Sunday, August 9, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 38) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷বৰ্ষা আৰু সমীৰৰ প্ৰেম প্ৰেম লগা অনুভূতিবোৰ৷আজি অলপ সলনি কৰি দিছোঁ প্ৰফাইলখন৷বহুতেই মোক সুধিছিল মই কল্পনা কৰা বৰ্ষাজনী দেখিবলৈ কেনেকুৱা৷সেয়ে মই কল্পনা কৰি লোৱা বৰ্ষাজনী এনেকুৱা বুলি দেখুৱাই দিছোঁ,মৰম লগা,পেন্দুৰী,অলপমান আলসুৱা৷) যিহেতু কাইলৈ সমীৰৰ স্পেচিয়েল গেষ্ট আহিব সেইবুলিয়েই সমীৰে অফিচলৈ ওলাই যোৱাৰ পাছতে কৰিব লগা কামবোৰৰ লিষ্টখন মুৰতে আউৰাই বৰ্ষাই চাহৰ কাপটো লৈ কিবাকিবি ভাবি আছে৷তেনেতে ফোনটো বাজি উঠিল৷ নিবিড়ৰ ফোন লগতে শাহুৱেকৰো কেইবাটাও মিচকল৷ৰাতিপুৱা সময়খিনিত বৰ ল’ৰালৰিকৈ সমীৰক অফিচলৈ উলিয়াই পঠিয়াব লাগে সেয়ে মোবাইলটো খুলি চাবলৈয়ো সময়েই নহয়৷মিচকলবোৰ দেখি বুকুখন কঁপি উঠিল,সকলো থিকেই আছেটো সেইবুলিয়েই ল’ৰালৰিকৈ ফোনটো ৰিচিভ কৰিলে৷তাই হেল্লৌ বুলি ক’বলৈ নাপালেই সিমুৰৰ পৰা ছায়া আৰু নিবিড়ে একেলগেই চিঞৰি ক’লে " হেপ্পী এনিভাৰছেৰী বৌ" বৰ্ষাই হঠাৎ এনিভাৰছেৰীৰ উইচটো পাই মোবাইল স্ক্ৰীনত তাৰিখটো চালে৷আজি 29 ছেপ্তেম্বৰ সিহঁতৰ বৈবাহিক জীৱনে প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে৷আচলতে সমীৰৰ স্পিচিয়েল গেষ্টৰ আদৰ সাদৰৰ বাবে এইকেইদিন খুউব বেয়াকৈ ব্যস্ত হৈ পৰিছিল তাই৷কি কি ৰান্ধিব,কেনেকৈ ৰান্ধিব,তাৰ উপৰিও বজাৰ সমাৰ কৰা,লগতে সমীৰে নতুন নতুন পৰ্দা,চোফাৰ কভাৰ সকলোবোৰ নতুনকৈ আনি বৰ্ষাৰ সৈতে ঘৰটো সম্পূৰ্ণকৈ ন-কইনাৰ দৰে সজাইছে পৰাইছে৷তাৰ উপৰিও এই কেইদিন সমীৰে তাইক নতুন নতুন ব্যঞ্জন ৰান্ধিবলৈয়ো কৈ ইটো সিটো টেষ্ট কৰি আছে গেষ্টৰ বাবে কোনটো আটাইতকৈ ভাল হ’ব৷মাত্ৰ এয়াইনে,পিঠা পনা বনোৱা,লাড়ু ,মিথৈকে আদি কৰি যোগাৰ কৰিব পৰা প্ৰায় সকলোখিনিয়েই আলহীৰ বাবে গোটাই বৰ্ষাৰ সৈতে ৰন্ধা বঢ়াত লাগি গৈছে৷ইমানবোৰ ব্যস্ততাৰ মাজত তাই পাহৰিয়েই পেলালে যে আজি সিহঁতৰ এনিভাৰছেৰী৷ বৰ্ষাৰ পৰা কোনোধৰণৰ ৰিপ্লাই নাপাই নিবিড় আৰু ছায়াই হেল্লৌ হেল্লৌ বুলি খুটিয়াখুটি লাগি আছে৷মই আগত ক’ম মোৰ বৌহে বুলি উপৰাউপৰিও কৰিছে৷বৰ্ষাই কোনোমতে সিহঁত হালক শান্ত কৰি থেংকিউ বুলি ক’বলৈহে পালে নিবিড়ে প্ৰশ্ন কৰিলেই "তুমি পাহৰিছিলা হয়নে?সচাঁ ক’বা " বৰ্ষাই প্ৰথম বিবাহ বাৰ্ষিকি পাহৰিছো বুলি ক’লে লাজ পাব ভাবিয়েই ক’লে "নাই নাই মনত আছিলেই ব্যস্ততাৰ বাবেহে ..." কথাষাৰ শেষ কৰিবলৈ নাপালেই ছায়াই নিবিড়ৰ পৰা ফোনটো থপিয়াই লৈ সুধিলে "ৰাৱণ দাদাই উইচ কৰিলে নাই ?" ছায়াই ৰাৱণ দাদা বুলি কোৱাত বৰ্ষাই খিলখিলাই হাঁহি দিলে৷তাৰ পাছতে মনৰ মাজতে ভাবিলে "তেওঁৰ বা মনত আছেনে নাই?" তাৰপাছতে দুই এটা কথা পাতি সিহঁতি দুপৰীয়া ভাত খোৱাকৈ আহিম বুলি কোৱাত তাইয়ো ফোনটো ৰাখিলে৷ডাটাটো অন কৰি ল’লে ,মোবাইল হেং হৈ যোৱাকৈ ইটোৰ পাছত সিটো মেছেজেৰে হোৱাটছআপটো ভৰ্তি হৈ পৰিল৷কেনেবাকৈ ইয়াৰ মাজতে সমীৰৰ নামটো আছে নেকি চালে,কিন্তু নাপালে ৷সমীৰে কিবা ষ্টেটাছ দিছে নেকি তাকো লক্ষ্য কৰিলে কিন্তু সেয়াও নাপালে৷মনটো অলপকৈ সেমেকি পৰিল৷তথাপিও নিজৰ মনটোক সান্ত্বনা দি শাহুৱেকলৈয়ে ক’ল বেক কৰিলে৷তেখেতেও এজুলুকা আৰ্শীবাদেৰে সিহঁতৰ অনাগত বৈবাহিক জীৱনটোত সিহঁতি সুখী হোৱাৰ কৃপা প্ৰাৰ্থনা জনাই ভাল বেয়াৰ খবৰখাতি ল’লে৷বহুপৰ ফোনতেই কথা বতৰা পাতিলে,মি.বৰুৱাইয়ো বিবাহ বাৰ্ষিকিৰ শুভকামনা জনালে৷সকলোৰে শুভাষাবোৰত তাইৰ মনটো আনন্দেৰে ভৰি পৰিল যদিও কোনোবাখিনিত আধৰুৱা যেন লাগিলে৷এপাকত ভাবিলে সমীৰক মনত পেলাই দিব নিকি? কিন্তু পিছমুহূৰ্ততে মনলৈ আহিল সি যদি কিবা এষাৰ বেয়াকৈ বা টানকৈ কৈ দিয়ে দিনটোলৈ মনটো মিচাতে বেয়া হৈ পৰিব৷যদি সমীৰৰ মনত থাকিলেও হয় তথাপিও জানো প্ৰেমহীন এই সম্পকটোৰ আশু আয়োগ কামনা কৰি শুভেচ্ছা যাচিব? নাই নাই ক’ত সি বন্দী হৈ আছে মায়াৰ স্মৃতিত আৰু তাই কি ভাবি আছে৷ আজিকালি সমীৰে অৱশ্যে আগৰ দৰে মায়াৰ স্মৃতিত ডুবি নাথাকে অথচ সি লেপটপটো লোৱা দেখিলেই বৰ্ষাৰ মনলৈ মায়া নামৰ ভয়বোৰ চাপি আহে৷ কিনো মনত পৰিল তাইৰ ,বিয়াৰ এলবামটো উলিয়াই ল’লেগৈ৷ প্ৰতিখন ফটোতে সমীৰৰ গোমোঠা মুখখন দেখি কিবা এটা মৰম লাগি গ’ল তালৈ৷এই বিশেষ দিনটো বিশেষ কৰি তুলাৰ কামনাৰে কিবা এটা স্পিচিয়েল কৰাৰ কথা ভাবিলে৷সমীৰৰ মনত থাকক বা নাথাকক তাইৰ মনত আছে যেতিয়া বিশেষ দিনটোৰ এই সময়বোৰ অকলে হ’লেও উপভোগ কৰিব৷সেইভাবিয়েই এক নতুন উদ্যমেৰে কাম কাজ কৰাত লাগিল৷ দুপৰীয়া সময়ত জনোৱা মতেই নিবিড় আৰু ছায়াই কেক এটা আৰু মিঠাই অলপ লৈ ওলালহি৷নিবিড়ে যিহেতু ককায়েকৰ স্বভাৱবোৰ বিষয়ে জানে সেয়ে চাৰপ্ৰাইজ গিফ্ট এটা সিহঁতৰ ফালৰ পৰা দিয়াৰ কথা ভাবিয়েই আহি ওলালহি৷কেক কাটি বহুকেইখন ফটোও তুলিলে৷তাৰ পাছতে খোৱা বোৱা কৰি সিহঁতিও উভতিল৷বৰ্ষাই বাকীৰোৱা কেকটোৰ অলপমান গুপ্তা আন্টিহঁতৰ ঘৰতো দি থৈ আহিলগৈ৷তেখেতে সুধিছিল বিশেষ কিবা আছিল নেকি কিন্তু তাই লাজুকীয়া হাঁহি এটা মাৰি লাহেকৈ কৈছিল "আমাৰ বিবাহ বাৰ্ষিকি "৷ আমাৰ বুলি কোৱাৰ পাছত ঘৰলৈ আহি মনে মনে ভাবিছিল,যোৱা কেইমাহমানলৈ অচিনাকিৰ দৰে থকাৰ পাছতো এতিয়া তাই কেনেকৈ আমাৰ বুলি ক’ব পৰা হ’ল৷কেনেবাকৈ তাই সম্পৰ্কটো জীয়াই ৰাখিবলৈ বিচাৰি ফুৰোঁতে সমীৰৰ প্ৰেমত পৰা নাইটো?নে প্ৰেম আপোনাআপুনি নজনাকৈ হৈ গ’ল?কিন্তু এই প্ৰেম জানো একপক্ষীয় ভাৱে সফল হ’ব ? পুনৰ কেইবাটাও প্ৰশ্নই জুমুৰি ধৰি মনটোক অশান্ত কৰি তুলিলে৷উগুলথুগুল মনটোক বুজাই সন্ধিয়া সমীৰ অহালৈ বাট চাই ৰ’ল৷আজি সময়তকৈ বহুত আগতেই সমীৰ আহি ঘৰ ওলালহি৷ভিতৰলৈ সোমাই আহিয়েই বৰ্ষাৰ ফালে গিফ্ট এটা আগবঢ়াই দি ক’লে "লোৱা এইটো তোমাৰ বাবে" বৰ্ষা চমকি উঠিল,সমীৰে তাইলৈ গিফ্ট আনিছে তাৰমানে তাৰ মনত আছে নেকি আজি যে সিহঁতৰ প্ৰথম বিবাহ বাৰ্ষিকিৰ দিন৷কথাবোৰ ভাবি থাকোতেই থেংকিউ বুলি ক’বলৈ নাপালেই সমীৰে গৈ ৰুম পালেগৈ৷ল’ৰালৰিকৈ গিফ্টটো খুলি চাই দেখিলে সমীৰৰ প্ৰিয় ৰঙা ৰঙৰ শাৰী এখন ৷তাই মন কৰিছিল ঘৰৰ পৰা তাইক আনিবলৈ যাওঁতে তাই পিন্ধা ৰঙা চাদৰমেখেলা যোৰত তাইক দেখি সি তধা লাগি চাই ৰৈছিল৷নিশ্চয় সি বৰ্ষাক ৰঙা সাজেৰে চাবলৈ বিচাৰে৷এমুকুৰা লাজৰ হাঁহিৰে গাল দুখন ৰঙা পৰি আহিল তাইৰ৷বুকুৰ ধপধপনিবোৰেও আৱেগত উতলা হৈ সমীৰৰ নামকে বাৰে বাৰে ল’বলৈ ধৰিলে৷কেনেবাকৈ সমীৰো তাইৰ প্ৰেমত পৰিল নেকি জানিবলৈ মন গ’ল৷ৰঙা শাৰীখন গাৰ ওপৰতে লৈ আইনাখন চালে মুখখন আজি পূৰ্ণিমাৰ জোনটোৰ দৰেই উজ্জ্বল হৈ পৰিছে৷অকস্মাৎ বাথৰুমৰ দোৱাৰ খুলি সমীৰে উলাই অহাত শাৰীখন ল’ৰালৰিকৈ জাপি তাইয়ো ৰুমটোৰ পৰা ওলাই আহিল৷তাকে দেখি সমীৰেও মিচিকিয়াই হাঁহি দিলে৷ মনৰ উলাহতে সময়বোৰ জীপাল কৰাৰ আশাৰে আজিৰ সন্ধিয়াৰ চাহকাপ ধুনীয়াকৈ নিবিড়ে অনা কেক,মিঠাই আৰু তাই বনোৱা পিয়াজীৰ সৈতে প্লেটত সজাই পৰাই চোফাত বহি থকা সমীৰৰ সন্মুখলৈ আগবঢ়াই দিলে৷সমীৰৰ পৰা বিবাহ বাৰ্ষিকিৰ শুভেচ্ছা শুনিবলৈ তাইয়ো হাঁহিমুখে তাৰফালে চাই ৰ’ল৷কিন্তু প্লেটত থকা মিঠাই আৰু কেকৰ টুকুৰাটো দেখি সমীৰে উলোটাই বৰ্ষাক প্ৰশ্নহে কৰিলে "আজি কাৰোবাৰ বাৰ্থদে আছিল নেকি?" বৰ্ষাই "নাই "বুলি কৈ সমীৰে আৰু কিবা কোৱালৈ বাট চালে৷ এইবাৰ সমীৰে পুনৰ সুধিলে " কোনোবা আহিছিল নেকি ঘৰলৈ ?" বৰ্ষাই বৰ উৎসুকতাৰে কৈ উঠিল " নিবিড় আহিছিল সিয়েই আনিছিল আজি যে আমাৰ.." কথাষাৰ বৰ্ষাই কৈ শেষ কৰিবলৈ নাপালেই সমীৰে পুনৰ কৈ উঠিল "আট্চা সি মোৰ ভাল খবৰটো পালে মানে৷তুমিয়েই জনালা জনালা হয়নে?সেয়ে সি মোৰ ফেভাৰিট ফ্লেভাৰৰ চকলেট কেক আনিছে৷" বৰ্ষাৰ মুখৰ হাঁহিটো পলকতে নোহোৱা হৈ পৰিল ৷শুকাই গ’ল মুখখন একেবাৰেই,তাৰমানে সমীৰৰ আজিৰ এই বিশেষ দিনটোৰ কথা মনত নাই৷তাতে তাই ক’বলৈ নৌপাওঁতেই যে সিও অন্য এষাৰ কথা কৈ দিলে সেয়ে তাইৰো আকৌ উপজাচি কথাটো ক’বলৈ মন নগ’ল৷চাহৰ কাপকেইটা ধুবলৈ আহি শাৰীখন দিয়াৰ কাৰণটো বা কি জানিবলৈ মনটো উচপিচাই উঠিল৷সেই উচপিচনিতে শাৰীখন লৈ আহি একেবাৰে সমীৰৰ কাষ পালেহি৷সুধো নুসোধাকৈয়ে মাত লগালে আৰু ক’লে " এই শাৰীখন ?" সমীৰে সৰল ভাৱেই কৈ উঠিল " অ’হ তোমাক কোৱাই নহ’ল ,এইখন কাইলৈ পিন্ধিবা৷সেইদিনা বজাৰত তুমি এইখন শাৰীয়েই চাই থকা নাছিলা জানো?" হঠাৎ সমীৰৰ কথাত মনত পৰি গ’ল তাইৰ,সেইদিনা সমীৰৰ সৈতে বজাৰলৈ ওলাই যাওঁতে তাইৰ এইখন শাৰীকেই বৰ মৰম লাগিছিল কিন্তু ৰঙটো হালধীয়া আছিল যদিও কাপোৰটো আৰু ডিজাইনটো একেবাৰেই একে৷কথাটো মনত পৰাত হুহোৱাই ভিতৰলৈ সোমাই আহিলে৷সেইদিনা শাৰীখন ল’বলৈ তাইৰ খুউব মন গৈছিল কিন্তু হাতত সেই জোখাৰে টকাই নাছিল ,তাতে সমীৰক খুজিবলৈয়ো বেয়া লাগে তাইৰ সেয়ে কোৱা নাছিল কিন্তু এই কথাটো যে সমীৰে লক্ষ্য কৰিছিল তাই ভবাই নাছিল৷বিবাহ বাৰ্ষিকিৰ কথা মনত নাৰাখিলেও বিশেষ দিনটোত দিয়া এই বিশেষ উপহাৰটোৱে তাইক আৱেগিক কৰি তুলিছে৷শাৰীখনকে সাবটি ধৰি মনতে ভাবিলে বিবাহ বাৰ্ষিকি বুলি নহ’লেও যে সমীৰে লাহে লাহে তাইৰ পচন্দ অপচন্দ বোৰৰ খেয়াল ৰাখিব জনা হ’ল সেয়াই বহুত তাইৰ বাবে৷ ইফালে ৰাতি শোৱাৰ সময়ত মোবাইলটো হাতত তুলি লৈ সমীৰে দেখিলে হোৱাটছআপত বহুকেইটা মেছেজ৷হোৱাটছআপটো খুলি চাই দেখিলে বহুতেই এনিভাৰছেৰীৰ উইচ কৰি থৈছে৷তাৰমানে আজি সিহঁতৰ বিয়া হোৱাৰ এবছৰ হ’ল আৰু সি গমেই নাপালে৷আৰু এতিয়া যে কেক খাইছিল সেইয়া মানে বৰ্ষাই জানি বুজি খুৱাইছিল৷লগালগ বৰ্ষাক জগাই সুধিম বুলি ভাবি বৰ্ষালৈ মুৰ তুলি চালে তাই গভীৰ টোপনিত৷তাইক টোপনিৰ পৰা উঠাই লৈ আৰু সুধিবলৈ মন নগ’ল কিয় নক’লে আমোক তামোক বুলি ৷হোৱাটছআপ ষ্টেটাছ বোৰৰ মাজত নিবিড়ৰ ষ্টেটাছত এনিভাৰছেৰীৰ কেকটো নিবিড় বৰ্ষা আৰু এজনী ছোৱালীৰ মাজতে সিহঁতৰ ঘৰতেই কটা হৈছিল ৷অথচ সি এই কথা নাজানে৷আনকি তাক ক’ব লাগে বুলিও সিহঁতৰ কোনেও কুণ্ঠাবোধ নকৰিলে৷মনত অভিমান অলপ পুহি সিও শুই থাকিল বিশেষ দিনটো প্ৰতিবাৰেই অহাৰ কামনাৰে৷ ৰাতিলৈ যিহেতু সমীৰৰ স্পিচিয়েল আলহী আহিব সেইগতিকে সমীৰেও দিনটোত আজি দহবাৰ মান বৰ্ষালৈ ফোন কৰি কেটলি পিঠা,মালপোৱা সকলোবোৰ বনালেনে নাই খবৰ ৰাখিছে৷লগতে আবেলি সোনকালেই অফিচৰ পৰা ওলাই জলপানৰ বাবে দৈ চিৰা মুড়ি কিবাকিবি পাই নেকি বিচাৰিছে৷সন্ধিয়া ছয়মান বাজিল,সমীৰে ঘৰ পাইয়ে বৰ্ষাৰ হাতত ৰাতিৰ সাজৰ বাবে বনাব লগীয়া বস্তুপাতিবোৰ গতাই দিছে৷এটা এটাকৈ সকলোখিনি প্ৰায় দুঘণ্টা ভিতৰতে বনাই তাই অলপ পৰ চকীখনত বহিছিলহে সমীৰে তাইক বহি থকা দেখাৰ লগে লগেই থেলি হেচি ধুনীয়াকৈ ৰেডি হোৱাগৈ বুলি পঠিয়ালে৷বৰ্ষাই সমীৰে দিয়া ৰঙা শাৰীখনৰ সৈতে প্ৰসাধনৰ নামত দুচকুত পাতলকৈ কাজল আৰু উঠত সামান্যতম পাতলীয়া লিপষ্টিক অলপ লগাই কলিংবেলটো বাজি উঠাত ল’ৰালৰিকৈ উলাই আহিল৷ সমীৰৰ অপেক্ষাৰ অন্ত পৰিল,সি আচলতে ভাবিয়েই পোৱা নাই ইমানপৰে অপেক্ষা স্পিচিয়েল গেষ্টৰ বাবে কৰিছিল নে বৰ্ষাৰ বাবে কৰিছিল৷আজি বৰ্ষাক সাংঘাতিক ধৰণে ধুনীয়া দেখাইছে৷তাইৰ পৰা যেন তাৰ চকু আতৰ নহ’বই ৷এইসময়ত মন দিব লাগে ক’ত মন দি আছে ক’ত বুলি ভাবিয়েই মুৰটো খজুৱাই উঠিল৷বৰ্ষাৰ সমানে সমানে গৈ বিশেষ অতিথিক আদৰ সাদৰে ভিতৰলৈ মাতি আনিলে৷কোম্পানীৰ দুজন উচ্চ পদস্থ বিষয়া আৰু তেওঁলোকৰ ৱাইফ দুগৰাকী আহিছে৷পোনেই সোমাই অহাৰ পাছতে বহিবলৈ দি সমীৰে তেওঁলোকক বৰ্ষাৰ সৈতে চিনাকি কৰাই দিলে৷চিনাকি পৰ্ব শেষ কৰি বৰ্ষাই তেওঁলোকলৈ বুলি চাহ আনিবলৈ পাকঘৰলৈ সোমালগৈ৷গেষ্ট হিচাপে অহা মহিলা দুগৰাকীয়ে সমীৰৰ আগত বৰ্ষাৰ ৰূপ গুণৰ বৰ্ণনা কৰাত লাগিল সেইখিনি লৈকে থিকেই আছিল যাহাই মহিলাদুগৰাকীৰ হাজবেণ্ডে তেওঁলোকৰ কথাত হয়ভৰ জনালে সমীৰৰ বুকুখন জ্বলি পুৰি চাই হ’বলৈ ধৰিলে৷ বৰ্ষাক সহায় কৰাৰ চলেৰে সমীৰো পাকঘৰলৈ সোমাই গ’ল৷চাহৰ প্লেট সজাই থকা বৰ্ষাৰ কাণৰ কাষতে ফুচফুচাই ক’লে " তুমি বিনা মেকআপতেই থাকিবা চোন মোৰ তোমাক তেনেকৈয়ে ভাল লাগে ৷নহ’লেটো এইদৰে থাকিলে আনে বেছিকৈয়ে প্ৰশংসা কৰে ৷এনিৱেইছ বিলেটেদ হেপ্পী এনিভাৰছেৰী " (আগলৈ) দেৱাশ্ৰী বৰা
Subscribe to:
Post Comments (Atom)
🤩🤩🤩🤩
ReplyDelete