Wednesday, August 19, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 49) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) সময় পাৰ হোৱাৰ লগতে ক্ৰমান্বয়ে সমীৰৰ বুকুৰ ধপধপনিবোৰ বাঢ়ি আহিছে ৷কৌতূহলী মনত বৰ্ষা সম্পৰ্কত বহুত কথাই অহাযোৱা কৰি আছে ৷বুকুৰ ভিতৰৰ হৃদয়খনে বৰ্ষাই এৰি গ’ল বুলিয়েই যন্ত্ৰণাত বাৰে বাৰে চিঞৰি উঠিছে৷প্ৰিয়জনৰ বিদায়ে মনত বিষাদৰ পুলি ৰুৱে৷সেই বিষাদৰে ঠাল ঠেঙুলিবোৰে সমীৰক চেপিকুচি আনিছে৷তাৰ বাবে,মায়াৰ বাবেই এনে হৈছে বুলি কাণমুৰ গৰম হৈ আহিছে৷মুৰে কপালে হাত দি চিন্তাতে বহি আছে৷চকুহাল চলচলীয়া হৈ আছে মাত্ৰ চকুপানী ব’বলৈহে বাকী৷ দুৱাৰখন খুলি দুহাতে দুটা চবজিৰ মোনা লৈ বৰ্ষা ভিতৰলৈ সোমাই আহিল৷সমীৰক চোফাতে মুৰে কপালে হাত দি বহি থকা দেখি পুনৰ মায়া আহিছিল নেকি ভাবি বুকুখন কঁপি উঠিল তাইৰ৷তথাপিও লাহেকৈ সমীৰক মাত দি ক’লে " মই পালোহি " বৰ্ষাৰ মাতটো শুনি সমীৰে একেজাপে চোফাৰ পৰা উঠি গৈ তাইৰ মুখমণ্ডলত আলফুলে হাত বুলাই একো নোকোৱাকৈ সাবটি ধৰিলে৷বৰ্ষাই সমীৰৰ কি হৈছে একো বুজিব নোৱাৰি আচম্বিত হৈ ৰ’ল৷ইমান সময়ে সমীৰে কঠিন কৰি থোৱা হৃদয়খন এক ক্ষণতে গলি চকুলোবোৰ বাগৰি আহিল৷তাৰ চকুপানীৰে বৰ্ষাৰ ব্লাউজ পৰ্যন্ত তিতি পৰিল৷সমীৰে কিয় এইদৰে কান্দিছে তাই বুজি পোৱা নাই তথাপিও হাতৰ মোনাটো মাটিত পেলাই তাৰ পিঠিত হাতখন বুলাই সুধিলে " আপুনি থিকেই আছেনে?" চকুপানীবোৰ মোহাৰি সমীৰে বৰ্ষাক টানি আনি চোফাখনত বহুৱাই দিলে৷তাইৰ সন্মুখত আঠু কাঢ়ি বহি লৈ তাইৰ হাতত চুমা এটা আঁকি লৈ ক’লে "মোৰ ভুল হৈ গ’ল বৰ্ষা,যোৱাকালি মায়া অহাৰ কথাটো মই তোমাক আগতীয়াকৈ জনাব লাগিছিল,কিন্তু মোৰ তোমাক দুখ দিয়াৰ কোনো ইনটেনচন নাছিল ৷সেইবুলি নোকোৱা নেমেলাকৈ কোনোবাই ঘৰ এৰি যায় নেকি?" বৰ্ষাই আচৰিত হৈ সমীৰলৈ চাই সুধিলে "মানে ?কোনে ঘৰ এৰি গ’ল " চকুপানীবোৰ মোহাৰি সমীৰে পুনৰ কৈ উঠিল "তেতিয়াহ’লে তুমি ক’ত গৈছিলা মই যে গোটেইখন বিচাৰি আছোঁ অথনিৰে পৰা ৷ক’ত আছিলা তুমি ইমান সময়ে ?" "গুপ্তা আন্টিৰ লগত মন্দিৰলৈ গৈছিলোঁ৷ৰাতিপুৱা আপুনি শুই থকাৰ বাবে জগাবলৈ বেয়া লাগিল আৰু কালি ৰাতিও ক’ম বুলি ভাবোতেই ...'' ৰৈ গ’ল বৰ্ষাই আৰু একো নোকোৱাকৈ৷সমীৰে সজোৰে তাইক সাবটি ধৰি ক’লে " তোমাক এৰি এক মুহূৰ্ত থকাটোও এতিয়া মোৰ বাবে সম্ভৱ নহয় বৰ্ষা,প্লিজ মোক মাফ কৰি দিয়া ৷তুমি ভবাৰ দৰে মায়া আৰু মোৰ মাজত এতিয়া একো নাই,যি আছিল সেই সম্পৰ্ক মই কেতিয়াবাই চ্ছেদ কৰিলোঁ৷" অভিমানৰ সুৰত বৰ্ষাই ক’লে "তেন্তে কালি দেখাবোৰ কি আছিল?" "বৰ্ষা পৰিস্থিতি অনুসৰি কেতিয়াবা চকুৰে দেখাবোৰ আৰু কাণেৰে শুনাবোৰ সচাঁ নহ’বও পাৰে৷তুমি নাজানা মই এতিয়া কিমান ডাঙৰ বিপদত পৰিছোঁ" "মই জানোঁ নিবিড়ে মোক যোৱাৰাতি সকলোখিনি জনাইছে " "কিন্তু বৰ্ষা কথাবোৰ সিমানতেই শেষ হোৱা নাই,মায়াই মোৰ সপোনবোৰৰ বিনিময় বিচাৰিছে " "নিশ্চয় মোক ডিভোৰ্চ দিবলৈ কৈছে নহয়জানো" সমীৰে অবাক হৈ সুধিলে " তুমি কেনেকৈ জানিলা?" "কালি মায়াই আপোনাক কৈ থকা শুনিছিলো,কিন্তু এতিয়া আপুনি কি বিচাৰিছে?" " নোৱাৰিম বৰ্ষা,এতিয়া আৰু তোমাক এৰি থকাটো মোৰ বাবে সম্ভৱেই নহয়৷কিন্তু তুমি মোক এৰি ক’তো নাযাবা ৷কালি তোমাক কথাবোৰ ক’ম বুলিয়েই ভাবিছিলোঁ কিন্তু মই বহুত চিন্তাত আছিলোঁ সেয়ে তোমাক এইবোৰ কৈ দিগদাৰ দিবলৈ মন নগ’ল৷আৰু তুমি জানাই খঙ উঠিলে মই বহুত নক’বলগীয়া কথাই কৈ পেলাও সেয়ে ৰাতিপুৱা জনাম বুলিয়েই শুই থাকিলোঁ ৷কিন্তু এটা কথা বৰ্ষা মই কেতিয়াও মায়াক তোমাৰ ঠাই দিব খোজা নাই ,তুমি কথাবোৰ নাজানা বাবেই ভুল বুজিছা চাগৈ " ওমম বুলি কৈ বৰ্ষাই মুৰ দুপিয়ালে৷সমীৰৰ তাইৰ প্ৰতি মৰম লাগি গ’ল৷ইমানবোৰ হোৱাৰ পাছতো তাই এতিয়াও তাৰ সৈতে ধৈৰ্য্যৰে কথা পাতি আছে৷তাৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে৷তাইৰ কপালঁত চুমা এটা আঁকি ইমান দেৰি কিয় হ’ল সুধিলে৷বৰ্ষাইয়ো জনালে " মন্দিৰত আজি বহুত ভিৰ হৈ আছিল ৷তাতে আহোঁতেও বজাৰ কৰিবলৈ সোমাওঁতে কিমান দেৰি হ’ল ক’বই নোৱাৰিলোঁ " "কিন্তু মোবাইলটো কিয় এৰি থৈ গ’লা ?তুমি নাজানা মই কিমান চিন্তাত আছিলোঁ৷" ভয়ে ভয়ে বৰ্ষাই ক’লে "ল’ৰালৰি হোৱাত থাকিয়ে গ’ল ৷কথা এটা সুধোনে ?" " উমম কৈ যোৱা " " এইবোৰৰ পৰা উলোৱাৰ কোনো উপায় নাইনে?মানে আগলৈ কি কৰা যাব" "মই একোকে বুজি পোৱা নাই৷মানুহ চিনাত মই কিদৰে ভুল কৰিব পাৰোঁ৷মায়াই মোৰ সৈতে এনেকুৱা কৰিব সেইটো মই সপোনতো ভবাই নাছিলোঁ ৷" "একো নাই ভুল মানুহৰেই হয়,কিন্তু ভুলৰ শুদ্ধৰণিটো হ’ব পাৰে!" "কিন্তু যদি এই প্ৰজেক্টটো ফেইল হয় তেনেহ’লে মোৰ বহু লাখ টকাৰ লোকচান হৈ যাব,আৰু কোম্পানীৰ এম্প্লইবোৰক ক’ৰ পৰা দিব দৰমহাৰ ইমান টকা৷মোৰ ওচৰত সিমান টকা নাই,দেউতাৰ পৰাও খুজিব নোৱাৰোঁ ৷কিন্তু বৰ্ষা পৰিস্থিতি যেনেকুৱাই নহওক কিয় মই তোমাক হেৰুৱাব নোখোজোঁ৷" দীঘলীয়াকৈ হুমুনিয়াহ এটা এৰি বৰ্ষাৰ চকুহালো চলচলীয়া হৈ লোটক ব’বলৈ ধৰিলে৷সমীৰে আলফুলে তাইৰ চকুপানীবোৰ মোহাৰি দিলে আৰু তাইক সজোৰে আৱেগত সাবতি ধৰিলে৷তেনেকুৱাতেই নিবিড় আৰু ছায়াও আহি ওলালহি,দৰ্জাখন খোলা আছিল বাবেই ভিতৰলৈকে সোমাই আহিল৷আৰু সিহঁতক তেনেকৈ দেখি নিবিড়ে গলখেকাৰি এটা মাৰি দিয়াতহে দুয়োটা আতৰ হৈছে৷নিবিড়ে ধেমেলীয়া সুৰতেই কৈ উঠিল " চ’ৰি ফ’ৰ ডিচষ্টাৰবেন্স,ৰং টাইমত আহিলোঁ আমি" বৰ্ষাই চকুহাল মোহাৰি সিহঁতৰ ফালেই দুখোজ আগবাঢ়ি আহিল৷সমীৰে লাজতেই নিজৰ ৰুমত সোমালগৈ৷মাটিত পৰি থকা বেগকেইটা সামৰি ছায়াই পাকঘৰৰ ফালে লৈ গ’ল৷নিবিড়ে বৰ্ষা ক’ত গৈছিল কি হৈছিল তাইৰ সৈতে সেইবোৰ এফালৰ পৰা সুধিবলৈ ধৰিলে ৷তাই ঘৰত নথকা কথাটো নিবিড়ে কেনেকৈ জানিলে বুলি মনতে ভাবি বৰ্ষাই তাক প্ৰশ্ন কৰিলে " তোমাক কোনে ক’লে এইবোৰ?" "কি ক’বা আৰু বৌ !তোমাৰ মিষ্টাৰে যিহে কন্দাকটাখন কৰি মোক মাতি পঠাইছে মই মানে কি ক’ম৷কিন্তু দেখিছা আমি আহি তোমালোকক ডিচটাৰ্বহে কৰিলোঁ" বৰ্ষাৰ কান্ধতে হাত থৈ ছায়াই হাঁহি এটা মাৰি ক’লে " বৌ হাইথা মাটিত পৰিল তেতিয়াহ’লে " বৰ্ষাইয়ো লাজে লাজে হাঁহি এটি মাৰি পঠিয়ালে৷গালদুখন ৰঙা হৈ গোটেইজনী ৰঙাবিলাহীটোৰ দৰেই লাগিছে৷এক ভাললগা অনুভৱে তাইৰ মনটোক বিচিত্ৰ কৰি তুলিছে৷এতিয়া যদি তাই নিজকে প্ৰশ্ন কৰে সমীৰক ভাল পোৱানে তেতিয়াহ’লে চিঞৰি চিঞৰি ভালপাওঁ বুলি ক’বলৈয়ো কুণ্ঠাবোধ নকৰে৷আৰু সমীৰে নক’লেও বুজিলে সি যে তাইক কিমান বেছি ভাল পাই পেলালে৷সেয়ে নেদেখাজনৰ বশ্যতাৰ ওপৰত আৰু বেছি বিশ্বাস আৰু শ্ৰদ্ধাৰে মনটো ভৰি পৰিল৷ বৰ্ষাই চাহৰ ট্ৰেখন ব্ৰেকফাষ্টৰ সৈতে ধুনীয়াকৈ সজাই আনি ডাইনিংত থ’লে আৰু সকলোকে চাহ খাবৰ বাবে মাত লগালে৷সমীৰো সেমেনাসেমেনিকৈ ৰুমটোৰ পৰা ওলাই আহিল৷সদায় নিজকে কঠিন দেখুৱাই থকা সমীৰে আজি আৱেগৰ ভৰত সৰি পৰিল ,নোৱাৰিলে বৰ্ষাক পুনৰ এৰি থকাৰ কথা ভাবিবলৈয়ো ৷তথাপিও ইমান দুখৰ মাজতো ভাললগা অনুভৱ কিছুমানে তাকো আৱৰি ধৰি ৰাখিছে৷কিন্তু চিন্তাবোৰেহে যে তাক শান্তি দিয়া নাই৷সমীৰক চিন্তিত দেখি নিবিড়ে সুধিলে " কি ভাবিছ ?" "খাই ল’ তাৰ পাছত কথা অলপ পাতিবলৈ আছে" অলপ সময়ৰ পাছত দুয়োটাই ব্ৰেকফাষ্ট খাই উঠি অফিচৰ ফাইলবোৰ উলিয়াই হিচাপ নিকাচ কৰাত লাগিল৷সমীৰেও এই সময়ত নিবিড়ৰ পৰা কোনো কথা লুকুৱাই ৰাখিব খুজা নাই ৷সেয়ে খুলাখুলিকৈ সকলো কথা কৈ দিছে,আনকি এই সকলোবোৰ যে মায়াৰ বাবেই হৈছে সেই কথাও জনাইছে৷এইবোৰ মায়াই কৰা বুলি জানি নিবিড়ৰো খঙ এটা উঠি আহিল৷ইমানদিনে সমীৰৰ পৰা লুকুৱাই থোৱা ছায়াৰ প্ৰকৃত চিনাকিটোও সমীৰৰ আগত উদঙাই দিলে৷ ছায়া যে মায়াৰেই নিজৰ ভনীয়েক সেই কথা জানি সমীৰৰ চকু কপালত উঠিল৷কাৰণ এইবিষয়ে মায়াই সমীৰক কাহানিও একো কথাই জনোৱা নাছিল৷জনাবওনো কি বুলি?নিজৰ ভনীয়েকৰ ওপৰতেই নিমৰ্মভাৱে যি অত্যাচাৰ কৰিলে সেয়া জানো আনক কোৱা কথা৷নিবিড়ে সমীৰক বিশ্বাস দিয়াবলৈ ছায়াৰ হাতে ভৰিয়ে থকা জ্বলা পুৰাৰ চিনবোৰো দেখুৱাব খুজিলে ,কিন্তু ছায়াৰ হাতত থকা ইস্ত্ৰিৰে জ্বলোৱা দাগটো দেখাৰ পাছতেই সমীৰৰ বুকুখন দেই পুৰি যোৱা যেন কৰিল৷নোৱাৰিলে চাবলৈ,এতিয়া অন্তত সমীৰে মায়াৰ গাত দোষ নিদিয়াকৈ নাথাকে ৷মায়াৰ নামটোতে তাইৰ প্ৰতি ঘৃণা উপজিছে তাৰ৷মানুহ কিদৰে পশুতকৈও অধম হ’ব পাৰে ভাবিয়েই বুকুখন জিকাৰ খাই উঠিল৷ ইমানদিনে বৰ্ষাৰ সৈতে কৰা ব্যৱহাৰতো সমীৰে নিজৰ ওপৰতেই অনুতপ্ত হৈ পৰিছে,মায়াৰ দৰে ছোৱালী এজনীৰ বাবে যে ইমান সময়ে বৰ্ষাক অৱহেলা কৰি আহিছিল তাৰ প্ৰতিফল আজি হাতে হাতে পাইছে৷সমীৰৰ মনলৈ বহুতো পুৰনি কথা কিছুমানে আহি দুলা দি থাকিল৷যেতিয়া মায়াই তাক এৰি আতঁৰি গৈছিল,হয়তো তেতিয়াই বুজি পাব লাগিছিল তাইৰ প্ৰেম প্ৰতাৰণাৰ কথা,কিন্তু নুবুজিলে ,নিজৰে কোনোবাখিনিত ভুল হৈ গ’ল বুলি দিনে নিশাই নিজৰ লগতে বৰ্ষাকো কষ্ট দিলে৷সকলোবোৰ পাহৰি যেতিয়া বৰ্ষাৰ হ’বলৈ চেষ্টা কৰিছিল তেতিয়াই তাই আহি পুনৰ সকলো খেলিমেলি কৰি দিলে৷ সমীৰৰ বৰ্ষাৰ সৈতে মৰম চেনেহবোৰ বাঢ়িব ধৰিছিলহে কিন্তু সেইবোৰতো মায়াৰ চকু পৰিল৷সিহঁতৰ ভালপোৱা সহ্য কৰিব নোৱাৰি মায়াই সমীৰক নিজৰ কৰাৰ চেষ্টা চলালে৷কিন্তু যেতিয়া সমীৰে তাইৰ প্ৰেমৰ বশ্যতা স্বীকাৰ নকৰোঁ বুলি ক’লে তেতিয়া তাই তাক টকাৰে কিনিব খুজিছে৷কথাবোৰ ভাবিয়েই সমীৰৰ ঘৃণা উপজিছে মায়াৰ ওপৰত৷মৰম ভালপোৱা জানো টকাৰে কিনিব পৰা বস্তু ?কথাবোৰ ভাবি ভাবি চকুহাল মুদি চোফাখনতে মুৰটো পেলাই দিলে৷ নিবিড়ে মোম্বাইতে থকা তাৰ চিনাকি উকিল এজনৰ সৈতে কথাপাতি সমীৰে পুনৰ নিজৰ অধিকাৰ বোৰ ঘুৰাই পাব পাৰিবনে সেই বিষয়ে কথা পাতিলে৷কিন্তু মায়াই যিমান চলেৰে সমীৰৰ সকলোবোৰ নিজৰ নামত কৰি থৈছে সেই সকলোবোৰ বিনা প্ৰোভত নচলিব আৰু যদি কেচ চলোৱা হয় তেতিয়াও বহু টকাৰ ব্যয় আৰু সময়ৰহে বৰবাদ হ’ব বুলি জনালে৷যিহেতু কোম্পানীৰ পেপাৰেই হওক বা ডকুমেণ্টেই হওক সকলোতে স্পষ্ট ৰূপত সমীৰে লিখি থোৱা আছে যে সম্পূৰ্ণ সুস্থ মগজুৰে তেওঁ এই সকলোবোৰ মায়াৰ নামত কৰিছে৷সেই সময়ত মায়াৰ ওপৰত বিশ্বাস আছিল বাবেহে সমষ্ট লিখি দিছিল৷কিন্তু সমীৰে যে পাহৰিয়েই পেলাইছিল মানুহ সময়ৰ দাস,অবিশ্বাসৰ দাস ৷বহুত ভাবি ভাবিও কোনোফালেই একো মিলাব পৰা নাই ৷সপোনৰ পাছত দৌৰি দৌৰি আজি এনে পৰ্যায়ত উপনিত হ’লহি যে তাৰ ওচৰত আজি সকলো থাকিব যদিহে বৰ্ষাক ডিভোৰ্চ দিয়ে কিন্তু বৰ্ষাক হেৰুৱা মানেই তাৰ জীৱনটো অৰ্থহীন ৷মায়াৰ দৰে এজনী প্ৰতাৰিত নাৰীৰ সৈতে সংসাৰ কৰিব নোৱাৰে কেতিয়াও৷ বহু কথাই ভাবি গুণি সি নিবিড়ক ক’লে " ঘুৰি যাওঁ মই ঘৰলৈ ,নতুনকৈ আকৌ আৰম্ভ কৰিম,টকাৰ লোভত বিক্ৰী যোৱা মানুহ মই নহয়৷ঘৰলৈ ঘুৰি যাওঁ ইমানদিনীয়া ভুলবোৰ শুদ্ধৰণি কৰোঁগৈ৷" নিবিড়ে ইমান দুখৰ মাজতো মুকলি মনেৰে হাঁহি এটি মাৰি ক’লে " মইয়ো তোৰ লগত আছোঁ৷টকা পইচাৰে বিলাসী জীৱন নহ’লেওটো আমি এটা সুখী জীৱন কটাব পাৰিম" হাঁহি এটি মাৰি বৰ্ষা আৰু ছায়াইয়ো একেলগই জনালে আমিও আছোঁ আপোনালোকৰ লগত৷সমীৰে লাজ সংকোচ নকৰাকৈ বৰ্ষাৰ ফালে আগবাঢ়ি আহি তাইক ক’লে "মোক মাফ কৰি দিয়া বৰ্ষা ,মই হাৰি গৈছোঁ৷তোমাক ৰাণীৰ দৰে ৰখাৰ সপোন দেখিছিলোঁহে হয়তো সেই সপোন এতিয়াই সাৰ্থক কৰিব নোৱাৰিম " "টকাৰে ধনী হোৱাতকৈ,মোক যদি মৰমেৰে ধনী কৰে মই বেছি সুখী হ’ম৷এটা স্বাস্বন্দ্যৰ জীৱনৰ কামনা মই কেতিয়াও কৰা নাই,টকা পইচাৰে কেৱল প্ৰয়োজনহে পুৰন কৰিব পাৰি৷আপোনাৰ ওচৰতো অতদিনে ইমান টকা আছিল আমি জানো সুখী আছিলোঁ?" বৰ্ষাৰ কথাবোৰ তাৰ হাড়ে সিমজুৱে সোমাই বুকুলৈকে বগাই গ’ল৷এই ৰঙীন সময়বোৰতো অজানিতে সমীৰৰ চকুহাল সেমেকি পৰিল৷বৰ্ষাক বাহুবেষ্টনীৰ মাজত সাবটি লৈ কৈ উঠিল "অতীত সদায় পুৰনি,আমাৰ জীৱনটোও আজিৰ পৰা সলনি হৈ যাব " (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment