Saturday, August 8, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 37) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) কি কৰিব কি নকৰিব কথাবোৰ ভাবি ভাবিয়েই বৰ্ষাই পাত্তা পোৱা নাই৷অৱশ অৱশ লাগিছে সময়বোৰ,কেতিয়াবা সমীৰক কওঁ বুলি ভাবিলে দুখোজ আগুৱাই যায় কিন্তু আলসুৱা বুকুৰ হৃদস্পন্দনবোৰ হঠাৎ বাঢ়ি যায় ,এনে লাগে যেন হৃদপিণ্ডটোৱেই বুকু ফালি ওলাই আহিব৷উঠযোৰ সামান্য কপি উঠে ৰৈ যায় নোকোৱাকৈয়ে৷অজান শোকত মনে মনে কান্দে৷দিন যোৱাৰ লগে লগে মাকক হেৰুৱাৰ দুখবোৰ পাতলিল যদিও আহিব লগা সময়বোৰৰ ভয় সংশয় বাট এৰি দিয়া নাই ৷বুকুত সাচি ৰখা গোপনীয় কথাৰ ভাৰ সহিব নোৱাৰি মনটো প্ৰায়েই বেয়া হৈ থাকে৷মন বেয়া হোৱাৰ বাবে শৰীৰো ভাল লগা নাই৷দিনে দিনে নিজকে বেমাৰী যেন অনুভৱ কৰিছে৷অনবৰতে মূৰটো ঘুৰাই থাকে,কাম বন কৰিবলৈয়ো মন নোযোৱা হ’ল৷ সমীৰে বৰ্ষাৰ কি হৈছে ভাবি পোৱা নাই কিন্তু লক্ষ্য কৰি আছে কেইমাহমানৰ পৰা যে তাই একেবাৰে সলনি হৈ পৰিছে৷আগতকৈ সলনি হৈছে তাই ,অনবৰতে শুই থাকে ,সমীৰৰ লগত প্ৰয়োজনত ভাত খাবলৈ বা বজাৰৰ পৰা কিবা আনিব লগা থকাৰ বাদে আন একো কথাই নাপাতে৷এতিয়া পৰিস্থিতিয়ে এনে ৰূপ লৈছে যে এহাল পক্ষী এটা সজাত বন্দী হৈ আছে৷বন্দীত্বৰ শোকত ডেউকা বিহীন হৈ পৰিছে৷মুকলি আকাশত উৰিব বিচাৰিছে,খিলখিলাই হাঁহিব বিচাৰিছে৷কিন্তু এতিয়া সেই মুকলি আকাশো নাই ,সেই হাঁহিও নাই৷বৰ্ষাই পাকঘৰত কাম কৰোতে আগতে গুণগুণাই থাকে যিটি মুখতে কিন্তু এতিয়া সেই গুণগুণনিয়ো নাই ৷কেতিয়াবা গুণগুণনিবোৰ শুনিবলৈ সমীৰেও হাবাথুৰি খাই ,বৰ্ষাৰ অস্হিৰ মনটোৰ কথা জানিবলৈ বিচাৰে৷কিন্তু বৰ্ষাই আজিকালি সমীৰৰ সৈতে অচিনাকিৰ দৰে সময় কটায় সেয়ে তাৰো ভাল নালাগে৷প্ৰথমে ভাবিছিল মাকক হেৰুৱাই তাই ভাগি পৰিছে কিন্তু ইমান সময়ে একেলগে থাকি কথা বতৰা বেছিকৈ নাপাতিলেও বুজি পোৱা হৈছে,তাইৰ ভাললগা বেয়ালগাবোৰ৷এইসময়ত যে তাইৰ মনৰ অস্থিৰতাৰ কাৰণ বেলেগ সেয়াও জানিছে৷নিজৰ ওপৰতে কেতিয়াবা ক্ষোভ জন্মে তাৰ,বৰ্ষাক এই সম্পৰ্কৰ বান্ধোনৰ পৰা মুকলি কৰি দিবলৈ মন যায় কিন্তু তাই ক’ত যাব কি কৰিব সেইবোৰ ভাবি ৰৈ যায়৷বৰ্ষাক সুখী ৰখাৰ আপহতে মায়াৰ স্মৃতিবোৰ পাহৰিবলৈয়ো সাজু হৈ পৰে৷অফিচৰ পৰা আহোঁতে সমীৰে আজিকালি বৰ্ষাৰ বাবে কিবাকিবি লৈ আহে৷সৰুছোৱালীৰ দৰেই লাগে তাইক৷ সেয়ে অকলে থকা সময়খিনিত তাই ব্যস্ত থাকক বুলিয়েই যিকোনো কিতাপ বা খেলনা বস্তু লৈ আহে৷ সমীৰ এতিয়া সলনি হৈছে আগতকৈ এতিয়া বেছিকৈ দায়িত্ববোধ বুজা হৈ পৰিছে৷বৰ্ষাক সুখী ৰখাৰ স্বাৰ্থতেই সলনি হ’ব লগাত পৰিছে৷ ঘৰৰ পৰা অহা দুমাহেই পাৰ হ’ল আৰু কিছুদিনৰ পাছতে সিহঁতৰ সম্পৰ্কটোৱে এটা বছৰ সম্পূৰ্ণ কৰিব৷কিন্তু আজিও বৰ্ষা ফোট-সেন্দূৰ আৰু গহনাৰে গৃহবন্দী হৈ থাকিল৷সময় বাগৰাৰ লগে লগে চকু মুখত সতেজতা নোহোৱা হৈ পৰিছে,নিৰ্মল স্বত্বঃস্ফূৰ্ত হাঁহিটোও নোহোৱা হৈ পৰিল৷কেতিয়াবা প্ৰিয়া নাইবা গুপ্তা আন্টিয়ে আহি খন্তেক তাইৰ ওচৰত বহেহি,ইটো সিটো কথা পাতে তাইৰ সৈতে কিন্তু তাই নিজাববীয়াকৈ কোনো কথাই তেওঁলোকৰ সৈতে নাপাতে৷ বৰ্ষাই নক’লেও প্ৰিয়াই কিছুমান কথা ধৰিব পাৰে যদিও আনৰ পাৰিবাৰিক সমস্যাত সোমাবলৈ বেয়া পায়৷তথাপিও সমীৰৰ বাবে যদি তাই এই অশান্তিত ভুগিছে তেনেহ’লে যেনেহ’লেও কিবাকৈ সহায় কৰিব বিচাৰে সেয়ে বৰ্ষাক বুজাই " ভাল বেয়া সকলো সময়তেই স্বামীক বলাই ৰাখিব জানিব লাগিব৷সেয়াহে আচলতে পত্নীৰ ধৰম৷" বৰ্ষাক এইষাৰ কথা মাকেও বুজাইছিল আগতেই কিন্তু তাই জানো সমীৰক বলাই ৰাখিব পাৰিব৷যদি পাৰিলে হয় নিশ্চয় মায়াৰ কথাবোৰ খুলাখুলিকৈ কৈ দিলে হয় আৰু অভিমান কৰিও জনালে হয় পুনৰ মায়াক যাতে তেওঁৰ জীৱনলৈ আহিবলৈ নিদিয়ে৷অতীতৰ স্মৃতিবোৰৰ লগত যুজি বৰ্তমানটোও নষ্ট নকৰি এক নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ জনালে হয় কিন্তু সিহঁতৰ সম্পৰ্কটোত যে এনেকুৱা একোৱেই নাই,মৰম ভালপোৱা নথকা এটা সম্পৰ্কক কিহৰ লোভত সহ্য কৰিছে তাই৷এনে সম্পৰ্ক হেৰুৱাই দিয়াৰ ভয় ক’ত?বৈবাহিক জীৱন এটা আৰম্ভ কৰাৰ পৰাই যেন সকলো শেষ কৰিলে এনে ভাব হয় তাইৰ তথাপিও মাজে সময়ে সমীৰৰ কিছু কথাত য’তে ত’তে সোণতৰা সদৃশ আশাবোৰ ফুলি উঠে৷ সন্ধিয়া পৰত অফিচৰ পৰা আহোতে প্ৰিয়াই চিঙৰা লৈ আহিছিল ৷তাৰে দুটামান বৰ্ষালৈয়ো এক্সট্ৰা কৈ বান্ধি আনিছিল৷তাকে দিবলৈ বুলি বৰ্ষাৰ ওচৰ পালেহি৷বৰ্ষাৰ চকুহাল অলপকৈ ফুলি আছে,প্ৰিয়াই অনুমান কৰিলে নিশ্চয় কিবা এটা হৈছে ৷তথাপিও আন দিনাৰ দৰে আজিও জানিবলৈ একো নিবিচাৰিলে মাথোঁ সুধিলে "বৰ্ষা মালৈ মনত পৰিছে নেকি?" অন্যমনস্ক হৈ বৰ্ষাই চাহ বনাই আছে,প্ৰিয়াই কেইবাবাৰো মাত দিলে তাইক কিন্তু তাই নিজৰ বেলেগ এখন পৃথিৱীত ব্যস্ত হৈ আছে৷প্ৰিয়াই তাইক সামান্য জোকাৰি দিয়াত চক খাই "হা " বুলি কৈ চাহটো বাকি টেবুলতে বহিলহি৷কথাৰ চলেৰে প্ৰিয়াই বৰ্ষাৰ পৰা জানিবলৈ খুজিলে আচলতে বৰ্ষাৰ হৈছে কি? কাৰণ তাই সমীৰক যিমানলৈকে জানে তাইৰ এনে নালাগে যে বৰ্ষাক সি মাৰ পিট কৰি হাৰাশাস্তি কৰে তেনেহ’লে বৰ্ষাই কিহত ইমানকৈ কষ্ট পাই আছে৷বৰ্ষাৰ সম্পূৰ্ণ শৰীৰত এবাৰ ওপৰৰ পৰা তললৈ চকু ফুৰালে কিন্তু আঘাটৰ চিন ক’তো দেখা নাপায় সুধিলে " বৰ্ষা তোমাৰ কি হৈছে মোক কোৱাচোন,তুমি আজিকালি বহুত আপচেট থাকিব লৈছা " একো নাই বুলি কৈ বৰ্ষাই একে ঢুকে চাহখিনি খাই চোফাত বহিলহি৷তাইৰ পাছে পাছে প্ৰিয়াও আহিলে,বৰ্ষাৰ চকুত চকুপানী৷প্ৰিয়াই তাইক একো নুসুধি তাইৰ কাষতে বহি লৈ কান্ধত হাত বুলাই দিলে৷বৰ্ষাই আকস্মিকভাৱে তাইক সজোৰে সাবটি ধৰি কান্দিবলৈ ধৰিলে৷প্ৰিয়া বিবুধিত পৰিল ,বৰ্ষাই অস্পষ্ট কন্ঠেৰে কৈ উঠিল "সকলো থাকিও মই আধৰুৱা " প্ৰিয়াই বৰ্ষাৰ মুৰত হাত বুলাই দিয়াত তাই বেছিকৈ হুকহুকাই কান্দি পেলালে আৰু কৈ উঠিল "কিয় পাইয়ো সকলো হেৰুৱাব লগীয়া হয়?" সৰল দৃষ্টিৰে প্ৰিয়াই বৰ্ষালৈ চাই চকুপানীবোৰ মচি দি ক’লে " জন্ম হ’লে মৃত্যু অনিবাৰ্য বৰ্ষা কিন্তু মা নাই বুলি এতিয়া আহিব লগা সময়বোৰ কান্দি থাকিবা নেকি?বৰুৱাই আহি কি ভাবিব,মই তোমাক কন্দোৱাইছো ৷" "নাই প্ৰিয়া দি মাৰ বাবে মই কন্দা নাই,মোৰ ভয় হয় আহিবলগা ভবিষ্যতৰ কথা ভাবিলে,কি হ’বলৈ গৈ আছে মই একোৱেই বুজি পোৱা নাই৷" "ভয় আকৌ কিয় হৈছে৷আহিব লগা সময়বোৰ আমাৰ হাতত নাই তাতে কান্দিবলৈ কি আছে?বৰ্তমানটো সুখী কৰি তোলা আপোনাআপুনি ভৱিষ্যতটো সুন্দৰ হৈ পৰিব৷" "কিন্তু কেনেকৈ,মই এইদৰে জীয়াই থাকিব নোৱাৰিম৷মা থাকোঁতে জীয়াই থকাৰ এটা কাৰণ আছিল এতিয়া যে সেইটোও নোহোৱা হৈ পৰিল ৷" "কিয় সমীৰ?" ''এটা বৈবাহিক সম্পৰ্কত স্বামী আৰু স্ত্ৰীৰ মিলন হয় ৷অথাৎ এটা লিংগই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাটো প্ৰকৃতিৰ নিয়ম কিন্তু তেনে সম্পৰ্ক আমাৰ মাজত আজিও নাই৷মাত্ৰ দুয়োজনে এডজাষ্ট কৰি আগবাঢ়িছো৷কিন্তু এতিয়া ...'' অলপপৰ বৰ্ষা মৌন হৈ পৰিল ৷প্ৰিয়াই কৌতূহলেৰে বৰ্ষাৰ ফালে চাই প্ৰশ্ন কৰিলে "এতিয়া কি বৰ্ষা ?" উচুপনিবোৰ সামৰি বৰ্ষাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে "প্ৰেমবিহীন সম্পৰ্কটো সামৰি মই ভাগৰি পৰিছোঁ৷সমীৰৰ জীৱনত মই নহয় অন্য কোনোবা আছে,সেয়ে তেওঁ কাহানিও মোক হয়তো মৰম ভালপোৱা দিব নোৱাৰিব৷মাত্ৰ বুজাবুজিৰ মাজতেই শেষ হৈ পৰিব সকলো" প্ৰিয়াই আচৰিত হৈ প্ৰশ্ন কৰিলে "বৰুৱাৰ জীৱনত অন্য কোনোবা এতিয়াও আছেনে?" চকুপানী মোহাৰি বৰ্ষাই ক’লে ''এতিয়া নাই ,আগতে আছিলে " এটা স্বস্তিৰ নিশ্বাস এৰি প্ৰিয়াই ক’লে "আগতেহে আছিলে এতিয়াটো নাই তেনেহ’লে তুমি কিয় কন্দাকটাখন কৰিছা?ধেৎ এজনী মই বৰ ভয় খাইছিলোঁ৷" অসহায় ভাৱে বৰ্ষাই প্ৰিয়াৰ মুখলৈ চাই ক’লে "তাই ঘুৰি আহিছে প্ৰিয়া দি,মোৰ ভয় লাগিছে" "কোন তাই ?কোন হয় ?ক’ৰ হয় ?তুমি চিনি পোৱানে?"এটা এটাকৈ কেইবাটাও প্ৰশ্ন কৰি পেলালে প্ৰিয়াই৷পুনৰ বৰ্ষা উচুপি উঠিল আৰু লাহেকৈ ক’লে " চিনি পাওঁ,মায়া !" "আৰ ইউ চিৰিয়াছ বৰ্ষা ?হাউ ইছ ইট পচিবল?মায়াইটো এই বিষয়ে মোক আজিলৈ একো কোৱা নাই " "জনাহ’লে ক’লে হয় ,কিন্তু সমীৰ ,মই মানে আমি ইয়াত থকাৰ কথাটো তাই নাজানে,কিন্তু জানিলে কি হ’ব৷সেইদিনা মায়াক দেখিয়েই মই চক’দ খাইছিলোঁ" "মানে? " বৰ্ষাই এফালৰ পৰা যিমানখিনি জানে সকলোবোৰ প্ৰিয়াৰ আগত কৈ গ’ল ৷প্ৰিয়াই এইক্ষেত্ৰত যিমান পাৰে সহায় কৰিম বুলিয়েই কৈছে ৷সমীৰে যিহেতু আজিও মায়াৰ অপেক্ষাত আছে গতিকে নিজাববীয়াকৈ সমীৰ আৰু মায়াৰ সম্পৰ্কটোৰ বিষয়ে উলিয়াবলৈ চেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি বৰ্ষাক দিছে৷বৰ্ষাইয়ো কথাবোৰ মায়াই নজনাকৈ যাতে কৰা হয় সেই কথা সকীয়াই দিছে৷এতিয়াহে তাইৰ মনটো অলপ পাতল লাগিছে৷কথাবোৰ পাতি থাকোঁতে সময়বোৰ কেনেদৰে পাৰ হ’ল সিহঁতি ক’বই নোৱাৰিলে৷কলিংবেলটো বাজি উঠাত হে বৰ্ষাই সময় চাই সমীৰেই আহিছে বুলি প্ৰিয়াক জনাই দৰ্জাখন খুলি দিলেগৈ৷প্ৰিয়াই সমীৰক মাত দি ঘৰলৈ গ’ল৷ এটা অস্ফুট হাঁহি লৈ সমীৰে ভিতৰলৈ সোমাই আহিল ৷বৰ্ষাৰ মুখলৈ চালে আন দিনাতকৈ কিছু পৰিবৰ্তন দেখিছে যদিও চকুকেইটা ৰঙা হৈ সামান্যকৈ ফুলি আছে৷কিবা এটা ক’ম বুলি ভাবিও হাঁহি এটা মাৰি ৰুমলৈ সোমাই গ’ল৷অলপসময় পাছত ফ্ৰেছ হৈ ওলাই আহি অানদিনাৰ দৰে লেপটপটো হাতত লৈ ব্যস্ত হৈ থকা নাই৷অথচ আজি বৰ্ষাৰ সৈতে কিছু কথা পাতিম বুলিহে বহিছেহি৷চাহৰ কাপটো হাতত লৈ বৰ্ষাই সমীৰৰ ফালে আগবঢ়াই দিলে ৷চাহত চুমুক দিয়েই সমীৰে কৈ উঠিল "বৰ্ষা অলপ শুনাচোন ৷মোৰ কথা অলপ ক’বলৈ আছে " বৰ্ষা চমকি উঠিল,আজি সমীৰে বা তাইক কি কথা ক’বলৈ বিচাৰিছে?চাহৰ কাপটো হাততে লৈ সমীৰৰ ফালে অবাক লাগি চাই আছে তাই৷সমীৰে তাইৰ চকুৰ আগত আঙুলিৰে চুটকি এটা বজাই হাঁহিমুখেৰে ক’লে "হেয় কি ভাবিছা " নিজকে সংযত কৰি তাই কৈ উঠিল " নাই একো নাই " সমীৰে কৈ গ’ল " জানা বৰ্ষা আজি মই বহুত সুখী৷যিটো কামৰ বাবে আহিছিলোঁ সেইটো এতিয়া চাকছেচ হোৱাৰ দিশত৷এটা বহুত নামীদামী কম্পেনিয়ে মোৰ বিজনেছ প্ৰজেক্টটো খুউব ভাল পাইছে ৷এতিয়া কথা হ’ল তুমি মোক এটা হেল্প কৰিব লাগে !কৰিবানে?" বৰ্ষাই আচৰিত হৈ শুকাই যোৱা ডিঙিত হেপ ঢুকি সুধিলে "হেল্প আৰু মই ?" "হুম তুমি! আচলতে তেওঁলোকৰ কেইজনমানে অসমৰ খোৱা বস্তুৰ বৰ বৰকৈ প্ৰসংশা কৰিছে,সেইদেখিয়েই মই তেওঁলোকক ডিনাৰৰ বাবে ইনভাইট কৰিলোঁ " বৰ্ষাই চকু ডাঙৰ কৰি সুধিলে " ডিনাৰৰ বাবে আজি ?" হাঁহি এটা মাৰি সমীৰে ক’লে " নাই নাই আজি নহয় ,ভয় খাব নালাগে ৷ডেটটো ডিচাইড্ হোৱা নাই হ’লে তোমাক জনাম বাৰু ৷" এইবাৰ সমীৰে আহি তাইৰ একেবাৰে কাষ পালেহি আৰু তাৰ হাতৰ মুঠিত তাইৰ হাতখন ভৰাই চকুত চকু থৈ সুধিলে "তুমি হেল্প কৰিব নহ’ ?" ইস্ হেৰাই যোৱা লাজটোৱে তাইক আজি বেৰি বেৰি ধৰিলে৷ যি হ’লেও সমীৰে প্ৰথমবাৰ তাইৰ পৰা কিবা এটা বিচাৰিছে তাই বাৰু মনা কৰিব পাৰিবনে? সেইবুলি তাৰ হাতত হাত থৈ তাৰ চকুলৈ চাই থাকিব নোৱাৰে ৷ল’ৰমাৰি ৰুমলৈ দৌৰি অহাদি আহিলে৷বহুত দিনৰ মুৰত তাইৰ বুকুৰ ধপধপনি বোৰে হৃদয়ত প্ৰেমৰ সংগীত জুৰিলে৷পলকতে মনৰ অশান্তিবোৰ দুৰ হৈ গ’ল৷উচুপি উচুপি শিল হোৱা কলিজাটোকোৰাও গলিবলৈ ধৰিলে৷সমীৰক অলপ সলনি হোৱা যেন লাগিল তাইৰ ৷এইমুহূৰ্তত মায়াৰ দুচিন্তাই ঢুকি পাব নোৱাৰাকৈ সুখী তাই৷(আগলৈ) আগৰ খণ্ডৰ লিংক
Subscribe to:
Post Comments (Atom)
🥰🥰
ReplyDelete