Wednesday, August 12, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 41) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আজি যথেষ্ট দেৰি হ’ল কাহিনীভাগ আগবঢ়াই দিয়াত সেইবাবে প্ৰথমেই মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ ৷মই যিহেতু মবাইল ন’টত কাহিটো লিখি থওঁ কিন্তু আজি দিবলৈ লৈ দেখিছোঁ খণ্ডটো নাই ,পুনৰ বাৰ যেনেতেনে মিলাই মেলি লিখি দিছোঁ৷বেয়া নাপাব দেই৷আপোনালোকক সুখী কৰিব পৰাকৈ এতিয়াও কাহিনীভাগ একেই ৰাখিব পাৰিছোঁ নাই নাজানো কিন্তু মৰমবোৰৰ বাবে অশেষ ধন্যবাদ ❤️ ) প্ৰিয়াই ঘৰৰ কাম,ল’ৰা-ছোৱালীৰ জঞ্জাল আউতাই অফিচৰ কামৰ ব্যস্ততাৰ মাজত মুৰ গুজি ভালদৰে নিজলৈ সময়কণকে গোটাব নোৱাৰে তথাপিও বৰ্ষাৰ দুখবোৰ পাতল হওক বুলিয়েই মায়া আৰু সমীৰৰ অতীতৰ কথাবোৰ লাহে লাহে সুধি জানি লৈ আজি একেলগে বহুখিনি তথ্য গোটাই বৰ্ষাৰ ওচৰলৈ আহিছে৷কথাবোৰ কোনখিনিৰ পৰা আৰম্ভ কৰিব তাই নিজেও বুজি পোৱা নাই৷বৰ্ষাক ক’বলৈ আহিছে যদিও প্ৰিয়াৰ বেৰঙী মুখখনতেই বৰ্ষাই অনুমান কৰিছে নিশ্চয় প্ৰিয়াই ক’বলৈ ওলোৱা কথাবোৰ সহজ নহ’ব তাইৰ বাবেও৷জিজ্ঞাসু মনটোৰ বাবে নিজকে প্ৰস্তুত কৰিছে সাহসী হ’বলৈ৷ প্ৰিয়াৰ সৈতে অন্য কথা বতৰা পাতি মুৰ নঘমায় পুনেই সুধিলে "প্ৰিয়া দি কিবা গম পালে নেকি?" হুমুনিয়াহ এটা এৰি প্ৰিয়াইয়ো ক’লে "বৰ্ষা মই যিবোৰ জানিলোঁ তাইৰ পৰা সেইবোৰ তোমাক কেনেকৈ কওঁ একো বুজি পোৱা নাই " "মানে প্ৰিয়া দি?" "মানে আমি ভবাৰ দৰে মায়া আৰু সমীৰৰ সম্পৰ্কটো একেবাৰেই নহয়,বহুত খেলিমেলি আছে " "খেলিমেলি মানে?" পানীৰ গিলাচটো ঘুটে ঘুটে গিলি লৈ প্ৰিয়াই ক’বলৈ ধৰিলে " মায়াই কোৱা মতে সমীৰ আৰু তাইৰ সম্পৰ্ক কলেজৰ দিনৰে৷কমেও পাচঁবছৰীয়া প্ৰেমৰ সম্পৰ্ক আৰু তাৰ আগতে দুয়োৰে দীৰ্ঘদিনীয়া বন্ধুত্ব ,সেয়েই হয়টো সমীৰে এতিয়াও পাহৰিব পৰা নাই মায়াক " বৰ্ষাৰ বুকুত বিষাদৰ পুলি এটাই শিপাইছে৷নিজকে সংযত কৰি ইমান দীৰ্ঘদিনীয়া সম্পৰ্কটো হঠাতে ভাগি যোৱাৰ কাৰণ বিচাৰি তাই পুনৰ সুধিলে "আৰু কিবা সুধিলেনে আপুনি মানে কিয় শেষ কৰাৰ সিদ্ধান্ত ল’লে তেওঁলোকে" "হুম কৈছে !প্ৰথমতে সম্পৰ্কটো খুবেই মধুৰ আছিল কিন্তু লাহে লাহে দুইটাই ইটোৱে সিটোক লৈ বেছিকৈ পজেচিভ হ’বলৈ ধৰিলে,সমবয়সৰ হোৱাৰ বাবে কাজিয়া পাতিও বেছিকৈ হ’বলৈ ধৰিলে৷কোনো এটাই তল পৰিব নুখুজে ই’গ’ হাৰ্ট হ’ব বুলি৷সমীৰ বহুত খঙাল আছিল সেইদৰে মায়াও বহুত জিদ্দি আছিল ৷লাহে লাহে সম্পৰ্কটো বেয়াৰ দিশে ঢাল খালে৷তাৰ পাছতে মায়াই দেউতাকৰ কোম্পানীতেই নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰাৰ কথা ভাবিলে ৷ সমীৰেও তাইৰ সৈতে সহযোগ কৰি দুয়োটাই মিলি এটা কোম্পানীৰ ষ্টাৰ্ট কৰিলে৷কোম্পানী এটা চলোৱাটো কোনোপধ্যেই ইমান সহজ নহয় তথাপিও দুয়োটাই মিলি পাৰিম বুলিয়েই আগবাঢ়িছিল৷কোম্পানীটো লাহে লাহে সমীৰৰ বাবে সপোন হৈ উঠিছিল৷সেয়ে মায়াক সময় দিব নোৱাৰা হ’ল,প্ৰায়েই ব্যস্ত থকা হ’ল৷সমীৰৰ ব্যস্ততাৰ বাবে সম্পৰ্কটো আৰু কঠিন হ’বলৈ ধৰিলে৷সেয়ে সম্পৰ্কটো বচাবলৈ মায়াই এইটো কোম্পানী ইমানতেই শেষ কৰাৰ সিদ্ধান্ত ল’লে কিন্তু সমীৰে কোনোপধ্যেই তাইৰ এই প্ৰস্তাৱক মানি ল’ব নুখুজিলে৷হাই কাজিয়াই চৰম সীমা পাৰ কৰিলে,এদিন মায়াক 'তুমি অফিচ নচলালেও মই অকলেই আগবঢ়াই নিম 'বুলি কৈ সমীৰে তাইক তাৰ পৰা বাহিৰ কৰি দিলে৷কিন্তু সমীৰে তাইৰ সৈতে সম্পৰ্ক চেদ কৰা নাছিলে,অলপদিন দুয়োটাৰ মাজত কথা বতৰা নহ’ল ৷তেতিয়াই মায়াৰ ঘৰত তাইৰ বিয়াৰ কথা ওলোৱাৰ খবৰটো পাই সমীৰে খঙ অভিমান সামৰি পুনৰ মায়াৰ কাষলৈ দৌৰ দিলে৷ভালদৰে বুজালে তাইক কথাবোৰ,সমীৰৰ কথাত তাইয়ো মান্তি হ’ল৷লাহে লাহে বিজনেছটো আগবাঢ়িল,বহুতো দেশী বিদেশী কোম্পানীৰ সৈতে হাত মিলালে৷সেইসময়ত সিহঁত দুয়োটাই টকা ঘটাতোৱেই উৎকৃষ্ট পথ হিচাপে ধৰি ল’লে৷বাহিৰৰ কোম্পানী বোৰৰ পৰা সঘনাই ইটো সিটো অফাৰ আহিবলৈ ধৰিলে৷যিহেতু চাকৰিটো আছেই দুয়োটাৰ হাতত সেয়ে বিয়াখন দেৰিকৈ পতাৰ সিদ্ধান্ত দুয়োটাই ল’লে৷কিন্তু মায়াই সেই সময়ত ধন টকা পইচাৰ পাছত ইমানেই অন্ধ হৈ পৰিছিল,লগতে আকাশ চুৱাৰ উচ্চকাংক্ষাত মাকৰ কথাও ৰাখিব নুখুজিলে৷সমীৰে জোৰ কৰিছিল যদিও তাইৰ জেদৰ আগত সি কোনো কথাৰে ল’ৰচৰ কৰিব নোৱাৰিলে৷সেইসময়তে মায়াৰ মাকৰো মৃত্যু হ’ল,পুনৰ উচ্চকাংক্ষাৰ স্বপ্নত সমীৰৰ সৈতে অসমৰ পৰা দুৰ ক’ৰবালৈ সদায়ৰ বাবে আহিবলৈ যোৰ কৰিলে৷কিন্তু সমীৰ আছিল হ’মচিক৷ঘৰৰ পৰা দুৰত থকাৰ কথাটোত কেতিয়াও সন্মতি নজনালে সেয়ে মায়াই অকলেই গুচি আহিল অসমৰ পৰা৷তাৰ পাছতে ভাৰতৰ বাহিৰত বহুতো ডাঙৰ ডাঙৰ কোম্পানীৰ সৈতে কাম কৰিলে এবছৰ দিন ৷কিন্তু লাহে লাহে নিসংগতাই তাইৰ বাবে হেঙাৰ হৈ পৰিল৷নিজৰ ভুলবোৰ বুজি আপোন মানুহবোৰ বিচাৰি পুনৰ অসমলৈ ঘুৰি গ’ল ৷কিন্তু সেইসময়তে এটা কাৰ এক্সিডেণ্টত দেউতাকৰো মৃত্যু হ’ল,তাই একেবাৰে অকলশৰীয়া হৈ পৰিল৷সমীৰৰ সৈতে যোগাযোগ কৰিবলৈ তাই সাহস গোটাবই নোৱাৰিলে " বৰ্ষাই উৎসাহিত কণ্ঠেৰে সুধিলে " কিয় ?" প্ৰিয়াই পুনৰ ক’বলৈ ধৰিলে "সমীৰৰ বিয়া পতাৰ খবৰটো পালে৷মোৰ ভাৱ হয় মায়া যদি এদিনৰ আগতো আহিলে হয় তেনেহ’লে তোমালোকৰ এই বিয়াখন কেতিয়াও হৈ উঠা সম্ভৱ নহ’ল হেতেন৷" বৰ্ষাই চকুহাল বহলাই সুধিলে "তাৰ মানে সমীৰে বিয়া পতাৰ কথাটো মায়াই জানে?কিন্তু সমীৰক কিয় লগ নকৰিলে?" "সমীৰৰ ওপৰত থকা ইমানদিনীয়া খঙ অভিমানবোৰৰ বাবে ,আৰু তাইক যে এবাৰো বিচাৰিব নুখুজিলে বুলিয়েই সদায়ৰ বাবেই অসম এৰি গুচি আহিলে আৰু এতিয়া আমাৰ অফিচতেই সৰু সুৰা জ’ব এটা কৰি আছে জীৱনটো চলাই নিব পৰাৰ জোখাৰে" ৷ কথাখিনি শুনি বৰ্ষাৰ চকুহাল চলচলীয়া হৈ পৰিল,মায়াৰ বাবে তাইৰ বেয়া লাগিছে ৷ এইদৰেও যে ভালপোৱাৰ পাছত বিচ্ছেদ হ’ব পাৰে ভাবিয়ে বুকুখন বিষাই আহিছে৷তাই বুজিছে সমীৰৰ বাবে মায়া যেনেকুৱাই নহওক প্ৰথম প্ৰেম হিচাপে সদায়েই স্মৰণীয় ৷তেনেহ’লে তাই এতিয়া কি কৰিব৷মায়া যদি সচাঁই সলনি হৈছে তেনেহ’লে দুখন হেৰাই যোৱা হৃদয়ৰ মিলনত সহায় কৰিব নেকি?নে সমীৰক সচাঁ কথাবোৰ কৈ দিব৷যদি সমীৰে এতিয়া মায়াৰ বাবে মা হতঁক অৱহেলা কৰিবলৈ লয় তেতিয়া জানো তাইয়ে দুখী নহ’ব৷আৰু নিবিড়ে জানো কথাবোৰ সহজে ল’ব ৷এফালৰ পৰা এটা এটাকৈ কথাবোৰ ভাবি গ’ল৷ বৰ্ষাই একো নোকোৱাকৈ থকা দেখি প্ৰিয়াই সুধিলে " হেই,তুমি কিয় কান্দিছা আকৌ৷আৰু ইমান ভাবিবলগীয়া কি আছে ইয়াত৷" থতমত খাই বৰ্ষাই গহীনাই প্ৰিয়াক সুধিলে " মই বাৰু সমীৰক মায়াৰ কথা কৈ দিয়াটো ভাল হ’ব নেকি?" প্ৰিয়াই ধমক দি কোৱাৰ দৰেই ক’লে " কোনো দৰকাৰ নাই ৷যেনেতেনে তোমালোকৰ জীৱনলৈ সুখ আহিছে এতিয়া আৰু সমীৰৰ অতীতৰ বাবে আহিব লগা জীৱনটো শেষ কৰি দিব নালাগে " "কিন্তু প্ৰিয়া দি " "কোনো কিন্তু নাই ,তুমিয়েই কোৱাচোন মায়াই যদি সমীৰক এৰি গুচি নাহিলে হয় তেনেহ’লে জানো নিজকে সলনি কৰিব পাৰিলে হয় ৷আৰু কি জানা বৰ্ষা যিজনী ছোৱালী নিজৰ মাকৰ হ’ব নোৱাৰিলে তাই জানো সমীৰৰ হ’ব পাৰিব৷তোমাৰ দৰে জানো সমীৰক সুখত ৰাখিব পাৰিব?মই যিমানখিনি বুজিলোঁ তাৰ ভিত্তিত এটা কথাই ক’ম,যি সম্পৰ্কত বুজাবুজি নাথাকে ,ইজনে সিজনৰ বাবে ত্যাগ কৰাৰ ক্ষমতা নাথাকে তেনে এটা সম্পৰ্কও জীয়াই ৰখা হ’লে হয়টো বেছিদিন টিকি থাকিব নোৱাৰিলে হয়৷এদিন নহয় এদিন তেনে সম্পৰ্ক এটা ভাগি যোৱাৰ আশংকা তেনেই নগণ্য৷" বৰ্ষাই ফেকুঁৰি ফেকুঁৰি কৈ উঠিল "মোৰ মায়ালৈ বেয়া লাগিছে,এইসময়ত যে তাই কিমান অকলশৰীয়া সেই কথা মোতকৈ বেছি আন কোনেও বুজিব নোৱাৰে" "হ’ব পাৰে মায়া অকলশৰীয়া কাৰণ তাই নিজৰ কৰ্মৰ ফল ভোগ কৰিছে৷কিন্তু বৰ্ষা তুমিয়েই কোৱা সমীৰ আৰু তাৰ ফেমেলিটোৰ বাদে তোমাৰটো এতিয়া কোনো নাই !তুমি কি কৰিবা ?" "মই যেনেতেনে থাকি ল’ম " "তুমি কেনেকুৱা মানুহ বৰ্ষা?তোমাৰ সুখবোৰ পচন্দ হোৱা নাই নে কান্দি কান্দিয়েই জীয়াব বিচাৰা?পাৰিবা জানো সমীৰক মায়াৰ কাষলৈ উভতাই দিবলৈ ?" বৰ্ষাই উচুপি উচুপি কৈ উঠিল "নোৱাৰোঁ ,নোৱাৰোঁ " প্ৰিয়াই অলপ টানকৈ কোৱাৰ দৰে কৈ উঠি গ’ল " বিয়া পতাটো কোনো ল’ৰাধেমালি বা পুতলাৰ খেল নহয়,মনে গ’লে লৈ ল’বা মন গ’লে দি দিবা৷এতিয়া সমীৰ তোমাৰ সেয়ে তোমাৰ কৰি ৰাখা ৷এটা কথা মনত ৰাখিবা প্ৰেমত ত্যাগ থাকেই ,কিন্তু সেই ত্যাগ এতিয়া তুমি নহয় মায়াই কৰিব লাগিব৷কন্দা কটা বন্ধ কৰি আগবাঢ়া সমীৰৰ সৈতে৷মই যাওঁ এতিয়া কিবা প্ৰয়োজন হ’লে ক’বা কিন্তু এইদৰে তুমি দুৰ্বল হৈ থাকিলে নহ’ব " চকুপানীখিনি মচি লৈ কি কৰিব কি নকৰিব সেই দুমোজাতেই সময়বোৰ কটাই দিলে৷সমীৰৰ মুখখনে বৰ্ষাৰ মনৰ মাজত ভাঁহি থাকি আমনি কৰি থাকিল৷সাত বাজি গ’ল সমীৰ এতিয়াও ঘৰ পোৱাহি নাই তাইৰ চিন্তা লাগিল ৷মনৰ অজানিতেই বুকুখন ধপধপাই উঠিল,অশান্ত মনটোক স্হিতি দিবলৈ ফোনটো হাতত তুলি সমীৰৰ নম্বৰটো ডাইল কৰিলে৷ৰিং যাবলৈ নাপালেই দোৱাৰত কলিংবেলৰ শব্দ শুনি দৌৰি গৈ দোৱাৰখন খুলি দিলেগৈ৷আনকালে এইটো সময়ত বৰ্ষাই সমীৰলৈ ক’ল নকৰে কিন্তু আজি অকস্মাৎ তাইৰ ক’লটো পোৱাৰ বাবে ভিতৰলৈ সোমাইয়ে সমীৰে প্ৰথমে তাইক সুধিলে "ফোন কৰিছিলা যে কিয়? কিবা আনিব লগা আছিল নেকি?" বৰ্ষাইয়ো নাই বুলি কৈ মুৰটো জোকাৰি দিয়াত সমীৰে ৰুমফালেই সোমাই গ’ল৷দোৱাৰখন জপাই একেঠাইতে ৰৈ কমি অহা বুকুৰ ধপধপনিবোৰত হাতখন লগাই চালে৷মনতে ভাবিলে সমীৰে অফিচৰ পৰা অহা অলপ দেৰি হ’লেই দেখোন বুকুখন ধপধপাই উঠিল তেনেস্থলত সদায়ৰ বাবে জানো সমীৰক পাহৰি যাব পাৰিব?কিছুদিন আগৰলৈকে এই প্ৰশ্নৰ উত্তৰ দিয়াতো তাইৰ বাবে অলপো কঠিন নাছিল কিন্তু এতিয়া যে তাই সমীৰক ভাল পাবলৈ ধৰিলে,নজনাকৈ নভবাকৈ৷সমীৰৰ হেৰাই যোৱা অতীতৰ বাবে তাই জানো ভৱিষ্যতটো অনিশ্চয়তালৈ ঠেলি দিব পাৰিব? নাই নাই এতিয়া এই কথা কোনোমতেই সম্ভৱ হ’ব নোৱাৰে৷সমীৰক হেৰুৱাৰ কথা ভাবিবলৈয়ো তাইৰ সামৰ্থ নাই৷ভয় আৰু হতাশাত উচুপনি এটা নিজৰ অজানিতেই বাহিৰ হৈ গ’ল৷ বৰ্ষাই নিশ্চুপ হৈ পাকঘৰৰ কামবনবোৰ কৰি গৈছে৷সমীৰে অফিচৰ ফাইল এটা মেলি কিবাকিবি কৰি আছে যদিও চকু বৰ্ষাৰ অশান্ত মনটোৰ ওপৰতহে৷তাৰ হৃদয়ত বৰ্ষাৰ প্ৰতি থকা নিৰ্ভেজাল মৰমবোৰে কেতিয়াবা তাকো অস্বস্তিত পেলাই৷কিয় যে বৰ্ষাৰ প্ৰতি সি এইদৰে আকৰ্ষিত হয়,কেনেবাকৈ বৰ্ষাক ভাল পাবলৈ লোৱা নাইটো?হৃদয়ৰ অজানিতেই বৰ্ষাৰ নামত বহু কেইটা অপ্ৰাসঙ্গিক আলোচনা কৰি পেলাই৷এইমুহূৰ্ততো তাৰ মুৰত তেনেকুৱাই কিবাকিবি চলি আছে ৷মনৰ চঞ্চলতাখিনি নোহোৱা কৰিব পৰা নাই৷এটা আবদ্ধ কোঠাত বৰ্ষাৰ সৈতে নিজকে অকলশৰীয়া কৰি ৰাখিব খোজা নাই৷বৰ্ষাৰ সৰলতাবোৰৰ বাবেই কেতিয়াবা নিজৰ কৰি ল’বলৈয়ো মন যায় ৷কিন্তু হঠাৎ মনলৈ আহে মায়াৰ কথা,অতীতৰ সেই পাহৰিব নোৱাৰা মুহূৰ্তবোৰৰ কথা৷সেইখিনিতেই ৰৈ যায় বৰ্ষাক নিজৰ কৰিব খুজিও৷ আজিকালি বৰ্ষাৰ সুখবোৰৰ আৰঁত অচিন দুখ কিছুমানে নাচি থাকে৷বহু কথাই আধৰুৱা হৈ ৰৈ আছে পূৰ্ণতা বিচাৰি৷লাহে লাহে নিবিড়েও পাৰ্ট টাইম হিচাপত সমীৰৰ সৈতে কাম বনত সহায় কৰিবলৈ ধৰিছে৷বৰ্ষাই ছায়া আৰু নিবিড়ৰ সম্পৰ্কটোৰো খেয়াল ৰাখে,এতিয়াটো নিবিড়েও ঘৰত জনোৱাৰ কথা ভাবিছে কিন্তু কেনেকৈ জনাব সেই ভাবিয়েই বৰ্ষাক কুটুৰি আছে মাকক এই বিষয়ে জনাবলৈ৷আজি কেইবাদিন ধৰি তাইয়ো সকলো কথা পাহৰি নিবিড় আৰু ছায়াৰ কথা ঘৰত কেনেকৈ জনাব ভাবি আছে৷কেতিয়াবা ভাবে সমীৰক প্ৰথমে জনাব নেকি?কিন্তু পিছমুহূৰ্ততে মনলৈ আহে মায়াৰ কথাবোৰ সেয়ে ৰৈ যায় নুসুধাকৈ৷নতুন বছৰলৈ এতিয়া পোন্ধৰ দিন বাকী আছে৷ আৰম্ভণিবোৰ সুখেৰে হওক বুলিয়েই আজিয়েই শাহুৱেকৰ সৈতে কথাবোৰ পাতিব বুলি ফোন লগালে৷ দুই তিনিবাৰৰ অন্তত শাহুৱেক বৰুৱানীয়ে ফোনটো ৰিচিভ কৰিলে৷ভাল বেয়াৰ খবৰ খাটি সুধি নিবিড়ৰ কথাবোৰ ক’ম বুলিয়েই ভয়ে ভয়ে ইটো সিটো কথা উলিয়াই আছে৷শাহুৱেকে যেন বৰ্ষাৰ মনৰ অস্থিৰতাবোৰ বুজি উঠিলে,সেয়েই নিজেই সুধিলে " বোৱাৰী কিবা ক’বলগা আছিল নেকি? " "অ’ মা ক’ব লগাটো আছিল মানে ...'' "মোক বাৰু কথা ক’বলৈ তুমি ইমানকৈ ভাবিব লাগেনে?" "নহয় মানে মা,মই নিবিড়ৰ কথা এটা ক’ম বুলিহে ফোন কৰিছিলোঁ " " কোৱা আকৌ " "মোৰ চকুত মানে ভাল ছোৱালী এজনী আছিলে " "হ’ব বুজিলোঁ,আৰু সেইজনী ছোৱালীকেই চাগে নিবিড়ে ভাল পায় নহয়নে?" "মা আপুনি কেনেকৈ জানিলে" "মাক হয় তাৰ বুজি পাওঁ কথাবোৰ,এইকেইদিন সিও কথা এটা ক’ম ক’ম বুলি নেটৱৰ্ক প্ৰব্লেম,আহৰি পোৱা নাই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই কথাটো পিছুৱাই আছে আৰু তুমি এতিয়া নিবিড়ৰ বাবে ছোৱালী চোৱাৰ কথা কৈছা " বৰ্ষাই ভয়ে ভয়েই হুম বুলি কৈ হুমুনিয়াহ এটা এৰিলে৷শাহুৱেকে এইবাৰ হাঁহি এটা মাৰি ক’লে " ভয় খাব নালাগে মোলৈ,মই বেয়া নাপাওঁ৷সিহঁতি সংসাৰ কৰিব আৰু তেনেকৈয়ে যদি সুখী হ’ব পাৰে মোৰ তাত ক’বলগীয়া একো নাই৷কিন্তু মোক এটা কথা কোৱা ছোৱালীজনী কেনেকুৱা ?" বৰ্ষাইয়ো এইবাৰ হাঁহি এমুকুৰা উঠত সানি ক’লে " তাইৰ নামটো ছায়া ৷বহুত ভাল ছোৱালীজনী,মাক দেউতাক কোনো নাই,অসমৰেই ছোৱালী ৷নিবিড়ে মোৰ সতে চিনাকি কৰাবলৈ আমাৰ ইয়ালৈ আনিছিল ৷তাইক মোৰ একেবাৰে নিজৰ সৰু ভন্তিৰ দৰেই লাগিছে৷সহজ সৰল বিশেষকৈ আমাৰ ঘৰখনত মিলিব পৰা,আৰু কি জানে মা!মোৰ ভাৱ হয় তাই নিবিড়ৰ লগতে গোটেই ঘৰ খনকেই সুখত ৰাখিব পাৰিব৷" " হ’ব হ’ব তুমি ভাল বুলিছা যেতিয়া নিশ্চয় ভাল হ’ব ৷তোমাৰ পচন্দৰ ওপৰত মোৰ বিশ্বাস আছে " এটা গধুৰ বোজা বৰ্ষাৰ বুকুৰ পৰা পাতল হ’ল৷শাহুৱেকৰ তাইৰ প্ৰতি থকা অগাধ বিশ্বাসত তেওঁলৈ বেছিকৈয়ে শ্ৰদ্ধা বাঢ়ি গ’ল৷ইমান মৰম জানো তাইক আনকোনোৱে দিব পাৰিব৷ভালখবৰটো নিবিড় আৰু ছায়াকো জনাই দিলে৷আৰু শাহুৱেকেও ছায়াৰ সৈতে কথা পাতিব বিচৰা কথাটো কৈ কাইলৈ তেখেতলৈ ফোন কৰিবলৈয়ো ক’লে৷এইসময়ত বৰ্ষাক ধন্যবাদ জনাব পৰাকৈ নিবিড় আৰু ছায়াৰ হাতত শব্দৰ অভাৱ৷মাথোঁ সুখী হৈছে সিহঁতি৷মনৰ উল্লাসতে বৰ্ষাইয়ো জপিয়াই হাঁহি উঠিল৷ সমীৰে অফিচৰ পৰা আহিয়ে আজি বৰ্ষাৰ উঠত লাগি থকা হাঁহিটো দেখি নিশ্চয় তাইৰ সৈতে কিবা এটা ভাল হোৱাৰ অনুমান কৰিছে৷বৰ্ষাই সমীৰৰ উপস্থিতিকো উপেক্ষা কৰি ৰুমটোতে ইফাল সিফাল কৰি আছে ৷সমীৰে বহাৰ পৰা তাইলৈ একেথৰে চাই মন কৰিছে তাইৰ উঠৰ পৰা যে আজি হাঁহিটো নুগুচাই হ’ল৷হাঁহিৰ আৰঁত লুকাই থকা কাৰণটো জানিবলৈ তাৰ মনটো তীব্ৰ ইচ্ছা জাগি উঠিল৷কামত মনটো বঢ়াব পৰা নাই বাৰে বাৰে বৰ্ষালৈহে চকু গৈছে ৷হঠাতে বৰ্ষা তাৰ চকুৰ আগৰ পৰা নোহোৱা হৈ গ’ল ,বহু কষ্টেৰে সামৰি থকা ধৈৰ্য্য ভাঙি বৰ্ষাৰ ওচৰলৈ উঠি গ’ল৷পাকঘৰত বৰ্ষাক নাপাই শোৱা ৰুমলৈয়ে তাইক বিচাৰি গ’ল৷ হঠাৎ সমীৰক সন্মুখতে দেখি বৰ্ষাৰ চেহেৰাটো ৰঙা চিঙা পৰি গ’ল৷সমীৰৰ মনটো সন্দেহেৰে ভৰি পৰিল৷সেয়ে তাইক একে টানে চপাই আনি ওৱালৰ সমান্তৰালকৈ থিয় কৰাই দুহাতেৰে ওৱালত ভেজা দি হঠাৎ হেৰাই যোৱা বৰ্ষাৰ উঠৰ হাঁহিটো পৰ্যৱেক্ষণ কৰিলে৷মুখৰ আগত যমদূতক দেখাৰ দৰেই বৰ্ষাই ভয়তে কঁপিছে,সমীৰে কি কৰিবলৈ ওলাইছে একোকে ভাবি পোৱা নাই৷ভয়ে ভয়ে তালৈ চাই থাকিব নোৱাৰি চকুহাল পিৰিকপাৰাককৈ ৰুমটোতে ইফালে সিফালে ফুৰাই আছে৷চকুৰ আগলৈকে মুখত পৰি থকা অলকাসদৃশ চুলিখিনি তাইৰ কাণৰ কাষত গুজি সমীৰে দাবী কৰাৰ দৰে সুধিলে " ইমানকৈ কিয় হাঁহি আছা যে আজি,কি হ’ল মইয়ো জানিব লাগে " বৰ্ষাই অবাক হৈ সমীৰৰ মুখলৈ চাই ক’লে "মানে?" " একেবাৰেই চিম্পল,তোমাৰ হাঁহিৰ আৰঁৰ কাৰণটো লাগে মোক " বৰ্ষাক জেৰা কৰাৰ দৰেই সমীৰে প্ৰশ্ন কৰাত তাৰ পৰা বাচিবলৈ তাইয়ো ভয়ে ভয়েই ক’লে " মন গ’লেও হাঁহিব নাপাই নেকি? " সমীৰে চকুকেইটা ঘোপা কৰি সুধিলে " মন যাব লগীয়া বিশেষ কাৰণটো লাগে মোক " " আপুনি যেনেকৈ জেৰা কৰিছে মোক যেন পৃথিৱীত নোহোৱা ঘটনা এটাহে হ’ল " বৰ্ষাৰ পৰা এনেদৰে শুনাৰ পাছত তাইক বন্দী কৰি ৰাখিব পৰাকৈ তাৰ বাবে একোৱেই নাবাচিল৷মুকলি কৰি দিলে ,তাইয়ো হোহোৱাই ৰুমটোৰ পৰা ওলাই গ’ল৷ওৱালখনতে মুৰটো থৈ মনৰ মাজতে ভাবিলে কি হৈছে তাৰ৷বৰ্ষাৰ বাবে দুৰ্বলতাবোৰ কিহৰ? তাইৰ হাঁহিৰ কাৰণ জানিবলৈয়ে তাইক এইদৰে বন্দী কৰি জেৰা কৰিব লগা কি কথাটো হ’ল নুবুজিলে৷তথাপিও প্ৰেম প্ৰেম অনুভৱ এটাই চাৰিওফালে ঘুৰি ফুৰিল৷(আগলৈ) দেৱাশ্ৰী বৰা ❤️

1 comment: