Monday, August 10, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 39) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) এইয়া সপোন নে দিথক তাইটো একেবাৰেই বুজি পোৱা নাই৷সমীৰক ইমান কাষৰত পাই মাথোঁ তাইৰ ভৰিৰ পৰা মুৰলৈকে থৰথৰকৈ কপিঁবলৈ ধৰিলে৷উশাহবোৰ যেন চুটি চুটি হ’বলৈ ধৰিছে৷তাইক এইদৰে কঁপি থকা দেখি সমীৰে তৎক্ষণাত কথা সলাই "চাহৰ প্লেটখন তুমি লৈ আনা মই এইখিনি লৈ আহিছোঁ"বুলি কৈ পাকঘৰৰ পৰা ওলাই আহিলে৷তাইয়ো ধুনীয়াকৈ চাহৰ ট্ৰেখন সজাই আনিলে৷ সমীৰে তাইক সহায় সহযোগ কৰা দিয়া দেখিয়েই এগৰাকীয়ে সুধিলে "তোমালোকৰ বিয়া নিশ্চয় ল’ভ মেৰেজ নহয়নে?" উত্তৰত সমীৰেই ক’লে "নাই নাই মেডাম আমাৰ এৰেঞ্জ মেৰেজহে " "ৱাও বাট তোমালোকক দেখিলে নালাগেই তেনেকুৱা" তেখেতৰ কথাত হয়ভৰ জনাই আনগৰাকীয়েও ক’লে "এৱছ’লিউটলি কেমেষ্ট্ৰি খুবেই ধুনীয়া এওঁলোকৰ মাজৰ " সমীৰে মাথোঁ তেওঁলোকৰ কথাত হয়ভৰ জনাই গৈছে৷পিঠাপনাৰে ধুনীয়াকৈ ভৰি থকা প্লেট কেইখনত কি কি আছে সকলোবোৰ সমীৰে তেখেত সকলৰ আগত চিনাকি দি প্লেটত থকা সকলোবোৰ হ’মমেড বুলি কোৱাত তেখেত সকলে গাম্ভীৰ্য ভৰা চাৱনিৰে সুধিলে " ইটচ্ ডিচ অ’ল আৰ হুম’মেড ?" সমীৰে বৰ্ষাই বনোৱা বুলি কোৱাত তেখেতসকলে পুনৰ বৰ্ষাৰ প্ৰসংশা কৰি সমীৰক ক’লে " ৱাহঃ সমীৰ তোমাৰ ৱাইফ দেখা শুনাৰ লগতে খানা বনোৱাতো বহুত টেলেলটেড" তেওঁলোকৰ কথাবোৰ শুনি বৰ্ষাৰ চকুহাল ডাঙৰ হৈ আহিল৷লাজে ভয়ে সমীৰৰ ফালে চালে,সি মিচিকিয়া হাঁহি এটা মাৰি তেওঁলোকৰ কথাৰ সম্ভাষণ জনালে৷ইমানবোৰ পিঠা পনা জলপানেৰে চাহ খাই পুনৰ ভাত খোৱাটো সম্ভৱ নহ’ব বুলিয়েই অলপ অলপহে খালে ৷ভাতপানী খাই বৈ তেওঁলোকো ঘৰমুৱা হ’ল ৷সমীৰক ইমানখিনি সহায় কৰি দিয়াৰ বাবে সিও বৰ্ষাক ধন্যবাদ জনাই খোৱাত বহিল৷কিন্তু আজি যিহেতু সময় এঘাৰ বাজি পাৰ হ’ল সেয়ে বৰ্ষাকো খাবলৈ লগতেই বহিবলৈ ক’লে৷খোৱাৰ মাজতে ইটো সিটো কথা পাতি বৰ্ষাক ধন্যবাদ জনাই এইসময়বোৰ সুখেৰে পোহৰাই তুলিলে৷ পুৱা আনদিনাৰ দৰেই বৰ্ষাই ধূপধুনা জ্বলাই আটাখিনি মঠি কোকাৰটোত মটৰ অলপ বঢ়াই সমীৰক ইমানপৰে নুঠা দেখি জগাবলৈ আহিল৷সমীৰক চিঞৰি উঠাবলৈ ভয় লাগে তাইৰ,কিজানিবা গালি পাৰি দিয়ে৷সেয়ে বিচনাৰ সিটোমূৰে শুই থকা সমীৰক জগাবলৈ তাইয়ো বিচনাতে উঠি গৈ মাত লগালে " শুনকচোন ,সাত বাজি গ’ল উঠক নহ’লে দেৰি হ’ব অফিচলৈ" দুই তিনিবাৰ এইদৰে মাত দিয়াতো সমীৰৰ তাইৰ কথাৰ প্ৰতি কোনো গুৰুত্বই নাই৷ৰাতি শোৱা অলপ দেৰি হোৱাৰ বাবেই এতিয়া উঠিবলৈ যে এলাহ কৰিছে সেইটো ভালদৰেই বুজিছে তাই৷সেই ভাবিয়েই অলপমান ডাঙৰকৈ মাতটো উলিয়াই "উঠক"বুলি কৈছিলহে সমীৰে একে পাকে তাইক গাৰ ফালে টানি আনিলে৷বৰ্ষাই নিজকে সমীৰৰ বাহ বেষ্টনীত পাই স্তম্ভিত হৈ পৰিল৷লাজে ভয়ে নিজকে মুকলি কৰিবলৈ উঠি পৰি লাগিল কিন্তু সমীৰে তাইৰ থুতৰিতে আলফুলে ধৰি আলসুৱাকৈ সুধিলে " ইমান চিঞৰি আছিলা কিয় ,মই উঠিম নহয়" বৰ্ষাই কঁপি কঁপি ভয়ে ভয়ে ক’লে " মই মানে ,এই মানে " সমীৰে তাইক বিমোৰত পেলাবলৈ বুলিয়েই তাইৰ চকুত চকু থৈ ক’লে " কি মানে মানে কৰি আছা,যি ক’বলৈ আছে চিধাচিধি কোৱা" বৰ্ষা গোটেইজনী ৰঙাচিঙা পৰিল,সমীৰে তাইৰ সৈতে এনেকুৱা কিয় কৰিছে৷ইয়াৰ আগতে কাহানিও এনেকুৱা কৰা নাই ৷তাইৰ এষাৰ মাততেই শোৱাৰ পৰা উঠি ডাইৰেক্ট বাথৰুম পায়গৈ কিন্তু আজি !কথাবোৰ মনতে ভাবি থাকোঁতেই কোকাৰৰ হুইছেলটো বাজি উঠাৰ শব্দত তাই যেনেতেনে নিজকে মুকলি কৰি পাকঘৰ পালেহি৷বুকুখন সাংঘাতিক ধৰণে কঁপিছে তাইৰ ৷লাজতে গাল দুখন তিলতিলকৈ ৰঙা পৰাটো জিলিকি উঠিছে৷সচাই এইবোৰ তাইৰ লগত সচাকৈয়ে হৈছেনে ভাবি হাততে চিকুট এটা মাৰি চালে৷নিজৰ চিকুটতে দুখপোৱাত সচা বুলি জানি ভাললগাৰ অনুভৱে হেচিঁ ধৰিলে তাইক৷ আজি তাইৰ মনটো প্ৰফুল্লিত হৈ পৰিলে,সচাঁই এই ভাললগা অনুভৱবোৰ খুবেই সুন্দৰ৷ব্ৰেকফাষ্টৰ টেবুলত ধুনীয়াকৈ খোৱাবোৰ সজাই সমীৰক মাত দিলেগৈ৷এইমুহূৰ্তত সমীৰৰ ফালে চাবলৈয়ো লাজ লাগিছে তাইৰ ৷সমীৰেও তাইক দেখাত অলপ অসহজ অনুভৱ কৰিছে হঠাতে যে সিও এনেকুৱা কিবা এটা কৰি দিব ভাবিয়েই নাচালে৷ ল’ৰালৰিকৈ খোৱা বোৱা কৰি সিও অফিচলৈ উলাই গ’ল৷ ভাললগা অনুভৱবোৰ সামৰি বৰ্ষাই কামবন কৰাত লাগিল৷তাৰ মাজতে শাহুৱেকৰ খবৰ খাতি ল’বলৈয়ো ফোন লগালে৷ভাল বেয়া সোধাৰ পাছতে কথাৰ মাজতে নিবিড়ৰ কথাবোৰ জনাব নেকি ভাবিছিল কিন্তু এনেকৈ জনালে বা তেখেতে কি ভাবে সেই বুলিয়েই একোকে নক’লে৷তথাপিও নিবিড়ে কিবা এটা পালে তাৰ বিয়াখনো পাতিব লাগিব বুলি বৰুৱানীৰ কাণ চুৱাই থৈছিল যাতে তেওঁ এই সম্পৰ্কত কি ভাবে জানিব পাৰে৷তেখেতেও বৰ্ষাক জনাইছিল নিবিড়ৰ বিষয়ে কোনো কথা জানে যদি তেখেতক জনাবলৈ৷কিন্তু নিবিড়ক কথাটো এবাৰ জনাইহে তেখেতকো জনাব বুলি এই বিষয়ত আৰু বিশেষ একো নাপাতিলে৷ তেখেতৰ সৈতে কথাবতৰা পাতি হোৱাত অলপ সময় চিনুৰ সৈতেও ভালবেয়া সময়ৰ সুখদুখবোৰ ভগাই কটাই দিলে৷ সমীৰে দিনটো অফিচতো বৰ্ষাৰ কথাই ভাবি আছে৷বৰ্ষাৰ বাবে থকা দায়িত্ববোধ বোৰে কেতিয়া তাৰ হৃদয়ৰ পৰা মায়াক আতৰাই বৰ্ষাৰ ছবিখন ৰাখিবলৈ ধৰিলে সি হয়টো গমেই নাপালে৷বৰ্ষা সদায় ধীৰ -স্হিৰ কিন্তু আজি ৰাতিপুৱা সমীৰক তাইৰ একেবাৰেই কাষত পাই যেনেকৈ চটফটাই উঠিছিল সেই মুহূৰ্ততো বাৰে বাৰে মনলৈ আহি আছে আৰু বৰ্ষাৰ মৰমলগা ভয়াৰ্ত মুখখন মনত পেলাই তাৰ হাঁহিও উঠিছে৷তাতে আজি অফিচটো যোৱাকালি ঘৰলৈ যোৱা গেষ্ট কেইজনৰ এজনে সমীৰক আহি ক’লেহি " বৰুৱা ইউ আৰ লাকি ,যে আপুনি ইমান মাল্টি টেলেণ্টেদ ৱাইফ পাইছে৷মোৰ হ’লে আপোনালৈ হিংসাহে লাগিছে৷আপোনাৰ মন গ’লেই চাগে এনেকুৱা সোৱাদযুক্ত আহাৰ খাবলৈ পায়,আমাৰ ভাগ্যতটো কাম কৰা মানুহে বনাই দিয়া জবৰজং খানাবোৰহে আছে" সমীৰৰ মনটো গৌৰৱেৰে উপচি পৰি যদিও পৰ পুৰুষৰ মুখত বৰ্ষাৰ গুণগান অলপো ভাললগা নাই ৷যিহেতু আজিলৈ সি নিজেই বৰ্ষাক ভালদৰে কিবা এষাৰ কৈ পোৱা নাই ৷তেনেক্ষেত্ৰত আন কোনোবাই কিবা এটা কোৱাটো মুঠেও হজম হোৱা নাই৷যি হ’লেও বৰ্ষাই কামেই এনেকুৱা কৰিছে যে তাইক সকলোৱে প্ৰশংসা কৰিবই৷সেই ভাবিয়েই সিও ক’লে " হয় বাৰু এনেকুৱা ভাগ্য সকলোৱে নাপায় " মানুহজনেও হয়ভৰ দি নিজৰ কামলৈ গ’ল৷ সমীৰে একেঠাইতে ৰৈ বহু কথাই ভাবিলে ,সচাই বৰ্ষাৰ দৰে পত্নী এগৰাকী পাই সি সচাকৈয়ে সৌভাগ্যবান কিন্তু সেই সৌভাগ্য জানো বৰ্ষাই অনুভৱ কৰিছে? যদি নাই কৰা তেনেহ’লে বৰ্ষাৰ বাবে কিবা এটা সিও কৰাটো উচিত হ’ব৷ অফিচৰ কামবনবোৰ সোনকালে সামৰি ফুলৰ দোকান এখনৰ পৰা গাজৰা অলপ লৈ সিও ঘৰ ওলালগৈ৷কলিংবেলটো বজাই দিয়াত বৰ্ষাই দোৱাৰখন খুলি দিলেহি৷ৰাতিপুৱাৰ ঘটনাটোৰ বাবে বৰ্ষাৰ চকুলৈ চাবলৈয়ো অলপ অসহজ অনুভৱ কৰিছে তেনেক্ষেত্ৰত গাজৰা আনিলে যদিও দিব কেনেকৈ৷সেইটো ভাবিয়েই একো নকৈ পোনেই ৰুম পালেগৈ৷ফ্ৰেচ হোৱাৰ পাছত টেবুলতে থোৱা গাজৰা খিনিলৈ চাই মনতে ভাবিলে কেনেকৈ দিব বৰ্ষাক ৷সেই ভাবিয়েই আইনাৰ মুখত ৰৈ প্ৰেকট্ৰিছ কৰিলে "বৰ্ষা এইয়া তোমাৰ বাবে ,চুলিত লগাই ল’বা" "লোৱা তোমালৈ আনিছোঁ " " চুলিত লগালে ধুনীয়া দেখি " বহুকেইবাৰ প্ৰেকট্ৰিছ কৰাৰ পাছতো নিজকে এনেকুৱা এটা পৰিস্থিতিত খাপ খোৱাব পৰা নাই৷খঙতে হাতখন টেবুলত মাৰি চিঞৰি উঠিল৷ সমীৰৰ চিঞৰ শুনি বৰ্ষাই কি বা হ’ল তাৰ সেই ভাবিয়েই একে দৌৰি আহি ৰুম পালেহি৷ৰুমৰ দোৱাৰ খনৰ ওচৰৰ পৰাই সমীৰক মনে মনে চাই আছে৷বৰ্ষাক দেখাৰ লগে লগেই অলপ ককৰ্ষ সুৰত সমীৰে তাইক মাত লগালে "এইফালে আহা" সমীৰৰ কি হ’ল তাই একোকেই বুজি পোৱা নাই ৷মুঠতে সি খঙত থকা দেখিয়েই তাইৰ ভয় লাগিছে৷অফিচৰ পৰা আহোঁতেও কোনো মাত নিদিয়াকৈ ৰুমত সোমালেহি ৷কেনেবাকৈ যোৱা কালি তাইৰ পৰা কিবা ভুল হ’ল নেকি ?নে আজি সেই বিষয়ে কোনোবাই কিবা ক’লে ?কথাবোৰ ভাবি ভাবি এখোজ দুখোজকৈ একেবাৰে তাৰ ওচৰ পালেহি৷সমীৰেও তাইৰ ফালে আগবাঢ়ি যোৱাত ভয়তে দুখোজ পিছুৱাই দিলে তাই৷সমীৰে আৱেগেৰে তাইৰ হাতত ধৰি একে ঠাইতে তাইক বন্দী কৰিলে৷এইবাৰ ভয়টো বেছিকৈয়ে বাঢ়িবলৈ ধৰিলে৷পৃথিৱীৰ যিমান বেয়া কথা আছে সকলোবোৰেই তাইৰ মনলৈ এটা এটাকৈ আহিবলৈ ধৰিছে ৷এপাকত মনলৈ আহিছে কেনেবাকৈ মায়াৰ কথা জানিলে নেকি?উফ্ এইটো কথা মনত পৰাতেই বুকুখন বিষাই গ’ল তাইৰ৷মুখৰ মাতোঁ হেৰাল কেনিবা,কিবা অঘটন নহওক বুলিয়েই ভগৱানৰ নামটো ভাবি চকুহাল মুদি দিলে৷ সমীৰে তাইৰ পিঠিৰ ফালে গৈ তাইৰ খোপাটো খুলি দীঘল চুলি কোচা মেলি চুলিৰ পৰা কিলিপ দাল লাহেকৈ খুলি গাজৰা খিনি লগাই দিলে৷বৰ্ষা আচৰিত হ’ল এইয়া সমীৰে তাইৰ সৈতে কি কৰিবলৈ ওলাইছে৷চকুহাল অলপকৈ মেলিছিল হে সমীৰে একেবাৰে তাইৰ সন্মুখলৈ আহি তাইক কেনেকুৱা দেখাইছে পৰ্যৱেক্ষণ কৰাত লাগিছে৷সমীৰক সন্মুখত দেখি পাছফালৰ পৰা অহা এটা ধুনীয়া সুগন্ধিৰ ফুলৰ গুন্ধ পাই উশাহটো দীঘলীয়াকৈ লৈ সামৰিবলৈ নাপালেই সমীৰে তাইক টানি আইনাৰ সন্মুখলৈ আনি ক’লে " চোৱাচোন লগোৱাটো হৈছে নাই " সমীৰক কি উত্তৰ দিব তাই ভাবি পোৱা নাই৷সমীৰৰ এনে ব্যৱহাৰত অবাক হৈ ভেবা লাগি আইনাত জিলিকি থকা সমীৰৰ মুখখন চাই আছে৷ সমীৰে তাইৰ উত্তৰলৈ বাট নাচাই পুনৰ সুধিলে " ভাল লাগিছে নহ’ " উত্তৰৰ নামত বৰ্ষাৰ উঠ দুখন সামান্য কপিঁলে৷গাৰ সমস্ত তেজবোৰে গোট বান্ধি গাল দুখনত থিতাপি ল’লেহি৷এতিয়া যে সমীৰৰ তাইলৈ অলপ বেছিকৈয়ে মৰম লাগি গ’ল৷ইমান মৰম আজিলৈ কাহানিও কাৰো বাবে উপচি উঠা নাই ৷আনকি মায়াৰ বাবেও৷তাতে অফিচত শুনা বৰ্ষাৰ প্ৰশংসা বোৰেও তাক আজি যেন বাধ্য কৰাইছে বৰ্ষাক মৰম দিবলৈ৷একো কথা নাভাবি পিছফালৰ পৰাই তাইক সাবটি গালতে টপককৈ চুমা এটা যাচিলে৷বৰ্ষাই আইনাত দেখি থকা প্ৰতিচ্ছবি দুটা যে সিহঁতেই হয় বিশ্বাসেই কৰিব পৰা নাই৷মাথোঁ সমীৰৰ উষ্ম উঠৰ পৰশে তাইৰ সমষ্ট শৰীৰত কপনিৰ যোৱাৰ তুলিছে৷তাইৰ ঘণ ঘণকৈ লোৱা উশাহ আৰু কলিজাৰ ধপধপনিবোৰৰ শব্দ কাণেৰে শুনাকৈ ফুটি উঠিছিল,সেই শব্দ সমীৰৰ কাণত পৰাত নিজকে সংযত কৰি সিও ৰুমটোৰ পৰা ওলাই গ’ল৷ নিজকে পুনৰ বাৰ আইনাত চাই সমীৰে চুমা দিয়া ঠাইখিনি এবাৰ চুই চালে৷নজনাকৈয়ে মুখত হাঁহি এটি ফুটি উঠিল৷এইমুহূৰ্তত তাই হতাষা আৰু বিষাদভৰা ভৱিষ্যতৰ পৰা নিজকে মুক্ত যেন অনুভৱ কৰিছে ৷মাথোঁ সকলোফালে ভাললগা আৰু ভাললগা ৷(আগলৈ)দেৱাশ্ৰী বৰা
Subscribe to:
Post Comments (Atom)
Hayeeee ki rumantic vl lagil dei😀😀😀
ReplyDelete😍😍
ReplyDelete