Thursday, August 6, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 35) (সকলোলৈ মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ খণ্ডটিও আগবঢ়াই দিলোঁ৷যিহেতু সোনকালেই শেষ কৰিব খুজিছোঁ সেয়ে কাহিনীবোৰ অলপ দীঘলীয়াকৈ দিম৷আমনি পালে জনাব) কম পোহৰৰ লাইটটো জ্বলাই সমীৰে বেলকনিতেই আকাশৰ তৰা গণি গণি বহি আছে৷সি অনুভৱ কৰিছে যোৱা দুদিনমানৰ পৰা বৰ্ষাৰ অসুস্থতাৰ সুযোগতে সি তাইৰ প্ৰতি এক দুৰ্বলতা অনুভৱ কৰিছে৷কিন্তু তাৰ ভয় লাগে এই দুৰ্বলতাই যদি এদিন প্ৰেমৰ ৰূপ লয় তেনেহ’লে সি কেতিয়াও নিজকে মাফ কৰিব নোৱাৰিব৷মায়াৰ প্ৰেমিক হিচাপে সি বিফল হ’ব কেতিয়াও নোৱাৰে৷ সেই আপাহতে মায়াক পুনৰ জীৱনলৈ ঘুৰাই আনিব খুজিছে৷কিন্তু আজি দুবছৰেই হ’ব হ’ল মায়াৰ কোনো খা খবৰ নাই৷কোনটো জনমৰ ভুলৰ শাস্তি পাইছে সি কেতিয়াবা ভাবি চায়৷মায়াৰ সৈতে এখন ঘৰ পতাৰ সপোন সি বাৰুকৈয়ে দেখিছিল,কিন্তু ভবা কথা কেতিয়াও সিদ্ধি নহয় হঠাৎ মায়াৰ সৈতে হোৱা দুৰ্বাৰ কাজিয়াৰ ফলশ্ৰুতিত মায়া সদায়ৰ কাৰণে তাৰ জীৱনৰ পৰা গুচি গ’ল৷ ভুল যিহেতু সমীৰৰ নিজৰ গাত আছিল সেয়ে সি আজিলৈ মায়াৰ অপেক্ষাত তাইক বিচাৰি হাবাথুৰি খাই ফুৰিছে৷অন্তত তাই বিচৰা সুখবোৰ আগতে দিব নোৱাৰিলেও এতিয়া দিবলৈ সি সক্ষম আৰু এতিয়া যদি সি তেনে নকৰে তেনেহ’লে তাতকৈ স্বাৰ্থপৰ আৰু কোনো হ’বই নোৱাৰে ৷সি যদি আজি নিজকে কিবাকৈ প্ৰতিস্থিত কৰিব পাৰিছে সেয়া হ’ল মায়াৰ অৱদান৷কিন্তু আজিকালি যে তাৰ মন মগজুত মায়াৰ দৰেই বৰ্ষাৰ চিন্তাবোৰে খেলি থাকে৷কি কৰিব ভাবি ভাবিও কেতিয়াবা উপায়বিহীন হৈ পৰে ৷আজিকালি বৰ্ষাই তাৰ পৰা পলাই পলাই থকাৰ দৰে থাকে,সি কিবা এটা তাইৰ পৰা জানিব বিচাৰিলেও তাই তাক বিভিন্ন কামৰ অজুহাত দেখুৱাই আতৰি যায়৷প্ৰায়বোৰ সময়ত বৰ্ষাই ভাবুক হৈ কিবাকিবি চিন্তা কৰি থাকে৷কিন্তু তাইৰ মন মগজুত কি চলি থাকে সি জানিব খুজিয়ো বিফল হৈ পৰে৷ মনৰ অস্হিৰতাবোৰ দুৰ কৰিবলৈ তেতিয়াই হাতত তুলি লয় মদৰ বটলটো৷মদ খালে কথাবোৰ পাহৰিবটো নোৱাৰে কিন্তু অলপসময়ৰ বাবেও নিচাত থকাৰ বাবে কথাবোৰ মনলৈ আহি তাক অশান্তি কৰাৰ পৰা বিৰত থাকে৷ এইকেইদিন সমীৰে ৰাতি ৰাতি মদৰ বটলটোৱেই তাৰ জীৱন সংগী কৰি তুলিছে৷দিনটো অফিচত কামৰ ব্যস্ততাৰ মাজতেই কটাই দিয়ে তাৰ পাছত ঘৰলৈ আহি নিজৰ সৈতে ব্যস্ত হৈ পৰে মদৰ বটলটোক সাৰথি কৰি৷বৰ্ষাই কথাখিনি মাত্ৰ মন কৰি গৈছে৷ভয়তে একো ক’বও পৰা নাই সমীৰক তথাপিও এইদৰে তাক অশান্তিত ভোগা দেখি তাইৰ মনটোও কোচ খাই পৰিছে৷কোনোবাখিনিত নিজকেই দুখী সাজিছে৷তাই যদি মায়াৰ কথাখিনি নোলোকোৱাই সমীৰক সকলোবোৰ জনাই দিলে হয় তেনেহ’লে সমীৰে আজি এক সুস্থিৰ জীৱন কটালে হয় ৷কিন্তু কওঁ বুলি ভাবিলেও নিজৰ কাৰণে নহ’লেও নিবিড় আৰু ছায়াৰ কথা ভাবি ৰৈ যায়৷কথাবোৰ মনতে যুকিয়াই চায় তাই বাৰু ভুল কৰিবলৈ ওলাইছে নেকি?এইকেইদিন বেমাৰ হোৱা বুলি জানি শাহুৱেকেও ঘনাই ফোন কৰি খবৰ খাটি লৈ আছে কিন্তু তাইহে মনৰ অশান্তিত তেখেতৰ সৈতে খোলাকৈ কথা পাতিব পৰা নাই৷ইমানবোৰ কথা লুকুৱাই তাইৰ পেটটো ভৰি আছে তাতে তাই সুখী হোৱাৰ মিচা অভিনয় কৰি থাকিবলৈ বৰ কষ্ট পাইছে৷ইমান সাদৰী শাহুৱেকজনীক প্ৰতিকথাই সুধি সুধি কৰাৰ বিপৰীতে এতিয়া ইমান ডাঙৰ ডাঙৰ কথা লুকুৱাই ৰাখিছে যে তাইৰ মনটোৱে যেন অলপো মনাই নাই৷সমীৰৰ মুখৰ আগলৈয়ো ওলাবলৈ লাজ লগা হ’ল,যেতিয়াই সমীৰৰ নিস্তেজ মুখখন দেখে তাইৰ নিজকে দুখী বুলি প্ৰতিয়ন দিয়াৰ পৰা বাচি যাব নোৱাৰে৷কথাবোৰ ভাবি থকাৰ পৰা কিনো মন গ’ল ঘপহকৈ আহি সমীৰৰ কাষ পালেহি৷কোনো কথাৰ অৱতাৰণা নকৰাকৈ সমীৰৰ হাতৰ পৰা মদৰ বটলটো টানি লৈ সাফৰখন মাৰি দিলে৷সমীৰে আচৰিত হৈ তাইলৈ চোৱা দেখি তাই ক’লে " হ’ব আৰু আজিলৈ বহুত হ’ল৷এতিয়া শুব হ’ল " ভয়ে ভয়ে কথাকেইষাৰ কৈ তাই ল’ৰমাৰি যোৱাদি বিচনাত পৰিলগৈ৷সমীৰেও একো নক’লে,একান্ত বাধ্য ছাত্ৰৰ দৰে তাইৰ পাছে পাছে গৈ বিচনাত বাগৰ দিলেগৈ৷বহুৰাতিলৈ বৰ্ষাই বিচনাত চটফটাই থকাৰ পাছতো টোপনি নাহিল,সমীৰলৈ চালে সি টোপনিত লালকাল৷তাৰ গাৰ পৰা ওলোৱা মদৰ ভেকেটাভেকেট গোন্ধই তাইক অশান্তি কৰিছে৷সমীৰে কিয় এইদৰে মদ খাবলৈ লৈছে তাই নুবুজাকৈ থকা নাই৷সেইবুলিয়েই কেনেকৈনো মায়াক তাৰ জীৱনত ঘুৰাই দিব?মায়াক তাৰ জীৱনলৈ ঘুৰাই আনিলে তাইৰ জীৱনৰ অস্তিত্ব হেৰুৱাটো দুৰৰে কথা,ইমান মৰম আদৰ সাদৰ কৰা শাহুৱেক গৰাকীয়ে তাইক প্ৰশ্ন নকৰিবনে কিয় তাই থাকোঁতে আন কাৰোবাক সমীৰৰ জীৱনলৈ আহিবলৈ তাই বাট এৰি দিলে,কিয় চেষ্টা কৰি নাচালে৷সেই প্ৰশ্নৰ উত্তৰ তাই কি বুলি দিব?মায়াক সমীৰৰ হাতত গটাই দিয়াৰ পাছত নিবিড়ক কি বুলি উত্তৰ দিব?অকশৰীয়া মাকজনীৰ কাষলৈ পুনৰ কেনেকৈ ঘুৰি যাব,মাকক কি বুলি ক’ব তাই সমীৰৰ পৰা আতৰি অহাৰ কাৰণ?যদি মায়াক ঘুৰাই আনে তেনেহ’লে সচাকৈ ছায়াৰ জীৱনলৈয়ো পুৰনা দুখবোৰৰ বাট খুলি দিব নেকি? "উফ পাগল হৈ যাব মই " বুলি চুলিখিনত খামুচি ধৰি চিঞৰি উঠিল তাই৷মনৰ অস্থিৰতাবোৰত একেখন বিচনাতে সমীৰৰ সৈতে একেলগে শুই থাকিবলৈ ধৈৰ্য্য হেৰাই গ’ল৷নোৱাৰে তাই ইমানবোৰ মানুহৰ সৈতে অন্যায় কৰিবলৈ,নোৱাৰে তাই৷সমীৰৰ জীৱনৰ পৰা মায়াক উফৰাই পেলাবই লাগিব৷লাগিলে সমগ্ৰ জীৱন সমীৰৰ প্ৰেমবিহীনতাত দাসী হৈয়ে কটাই দিব কিন্তু মায়াক উভটি আহিবলৈ দিব নোৱাৰে৷ কথাবোৰে ভাবি মুৰটো কামুৰি গ’ল তাইৰ৷বেলকনিৰ ফালে ওলাই আহিলে৷বাহিৰত চিপ চিপ বৰষুণ পৰিছে,সেই বৰষুণজাকক তিতিয়েই দুখবোৰ ধুৱাই নিব খুজিছে৷এনেকৈ থাকোঁতে থাকোঁতে কেতিয়ানো ৰাতিপুৱালে তাই ক’বই নোৱাৰিলে৷তাই বেলকনিৰ চকীখনতে টোপনি গ’ল৷ সমীৰে আজি অন্য দিনাতকৈ অলপ সোনকালেই সাৰ পালে৷ঘড়ীটোলৈ চালে চাৰিটা বাজিছে,কিন্তু ইমান ৰাতিপুৱাই বৰ্ষাক বিচনাত নাপাই ক’ত যাব পাৰে বুলি গোটেই ৰুমটোতে এবাৰ চাই পঠিয়ালে৷যোৱা ৰাতিৰ মদৰ নিচাত মুৰটোও কামুৰি আছে৷নেমুপানী এগিলাছৰ বাবেই বৰ্ষাক মাত লগালে কিন্তু বৰ্ষাৰ কোনো উত্তৰ নাপালে৷বুকুখন ধপধপাই উঠিল,ইমান ৰাতিপুৱাই ক’ত যাব পাৰে বুলিয়েই পাকঘৰ বাথৰুম সকলোতে চাইয়ো ক’তো নাপাই বেলকনিৰ ফালেই আগুৱাই আহিলে৷বৰ্ষাই বেলকনিৰ চকীখনতেই কুচিমুচি যেনেতেনে শুই আছে৷বৰ্ষাক এইদৰে দেখি সমীৰে তাইক মাত লগালে৷কিন্তু অলপো সাৰসুৰ নোহোৱাকৈ শুই আছে তাই৷পুনৰ তাইৰ কেনেবাকৈ গা বেয়া লাগিল নেকি বুলি কপালত হাতখন লগাই চালে৷গোটেই মানুহজনী বৰফৰ দৰে চেচাঁ পৰি আছে,ভৰি হাত সকলোবোৰ শিল যেন চেচাঁ পৰি আছে তাইৰ৷অজান ভয়ভাৱে তাক থেলি আনিলে,বৰ্ষাক কোলাত তুলি বিচনালৈ আনি শুৱাই দি মুখখনত থপথপাই মাত লগালে " বৰ্ষা ,হেয় বৰ্ষা কি হ’ল,তুমি শুনিচানে ?" এঙামুৰি এটা দি সৰু ছোৱালীৰ দৰেই বৰ্ষাই ক’লে "মোৰ টোপনি ধৰিছে শুৱলৈ দিয়াক " তাইৰ উত্তৰ দিয়াত সমীৰৰ ভয়বোৰ দুৰ হ’ল যদিও গাটো শিলৰ দৰে ঠাণ্ডা যেতিয়া ৰাতিটো তাই বাহিৰতে থাকিলে বুলি খঙ উঠি আহিল৷বেমাৰৰ পৰা উঠা বেছিদিন হোৱাই নাই পুনৰ এইদৰে বাহিৰত থাকিবলৈ কিহে পালে তাইৰ৷মনতে কথাবোৰ ভাবি লৈ এইবাৰ একেবাৰে ধমক এটা দিয়েই ক’লে "কিহে পাইছিল হা’ ৰাতিখন বাহিৰত শুই থাকিবলৈ " অস্পষ্ট মাতেৰে বৰ্ষাই ক’লে "ভিতৰত টোপনি অহা নাছিল " সমীৰে একে উশাহতে কেইবাটাও প্ৰশ্ন সুধি পেলালে "টোপনি অহা নাছিল মানে কি হৈছে তোমাৰ,সকলো থিকেই আছেনে ,মেডিচিন বোৰ টাইম মতে লৈছাটো?" বৰ্ষাই টোপনিৰ ভমকত নভবা নিচিন্তাকৈয়ে কৈ দিলে " শৰীৰৰ অসুস্থতাৰ বাবে দৰব খালেই ভাল পাম বাৰু কিন্তু মনৰ অসুস্থতাবোৰ কি হ’ব ?" বৰ্ষাৰ পৰা এনেধৰণৰ উত্তৰ সমীৰে কাহানিও সপোনতো কামনা কৰা নাছিল আৰু বৰ্ষাই এইদৰে ক’ব পাৰিব যে তাৰ আগত সেইয়া হয়তো সি ভবাই নাছিল৷আৰু একো সুধিবলৈ সাহস নহ’ল তাৰ৷তাইৰ কাষৰ পৰা আতৰি আহিলে৷ড্ৰিংকচ কৰিলে তাৰ মুৰটো এনেই বিষাই থাকে কিন্তু এতিয়া যে বিষত ফাটি চিটি যোৱা যেন অনুভৱ কৰিছে৷নেমুপানী এগিলাচ কাঢ়াকৈ চেপি খাই ল’লে৷বৰ্ষাই কোৱা কথাকেইষাৰে তাক এতিয়াও আমনি কৰিয়েই আছে৷তাৰমানে বৰ্ষাই তাৰ সৈতে থাকি এতিয়া অশান্তিত ভুগিছে সেইটোকে বুজাবলৈ বিচৰা নাই জানো?বৰ্ষাৰ সৈতে যি হৈছে তাৰ বাবে দায়ী সিয়েই নহয় জানো? বৰ্ষাৰ উত্তৰৰ প্ৰতুত্তৰ ভালদৰে এসেকা দিম বুলি ভাবি দপদপাই ৰুমলৈ সোমাই আহিল৷বৰ মৰমলগাকৈ শুই আছে তাই,সংসাৰৰ সকলো দুখ কষ্টৰ পৰা আতৰত যেন এক গভীৰ টোপনি মাৰিছে৷দীঘলীয়া উশাহ এটা এৰি সিনো বৰ্ষাক কি বুলি ক’ব মনতেই এবাৰ যুকিয়াই চালে কিন্তু তাইক কিবা এষাৰ কোৱাৰ আগত তালৈয়ে বহুত প্ৰশ্নই আঙুলি টোৱাই থন ধৰি উঠিলে৷ সি বৰ্ষাক বিয়া পাতি জানো ভুল কৰা নাই ,তাইৰ গাতটো কোনো দুখ নাই৷তাইক যদি সি বিয়াৰ আগতেই খুলাখুলিকৈ মায়াৰ কথাবোৰ ক’লে হয় তেনেহ’লে তাই হয়টো বিয়াত বহিবলৈ কাহানিও সন্মতি নিদিলে হয়৷তাই নালাগে আন কোনো ছোৱালীয়েই সন্মতি নিদিলে হয়৷আৰু তাইৰ অজ্ঞাতে বিয়া পতাৰ পাছত যেতিয়া আন নাৰীৰ বাবে গিৰিয়েকে অপেক্ষাত আছে বুলি জানে তেনেহ’লে আন ছোৱালী হোৱা হ’লে ইমান হাৰাশাস্তি লৈ ইমান দিন তাৰ লগত নাথাকিলেই হয়৷কিন্তু বৰ্ষাই যে সকলো নিৰৱে সহ্য কৰি তাৰ কোনো কথাতেই কোনোধৰণৰ বাধা নিদিয়াকৈ মনে মনে সকলো সহ্য কৰি গৈছে সেয়া জানো সৰু কথা৷যিমান হ’লেও তাইয়ো এজনী তেজ মঙহৰ মানুহহে,সদায়নো কিমান সহ্য কৰিব একেখিনিকেই? নাই সি তাইক মৰম দিব নোৱাৰিলেও কোনো কথাতে হাৰাশাস্তি কৰি এটুকুৰা শিল বনাই মৃত্যুৰ মুখলৈ থেলি দিব নোৱাৰে৷ সি পত্নীৰ মৰ্যাদা নিদিলেও জানো ,তাৰ অৰ্ধাংগিনী হিচাপে থাকি তাইৰ খঙ উঠাৰ জানো অধিকাৰ নাই? চিলমিলকৈ অহা ধুনীয়া টোপনিটো ভাগিল তাইৰ৷চকু দুটা মেলিয়েই সমীৰক সন্মুখত দেখি চক খাই উঠিল৷সমীৰক টানকৈ কোৱা কথাষাৰ তাই এতিয়াও সপোন বুলিয়েই ভাবি আছে৷ৰাতি যে বাহিৰতে টোপনি গ’ল সেই কথাও মনত নাই তাইৰ৷ভয়ে ভয়ে সমীৰলৈ চাই সুধিলে " কিবা লাগিছিল আপোনাক?" তাইৰ মাতত থতমত খাই "একো নাই " বুলি কৈ সমীৰে আতৰি গ’ল সেই খিনিৰ পৰা৷বৰ্ষাইয়ো উঠি গা পা ধুই সমীৰলৈ ব্ৰেকফাষ্ট আৰু টিফিন বনাই ৰেডি কৰি তাক মাত লগালে৷ল’ৰালৰিকৈ দুটুকুৰামান ৰুটি খাইয়ে ওলাই গ’ল সি৷এসপ্তাহ বেমাৰ বুলিয়েই ঘৰৰ কোনো কাম বনতেই মন নবহিল তাইৰ৷আচলতে শৰীৰৰ বেমাৰ নে মানৰ বেমাৰত দুৰ্বল হৈছে তাই নিজেও নাজানে৷তথাপি আজি মনটো অলপ সতেজ অনুভৱ কৰিছে,কাৰণ আজি নিবিড়ে ছায়াৰ লৈ দুপৰীয়া ভাত খোৱাকৈ আহিব৷কিমান যে মনটোত ফূৰ্তি লাগিছে তাইৰ৷সেয়ে ল’ৰালৰিকৈ সকলোবোৰ কাম কৰি আজৰি হৈ ল’লে৷বহুদিন বেমাৰ বুলিয়েই চিনুৰ প্ৰতিপাল ভালদৰে ল’ব পৰা নাই কিন্তু এইকেইদিনতেই সি বৰটো হৈছে৷বৰ্ষাই তাৰ খোৱা বোৱা বোৰৰ খিয়াল নাৰাখিলেও সমীৰে কিবাকিবি ড’গ ফুড আনি দিছে৷তাৰ উপৰিও চিনুৰ বাবে নতুনকৈ ঘৰ এটা আনি দিলে৷এতিয়া আৰু চিনুৱে বাকচত থাকিব নালাগে৷নতুন ঘৰ পাই চিনুৰো যে কি ফূৰ্তি,তাৰ পৰা ওলাবলৈয়ে নোখোজে৷কিন্তু যি হ’লেও আজি তাৰ ঘৰটোও চাফা কৰি তাক গাটো ধুৱাব লাগিব৷সেইবুলিয়েই চিনুক আনিবলৈ গৈছিলহে কলিংবেলটো বাজিলেই৷ৰাতিপুৱা এঘাৰ বজাতেই বা কোন ওলালহি বুলি দৰ্জাখন খুলি দিলেগৈ৷দুৱাৰমুখত নীলা দীঘল হাতৰ চুৰিদাৰ পৰিহিত এজনী দিপলিপ ওখপাখ ছোৱালী৷কোন হয় চিনি নোপোৱাত অসমীয়াতেই সুধিব নে হিন্দীতেই সুধিব ভাবি থাকোঁতেই ছোৱালীজনীয়ে তাইক সাবটি ধৰিলে আৰু ক’লে "বৰ্ষা বৌ" বৌ বুলি কোৱাত যিহেতু আজিলৈ ছায়াক দেখা নাই সেয়ে ছায়া বুলিয়েই চিধাই মনলৈ আহিলে কিন্তু ছায়াইটো ঘৰ চিনি নাপায় আৰু নিবিড় লগত থাকিলে হয় তেনেহ’লে এইগৰাকী বা কোন৷তথাপিও বৌ বুলি মাতিছে যেতিয়া অলপ হতবাক নোহোৱা নহয় ,সেয়েই ক্ষীণ মাতেৰে তাইয়ো সুধিলে "কোননো মই চিনি পোৱা নাই " বৰ্ষাৰ হাতত গিফ্টৰ পেকেট এটা আগবঢ়াই দি নিবিড়ে ক’লে "এতিয়া?" বৰ্ষাই মনতে ভাবি থকাটোৱেই হোৱাত আনন্দতেই উৎফুল্লিত কণ্ঠৰে ক’লে "আৰে তোমালোক,আহা আহা ভিতৰলৈ আহা৷মোৰ মনত থিকেই সন্দেহ হৈছিল ছায়াই হ’ব পাৰে বুলি কিন্তু নিবিড়ক নেদেখিহে কোন হয় ভাবিবলৈ বাধ্য হৈছিলোঁ ৷" মিহি মাতেৰে ছায়াই ক’লে " বৌ মোক নিবিড়ে ক’লে আকৌ এনেকুৱা কৰিবলৈ,এইটো যে মানুহক ভয় খুৱাবলৈ বৰ ভাল পায়৷সেয়ে মোক লগাই দিছে দেখিচানে?" বৰ্ষাই হাঁহি এটা মাৰি সিহঁতক বহিবলৈ দি কথাবতৰা পতাত লাগিল৷আচলতে সিহঁতি একমান বজাতহে অহাৰ কথা আছিল কিন্তু বিশেষ কাম এটা থকাৰ বাবেই সোনকালে গুচি আহিল৷বৰ্ষাই যিহেতু দেৰিকৈ আহিব বুলি ভাবিছিল সেয়ে লাহে ধিৰে কামবোৰ কৰি আছিল৷সোনকালে অহাত একো বনোৱাও নহ’ল সেইটোক লৈয়ে দুখ কৰি আছে তাকে দেখি নিবিড়ে আজি খানা মই বনাম বুলিয়েই আগবাঢ়ি গ’ল আৰু সিহঁত দুজনীক কথা পাতিবলৈ লগ এৰা দিলে৷বৰ্ষাই নিবিড়ে বনোৱাতো একদমেই বিচৰা নাছিল কিন্তু ছায়াই হে ক’লে " আমাৰ এইজন বনোৱাত উস্তাদ,পাকঘৰ এৰি দিয়া বৌ৷কেতিয়াবা জানানে বনোৱাক লৈ আমাৰ দুটাৰ মাজত কাজিয়া হৈ যায়৷" বৰ্ষাই চকুকেইটা বহলাই সুধিলে "বনোৱাক লৈ কাজিয়া ?" ছায়াই হাঁহি এটা মাৰি ক’লে " মোৰ এবাৰ গা বেয়া হওঁতে বৰ একেবাৰে বনাবলৈ শিকিলে ইউটিউবত চাই এতিয়া পাকঘৰ এৰি দিবই নুখুজে ৷" নিবিড়েও পাকঘৰৰ পৰা উফৰি অহাদি সিহঁতৰ সৈতে ধেমালি কৰিলে " কি বদনাম গাইছা,মই হ’লে এলাপেচা কুক নহয় দেই,আৰু বৌ তুমিয়েই কোৱাচোন নিজৰ হাতৰ কিমান খাই থাকিবা এদিন বেলেগৰ হাতৰো ট্ৰাই কৰিব লাগে নহয়নে" বৰ্ষাই হাঁহি এটা মাৰি সিহঁতৰ কথাত সহাৰি জনালে৷তাৰপাছতে দুইজনীয়েই বিভিন্ন কথা বতৰা পতাত লাগিল৷বহুদিনৰ পুৰণি বান্ধৱীৰ দৰেই দুয়োজনী মিলি পৰিল৷সিহঁতক এইদৰে কথাৰ মহলা মৰাত নিবিড়ে মাজে মাজে কমেণ্ট পাছ কৰি গ’লহি "দুয়োজনীয়ে এই বালকক পাহৰি নাযাবা বুলি" হাঁহি ফূৰ্তিৰেই দিনটো পাৰ হ’ল৷আজিৰ সমান বৰ্ষাই কাহানিও হহাঁই নাই৷আচলতে হাঁহিবলগীয়া কাৰণো নাই ,কিন্তু ছায়া আৰু নিবিড়ে আজি তাইৰ মনৰ পৰা অকলশৰীয়া ভাবটো আতৰাই পূৰ্ণতাত প্ৰাপ্তিৰে ভৰাই তুলিলে৷ছায়াই নিজ হাতেৰে কৰা বৰ ধুনীয়া ৰঙবিৰঙৰ ফুলেৰে ভৰা দুপাত্তা এখন আৰু পাতল ৰঙৰ শাৰী এখন বৰ্ষাক গিফ্ট হিচাপে দিছিল৷কিন্তু গিফ্ট দিব পৰাকৈ বৰ্ষাই ছায়াৰ বাবে একোৱেই আনি থোৱা নাছিল আচলতে সমীৰক ছায়াৰ কথা নজনোৱাৰ বাবে তাইৰ হাততো গিফ্ট দিবৰ জোখাৰে পইচাই নাছিল৷কিন্তু সিহঁতৰ সম্পৰ্কটো ঘৰত জনাই বিয়াখন সোনকালেই পাতি দিম বুলি কোৱা কথাষাৰেই সিহঁতহালক মৰমেৰে উপচাই তুলিলে৷আবেলি পাচঁমান বজাত সিহঁতিও যাবলৈ ওলাল সিহঁতক গেটলৈকে আগবঢ়াই তাইয়ো অলপ সময় গুপ্তা আন্টিৰ ঘৰলৈ আহিল ৷যিহেতু বেমাৰ বুলিয়েই তেওঁলোকৰ কোনোধৰণৰ খা খবৰ ল’ব পৰা নাছিল সেয়ে আজিয়েই তাইৰ বাবে কৰা সহায়বোৰৰ বাবে ধন্যবাদ এটা দি যাব বুলিয়েই তেখেতৰ কাষ পালেহি৷বহুসময় কথাবতৰা পতাৰ পাছত তাইলৈ আননউন নম্বৰ এটাৰ পৰা ফোন আহিল৷হাঁহিমুখেৰেই ফোনটো ৰিচিভ কৰিছিল কিন্তু ফোনৰ সিপাৰৰ পৰা ভাহি অাহিল মাকৰ গুৰুত্বৰ ভাৱে এক্সিডেণ্ট হোৱাৰ খবৰটো৷কথাকেইষাৰ শুনাৰ পাছত কিমান কি হ’ল জানিবলৈ বা সুধিবলৈ নহ’লেই থৰথৰকৈ কঁপিবলৈ ধৰিলে৷ তাইৰ হাতৰ পৰাও ফোনটো সৰি পৰিল৷চকুৰ আগতেই ঘোৰ অন্ধকাৰে চানি ধৰিলেহি৷যথৰ হৈ একেঠাইতে ৰৈ থকাৰ পাছত চিঞৰি চিঞৰি"মা" মা"বুলি কৈ কান্দিবলৈ ধৰিলে৷তাইৰ কাতৰ চিঞৰ কেইটাত গুপ্তা আন্টিয়ে যিমান পাৰে তাইক বুজাবলৈ চেষ্টা কৰিছে কিন্তু তাই এইমুহূৰ্তত যেন কোনো কথা শুনিবলৈয়ে প্ৰস্তুত নহয়৷কান্দি কান্দি এটাসময়ত ভাগৰি ক’ব নোৱাৰা হৈ পৰি গ’ল৷(আগলৈ)

No comments:

Post a Comment