ভালপোৱাৰ বিনিময়ত মাফ কৰিলেও যে আপোনত্ববোৰ ক’ৰবাত হেৰাই যাব৷ পোৱা নোপোৱাৰ দুমুজাত তাৰ অন্তৰেও দিনে ৰাতিয়ে ৰাশিৰ বাবে কান্দিছে,তাইক বিচাৰিছে কিন্তু সি নোৱাৰে এতিয়া কোনোপধ্যেই তাইৰ সুখবোৰ বুটলিব৷ ৰাশিয়ে শেৱালি আন্টিক কেইদিনমানলৈ বক্সিং খেল এখনৰ বাবে যাব লগা হ’ল বুলি কৈ বুজাবনোৱাৰা দুখবোৰ সামৰি ওলাই আহিল হোষ্টেললৈ৷সচাকৈয়ে অনুজক সদায় কাৰণে হেৰুৱাই পেলোৱাৰ দুখটোৱে তাইক খুলি খুলি খাইছে৷এইদৰে সময়বোৰ পাৰ হ’ল৷তাই পগলাৰ দৰে খোৱা বোৱা বাদ দি মাত্ৰ খেলৰ প্ৰেক্টিছতেই ব্যস্ত থাকিবলৈ ল’লে৷এদিন হঠাৎ প্ৰেক্টিছ কৰি থাকোঁতে মুৰ ঘুৰাই সৰি পৰিলে৷তাৰ পাছত সকলোৱে মিলি তাইৰ মুৰত পানী দি মেলি থিক কৰিলে৷ডক্টৰৰ ওচৰলৈয়ো নিবলৈ খুজিছিল কিন্তু তাইহে যাবলৈ অমান্তি হ’ল৷সেইদিনাই ৰাতিলৈ হোষ্টেলত তাইৰ অৱস্থা প্ৰায় ভয়ংকৰ হ’বলৈ ধৰিলে৷জ্বৰে লগ নেৰা হ’ল তাৰ উপৰি বমি নোৰোৱা হ’ল,বুকুৰ বিষ, গা বিষত তাই যেন পেকুৱা লাগিল৷ততাতৈয়াকৈ তাইক ৰাতিয়েই JMCHত এডমিট কৰিব লগাত পৰিল৷লোকেল গাৰ্জেন হিচাপে শেৱালি আন্টিৰ নম্বৰ দি থোৱা হৈছিল সেয়ে ৰাতিপুৱা তেওঁলৈয়ো খবৰ দিয়া হ’ল৷তেওঁ কথাখিনি ভালদৰে বুজি নাপায় য’ত খেলিব গৈছিল তাতেই কিবা হোৱা বুলি ভাবিলে৷সেয়ে কথাবোৰ অনুজক ক’লেগৈ৷সি যিদৰে আছিল তেনেকৈয়ে দৌৰাদৌৰি কৰি মেডিকেল পালেগৈ৷ৰাশিৰ সন্মুখলৈ যাবলৈ সাহস গোটাব পৰা নাই সেয়ে ৰাশিথকা ৰুমটোৰ বাহিৰৰ পৰাই তাইক চাই চকুলো তুকিলে আৰু তাৰ পৰা গুচি আহিলে৷নোৱাৰে সি ৰাশিক এনেকৈ চাই থাকিব ৷তথাপি মনটোৱে নামানে বাবেই পুনৰ ঘুৰি গৈ ৰাশিৰ কাষ পালিগৈ৷অত্যন্ত দুৰ্বলতাৰ বাবে চেলাই দিব লগা হৈছে আৰু তাই শুই আছে তথাপি জ্বৰৰ ভমকত মাত্ৰ অনুজৰ নামহে লৈ আছে৷ৰাশিৰ লগত থকা লগৰ কেইজনীয়ে অনুজক কথাবোৰ কোৱাত কোনোবাখিনিত যেন তাৰ ঘন হ’ব ধৰা উশাহবোৰে গতি লৈছে৷ ৰাশিয়ে সাৰ পাই তাইৰ কাষত অনুজক দেখি মুখখন ফুলাই বেৰৰ ফালে মুৰ কৰিলে৷দুয়োটাই মৌন হৈ বহুসময় ৰুমটোত সোমাই থাকিল৷মৌনতাৰ দুৱাৰ খুলি অনুজেই সুধিলে :"অলপ ভাল পাইছনে?" :"হুম" :"কিবা খাবি নেকি?" :"নাখাওঁ" :"মই কিবাকিবি লৈ আহিছোঁ মন গ’লে খাই ল’বি" :"হুম" "মই যাওঁ তেতিয়াহ’লে,পইচা পাতিৰ দৰকাৰ হ’লে খবৰ দিবি" বুলি কৈ অনুজে ৰুমটোৰ পৰা ওলাই গ’ল৷শোকটোৱে বাৰেপতি খুন্দা মাৰি ধৰিছে বুকুৰ একোণত৷ভগাব নোৱাৰা এই দুখবোৰেই মানুহক খুলি খুলি খাই নাইকিয়া কৰি দিয়ে ৷ডক্টৰৰ লগত কথা পতাত চিন্তাৰ কোনো কাৰণ নাই বুলি ক’লে মাত্ৰ দুৰ্বলতাৰ বাবেহে এনেকুৱা হৈছে লগতে শৰীৰটো dehydrationত গুচি গ’ল সেয়ে এদিন ভৰ্ত্তি হৈ থাকিলেই ভালহ’ব বুলি ক’লে৷ৰাশিৰ বাবে প্ৰয়োজনীয় দৰব পাতিবোৰ কিনি ৰাশিৰ লগৰকেইজনীৰ হাততে দি সি ঘৰলৈ আহিল৷ঘৰত থাকিও তাৰ শান্তি লগা নাই ,খোৱা বোৱা কৰিব পৰা নাই সেয়ে পুনৰ ৰাশিৰ ওচৰ পালেগৈ৷তাইৰ লগৰ কেইজনীক পঠিয়াই সিয়েই ৰাতিটো তাইৰ লগত থাকিলে৷যোৰ কৰি কিবাকিবি এটাও খোৱালে৷ ৰাতিপুৱা ডিচাৰ্জ ল’বলৈ ফ্ৰম পুৰাবলৈ আহোঁতে ৰাশিৰ ফোনটো তাৰ লগতে আছিল আৰু তেতিয়াই পলে ফোন কৰিলে আৰু অনুজে তাৰ লগত কথাপতাৰ পাছত জানিব পাৰিলে যে সি অ’তদিনে ভাবি থকা কথাবোৰ ভুল আছিল৷সি ৰাশিক মিছাকৈয়ে সন্দেহ কৰিলে৷তথাপি কোনোবাখিনিত মনটোৱে মানিলেও মগজুৱে মানি ল’ব বিচৰা নাই৷সেয়ে ৰাশিৰ ওচৰ পালেগৈ আৰু ৰাশিৰ হাতত হাত থৈ সুধিলে :"তই মোক কিবা ক’ম বুলি কৈছিলি নহয়,আজি মই টোৰ সব কথা শুনিম কিন্তু এবাৰলৈ কৈ দে তই মোৰ বাদে কাকো ভাল নাপাওঁ বুলি৷" ৰাশিয়ে লুকুৱাই থোৱা চকুলোবোৰ টোপটোপকৈ বৈ আহিল,মুখৰ মাত যেন কোনোবাখিনিত হেৰাই গ’ল আৰু অনুজক সাবটি ধৰিলে৷তথাপিও অভিমান কৰি কৈ গ’ল"মই ইমান ক’বলৈ চেষ্টা কৰিলোঁ তই নুশুনিলিয়েই " :"ৰাশি নাকান্দিবি,ক’ কি হ’ল?" তাইৰ মুৰত হাত বুলাই ক’লে৷ :"তই গালি পাৰিবি বুলিহে লুকুৱাইছিলোঁ কথাবোৰ,তই মোক মনা কৰিছিলি যে পলৰ কথা বাদ দিবলৈ সেয়ে মই তোক তাক যদি help কৰিলো ক’লোহেতেন তেতিয়াহ’লে তই খং কৰিবি বুলিয়েই নক’লো৷তাৰ পাছত সেইটো লুকুৱাবলৈয়ে মই সিহঁতি যোৰহাট অহাৰ কথাটো নক’লো" :"তাৰমানে তই বেলেগ কাকো ভাল নাপাওঁ ন’হ মাত্ৰ এটা মিছা কথা লুকুৱাবলৈয়ে বাৰে বাৰে মিছা কথা কৈছিলি৷এবাৰো নাভাবিলে নে এইবোৰ যদি কেনেবাকৈ মই ওলোটাকৈ বুজো তেনেহ’লে কি হ’লহেঁতেন?" :"তোৰ ওপৰত বিশ্বাস আছিল নহ’ কিন্তু তই মোৰ বিশ্বাসেই ভাঙি পেলালি৷আমাৰ সম্বন্ধটো ইমান কেচাঁ আছিলনে?ইমান সহজে ভাঙি গ’ল৷" :"ভঙা নাই আৰু নাভাঙেও" :"তইয়েচোন ব্ৰেকআপ কৰি ঘৰৰ পৰাও উলিয়াই পঠাইছিলি,হুহ তোৰ মোৰ ওপৰত বিশ্বাস ইমানেই থুনুকা আছিলনে?আৰু তই মোক বেলেগৰ লগত সন্দেহ কৰিলি কেনেকৈ" খংতে তাৰ কলাৰটোত ধৰি তাক জুকাৰি দিলে৷ :"sorry মোৰ ভুল হৈ গ’ল,এবাৰ মাফ কৰি দে " :"নোৱাৰো যা!" সি তাইৰ আগত কাণত ধৰি উঠা বহা কৰিবলৈ ধৰিল তাকে দেখি ৰাশিয়ে খিলখিলাই হাহিঁ দিলে৷প্ৰেম ভালপোৱাৰ জীৱনত চলা প্ৰথমখন যুদ্ধ জয়ী কৰি সিহঁতি দুয়োটাই সুখী৷ডিচাৰ্জ লৈ অনুজে তাইক ঘৰলৈ লৈ আহিলে৷দৰৱতকৈয়ো মৰমে বেছি কাম কৰিলে সেয়ে খুউব সোনকালেই ভাল হৈ উঠিল৷দুদিনৰ পাছতে অনুজে পুনৰ ট্ৰেইনিংলৈ উভতিব সেয়ে যোৱাৰ আগত এবাৰ ৰাশিৰ লগত এটা সম্পূৰ্ণ দিন কটালে,সিহঁতৰ ভাললগা ঠাইবোৰ ফুৰিলে,ৰোমান্তিক মুভী চালেগৈ৷দিনটো একেলগে সময়বোৰ অতিবাহিত কৰি অনুজে সিহঁতৰ সম্বন্ধৰ কথাটো মাকক কোৱাৰ সিদ্ধান্ত ল’লে৷ "ৰাশি শুই উঠাই নাই নেকি জোৰোণ আহি পাবহিয়েই হ’ল" খুড়ীয়েকৰ মাতত সাৰ পাই গ’ল তাই ল’ৰাল’ৰিকৈ উঠি বিয়াৰ নিয়মবোৰত হাত দিলেগৈ৷পুৰনি স্মৃতিবোৰ ভাবি ভাবি কেতিয়ানো টোপনিগ’ল তাই গমেই নাপালে৷হয় আজি ৰাশি আৰু অনুজৰ বিয়া৷সুখদুখৰ মাজেৰে আঠবছৰ সম্পূৰ্ণ কৰি সিহঁতৰ সম্বন্ধটোক এটা নাম দিবলৈ ওলাইছে৷এই সম্পৰ্ক এতিয়া দুটি মনৰ নহৈ দুটি আত্মাৰ মিলন হ’ব৷বিয়াখনকলৈ সকলোৰে মনত উল্লাস আৰু আনন্দ৷ৰাশিয়ে পাৰ কৰা সময়খিনিত বহুত কষ্ট কৰিলে৷নেচনেলৰ সপোনটো পুৰ নহ’ল যদিও তাই আশা এৰি দিয়া নাই৷অসম আৰক্ষীৰ অধীনত Assistant police officerহিচাপে ৰাশিয়ে কৰ্মৰত লগতে অনুজৰো এটা ভাল নাম এটা ভাল ৰেংকত নাম আহিছে৷ (হোমৰ জুইক সাক্ষী কৰি আজি অনুজ আৰু ৰাশিৰ বিয়া হ’ব৷সিহঁতৰ যুগ্মজীৱন সুখীহোৱাৰ আপাহেৰে ইমানতে মোৰ এই উপন্যাসখনৰ সামৰণি কৰিছোঁ৷ আপোনালোকৰ মৰমবোৰৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ’ম,মোৰ প্ৰথমখন ধাৰাবাহিক/উপন্যাসৰ প্ৰথমটো প্ৰয়াসক আদৰি যি মৰম দিলে সদায় মনত ৰৈ যাব৷লিখোঁতে বহুখিনি ভুলক্ৰতে ৰৈ গৈছে,ভুলবোৰ শুদ্ধৰাই সঠিক দিশ দেখোৱাৰ বাবে ধন্যবাদ৷আপোনালোকৰ মৰম শুভাষাবোৰৰ সৈতে ইয়াতেই উপন্যাস খনিৰ অন্ত পৰিছে৷আশা কৰোঁ আগলৈয়ো এইদৰেই সহায় সহযোগিতা আগৱঢ়াই যেন৷ধন্যবাদেৰে 🙏দেৱাশ্ৰী বৰা❤️❤️)

Friday, June 26, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৯) _____________________ ৰাশিয়ে দৰ্জাখনত খুন্দা খাই কপালৰ কোণতে টেমুনা বান্ধিলে৷অনুজে লগালগ ফ্ৰীজৰ পৰা আইচ কেইটুকুৰামান আনি লগাই দিলে বিষ কম হোৱাৰ লগতে ফুলি নাযাবলৈ ৷ৰাতি ভাত পানী খাই সবেই নিজৰ নিজৰ ৰুমত সোমালে তেনেকুৱাতে ৰাশিলৈ পলৰ মাকে ফোন কৰি পাছদিনা আগবেলাতে যোৰহাট পোৱাৰ খবৰটো দিলে৷ৰাতিপুৱা সোনকালে উঠি কামবন কৰি আজৰি হৈ পলহঁতৰ বাবে ভাল হোটেল এখনৰ বন্দবস্ত কৰি দিব লাগিব সেয়ে সোনকালে শুৱাটোৱেই ভাল হ’ব বুলি ভাবিছিলহে তেনেকুৱাতে অনুজেও তাইক ব্যস্ত পাই বাৰে বাৰে ফোন লগাই আছিল সেয়ে পলৰ মাকৰ ক’লটো কাটিয়েই অনুজলৈ ক’ল কৰি অলপো নভবা নিচিনাকৈ লগালগ জীয়া ফাকি এটা দি দিলে দেতাৰ লগত কথা পাতি আছিলোঁ বুলি৷ৰাশিৰ দেউতাকে অলপ আগলৈকে অনুজৰ মাকৰ সৈতে কথা পাতি আছিল একেলগে ৰাশিৰ সৈতে কেনেকৈ কথা পাতিব পাৰে ভাবি অলপ সন্দেহ উপজিল তথাপিও মাকৰ সৈতে কথা পাতি হোৱাত তাইলৈ লগালে বুলি ভাবি একো নক’লে৷ৰাশিয়ে মুৰটো বিষাইছে শু বুলি কৈ ক’লটো নকটাকৈয়ে শুই থাকিলে৷ক’লটো লগাই থোৱাত হঠাৎ মনলৈ অহা সন্দেহটো ভুল বুলি ভাবি লৈ সিও শুই থাকিল৷ৰাতিপুৱা ৰাশিয়ে সোনকালে উঠি মিনু আন্টিৰ লগত সৰু সুৰা কামবনত অলপ সদায় কৰি হোৱাত প্ৰথমবাৰ অনুজলৈ নিজ হাতেৰে sandwich বনালে আৰু টমেট কেটচাপেৰে smily এটা বনাই note এখন প্লেটতে লগাই "finish it'বুলি লিখিলে৷ অনুজে ৰাতিপুৱাই নিজৰ ঠাইখন বহুদিনৰ মুৰত চাই আহোঁ বুলি এপাক ওলাই গৈছিল৷তাতে লগৰ দুটামানক লগ পাই ঘৰপোৱা দেৰিয়েই হ’ল৷ঘৰলৈ আহি ৰাশিৰ বিচাৰ কৰোতে তাইক নাপায় ব্ৰেকফাষ্টৰ টেবুলত ন’টখন আৰু স্মাইলী অকা sandwichটো পাই মনটো ভাল লাগি গ’ল৷ক’ত গ’ল জানিবলৈ তাইলৈ ক’ল কৰিলে কিন্তু ফোনটো unreachable বুলি কোৱাত তাই অহালৈ অপেক্ষা কৰিলে৷ৰাশিয়ে দুপৰীয়া সময়ত ঘৰ সোমাই ফ্ৰেছ হ’বলৈ পোৱাই নাই অনুজে প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰিলে" ক’ত গৈছিলি,ফোন কিয় অ’ফ আছিল,ক’ৰবাত যাব লগা আছিল যদি মোক কিয় লগ নধৰিলি,কলেজলৈ কিয় নগ’লি"মুঠৰ পিছত এটাৰ পাছত আন এটা প্ৰশ্ন৷কিন্তু তাই ভয়ে ভয়ে কি উত্তৰ দিব ভাবি নাপায় বেঙাৰ দৰে ৰৈ থাকিল৷উপায়বিহীন হৈ একো নাই কাম এটা আছিল সঠিক সময়ত তোক জনাম বুলি কৈ সেইখিনিৰ পৰা গুচি গ’ল৷অনুজৰ আকৌ তাইৰ ওপৰত সন্দেহ উপজিল তাই যেন তাৰ পৰা কিবা এটা লুকুৱাইছে৷সি জানিবলৈ বহুত বুদ্ধি সাজি তাইক সুধিছিল কিন্তু তাই তাক একোকে জানিবলৈ নিদিলে৷সেয়ে ৰাশিৰ মনৰ মাজত কি চলি আছে জানিবলৈ তাৰো জিজ্ঞাসা বাঢ়ি গ’ল৷ পলহঁত মাজুলী ফুৰিবলৈ যোৱাৰ কথা আছে,যিহেতু ৰাশিয়ে আজিলৈ মাজুলীলৈ গৈ পোৱা নাই সেয়ে তাইকো সিহঁতৰ লগতে যাবলৈ লগ ধৰিছে৷বেচেৰীয়ে না কৰিলে বেয়া পাব বুলিয়েই যাম বুলি কথা দিলে৷কিন্তু অনুজক কি ক’ব বুলি ভয় কৰিছে৷৷ৰাতিপুৱা ন’বজাৰ ফেৰীখনত সিহঁতি মাজুলীলৈ যোৱাৰ কথা সেয়ে ৰাতিপুৱাই সোনকালে উঠিয়ে তাই অনুজক তেল মাৰিবলৈ তাৰ ৰুমলৈয়ে ব্ৰেকফাষ্ট নি নিজৰ হাতেৰে তাক খুৱাই দিছে৷ ইটো সিটো কথাৰ মাজতে আজি লগৰ এজনীৰ বাৰ্থদেৰ কাৰণে সিহঁতৰ ঘৰলৈ ভাত খোৱাকে যাম বুলি ক’লে,ঘৰ ক’ত কি কথা সুধি অনুজে যাবলৈ অনুমতি দি সিও লগতে যোৱাৰ কথা ক’লে কিন্তু তাই তাক যাবলৈ নালাগে তাত মাত্ৰ ছোৱালীহে যাব বুলি কৈ নানানটা বুদ্ধি সাজিলে৷শেষত গৈ অনুজেও তাইৰ কথা মানি ল’লে৷সময়মতেই ৰাশিয়ে গৈ পলহঁতক লগ ধৰি ফেৰীত উঠিলগৈ৷এইদৰে অনুজক মিছা কথা কৈ আনৰ সৈতে অহাটো তাই অলপো ভালপোৱা নাই আৰু সেয়ে নাহোঁ বুলিয়েই কৈছিল কিন্তু তেওঁলোকৰ অনুৰোধত বাধ্য হৈহে আহিবলগাত পৰিল৷ফেৰীত অনুজৰ কলেজৰ বন্ধু এজনে ৰাশিক পলৰ সৈতে দেখিলে সেয়ে মনে মনে ফটো এখন মাৰি অনুজলৈ হোৱাটছআপত চেণ্ড কৰি অনুজৰ লগত ব্ৰেকআপ হ’ল নি সুধিলে৷ফটোখন পাই অনুজে আচৰিত হ’ল,ৰাশিয়ে তাক এৰি বেলেগৰ লগত এনেদৰে ?তাৰ বিশ্বাসেই হোৱা নাই সেয়ে লগালগ ৰাশিলৈ ফোন কৰিলে৷কিন্তু ৰাশিয়ে অনুজক মাজুলী অহাৰ কথা লুকুৱাই ওচৰৰে লগৰ এজনীৰ ঘৰ বুলি কৈছিল কাৰণে ফেৰীৰ শব্দ শুনিব বুলিয়েই ক’লটো কাটি দিলে৷ ক’লটো কাটি দিয়াত সি আৰু দুবাৰমান তাইলৈ একেৰাহে ক’ল লগালে কিন্তু সেই একেই কাণ্ড৷তাৰ বুকুখনে চাটিফুটি কৰিবলৈ ধৰিলে,খংত,ভয়ত সি ক’ব নোৱাৰা হৈ পৰিল৷তথাপিও অলপ ধৈৰ্য্য ধৰি ৰাশিৰ ফোনটোলৈ বাট চালে৷তাৰ যেন অপেক্ষাৰ অন্তই নোহোৱা হ’ল সেয়ে বেছিদেৰি অপেক্ষা নকৰি পুনৰ এঘন্টাৰ মুৰত তাইলৈ ক’ল কৰিলে৷ৰিচিভ কৰিয়েই প্ৰথমে sorry আহি পাই লগৰবোৰৰ লগত ব্যস্ত হৈ আছিলোঁ কাৰণে খবৰ দিবলৈয়ে নহ’ল বুলি ক’লে৷সি ৰাশি সচাকৈ লগৰ ছোৱালীৰ ঘৰতে আছেনে জানিবলৈ সুধিলে :"লগৰজনীৰ ঘৰ ক’ত আছিল?" :"ককিলামুখ কিয় সুধিলি? " :" নাই এনেই,পিছে তহঁতৰ লগত ল’ৰাও গৈছে নেকি?" :"নাইটো কোনো ল’ৰা অহা নাই,মইচোন কালি তোক কৈছিলোৱেই " একমিনিটৰ বাবে যদি ৰাশিয়ে কোনোবা ল’ৰাবন্ধু আহিছে বুলি ক’লেহয় সি হয়টো তাইৰ ওপৰত বিশ্বাস ৰাখিলে হয় কিন্তু হোৱাটচআপত তাইৰ ফটোখন ল’ৰা এটাৰ লগত দেখাৰ পাছত তাইৰ মুখৰ পৰা শুনা মিছা কথাটো কেনেকৈ বিশ্বাস কৰিব৷মনৰ দুখতে বেলেগ কোনো কথাই নুসুধাকৈ সি ফোনটো কাটি দিলে৷দিনটো তাৰ মনলৈ অনেকধৰণৰ বেয়া বেয়া চিন্তাবোৰ আহি থাকিল৷আটাইতকৈ বেছি আমনি কৰা প্ৰশ্নটো আছিল "সচাঁই ৰাশিয়ে সি নথকাত আনকাৰোবাৰ সৈতে?" কিন্তু সি এইবোৰ প্ৰশ্নৰ সৈতে কোনোদিন মুখামুখি হ’ব লাগিব বুলি ভবাই নাছিল৷তাৰ বিশ্বাস ভাঙি ৰাশিয়ে আজি ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিলে৷সত্যটো কি জানিবলৈ সি ঘৰ পালেই ৰাশিক সুধিব বুলি বাট চাই ৰ’ল৷সন্ধিয়া সময়ত ৰাশি আহি ঘৰ পালেহি,অনুজে বাৰাণ্ডাতে ৰৈ তাইৰ বাবে বাট চাই আছিল৷তাৰ মনটো সেমেকি আছে একেবাৰেই,ৰাশিলৈ বুলি বহুত প্ৰশ্ন মনৰ মাজতে সাচি থৈছে কিন্তু তাৰ মনটোৱে যেন সেই প্ৰশ্নবোৰ সুধিবলৈ বাধা দিছে৷ সেয়ে বিশেষ একো নকৈ সুধিলে :"দেৰি হ’ল যে?" :"ছোৱালীবোৰ লগ হ’লে জানই দেখোন কিমান সময় লাগে?" :"তই কেতিয়াৰ পৰা এইবোৰত ইমান ইন্টাৰেষ্ট দিয়া হ’লি?" "আহি পাইছোহে এইবোৰ কি যে প্ৰশ্ন কৰি আছ"বুলি কৈ তাই সেইখিনিৰ পৰা আতৰি গ’ল৷তাৰ বুকুত অজান আশংকাই শূলপুতি হেচাঁ মাৰি ধৰিলে ৷ৰাশিৰ পৰা এনেকুৱা কিবা এটা কেতিয়াও আশা কৰা নাছিল কিন্তু আজি তাই তাৰ চকুত চকু থৈ মিছা কথাষাৰ কৈ গৈছে৷খং,অভিমানতেই সি গধূলি ঘৰৰ পৰা ওলাই আহি তিনিআলিটোতে পুৰনা লগৰ বিচাৰি আহিলে৷ৰাতি ভাতখোৱাৰ টেবুলত অনুজক নেদেখি ৰাশিয়ে বিচাৰ কৰাতহে অনুজ যে ঘৰত নাই কথাটো গম পালে৷সেয়ে তাৰলৈ ক’ল কৰিলটো ফোনটো ঘৰতে পাই তাৰ লগত একেলগেই ভাত খাব বুলি ৰৈ থাকিলে৷শেৱালি আন্টিৰ বাবে আজিকালি ভাত ন’বাজোতেই উলিয়াই দিয়ে৷সেয়ে ভাতৰ টেবুলতে অনুজলৈ ৰৈ ৰৈ সেইখিনিতে টোপনিয়ালে৷ৰাতি প্ৰায় বাৰটা বজাত তাই সাৰ পাই নিজকে টেবুলতে শুই থকা পাই অনুজক বিচাৰি তাৰ ৰুমত চালেগৈ কিন্তু ৰুমটো ভিতৰৰ পৰা হুক লগাই থোৱাত অনুজে ঘৰলৈ আহিও তাইক মাত নিদিয়াকৈ এনেকৈ কিয় সোমাই থাকিলে জানিবলৈ তালৈ ক’ল কৰিলে৷কিন্তু সি মোক শুবলৈ দে পিছত পাতিম বুলি কৈ ক’লটো কাটি দিলে৷তাইও ভাতপানী নোখোৱাকৈ নিজৰ ৰুমত শুই থাকিলগৈ৷ ৰাতিপুৱা শুই উঠি ঘৰত অনুজক নেদেখি ৰাশিৰ মনত অলপকৈ ভয় ভাব এটা জাগিছিল তথাপি কলেজ যোৱাৰ আগত তাক এবাৰ ক’ল কৰি কৈ থৈ গ’ল৷ ৰাশি কলেজ যোৱাৰ পাছতে অনুজেও মনে মনে তাই ক’ত যায় কি কৰে জানিবলৈ মনে মনে তাইৰ পাছে পাছে গ’ল৷ৰাশিয়ে কলেজত বাৰ বজালৈ ক্লাছ কৰি পলহঁতক লগ কৰিবলৈ ৰেষ্টুৰেণ্ট এখনলৈ গৈছিল৷যিহেতু আজি সিহঁতি ঘুৰিব সেয়ে তাই যোৱাৰ আগত এবাৰ দেখা কৰিবলৈ গৈছিল৷অনুজেও মনে মনে তাইৰ পাছে পাছে গৈ তাতেই পালেগৈ৷ৰেষ্টুৰেণ্টত পল আৰু তাৰ মাকে ৰাশিৰ সৈতে কথাপাতি আছে৷অলপ দুৰৰ পৰা অনুজে সিহঁতলৈ লক্ষ্য কৰি আছে আৰু কি পাতিছে শুনিবলৈ চেষ্টা কৰিছে৷তাৰ মাজতে অনুজে পলৰ মাকে ৰাশিক কৈ থকা শুনা পালে যে " তোমাৰ দৰে এজনী ছোৱালী পাই সচাকৈয়ে মই বহুত সুখী,তুমি নথকাহেতেন আজি ইয়াৰ কি হ’ল হয় ভগৱানে জানে৷পলৰ লগত তোমাৰ বিয়াখন ... "ইমানলৈকে শুনিছিলহে ৱেটাৰজনে দাদা কি অৰ্দাৰ কৰিব বুলি সুধাত থতমত খাই উঠিল৷পিছৰখিনি কি ক’লে সি একো শুনা নাপালে কিন্তু তাৰ বাবে যেন ইমানখিনিয়েই যথেষ্ট আছিল সেয়ে ৰেষ্টুৰেণ্টত উশাহ ল’বলৈয়ো যেন কষ্ট হৈছে,সমষ্ট শৰীৰটোক এফালৰ পৰা কিবা এটাই যেন চেপি আনিছে৷তাৰ মাজতে ওলাই অহাৰ শেষত তাৰ মনৰ ভ্ৰম নে সচাই এনেকুৱা কিবা হৈছে জানিবলৈ সি ৰাশিলৈ ক’ল কৰিলে৷কিন্তু ক’লটো ৰিচিভ কৰিয়েই ৰাশিয়ে কলেজতে আছোঁ বুলি কৈ অনুজৰ সন্দেহবোৰ যেন সচাঁ বুলি প্ৰমাণিত কৰে তুলিলে৷কোনোমতে তাৰ পৰা ওলাই আহি ঘৰ পালেহি৷আবেলি কলেজৰ পৰা আহি ৰাশিয়ে অনুজক একেলগে ম’ম খাবলৈ যাবলৈ লগ ধৰিছিল৷কিন্তু সি একেবাৰতেই নাযাওঁ বুলি কৈ ৰুমত সোমাই থাকিলগৈ৷ৰাশিয়ে তাৰ mood off বুলি ভাবি সেই কথাটোত বৰ এটা গুৰুত্ব নিদিলে আৰু তাক যোৰ নকৰিলে৷অভিমানবোৰৰ আৰঁতো কোনোবাখিনিত অনুজে ৰাশিৰ পৰা আশা কৰিছিল তাই যেন তাক যোৰ কৰি লগত লৈ যায় কিন্তু সি ভবাৰ দৰে তেনেকুৱা একোৱেই নহ’ল৷তাৰ ভালপোৱাৰ বিশ্বাসখিনি ইমানতেই যেন জহিখহি গৈছে সেয়ে মনৰ দুখতে ৰাতি ভাত খাবলৈয়ো ওলাই নাহিলে,ৰাশিয়ে তাৰ সৈতে কথাপাতিবলৈ বহুত চেষ্টা কৰিলে কিন্তু নোৱাৰিলে৷পিছদিনাও ৰাশিয়ে অনুজক নেদেখি তালৈ ক’ল কৰিলে কিন্তু সি তাইৰ মেচেজৰ কোনো ৰিপ্লাইয়েই নকৰিলে৷তাৰ ৰুমৰ দৰ্জাতো ন’ক কৰিছিল কিন্তু খুলি নিদিলে৷অনুজৰ কি হৈছে তাই একো ধৰিব পৰা নাই তথাপিও যাওঁ নাযাওঁ কৈ কলেজলৈ ওলাই গ’ল৷কলেজতো লক্ষ্য কৰিলে যে দিনটোত অনুজৰ এটাও ফোন মেছেজ নাই,সি যেন তাইক ইগন’ৰ কৰিছে তাইৰ তেনেকুৱা অনুভৱ হ’ল৷সেয়ে ঘৰলৈ আহি পোনেই অনুজক লগ পাব বিচাৰিলে কিন্তু অনুজে তাইক লগ পাবলৈ এবাৰো ৰুমটোৰ পৰা ওলাইয়েই নাহিলে৷ৰাতি ভাতখোৱাৰ টেবুলত অনুজক দেখি তাক মাত লগালে কিন্তু সি তাইৰ কোনোধৰণৰ গুৰত্বই নিদিলে৷সেয়ে তাইয়ো ভাতখাই উঠি তাৰ কি হ’ল জানিবলৈ বুলি তাৰ ৰুমত আগতীয়াকৈ সোমাই থাকিলগৈ৷অনুজে ৰুমত সোমোৱাৰ লগে লগে তাই ৰুমটোৰ হুকটো মাৰি ক’লে"এতিয়া ক’ত পলাবি" কিন্তু?সি কোনো উত্তৰ নিদি হেডফোন দাল কাণত লগাই বিচনাত বহি থাকিলে৷ৰাশিয়ে মোক ইগন’ৰ কিয় কৰিছ বুলি তাৰ হেডফোনদাল কেচিৰে মাজতে দুটুকুৰা কৰি কাটি পেলালে৷অনুজৰ ধৈৰ্য্যৰ সীমা পাৰ হোৱাৰ দৰে হ’ল আৰু খংতে খুউব জোৰত তাৰ মবাইলটো দলিয়াই দিলে৷ৰাশিয়ে ভয়তে উচপ খাই উঠিল,অনুজৰ কি হ’ল তাই একো বুজি পোৱা নাই৷কাষৰ ৰুমৰ পৰা মাক আৰু মিনু আন্টিয়ে কি হ’ল বুলি মাত দিলে কিন্তু একো নাই কিবা এটা পৰিলে বুলি মিচাকে ক’লে আৰু ৰাশিক সৰু সৰু মাতেৰে " get out from here and also from my life"বুলি হাতযোৰ কৰি ক’লে৷অনুজে তেনেকৈ কিয় কৈছে তাৰ কি হ’ল তেতিয়াও তাই একোৱেই বুজি পোৱা নাই সেয়ে "ইনেই কৈছ নহ’ ’বুলি সুধিলে৷কিন্তু সি এইবাৰ তাইৰ হাত বাউসীত যোৰকৈ ধৰি তাইৰ চকুত চকু থৈ ক’লে" lets breakup,i cant continue this relation''৷কথাষাৰ শুনিয়েই ৰাশিৰ চকুপানী বৈ আহিল আৰু থৰ লাগি অনুজৰ ফালে চাই থাকিল৷সি তাইৰ চকুলো দেখিও আজি আৱেগিক হোৱা নাই,তাইক কিবা কোৱা বা সুধাৰ ঠাইত তাইক ৰুমৰ পৰা বাহিৰ কৰি দিলে৷(আগলৈ)

Wednesday, June 24, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৮) _____________________ ফৰিংচিতিকা সময়বোৰ বৰ আউল লগা৷কেনিনো উৰি যায় ধৰিবই নোৱাৰি৷প্ৰথমে জীয়া এতিয়া অনুজ আৰু বা কোন কেতিয়া ক’ত আতৰি যায় কি থিক৷সময়ৰ ওপৰত ৰাশিৰ বিশ্বাস নোহোৱা হৈ পৰিছে,কথাবোৰ ভাবি ভাবি টোপনিও নহা হৈছে,কান্দিবও নোৱাৰে সেয়ে চাদৰ ওপৰতে বহি আছেগৈ৷তেনেকুৱাতে পিছফালৰ পৰা মিনু আন্টিয়ে মাত দিলে"ইমান ৰাতি শোৱা নাই যে"? :"অহ্ মই ভয় খাই গ’লো,আপুনি ইমান ৰাতি ইয়াত যে ?" :"sorry কিন্তু তোমাক এইদৰে অকলে ইমান ৰাতি ইয়াত দেখি মই ভাবিলোঁ তুমি কাৰোবাৰ কথা ভাবি আছা৷সকলো থিকেই আছেনে?হয়তো তুমি কাৰোবাক বৰ বেয়াকৈ miss কৰি আছা নহয়নে?" :"হয় অলপ তেনেকুৱাই কিন্তু আপুনি কেনেকৈ জানিলে?" :"এইবোৰ সময় মইও পাৰ কৰি আহিছো সেয়ে বুজি পাওঁ৷কিন্তু মই ভাবো তুমি যদি জীয়াৰ কথা ভাবি আছা তেনেহ’লে সময়ৰ লগত আগবাঢ়ি আহা,এইদৰেই মনত দুখ বান্ধি ফুৰিলে জীয়াৰ আত্মাই শান্তি নাপাব আৰু অনুজ য’ত আছে থিকেই আছে বেছি চিন্তা নকৰিবা৷" :"আন্টি আপুনি কেনেকৈ জানিলে মই অনুজৰ কথা ভাবি আছোঁ বুলি?" :"এইবোৰ মই মোৰ experienceৰ পৰা জানিছোঁ আচলতে মানুহ দেখিলেই বুজি পাওঁ মনৰ মাজত চলি থকা যুদ্ধখনৰ কথাবোৰ" :"তেনেহ’লে আপুনি আমাৰ কথাও জানে " "নিশ্চয়,সুখী হোৱা আৰু সময়ৰ লগত খোজ মিলাই আগবাঢ়া৷অনুজ সোনকালেই আহিব৷" বুলি কৈ তেওঁ আতৰি গ’ল৷মিনু আন্টি হ’ল শেৱালি আন্টিৰ কেয়াৰটেকাৰ লগতে ঘৰৰ সকলো কাম খোৱা বোৱাৰ পৰা ধৰি লৈ চাফ চফাই সকলোবোৰ কৰে৷শেৱালি আন্টিৰ কোনো ধৰণৰ কষ্ট নহওঁক বুলিয়েই তেওঁৰ ভায়েকে সহায়ৰ বাবে থৈ গৈছে৷মিনু আন্টি থকাৰ পৰাই ৰাশিৰো বহুখিনি সুবিধা হৈছে৷তেওঁ জীৱনটোক লৈ বহুত পজিটিভ,তেওঁৰ motivational quotesবোৰে ৰাশিক বহুত সাহস দিয়ে ৷তেওঁ psychology honours লৈ M.A pass কৰিছে যদিও নিজৰ অতীতৰ পৰা পলাবলৈয়ে এনেকৈ কোনেও নজনাকৈ নিজকে লোকোৱাই ৰাখিছে৷প্ৰায় পাচঁবছৰ ধৰি শেৱালি আন্টিৰ ভায়েকৰ ঘৰতে আছিল৷তেওঁ কেতিয়াও নিজৰ বিষয়ে একো খুলি কোৱা নাই কি হৈছিল তেওঁৰ সৈতে,কিন্তু তেওঁক দেখিলেই লাগে যেন তেওঁৰ জীৱনত নিশ্চয় কিবা ঘটিছে৷তেওঁৰ লগত কথা পাতিলে ৰাশিৰ এনে অনুভৱ হয় যেন মিনু আন্টিৰ জীৱনৰ বহুত ডাঙৰ ৰহস্য আছে যিটো তেওঁ লোকোৱাই ৰাখিছে অতদিনে সকলোৰে পৰা৷ অনুজে ট্ৰেইনিংলৈ যোৱা ছয়মাহ পাৰ হ’ল৷এতিয়া পোন্ধৰ দিনৰ বাবে ছুটীত আহিব সেয়ে ৰাশিৰ সুখৰ ঠিকনাই নাই ৷ক’ত ক’ত যাব কি কৰিব,কেনেকৈ কৰিব,তাই মিনু আন্টৰ পৰা শিকা কি কি ৰেচিপি বনাই খোৱাব আৰু যাৰ বাবে অনুজ চাৰপ্ৰাইজদ হৈ যাব৷মুঠৰ ওপৰত সকলোখিনি প্লেনিং মনৰ মাজতে কৰিয়েই পেলালে৷সচাই ভগৱানে এখন হাতেৰে কিবা এটা কাঢ়ি ল’লে আনখন হাতেৰে দিবলৈ নাপাহৰে৷দুদিন দেৰি হ’ব পাৰে কিন্তু দিয়াত কোনো ভুল নকৰে৷জীয়াৰ মৃত্যুৰ দিনাখনৰ পৰাই ৰাশিয়ে শপত খাইছিল বক্সিং নেখেলোঁ বুলি,জীয়াই উপহাৰ দিয়া আটাইতকৈ মুল্যবান গিফ্টটো আৰু জীৱনত নাৰাখো বুলি সেইদিন ধৰি বক্সিং যি বাদ দিলে তাৰ আজিও কোনো সম্ভাৱনা নাই৷অনুজে বহুত force কৰিছিল কিন্তু তাই কাৰো এটা কথাও নুশুনিলে৷এদিন পলৰ মাকে ৰাশিলৈ ফোন কৰি জনাইছিল পল লাহে লাহে মানসিক আৰু শাৰীৰিক ভাৱে সবল হৈ উঠিছে বুলি৷কিন্তু তেওঁ যেতিয়া ৰাশিৰ খবৰটো শুনিছিল আচৰিত হৈছিল৷বহুদিন ধৰি পলৰ ট্ৰিটমেণ্টৰ বাবে ৰাশিৰ লগত ভালদৰে যোগাযোগ কৰিব পৰা নাছিল তাতে ৰাশিয়েও সকলোৰে লগত সম্পূৰ্ণৰূপৰ যোগাযোগ এৰাই চলিছিল সেয়ে পলৰ খবৰটো পাওঁতে দেৰিয়েই হ’ল৷এতিয়া এইকেইদিনতে পলহঁতে ৰাশিক লগ কৰিবলৈ যোৰহাট অহাৰ কথা আছে লগতে যোৰহাটখনো দুদিনমান ভালদৰে ফুৰাৰ কথাও আছে৷ ৰাশিৰ অলপ ভয় ভয় অনুভৱ হৈ আছে,কাৰণ অনুজেটো পলহঁতৰ পৰা দুৰত থাকিবলৈয়ে কৈছিল তাতে এতিয়া দুইটা একেলগেই আহিব,কেনেবাকৈ যদি গম পাই পলক সহায় কৰিবলৈ সিহঁতৰ ঘৰত থকাৰ কথা আৰু তাই তাক ইমান দিনে মিচা কথা কৈ সচাটো লুকুৱাই ৰখাটো তেতিয়াহ’লে অনুজৰ বহুত খং উঠিব সেয়ে দুয়োটাক ইটোৱে আনটোৰ মুখামুখি নোহোৱাকৈ দুৰে দুৰে ৰখাৰ কথাটোৱে ভাবিলে৷ মাৰ্চৰ 17তাৰিখৰ দিনা অনুজে আহি যোৰাহাট পালেহি আৰু কেতিয়া পাবহি কাকো খবৰ নিদিয়াকৈয়ে ঘৰলৈ ওলালহি৷ৰাশি সেইটো সময়ত ঘৰত নাছিল সেই সুযোগতে তাইৰ ৰুমত চিঠি এখন থৈ আহিল আৰু তাত লিখিলে যে ''i am home come & find me "৷আবেলি কলেজৰ পৰা আহি ৰাশিয়ে বিচনাতে চিঠিখন পাই গোটেইজনী ৰঙিলী পমিলি হৈ ধৰফৰাই গোটেই ঘৰটোতে তাক বিচাৰিবলৈ ধৰিলে৷প্ৰথমে শেৱালি আন্টিকেই সুধিলেগৈ অনুজ ক’ত আছে কিন্তু তেওঁ নাজানো বুলি কোৱাত তাৰ ৰুমটোৰ পৰা আৰম্ভ কৰি গোটেই চুককোণ বিচাৰিও ক’তো নাপায় একেবাৰে শেষত চাদৰ ওপৰ পালেহি ৷তাতে কল্ডড্ৰিংছৰ বটল দুটা মুখৰ আগত লৈ বেঞ্চখনতে সি বহি আছে৷তাই তাক দেখিয়ে একচেকেণ্ডো সময় দেৰি নকৰি পাছফালৰ পৰা সাবটি ধৰিলগৈ আৰু কান্দিবলৈ লাগিলে এনেকৈ নোকোৱাকৈ কিয় ঘৰলৈ গুচি আহিলি বুলি৷সি ক’লে :""বেয়া পাইছ যদি আকৌ ঘুৰি যাওঁ" :"নহ’ব ক’তো যাবলৈ নিদো তোক,তই মোৰ লগতেই থাকিব লাগিব৷" অনুজে তাইৰ আগলৈ পৰা চুলিকেইডাল সামৰি "এই পোন্ধৰ দিন তোৰ নামত "বুলি কৈ তাইৰ ফালে আগবাঢ়ি গ’ল৷উফ্ বহুত দিনৰ মুৰত যেন এই অনুভৱ,লাজতে গোটেইজনী ৰঙাচিঙা পৰি গ’ল৷বুকুৰ ধপধপনিবোৰে যেন বেকগ্ৰাউণ্ড মিউজিকহে বজাইছে সেয়ে ভয়তে তাৰ উঠত হাত থৈ ক’লে " তই এনেকৈ ৰোমান্তিক হ’লে ভয় লাগে মোৰ"৷এইষাৰ শুনি অনুজে হাহিঁত থাকিব নোৱাৰা হ’ল আৰু যোৰকৈ সাবটি লৈ তই নিবিচৰালৈকে একো নকৰোঁ কিন্তু তই মোক return giftটো ঘুৰাবলৈয়ে আছে বুলি কোৱাত তাই লগালগ তপককৈ তাৰ গালতে চুমা এটা দি তললৈ ল’ৰ মাৰিলে৷এইবোৰ ইমান খৰকৈ হ’ল যে অনুজে একো ধৰিবই নোৱাৰিলে,তাই নিজেই মনা কৰি চুমা এটা তপককৈ দি দিলে গালত৷সেয়ে হাহিঁমুখীয়া মনটো লৈ লাজে লাজে সিও ৰুমত সোমালগৈ৷তাৰ জীৱনটো কোনো নাৰীৰ উঠৰ পৰশ এয়াই প্ৰথম৷সন্ধিয়া অনুজে মাকৰ কাষতে বহি লৈ মাকৰ ভৰি পিটিকি আছিল তেনেকুৱাতে ৰাশিয়ে চাহৰ প্লেটখন লৈ শেৱালি আন্টিৰ ৰুমলৈকে সোমাই আহিল,ৰাশিৰ হাতত চাহৰ ট্ৰেখন দেখি শেৱালি আন্টিয়ে অনুজক ক’লে "বাবা ৰাশিয়ে দুমাহতে বহুত কাম শিকিলে দেই,চাহকাপো তাইয়েই বনাই আনিছে,আজিকালি ভাতপানীও বনাবলৈ শিকিলে,ৰাশি এতিয়া আগৰ নিচিনা হৈ থকা নাই " কথাষাৰ শুনিয়েই অনুজে চাহৰ কাপটো মুখৰ আগত লৈ ভেবালাগি ৰাশিৰ ফালে চালে৷ৰাশিয়ে তাৰ মেলি থকা মুখখন জপাই,আৰু কি কি বনাও চাই থাক বুলি কৈ ভিতৰলৈ ল’ৰ মাৰিলে৷ইমান কম সময়ত ৰাশিয়ে ইমানবোৰ কাম শিকিলে যিবোৰ দুবছৰতো হাত লগায়েই নাপালে৷অনুজৰ মনটো অলপ ভাল লাগি গ’ল,চাহকাপ খাই মাকলৈ অনা শাৰীখন দি ৰাশিৰ গিফ্টটো দিবলৈ তাইক তাৰ ৰুমলৈ মাতি নি তাইৰ ডিঙিত ধুনীয়া হাৰ্টচেপৰ লকেট থকা চেইনদাল পিন্ধাই " অথনি মোক মনা কৰি নিজেই ৰোমাণ্টিক ফিল কৰাই আতৰি গলি যে " বুলি কৈ তাইক আইনাখনৰ মুখৰ আগত বহোৱাই পিছফালৰ পৰা সাবটি ধৰিলে৷তাই লাজতে ভয়তে পেপুৱা লগা দি "কোনোবাই দেখিব বুলি কৈ "তাক থেলা মাৰি বাহিৰলৈ আহিবলৈ চালে কিন্তু সি তাইৰ হাতখনত ধৰি এৰিয়েই নিদিয়া হ’ল৷তাই হাতখন এৰুৱাবলৈ নানা বুদ্ধিও ক’লে কিন্তু সি একোকে নুশুনা দেখি 'আন্টি আপুনি' বুলি মিচাকে কোৱাত অনুজে হাতখন এৰি দিয়াত দৰাদৌৰিকৈ ৰুমটোৰ পৰা ওলাবলৈ চাওঁতে দৰ্জাখনতেই খুন্দিয়াই দিলেগৈ৷(আগলৈ)

Sunday, June 21, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৭) _____________________ ৰাশিৰ জীৱনৰ প্ৰতিটো সময় জীয়াৰ অবিহনে আধৰুৱাকৈ হ’লেও যেনেতেনে চলি আছিল ৷তাই আগৰদৰে উৎপাত নকৰা হ’ল,যাওঁতে যাওঁতে জীয়াই যেন তাইৰ সমষ্ট maturityখিনি ৰাশিৰ বাবে এৰি থৈ গ’ল৷আজিকালি ৰাশিয়ে সকলো কথা বুজিব পাৰে,সকলোকে বুজে তথাপিও কোনোবাখিনিত নিজৰ মনৰ কষ্টবোৰ লুকুৱাই ৰাখে৷অনুজে মাজে সময়ে ৰাশিৰ মন ভাল লাগক বুলিয়েই হোষ্টেলৰ চুটিৰ দিনা অলপ উলিয়াই লৈ যায়৷সিহঁতৰ ঘৰলৈ নিবলৈয়ো বহুত চেষ্টা কৰিছিল কিন্তু তাই যাবলৈ মান্তিয়েই নহ’ল৷থিক একেদৰে এদিন সিহঁতি ৰেষ্টুৰেণ্ট এখনত খাবলৈ উলাই গৈছিল৷ৰাশিয়ে অনুজৰ ফোনটো লৈ কিবাকিবি চাই আছিল৷তেনেকুৱাতে gmailত indian armyৰ official idৰ পৰা অহা এটা মেইল পালে যে next weekৰ ভিতৰত যদি calling letterখনৰ কোনো উত্তৰ নাহে তেনেহ’ল cancel কৰি দিয়া হ’ব৷ৰাশিয়ে ভালদৰে বাকীবোৰ মেইলো চেক কৰিলে৷অলপকৈ খং উঠিছিল অনুজে তাইৰ পৰা কথা লুকুৱাইছে বুলি তথাপি নজনাৰ ভাও ধৰি সুধিলে: :"অনু দুমাহতকৈ ওপৰ হ’ল গ্ৰেজুৱেট হোৱা এতিয়া কি কৰিম বুলি ভাবিছ্ ?" :"চাওঁ কি ক’ৰো,বহুতত job apply কৰি থৈছোঁ কোনো response পোৱা নাই এতিয়ালৈকে,ভাবিছোঁ stenographyৰ course এটাকে কৰোঁ নেকি৷ :"আচ্ছা that means এতিয়ালৈকে একোৱেই পোৱা নাই নহ্ " :"yaah Ofcouse পোৱাহ’লে এনেকৈ বেকাৰ থাকোঁ নেকি?তইয়ো কি কথাবোৰ যে সুধি আছ,এইবোৰ এৰ্ তই ক’ ষ্টেটৰ খেলখনৰ কথা কি ভাবিলি?" তাই একো মাত নামাতি নোখোৱাকৈয়ে ওলাই আহিলে আৰু কি হ’ল জানিবলৈ তাইৰ পাছে পাছে অনুজো আহিলে আৰু সি তাইক সুধপুচ কৰাত ৰাশিয়ে তাৰ calling letter খনৰ কথাটো জানিলে বুলি গম পাই ক’লে :"এইখিনি সময়ত মই তোৰ লগত থকাতো বেছি জৰুৰী বুলি ভাবোঁ সেয়ে কোৱা নাছিলোঁ৷ আৰু বহুত job পাম,কিন্তু তোৰ এই সময়খিনি কেতিয়াও নাপাওঁ" :"সময়ে সুবিধা বাৰে বাৰে নিদিয়ে,এইটো তোৰ last chance আছিল indian.armyৰ কাৰণে এপ্লাই কৰাৰ,i dont want এইটো মোৰ কাৰণে spoil হওঁক" :"ৰাশি তই কথাবোৰ নুবুজ কিয়,জিদ নকৰিবি এতিয়া" :"সব বুজো আৰু এইটো মোৰ জিদ নহয় uncleৰ সপোনবোৰ তই পুৰাব লাগিব,তোৰ dream হয়,মই কেনেকৈ তোৰ dreamবোৰ নাইকিয়া কৰিব পাৰো,so তই যাব লাগিব " :"কিন্তু এইখিনি সময় তোৰ লগত থকাটো এই jobটোতকৈ বেছি জৰুৰী" :"মই থিকেই আছোঁ and everything is well settled,তই এতিয়া যদিও মোৰ কাৰণে নাযাওঁ বুলি ভাবিছ কিন্ত in future যদি কোনো job নাপাওঁ তোৰ guilty feel হ’ব,আৰু মই নিবিচাৰো তোৰ lifeৰ কোনো dream মোৰ কাৰণে skip হওঁক,তই যা" :"থিক আছে তেতিয়াহ’লে মই calling letterখনৰ responseকৰিম৷ কেতিয়া report কৰিব লাগিব বুলি কৈছে?" "এসপ্তাহৰ পাছত"বুলি কৈ ৰাশিৰ চকুপানী বৈ আহিল৷যদিও তাই নিজেই তাক যাবলৈ force কৰিছে তথাপিও তাইৰ বুকুখন শোকত খুন্দা মাৰি ধৰিছে৷আপোন মানুহবোৰৰ পৰা দুৰত থকাতো কিমান কষ্টকৰ জীয়াক হেৰুৱাই ভালদৰে বুজি উঠিছে কিন্তু এতিয়া প্ৰিয়জন আতৰি যাব কাষৰ পৰা,সদায়ৰ বাবে নহ’লেও তাৰ অনুপস্থিতিয়ে আমনি কৰিব৷ৰুমলৈ আহি সেই কথাবোৰকে ভাবি থাকিল৷সেই সপ্তাহটোৰ একমিনিট সময়ো নষ্ট নকৰাকৈ তাই মাত্ৰ অনুজৰ লগতেই যিমান পাৰে সিমান সময় কটালে৷অনুজে যাবৰ দিনা ট্ৰেইন ষ্টেছনৰ কাষতে কোনেও নেদেখাকৈ ৰাশিক প্ৰথমবাৰৰ বাবে কপালত এটা চুমা আকি থৈ গ’ল৷দুখৰ মাজতো যেন সেই চুমাটোত সুখ আছিল৷প্ৰথমবাৰ অনুজৰ উঠৰ পৰশে তাইক আমনি কৰিছিল৷যদিও অনুজে যোৱাৰ দিনা তাই সৰু ছোৱালীৰ দৰে গোটেই ৰাতিটো গাৰুটোক সাৱটি ফেকুঁৰি ফেকুঁৰি কান্দিছিল তথাপিও যেন অন্তৰাত্মাই তাইক সাহস দিছিল৷কাৰণ অনুজে তাৰ সপোন পুৰ কৰিবলৈহে গৈছে যি সপোনৰ লগত তাইৰ ভৱিষ্যতটো জড়িত হৈ আছে,তাই সমষ্ট জীৱনটো নিৰ্ভৰ হৈ আছে৷ অনুজে যোৱাৰ পাছৰ পৰা তাই সদায় এবাৰ হ’লেও শেৱালি আন্টিৰ খবৰ লয়৷অকলশৰীয়া মানুহজনীয়ে কি কৰিছে সুধাপুচা কৰি তেওঁক সাহস দিয়ে৷যদিও তাই নিজেও অকলশৰীয়া তথাপিও তাইৰ কাষত বন্ধুত্বৰ ছাঁবোৰে লগ নেৰে কিন্তু শেৱালি আন্টিৰ কাষত এতিয়া কোনো নাই৷হয় তেওঁৰ জীৱনতো বহুত মানুহ আছে তথাপিও তেওঁৱো কোনোবাখিত অকলশৰীয়া৷বয়স হৈ অহাৰ লগে লগে তেওঁৰ আপোনবোৰো নিজৰ নিজৰ জীৱনত ব্যস্ত ৷তাই যদিও আন্টিৰ লগতে গৈ থাকিবলৈ বিচাৰে কিন্তু জীয়াৰ স্মৃতিবোৰে সেইখন ঘৰত আমনি কৰিব বুলিহে আতৰত আছে৷অনুজ বৰ্তমান ট্ৰেইনিংত আছে সেয়ে মবাইল লগত থ’বলৈ দিয়া নাই,তাত গৈ পায়েই মবাইলটো জমা দিলে৷তথাপি দেওবাৰটোত খন্তেকৰ বাবে পি.চি.অ’ এটাৰ পৰা কথা পাতে সেয়ে তাইয়ো বৰ অধীৰ আগ্ৰহেৰে এই দেওবাৰটোৰ বাবে ৰৈ থাকে৷ সময়বোৰ উৰি যোৱাদি পাৰ হৈ গৈছে৷সময়ৰ লগত ঘাঁবোৰো শুকাই আহিছে৷জীয়া ঢোকোৱাৰ ছয়মাহেই পুৰ হ’ল,চাৰিমাহৰ পৰা অনুজৰ লগতো খুউব কষ্টৰে সপ্তাহত এদিনহে কথা পাতিবলৈ পৰা যায়৷নতুন বছৰত কলেজ বন্ধদিয়াৰ সময়খিনিত তাইয়ো ঘৰলৈ গৈছিলহে যোৰহাটৰ পৰা খবৰ আহিল যে শেৱালি আন্টিৰ বাথৰুমত পিচলি পৰি ককালঁটো অলপকৈ fracture হ’ল৷খবৰটো পাইয়ে তাইয়ো ল’ৰালৰিকৈ ঘৰৰ পৰা আহিল সঞ্জীৱনী নাৰছিং হোমলৈ৷তাতে আন্টিৰ লগত কথা বতৰা পাতি কেনেকৈ কি হ’ল জানিব পাৰিলে৷কাষৰ মানুহঘৰৰ ৰমলা খুড়ীয়ে হস্পিতালত এডমিট কৰিলেহি আৰু চোৱাচিতাও তেওঁৱেই কৰি আছে৷সেয়ে দুদিনমান তাইয়ে আন্টিৰ লগত থকাৰ কথা ভাবিলে৷অনুজলৈ ক’ল কৰিও কথাটো জনালে৷মাকৰ দুখৰ সময়ত লগ দিব নোৱাৰি অনুজৰ বেয়া লাগিছিল তথাপিও ৰাশিয়ে নিজৰ মনৰ অশান্তিবোৰ পাহৰি মাকক চোৱাচিতা আৰু সহায়ৰ বাবে পুনৰ সিহঁতৰ ঘৰত থকাৰ কথাটো কোৱাত বৰ শান্তি পাইছিল৷সেইসময়ত যেন তাতকৈ সৌভাগ্যবান আন কোনোৱেই হ’ব নোৱাৰে৷এসপ্তাহ হস্পিতালত থোৱাৰ পাছত শেৱালি আন্টিক ঘৰলৈ অনাৰ সুবিধা কৰিলে৷আন্টিৰ সম্বন্ধীয় ভনীয়েক এজনীও চোৱাচিতাৰ বাবে দুদিনমানলৈ আহিছে৷সেই সুযোগতে তাইয়ো ঘৰৰ পৰা কাপোৰকানিবোৰ লৈ আনিলেগৈ৷কাৰণ এতিয়া শেৱালি আন্টিৰ কাষত কোনোৱেই নাই,অনুজৰ দেউতাকো অকলশৰীয়া আছিল ৷যদিও আন্টিৰ মাকৰ ফালৰ মানুহ দুনুহ খবৰ ল’বলৈ বুলি আহিছে কিন্তু কাৰো সময় নাই সদায় চোৱাচিতা কৰিবলৈ,সকলো নিজৰ জীৱনত ব্যস্ত৷আন্টিৰ ভায়েকে যোৰহাটত আহি থাকিব নোৱাৰাৰ বাবে গুৱাহাটীলৈ নিয়াৰ কথা কৈছিল যদিও এক,দুমাহলৈ ট্ৰেভেল কৰিবলৈ ডক্টৰে মনা কৰাৰ বাবে তেওঁৱো অসহায় ৷আনফালে ডক্তৰে সম্পূৰ্ণৰূপত বেডৰেষ্ট লিখি দিয়াৰ বাবে আন্টিও অসহায় ৷সেয়ে ৰাশিয়ে সকলো ভাবি গুণি পুৰনি কথাবোৰ পাহৰি অনুজহঁতৰ ঘৰতে থাকিবলৈ আহিল৷(আগলৈ) (বিশেষ কাৰণত দুদিনমান পষ্ট দিয়া নাছিলোঁ সেয়ে বেয়া নাপাব আৰু কেনেকুৱা হৈছে জনাবচোন৷দুই এটা খণ্ডতেই খুউব সোনকালেই শেষ কৰিম৷আপোনালোকৰ মৰমবোৰৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ’ম )

Saturday, June 20, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৬) _____________________ অলপ সময় পাছতে ৰাশিৰ দেউতাক আৰু খুৰীয়েকো পালেহি৷জীয়াৰ deathbodyটো পেহীয়েকৰ লগতেই ঘৰলৈ নিয়া হ’ল৷খবৰটো পাই ওচৰতে থকা লগৰবোৰে যিয়ে যেনেকৈ পালে তেনেকৈ আহিলে৷ৰাশিৰ অৱস্থাটোৰ বাবে অনুজৰ চিন্তাৰ ঠিকনা নোহোৱা হৈছে৷জীয়াক হেৰুৱাই ৰাশিৰ যদি কিবা এটা হয় তেনেহ’লে তাৰ কি হ’ব৷ৰাশিক এৰি এতিয়া অনুজে জীয়াই থকাৰ কথাও ভাবিব নোৱাৰে৷হঠাৎ কোনোবাই ক’লে যে ৰাশিৰ চেন্স ঘুৰি আহিছে৷অনুজে তাইৰ ওচৰলৈ গৈ তাইৰ কাষতে বহি হাতখনত খামুচি ধৰিলে৷তাই বৰ অসহায় দৰে জলজলীয়া চকুৰে অনুজৰ ফালে চালে আৰু জীয়াক এবাৰ লগ পাবলৈ উৎপাত লগালে৷কিন্তু তেতিয়ালৈ দেৰি হৈ গ’ল,হয়তো deathbody ঘৰলৈ নি অন্তিম ক্ৰিয়াকৰ্মও কৰা হৈ গ’ল৷সেয়ে অনুজে ক’লে :"এতিয়া আৰু জীয়া আমাৰ মাজত নাই" :"তাইৰ হাতখন ধৰি জীৱন বাটত খোজ দিওঁতে কেতিয়াও ভবা নাছিলোঁ এদিন এৰি গ’লে যে ইমান কষ্ট হ’ব৷মইয়ো নোৱাৰোঁ আৰু বৰ কষ্ট হৈছে৷কিন্তু জীয়াই আত্মহত্যা কিয় কৰিব,মই এতিয়াও বুজি পোৱা নাই৷অনুজ পুলিচে কিবা কৈছে নেকি? :"পুলিচ ইনভেষ্টিকেচনত চুইচাইদ বুলিয়েই ওলাইছে" :"মোৰ মনে কেতিয়াও নামানে এই কথা,মই এতিয়াই জীয়াহতঁৰ ঘৰলৈ গৈ সুধপুচ কৰিমগৈ" :"কিছুমান সাথঁৰ ভাঙিবলৈ গৈ কাৰোবাৰ জীৱনৰ অতীত খুচৰাটো জানো ভাল হ’ব ,হোৱাবোৰ হৈ গ’ল বাদ দে? :"কেনেকৈ বাদ দিম বাৰু ,জীয়া কেতিয়াও মোৰ বাবে কাৰোবাৰ নাছিল,তাই মোৰ আপোন আছিল,যেতিয়া মই অকলশৰীয়া আছিলোঁ প্ৰতিদিনাই অলপ মৰমৰ বাবে ধৰফৰাই আছিলো তেতিয়া তাই মোৰ হাতত প্ৰথমবাৰ ধৰি লৈ কৈছিল নমৰা লৈকে এৰি নিদিওঁ কিন্তু আজি জীৱনে আমাৰ লগত গেজু কৰি দিলে ৷ মাক হেৰুৱাৰ পাছত দেউতাই ঘৰত কাৰোবাৰ পৰা কষ্ট পাম বুলি হোষ্টেলত ৰাখিছিল তেতিয়া তেওঁ এবাৰৰ বাবেও নাভাবিলে যে তেওঁ মোৰ কষ্টৰ পৰাই নহয় সদায়ৰ কাৰণে তেওঁৰ মৰমবোৰৰ পৰাও আতৰাই পঠাইছে৷তেতিয়া মাত্ৰ মোৰ বয়স ন’ বছৰ আছিল মৃত্যু মানে কি একো বুজা নাছিলোঁ তথাপিও মাক হেৰুৱাই দেউতাৰ পৰাও এনেদৰে দুৰত থাকিব লগা হোৱাত ৰাতি ৰাতি গাৰুটোক সাবটি কান্দিছিলো সেই ৰাতিবোৰত জীয়াৰ বাহিৰে মোৰ সৈতে কোনো নাছিল,জীয়া নথকাহেতেন মইয়ো চাগে দেউতাই মোক কিয় তেওঁৰ পৰা দুৰত ৰাখিলে ভাবি ভাবি আজি হয়টো দেউতাক এতিয়াৰ দৰে ব্যৱহাৰ নকৰিলোঁ হয়,আজি মই যেনেকুৱা তেনেকুৱা হৈ নাথাকি খং উঠিলেই যিটি কৰিলোঁহেতেন,স্কুলত যেতিয়া সবেই মোৰ চুটিকৈ কটা চুলিবোৰ দেখি হাহিঁছিল জীয়াৰ বাদে কোনো নাছিল যি মোক সদায় সাহস দিছিল,বুজাইছিল ৷প্ৰতিটো কথা তাইৰ জীৱনৰ লগত তুলনা কৰি দেখুৱাইছিল৷মানুহবোৰ বাহিৰে যেনেকুৱা ভিতৰি তেনেকুৱা নহয় অনুজ,মোক দেখাতহে বহুত সাহসী যেন লাগে আচলতে জীয়া মোৰ সাহস আছিল তাইৰ অবিহনে মই একেবাৰেই কমজোৰ৷তহঁতবোৰ যেতিয়া কোনো নাছিলি তাইয়ে মোৰ একমাত্ৰ সাহস,সহযাত্ৰী যি নাম দিও কম হ’ব আৰু আজি তাই নাই কাৰণে তাই মোৰ বাবে কাৰোবাৰ হৈ গ’ল " :"ৰাশি মই সেইটো Intensionত কোৱা নাই " :"তোৰ intension যিয়েই নহওঁক মই জীয়াৰ কথাবোৰ জানিহে শান্তিৰে থাকিব পাৰিম৷মোক ক’ অনুজ তই কি জান ’ কি হৈছিল আচলতে,যেতিয়া লৈকে সচাঁ কথাবোৰ মই নাজানো মোৰ বিশ্বাস নহ’ব " :"বাদ দে ৰাশি এইবোৰ কৰি কোনো লাভ নাই,যোৱা বোৰটো গুচি যায় কিন্তু বুজিব নোৱাৰাকৈ আমাৰ বাবে puzzle ৰাখি যায় ৷মই বুজিছো জীয়া তোৰ বাবে কি আছিল কিন্তু জীয়াই চুইচাইড কৰা কথাটো সচা হয়৷পুলিচ ইনভেষ্টিকেচনত চিচিটিভিৰ কেমেৰাত ধুনীয়াকৈ ধৰা পৰিছে " :"সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু জীয়াৰ জীৱনত এনেকুৱা কি ডাঙৰ সমস্যা হ’ল যে তাই চুইচাইড কৰিবলগাত পৰিল৷মোৰ মনটোৱে একেবাৰেই মনা নাই ৷" :"ৰাশি তোৰ গা বেয়া তই এতিয়া আৰাম ক’ৰ,এইবোৰ কথাত জোৰ নিদিবি" :"অনুজ তোৰ কাৰণে জীয়া কোনো নহ’ব পাৰে কিন্তু মোৰ কাৰণে তাইয়েই সকলো হয় আৰু তই মোক মোৰ কাম কৰিবলৈ দে,নহ’বা মই পাহৰি যাম তই মোৰ কিবা আছিলি বুলি " :"মই তোৰ কোন হয় নহয় এইবোৰ ইয়াৰ লগত একেবাৰেই meaningless,কিন্তু মই জনামতে জীয়াৰ মাকেও নিজে কেৰাচিন ঢালি মৰিবলৈ ওলাইছিল আৰু এতিয়া ইয়াতে এদমিট হৈ আছে৷তেওঁৰ অৱস্থাও একেবাৰেই ভাল নহয়,মাক জীয়েক দুইজনীয়ে একেদিনাই এনেকুৱা কিবা এটা কৰাতো কেতিয়াও coinsident হ’ব নোৱাৰে কিন্তু " :"কিন্তু কি অনু ?" :"এতিয়ালৈকে একো গম পাব পৰা নাই" :"তেতিয়াহ’লে জীয়াই চুইচাইড কৰা নাছিল তাইক চুইচাইড কৰিবলৈ বাধ্য কৰাইছিল কোনোবাই ৷নহ’লেনো কোনোবাই ৰাতিপুৱা হাহিঁমাতি এনেকৈ এৰি যায়নে৷মোৰ এতিয়াও বিশ্বাস হোৱা নাই,তাই ঘপককৈ আহিব পেটু বুলি কৈ সাবটি ধৰিব মোক আৰু মইয়ো তাইক সাবটি ধৰিম আৰু এক চেকেণ্ডৰ বাবেও আতৰ হ’বলৈ নিদিম অনুজ তাই আকৌ আহিব নহ’ তাই আহিবনে?" ৰাশিৰ অৱস্থাটোও জীয়াক হেৰুৱাই দিনক দিনে বেয়া হৈ পৰিছে৷সকলো থিকেই থাকে কিন্তু মাজতে জীয়ালৈ মনত পৰিলে বেছিকৈ ভাগি পৰে আৰু তাইক বিচাৰিবলৈ ধৰে৷তেনেকৈয়ে এসপ্তাহমান মেডিকেলতে ৰাখি ঘৰলৈ পঠাই দিলে৷ঘৰত গৈ ৰাশি একেবাৰেই শিল কৰা কপৌজনীৰ দৰে থাকিবলৈ ল’লে৷কাৰো লগত কথা নাপাতে,ভালদৰে খোৱাবোৱাও নকৰে৷প্ৰায় অকলে থাকিবলৈ ল’লে,অনুজৰ লগতো ভালদৰে কথা নপতা হ’ল৷সি ফোন কৰিলেও কাটি দিয়ে,অনলাইনো নাহে৷ৰাশি মানসিকভাৱে একেবাৰেই ভাগি পৰিছে৷ঘৰত কেইদিনমান থকাৰ পাছতে অনুজে খবৰ ল’বলৈ আহিছিল কিন্তু তেতিয়াও তাৰ লগত ভালদৰে কথাবতৰা নাপাতিলে৷হয়টো কোনোবাখিনিত জীয়াৰ কথাবোৰ আগতীয়াকৈ নজনোৱাৰ বাবেই তাকেই দোষী সাজিছে৷সি বুজাবলৈ চেষ্টা কৰিছিল যে সেই সময়ত তাইক কথাবোৰ ক’বলৈ situation তেনেকুৱা নাছিল তথাপিও জানি বুজিয়েই ৰাশিয়ে একো শুনিবলৈ নিবিচাৰে৷সি ঘৰলৈ আহিও তাইক বুজাইছিল,তাইৰ ঘৰৰ মানুহেও যিমান পাৰে তাইক আগৰ দৰে থাকিবলৈ এইবোৰৰ পৰা দুৰ কৰিব খুজিছিল কিন্তু তাই একেবাৰেই মৌন হৈ পৰিল৷ কলেজ খুলিবৰ হ’ল,লাহে লাহে সময়ৰ লগত ৰাশিৰ দুখবোৰো অলপ পাতল হ’ল৷তাইৰ মনটো ভাল লাগক বুলিয়েই ঘৰৰ মানুহবোৰে তাইক ফুৰাবলৈ লৈ যোৱা হ’ল,যিমান পাৰে সিমান তাইৰ লগত সময় কটোৱা হ’ল৷ৰাশিয়েও হেৰুৱা ল’ৰালিৰ সময়বোৰ আকৌ ঘুৰাই পাই যেন সুখী হৈছিলহে পুনৰ কলেজ খুলিলেই৷অনুজে তাইক নিবলৈ বুলি পুনৰ সিহঁতৰ ঘৰলৈ আহিলে কিন্তু তাই পুনেই মনা কৰি দিলে আৰু ক’লে যে :"বেয়া নাপাবি অনু মোৰ বাবে এতিয়া সেইখন ঘৰত থকা মুঠেও সম্ভৱ নহয়,মই নোৱাৰিম তাত থাকিব৷জীয়া অবিহনে সেইখন ঘৰত মই এখন্তেকো থাকিব নোৱাৰোঁ ৷প্ৰতিপল মোক তাইৰ অনুপস্থিতিয়ে আমনি কৰিব,আমি একেলগে পাৰ কৰা সময়বোৰে দুখবোৰ পাহৰিবলৈ নিদিব৷" :"তেতিয়াহ’লে তই ক’ত থাকিবি৷এনেকৈ হঠাৎ ক’লেটো ৰুম বা হোষ্টেল পাবলৈয়ো বহুত কষ্ট হ’ব" :"নাই আগতীয়াকৈয়ে মই হোষ্টেলৰ বাবে এপ্লাই কৰিছিলোঁ,জেবিৰ অল্ড গাৰ্লছ হোষ্টেলত পালোঁ তাতেই থাকিম" :"কিন্তু এনেকৈ অকলে পাৰিবি জানো? " :"নোৱাৰিলেও থাকিব লাগিব " :"বুজিছো কিন্তু এনেকুৱা সময়ত তোৰ সৈতে থাকিবলৈ কাৰোবাৰ নহয়টো কাৰোবাৰ প্ৰয়োজন হ’ব,আমাৰ ঘৰত থাকিলে মা আছে মই আছোঁ তোৰ ভাল লাগিব" :"জানো কিন্তু এইবোৰৰ পৰা মই আতৰত থাকিব বিচাৰোঁ,মই যাক আটাইতকৈ বেছি ভাল পাইছিলো তাই মোক এবাৰো নজনোৱাকৈ গুচি গ’ল মাত্ৰ তাইৰ মেমৰিবোৰ এৰি আকৌ সেইখন ঘৰত গৈ সেই মেমৰিবোৰৰ লগত থকাটো একেবাৰেই সম্ভৱ নহ’ব মোৰ বাবে" :"সম্ভৱ নহ’লেও সম্ভৱ কৰি তুলিব পাৰিব লাগিব৷আমাৰ ভালপোৱা সচাঁ হ’লে এদিন নহয় এদিন তই আমাৰ ঘৰলৈ সদায়ৰ কাৰণে যাব লাগিবই আৰু এইবোৰৰ পৰা তই কেতিয়াও পলাব নোৱাৰ’ এইবোৰ আমাৰ এটা তেজাল অতীত যাক পাহৰোঁ বুলিলেও কেতিয়াও পাহৰিব নোৱাৰোঁ" :"মই চেষ্টা কৰিটো চাবই পাৰোঁ নহ’ " ৰাশিৰ ইচ্ছামতেই অনুজে হ’ব বুলি কৈ তাইক আনি হোষ্টেলত থ’লেহি,লগত দেউতাকো আহিছিল৷এতিয়া দেউতাকৰ সকলো আশা ভৰসা অনুজৰ ওপৰতেই৷তেওঁ বিশ্বাস কৰিব পৰাকৈ আৰু একেবাৰেই কাষতে পোৱাকৈ অনুজেই আছে ৰাশিৰ লগত৷জীয়াক হেৰুৱাই তেওঁৱো মনত কষ্ট পাইছে,অত বছৰে ৰাশিৰ লগত থাকি থাকি তাইকো নিজৰ ছোৱালীৰ দৰেই মৰম কৰিছিল,সদায় দুয়োজনী একেলগে থকাৰ কামনা কৰিছিল হ’লেও বিধিৰ বিধান কোনে ৰোধিব পাৰে৷ সময়ৰ লগে লগে দুখবোৰ নাইকিয়া হ’বলৈ ল’লে৷কলেজৰ ব্যস্ততা তাতে ফাইনেল ইয়েৰ সেয়ে পঢ়াৰ প্ৰেচাৰো বহুত,ব্যস্ততাবোৰে আৰু নতুন ঠাইত নতুন বান্ধৱী,জুনিয়ৰবোৰৰ মৰমবোৰে উদং হৈ পৰা হৃদয়ৰ ফুটাবোৰ বন্ধ কৰি দিলে৷অনুজেও ভালদৰে পাছ কৰিলে আৰু Indian armyৰ বাবে এপ্লাই কৰি থোৱা এপইণ্টমেণ্টখনো আহিল৷জীয়াৰ এক্সিডেণ্টৰ দিনাই পাইছিল খবৰটো কিন্তু ৰাশিক চাৰপ্ৰাইজ দিম বুলি ভাবি থৈছিল তাৰ পাছত সময়ৰ অঘটনত কথাটো কোৱাই নহ’ল৷তাতে ৰাশিক এনেকৈ অকলে এৰি সিও যাওঁ বুলি ক’লে গুচি যাব নোৱাৰে৷এনেকুৱা সময়ত তাইক মানসিক সাহসৰ খুবেই প্ৰয়োজন লগতে প্ৰিয় মানুহজনৰ সান্নিধ্যত সময়বোৰক পুনৰ জীপাল কৰাৰ প্ৰচেষ্টাত তাইয়ো ব্যস্ত হৈ পৰিছে৷এইখিনি সময় ৰাশিৰ লগত থকাটো খুউব প্ৰয়োজন সেয়ে ভাল খবৰটো প্ৰথমে তাইক ক’ম বুলি ভাবি আজিও কাকোৱেই কোৱা নহ’ল৷(আগলৈ)

Friday, June 19, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৫) _____________________ বক্সিংৰ ৰিজাল্ট এতিয়াও ওলোৱা নাই,দুদিন দেৰি হ’ব বুলি কৈছে ইনষ্টিটিউটৰ ফালৰ পৰা সেয়ে ঘৰ যাবলৈ বিচৰা কেনদিটবোৰে ইচ্ছা কৰিলে যাবগৈ পাৰে৷ৰাশিয়েও ঘৰলৈ যাম বুলিয়ে পলৰ মাককো যোৱাৰ খবৰটো দিবলৈহে ফোন কৰিছিল কিন্তু মাকে এদিন লগ কৰি পলক বুজাই বঢ়াই ডক্তৰৰ ওচৰলৈ নিবলৈ ৰিকুৱেষ্ট কৰিলে৷কিজানিবা ৰাশিৰ কথা মানি লয়,তেওঁ তাৰ ওপৰত গোটেই জীৱনটোত প্ৰেচাৰ দিয়েই থাকিল,আজি তাৰ এনে অৱস্থাৰ বাবে কোনোবাখিনিত তেওঁৱেই দায়ী সেয়ে পুনৰ প্ৰেচাৰ দিবলৈ ভয় কৰে৷কেনেবাকৈ ভাল হোৱাতকৈ যদি বেয়া হয় সেয়ে ৰাশিৰ সহায় বিচৰাত তাইয়ো সহায় কৰিবলৈ ৰাজী হ’ল৷ আৰু কাইলৈ ৰাতিপুৱা লগ পোৱাৰ কথা ক’লে৷যদি সম্ভৱ হয় তেনেহ’লে psycretics এজনৰ ওচৰত এপইণ্টমেণ্ট ল’বলৈ ক’লে৷তেখেতেও হ’ব বুলি কৈ ফোন ৰাখিলে৷ এইবাৰ অনুজহঁতৰ ঘৰখনলৈ ৰিংৰিংকৈ খুউব মনত পৰি আছে তাইৰ৷প্ৰেমত পৰাৰ পাছত ৰাশিৰ হৃদয়ত অনুজহঁতৰ ঘৰখনৰ বাবে এটোকুৰা সুকীয়া ঠাই আছে,কি নাই সেইখন ঘৰত?মাকৰ দৰে মৰম কৰা শেৱালি আন্টি,প্ৰেমিক হিচাপেই নহয় বন্ধু হিচাপেও সদায় কেয়াৰ কৰা অনুজ আৰু তাতকৈও বেছি তাইৰ জীৱনৰ প্ৰতিটো খোজত ছাঁৰ দৰে লগ দিয়া জীয়া,তেজ মংসৰ নহ’লেও তাই ৰাশিৰ বাবে মাথোঁ সহযাত্ৰীয়েই নহয়৷প্ৰতিখন ফটোত কেপচন দিয়াৰ দৰেই" sisters from different mother"৷কিন্তু এইবাৰ ৰাশিৰ মনটোও কিবা এটা ভাল লাগি থকা নাই,কোনোবাখিনিত আধৰুৱা যেন অনুভৱ হৈছে৷অজান আশংকাত বাৰে বাৰে বুকুখন কপিঁ উঠিছে তাইৰ,কোনোবাই যেন তাইক চিঞৰি চিঞৰি মাতিছে৷বেয়া বেয়া সপোনবোৰে তাইক বৰ অশান্তি কৰিছে,কৰোবাৰ হাতখন তাই ধৰিব লওঁতেই অদৃশ্য হৈ গৈছে ৷উফ সাৰ পাই কি সপোন দেখিছে এইবোৰ বুলি ভাবি অনুজলৈ ক’ল কৰিলে৷কিন্তু সি ক’লটো ৰিচিভ কৰাই নাই,ৰিং হৈ হৈ কাট খাই গৈছে৷অনুজে ফোনটো ৰিচিভ নকৰা দেখি জীয়ালৈ লগালে কিন্তু তাইৰ ফোনটোও not reachable বুলি কৈছে৷সেয়ে উপায় নাপায় শেৱালি আন্টিলৈকে ফোন লগালে৷ :"আন্টি সব থিকেই আছেনে?" :"ইয়াত সকলোবোৰ থিকেই আছে ,তোমাৰ খবৰ কোৱাচোন?কেতিয়া আহিবা?" :"আন্টি মই আজিয়েই যোৱা কথা আছিল কিন্তু বিশেষ কাম এটাত ব্যস্ত হৈ গ’লো বাবেহে নোৱাৰিলোঁ,বাকী ঘৰত সব থিকেই আছেনে?" :"তুমি ঘৰৰ কথা চিন্তা কৰিব নালাগে,কামবোৰ ভালদৰে শেষ কৰি ঘুৰি আহা" :"উম৷৷অনুজ জীয়া ইহঁত দুটা ক’ত আছে?এটাৰো ফোনবোৰ লগা নাই যে৷" :"অনুজ মোৰ ওচৰতে আছে,ৰ’বা দিছোঁ" "মোলৈ দিনটো তোৰ সময় নাই "বুলি কৈ তাই অভিমান কৰিলে ৷কিন্ত আনদিনাতকৈ অনুজৰ মাতটো গহীন যেন লাগিছে,বেছিকৈ কথা কোৱা নাই উচুপি থকাৰ দৰে লাগিছে৷ৰাশিয়ে সুধিছে বাৰে বাৰে কি হ’ল কিন্তু সি কৈছে "সোনকালে গুচি আহ,বহুত মিছ কৰিছোঁ তোক" :"কাইলৈ যামেই,আজি ইনষ্টিটিউটত ইমপৰটেন্ট কাম নথকা হ’লেটো আজিয়েই গ’লো হয় " :"কাইলৈ sure আহিবিটো" উচুপনিবোৰ ক্ৰমাৎ বাঢ়ি যোৱাত ৰাশি হতভম্ব হ’ল আচলতে কি হৈছে অনুজৰ সি এনেকুৱা খন কৰিছে যে৷বাৰে বাৰে সুধিলে কি হৈছে ক’ কিন্তু সি উচুপি উচুপি কান্দিহে আছে৷তাইৰ বেয়াও লাগিছে আৰু হাহিঁও উঠিছে,সৰু ল’ৰাৰ দৰে অনুজে উচুপি থকাত তালৈ মৰম লাগি গৈছে৷তাই ধেমালিতে কিবাকিবি কৈ জোকাইছিল তাক কিন্তু সি ক’লে :"ৰাশি প্লিজ মই একেবাৰেই ধেমালি কৰাৰ moodত নাই,তই সোনকালে গুচি আহ্,পাৰিলে কাইলৈ ৰাতিপুৱাৰ প্ৰথম বাছখনতেই গুচি আহ্" :"কিয় অনু কি হ’ল,সব থিকেই আছেনে? " :"ইয়াত একো থিকে নাই ৰাশি,তই সোনকালে গুচি আহ " ৰাশিৰ বুকুখন পুনৰ এবাৰ ধিপিংকৈ মাৰিলে৷অনুজৰ আচলতে হৈছে কি?তাতে সি কথাবোৰো খুলি কোৱা নাই সেয়ে আন্টিক দেচোন বুলি ক’লে আৰু শেৱালি আন্টিক সুধিলে "কি হৈছে অনুজৰ সি কন্দাৰ দৰে লাগিছে যে?" :"নাই নাই চৰ্দি লাগিছে তাৰ,তাতে এইকেইদিন কাজিয়া লাগিবলৈ মানুহ পোৱা নাইযে সেইকাৰণে তোমাক মাতি আছে " :"অহ’ আন্টি ইটো হয়েই দন্দুৰা আৰু জীয়া লগত লাগিব নোৱাৰে কাৰণে ঘৰখন চাগে একেবাৰেই ঠাণ্ডা হৈ আছে নহয়নে?" "হয় হয় বাৰু ৰাখিছোঁ দেই এতিয়া,বাবাও শুইছে অলপ,তুমিও ভালদৰে খোৱা বোৱা কৰি ল’বা৷" শেৱালি আন্টিয়ে অনুজক জীয়াৰ কথাটো ক’বলৈ মানা কৰিলে,তাতে জীয়াৰ অৱস্থা একেবাৰেই বেয়া,ডক্তৰে আমি একো কৰিব নোৱাৰো বুলি কৈ হাত দাঙি দিলে আৰু ক’লে যে এইটো সময়ত দৰৱতকৈ বেছি আপোন মানুহৰহে প্ৰয়োজন৷জীয়াৰ জীৱনটো এতিয়া ভগৱানৰ ওপৰত৷ট্ৰাকৰ চেপাত বৰ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হ’ল,এনেকুৱা কেছ বিলাকত প্ৰায় spot death হয় কিন্তু তাই এতিয়ালৈকে জীয়াই আছে কাৰণ তাইৰ ব্ৰেইনটোৱে হাৰি যাব বিচৰা নাই ,হয়তো কোনোবাখিনিত জীৱন্ত আশা এটা জীয়াই আছে ৷মুৰটোক বাদ দি গোটেই শৰীৰটো পেৰেলাইছিছৰ দৰেই হ’ল৷কোন সময়ত কি হ’ব কোনেও নাজানে৷ডক্তৰৰ কথাবোৰ শুনি অনুজো ভাগি পৰিছে,প্ৰায় দুবছৰেই হ’ল জীয়াৰ সৈতে সময় কটোৱা,ৰাশিৰ দৰেই তাইয়ো তাৰ ভাল বান্ধবী হৈ পৰিছে আৰু তাই নোহোৱাহেঁতেন তাৰ মনৰ আশাবোৰো মনতে থাকিল হয়৷তাইৰ বাবেহে ৰাশি আৰু তাৰ সম্বন্ধটো হ’ল,জীয়াক বাদ দি এইবোৰ সম্ভৱেই নহয় ৷ ৰাশিয়ে পলক বুজাই বঢ়াই তাৰ মাকে কোৱাৰ দৰেই psycretics এজনৰ ওচৰলৈ নিলে,আবেলিৰ এপইণ্টমেণ্ট লোৱাৰ বাবে সন্ধিয়া হৈ গ’ল৷এনেকৈ ৰাতি গৈ ইনষ্টিটিউটত থকাতকৈ পলহঁতৰ ঘৰতে ৰাতিটো থাকিবলৈ ৰিকুৱেষ্ট কৰাত প্ৰথমে নালাগে কৈছিল যদিও পলৰ জিদৰ আগত উপায়হীন হৈ থাকিব লগাত পৰিল৷ৰাতিবোৰ গভীৰ হৈ পৰাত ৰাশিৰ মনত অচিনাকি ভয় সংশয়বোৰে যেন বাহ বান্ধিছে,তাইৰ কি হৈছে তাই নিজেও বুজি পোৱা নাই৷তথাপিও প্ৰথমবাৰ এনেকৈ আনৰ ঘৰত থাকিছে বাবে uneasy feel হৈছে বুলি ভাবি ল’লে৷ৰাতিপুৱা সাৰ নাপাওতেই বিচনাতে অনুজৰ ক’লটো ৰিচিভ কৰিছে৷তাক পলহঁতৰ ঘৰত থকাৰ কথাটো কোৱাই নাই,গম পালেই গালি দিব বুলি ভয়তে পলক আকৌ লগ পোৱাৰ কথাটোও লোকোৱাই ৰাখিছে৷টোপনিতে ফোনটো পাই সি কেনেবাকৈ গম পালেনেকি ভাবি আছিলে তেনেকুৱাতে সি ক’লে : "ৰাশি আজি আহিবি নহয় " :"যাম,আজি ৰিজাল্ট দিয়াৰ কথা আছে,ৰিজাল্টটো লৈয়ে গৈ আছোঁ " :"মই বাট চাম সোনকালে আহিবি,যোৰহাট পোৱাৰ আগতেই খবৰ দিবি" "হ’ব বাৰু "বুলি কৈ ফোনটো কাটি তাইয়ো ফ্ৰেচ হৈ ল’লেগৈ৷পল আৰু মাকে আজিও তাইক থাকিবলৈ যোৰ কৰিছিল যদিও তাই নামানিলে৷ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পলক আকৌ লগ পাম আৰু প্ৰয়োজন হ’লে ফোন মেছেজ কৰি থাকিবলৈ কৈ তাইয়ো ইনষ্টিটিউটৰ ফালে ৰিজাল্ট ল’বলৈ আহিলে৷দহবজাত ৰিজাল্ট ওলালে,তাই এইবাৰ আশাকৰা ধৰণেই ফল পালে৷stateৰ বাবেও তাই চিলেক্ট হ’ল৷বহুত সুখী তাই,সপোনৰ দিশে এখোজ হ’লেও আগবাঢ়িছে,কাক ক’ম কাক নকম যেন লাগিছে তথাপিও সকলোকে ঘৰত গৈ চাৰপ্ৰাইজ দিম বুলিয়ে কাকো নোকোৱাকৈয়ে যোৰহাটৰ গাড়ীত বহিলে৷প্ৰায় চাৰিঘন্টাৰ বাট মুকলি কৰি যোৰহাট পালেহি৷বাছষ্টেণ্ডৰ ওচৰতে অনুজে তাইৰ বাবে ৰৈ আছে৷তাৰ গাড়ীখন দেখা পাই সেইফালেই আগবাঢ়ি গ’ল৷বহুদিনৰ মুৰত তাক দেখি চাৰপ্ৰাইজটো কম বুলি ভাবিছিল কিন্তু অনুজক দেখি তাই উচপ খাই উঠিল৷তাৰ চকুৰ গুৰিবোৰ বৰ বেয়াকৈ কলা পৰি আছে,এনেকুৱা লাগিছে যেন কেইবাদিনো শুৱা নাই,তাতে বগা ৰংটোত কলা ডাৰ্ক চাৰক’ল কেইটা টিকটিককৈ জিলিকি আছে আৰু মুখখন এবাৰেই হেতাঁ পৰি গৈছে৷তাক দেখি কিবা কম বুলি ভাবিও ক’ব পৰা নাই,তাক বহুত টেনচনত থকা যেন লাগিছে তাতে সি বৰ গহীনো হৈ আছে৷সি এনেকৈ থাকিলে তাইৰ অলপ ভয় লাগে তাৰলৈ সেয়ে সহজ হ’বলৈ ডিব্ৰুগড়ৰ কথা,ইনষ্টিটিউটতৰ কথা যিটি কৈ আছে কিন্তু সি মুখেৰে ভালদৰে মতা নাই৷ৰাশিয়ে ভাবি পোৱা নাই সি এনেকৈ তাইক কিয় ইগন’ৰ কৰা দৰে কৰিছে৷তাইৰ অলপ খঙো উঠিল বহুদিনৰ মুৰত লগ পাইছে যদিও অনুজৰ মুখত তাই আহিছে বুলি ফূৰ্তি নাই,আগৰ দৰে কাজিয়া লাগিম বুলিও উৎসাহ নাই কি হৈছে সুধিম বুলি ভাবোতেই অনুজে গাড়ীখন ঘৰৰ ৰাস্তাৰে নগৈ বেলেগ দিশেৰে যোৱাত সুধিয়েই পেলালে :"ঘৰৰ ৰাস্তাটো দেখোন পাৰ হৈ আহিলোঁ,তই গাড়ীখন ক’ত নি আছ’ :"য’ত নিব লাগে৷" :"মানে? " :"গৈ গম পাবিয়েই " :"ৱাহ এইবোৰ নাটক কৰি মোলৈ কিবা চাৰপ্ৰাইজ প্লেন কৰিছ যেন পাইছোঁ" অনুজে মুখেৰে একো নামাতিলে৷হস্পিতালৰ মুখত গৈ গাড়ীখন ৰ’লগৈ৷ৰাশিৰ বুকুখন কপি উঠিল,হঠাৎ এনেকৈ হস্পিতাললৈ আহিলে যে,অনুজৰ ফালে চালে,তাৰ চকুপানী বৈ আহিছে ৷তাই কি হ’ল সুধাৰ আগতেই সি ক’লে :"I am sorry rakhi,মই নোৱাৰিলোঁ আগতীয়াকৈ ক’ব৷মই জানো মোৰ ভুল হ’ল,পাৰিলে মাফ কৰি দিবি" :"অনুজ কি হৈছে কাৰ কি হৈছে ?সকলোবোৰতো থিকেই আছিল নহ’ অনুজে একো এটা মাত নিদিয়াকৈ তাইৰ হাতখন ধৰি icuৰ ফালে লৈ গ’ল৷icuৰ মুখত শেৱালি আন্টিকে ধৰি,জীয়াৰ সম্পৰ্কীয় পেহীয়েক এজনী আৰু সিহঁতৰ কলেজৰ দুই এটা লগৰ আছে৷ভালদৰে চাই জীয়াক তাৰ মাজত নেদেখি কপা কপা মাতেৰে "অনুজ জীয়া ক’ত " বুলি সুধিলে৷সি মুখেৰে একো নামাতিলে,মাত্ৰ আঙুলিটো icuৰ ফালে আগৱঢ়াই দিলে৷তাই দৰ্জাখন খুলি সোমাই গ’ল৷ভিতৰৰ ফৰমেলিটিছখিনি পুৰাই ছয় নম্বৰৰ বেডখনৰ কাষ পালেগৈ৷মুখখন ভালদৰে চিনিব পৰা নাই,হালধিয়া পৰি ফুলি গ’ল গোটেইজনী৷আকাশৰ তৰাটো হেতা হৈ পৰি থকাৰ দৰে যথৰ হৈ পৰি আছে৷তাইৰ বুকুখন হেচাঁ মাৰি ধৰিলে,সেইখিনিত আৰু ৰৈ থকাৰ সাহস নহ’ল৷ঢপলিয়াই অহাদি আহি বাহিৰ পালেহি৷দীঘল দীঘলকৈ উশাহ টানি মাটিতে বহি পৰিল আৰু কান্দি কাটি বাউলী হৈ পৰিল৷অনুজে তাইৰ কাষলৈ আগবাঢ়ি গ’ল,তাক সাবটি ধৰি লৈ কেনেকৈ হ’ল কি হ’ল সুধ-পুচ কৰিলে৷অনুজে কথাখিনি কোৱাত মিছা মিছা বুলি চিঞৰি অনুজক থেলামাৰি বাহিৰলৈ ওলাই গ’ল৷শেৱালি আন্টিয়ো তাইৰ পাছে পাছে দৌৰিলে৷হঠাৎ এনেকুৱা এটা কথা সহ্য কৰাটো কাৰো বাবেই সম্ভৱ নহয় ৷ৰাশিয়ে বিশ্বাসেই কৰিব পৰা নাই জীয়াৰ যে এনেকুৱা কিবা এটা হৈছে৷তথাপিও আন্টিয়ে তাইক যিমান পাৰে বুজাইছে,জীয়া ভাল হৈ যাব বুলিও সাহস দিছে৷অনুজে ৰাশিৰ কাষলৈ যাবলৈ সাহসেই গোটাব পৰা নাই,দুৰৰ পৰাই তাইক চাই আছে৷কিন্তু তাইকটো এনেকৈ চাই থাকিবও নোৱাৰি,সেয়ে তাইৰ কাষত গৈ বহিলেগৈ আৰু তাই তাক ভোকোৱাবলৈ ধৰিলে তইয়ো মোক মিছা কথা ক’লি,ইমান ডাঙৰ কথাটো লুকুৱালি বুলি৷তেনেকুৱাতে খবৰ আহিল যে জীয়াক icuপৰা জেনেৰেল ৱাৰ্ডলৈ বদলি কৰি দিয়া হৈছে৷ৰাশিয়ে দৌৰি গৈ জীয়াৰ কাষ পালেগৈ৷জীয়াৰ হাতত হাত থৈ তাই কৈ গ’ল" বেটা তই সোনকালে ভাল হৈ যাবি,সেইকাৰণেইটো icuৰ পৰাও বদলি কৰি দিলে,আকৌ আমি আগৰ দৰেই একেলগে থাকিম,মোৰ বিশ্বাস আছে খুউব সোনকালেই তই ভাল হৈ যাবি৷চা মই এইবাৰ stateৰ কাৰণেও চিলেক্ট হ’লো,দেখিলি নহয়,তই মোক কোৱাৰ দৰে আনৰ লগতে এইবাৰ মই নিজৰ কথাও অলপ ভাবিলো আৰু সেয়ে এনেকুৱা এটা সপোন পুৰ কৰিব পাৰিলোঁ৷জীও এবাৰ চকুমেলি চা চোন মই আহিছোঁ তোৰ ওচৰলৈ৷"ৰাশিৰ মাতটো শুনি জীয়াই চকুমেলিলে আৰু দুধাৰি চকুপানী বৈ গ’ল তাইৰ৷ৰাশিয়ে জীয়াই চকুমেলা দেখিয়ে নাৰ্ছক মাত লগালে আৰু নাৰে্ছ আহি চেকআপ কৰি জীয়া আৰু নাই বুলি কৈ তাইৰ মেলি থোৱা চকুকেইটা জপাই দিলে৷ৰাশিয়ে কথাটো শুনিয়েই চিঞৰ মাৰি দিলে" কেনেকৈ হ’ব,তাই এইমাত্ৰ চকু মেলি মোক চাইছিলে ,আপোনাৰ কিবা ভুল হৈছে ডক্তৰ ক’ত বুলি দৌৰি ৰুমটোৰ পৰা বাহিৰলৈ আহি পাগলৰ দৰে অনুজক কান্দি কাটি ক’লেহি"অনুজ ইহঁতি জীয়া নাই বুলি কৈছে,কিন্তু তাই চকু মেলিছিলে এইমাত্ৰ মই দেখিছিলো" বুলি কৈ ডক্তৰ ক’ত ডক্তৰ ক’ত বুলি কৈ সেইখিনিতে ঢলি পৰিল৷জীয়াৰ খবৰটো পাই সকলোৱে কন্দা কটা আৰম্ভ কৰিছিলহে তাতে ৰাশিৰো এনেকুৱা অৱস্থা দেখি তেওঁলোক চিন্তাত পৰিল৷ৰাশিৰ হাৰ্টবিটবোৰ slow হৈ উশাস লোৱাত কষ্ট হোৱাত অক্সিজেন মাক্স লগাই দিলে৷জীয়াৰ খবৰটো পাই তাই একেবাৰেই ভাগি পৰিল আৰু বিপিও একেবাৰেই ল’ হৈ গ’ল৷সেয়ে তাইকো মেডিকেলতে এডমিট কৰি সিহঁতৰ ঘৰলৈ খবৰ দিলে৷(আগলৈ)

Wednesday, June 17, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৪) _____________________ ৰাতিলৈ ৰাশিয়ে অনুজৰ লগত বহুতদেৰি ফোনতে কথা পাতিলে৷গালি খোৱাৰ ভয়তে পলক লগ কৰিবলৈ যোৱা কথাটোও নক’লে ৷মানুহে চকুৰ আতঁৰ হ’লে মনৰো আতৰ হয় বুলি কয় কিন্তু সিহঁতৰ সৰুসুৰা কাজিয়াবোৰে এক চেকেণ্ডৰ বাবেও ইটোৱে সিটোক মনৰ পৰা আতৰ হ’বলৈয়ে নিদিয়ে৷দিনবোৰো চমু চাপি আহিছে,ফাইনেল খেলখনলৈ মাথোঁ দুটা দিন আছে৷সংসাৰৰ সকলো কথা বাদ দি ৰাশিয়ে এইবাৰ মাত্ৰ খেলখনত জিকি অনুজক চাৰপ্ৰাইজ দিয়াৰ কথাহে ভাবি আছে৷তাইৰ কষ্টবোৰ দেখি ট্ৰেইনাৰ কেইজনেও সলাগিছে৷তাকে দেখি খেলত জিকাৰ হেপাঁহ আৰু উদ্যম দুয়োটাই একেবাৰেই দুগুণে বাঢ়ি গৈছে৷ ৰাতিপুৱাই শুই উঠি গা পা ধুই গোহাঁই ঘৰতে শেৱালি আন্টিয়ে ৰাশিৰ খেলখনৰ বাবে চাকি এগচি দিছে৷আজি ফাইনেল খেল আৰু খেলখন আৰম্ভ হোৱাৰ আগতেই জীয়া আৰু অনুজে এবাৰ ৰাশিৰ সৈতে কথা পাতি Best wishes দিছিল ৷যাতে এইবাৰ তাই খেলখনত জয়ী হয়৷ৰাশিৰ খেল চাবলৈ পল আৰু পলৰ মাকো ষ্টেদিয়ামলৈ আহিছে৷অনুজে ঘৰতে গোটেইখন ধৰধৰমাৰ মাৰ কৰি আছে,খেলিছে ৰাশিয়ে কিন্তু তাৰ হে ভয় বাঢ়িছে৷ৰাশিয়ে খেলত জিকিলে তাইক গিফ্ট দিব বুলিয়ে চেইন এডাল আনি থৈছিল,সেইদালকে লৈ ভগৱানক ভাবি আছে,জীয়াই অনুজক ইফালৰ পৰা সিফাল কৰি থকা দেখি কিনো হ’ল জানিবলৈ ওচৰতে বহিলহি আৰু অনুজৰ চেইনদাল দেখিয়ে coinsidently তইয়ো ৰাশিৰ বাবে লকেট এটা আনি থৈছিল দিবলৈহে পাহৰি আছে বুলি কৈ লকেটটো আনি অনুজক দেখুৱালেহি৷লভ ডিজাইনৰ লকেটটোত এফালে জীয়া আৰু আনফালে ৰাশিৰ ফটো দিয়া আছে৷গল্ডেন ৰংৰ খুউব ধুনীয়া চকুল লগা লকেটটো দেখি অনুজে এইটো এইদাল চেইনতে লগাই ৰাশিক গিফ্ট দিম বুলি লৈ থ’লে৷হাহিঁ ধেমালিৰে সময়বোৰ ৰঙীন হৈছিলহে হঠাৎ জীয়ালৈ ক’ল এটা আহিল আৰু তাই লগালগ ৰুমলৈ গৈ কাপোৰ কানি বান্ধি আনি "অনুজদা, মই ঘৰলৈ যাওঁ important কাম এটা আছে, ৰাশি আহিলে মই ইমপৰটেন্ট কাম এটাত ঘৰ যোৱা বুলি ক’বা আৰু লকেটটো তুমিয়েই চেইনডালৰ লগত দি দিবা" ৷হঠাৎ এনেকৈ জীয়া যাবলৈ ওলোৱা দেখি অনুজ আৰু শেৱালি আন্টিয়ে তাইক কিয় যায়,কি হ’ল ধেৰ প্ৰশ্ন কৰিলে কিন্তু তাইৰ হাতত একো এটা প্ৰশ্নৰো উত্তৰ নাছিল মাত্ৰ তাই কৈছে ঘৰৰ পৰা আৰজেণ্ট ফোন কৰি তাইক মাতিছে৷অনুজে বাছ ষ্টেণ্ডলৈকে থ’বলৈ যাম নেকি সুধিছিল কিন্তু ইমান গৰমত নালাগে,অকলেই পাৰিম বুলি কৈ তাই ওলাই গ’ল৷ জীয়া ওলাই যোৱাৰ ডেৰঘন্টামানৰ পাছত অনুজে তাই ক’ত পালেগৈ,ঘৰ পালেনে নাই জানিবলৈ ক’ল কৰিলে কিন্তু ক’লটো কোনোবা বেলেগেহে ৰিচিভ কৰিলে৷তাইৰ ঘৰৰ কোনোবাই ৰিচিভ কৰিলে বুলি সি কোনো মাত নিদিয়াকৈ ক’লটো কাটি দিলে৷কিন্তু অলপসময় পাছত পুলিচ ষ্টেচনৰ পৰা অনুজলৈ ফোন আহিল আৰু জীয়াৰ এক্সিডেণ্ট হোৱাৰ খবৰটোৰ লগতে JMCHত এডমিট কৰাৰ কথাটোও ক’লে৷ফোনত কি হ’ল কেনেকৈ হ’ল একো সুধি নাথাকি সি লৰালৰিকৈ মাকক কথাটো জনাই দুয়োটা গৈ মেডিকেল পালেগৈ৷আই.চি.ইউ ৰ মিকু নামৰ ৱাৰ্ডটোত জীয়াক এডমিট কৰা হৈছে আৰু জীয়াৰ ঘৰৰ মানুহলৈয়ো খবৰ দিয়া হৈ গ’ল৷কিন্তু এতিয়ালৈকে কোনো পোৱাহিয়েই নাই,নাৰ্চে আহি অপাৰেচনৰ বাবে ঘৰৰ মানুহৰ চাইন বিচাৰিলে৷কিন্তু অনুজহঁতে আহি পাইয়ে এনেকুৱাবোৰ দেখি কি হ’ল একোৱেই বুজি পোৱা নাই ৷মাকক দাতিঁৰ বেন্সখনতে বহুৱাই ভয়ে ভয়ে অনুজে পুলিচজনৰ কাষলৈ কি হ’ল জানিবলৈ আগুৱাই গ’ল,আৰু পুলিচজনৰ কথা শুনি অনুজ মাটিতে লুটিখাই পৰিলে৷অনুজক লুটিখাই পৰা দেখি মাকে দৌৰি অহাদি আহি কি হ’ল সুধিলে ৷অনুজে একো ক’ব পৰা নাই তাৰ উঠদুটা মাথোঁ ল’ৰি আছে,কথাবোৰ স্পষ্ট হোৱা নাই৷মাকৰ মনটোত অসংখ্য বেয়া বেয়া চিন্তাই আহি জুমুৰি ধৰিলেহি৷মাকে কি হ’ল ক’ ক’ বাবা কি হ’ল বুলি সুধি থাকিলে৷সি ক’লে :"মা এওঁ কৈছে জীয়াই বোলে গাড়ীৰ আগত পৰি চুইচাইড কৰিবলৈ চেষ্টা কৰিছিল,কিন্তু তাইটো আজি ঘৰৰ পৰা হাহিঁ মাতিয়েই ওলাই গৈছিল আৰু জীয়াই এনেকুৱা একো কৰিব নোৱাৰে,তুমি কোৱাচোন" "মই জানো জীয়াই তেনেকুৱা একো নকৰে৷মই কথা পাতোঁ ৰ’বা "বুলি কৈ শেৱালি আন্টিয়ে পুলিচৰ কনষ্টেবল জনৰ সৈতে কথা পাতি জীয়াই চুইচাইড কৰিবই নোৱাৰে বুলি ক’লে ৷কিন্তু তেখেতে ক’লে" :"এক্সিডেন্টটো দেখাসকলেটো সেইটোৱেই কৈছে ,ভোগদৈৰ অভাৰব্ৰীজখনৰ ওচৰত ছোৱালীজনীয়ে জানি বুজিয়েই ট্ৰাকখনৰ আগলৈ জপিয়াই দিলে" :"আপোনালোকৰ কিবা এটা ভুল হৈছে নেকি,জীয়াই ভোগদৈৰ অভাৰব্ৰীজলৈ কিয় যাব৷তাইটো আজি ঘৰলৈ যাবলৈহে ওলাইছিলে আৰু হাহিঁ মাতিও আছিলে৷বেয়া নাপায় যদি ছোৱালীজনীক লগ পাব পাৰোনে?" :"নাই pateintৰ অৱস্থা বহুতেই বেয়া,বাছিবনে নাই তাৰো কোনো গেৰাণ্টী নাই আৰু অপাৰেচন নোহোৱালৈকে তেওঁৰ কাষলৈ কাকো যাবলৈ দিব নোৱাৰিম৷কিন্তু ছোৱালীজনীৰ লগত তাইৰ মবাইল,বেগ আৰু কিবাকিবি দুইএটা বস্তুটো পাইছোঁ সেইকেইটাৰ পৰা আপোনালোকৰ doubt clearহ’ব পাৰে৷" অনুজে বহাৰ পৰা উঠি বস্তুকেইটা চাওঁ বুলি পুলিচজনৰ পাছে পাছে গ’ল ৷তাৰ লগে লগে শেৱালী আন্টিয়ে গৈ যেতিয়া বস্তু বাঢ়নীবোৰ জীয়াৰ বুলিয়েই চিনাক্ত হ’ল তেওঁলোকৰ ভৰিতলৰ মাটিবোৰ যেন নোহোৱা হৈ গৈছিল৷জীয়াৰ ঘৰৰ মানুহ কোনো নহা দেখি লোকেল গাৰ্জেন হিচাপে অপাৰেচনৰ বাবে তেওঁলোকেই চাইন কৰি দিলে৷ৰাশিহঁতৰ ঘৰলৈয়ো খবৰ দিয়াত ৰাশিৰ দেউতাক আহি ওলালহি৷তেতিয়ালৈকে জীয়াহতঁৰ ঘৰৰ কোনো মানুহেই নহা দেখি ভালদৰে খবৰ খাটি কৰাত জীয়াহতঁৰ ঘৰৰ ভয়ংকৰ তথ্যবোৰ সিহঁতৰ হাতত পৰিলহি৷ ৰাশিয়ে খেলখল শেষ হোৱাৰ পাছটো অনুজৰ ফোনটো নহাত বাৰে বাৰে তালৈ ক’ল কৰিলে৷অনুজে ফোন ৰিচিভ নকৰাত এপাকত তাইৰো বুকুখন ধিপিংকৈ মাৰিলে সেয়ে জীয়ালৈ ক’ল কৰিলে৷কিন্তু জীয়াৰ ফোনটোও ৰিচিভ নকৰাত শেৱালি আন্টিলৈ ক’ল কৰিলে৷তেওঁ ফোনটো ৰিচিভ কৰিয়ে কপাঁ কপাঁ মাতেৰে ক’লে :"কোৱা" :"আন্টি অনুজ জীয়া এটাইয়ো ক’ল ৰিচিভ কৰা নাই যে,মোৰ খেল কেতিয়াবাই শেষ হ’ল আৰু ইহঁতি খবৰ এটাও লোৱা নাই যে,মোক আপোনালোকে পাহৰিয়েই পেলালে " :"নাই অ’ নাই পাহৰা "(অলপকৈ উচুপি উঠিছে) :"কিয় আন্টি কি হ’ল আপুনি কান্দিছে নেকি ?" :"নাই " :"অনুজ আৰু জীয়া ক’ত ফোনটো দিয়কচোন" এইবাৰ আৰু সহ্য কৰিব নোৱাৰি তেওঁ কান্দিয়েই পেলালে৷তেওঁৰ কান্দোনৰ বিননিত ৰাশিৰ মনৰ ভয়টোৱে তাইৰ বুকুত ধিপিং ধিপিংকৈ মাৰিলে,তেনেকুৱাতে অনুজে হস্পিতালৰ ফৰ্মেলিটিখিনি সামৰি আহি পাই মাকৰ হাতৰ পৰা ফোনটো কাঢ়িলৈ ৰাশিৰ নামটো দেখি হেল্ল বুলি ক’লে৷ :"অনু is everything right,মোৰ মনটো কিবা ভাল লগা নাই আৰু আন্টিয়ে কিয় কান্দিছে " :"সব থিকেই আছে,আজি মাংস বনাইছিল তই খাই ভাল পাওঁ যে আৰু তাতে ইমানদিন তই নাই সেয়ে তোৰ মাতটো শুনিয়েই emotional হৈ গ’ল৷" :"সচাঁ কৈছটো আৰু জীয়া ক’ত গ’ল " :"জীয়া চাদলৈ গৈছে কাপোৰ আনিবলৈ" :"অঔ তহঁতি একমিনিটৰ বাবে মোক ভয় খোৱাই দিছিলি কোনেও ফোন ৰিচিভ কৰা নাই ,মোৰ খবৰ এটাও লোৱা নাই ৷" :"মই কাম এটাত বিজি হৈ আছোঁ তোক পাছত ক’ল কৰি আছোঁ" :"কি মানে?মোৰ খেলখন কেনেকুৱা হ’ল সুধিবলৈয়ো টাইম নাই ,এনেকুৱা কি ডাঙৰ কাম কৰি আছ" :"মই জানো তই ভাল খেলিছ বুলি,তই মাত্ৰ সোনকালে গুচি আহ,বহুত মিছ কৰিছোঁ " :"সোনকালেই যাম বাৰু " :"থিক আছে bye ,take care" ফোনটো ৰাখি অনুজৰ চকুপানী টোপটোপকৈ ববলৈ ল’লে৷শেৱালি আন্টিয়ে ৰাশিক কিয় জীয়াৰ কথাবোৰ নক’লে সুধিলে আৰু সি ক’লে :"জীয়াৰ এইটো অৱস্থাৰ কথা যদি তাইক কওঁ তাই এতিয়াই গুচি আহিব আৰু তাইৰ যদি কিবা হয়,জীয়াৰ নিচিনাকৈ৷নাই নাই তাই আহিলেহে ক’ম,তুমিও নক’বা আৰু আনকো তাইক এইবোৰ ক’বলৈ মনা কৰিবা,ইনেই টেনচন ল’ব৷" অনুজ আৰু শেৱালি আন্টিৰ কথাবোৰ শুনি থকা ৰাশিৰ দেউতাকে ক’লে :"কিন্তু বোপা জীয়া ৰাশিৰ ..." :"প্লিজ খুড়া ৰাশিক এই বিষয়ে একোৱেই নক’ব৷ইনেও খেল শেষহ’ল যেতিয়া দুই এদিনতে তাইয়ো আহিবই ,এইখিনি সময়ত তাই বা তাত কেনেকৈ আছে৷সেয়ে তাইক এতিয়াই এইবোৰ কোৱাটো ভাল নহ’ব ৷" অনুজৰ কথাবোৰ বুজি সকলোৱে তাৰ কথাতে হয়ভৰ দিলে৷যদিও জীয়াৰ অৱস্থাটো চাই কি হ’ব একোৱেই ধৰিব পৰা নাই৷অলপ আগৰলৈকে হাহিঁ মাতি থকা ছোৱালীজনী হঠাৎ এনেকুৱা কি হৈ গ’ল যে তাই ইমান ডাঙৰ এটা পদক্ষেপ নভবা নিচিনাকৈয়ে লৈ ল’লে৷বিশ্বাস কৰিব নোৱাৰি কিন্তু ৰাস্তাৰ দাতিত লগাই থোৱা চিচিটিভিৰ কেমেৰা ফটোবোৰৰ সহায়ত জীয়াই ফোনত কথা পাতি পাতি ট্ৰাকখন অহাত জানিবুজিয়েই জপিয়াই দিছে বুলি জলজলপটপটকৈ ধৰিব পাৰি৷সচাঁই মানুহৰ জীৱন তেনেই ক্ষন্তেকীয়া,এই আছে এই নাই৷সকলোবোৰতো থিকেই চলি আছিল,জীয়াই প্ৰথমৰ দৰে ভাবুক হৈ নাথাকি সাহসেৰে জীৱন সংগ্ৰাম উঠিপৰি লাগিছিল৷ঘৰৰ সমস্যাবোৰেও লাহে লাহে তাই কোঙা কৰিব পৰা নাছিল৷তাইয়ো জীৱন যুদ্ধত থিয় দিয়া এগৰাকী সাহসী যুদ্ধা কিন্তু এতিয়া তাই হস্পিতালৰ বেডিংত যুজি জীৱন আৰু মৃত্যুৰ লগত যুজি আছে৷তেজ মঙহৰ নালাগে আজি তাইৰ কাষত থিয় দিবলৈ তাইক ন’ মাহ দিন পেটত ৰাখি জন্মদিয়া মাকজনীও নাই৷(আগলৈ)

Sunday, June 14, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫৩) _____________________ ডিব্ৰুগড় আহি পাই ৰাশিয়ে খুউব ভালদৰে মনপুতি খেলৰ লগতেই ব্যস্ত হৈ পৰিল৷এদিন হঠাৎ তাই পলক লগ পালে আৰু তাৰ সৈতে কথাপাতিব বিচাৰিলে কিন্তু সি তাইৰ কাষেদিয়েই অচিনাকি মানুহৰ দৰে পাৰ হৈ গ’ল৷তাৰ অৱস্থাটো থিক ভাল যেন নালাগিল,সি অদ্ভুত আচৰণ কৰিছিল৷ তাই মাত দিয়াটো তাইৰফালে একেথৰে চাই ৰৈছিল আৰু নিজে নিজেই আতৰি গৈছিল৷দেখাত তাক এতিয়াও আগৰ দৰেই অকলশৰীয়া যেনেই লাগিছে ৷পলৰ অৱস্থাটো দেখি ৰাশি হতভম্ব হৈ ৰ’ল৷সাতমাহতেই বহুখিনি সলনি হ’ল,কিন্তু ঘৰলৈ যোৱাৰ পাছত পলৰ লগত কন্টেক কৰিবলৈ তাই কেইবাবাৰো চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে৷তাৰ নেচনেলত নোপোৱাৰ খবৰটো পেপাৰ পঢ়োতেই বুজি উঠিছিল৷সি বাৰু নেচনেলত নোপোৱাৰ বাবে ভাগি পৰিলে নেকি জানিবলৈ তাই চেষ্টা কৰিলে৷তাই থকা ইনষ্টিটিউট খনৰ পৰাই কিবা কৰি পলৰ বিষয়ে অলপ ইনফৰমেশ্যন উলিয়ালে আৰু পলৰ মাকৰ নম্বৰটোও তাতেই পালে৷পলৰ কথাবোৰ তাই অনুজকো কৈছিল কিন্তু সি এইবোৰত গুৰুত্ব দিয়া নাই "পুনৰ এইবোৰত লাগি নিজৰ কেৰিয়াৰটো বৰবাদ নকৰিবি বুলিহে ক’লে"৷কিন্তু অনুজৰ কথাৰ কাণসাৰ নকৰি তাই পলৰ মাকৰ নম্বৰটোত ফোন লগালে৷সিমুৰৰ পৰা ৰিচিভ কৰিয়েই ক’লে :"হেল্ল কোনে কৈছে?" :"মই ৰাশিয়ে কৈছোঁ,মনত আছেনে গুৱাহাটীৰ খানাপাৰাত খেলৰ বাবে লগ পাইছিলো যে পলৰ লগৰ৷" :"তোমাক কেনেকৈ পাহৰিম"(কপা কপা মাতেৰে ক’লে) কোৱা কিয় ফোন কৰিছিলা ৷" :"আন্টি মই পলৰ খবৰ সুধিবলৈ ফোন কৰিছিলোঁ৷তাক কালি লগ পাইছিলো But সি বহুত strange behave কৰিছিল আৰু মোকো চিনি নাপালে,সি ঠিকেই আছেনে?" :" নাই সি একেবাৰেই ঠিক নাই,সেইদিনা মোৰ ভুল হৈ গ’ল অ’ ৷পাৰিলে মোক ক্ষমা কৰি দিবা৷" :"আন্টি আপুনি এনেকৈ কিয় কৈছে ,আপুনি মাক হিচাপে নিজৰ ল’ৰাটোৰ বাবে ভালটো বিচাৰিছিল মাত্ৰ আপোনাৰ পথটো শুদ্ধ নাছিল৷বাৰু পলৰ কি হৈছে" :" নেচনেলত চিলেক্ট হোৱাৰ দিনা মই যেতিয়া তাক ঘৰলৈ লৈ আহিছিলোঁ,সি তোমাক এবাৰ লগ কৰিবলৈ বহুত জিদ কৰিছিল,কিন্তু মইহে নিদিলোঁ৷ঘৰত আহিও সি ভালদৰে মোৰ সৈতে কথা নপতা হ’ল,কয় বোলে প্ৰথমবাৰ কোনোবা ফ্ৰেণ্ড হৈছিল তাৰ লগত আৰু মোৰ বাবে সি হেৰুৱাব লগীয়া হ’ল৷লাহে লাহে সকলো সলনি হৈছিল মোৰ বাহিৰে তাৰ কোনো নাছিল সেয়ে বেছিদিন বেয়া পাই থাকিব নোৱাৰিলে,তথাপিও মনে মনে তাৰ মোৰ ওপৰত খং এটা উঠি থাকিবলৈ ল’লে৷সি খিংখিঙীয়া হৈ পৰিল,মাতবোল একেবাৰেই নকৰা হ’ল৷খেলৰ দিন চমু চাপি আহিল,নুখুৱা নুবুৱাকৈ দিনৰাতি একাকাৰ কৰি মাত্ৰ খেলত ধ্যান দিলে৷মই তাৰ খংৰ আগত একো কৰিব নোৱাৰা হ’লো৷তাৰ ব্যৱহাৰ পাতি বেয়া হৈ পৰিল,অত্যন্ত খং হ’লেও তাক বুজাইছিলো বাৰে বাৰে এবাৰ যদি নেচনেলত কিবা এটা পাই তেনেহ’লে আৰু চিন্তা কৰিব লগীয়া বিশেষ নাই৷মোৰ জহতেই সিও অত্যাধিক কষ্ট কৰিলে আৰু নেচনেলৰ বাবে থাইলেণ্ড পালোগৈ৷খেলত সি হাৰিলে,সেইদিনা ৰাতিপুৱাই মোৰ লগত সৰু কথা এটাৰ বাবে তৰ্কাতৰ্কি হৈছিল৷মই তাক নেচনেলত পাব লাগিব বুলিয়েই জোৰ দিছিলোঁ আৰু তাৰ খংটোৰ বাবেই সকলো খেলিমেলি হৈ গ’ল৷ইমান খং কিয় বুজিব নোৱাৰিলোঁ৷তাৰ পাছত সি ৰুমতে সোমাই থাকিবলৈ ল’লে,মাতবোল একেবাৰেই নকৰা হ’ল৷ডক্টৰৰ ওচৰলৈ নিলোঁ ক’লে সি mentally depressed হৈ আছে৷আৰু তেওঁলোকে phycologistsৰ কাৰণে consult কৰিলে৷কিন্তু সি যাব নুখুজিলে৷ঘৰৰ পৰাও নোলোৱাই হ’ল৷ল’ৰাটোৰ এনেকুৱা ব্যৱহাৰ দেখি মই তোমাক বহুতবাৰ লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ৷সি এতিয়াও তেনেকৈয়ে আছে,খেলিবলৈয়ো এৰি দিলে৷মাজে মাজে instituteলৈ যায়,গেটৰ মুখৰ পৰাই চাই গুচি আহে৷কাকো মাতবোল নকৰে,নিজৰ ৰুমতেই সোমাই থাকে৷নাজানো মোৰ ল’ৰাটো কি হৈ গ’ল৷মানুহে তাক আজিকালি পাগল হ’ল বুলিয়ো কয়,চকুৰ আগত মই মোৰ ফুলকুমলীয়া উঠি অহা ল’ৰাটো কেনেকৈ চাই থাকোঁ৷সেইদিনা যদি তুমি লগত থাকিলা হয় হয়তো আজি তাৰ এনেকুৱা নহ’লহেতেন৷খেলত হৰাৰ পাছত সি একেবাৰেই ভাগি পৰিছিল,তাক উৎসাহ দিবলৈ তাৰ কোনো বন্ধুও নাছিল,তাৰ লগত কথাপাতিবলৈয়ো কোনো নাছিল৷মই সেইদিনাহে বুজিছিলো মানুহৰ জীৱনত বন্ধুত্বৰ মুল্য কি৷ :"আন্টি আপুনি নাকান্দিবচোন,ভুল সকলোৰে হয় আৰু মই কিবা সহায় কৰিব পাৰোঁ নিকি,যদি মোৰ ফালৰ পৰা কিবা কৰিব পৰা যায় মই নথৈ সুখী হ’ম৷" :"ৰাশি তুমি মোৰ ভুলবোৰ ক্ষমা কৰি যদি পাৰা এদিন আমাৰ ঘৰলৈ আহিবানে৷" "মই ইনষ্টিটিউটৰ পৰা পাৰমিশ্বন লৈ আপোনাক জনাব বাৰু "বুলি কৈ ক’লটো কাটি দিলে৷ৰাশিৰ মনটোত শোক এটাই বেৰি ধৰিলে৷কেনেকৈ মানুহৰ জীৱনে হঠাৎ এনেকুৱা ৰূপ ল’ব পাৰে৷পলৰ দৰে ল’ৰা এটা ইমান কম বয়সতে এনেকুৱা হ’ব পাৰেনে৷এই সকলোখিনিত মাকৰ দুখ নথকা নহয়৷যদি মাকে টকা পইচাৰ কবলত অন্ধ নহৈ মানবীয়তাৰ কথা বুজি উঠিল হয় আৰু পলক যদি বন্ধুত্ব গঢ়াত সদায় কৰিলে হয় তেন্তে আজি সি হীনমন্যতাত নুভুগিলে হয়৷মাকে যদি উচিত সময়ত উচিত ব্যৱস্থা ল’লেহেতেন,সময়ৰ লগত কেনেকৈ চলিব লাগে শিকালেহেতেন,তাক তাৰ জীৱনটো নিজৰমতে চলিবলৈ দিলেহেতেন,আজি পল একেবাৰেই সুস্থ হৈ থাকিল হয়৷ ৰাশিয়ে কথাবোৰ ভাবি ভাবি শুবলৈ লওঁতেই অনুজৰ ফোন আহিল৷ক’লটো ৰিচিভ কৰি তাই ধীৰ মাতেৰে ক’ কি হ’ল বুলি কোৱাত অনুজ অলপ আচৰিত হ’ল আৰু তাইক সুধিলে :"কি হ’ল তোৰ কিবা গা চা বেয়া নেকি?" :"নাই মই থিকেই আছোঁ কথা এটাহে ভাবি আছিলোঁ " :"কি কথা ভাবি আজি আমাৰ টেকটেকীজনী গহীন হৈ আছে জানিব পাৰোনে?" :"অ’ প্লিজ অনুজ ,মই এতিয়া ধেমালি কৰাৰ moodত একেবাৰেই নাই" :"is anything serious?" :"তই মোক গালি নাপাৰিবি দেই,তই মনা কৰাৰ পাছতো মই আজি পলৰ মাকলৈ ফোন কৰিছিলোঁ" :"তোক মই মানা কৰা পাছতো তই এইবোৰত কিয় লাগি আছ্৷আকৌ আগৰবাৰৰ দৰে চিলেক্ট নহ’লে নিজেই পস্তাবি হ’লে কৈ দিছোঁ৷লোকৰ প্ৰব্লেমবোৰকে সামৰি নাথাকিবিচোন তোৰ নিজৰ লাইফটোৰ কথা ভাব" :"এইবোৰ কাৰণতে একো কথা নকওঁ তোক,দেখিছ নহয় কেনেকৈ গালি দিবলৈ ষ্টাৰ্ট কৰি দিলি " :"গালি খোৱা কাম কৰিলে গালি খাবিয়েই৷আৰু মই তোক এইবোৰৰ পৰা দুৰত থাকিবলৈ কৈছোঁ৷নিজৰ কাম ভালদৰে কৰ’ আৰু তই এইবাৰ চিলেক্ট হোৱাটো বিচাৰোঁ,তই যদি এইবাৰো চিলেক্ট নহওঁ তেনেহ’লে পাছত আমাৰ ৰিলেচনটোৰ কথা কোনোবাই গম পাব হ’লে,প্ৰেম কৰি কৰি মোৰ বাবেই তোৰ কেৰিয়াৰ বৰবাদ হ’ল বুলি ওলাব৷তাতে সেই মানুহজনী কিমান অহংকাৰী তই জান নহয় বাদ দে,সিহঁতি যি কৰে কৰিবলৈ দে" :"বুজিছোঁ কিন্তু মানুহৰ situationবোৰ সদায় একেই নাথাকে৷কালি তেওঁ যেনেকুৱা আছিল আজি কথা পাতি একেবাবে তাৰ বিপৰীতটো দেখিছোঁ৷আৰু পলৰ কি হৈছে তই নাজান নহয় " :"মই জানিবও নোখোজো আৰু তোৰ যদি এইবোৰকে কৰিবলৈ মন তেনেহ’লে ঘৰলৈ গুচি আহ৷কোনোবা এটা কাম ক’ৰ,যদি সেইটোকে কৰিব নোৱাৰ মোৰ লগত কথা নাপাতিবি" ৰাশিয়ে অনুজক বুজাবলৈ চেষ্টা কৰিও নোৱাৰিলে৷সি তাইৰ কোনো কথাই শুনিব নোখোজে সেয়ে তাই পলৰ related কোনো কথাতে মন নিদিওঁ বুলি ক’লে আৰু এইবাৰ চিলেক্ট হৈ দেখুৱাব বুলিও কথা দিলে৷অনুজৰ লগত কথা পাতি হোৱাত তাই বিচনাতে পৰি পলৰ কথাটো আৰু তাক তেনেকুৱা অৱস্থাত এৰি দিয়াটো ভাল নহ’ব বুলি ভাবিলে৷কৰিবনো কি উপায়ো নাই,অনুজেটো চিধাচিধি মনা কৰি দিছে আৰু কেনেবাকৈ গম পাব হ’লটো কথা বেয়া হ’ব৷তথাপিও তাই মনে মনে পলৰ বাবে কিবা এটা কৰাৰ কথা ভাবিলে৷পাছদিনা পলৰ মাকে ৰাতিপুৱাই ফোন কৰি আবেলিলৈ তাইক এপাক লগ পাবৰ বাবে বিচাৰিলে৷তাইয়ো মনা কৰিবলৈ বেয়া পাই আহিব বুলিয়ে ক’লে৷আবেলি তেখেতৰ লগত কথা বতৰা পাতি দেওবাৰ এটাত তেওঁলোকৰ ঘৰলৈ যোৱাৰ প্ৰগেম পাতিলে,লগতে ইনষ্টিটিউটত এপ্লিকেচন এখন দি দিলে৷তাতে পলৰ মাকে গাৰ্জেন হিচাপে sign কৰাত পাৰমিশ্বনটো পালে৷ নিদিষ্ট দেওবাৰটোত ৰাতিপুৱাই পলৰ মাকে গাড়ীখন লৈ তাইক নিবলৈ অহাত তেখেতৰ লগতেই গৈ ঘৰ পালেগৈ৷খুউব ধুনীয়াকৈ সজাই পৰাই বনোৱা ঘৰটোৰ দীঘলীয়া কৰিদৰটোৰে গৈ পলৰ ৰুমত সোমালগৈ৷ৰুমটো একেবাৰেই আন্ধাৰ,খিৰিকীখনো মেলা নাই,দৰ্জাখন খুলি দিয়াত বাহিৰৰ ৰুমৰ পৰা অহা জিলিকনিৰ বাদে একো নাই৷মৃদু পোহৰৰ ৰুমটোত বিচনাখনৰ চুক এটাত পল বহি আছে তল মুৰ কৰি৷অবাক লাগি ৰাশিলৈ মুৰতুলি চাইছে হয়তো মাকৰ বাহিৰে প্ৰথমবাৰ আন কোনোবা তাৰ ৰুমলৈ আহিছে৷তাইক দেখি সি অলপো সুখী নহয় যেনেই লাগিছে৷ৰাশিৰো মনত ভয় ভয় ভাব এটা আহি আছে,কাকো নোকোৱাকৈ অচিনাকি ঠাইত অচিনাকি মানুহ এঘৰলৈ এনেকৈ আহিছে৷অনুজক ক’লেও সি খং কৰিব সেয়ে তাকো এই বিষয়ে একো নজনোৱাকৈ আহিছে৷পলৰ মাকে দুৰৰ পৰাই ৰুমটো দেখুৱাই দিয়াত পুনেই ৰুমটোলৈ সোমাই আহিলে৷লাইটৰ চুইচবৰ্ডখনো ক’ত আছে বিচাৰি পোৱা নাই,সেয়ে পলক মাত লগাই খিৰিকীখন মেলি পৰ্দাখনকেইখন চপাই দিলেগৈ৷ৰুমটো পোহৰ হৈ পৰাত পলে বন্ধ কৰিবলৈ চিঞৰ মৰাত মাকে দৌৰি আহি তাৰ ৰুম পালেহি৷ৰাশিয়ে তাৰ চিঞৰ শুনি প্ৰায় ভয় খায় উঠিছিল৷মাকে পলক ৰাশিৰ লগত কথা পাতিবলৈ বুজাই ,ৰাশিক নিজেই কিবাকিবি সুধিবলৈ কৈ পাকঘৰ পালেগৈ৷ৰাশিয়ে পলৰ কাষতে বহি তাইক চিনি পাইছেনে আৰু গুৱাহাটীৰ দুইএটা কথা মনত পেলাই দিলে৷অলপ সময় পাছত পলে এপাকত তাইক গবামাৰি ধৰি আকৌ নোযোৱা নহয় মোক এৰি বুলি কোৱাত তাইৰ জীয় উৰি যাওঁ যেন কৰিল৷তথাপিও তাৰ মানসিক অৱস্থাটোৰ কথা ভাবিয়েই তাক নাযাওঁ বুলি কৈ তাৰ কাষৰ পৰা উঠি দিলে৷তাই তাৰ লগত দুই এটা কথা পাতি তাৰ লগত সহজ হ’বলৈ খুজিলে আৰু ৰুমটো কিয় আন্ধাৰ কৰি ৰাখিছে সুধিলে৷সি ক’লে " মোৰ গোটেই জীৱনটোতেই পোহৰ নেদেখিলো,ৰুমটো পোহৰাই কি কৰিম৷" ৰাশিয়ে বুজালে বহুত কিবাকিবি,হয়তো সিও বুজিছিল আৰু সেয়ে তাইৰ কথাবোৰ খুউব মন দি শুনিছিল৷কথাবতৰা পাতি হোৱাত ৰাশিয়ে ৰুমটোৰ পৰা ওলাই আহিব খোজাত সিও তাইৰ পাছে পাছে ওলাই আহিছিল৷এনেকৈ বহুদিনৰ মুৰত ৰুমটোৰ পৰা বাহিৰলৈ ওলাই অহা দেখি তাৰ মাক খুউব সুখী৷অতদিনৰ মুৰত অসম্ভৱ যেন লগা কাম এটাও ৰাশিৰ বাবে আজি সম্ভৱ হৈ উঠিল৷পলে সৰু ল’ৰাটোৰ দৰে ঘৰটোত ৰাশিৰ পাছে পাছে ঘুৰি ফুৰিল৷তাইৰ যাবলৈ সময় হোৱাত তাইক যাবলৈ নিদি হাতখন ধৰি ৰাখিছে,কিন্তু মাকে আকৌ তাই আহিব বুলি কোৱাতহে হাতখন এৰি দিলে৷বহুদিনৰ মুৰত পলৰ মুখত হাহিঁ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মনটোও মুকলি যেন লাগিছে৷অলপহ’লেও পলৰ জীৱনত ৰং সিচিব পাৰি ৰাশিৰো ভাল লাগিল,মাকৰ লগত পলেও তাইক ইনষ্টিটিউটৰ ওচৰত নমাই থৈ গ’লহি৷ পলহঁতৰ ঘৰৰ পৰা আহি তাই মনটোৱে শান্তি পাইছে যদিও গোটেই দিনটো এনেকৈ অচিনাকি মানুহ এঘৰত আছেগৈ আৰু তাৰ বাবে অনুজকো মিছা মাতিছে৷তাই তাত থাকোঁতে অনুজে ফোন কৰাত আজি সিহঁতৰ কিবা মিটিং আছে বুলি মিছাকৈয়ে কৈছিল৷আবেলিয়ো ফোন কৰোতে অনুজৰ ফোনটো ৰিচিভ নকৰিলে,এতিয়া তাই তালৈ ফোন কৰি আছে যদিও সি ৰিচিভ কৰা নাই ৷সেয়ে জীয়ালৈকে ফোন কৰি অনুজৰ কথা সুধিলে৷জীয়াই ক’লে তাই ফোন ৰিচিভ নকৰাৰ কাৰণে বোলে অনুজে তাইক কৈছিলহি,এজনীয়ে দেওবাৰ দিনটোত অলপ আজৰি পায় তাতো মোৰলৈ সময় নাই,তাতে তাই ক’লটো কাটি দিয়াত খংতে কথা নাপাতো বুলি কৈছিলহেনো৷জীয়াই ৰাশিকে গালি পাৰিছে ইমান ইমপৰটেন্ট মিটিংনে,একমিনিটো সময় নথকাকৈ৷ৰাশিয়ে উপায় নাপায় জীয়াক সকলোবোৰ কথা খুলি ক’লে,জীয়াই অৱশ্যে বেয়াপোৱা নাই তথাপিও আনৰ বাবে কিবা কৰোতে নিজক নাপাহৰিবি বুলিহে কৈছে৷এবাৰলৈ মাফ কৰি অনুজক বুজাই বঢ়াই কথা পতাই দিম বুলি ক’লে৷(আগলৈ)

Wednesday, June 10, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫২) _____________________ মেছেজটো পাইয়ে অনুজে লগালগ ৰাশিলৈ ক’ল কৰিলে কিন্তু তাইৰ প্ৰশ্নৰ উত্তৰটো নিদি বেলেগ কথা উলিয়ালে৷ৰাশিয়েও সেইটোত লাগি নাথাকি তাৰ লগত যিটি কথা পাতিবলৈ ধৰিলে৷কথাৰ মাজতে ৰাশিয়ে অনুজক সুধিলে :"কালি তোক মই ইমানবোৰ চৰ্ত আৰু Wish ক’লো আৰু তই গোটেইকেইটা accept কৰি ল’লি৷তোৰ একো wish নাই নেকি? :"তই মোৰ lifeত আহিলি যেতিয়া মোৰ dreams comes true হৈ গ’ল৷" :"তথাপিও আৰু একো নাইনে " :"একেবাৰে নথকা নহয় অৱশ্যে কিন্তু..." :"কিন্তু কি ক’চোন ?" :"তোৰ চুলিখিনি এইবাৰ পৰা নাকাটিবি,অলপ দীঘল ক’ৰ ধুনীয়া লাগিব তোক" :"অকল ধুনীয়া লাগিবনে ইয়াৰ আৰঁতো কিবা আছে?যদি আছে কৈ দে তেতিয়াহে দীঘল কৰিম " :"In future তোৰ যেতিয়া চুলি দীঘল হ’ব আৰু তিতা চুলিৰে যেতিয়া তই মোৰ ওচৰলৈ আহিবি তেতিয়া " "হ’ব হ’ব নুশুনো আৰু মই,তই বৰ বদমাছ হৈছ আজিকালি"বুলি কৈ তাই লাজত ৰঙাচিঙা পৰি ক’লটো কাটি দিলে৷প্ৰথম ভালপোৱা সেয়ে ৰাশিৰ লাজটো নাকতেই থাকে,অনুজে ৰোমান্তিক যেন লগা কিবা এটা ক’লেই তাই তাৰ লগত কথা পতাটো দুৰৰে,মেছেজ কৰিবলৈও লাজ কৰে৷ ঘৰলৈ অহাৰ পাছত ৰাশিয়ে দিনৰ দিনটো ঘৰৰ কাষৰ পোৱালীজাকক লৈ গাৱঁৰ কাৰ বাৰীত আম,লিচু লাগিছে বিচাৰি উৎপাত কৰি ফুৰে৷আবেলি ক্ৰিকেট,ফুটবল,মাৰ্বলগুটি খেলি ধুলি ঘৰলৈ আহি দেউতাকৰ অতীজৰ পৰা ৰেকৰ্ডেট হৈ থকা গালিকেইটা শুনে৷আজিকালি অনুজেও তাইক সৰু ল’ৰাছোৱালীৰ লগত লাগি সৰু হ’বলৈ মনা কৰে৷কেতিয়াবা গালিও দিয়ে আৰু সেইটোতে দুইটাই কাজিয়াও কৰে৷এদিন অনুজে তাইক ক’লে " আজিকালি তোৰ মোলৈ সময়েই নাই" সেইটোতে তাইও লাগি গ’ল " ভাল পালোঁ বুলিয়েই কথা পাতি থাকিব লাগিব বুলিটো কোনো law নাই "৷তৰ্কাতৰ্কি যি আৰম্ভ হ’ল হ’লেই কোনো এটাইয়ো তল নপৰে,তৰ্কাতৰ্কিয়েই গৈ কাজিয়াৰ ৰূপ ল’লেগৈ৷তেতিয়া কাজিয়া কৰি থাকোঁতে অনুজে ধেমালিতে তাইক ক’লে "তই যদি মোৰ কথা নুশুন’ বেলেগ এজনীকে চাব লাগিব"৷কাজিয়া কম হোৱাতকৈ আৰু বাঢ়িহে গ’ল৷অনুজে অৱশ্যে তাইক খং উঠাবলৈহে জোকাৰি আছিল কিন্তু এতিয়া তাই তাৰ কথা নুশুনাই হ’ল৷সদায় সৰু সুৰা কিবা কথাত কাজিয়া লাগিলে জীয়াই সিহঁতৰ মাজত সোমাই বুজাবুজি কৰাই দিয়ে৷আজিও দুইটাই জীয়াক মাজতে সাঙুৰি পেলাইছে৷দুইটাই দুইটাৰে কম্প্লেইন্বোৰ জীয়াক দিছে৷তাই বেচেৰীয়ে নিজৰ ফালৰ পৰা যিমান পাৰে সিমান সহায় কৰিছে৷যেনেতেনে কাজিয়াৰ অন্ত পৰিল কিন্তু ৰাশিয়ে অনুজৰ মেছেজৰ ৰিপ্লাই পোনপটীয়াকৈ নিদি তাক ঠাট্টা কৰিবলৈ ল’লে৷" কিয় বেলেগ ছোৱালী বিচাৰি নাপালি নেকি আকৌ মোৰেই দৰকাৰ হ’ল যে" অনুজে তাৰ ভুলৰ বাবে বাৰে বাৰে ক্ষমাও খুজিছে কিন্তু তাই তাৰ পৰা ভাও খাই আছে৷সি তাইক ধেমালিতে অশান্তি কৰাৰ দৰে তাইয়ো তাক "ছোৱালী বিচাৰি নাপালে বিচাৰি দিম "বুলি কৈ খাই মাৰিছে৷প্ৰতিটো মেছেজৰ লগত কিবা নহয় কিবা এটা ঠাট্টাৰ সুৰত গাঠি দিয়ে৷অনুজে অলপ irrited হোৱা দেখি সেইবাৰলৈ মাফ কৰিলোঁ বুলি ক’লে আৰু সি আকৌ এবাৰ ভালকৈ তাইক ক’লে :"i am sorry ,আজিৰ পৰা এনেকুৱা একো কথাই নকওঁ" :"নকওঁ বুলি কি গেৰাণ্টী আছে? :"তোৰ শপত নকওঁ হ’লনে?" :"ইস মোৰ সোনকালে মৰিবলৈ মন নাই দেই,মোৰ মিছা শপত নাখাবি " :"তোক সোনকালে মৰিবলৈ নিদিও,যদি মৰিব লগা হয় তোতকৈ আগত মই মৰিম " "হ’ব হিন্দী চিনেমাৰ ৰোমাণ্টিক ডাইলগবোৰ মাৰি মোক emotional কৰিব নালাগে" বুলি ক’লে৷এইদৰেই দুই এটা সৰু সুৰা মৰমলগা খং,অভিমানেৰ খুটিয়াখুটি দুয়োটাৰ মাজত চলি থাকিল৷এদিন ৰাশিয়ে অনুজে দিনটো ফোন নকৰা দেখি তাৰ ক’লটোৰ বাবে মোবাইলটো হাততে লৈ ঘুৰি ফুৰিছে৷এইবাৰ ঘৰলৈ আহি ৰাশিয়ে আগতকৈ মোবাইটো বেছিকৈ লৈ ফুৰা দেখি খুৰীয়েকে ধেমালিৰ সুৰতে সুধিলে " কি হ’ল আজি মোবাইলটো এৰিবই পৰা নাই যে ,কিবা জৰুৰী ফোন মেছেজ আহিব যেন পাওঁ!" খুৰীয়েকৰ কথাষাৰত তাইৰ বুকুখন ধিপিংকৈ মাৰিলে,কেনেবাকৈ খুৰীয়েকে তাইৰ কথা কিবা গম পোৱা নাইটো৷মিছা হাহিঁ এটা মাৰি একো নাই বুলি কৈ তাই খুৰীয়েকৰ চকুৰ আগৰ পৰা পলাবলৈ বিচাৰিলে৷তাই একো বুজি পোৱা নাই তাইৰ কি হৈছে,তাই কিয় আগতকৈ অলপ হ’লেও সলনি হৈ পৰিছে আৰু খুৰীয়েকক কিয় মিছা কথা ক’লে৷যদি তাই খুৰীয়েকক অনুজে ফোন কৰিব বুলি ক’লেহেতেন তেতিয়াও হয়তো খুৰীয়েকে একো নকৰিলেহেঁতেন কিন্তু অনুজৰ কথা কোৱাটো দুৰৰে কথা,অনুজৰ নামটো ঘৰত কাৰোবাৰ মুখত শুনিলেও দেখোন ভৰি হাত বুকুতে লুকাই৷ সময়বোৰ লাহে লাহে পশুদৌৰ দিয়াৰ দৰে পাৰ হৈ গ’ল৷বিহুৰ বন্ধও শেষ হ’বৰেই হ’ল৷দুই এদিনতে তাইয়ো ঘুৰি যাব ৰুমলৈ কিন্তু ৰিলেচনৰ পাছত প্ৰথমবাৰ অনুজৰ সন্মুখত ওলাবলৈ তাইৰ লাজ লাগিছে,কেনেকৈ ওলাব একোকে ভাবি পোৱা নাই৷যিমানেই দিনবোৰ চমু চাপি আহিছে সিমানেই excitementবোৰো বাঢ়িছে আৰু অচিনাকি লাজ এটাই লগেই নেৰা হ’ল৷যিহেতু আগতকৈ সিহঁতৰ সম্বন্ধটো সহজ হৈ পৰিছে,বুজাবুজি আৰু ভালপোৱাবোৰ বাঢ়ি গৈছে সেয়ে বাকীবোৰ প্ৰেমিক প্ৰেমিকাৰ দৰে সিহঁতিও প্ৰেম কৰিছে,ৰাশিৰ কেতিয়াবা নিজৰ ওপৰতে বিশ্বাস নহয়,তাইও কাৰোবাক ভাল পাব পাৰেনে? 22এপ্ৰিল’ৰ দিনা ৰাতিপুৱা দহমান বজাতে জীয়াক লগত লৈ অনুজ আহি ৰাশিহঁতৰ ঘৰ পালেহি৷ৰাশিয়ে সিহঁত দুটাক দেখি আচৰিত হৈ গ’ল,তাইক নোকোৱাকৈ কিয় আহিলে বুলি প্ৰশ্ন কৰিলে৷অনুজে তাইৰ কাণৰ কাষতে ফুচফুচাই ক’লে " এইখন এতিয়া মোৰ শহুৰৰ ঘৰ,যেতিয়াই মন যায় তেতিয়াই আহিম"৷অনুজৰ কথাটো শুনি তাই গোটেইজনী লাজতে ৰঙাচিঙা পৰি গ’ল আৰু জীয়াক টানি তাইৰ ৰুমলৈ লৈ গৈ সুধিলে : :"এইটোক ইয়ালৈ কে’লে লৈ আহিলি,কোনোবাই দেখিলে কি ভাবিব?" :"পেটু তোৰ কি হৈছে,অনুজে প্ৰথমবাৰ এইখন ঘৰলৈ অহা নাই, আগতেও বহুতবাৰ আহিছে আৰু তহঁতৰ ঘৰত সবেই তাক ভালকৈ চিনি পায় আৰু কোনেও তহঁতৰ ৰিলেচনৰ কথা একোকে গম নাপায়,ভয় কৰিব নালাগে সোনকালে কাপোৰ কানি বান্ধি ল’ তোক নিবলৈ আহিছোঁ,লগতে বিহুটোও খাই যাওঁ বুলি ভাবিলোঁ দুইটাই" একমিনিটৰ বাবে ৰাশিয়ে পাহৰিয়েই পেলাইছিল অনুজৰ লগত ৰিলেচনত থকাৰ উপৰিও যে সিহঁতি ভাল বন্ধু আৰু অনুজকো ঘৰত সবেই চিনি পাই৷দুপৰীয়া ভাত সাজ খাই সিহঁতি যাবলৈ ওলাল৷সদায়ৰ দৰে ছোৱালী বিদায় দি উলিওৱাৰ দৰে আইতাকৰ হিয়াভগা কান্দোন৷ঘৰখন এৰি আকৌ যাবলৈ মনেই নাযায়,সিহঁতি নহাহেতেন তাই আৰু দুদিনমান থাকিহে উভতিলে হয়৷ গাড়ীৰ পাছচিটত জীয়া আৰু ৰাশিয়ে বহিছে,বহুতদিনৰ মুৰত লগ পাই সিহঁতৰ কথাই শেষ নোহোৱা হ’ল৷মাজে মাজে অনুজেও সিহঁতৰ লগত দুই এটা কিবাকিবি পাতি আছে আৰু জীয়াৰ লগত মিলি ৰাশিক জোকাই আছে৷তাইয়ো খংতে তহঁতৰ লগত কথা পতাই ভুল বুলি মুখখন ফুলাই বহি আছে৷ ডেৰঘন্টাৰ বাট কেতিয়ানো ঘৰ পালেহি সিহঁতি গমেই নাপালে৷সময়বোৰ খুউব খৰকৈ পাৰ হ’বলৈ ধৰিলে৷সময়ৰ দ্ৰুতগতিত কলেজৰ ফাইনেল পৰীক্ষায়ো শেষ হ’ল আৰু তাৰ পাছতে কলেজৰ হৈ ডিব্ৰুগড়ত এখন বক্সিং খেলৰ বাবে প্ৰায় পোন্ধৰ দিনৰ বাবে ৰাশি যাব লগাত পৰিল৷জীয়াই swimming classৰ কাৰণে দুদিনমান থাকিব সেয়ে যোৱাৰ আগতে ৰাশিয়ে তাই নহালৈকে অনুজৰ ওপৰত চকু দিবলৈ কৈ থৈ গ’ল৷ অনুজেও" মই নথকাত তাত গৈ বেলেগ ল’ৰাত চকু নিদিবি" বুলি কৈ তাইক জোকালে৷পুনৰ পোন্ধৰ দিনলৈ ৰাশিৰ লগত ভালকৈ কথাপতা নহ’ব অনুজ আবেগিক হৈ পৰিছে হ’লেও ৰাশিৰ বাবে এইটো এটা golden opportunity,তাই যদি ভালদৰে খেলে তাইৰ বহুত লাভ হ’ব৷প্ৰথমবাৰৰ বাবে ৰাশিৰো অনুজৰ পৰা আতৰলৈ যাবলৈ মন যোৱা নাই তথাপিও উপায়টো নাই যাব লাগিবই,জীয়া আৰু অনুজে তাইক গাড়ীত উঠাই থৈ আহিলগৈ৷(আগলৈ)

Monday, June 8, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫১) _____________________ ৰাশিয়ে অনুজক ক’লে যে চৰ্ত কেইটা শুনিবলৈ হ’লে ফোন কৰিব লাগিব আৰু ৰাশিয়ে কৈছে যেতিয়া সি জানো মনা কৰিব পাৰে,সি তাইলৈ ক’ল কৰিলে৷তইয়ো ক’লটো ৰিচিভ কৰিয়েই ক’লে :"প্ৰথম চৰ্ত;ready নে? :"suspense কিয় দিছ?কৈ যা " :"ওৱাহ বেটা আৰম্ভ কৰাই নাই তোৰ আমনি লাগিল যেনেই পাওঁ " :"নাই,তই ক’লে সব কথাই শুনি যাম কিন্তু কি জান’ এই suspense বোলা বস্তুটো বৰ বেয়া পাওঁ,সোনকালে ক’৷" :"1st of all তই মোক কেতিয়াও hippo বুলি নামাতিবি,এই নামটোত মোৰ নিজৰে কিবা heavy heavy feel হয় আৰু মই যদি তোক কেতিয়াবা সুধো যে মই শকত লাগিছোঁ নিকি?তেতিয়া সদায় তই নাই লগা বুলিয়েই ক’বি !বুজিলি নহয় ?" :"কি মানে ?এতিয়া মই তোৰ নামটো সলনি কৰাৰ লগতে তোক শকত হ’লেও শকত বুলি ক’ব নোৱাৰিম৷" :"হয় ,নোৱাৰিবি৷যদি চৰ্ত মঞ্জুৰ নহয় then কৈ দে,প্ৰথমটোৱেই মানিব নোৱাৰিলে বাকী কেইটা কৈয়ো সময় বৰবাদ নকৰোঁ মই " :"নাই নাই মানিছোঁ বাৰু কিন্তু হাতীৰ নিচিনা চেহেৰাটোক জীৰাফ বুলি ক’লে জানো কিবা লাভ আছে " :"hey you ,next time যদি হাতী বুলিও কওঁ চাই ল’বি আৰু মইনো ক’ত ইমান শকত,মইটো healthy হয় ,একদম ফিটফাট" :"okey,i accept it ! nextটো ক’ :"2nd হ’ল তই কেতিয়াও মোৰ আৰু খোৱা মাজত আহিব নোৱাৰিবি,মই যি খাওঁ যেনেকৈ খাওঁ খাবলৈ দিবি,আৰু কেতিয়াবা মোৰ কিবা খাবলৈ মন গ’লে তই আনি দিবি৷পাৰিবি নে আনি দিব ক’ ? :"মই কি ৰেষ্টুৰেণ্ট চলাও ভাবিছ নিকি? তোৰ কাৰণে খোৱাটো মোতকৈও important হ’ব নিকি?" :"obviously খানা সদায়েই important হ’ব তোতকৈ,তোক এদিন দুদিন দহদিন নেদেখিলেও চলি যাব কিন্তু নুখুৱাকৈ মোৰ কাৰণে এদিন থকাটোও possible নহয় " :" তই ইমান কিয় খাওঁ খাওঁ কৰি থাক’ :"টাইমত নাপালে তোৰ মুৰটো খাম যে সেইটো খাটাং" :"হ’ব ৰাক্ষসীৰ ভনীয়েক ,খাবি বাৰু !next ক’ :"3rd হ’ল,তই মোক সদায় believe কৰিব লাগিব,এটা relationত আটাইতকৈ বেছি important বস্তুটোৱেই হ’ল বিশ্বাস,যদি বিশ্বাসবোৰ দুৰ্বল হয় যিকোনো সম্বন্ধই থুনুকা হৈ সোনকালেই ভাগি যায় ৷মই যি কওঁ তই শুনিব লাগিব আৰু আন্টিক বাদ দি পৃথিৱীৰ যিকোনো কামেই হওক বা কোনোবা মানুহেই হওক মোতকৈ important হ’ব নালাগিব৷anyways বুজিবলৈ নকওঁ আনতকৈ বহুতেই বুজি পাওঁ মোক,কিন্তু সময়ৰ ওপৰত বিশ্বাস নাই মোৰ আৰু মই ভাবো তই মোৰ বিশ্বাস কেতিয়াও নাভাঙিবি ৷" :"এইবোৰ তই নক’লেও কৰিম,timepass কৰিবলৈ ভাল পোৱা নাই,lifetime একেলগে থাকিম বুলিহে তোক বিচাৰিছোঁ,তইটো জান’ই মাৰ বাদে মোৰ আৰু কোনো নাই,ক’বলৈ গ’লে তেজ মঙহৰ বুলিবলৈ বহুত মানুহ কিন্তু in future সময়ত মোৰ কাষত বিচাৰিলেই তহঁতকহে পামগৈ so মইয়ো বিচাৰোঁ তই যাতে সদায় মোৰ লগত থাক’ মোৰ হৈ,মোৰ বিশ্বাস বোৰো কেতিয়াও হেৰাই যাব নিদিবি" :"emotional কৰিবি নিকি? পাছৰটো শুন’ :"ক’ " :" 4thটো হ’ল যে ,ইমানবোৰৰ পাছতটো তই বুজিলিয়েই মোৰ answer কি হ’ব পাৰে,সেয়ে এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ" :"ক’ কি ৰিকুৱেষ্ট কিন্তু তইটো পাচটা চৰ্ত দিয়াৰ কথাহে কৈছিলি ?" :"শুনিটো ল’ আগতে " :"ওম ক’ :"আমি আগৰ দৰেই থাকিম যেনেকে friendship ত আছিলোঁ" :"কি কৈছ’ মই একো বুজা নাই ,relationshipটোৰ মাজত আকৌ এই friendshipটো ক’ৰ পৰা আহিল?" :"চা friendshipৰ পৰাই এইবোৰ start হ’ল ন’হ ,আমি friendshipটোক এনেকৈ মাজ বাটত এৰি দিবটো নোৱাৰোঁ so আমি friendship টোও continue ৰাখিম,ইনেও কয় ন’হ best relation comes from friendship বুলি আৰু এটা কথা লেলা মজনুৰ নিচিনা প্ৰেম আমি নকৰোঁ,এনেকেই ভাল লাগে চোন কিবা এটা,নিজৰ নিজৰ feelটো আহে৷" :"আৰু কিবা বাকী আছেনে madam?" :"এতিয়াই কলেজত কাকো নক’বি আমি relationত আছোঁ বুলি সঠিক সময় আহিলেহে ক’বি " :"ৰাশি what do you mean by কাকো নক’বি? মোৰ পৰা এইটো নহ’ব যা,কলেজত সবেই গম পায়েই তই মোৰ best buddy বুলি এতিয়া better hulf বুলি গম পালেনো কি ডাল হ’ব " :"তই কথাবোৰ নুবুজ’ কিয় ?" :"ইয়াত বুজিবলৈ কি আছে?" :"মোৰ লাজ লাগিব পাই,আমি দুটা couple,ইস্ সবৰে আগতে worldত last piece তই বাছিলেও তোৰ লগত নাথাকোঁ বুলি কৈছিলোঁ আৰু এতিয়া " :"হ’ব মোৰ লাজুকীলতা জনী,as your wish but তই মোক কলেজত ignore কৰিব নোৱাৰিবি কিন্তু কৈ থ’লো তাতে last year so কলেজ lifeৰ শেষৰটো বছৰ মইয়ো প্ৰেমত পৰিলোঁ যেতিয়া অলপ enjoy কৰি কটাম বাৰে বাৰে এইবোৰ সময় ঘুৰি নাহেটো,এতিয়া next টো ক’ :"so finally last but not the least ,actually এইটো চৰ্ত নহয় মোৰ dream হয়,life ৰ এটা দিন মই মোৰ ভালপোৱা মানুহজনৰ লগত কটাব বিচাৰোঁ আৰু এইদিনটোক বহুত বেছি memorable বনাব বিচাৰোঁ,যেনেকৈ moviesবোৰত দেখুৱাই যে couple মিলি long drive যায়,film চাবলৈ যায়,ৰোমাণ্টিক photoshoot কৰে bla blaa..." :" জৌ হুকুম মেৰে আকাস i will definately try to complete your dream,love you good night শুই যা এতিয়া ৰাতি বহু দেৰি হ’ল " তাৰ কথা কেইটা শুনি ৰাশিয়ে ইনবক্সত দুটা হাৰ্ট ইমজিৰ লগত লিখিলে" Love your heart,couse from today i am in it "৷তাইৰ মেছেজটো পাই অনুজে তাইক মুখেৰে ক’বলৈ লাজ লাগিছে নিকি বুলি কৈ জোকাৰিলে৷কওঁ নকওঁ কৈ তাইয়ো love you বুলি ক’লে৷কেইবাবাৰো ইটোৱে সিটোক বাইৰ কোৱাৰ পাছতো ক’লটো কাটিবলৈ এটাৰো মন নগ’ল৷দুয়োটাই সিহঁতৰ উশাসৰ মাত শুনি শুনিয়েই টোপনি গুচি গ’ল৷ভালপোৱা হয়টো ইয়াকেই কয় ,ভালপোৱাই পাথৰৰ হৃদয়কো মমৰ দৰে গলাই দিব পাৰে৷ভালপোৱাই জীয়াবলৈ শিকায়,ভালপোৱা সচাঁ হ’লে এই ভালপোৱাই মানুহক শান্তিও দিয়ে৷ভালপোৱাই হাহিঁবলৈ শিকায় ৷এতিয়া ৰাশি আৰু অনুজৰ বুকুতেই নহয় তেজতো এই ভালপোৱাৰে নৈ ব’বলৈ ধৰিছে৷ ৰাতিপুৱা শুই উঠি হেডফোনদাল কাণতে লাগি থকা পাইহে ৰাশিয়ে অনুভৱ কৰিছে যে যোৱা ৰাতি ফোনটো লগাতেই থাকিল৷লগালগ ক’ল লিষ্টখন উলিয়াই কেতিয়ানো ফোনটো কাট খালে চাই দেখিলে ডেৰঘন্টাৰ মুৰত ফোনটো কাট খাইছে ,তাৰ মানে সিহঁতি এটাইয়ো ক’ল নাকাটিলে আৰু ফোনটো লাগি থকাতেই থাকিল৷হঠাৎ তাইৰ মুখত ৰাতিপুৱাই ক’ৰবাৰ পৰা হাহিঁ এটি বিৰিঙি পৰিলহি,কিয় মিচিক মাচাক কৈ হাহিঁ আছে তাই নিজেও নাজানে৷ আইনাখনৰ সন্মুখত ৰৈ খুউব ধুনীয়াকৈ সাজিছে কাচিছে,নিজকে আগতকৈ ধুনীয়াকৈ ৰাখিবলৈ যত্ন কৰিছে৷শান্তিৰে এক মিনিট আইনাৰ সন্মুখত নবহা ছোৱালীজনীয়ে আজি বাৰে বাৰে আইনাখন চাই লাজুক লাজুক চাৱনিৰে হাহিঁছে৷এপাকত তাই নিজকে নিজে প্ৰশ্ন কৰিছে অনুজে বাৰু তাইকেই কিয় পচন্দ কৰিলে,তাইতকৈয়োটো ধুনীয়া আৰু জীয়াৰ দৰে ভাল ভাল ছোৱালী আছে কিন্তু তাইৰ মাজত এনেকুৱা কি দেখিলে ,জানিবলৈ অনুজলৈ মেছেজ পঠিয়ালে৷(আগলৈ)

Saturday, June 6, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৫০) _____________________ অনুজে কিবা ক’ব খুজিছোঁ বুলি কোৱাতেই ৰাশিৰ বুকুখন ধপধপাই উঠিল৷খাবলৈ লোৱা পানীৰ গিলাচটো টেবুলখনতে এৰি কি ক’ব লগা আছে মেছেজ কৰি দে,মোৰ ৰুমত কাম এটা আছে বুলি কৈ দৌৰি গুচি গ’ল৷আজি প্ৰথমবাৰ অনুজৰ লগত মুখামুখিকৈ কথা পাতিবলৈ লাজ লাগিছে তাইৰ৷ৰুমলৈ গৈ সি কি ক’ব খুজিছে ভাবি ভাবি মোবাইলটো হাতত লৈ বহি আছে৷ঘপককৈ মোবাইটো ভাইব্ৰেত হোৱাত Whatsappটো খুলি চালে৷অনুজৰেই মেছেজ৷কিন্তু সোনকালে seen কৰিলে তাৰ মেছেজটোৰ বাবেই বাট চাই আছিল বুলি ভাবিব পাৰে সেয়ে অলপ দেৰিকৈ চাব মেছেজটো ৷অনুজে কি বা ক’ব জানিবলৈয়ো মন গৈ আছে,কি কৰিব নকৰিবকে গান এটা বজাই হেডফোনদাল লগাই ল’লে৷আজি তাইৰ গান শুনিও ভাল লগা নাই,কি হৈছে তাইৰ নিজেই বুজি পোৱা নাই ৷তথাপিও খুউব কষ্টৰে দহ মিনিট যোৱাৰ পাছত whatsappটো on কৰিলে৷বাপ'ৰে অনুজৰ পাচটামান মেছেজ ,আৰু পলম নকৰি লগালগ তাৰ chatটো খুলিলে৷সি লিখিছে " i am sorry মোৰ কিবা কথাত যদি তই hurt হৈছ’৷ মোৰ তোক hurt কৰাৰ কোনো intention নাছিল আৰু মই কেতিয়াও ভবা নাছিলোঁ তোৰ ওপৰত মোৰ কেতিয়াবা এনেকৈ feelings আহিব বুলি৷বাকী কথাবোৰটো তোক জীয়াই ক’লেই,পাৰিলে মাফ কৰি দিবি৷মোৰ পগলামীবোৰৰ কাৰণে আমাৰ friendshipটো বেয়া নকৰিবি৷মোৰ নিজৰ ওপৰতে guilty feel হৈ আছে৷" মেছেজটো পঢ়ি তাই ৰিপ্লাই দিলে :"বছ,ইমানেই ক’ব আছিল নে আৰু বেলেগ কিবা?" :"নাই thats all" :" Sure টো,পিছত নক’বি মই নুশুনিলো বুলি" :"আৰে yaar কি বুলি কওঁ ভাবি পোৱা নাই " :"okey নালাগে ক’ব" :"ৰ’হ ৰ’হ কৈ আছোঁ you will be my better hulf ?yesনক’লেও চলিব but please friendship বেয়া নকৰিবি৷বাকী তোৰ কথা তই কি decission লওঁ" অনুজৰ মেছেজটো পঢ়ি ৰাশিৰ হাহিঁ উঠিল,এনেকৈয়ো বাৰু কোনোবাই কাৰোবাক propose কৰেনে৷সি propose কৰিছে নে নাই ধৰিবই পৰা নাই বুলি হাহিঁ হাহিঁ "মোক ভাবিবলৈ অলপ টাইম দে "বুলি অনুজলৈ ৰিপ্লাই দিলে৷সেইদিনা তাই এবাৰো অনুজৰ সন্মুখলৈ নোলালে৷কিন্তু একেখন ঘৰতে থাকিও সিহঁতৰ মাজত chat চলি থাকিল৷তাই তাক মাজে মাজে তাইৰ পৰা নিগনিৰ দৰে লুকাই চুৰিকৈ ৰুমটোত সোমাই নাথাকিবলৈয়ো ক’লে৷তথাপি তাইৰ নিজৰে লাজ গুচা নাই তাৰ সন্মুখলৈ ওলাবলৈ আৰু অনুজক তাইৰ পৰা লুকাচুৰিকৈ থাকিবলৈয়ো মনা কৰিছে৷লাহে লাহে সময়বোৰ পাৰ হৈ বহাগৰ বিহুৱেই পালেহি৷অনুজ ৰাশি আৰু জীয়াৰ সময়বোৰ এতিয়া আগতকৈ অলপ সহজ হৈ পৰিছে৷দুই এদিনতে কলেজত বিহুৰ বন্ধও দিব আৰু ৰাশিহঁত ঘৰলৈ যাবগৈ৷ৰাশি অনুজৰ কাষত থাকিলে একো নাই কিন্তু এসপ্তাহৰ বাবে ঘৰলৈ যাব আৰু ঘৰলৈ গ’লেই কথাপতাবোৰ কম হৈ যাব তাতে তাইৰ mood যেতিয়াই তেতিয়াই সলনি হৈয়ে থাকে সেয়েহে অনুজে ভয়তে তাৰ proposalটোৰ কথা ৰাশিক আকৌ এবাৰ মনত পেলাই দিলে৷জীয়াৰ বুজনিত আৰু সময়ৰ লগত ৰাশিয়েও অনুভৱ কৰিলে তাইও যে অনুজক ভাল পাই পেলাইছে,কেতিয়াৰ পৰা সেইটো তাইয়ো নাজানে কিন্তু ভাল পাই পেলাইছে যে সেইটো খাটাং৷অনুজে proposalটোৰ কথা মনত পেলাই দিয়াত তাই ভালেই পালে সেই সুবিধাতে তাক লগালগ মেছেজৰ ৰিপ্লাই কৰি দিলে :"answer জানিবলৈ তইনো propose কৰিছিলি কেতিয়া ?" :"কিয় সিদিনা সুধা নাছিলোঁ নিকি?তইয়ো চোন টাইম বিচাৰিছিলি,বিশ্বাস নকৰিলে এইয়া screenshots চা" :"আৰে বাবা গম পাইছো কিন্তু তোৰ proposalটো চা,এনেকে কোনোবাই কাৰোবাক propose কৰিলে yes দিব নিকি?" :" তোৰ কাৰণে দুবাৰকে surprise plan কৰোঁতে তইহে spoil কৰিলি সকলোবোৰ আৰু এতিয়া এনেকৈ ক’বলে আহিছ " :"হ’ব হ’ব থ’! তই আৰু একো কৰিব নালাগে, ঘৰ যোৱা দিনা মই তোক answerটো দি থৈ যাম৷" কথামতেই অনুজে ৰাশিহঁত ঘৰ যোৱাদিনা ৰাতিপুৱা দহমান বজাত ৰাশিক এবাৰ ভালকৈ propose কৰিম বুলি বিচাৰি আহিলে৷কিন্তু ৰুমটোত ৰাশি জীয়া এজনীকো নেদেখি ক’ত গ’ল মাকক সুধিলগৈ৷মাকে ক’লে অলপ আগতেই সিহঁত ওলাই গ’ল,যোৱাৰ আগত তোক মাত দিছিল তইহে নুশুনিলি৷মাকৰ কথাষাৰ শুনি অনুজে ল’ৰালৰিকৈ মুখহাত ধুই ৰাশিক বিচাৰি ASTC পালেগৈ৷লগ পালেই তাইক দিবলৈ বুলি দোকানৰ পৰা কিবাকিবি কিনি ল’লে৷ ৰাশিয়ে বহি থকা বাছখন ষ্টাৰ্ট দি থোৱা আছে পেছেঞ্জাৰ ফুল হ’লেই শিৱসাগৰলৈ ৰাওনা হ’ব৷ৰাশিয়ে খিৰিকীৰে বাহিৰলৈ চাওঁতে অনুজে কিবা বিচাৰি থকা যেন দেখিলে আৰু তেনেকুৱাতে proposalৰ answer দিয়া কথাটোলৈ মনত পৰি গ’ল৷লগালগ বেগৰ পৰা মবাইটো উলিয়াই ল’লে আৰু দেখিলে অনুজৰ এগালমান মিছকল আৰু কেইবাটাও মেছেজো আছে৷বেছি পলম নকৰি তাৰ মেছেজবোৰ নপঢ়াকৈয়ে তাই inboxত গৈ মেছেজ টাইপ কৰিলে "Don’t search me anywhere because I am always in your heart. Put your hand on your heart and you will feel me. Please never leave me and never ever let me go because I will never find a more beautiful place to live. be with me as mine till the end of life. I love you! "মেছেজটো পোৱাৰ দুইমিনিটমান পাছতেই অনুজৰ ফোন আহিল :" সচাঁনে মই কিবা সপোন দেখি আছোঁ " :"নাই মই তোৰ ওপৰত Prank কৰিছিলোঁ " :"চা ৰাতিপুৱাই ধেমালি নকৰিবি’,মেছেজটো পঢ়ি মই কিবা মানুহটো এতিয়াও কপি আছোঁ,i couldnot believe তই মোক accept কৰিলি" :"মই prank কৰিছোঁ বুলি ক’লো নহয়" :"এনেকে prank কৰে নেকি?bdw তই মানুহজনী আছ ক’ত,শিৱসাগৰ যোৱা বাছ কেইখনত তোক নাপালোঁ যে " :"বাছতে বহি আছোঁ আৰু তোক দেখি আছোঁ " :"ক’ত আছ?ক’ আকৌ" :"দম আছে যদি বিচাৰি ল’ :"চা দমত ধৰি কথা নক’বি দেই,দুইমিনিটত মই নিবিচৰাকৈ তই নিজেই আহি যাবি " :" তৌহ challenge কৰিছ মানে " :"ভাবি ল’,তোৰ কাৰণে মায়ে গাজৰৰ হালোৱা দি পঠাইছে,তোৰ যদি মন নাই মই ঘুৰাই লৈ যাওঁ ,believe নাই হোৱা যদি চাই ল’ ৷ হ’ব দে তোৰটো খাবলৈয়ে মন নাই so মোৰ হাতত উপায় নাই ঘৰলৈকে ঘুৰাইয়ে লৈ যাওঁ আৰু " :"হ’ব হ’ব মোলৈহে দিছে,তোৰ frontত থকা বাছখনৰ sideৰ খনত লাষ্টৰ ফালে আছোঁ দি থৈ যা হি " অনুজে ফোনটো কাণত লৈয়ে তাইৰ ওচৰ পালেহি আৰু তাইৰ হাতত বেগটো দিলে৷সন্মুখত থাকিও সিহঁতি ফোনতেই কথা পাতি আছিল সিহঁতি প্ৰথমবাৰ ইমান সময় ফোনত কথা পাতিছে৷বেগটোত কি আছে চাই ৰাশিৰ খং উঠিল আৰু ফোনটো কাটি উল্লু বনালি বুলি খিৰিকীৰে মুৰটো উলিয়াই তাক ভালকৈ এসেকা দিলে৷সিহঁতৰ দিনবোৰ কাজিয়া নকৰাকৈ পাৰেই নহয়৷দুয়োটাই সৰুসুৰা ইটো সিটো লাগিয়েই থাকে৷এঘন্টামানৰ পাছত অনুজে তাইলৈ ক’ল কৰিলে কিন্তু ৰিচিভ নকৰা দেখি inboxতে মেছেজ দিলে"ঘৰ পালিনে "তাইৰ খং এতিয়াও কম হোৱা নাই,মাকৰ হাতৰ হালোৱা বুলি কৈ বেগটোত chipsৰ পেকেট এটা আৰু চকলেট এটা ভৰাই দিছে আৰু তাই লোভতে অনুজৰ লগত challengeটো হাৰিলে৷তাৰ লগত মেছেজ নকৰোঁ বুলিয়ে whatsappৰ মেছেজবোৰ seen কৰিও ৰিপ্লাই কৰা নাছিল কিন্তু যেতিয়া তাই অথনি দিয়া মেছেজটো সচানে মিছা সুধিলে তাই সেইবোৰ একো নহয় বুলি কৈ অফলাইন গুচি গ’ল৷ ঘৰ পাই ৰাতিলৈ মোবাইটো হাতত ল’লে আৰু অনুজে দি থোৱা দহ বাৰটা মান মেছেজ এটা এটাকৈ পঢ়ি হোৱাত ৰিপ্লাইত লিখিলে" 12টা মানতেই ঘৰ পালোহি "তাইৰ মেছেজটো পোৱাৰ পাছতেই অনুজৰ মেছেজ আহিল :"মই তোক ইমান এগাল মেছেজ দি থৈছোঁ আৰু তই মাত্ৰ এটা ৰিপ্লাই কৰিছ?this is not fare miss rakhi dutta" :"হুম couse anuj is a cheater" :"মই Cheat নকৰা হেতেন তোক জানো যোৱাৰ আগত চাবলৈ পালোঁহেতেন৷anyways মই জানোটো আন একো নহ’লেও খোৱাৰ কথাত তই কেতিয়াও মনা নকৰ’ তাতে মাৰ হাতৰ special গাজৰৰ হালোৱা" :"হ’ব হ’ব Mr. ইমান উৰিব নালাগে " :"Mr. পৰা মনত পৰিল answerটো সচাঁনে?" :"যদি তই মোৰ পাচটা চৰ্ত মানি লওঁ তেতিয়াহ’লে positive হ’ব পাৰে নহ’বা আশা কৰিবলৈ বাদ দে আৰু" :"1st কৈ ল’,চৰ্ত মানো নামানো মোৰ কথা তই কৈ যা " (আগলৈ)

Thursday, June 4, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪৯) _____________________ ৰাশিয়ে অনুজ আৰু জীয়াৰ মনৰ মাজত কি চলি আছে জানিবলৈ সিহঁতৰ কথাবোৰ খুচৰিবলৈ ধৰিলে৷অনুজে তাইৰ পৰা দুৰে দুৰে থকা হ’ল তাইক ভালকৈ নমতা হ’ল ক’বলৈ গ’লে তাইক দেখিলেও নেদেখাৰ ভাও ধৰি আতৰি যায়৷জীয়াৰ লগত আগৰ পৰাই কথাবতৰা বেছিকৈ নাপাতে,মাজতহে দুদিনমান পাতিছিল আৰু সেইটোকে ৰাশিয়ে সিহঁতৰ মাজত কিবাকিবি চলি আছে বুলি ভাবিছিল৷কিন্তু লাহে লাহে যেতিয়া কথাবোৰ চালিজাৰি চালে তাইৰ নিজৰ ওপৰতে খং উঠিল যে আতিগুৰি ভালকৈ নজনাকৈয়ে সিহঁত দুটাৰ কথা যিটি ভাবি আছিলে ৷জীয়া আৰু অনুজ কোনোদিন কোনো relationshipত নাছিলেই৷চিনাকি মানুহবোৰক বুজাতো কেতিয়াবা বহুত ডাঙৰ ভুল হৈ যায়৷ জীয়াৰ কি হৈছে জানিবলৈ জোনাকৰ লগত কন্টেক আছেনে নাই জানিব বিচাৰিলে৷ কলেজত জোনাকক বেলেগ এজনী ছোৱালীৰ লগত দেখিলে আৰু তাই সেইকথাটো চিনাকি কিছুমানক সুধপুচ কৰাত জানিলে যে জোনাকৰ গাৰ্লফ্ৰেণ্ড হ’ল৷জীয়াৰ মনটো ইমান দিনৰ পৰা এই কাৰণেই বেয়া নিকি জানিবলৈ ঘৰলৈ আহিয়ে জীয়াক সুধিলে :"জীয়া জোনাকৰ গাৰ্লফ্ৰেণ্ড হ’ল আৰু তই এইটো কথা মোক নক’লি যে ?" :"কি বুলি ক’ম ৷তোৰ crushৰ গাৰ্লফ্ৰেণ্ড হ’ল বুলিনে৷" :"যদি মই ভুল নহয় then he likes you right " :"ৰাশি Stop it ,মোৰ এইবোৰৰ ওপৰত কোনো discuss কৰিবলৈ মন নাই " :" জীয়া তই মোৰ কথাৰ ভালকৈ উত্তৰ নিদিয়াকৈ এনেকে পলাব নোৱাৰ ৷" :"পলোৱা নাই " :"then ক’ :"সি মোক likes কৰিছিল আৰু proposeও কৰিছিল but মই no কোৱা দুদিনমানৰ পাছতে বেলেগ এজনী লগত relationshipত আহিলে thats all" :"তই মোক এইবোৰ কথা আগতে নক’লি কিয়,আজিকালি তই মোৰ পৰা বহুত কথাই লুকুৱাইছ নহয়নে?" :"তোৰ সময় আছিল জানো এইবোৰ শুনিবলৈ " :"মোৰ ওচৰত দেখোন available time আছিল ,main কথাটো হ’ল তোৰ ক’বলৈয়ে মন নাছিল " :"চা ৰাশি তই আজিকালি বহুত weird behave কৰি থাক,তোৰ ওচৰত available time আছিল কিন্তু মোৰ কাৰণে বা অনুজ দাৰ কাৰণে কেতিয়াও নাছিল আৰু থকা হ’লে অনুজদাক এনেকৈ hurt নকৰ’ " :"মই অনুক কি hurt কৰা দেখিলি ?" :"একো নাই " :"জীয়া i said stop কৰ এনেকুৱা নজনা নিচিনা কৰি থকাটো ,i want to know তোৰ আৰু অনুজৰ মাজত কি চলি আছে যাৰ কাৰণে মোলৈ অলপো time নাইকিয়া হ’ল আৰু দুইটাই অকলে time spent কৰিবলৈ লৈছিলি,মই যিমান জানো তহঁতিটো relationshipত নাই " :"কি ফাল্টু কথা কৈছ্ অনুজদাক মই দাদা হিচাপেই নহয় ভাল friendবুলি ভাবো ,for your kind information he loves you too much আৰু সি তোক propose কৰিবলৈ এবাৰ নহয় দুবাৰকৈ try কৰিছিল but তোৰ কাৰণেটো মানুহৰ emotion feelings সেইবোৰৰ কোনো valueয়ে নাই তই ক’ত বুজিবি" :"Are you mad জীয়া ,সি মোক কেনেকৈ ভাল পাব পাৰে ,এতিয়াই তাক সুধিমগৈ মই " :"সি already বহুত hurt হৈ আছে যিটি কথাবোৰ কৈ তাক আৰু hurt নকৰিবি,1st নিজক সুধি ল’ তই তাক ভাল পাওঁনে নাপাওঁ" :"yahh i love him but as a friend তাতকৈ বেছি একো নাই " :"ohh really ,কথাবোৰ মাত্ৰ মগজেৰে নহয় heartৰ পৰাও ভাবি চাবি,তাক বেলেগ ছোৱালী লগত দেখিলে মুখ ফুলাই বহি থাকযে,যাৰ তাৰ লগত কথা পতা দেখিলে মোৰ আগত বলকি থাক যে,তোক অলপ কিবা কথাত না ক’লেই কাজিয়া ক’ৰ’ যে " :"জীয়া please বহুত হ’ল মই just friend বুলিহে সেইবোৰ কৰোঁ " :" আচ্ছা,তোৰটো আৰু বহুত friendআছে সিহঁতক লৈয়ো অনুজৰ সমানেই insecure feel ক’ৰনে ?" :"জীয়া " :"নিচিয়ৰিবি,চিঞৰিব মইয়ো জানো,আৰু তোৰ কাৰণে অনুজ দাতকৈ ভাল ল’ৰা বেলেগ ক’তো নাপাওঁ সেইটোৰ গেৰাণ্টী মই দিছোঁ তোক,সময় ল’ ঠাণ্ডা মগজেৰে ভাবি চাবি কথাবোৰ,ল’ৰালৰিকৈ লোৱা dicissionবোৰ সদায়েই ভুল হয় " জীয়াৰ কথাবোৰ শুনি ৰাশিয়ে দপদপাই ৰুমটোৰ পৰা ওলাই গৈ বাথৰুম পালেগৈ৷চাৱাৰটো খুলি তলতে বহি কথাবোৰ ভাবি থাকিল৷বহুত সময় হ’ল তাই বাথৰুমৰ পৰা ওলাই নহা দেখি জীয়াৰ ভয় লাগিল ৷তাই গৈ বাথৰুমৰ দৰ্জাখনৰ ওচৰৰ পৰা ৰাশিক মাত দিলেগৈ৷ৰাশি অলপ পাছতে ওলাই আহিলে,ওপৰৰ পৰা তললৈ গোটেইজনী তিতি বুৰি আজৰি তেনেকৈয়ে তিতা কাপোৰেৰে বাথৰুমৰ পৰা ওলাই অহা দেখি জীয়াই দৌৰ মাৰি তাইৰ কাপোৰ কেইটা লৈ আহিলেগৈ আৰু তাইক সলাবলৈ দি ৰুমলৈ আনি তাইৰ চুলিকেইডাল গামোচাৰে মচি দিলে৷ৰাশিৰ অৱস্থাটো দেখি জীয়াই অনুজক কথাবোৰ ক’লেগৈ আৰু ৰাশিয়ে সকলোবোৰ গম পোৱাত এনেকুৱাবোৰ কৰাত তাইলৈ চিন্তা লাগিল৷তাৰ নিজৰ ওপৰতে খং উঠিছে কিয় যে এনেকৈ তাইক ভাল পাই পেলালে৷সি ইচ্ছা কৰিও নিজকে ৰাশিৰ পৰা লুকুৱাই ৰাখিব নোৱাৰিলে আৰু ৰাশিৰ ওচৰলৈ যাবলৈ ওলাল কিন্তু জীয়াই এনেকুৱাত ৰাশিৰ ওচৰলৈ অনুজ নোযোৱাটোৱেই ভাল হ’ব বুলি ক’লে৷ ৰাশিয়ে ৰাতি ভাত খাবলৈ আহিও অনুজৰ ফালে চালে কিন্তু অনুজে আগৰ দৰেই তাইৰ লগত ব্যৱহাৰ কৰা দেখি সি যে কথাবোৰ গম পাই এনেকুৱা কৰিছে বুজিলে ৷লাহে লাহে তাই realise কৰিছে তাইযে অনুজ আৰু জীয়া দুইটাৰ লগতে কিবা ভুল কৰিলে৷ভাত কেইটা পিটিকি পিটিকি খাবলৈ মন যোৱা নাই বুলি কৈ গুচি গ’ল৷ অনুজে ৰাতিপুৱাই তাইৰ লগত কথা পাতি গোটেই misunderstanding যিমান যি আছে সকলো clear কৰি আকৌ পাৰিলে আগৰ দৰে থাকিবলৈ ক’ব বুলি মনতে ভাবি ৰাশি ৰুমৰ পৰা ওলাই অহালৈ বাট চালে৷অলপ সময় পাছত তাই ৰুমৰ পৰা ওলাই আহি অনুজক দেখি কি সুধিম,কি ক’ম বুলি তাক মাত দিলে ৷ :"অনুজ আন্টি ক’ত আছে,দেখা নাই যে ৷" :"আজি দেওবাৰ যে মা অলপ বজাৰ কৰিবলৈ ওলাই গৈছে৷ শুন তোক মোৰ কথা এটা ক’বলৈ আছে,i hope তই ভুল নুবুজ’৷ (আগলৈ)

Tuesday, June 2, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪৮) _____________________ ৰাতিখন কোন আহিছে বুলি অনুজ দৰ্জাখনৰ ফালে আগবাঢ়ি গ’ল৷দেখিলে ৰাশিয়ে কথা পাতি আছে সেয়ে একো নুসুধি পুনৰ পাকঘৰলৈ আহি বনোৱাত লাগিল ৷বনাই হোৱাত জীয়াই ধুনীয়াকৈ টেবুলত সজাই দিলে আৰু অনুজে কেমেৰাটো ৰিকৰ্ডিং moodত ৰাখি জীয়াক ৰাশিক লৈ আহিবলৈ ক’লে৷সকলোবোৰ সিহঁতৰ প্লেনিং মতেই হৈ আছিল৷ৰুমৰ দৰ্জাখন ল’ক হৈ থকাত জীয়াই বাহিৰৰ পৰাই ৰাশিক মাত দিলে :"ৰাশি আহ খানা হ’ল " :"তহঁতি খা,মোৰ dinner হৈ গ’ল " :"তই ক’ত কৰিলি dinner ?'' :"মই বাহিৰৰ পৰা কিবাকিবি অৰ্ডাৰ কৰিছিলোঁ খালোঁ,তহঁতিও খাই ল’ আৰু মোক Distrub নকৰিবি" জীয়াই গৈ কথাবোৰ অনুজক ক’লেগৈ৷তাৰ টিঙিচকৈ খং উঠিছিল তথাপিও অলপ ধৈৰ্য্য ধৰি এবাৰ নিজেই ৰাশিক মাতি অনাটো ভাল হ’ব বুলি ভাবি ৰাশিক মাত দিলেহি :"hippo মোৰ হাতৰ special খানা ৰেডি হৈ আছে,সদায় এনেকুৱা সুবিধা নাপাওঁ আকৌ " :"মই already মোৰ dinner কৰিলোঁ,তহঁতি খা " :"দৰ্জাখন খোলচোন " ৰাশিয়ে দৰ্জাখন খুলি পুনৰ বিচনাত বাগৰি দিলেগৈ৷অনুজে ৰুমলৈ সোমাই গৈ তাইক আকৌ ক’লে :"seriously তই dinner কৰিলি মানে?" :"অনহ’টো মিছাকে কিয় কম আকৌ " :"হ’ব বাৰু but মই ইমান কষ্ট কৰি বনালোঁ খাব নালাগে বাৰু অলপ টেষ্ট কৰিবি ব’ল" :"কিমান বাৰ ক’ব লাগে,যা তহঁতি খাই ল’ মই খালোঁ ,anyways মোৰ এইটো পেট হয় কুৱা নহয় বাৰে বাৰে ঠুচি থাকিবলৈ " :"তই সচাকে নাখাওঁ মানে " :"এবাৰ ক’লে নুবুজ নিকি?মই শুব লাগে টোপনি আহিছে please leave নহ’বা তহঁতৰ খানা ঠাণ্ডা হ’ব " "okey'' বুলি কৈ সি ৰুমটোৰ পৰা ওলাই আহিল৷জীয়াই কেমেৰাটো অন কৰি সিহঁতি আহিলেই special momentsবোৰ record কৰিম বুলি ৰৈ আছিল৷কিন্তু অনুজে ৰুমটোৰ পৰা ওলাই আহি একো নুখুৱাকৈ নিজৰ ৰুমত সোমাই থাকিলগৈ৷জীয়াই তাক খাবলৈ মাতিলেগৈ কিন্তু কন্দা কন্দা মাতেৰে মোৰ মন নাই তুমি খোৱা বুলি কৈ আৰু একো মাত নিদিলে৷জীয়াই প্ৰথমবাৰ অনুজক এনেদৰে ভাগি পৰা যেন দেখিছে৷সেইটো সময়ত আৰু কিবা ক’লে ভাল নহ’ব বুলি তাইয়ো একো নুখুৱাকৈ মনে মনে শুই থাকিলগৈ৷ৰাশিয়ে তাইক দেখি তহঁতৰ dinner কেনেকুৱা হ’ল সুধিছিল কিন্তু তাই "আজি তই বহুত বেছি কৰি দিলি ৰাশি,সবৰে ভাগ্যত নাথাকে" বুলি কৈ তাইৰ ফালে পিঠি দি শুই থাকিলগৈ৷ ৰাতিপুৱা উঠি অনুজে ডাইনিং টেবুলত তেনেকৈয়ে ৰাতিৰ খানাবোৰ সজাই থোৱা দেখি জীয়াক বিচাৰি গ’ল৷জীয়াক চাদৰ ওপৰত কাপোৰ মেলি থকা দেখিলে,ৰাশিও তাতে আছিল কিন্তু সি তাইৰ ফালে কাণসাৰ নকৰি জীয়াক ক’লেগৈ :"i am sorry জীয়া ,কালি মোৰ কাৰণে তুমিও ভোকত থাকিব লগা হ’ল" :"একো নাই আপোনাৰ situationটো বুজিছোঁ " :"তোমাৰ দৰে যদি বাকীবোৰকো ভগবানে অকনমাণ মগজু দিলে হয় কালি মোৰ কষ্টবোৰ অথলে নাযায়েই৷" ৰাশিয়ে অনুজৰ কথা শুনি কেৰাহিকৈ সিহঁত দুটালৈ চাই সিহঁতৰ নতুন নতুন relationshipত কিবা problem হৈছে বুলি সেইখিনিৰ পৰা আতৰি তললৈ গুযি গ’ল৷অনুজে চাদত থকা বেন্সখনত বহি জীয়াক ক’লে :"দেখিলা তাই এতিয়াও একো feelয়েই কৰা নাই,মোৰ কোনখিনিত ভুল হ’ল,মই just মোৰ মনৰ কথাবোৰ তাইক খুলি ক’ব বিচাৰিছিলোঁ হয়তো তাইৰ মনত মোৰ প্ৰতি তেনেকুৱা একো দুৰ্বলতা নাই সেয়ে ভগবানেও হয়তো এইবোৰ নুকুৱাটোৱেই বিচাৰে " :"অনুজদা আপুনি ইমান সোনকালে হাৰ মানিব নোৱাৰে" :"সোনকাল,দেৰি বুলি একো নাই যিটো কপালত লিখা আছে হ’বই,দেখিলা নহ’ দুবাৰকৈ try কৰিলোঁ ক’বলৈ কিন্তু তাই এবাৰো এইবোৰ শুনিবলৈটো দুৰৰে কথা এবাৰ কিয় মাতিছে সেইটোও চাবলৈ নাহিলে৷মই আৰু নিজকে মিছা আশা দি পুতি ৰাখিব নিবিচাৰো,তাইক ভালপোৱাটো মোৰ ভুল হৈ গ’ল মই নিজেই এইবোৰ থিক কৰিম এতিয়া" :"কি কৰিব ?তাৰমানে মনৰ কথাবোৰ ক’ব নোৱাৰাৰ বাবে এতিয়া আপুনি তাইক ভাল নাপায় নেকি?" :"ভাল পাওঁ বাবে আগৰদৰে তাইৰ লগত থাকিব নোৱাৰিম কিন্তু তাইৰ পৰা অলপ হ’লেও আতৰ হ’বটো পাৰিম৷" :"কি কৈছে এইবোৰ৷আপোনাৰ হৈ মই ক’ম তাইক,বুজাম কথাবোৰ" :"নালাগে,তাইক একো নক’বা বাদ দিয়া মিছাতে থিক হোৱা ঠাইত বেছিকৈ বেয়া হ’ব এইবোৰ,সঠিক সময় হ’লে মই নিজেই কম,তেতিয়ালৈ তুমি একো নক’বা " দুদিন তেনেকৈয়ে বাগৰি গ’ল৷শেৱালি আন্টিও ঘৰলৈ ঘুৰি আহিলে৷অনুজে আকৌ ৰুমৰ ভিতৰতে সোমাই থাকিবলৈ লৈছে,ঘৰলৈ অহাৰ পাছত আগৰ দৰে অনুজে নিজক ৰুমত বন্দী কৰি থোৱাৰ দৰে থকা দেখি তাৰ কিবা হ’ল নিকি সুধিলে৷ৰাশি আৰু জীয়াই একো নাই হোৱা বুলি ক’লে যদিও ৰাশিয়ে ৰুমত মনে মনে জীয়াক সুধিলেহি :"is everything right জীয়া" :"হ’ম,কিয় সুধিলি" :"তই অনু ৰ লগত কিবা লাগিলি নেকি?" :" মই অনুজদা লগত কি লাগিম আকৌ " :"মন কৰিছোঁ এসপ্তাহমানৰ পৰা অনুজে বৰ মনটো মাৰি আছে,মোকো Ignore কৰিছে আৰু তোৰ লগতো আগৰ দৰে কথা পতা নাই " :"তোৰ এইবোৰৰ পৰা কি মতলব,তইটো নিজৰ মতলবত থকা মানুহ,নিজৰটোহে সদায় নিজৰ বাকীবোৰৰ কথা শুনিবলৈটো সময়েই নাই" :"তই কি ক’ব খুজিছ চিধাচিধি ক’,অকাই পকাই ক’লে মই বুজি নাপাও বুলি জান তই " :"একো নহয়,মোৰ কাম আছে" বুলি কৈ জীয়াই ৰুমটোৰ পৰা ওলাই গ’ল৷জীয়াৰ কথাবোৰ ধৰিব নোৱাৰি ৰাশিৰ মনত সন্দেহ হ’ল তাইৰ প্ৰতি৷আচলতে জীয়া আৰু অনুজ দুইটাৰে হ’ল কি?কিয় সিহঁতি তাইৰ লগত তেনেকুৱা কৰি আছে জানিবলৈ তাই কথাবোৰ খুচৰিবলৈ ধৰিলে "৷

Sunday, May 31, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪৭) _____________________ ৰাশিয়ে ৰুমলৈ আহি কাপোৰ কানি সলাই বিচনাতে বাগৰি পৰিল৷কেতিয়াবা চকুৱে দেখা আৰু কাণেৰে শুনাবোৰ ভুল হ’ব পাৰে কিন্তু আপোন বুলি ভবাবোৰে যেতিয়া বুকুত ঘাঁ দিয়ে কোনো দৰবেই সেয়া থিক কৰিব নোৱাৰে৷তাতে তাইৰ আটাইতকৈ বিশ্বাসী যাক নিজৰ বুলি ভাবে,চকুুমুদিয়ে বিশ্বাস কৰি লয় সেই জীয়া আৰু অনুজে তাইক মিছা কথা কৈছে বুলি তাইৰ মনটো সিহঁতৰ প্ৰতি খং আৰু অভিমানেৰে ভৰি পৰিল৷ইফালে অনুজ আৰু জীয়াই তাইৰ কাৰণে বাৰাণ্ডাতে বহি বাট চাই থাকিল৷সন্ধিয়া ছয়টা বাজি গ’ল,ইমানপৰ ৰাশি ঘৰলৈ নহা দেখি অনুজৰ চিন্তা বাঢ়ি গ’ল৷দিনকাল ভাল নহয় তাতে ঠাণ্ডাদিনত সোনকালে আন্ধাৰ হয়,ইমান দেৰি এজনী ছোৱালী বাহিৰত অকলে থকাটো ভাল নহয়৷তাই ক’ত আছে জানিবলৈ তাইলৈ call কৰিলে কিন্তু তাৰ callটো ৰিচিভ নকৰা দেখি জীয়াক call কৰিবলৈ ক’লে৷জীয়াই ফোনটো আনিবলৈ ভিতৰলৈ সোমাই গৈ ৰাশিক বিচনাতে শুই থকা দেখি সুধিলে :"পেটু তই কেতিয়া ঘৰলৈ আহিলি,অনুজ দা আৰু মই তোৰ কাৰণে অথনিৰে পৰা wait কৰি আছিলোঁ " :" তহঁতৰ মোলৈ সময় ওলাল যে সেইটোৱেই বহুত " :"মানে ?" :"একো নাই thnq কৈছোঁ মোৰ কাৰণে চিন্তা কৰা কাৰণে ,অহা অলপ time হ’ল ,actually বহুত tired feel কৰিছোঁ so তহঁতক distrub নকৰিলোঁ " :"are you okey ?যোৱা দুদিনমান ধৰি তই বহুত weird behave কৰি আছ আৰু কিবা tensionত থকা দৰে লাগিছে,মোকো ভালদৰে মাতবোল কৰা নাই, সব থিকেই আছেনে ?" :"yaa ,its alright ,bdw তই মোক কিবা কথা ক’বলৈ পাহৰিছ নেকি ?" :"নাই একোটো পাহৰা নাই আৰু কিবা ক’বলৈ হ’লে তোকেই 1st কম,কিয় সুধিলি?" :"নাই নাই ইনেই সুধিছোঁ,আজিকালি বৰ উৰি ফুৰ যে মই বোলো pyarr yaar হৈছে নেকি আকৌ " "ইস্ সেইবোৰ কিবা হ’লেটো তোক কমেই আৰু এনেকুৱা একো কথা নাই ,ৰ’হ মই অনুজদাক তই ঘৰ পালিহি বুলি কৈ থৈ আহোঁ নহ’বা মিচাতে সি চিন্তা কৰি থাকিব" বুলি কৈ জীয়া ৰুমটোৰ পৰা ওলাই গ’ল৷ৰাশিৰ মনটো আকৌ অলপ বেয়া লাগি গ’ল জীয়াই এতিয়াও তাইক সচাঁ কথাটো নাই কোৱা বুলি৷মনৰ দুখতে গাৰুটো সাবটি কাণত হেদফোনদাল লগাই শুই থাকিল ৷ জীয়াই অনুজক ৰাশি ঘৰলৈ অহা কথাটো কোৱাৰ লগে লগেই সি আহি দৰ্জামুখৰ পৰাই ৰাশিক মাত লগালে৷কিন্তু ৰাশিয়ে একো মাত নিদিয়া দেখি তাই শুলে বুলি ভাবি দুৱাৰমুখৰ পৰাই উভতি গ’ল৷ৰাতি ভাতৰ টেবুলতো ৰাশিয়ে কাকো একো মাতবোল নকৰাকৈ মনে মনে ভাত খাই উঠি গ’ল৷দুদিনমান ৰাশিয়ে কাৰো লগত ভালকৈ কথাবতৰা নপতা হ’ল,একেখন ঘৰতে থাকিও অনুজক মাতিব লাগে বুলি নিগনি মেকুৰীৰ দৰে অনুজৰ পৰা লোকাই থকা হ’ল৷অনুজে সদায় চাদৰ ওপৰত ৰাশি অহালৈ বাট চাই থাকে কিন্তু ৰাশিয়ে ক্লাছৰ পৰা ঘৰলৈ আহি কাৰো লগত মুখামুখি নহ’বলৈ বুলিয়ে ৰুমতে সোমাই থাকে চাদলৈয়ো নোযোৱা হ’ল৷জীয়াৰ লগতো ভালদৰে কথা বতৰা নাপাতে,জৰুৰী কিবা থাকিলে মাত দিয়ে নহ’লে জীয়াই কথা পাতিব বিচাৰিলে গা বেয়া,mood নাই বুলি কৈ থৈ দিয়ে৷ৰাশিৰ অদ্ভুৎ আচৰণ দেখি শেৱালি আন্টিৰো তাইৰ প্ৰতি চিন্তা হ’ল আৰু ৰাশিৰ লগত কথা পাতিলে ৷কিন্তু বক্সিং ক্লাছৰ কিবা কিবি খেলিমেলি বুলি কৈ কথাষাৰ পাতলাই দিলে৷শেৱালি আন্টিয়েও তাইক যিটি কথাবোৰ ভাবি মন বেয়া নকৰিবলৈ বহুত কথা বুজালে৷কথাবোৰ বুজিয়ে তাই অনুজ আৰু জীয়াক আৰু এটা chance দিয়াৰ কথা ভাবিলে৷হয়টো অনুজ আৰু জীয়াক মিছা কথাৰ বাবে কাহানিও সিহঁতক ক্ষমা কৰিব নোৱাৰিব কিন্তু একেলগে থাকি সিহঁতৰ পৰা দুৰত থকাটোও সম্ভৱ নহয়৷ভুল মানুহৰেই হয় বুলি এবাৰলৈ সিহঁতক এৰি দিয়াৰ কথা ভাবিলে৷ জীয়া আৰু অনুজে plan bৰ planning মতে কামবোৰ আৰম্ভ কৰিলে৷এইবাৰ যিয়েই নহওঁক লাগিলে 14februaryত অনুজে ৰাশিক তাৰ মনৰ কথাবোৰ খুলি ক’বই লাগিব নহ’লে তাতকৈ আগত যদি আন কোনোবাই ৰাশিক propose কৰি দিয়ে তেতিয়াহ’লে তাৰ মনৰ আশা মনতে মৰহি ৰ’ব আৰু কেতিয়াও ৰাশিক মনৰ কথাবোৰ ক’বই নোৱাৰিব৷আজিকালি কলেজত বহুতৰ লগত ৰাশিৰ ঘনিষ্ঠ সম্পৰ্কও গঢ়ি উঠিছে, সহজ সৰল ভাৱৰ কাৰো প্ৰতি বেয়া ভাব নৰখাকৈ সকলোকে সহায় কৰা মনটোৰ বাবে ৰাশিক বহুতে ভাল পায়৷বহুত ল’ৰাই ৰাশিৰ লগত চিনাকি হ’বলৈয়ো বিচাৰি ফুৰে,তাৰ মাজৰে কাৰোবাৰ লগত ৰাশিৰ ভালপোৱা হোৱাতো দুৰৰে কথা ৰাশিক বেলেগৰ লগত দেখিলেই অনুজৰ তেজ উতলি আহে৷সেয়ে সোনকালে কথাবোৰ খুলি খালী ক’বই লাগিব৷যদি উত্তৰত ৰাশিয়ে no কয় তেনেহ’লে friendshipটো বেয়া নকৰিবলৈ তাইৰ আগত কাকুতি মিনতি কৰিব কিন্তু তাৰ feelingsবোৰৰ কথা নোকোৱাকৈ তাইক বেলেগৰ লগত সহ্য কৰাটো টান হৈ পৰিছে৷ 14febৰ দিনা আছিল দেওবাৰ,অনুজৰ মাহীয়েকৰ ফালৰ মিটিৰ এঘৰত বিয়া শেৱালি আন্টিও তালৈকে গৈছে৷ৰাতিটো মাহীয়েকৰ ঘৰতে থাকিব৷দিনটো ৰাশিয়ে ইটো সিটো কাম কৰি ৰুমতে সোমাই থাকিল ৷মাজে মাজে অনুজে তাইক অশান্তি কৰি থাকিল আৰু special দিনটোত আৰু কি special কৰিব পাৰি জীয়াৰ লগত সেইটোও মনে মনে আলোচনা কৰিলে৷অনুজে ৰাতিৰ সাজ ৰাশিলৈ specialকে নিজেই বনাব আৰু জীয়াক ভাত বনোৱাত সহায় কৰি দিবলৈ ক’লে৷যিহেতু ৰাশিয়ে ভাত পানী বনাব নাজানে সেয়ে তাইৰ বাবে surprise হৈ থাকক বুলিয়ে এটায়ো তাইক একো নক’লে৷সন্ধিয়া যেতিয়া সিহঁতি ভাত বনাবৰ বাবে যা যোগাৰ কৰি আছিল তেতিয়া ৰাশিয়ে দুইটাকে পাকঘৰত একেলগে দেখিলে৷কিন্তু সিহঁতৰ ওচৰলৈ গ’লে কাবাব মে হাৰ্ডি বনা দৰে হ’ব বুলি মাত নিদিলে৷ডাইনিং ৰুমটোও ধুনীয়াকৈ সজাই থোৱা দেখি জীয়া আৰু অনুজৰ 1st dinner date বুলি ভাবি ৰুমলৈ গৈ নিজলৈ বাহিৰৰ পৰাই কিবা এটা অৰ্ডাৰ কৰি দিলে ৷সন্ধিয়া সাতমান বজাত কলিং বেলটো বাজিল ৷(আগলৈ)

Friday, May 29, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪৬) _____________________ অনুজ আৰু জীয়াই সকলো Arrangement শেষ কৰি ৰাশিক মাতিবলৈ আহিল৷ৰাশিৰ দৰ্জাখন বন্ধ পাই বহুতবাৰ মাত লগালে কিন্তু তাই কাণত হেডফোন লগাই থোৱা বাবে একোকে নুশুনিলে৷ৰাশিয়ে দৰ্জাখন খুলি নিদিয়াত কাগজৰ টুকুৰাত "we have a surprise for you "বুলি লিখি ভিতৰলৈ দলিয়ালে ,তাইলৈ মেছেজো পঠিয়ালে কিন্তু মেছেজৰো ৰিপ্লাই নাহিল লগতে তাই কাগজৰ টুকুৰাবোৰ পাইয়ো খংতে দৰ্জাখন নুখুলিলে আৰু "তহঁতৰ surprise তহঁতিয়েই ৰাখ মোৰ mood off "বুলি ৰুমৰ পৰা ওলাই নাহিলে৷অনুজ আৰু জীয়াই হঠাৎ ৰাশিৰ কি হ’ল একো ধৰিব নোৱাৰিলে৷মনৰ দুখত অনুজে চাদৰ ওপৰলৈ গৈ অকলে অকলে বহি থাকিলগৈ৷অলপ সময়ৰ পাছত জীয়াই তাৰ ওচৰলৈ গৈ কাষতে বহি তাক সাহস দিলে যে :"অনুজ দা plan A flop হ’লে কি হ’ব আমি আকৌ plan B কৰিম ,এতিয়া চাব এইটো কেনেকৈ succes হয় " :"মই ইমান সোনকালে হাৰ মনা নাই,কিন্তু ইমান হেপাঁহেৰে এইবোৰ arrangement কৰিছিলোঁ,atleast এবাৰ ওলাই চাব পাৰিলে হয় মই তাইৰ কাৰণে কি surprise থৈছোঁ ৷answerটোৰ বাবে time ল’ওক দৰকাৰ হ’লে কিন্তু তাইটো দৰ্জাখনেই নুখুলিলে কিনো surprise আছে চাবলৈয়ো৷" :"একো নাই কিবা এটা পাবলৈ অলপ সময় ৰ’বই লাগিব৷" :"ওম’ যিমান সময় লাগে মই তাইৰ কাৰণে বাট চাম৷" :"আহক ভাত খাব হ’ল তলতৈ যাওঁ " :"তুমি ৰাশিক এতিয়া চাদলৈ লৈ আনা যোৱা " ''try এটা কৰি চাব পাৰি "বুলি জীয়াই দৌৰ মাৰিলে৷আকৌ ৰাশিক মাত লগালে কিন্তু তাই দৰ্জাখন নুখুলিলে,ভাত খাবলৈ মন নাই বুলিহে ক’লে৷ভাতৰ টেবুলতো ৰাশিক নেদেখি অনুজৰ মনটো বেছিকৈয়ে সেমেকি গ’ল৷জীয়াই শোৱলৈ আহিল,ভাগ্যক্ৰমত ৰাশিয়ে দৰ্জাখন খুলিলে কিন্তু জীয়াৰ লগত একো কথা নাপাতিলে ৷জীয়াই তাইক মাত দিছিল যদিও ৰাশিয়ে "মোৰ একো কথা পাতিবলৈ মন নাই,টোপনি আহিছে" বুলি কৈ লাইটটো off কৰি দিলে৷ ৰাতিপুৱা উঠি অনুজে ৰাশিক নেদেখি জীয়াক সুধিলেগৈ ,তাইয়ো নজনাত দুয়োটাই মিলি গোটেই ঘৰটোতে বিচাৰিলে কিন্তু নাপাই তাইক call কৰিলে কিন্তু তাইৰ পৰা মেছেজ এটা আহিল যে " বক্সিং ক্লাছৰ কাম এটাত আহিছোঁ,ইয়াৰ পৰা direct কলেজ গুচি যাম ,মোৰ কাৰণে tension ল’ব নালাগে,আন্টিক কৈ থৈ আহিছোঁ"৷অনুজৰ মনটো আকৌ এবাৰ ভাগি গ’ল,ৰাশিৰ কি হৈছে সিহঁতি দুয়োটাই ভাবি পাৰ পোৱা নাই৷ জীয়াই ৰাশিৰ লগত কথা পাতিম বুলি কৈ কলেজলৈ ওলালে৷ ৰাশি কলেজত আছে ভাবিয়ে সিহঁতিও ন’ বজাতে কলেজলৈ ওলাই আহিলে৷অনুজে জীয়াক তাৰ লগত বাইকতে যাবলৈ লগ ধৰিলে৷ যি টি কথাবোৰ ভাবি ৰাশিয়ে ষ্টেডিয়ামৰ ওপৰতে বহি থাকিল ৷তাইৰ নিজৰ ওপৰতে খং উঠিছে কিয় যে জীয়া আৰু অনুজে relationship যোৱা দেখি তাইৰ খং উঠিছে,তাইয়ো দেখোন সেইটোকে বিচাৰি আছিলে কিন্তু যেতিয়া তাই বিচৰাটোকেই হ’ল তাইৰ কিয় বেয়া লাগিছে৷অনুজ আৰু ৰাশি দুয়োটা তাইৰ childhood friend আৰু সিহঁতি তাইৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱালে,এবাৰো তাইক ক’ব লাগে বুলি নাভাবিলে কাৰণে তাইৰ খং উঠিছে বুলি নিজকে নিজে সকাহ দিলে৷ৰাশিৰ বেছিকৈ জীয়াৰ ওপৰত খং উঠিছে,জীয়াই যদি তাইক এবাৰো অনুজক like কৰা কথা ক’লে হেতেন তাইটো নিজেই সকলোবোৰ arrangement কৰিলে হয়,জীয়াই কিয় এবাৰো নক’লে ,সকলোখিনি অকলেই কৰি অনুজক propose নিজেই কৰিলে৷ প্ৰতিটো সৰু সুৰা কথা বা কাম কৰাৰ আগত তাইক সুধা ছোৱালীজনীয়ে ইমান ডাঙৰ কথাটো তাইৰ পৰা লুকুৱালে,নজনাকৈয়ে চকুৰ পানী এটোপ বৈ আহিল৷কলেজলৈ বুলি ষ্টেডিয়ামৰ পৰা ওলাই আহিয়ে অনুজ আৰু জীয়াক একেলগে বাইকত উঠি যোৱা দেখি বুকুৰ কোনোবাখিনিত খোচ মাৰি ধৰিলে৷ মনৰ অশান্তিতে কলেজলৈ নাযাওঁ বুলি পুনৰ ষ্টেডিয়ামতেই বহি থাকিলহি৷ কলেজত অনুজে ৰাশিক দিনটো বিচৰাৰ পাছতো নাপাই ছুটীৰ সময়ত তাইলৈ call কৰিলে ৷কিন্তু ৰিচিভ নকৰা দেখি জীয়াক ফোন কৰি সুধিলে ৷জীয়াই ৰাশিলৈ call কৰিলে কিন্তু ৰাশিয়ে বাৰে বাৰে call cut কৰা দেখি "its urgent 'বুলি মেছেজ এটা দিলে ৷মেছেজটো পাই ৰাশিয়ে লগালগ জীয়ালৈ ফোন কৰিলে :"কি হ’ল থিকেই আছটো তই ?" :"ৰাশি ক’ত আছ ৰাতিপুৱা পৰা ইমান বিচাৰি ফুৰিছোঁ,কি হ’ল তোৰ " :"একো নাই কাম এটাত busy হৈ আছোঁ ৷" :"ঘৰ কেতিয়া যাবি?" :"মোৰ দেৰি হ’ব তই গুচি যা " ৰাশিৰ callটো cut কৰি জীয়াই অনুজলৈ ফোন কৰি" ৰাশিৰ ঘৰ পোৱা দেৰি হ’ব আমাক যাবলৈ কৈছে" বুলি জনালে৷ ঘৰলৈ আহি বাহিৰৰ চোফাখনতে বহি অনুজে ৰাশিলৈ বাট চাই থাকিল ৷সন্ধ্যা হ’বৰ হ’ল,ঠাণ্ডা দিন 5বজাতে বেলি ডুবে৷ৰাশিয়ে লগত গৰম কাপোৰ নিছে নে,ক’ত আছে কি কৰিছে এগালমান চিন্তাই তাক বেৰি ধৰিলে৷জীয়াই অনুজলৈ চাহ একাপ আনি তাৰ হাতত দিলেহি কিন্তু অনুজ অন্যমনষ্ক হৈ থকাৰ বাবে চাহৰ কাপটো তাৰ হাততে পৰিল৷হাতখন অলপ পুৰিলে জীয়াই লগালগ burnalটো আনি তাৰ হাতত লগাই দিলেহি৷ৰাশিয়ে আহি পুনৰ সিহঁত দুটাক পাছফালৰ পৰা তেনেকৈ দেখি হাতত ধৰি আছে বুলি ভাবি একো মাত নলগোৱাকৈ ভিতৰলৈ সোমাই গ’ল৷(আগলৈ)

Wednesday, May 27, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ______________________________________ দেৱাশ্ৰী বৰা (#খণ্ড_৪৫) _____________________ নতুন বছৰৰ ক্লাছবোৰ আৰম্ভ হ’ল৷ঘৰৰ পৰা ঘুৰি অহাৰ পাছৰে পৰা জীয়া,ৰাশি, অনুজ আৰু জোনাকৰ মাজত একপক্ষীয় প্ৰেমৰ আদান প্ৰদান চলিল৷কোনে কাক ভাল পায় কথাবোৰ বুজিব নোৱাৰা যেনেই লাগিল৷উপৰে উপৰে চালে ভগৱানে যেন সকলো দিশৰ পৰা সুখবোৰ যেন জীয়াৰ আশাৰ দলিচাত বুলাই পেলাইছে তেনেকুৱাই লাগে ৷কিন্তু জীয়াই অনুজক ৰাশিৰ কাষ চপাবলৈ ইটো সিটো বুদ্ধি দিলে,দুটাক এক হ’বলৈ যিমান পাৰে তাই নিজৰ ফালৰ পৰা সহায় কৰিলে৷অনুজক তাৰ feelingsবোৰ ৰাশিৰ আগত expose কৰিবলৈ সাহস দিছে৷অনুজেও জীয়াই কোৱাৰ দৰেই ৰাশিৰ লগত timespent কৰিবলৈ কলেজলৈ বাইকত নগৈ সিহঁতৰ লগত টেম্পোত অহা যোৱা কৰিবলৈ ধৰিলে ,ৰাশিয়ে ভালপোৱা বস্তুবোৰ কিনি দিয়াৰ পৰা ধৰি নিজৰ ফালৰ পৰা যিমান পাৰে সকলোখিনি কৰিলে ৷কিন্তু কোনো এটা কামতে সফল হ’ব পৰা নাই ৷অনুজে কিবা এটা কৰিব খুজিলে ৰাশিয়ে জীয়াকো লগতেই ৰাখে যাতে জীয়া আৰু অনুজক কাষ চপাব পাৰে৷অনুজে যিমানেই ৰাশিৰ কাষ চাপিব বিচাৰে তাই তাক মাথোঁ নিৰাশ কৰিছে ,সি তাইৰ কাৰণে কিবা এটা কৰিব খুজে কিন্তু তাইৰ জিদ বুলি ধৰি উপায়বিহীন হৈ সেইটো Unfortunately জীয়াৰ বাবে কৰিবলৈ বাধ্য হৈ পৰে ৷সিও সিহঁতৰ বন্ধুত্বৰ জড়ীদালত বেয়াকৈ বান্ধ খাই পৰিল৷ইচ্ছা কৰিলেও তাৰ ভালপোৱাবোৰ ৰাশিৰ আগত প্ৰকাশ কৰিব পৰা নাই,যদি তেনেকুৱা কিবা হয় সি ৰাশিৰ লগত মাত্ৰ সিহঁতৰ friendship টোকেই নহয় ৰাশিকো সদায়ৰ কাৰণে হেৰুৱাই পেলাব বুলি ভয় কৰে ৷ ভয়বোৰ নেউচি জীয়াৰ উৎসাহত সি সাহস পাই ৰাশিৰ কাৰণে কিবা এটা special কৰিব খুজিলে৷জীয়াই তাক idea দিলে যে valentine week আহি আছে আৰু সি যদি ৰাশিক propose কৰে হয়তো ৰাশিৰ ভিতৰৰ অনুভৱবোৰ ধৰিব পাৰিব যে তাই সচাকৈ কি বিচাৰে৷আৰু যদি ৰাশিৰ তাৰ কাৰণে কোনো feelings নাই তেতিয়াহ’লে valentine week special বুলি কৈ থৈ দিব পাৰিব৷ জীয়া আৰু অনুজে ৰাশিৰ মনত কি চলি আছে সেইবোৰ অলপো বুজিব পৰা নাই৷সিহঁতি ৰাশিৰ পাগলামিবোৰ তাইৰ জেদ বুলিয়ে মানি ল’লে৷কেতিয়াও ৰাশিয়ে যে সিহঁতক যোৰা দিবলৈ সেইবোৰ কৰি আছে সেইটো নাভাবিলেই৷ যি কি নহওক অনুজৰ লগত surprise plan বনাওতে জীয়া আৰু অনুজে ৰাশিৰ পৰা দুৰত থাকি কিছুমান কাম কৰিবলৈ ধৰিলে৷ৰাশিয়ে প্ৰথমে কথাবোৰ আচহুৱা যেন পাইছিল তথাপিও সিহঁতি relationshipত যাবলৈ একেলগে timespent কৰিব খুজিছে বুলি এৰি দিলে৷ভিতৰি তাই অকলশৰীয়া feel কৰিবলৈ ধৰিলে৷সদায় অনুজে তাইৰ আগে পিছে ঘুৰি ফুৰাৰ পৰা ধৰি জীয়াৰ থেনথেনাই থকা কথাবোৰ মনত পৰি বেয়া লাগিছে৷ তাইৰ মনত অচিনাকি ধুমুহা এজাকে দোলা দি থাকিল৷তাইৰ সৈতে কি চলি আছে একোৱেই ধৰিব পৰা নাই৷ জীয়া আৰু অনুজে Valentine weekৰ 1st দিনটোত কিবা এটা কৰাৰ কথা ভাবিলে৷জীয়াই অনুজক ধুনীয়া red rose এপাহ ৰাশিক দিবলৈ ক’লে আৰু পাৰিলে অলপ feelingsৰ expose কৰিবলৈ ক’লে৷অনুজেও সেইটোৱেই থিক হ’ব বুলি ভাবিলে কিন্তু এইবোৰ কৰিলে যদি ৰাশিয়ে তাক ওলোটাই কিবা প্ৰশ্ন কৰে তেন্তে propose কৰিবলৈ আৰু বেছি দিগদাৰ হৈ যাব বুলি ভাবি একেবাৰে propose day দিনাই surprise proposal এটাৰ planning কৰিলে৷ Surprise proposalটোৰ planning চাদৰ ওপৰত কৰিলে ভাল হ’ব বুলি ভাবি জীয়া আৰু অনুজে ৰাশিক surprise দিবলৈ চাদৰ ওপৰত ধুনীয়াকৈ সজোৱাৰ কথা ভাবিলে৷কিন্তু ৰাশিয়ে সদায় সন্ধিয়া চাদৰ ওপৰলৈ আহে তাইক ওপৰলৈ নাহিবলৈয়ো জীয়াই ৰাশিৰ লগত কাজিয়া কৰাৰ acting কৰিলে৷কাৰণ কাজিয়া কৰিলেই ৰাশিয়ে মুখফুলাই ৰুমৰ ভিতৰত সোমাই থাকিব আৰু সিহঁতৰ surpriseটো succes হ’ব৷কথামতেই সকলোখিনি কাম হ’ল৷ 8th feb দিনা অনুজ আৰু জীয়াই ৰাশিক কলেজত এৰি দুইটাই অকলে বজাৰখিনি কৰি ঘৰলৈ আহি চাদৰ ওপৰৰ এটা side খুউব ধুনীয়াকৈ সৰু সৰু টুনী Lighting কৰি সজালে৷দুই এটা বেলুনো আৰি দিলে ৷কলেজৰ পৰা ঘৰলৈ আহিবলৈ ৰাশিয়ে সিহঁত দুটালৈ বহুত সময় ৰৈ থাকিল৷তাইক তেনেকৈ অকলে ৰৈ থকা দেখি অনুজৰ লগৰ এটাই সুধিলেহি :"কি হ’ল ৰাশি,ইমান দেৰি ঘৰ যোৱা নাই যে ?" :"অনুজ আৰু জীয়ালৈ ৰৈ আছোঁ,সিহঁতি আহিলেই একেলগে যাম আৰু " :"সিহঁত দুটাকটো মই এক বজাতে কলেজৰ পৰা ওলাই যোৱা দেখিছিলোঁ ,কিয় তোমাক নক’লে নি " "নাই মই কলেজৰ পৰা বক্সিং ক্লাছ যাওঁ সদায় আৰু আজি ক্লাছ নাই কাৰণে ঘৰলৈ একেলগে যোৱা কথা আছিল " :"সিহঁতক মই টাউনৰ ফালেহে ওলাই যোৱা দেখিছিলোঁ " "thank you,মই যাওঁ bye "বুলি কৈ তাই খংতে সেইখিনিৰ পৰা দপদপাই গুচি আহিল৷বাৰে বাৰে মবাইলটো চালে জীয়া নহ’বা অনুজৰ ফোন মেচেজ কিবা আছে নেকি কিন্তু একোকে নাপাই তাইৰ মনটো বেয়া লাগি গ’ল৷ঘৰলৈ আহি জীয়া আৰু অনুজক নামাতো বুলিয়ে ৰুমটোত হুক লগাই সোমাই থাকিলহি ৷ ৰাশিয়ে হাতত দুখ পালে বাবে বক্সিং ক্লাছলৈ নাযাওঁ বুলি ৰাতিপুৱাই অনুজ আৰু জীয়াৰ লগত ম’ম খাবলৈ যোৱাৰ প্লেনিং বনাইছিল৷ৰাশিক খং উঠাবলৈয়ে সিহঁতি তাইক তেনেকৈ এৰি থৈ আহিলে৷ জীয়া আৰু অনুজে বিচৰা দৰে ৰাশিয়ে খংতে ৰুমত সোমাই আছে বুলি ভাবি নিজৰ Surprise planningটোত কাম কৰিলেগৈ৷ সন্ধিয়া সময়ত অনুজে Propose কৰাৰ কথা ভাবিয়েই আছিলে কিন্তু কেনেকৈ কি কৰিব ,কি বুলি ক’ব সি একো বুজি পোৱা নাই৷ৰাশিৰ প্ৰতি তাৰ এনেকুৱা দুৰ্বলতা কেতিয়াবা আহিব বুলিও ভবা নাছিল ৷হ’লেও কথাতে কোৱা হয় নহয় যাৰ পৰা আমি কেতিয়াও একো আশা নকৰোঁ সেই মানুহবোৰেই আমাক আটাইতকৈ ভাল অনুভৱ কিছুমান দি দিয়ে৷অনুজৰ লগতো থিক একেই হ’ল,যাৰ লগত সৰুতে আটাইতকৈ বেছি উৎপতীয়া কামবোৰ কৰিছিল তাৰ crime partner,প্ৰতিটো সৰুসুৰা কথাতে কাজিয়া কৰাৰ partner আৰু তাইক এতিয়া life partner কৰিবলৈ ওলাইছে৷সি বহুত nervous হৈ আছিল কেনেকৈ ৰাশিক কথাবোৰ ক’ব,তেনেকুৱাতে জীয়াই আহি তাক all the best বুলি কয়হি৷অনুজৰ মুখত ইমান ভয় nervousness জীয়াই কেতিয়াও দেখা নাছিল সেয়ে অনুজক কি হ’ল সুধিলে৷সি তাৰ কথাবোৰ বুজাই ক’লে তাইক,কিন্তু final and finishing timeত সি ৰাশিলৈ ভয় কৰিলে নহ’ব বুলি তাই সাহস দিলে৷অনুজৰ এটাই চিন্তা সি ৰাশিক কথাবোৰ ক’লেই যেনিবা কিন্তু ৰাশিয়ে যদি মনা কৰি দিয়ে তেতিয়া সি কি কৰিব৷জীয়াই অনুজৰ চিন্তাবোৰ বুজিব পাৰি তাক ক’লে :"একো নহয় অনুজ দা সব থিক হৈ যাব তুমি মুঠতে সাহস নেৰিবা " :"জীয়া মই তাইক কেনেকৈ ক’ম " মই দেখুৱাই দিওঁ বুলি অনুজে ৰাশিলৈ আনি থোৱা ৰঙা গোলাপ পাহ হাতত লৈ জীয়াই আঠুকাঢ়ি বহি ল’লে৷ৰাশিয়ে চাদৰ ওপৰলৈ গৈ সিহঁতক তেনেকৈ দেখিলে আৰু মনে মনে কি কৰিছে চালে ,জীয়াই অনুজক কৈ থকা দেখিলে যে" কেনেকৈ ক’ম বুজি পোৱা নাই,বহুত দিনৰ পৰা ক’ম বুলি ভাবি আছিলোঁ finally আজি ক’বলৈ ওলাইছোঁ i love ...তাৰ পাছত তাই আৰু একো নুশুনি তললৈ দপদপাই খংত গুচি আহিলে৷ইমান ডাঙৰ কথা এটা জীয়াই তাইৰ পৰা লুকুৱালে আৰু এবাৰো তাইক ক’ব লাগে বুলি নাভাবিলে৷মনৰ দুখতে তাই দৰ্জাখন বন্ধ কৰি হেদফোনদাল কাণত লগাই ৰুমতে সোমাই থাকিল৷(আগলৈ)