Thursday, August 13, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 42) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) বৰ্ষাৰ কেতিয়াবা দুৰ্বলমুহূৰ্তবোৰত মায়ালৈ মনত পৰে ,সমীৰৰ অতীত সিহঁতৰ ভৱিষ্যত সকলোৰে কথা যুক্তিৰে যুকিয়াই চাই৷নিবিড় আৰু ছায়াৰ সম্পৰ্কটোও ঘৰখনে আকুৱালি লৈছে সেয়ে এতিয়া চিন্তা বা বোজা বুলিবলৈ মায়াৰ কথাবোৰেহে খেলিমেলি লগাই থাকে৷সমীৰৰ সলনি হোৱা ব্যৱহাৰৰ লগতে বৰ্ষাই লক্ষ্য কৰে সমীৰে আগৰদৰে এতিয়া মায়াৰ স্মৃতিত নিৰৱতাৰ আশ্ৰয় নলয়৷বৰঞ্চ অফিচৰ পৰা আহি কিবাকিবি কাম কৰিবলৈ হ’লেও বৰ্ষাৰ চকুৱে ঢুকি পাব পৰাকৈ কাষত থাকে৷মাজে মাজে সমীৰে দুই এটা চিগাৰেট খাই যদিও লাষ্ট কেতিয়া মদৰ বটল হাতত লৈ সুৰাৰ ৰাগীত মাতাল আছিল সেই কথা মনত পেলাবলৈয়ো কষ্ট হয়৷সময়ৰ লগত স্মৃতিবোৰো কিজানি অতীত হৈ পৰিছে তাৰ বাবে,সেয়েই বৰকৈ ভাবি নাথাকে কথাবোৰ৷৷আজৰি সময় পালে বৰ্ষাৰ সৈতে দুই এটা কথা পাতে৷প্ৰেম সিহঁতৰ মাজত আছেনে বুলি সুধিলে উত্তৰ দিয়াত অসুবিধা হ’ব পাৰে কিন্তু বুজাবুজি আন্তৰিকতাবোৰ বাঢ়ি গৈছে৷ বৈবাহিক জীৱনত পুৰুষৰ ওপৰত নাৰীগৰাকীৰ প্ৰভাৱ থাকে ৷সেই প্ৰভাৱ সমীৰৰ জীৱনত আছেনে নাই সি কেতিয়াবা ভাবি চায়৷কিন্তু এটা কথা ভাবি কেতিয়াবা আচৰিত হয়,তাৰ আচলতে হৈছে কি?বৰ্ষাৰ বাবে সি নিজেও সলনি হোৱাটো অনুভৱ কৰিছে ৷কিন্তু কিয় ?আৰু তাইৰ বাবে থকা দুৰ্বলতাবোৰ কিহৰ বাবে?কেনেবাকৈ বৰ্ষাৰ সৰলতাই তাক প্ৰেমত পেলালে নেকি?আজি কালি দেখোন এসময়ত পাগলৰ দৰেই ভালপোৱা মায়াৰ প্ৰতি তাৰ মোহ নাইকিয়া হ’ল৷এতিয়া তাৰ বাবে অতীত পুৰণি যেন লাগে আৰু বৰ্ষাৰ অবিহনে সময়বোৰ যেন ৰৈ যাব৷এতিয়া বৰ্ষাই তাৰ মনৰ ভাৱবোৰ চুই যাব পৰাকৈ আপোন তাৰ বাবে৷মায়াৰ পৰা বৰ্ষালৈ তাৰ মনটো পিছলিছে সেইটো ভালদৰেই বুজিছে কিন্তু এই কথা বৰ্ষাক কিদৰে বুজাব সি৷ দিনটো অফিচত কামৰ ব্যস্তাৰ মাজতো বৰ্ষাৰ মুখখনে সমীৰক বৰকৈ আমনি কৰি আছে৷মনে মনে ৰেকৰ্ড কৰা বৰ্ষাৰ ভিদিঅ’বোৰ চাই অকলেই হাঁহি আছে৷বুকুত এক শিহৰণ অনুভৱ কৰিছে,পুনৰ মনত পৰিল বৰ্ষাৰ গাত হাত থ’লে তাই জিকাৰ খাই উঠা কথাটো৷উফ্ কি হৈছে তাৰ ,য’তে ত’তে বৰ্ষাকেই দেখিবলৈ ধৰিছে৷আৱেগেৰে সাবটি ধৰিবলৈ মন যায় কেতিয়াবা আৰু এই মুহূৰ্ততো তেনেকুৱা কিবা এটাই অনুভৱ কৰিছে৷অনুভৱবোৰ মনৰ মাজতে পুতি থোৱাতকৈ বৰ্ষাৰ মাতষাৰ শুনো বুলিয়েই ফোন লগালে৷কিন্তু তাই ৰিচিভ নকৰাত টিঙিচকৈ খঙ এটা উঠি আহিল৷থেকেঁচা মাৰি ফোনটো টেবুলতে থৈ কামত ধৰিলে৷ গুপ্তা আন্টিৰ পৰিয়ালটো আজি কলিকতাৰ নিজৰ ঘৰলৈ গৈছে প্ৰিয়াৰ ভায়েকৰ বিয়া লগতে নতুন বছৰটোও এইবাৰ পৰিয়ালৰ সৈতে কটাব বুলিয়েই সিহঁতি কেইদিনমান আগতীয়াকৈয়ে ওলাইছে৷তেওঁলোককেই আগবঢ়াবলৈ বুলি বৰ্ষাই গেটৰ ওচৰলৈ গৈছিল৷ঘুৰি আহি মবাইলটো চাই দেখিলে সমীৰৰ তিনিটা মিচকল৷অসময়ত কিয় বা ফোন কৰিছিল ভাবিয়ে ভয়তেই বুকুখন ধপধপাই উঠিল ৷লগালগ সমীৰলৈ ফোন লগালে ,ৰিচিভ কৰিয়েই অভিমানৰ সুৰত সমীৰে কৈ উঠি " ফোনটো ৰিচিভ কৰিবলৈয়ো তোমাৰ সময় নাই নেকি?কি কৰি থাকা হা ?" "প্ৰিয়া বা হঁত ঘৰলৈ যোৱাৰ কথা কৈছিলোঁ যে ,তাকেই আগবঢ়াবলৈ গৈছিলোঁ " "হুম,আবেলি ওলাই থাকিবা,অলপ ওলাই যাম " বৰ্ষাই আন কোনো কথা সুধিবলৈয়ে নাপালে সমীৰে ফোনটো কাটি দিলে৷বহুপৰ ফোনটো হাতত লৈ মনতে ভাবিলে আজি বা সমীৰে তাইক কিয় ওলাই থাকিবলৈ ক’লে ৷যিহ’লেও লগ ধৰিছে যেতিয়া সোনকালে ঘৰৰ কামবোৰ শেষ কৰি উলাব লাগিব৷সময়মতে উলাই যাব নোৱাৰিলে আকৌ খঙেই উঠিব তাৰ৷ল’ৰালৰিকৈ কাম বন কৰি আজৰি হৈ চিনুকো কিবাকিবি এটা খোৱাই ল’লে৷ওলাই যাব যেতিয়া একেবাৰতেই ঘৰৰো আনিব লগা বস্তুবোৰৰ লিষ্টখন লিখি ল’লে৷হাতভৰিবোৰ ধুই ধুনীয়াকৈ নীলাৰঙৰ শাৰীখন পিন্ধি ল’লে,শিৰত সেন্দূৰখিনি ল’বলৈ লওঁতেই সেন্দূৰৰ টেমাটো অকস্মাৎ হাতৰ পৰা পৰিবলৈ ধৰিছিল ক’ৰপৰানো সমীৰে আহি ধৰিলহি তাইয়ো ক’বই নোৱাৰিলে৷সমীৰক দেখি ভুত দেখাৰ দৰে লাগিছে তাইৰ৷দৰ্জাখুলিবলৈয়ো যে আজি তাইক মাত নলগালে ,মনে মনে এইদৰে সোমাই আহিলে তাকো ৰুমলৈকে৷সেইবোৰ ভাবিয়েই তালৈ চাই থাকোঁতেই সমীৰে ক’লে "দেৰি হৈছে সোনকাল কৰা,সন্ধিয়া গাড়ীৰ বহুত ভিৰ লাগে জানাই চোন " "আপুনি কেতিয়া আহিলে,মই যে গমেই নাপালোঁ" "তুমি বাথৰুত আছিলা,কলিংবেল বজোৱাটো খুলি নিদিয়াত এক্সট্ৰা চাবিপাতেৰে সোমাই আহিলোঁ,সোনকালেই ওলাই আহা মই তলতে ৰৈছোঁ" সেন্দূৰখিনি পৰিবলৈ লোৱাৰ কথাটো ভাবি মনটো কিবা গধুৰ গধুৰ লাগিছে তাইৰ৷তথাপিও সমীৰে সময়ত আহি যে ধৰিলেহি সেই বুলিয়েই পুনৰ উজ্জ্বলি উঠিল৷দীঘলীয়াকৈ সেন্দূৰখিনি লৈ ল’ৰালৰিকৈ ওলাই যাবলৈ লওঁতেই চিনুৱে আহি তাইৰ শাৰীখনতেই কামোৰ মাৰি ধৰিলেহি৷তাইক ওলাই যাবলৈয়ে নিদিয়ে ইফালে সমীৰে ফোনৰ উপৰি ফোন মাৰিয়েই আছে ৷যেনেতেনে চিনুক ভিতৰতে ভৰাই দোৱাৰখন ল’ক কৰি উলাই আহিল৷সমীৰৰ কাষৰ চিটতে তাইয়ো বহিলহি৷ লক্ষ্যহীন ভাৱে সমীৰে গাড়ীখন চলাই নিল৷বহুদুৰ বাট সেইদৰেই যোৱাৰ পাছত বৰ্ষাই সুধিলে "আমি ক’ত গৈ আছোঁ?" "কিয় লাগে তোমাক ?আমনি পাইছা যদি কোৱা " সমীৰৰ উত্তৰত বৰ্ষাই মুখেৰে আৰু একোকে নামাতিলে৷অলপদুৰ গৈ পাহাৰৰ টিলা এটাৰ কাষত থকা ৰেষ্টুৰেণ্টত এখনৰ সন্মুখত গাড়ীখন ৰখালেহি৷সমীৰে গাড়ীৰ পৰা নামি গৈ বৰ্ষাৰ বাবে দুৱাৰখন খুলি দি ক’লে " আহা ,ইয়াতেই অলপ বহোগৈ৷" বৰ্ষাই গাড়ীৰ পৰা নামি ইমূৰৰ পৰা সিমূৰলৈ এপাক চাই পঠিয়ালে৷ চাংঘৰৰ আকৃতিত সজা এখন সুউচ্চ ৰেষ্টুৰেণ্ট৷দীঘলীয়াকৈ ওপৰৰ পৰা তললৈ পৰাকৈ ওলোমাই ৰাখিছে ভিন্ন ৰঙৰ ফুলৰ টাববোৰ৷সমীৰে বৰ্ষাৰ হাতখনত চেপামাৰি ধৰি আগবাঢ়িল৷বৰ্ষাইয়ো তাৰ পাছে পাছি খোজ দি ৰেষ্টুৰেণ্টৰ ভিতৰলৈকে সোমাই গ’ল৷বেতৰ আৰামী চকীখন সমীৰে তাইৰ ফালে আগবঢ়াই নিজেও তাইৰ সন্মুখতে বহি ল’লেগৈ৷বৰ্ষাই অশান্ত হৈ থকা সমীৰৰ মুখখন বাৰে বাৰে লক্ষ্য কৰিছে৷কিবা এটা ক’বলৈ সমীৰৰ উঠঁ দুখন সামান্য কপিঁছে কিন্তু ক’ব পৰা নাই ৰৈ গৈছে৷কথা কিনো পাতিব সেইটোও বুজি পোৱা নাই ৷মৌন হৈ দুয়োটা বহি আছে৷ ৱেইটাৰ বয়জনে আহি মেনু এখন আগবঢ়াই দিলেহি,বৰ্ষাই মেনুখনকে হাতত লৈ বহি আছে৷মৌনতা ভাঙি সমীৰে বৰ্ষাক ক’লে " কি খাবা কোৱা? " এইদৰে ৰেষ্টুৰেণ্টত খোৱাৰ অভ্যাস বৰ্ষাৰ একেবাৰেই নাই তাতে ঘৰতো ভাত খায়েই আহিছে ৷খাবলৈ একোকেই মন যোৱা নাই কিন্তু সমীৰে ইমান দুৰলৈ আনিছে যেতিয়া একো এটা নাখালেও বেয়া হ’ব ভাবিয়েই ক’লে " মোৰ পেট ভৰিয়েই আছে,কফি একাপ দিলেই হ’ব" বৰ্ষাৰ বেলেগ একো খাবলৈ মন নাই যেতিয়া কফি দুকাপৰ সৈতে তাৰ বাবে কিবা এটা অৰ্ডাৰ কৰি দিলে৷অৰ্ডাৰ অহা সময়খিনিত সি বৰ্ষাক ক’লে " ব্লু চুইটচ অন ইউ,ভাল লাগিছে তোমাক " বৰ্ষাই চকুহাল বহলাই সমীৰলৈ চালে৷সিও হাঁহি এটি মাৰি ৰেষ্টুৰেণ্টখনত কি কি পাই,ক’ত কি আছে এফালৰ পৰা কৈ,বেলকনিলৈ গৈ পাহৰৰ বুকুত অস্ত যোৱা সূৰ্য্যৰ মনোমোহা দৃশ্যভাগ বৰ্ষাৰ সৈতে উপভোগ কৰিলে৷বৰ্ষাক ক’ব নোৱাৰিলে যদিও মনতে ভাবিলে " বেলিটোৰ দৰে আজি মোৰ বুকুত জাঁহ যাব বহু পুৰনি ঠিকনা৷নতুন বছৰত এটা নতুন আৰম্ভণি বিচাৰোঁ বৰ্ষা" বাহিৰৰ উৰুঙা বতাহচাটিয়ে দেহ মন হাত পেলাই চেচাঁ পেলাইছে৷ব্যৰ্থ হৃদয়ৰ গোপন কথাবোৰ খুলি ক’বলৈ এয়াই সঠিক সময় বুলি বৰ্ষাৰ হাতখন নিজৰ হাতৰ মাজত লৈ ল’লে৷কিন্তু বৰফৰ দৰে চেচাঁ হৈ থকা বৰ্ষাৰ হাতখন চুই সমীৰে " তোমাৰ হাতখন ইমান ঠাণ্ডা যে ?"বুলি কৈ তাইক ভিতৰলৈ সোমোৱাই আনিলে৷ঠাণ্ডাতে চেচাঁ পৰা তাইৰ শৰীৰটো চুই সমীৰে গৰম গৰম চুপ এটাৰো অৰ্ডাৰ কৰি দিলে৷ঠাণ্ডা বেছিকৈ পৰাত খোৱা বোৱা কৰিয়েই ঘৰলৈ যাওঁ বুলিয়েই সমীৰে গাড়ী পোনাইছিল কিন্তু বৰ্ষাইহে বস্তু অলপ ল’বলৈ আছে সেয়ে একেবাৰেই বজাৰ কৰি ঘৰ যোৱাৰ কথা উলিয়াত সমীৰেও তাইৰ কথাত বাধা নিদিলে৷ প্ৰায়খিনি বস্তু কিনি হোৱাৰ পাছতে সমীৰে এ.টি.এম ৰ পৰা টকা অলপ উলিয়াই আনো বুলি কৈ বৰ্ষাক কাপোৰৰ দোকান এখনৰ সন্মুখতে ৰ’বলৈ ক’লে৷সমীৰে যোৱাৰ পাছত তাই সেইখিনিতে ৰৈ নাথাকি দোকানখনৰ ভিতৰলৈয়ে সোমাই আহিল৷হেঙাৰত ওলোমাই থোৱা ৰঙ বিৰঙৰ কুৰ্তাবোৰ চাই থাকোঁতেই তাইক পাছফালৰ পৰা কোনোবাই আহি মাত দিলে " বৰ্ষা তুমি ইয়াত যে,বজাৰ কৰিছা নেকি?" অসমীয়াত কোৱা কথাকেইষাৰ আৰু মাতষাৰ মায়াৰ দৰেই পাই পিছলৈ ঘুৰি চাবলৈয়ো তাইৰ সাহস হোৱা নাই ৷বুকুৰ ধপধপনিবোৰো সাংঘাতিক ধৰণে বাঢ়িবলৈ ধৰিলে৷মায়া ইয়াত কেনেকৈ বুলি মনতেই প্ৰশ্ন কৰি মুৰটো ঘুৰাই দিলে৷তাইৰ সৈতে কথা পাতিবলৈয়ো ভয় লাগিছে তাইৰ৷কোন সময়ত সমীৰে আহি তাইৰ কাষ পায়হি ঠিকান নাই৷সচাঁই মায়া হয়নে নহয় তলৰ পৰা ওপৰলৈকে পৰ্যবেক্ষণ কৰিছে৷এইবাৰ মায়াই ক’লে " কিয় চিনি পোৱা নাই নেকি?মই মায়া আকৌ,প্ৰিয়াহতঁৰ ঘৰত যে তোমাক লগ পাইছিলোঁ পাহৰিলা " সচা মিছাৰ প্ৰমাণ কৰিবলৈ নিজৰ হাততে চিকুট এটা মাৰি চালে ৷হয় তাইৰ সন্মুখত মায়া ৰৈ আছে৷কিন্তু মায়াই কি কৈ আছে তাই একো শুনা পোৱা নাই৷ভয়তে তাইৰ কাণখন তাল মাৰি ধৰিছে৷কৃত্ৰিম হাঁহি এটি উঠত লগাই মায়া এইখিনিৰ পৰা সোনকালেই আতৰি যোৱাটো কামনা কৰিছে৷তেনেকুৱাতেই ফোনটো বাজি উঠিল,সমীৰৰ ফোন ৷"মই যাব লাগে "বুলি কৈ বৰ্ষাই সেইখিনিৰপৰা ল’ৰালৰিকৈ ওলাই আহিলে৷দোকানখনৰ বাহিৰতেই সমীৰে ৰৈ আছে,এইখিনিৰ পৰা সোনকালে ওলাব পাৰিলেই যেন তাই শান্তিৰে উশাহটো ল’ব পাৰিব৷ এই পুহমহীয়া ঠাণ্ডাতো বৰ্ষাৰ কপালত ঘামৰ বিন্দু বিন্দু টোপাল বিৰিঙি আছে ৷তাকে দেখি সমীৰে সুধিলে " অলপ আগৰলৈকেচোন ঠাণ্ডাত কঁপি আছিলা,এতিয়া ঘামিছা যে৷" এইমুহূৰ্তত সমীৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈয়ো মন যোৱা নাই তাইৰ৷সেয়ে উত্তৰ নিদিয়াকৈয়ে গাড়ীখনৰ দিশে আগবাঢ়িল৷কিন্তু কোনোবাই দৌৰি আহি চিঞৰ দিলে "বৰ্ষা ...তোমাৰ বেগটো " চিনাকি মাতটো সমীৰৰ কাণত বাজি উঠাত সি ৰৈ দিলে ৷কিন্তু বৰ্ষাই চিন্তাতে কাৰো মাত ক’তো শুনা নাই মাত্ৰ দপদপাই আগবাঢ়িছে৷হঠাৎ সমীৰক কাষত নেদেখি পাছলৈ ঘুৰি চাই দেখিলে সমীৰে স্তব্ধ হৈ পৰা ষ্টেচুটোৰ দৰেই একেঠাইত ৰৈ আছে আৰু তাৰ পাছফালৰ পৰা মায়াই দৌৰি আহিছে ৷সময়বোৰ এইখিনিতেই ৰৈ যোৱাৰ দৰে এফালৰ পৰা মায়া আৰু আনফালৰ পৰা বৰ্ষা দুয়োজনীয়ে সমীৰৰ ওচৰলৈ আগবাঢ়িছে৷ভগা এৰাসুঁতিৰ দৰেই বৰ্ষাৰ চকুলোবোৰ ব’বলৈ ধৰিলে৷(আগলৈ)

No comments:

Post a Comment