Sunday, August 16, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 46) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) কাণৰ কাষতে কোনোবাই কান্দি থকা যেন শুনি সমীৰে চকামকাকৈ টোপনিৰ পৰা সাৰ পালে৷মনতে এইয়া বৰ্ষাই হ’ব বুলি আশা কৰিছিল কিন্তু সন্মুখত মায়াক কান্দি থকা দেখি সি আচৰিত হৈ পৰিল৷সি সাৰ পোৱা দেখি তাই তাৰ হাততে ধৰি লৈ সুধিলে " আগতকৈ বেটাৰ ফিল হৈছেনে" সমীৰেও মুৰটো অলপকৈ লৰাই দিলে৷শাৰীৰিক আঘাটবোৰৰ বাবে বৰকৈ কথা বতৰা পাতিব পৰা হোৱা নাই৷তথাপিও চকুহালে বৰ্ষাক বিচাৰি ফুৰিছে৷এইদৰে এটা ৰুমত মায়াৰ সৈতে থাকিবলৈ অলপো মন যোৱা নাই,মায়াৰ উপস্থিতিয়ে সুখ দিয়াৰ সলনি কষ্টহে দিছে৷এক অচিনাকি ভাৱনাই হেৰুৱাই পেলাইছে,এইমুহূৰ্তত তাৰ কাষত মাত্ৰ বৰ্ষাৰ উপস্থিতিহে বিচাৰিছে৷সম্পৰ্ক যেনেকুৱাই নহওঁক যোৱা এটা বছৰ বৰ্ষাৰ সৈতে কটাই বৰ্ষা এতিয়া তাৰ বাবে অভ্যাস হৈ পৰিছে৷মনৰ অনুভূতিবোৰ কেতিয়ানো মায়াৰ পৰা বৰ্ষালৈ সলনি হৈ পৰিল সি নিজেও নাজানে৷তাৰ হৃদয়ত মায়াৰ বাবে থকা অধিকাৰবোৰ এতিয়া অন্ততঃ তাইক দিব নোখোজে৷অতীত সদায়েই পুৰনি৷অতীতৰ বাটত খুজ দি বৰ্তমানটো মষিমূৰ কৰিব নোৱাৰে৷প্ৰতিপল কাষত বিচৰা মায়াৰ সহানুভূতিখিনি এতিয়া তাৰ বাবে অচিনাকি৷মায়াৰ স্পৰ্শত অস্বস্তি অনুভৱ কৰিছে আৰু মায়াৰ সৈতে এই নিৰ্জনতাবোৰে তাক বাৰুকৈয়ে অস্বস্তিত পেলাইছে৷মায়াই কিবাকিবিবোৰ কৈ আছে কিন্তু তাৰ এইবোৰ শুনি থাকিবলৈ অলপো মন যোৱা নাই৷বৰ্ষা ক’ত আছে মনটোৱে বাৰে বাৰে প্ৰশ্ন কৰিছে৷সেয়েই অস্পষ্ট মাতেৰেই মায়াক সুধিলে "বৰ্ষাক দেখা নাই যে ...??" মায়াই সহজ ভাৱেই মিচাকৈ কৈ দিলে " মই আজিলৈ বহুবাৰ আহিছো কিন্তু বৰ্ষাক দেখা মনত পৰা নাই৷" মায়াৰ এই কথাষাৰে সমীৰক ভাঙি পেলাইছে ভিতৰৰ পৰা৷তাৰমানে বৰ্ষাই সচাঁকৈ তাক এৰি গ’লগৈ নেকি?মনৰ অজানিতে হৃদয়খনে উচুপি উঠিল তাইৰ বাবে ৷চকুহাল মুদি দিলে অলপ সময়ৰ বাবে,বৰ্ষাৰ বাবে হৃদয়ত খং,অভিমানবোৰে ঠাই ল’লেহি৷মায়াই কিবা কিবি কথাৰে তাৰ সৈতে সময় কটাবলৈ বিচাৰিছিল যদিও সি তাইক "অলপ সময় অকলে এৰি দিয়া "বুলি কোৱাত তাইয়ো সমীৰৰ কথাক অগ্ৰাহ্য কৰিব নোৱাৰি ওলাই আহিল৷ গেটৰ সন্মুখতে বৰ্ষা আৰু নিবিড়ে মায়াক হস্পিতালৰ ভিতৰৰ পৰা ওলাই যোৱা দেখি ল’ৰালৰিকৈ সমীৰৰ ওচৰলৈ ঢাপলি মেলিলে৷বৰ্ষাই সমীৰৰ কেবিনৰ দোৱাৰখন অলপকৈ মেলি চালে,সমীৰ শুই আছে কিন্তু তাৰ কপালত লিপষ্টিকৰ দাগ সুস্পষ্ট৷চকুহাল চলচলীয়া হৈ পৰিল তাইৰ ,তাৰমানে এইয়া মায়াই...নোৱাৰিলে ভাবিবলৈয়ো !হৃদয়ত একুৰা জুই জ্বলি উঠিল৷মন্দিৰৰ পৰা অনা প্ৰসাদ অলপ নিবিড়ৰ হাততে দি সমীৰৰ কাষলৈ পঠিয়ালে৷ নিবিড়ক দেখাৰ লগে লগেই সমীৰৰ চকুহাল উজ্জ্বলি উঠিল৷তাৰ আশে পাশে কেনেবাকৈ বৰ্ষাও আছে নেকি চকুৰে ঢুকি পোৱালৈ বিচাৰিলে৷কিন্তু নেদেখিলে,পুনৰ মনটো সেমেকি উঠিল৷নিবিড়ক সুধিবলৈয়ো সাহস হোৱা নাই,কাৰণ এতিয়ালৈ সকলো কথা যে বৰ্ষাই নিবিড়ক জনাইছে সেয়া বুজিছে৷সেয়ে তাৰ ফালে চাবলৈয়ো লাজ লাগিছে নিজৰে৷সমীৰৰ কপালত জিলিকি থকা লিপষ্টিকৰ দাগটোত নিবিড়ৰ মুৰটোৱে কাম নকৰা হৈ পৰিল৷সিও নুবুজাকৈ থকা নাই এইয়া যে মায়াৰ কাম৷কাষতে থকা কপাহ অলপ হাতত তুলি মোহাৰি দিলে দাগটো৷খংতে সমীৰক এষাৰো মাত নিদিয়াকৈয়ে ৰুমটোৰ পৰা উলাই আহিল৷সমীৰে নুবুজিলে,নিবিড়ে কিয় তাৰ কপালখন মোহাৰি দিলে৷ এদিন দুদিনকৈ সময়বোৰ পাৰ হ’বলৈ ধৰিলে৷বৰ্ষাই সমীৰক এৰি এক মুহূৰ্তৰ বাবেও ক’লৈকো আতৰি নাযায় কিজানিবা মায়াই পুনৰ আহে তাৰ কাষলৈ৷কিন্তু নিজেও সমীৰে শুই থকা অৱস্থাতহে তাক এপাক চাই থৈ আহেগৈ৷ৰাতি ৰাতি টোপনি খতি কৰি কিবা প্ৰয়োজন হ’ব বুলি বহি থাকেগৈ কিন্তু সমীৰৰ সৈতে কোনো কথাৰে অৱতাৰণা নকৰে৷সি কথা পাতিব খুজিলেও মনত প্ৰাণত সাজ লোৱা অভিমান বোৰে তাৰ লগত সহজ হ’বলৈ নিদিয়ে৷ভয় লাগে এতিয়া তাইৰ কেনেবাকৈ সমীৰে যদি মায়াক আকোঁৱালি লয়৷ বৰ্ষাক প্ৰতিপল কাষত বিচাৰি সমীৰে হাবাথুৰি খায়৷সচাঁকৈ তাৰ পৰা আতৰি যাব বুলি ভয় কৰে এতিয়া৷আজি ৰাতিপুৱাৰ পৰা দুপৰীয়া হ’লহি বৰ্ষাই এতিয়ালৈ তাক চাবলৈ অহাই নাই৷মনে কথাবোৰ চিন্তা কৰি আছে৷চকুমুদি থকাৰ পৰাই সমীৰে অনুভৱ কৰিলে কোনোবা তাৰ ৰুমলৈ সোমাই আহিছে৷প্ৰথমে এইয়া মায়া বুলিয়েই সন্দেহ কৰিছিল কিন্তু চকুহাল অলপকৈ মেলি চালে লাহেকৈ দৰ্জাখন খুলি মনে মনে বৰ্ষা সোমাই আহিছে৷তাৰ হাতভৰি কেইটা লাহেকৈ তিতা কাপোৰ এখনেৰে মোহাৰি দিলেহি তাই৷চুলিখিনিতো হাত ফুৰাই থিকথাক কৰি দিলে,তেনেকুৱাতেই সমীৰে চকুহাল খুলি তাইক প্ৰশ্ন কৰিলে " ইমানদেৰি অহা নাছিলা কিয় ?" তেনেকুৱাতেই ডাক্তৰ এজন ৰুমটোলৈ সোমাই আহিলে৷বৰ্ষাইয়ো তেখেতক দেখিয়ে বাহিৰলৈ উলাই দিলে৷আজি সমীৰে আগতকৈ অলপ হ’লেও ভাল পাইছে৷অৱশ শৰীৰটো লৰাব পাৰিছে,মুৰটোও ইফালেসিফালে ঘুৰাব পাৰিছে৷ডাক্তৰজনৰো সমীৰক সোনকালেই সুস্থ হোৱা যেন দেখি ভাল লাগিছে৷তেওঁৱেই সমীৰক ক’লে " বৰুৱা তোমাৰ কিন্তু এইখন সৌভাগ্য দেই " সমীৰে তেওঁৰ ফালে অবাক হৈ চাই ৰ’ল তাকে দেখি ডাক্তৰজনে পুনৰ ক’বলৈ ধৰিলে৷ "আপুনি জীৱন দান পাইছে বুজিছে বৰুৱা,জীৱন দান ৷সাবিত্ৰীয়ে সত্যবানৰ জীয়টো যমৰ পৰা খুজি অনাৰ দৰেই আপোনাৰ পত্নীয়েও আপোনাক মৃত্যুৰ পৰাহে বচাই আনিছে " সমীৰে আৰু অলপ আচৰিত হৈ প্ৰশ্ন কৰিলে "তাৰমানে ?" "এনেকুৱা কেচত আমি জীয়াই থকাটোৰ সম্ভৱনা খুবেই কম পাওঁ৷আপোনাৰ গাড়ীখন দেখিলেটো বিশ্বাসেই নহয়,তাতে ঠাণ্ডাত আপোনাৰ শৰীৰটো লাহেকৈ মৰিবলৈ ধৰিছিল,আই মিন তেজবোৰ গোট মাৰিবলৈ ধৰিছিল৷হস্পিতাল অনা আৰু অলপ দেৰি হোৱা হ’লে দিগদাৰেই আছিল৷তাত থকা মানুহবোৰেটো ঢুকাল বুলিয়েই ধৰি লৈছিল ৷" "তাৰ পাছত ?" ডাক্তৰজনে হাঁহি মাৰি ক’লে "আপোনাৰ পত্নীৰ বিশ্বাসৰ বলতেই আপুনি এইয়া আমাৰ চকুৰ সন্মুখত সুস্থ হৈ আছে৷" নিজৰ কৰিব লগীয়া কামখিনি কৰি ডাক্তৰজনো ওলাই গ’ল৷কথাষাৰ শুনি সমীৰৰ মনটোৱে পৰম শান্তি পালে ৷তাৰমানে বৰ্ষা সেইসময়তো তাৰ লগতেই আছিল আৰু তাৰ এই জীৱন বৰ্ষাৰ বাবেহে৷লগালগ চকুপানীবোৰে ডোঙা পাতিলেহি৷বৰ্ষাৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি আহিল৷ দিন বাঢ়ি যোৱাৰ লগে লগে বৰ্ষাৰ প্ৰতি সমীৰৰো হাবিয়াস বাঢ়িব ধৰিলে৷লাহে লাহে সমীৰে অনুভৱ কৰিলে,সি টোপনি গ’লেই কোনোবাই তাৰ কাষতে বহি থাকেহি আৰু সাৰ পোৱা যেন দেখিলেই আতৰি যায়৷কথাটো দুদিনমান লক্ষ্য কৰি এইয়া বৰ্ষা বুলিয়েই জানিব পাৰি তাৰ মনটোও ফৰকাল যেন লাগিল৷এতিয়া তাৰ বৰ্ষাৰ সৈতে মন ভৰাই কথা পাতিবলৈ মন যায়,তাইক দিয়া কষ্টবোৰৰ বাবে ক্ষমা খুজিবলৈ মন যায় কিন্তু বৰ্ষাই সি সাৰে থকা দেখিলে তাৰ কাষলৈ যে নাহে আৰু আহিলেও তাৰ সৈতে কোনো কথাই পাতিব নুখুজে, সেই ভাবিয়েই মনটো দুখ লাগি আহে৷ আজি সিও বৰ্ষাৰ সৈতে কথা পাতিহে এৰিব বুলি তাই অহালৈ বাট চাই আছে৷কিন্তু তাক সাৰ পাই থকা দেখিলে যে তাই সোমাই নাহে সেই কথাও বুজি উঠিছে সেয়ে চকুহাল মুদি তাই অহালৈ বাট চাই আছে৷এসময়ত বৰ্ষা সোমাই আহিল ৰুমটোলৈ৷কাষতে থকা চকীখনত বহি সমীৰৰ মুৰটোত হাতখন ফুৰাই দিলেহি৷এক আপোন আপোন পৰশে সমীৰক ভৰাই তুলিলে৷নোৱাৰিলে আৱেগক প্ৰশ্ৰয় দি বৰ্ষাৰ পৰা নিজকে লুকুৱাই ৰাখিবলৈ৷থাপমাৰি তাইৰ হাতখনতে ধৰি লৈ আলসুৱা সুৰতেই সুধিলে "মোৰ লগত কিয় কথা নাপাতা? আজিও বেয়া পাই আছা?" অভিমানৰ সুৰত বৰ্ষাৰ পোনপটীয়া উত্তৰ " নাই পোৱা,চাওঁ হাতখন এৰি দিয়ক নহ’বা কোনোবাই দেখিব " সমীৰে চঞ্চলভাৱেই কৈ উঠিল " কি হ’বনো,নিজৰ পত্নীৰ হাত খনহে ধৰিছোঁ৷পৰ স্ত্ৰিৰ হাতত ধৰা নাই নহয় " বৰ্ষাই প্ৰশ্নবোধক দৃষ্টিৰে তাৰফালে চাই সুধিলে "পত্নী? তেতিয়াহ’লে ডিভোৰ্চ পেপাৰখন কিয় দিছিলে?" সমীৰৰ চকুহাল চলচলীয়া হৈ পৰিল,এৰি দিলে বৰ্ষাৰ হাতখন৷কিবা ক’ব খুজিও বোবাৰ দৰে হৈ পৰিল৷অলপ সময় বৰ্ষাৰ শিৰৰ সেন্দূৰখিনিত দৃষ্টি আৱদ্ধ কৰি পুনৰ কৈ উঠিল "মই খঙত আছিলোঁ ,কিন্তু মই নাভাবো এতিয়া তেনেকুৱা কিবা এটা কৰাৰ কথা" বৰ্ষাৰ অন্তৰে আনন্দত নাছি উঠিছিল তথাপিও সেই সুখৰ ৰেশ মুখত জিলিকিবলৈ নিদিয়াকৈ সমীৰক প্ৰশ্ন কৰিলে " কিন্তু এই এডজাষ্টমেন্ট আৰু আণ্ডাৰষ্টেডিঙত পতি পত্নী হ’ব পাৰেনে?" সমীৰে কোনো উত্তৰ নিদিলে৷তাইয়ো সেইখিনিৰ পৰা আতৰি আহিলে৷সমীৰক তাইয়ো এতিয়া হেৰুৱাবলৈ নোৱাৰে,সমীৰে যেতিয়া নিজৰ ব্যৱহাৰত অনুতপ্ত হৈ এই কথাষাৰ ক’বলৈ পাৰিছে তেনেহ’লে অনুভৱ কৰিছে এই সম্পটোৰ বিষয়েও৷সমীৰে সুস্থ হ’লে কথাবোৰ ভালদৰে জানিব লাগিম কিন্তু এতিয়া তাৰ ওপৰত কোনো কথাৰ প্ৰেচাৰ দিব নোৱাৰে৷লাহে লাহে সমীৰৰ গুৰুত্ব পাই তাইৰ দিনবোৰো সুখৰ হ’বলৈ ধৰিলে৷সৰু সৰু কথাতেই সুখ বিচাৰিব জানে বাবেই দুখবোৰ অনুভৱ হ’বলৈ নিদিয়াকৈ দিনবোৰ পাৰ হৈছে৷ সম্পূৰ্ণ পোন্ধৰ দিনৰ অন্তত হস্পিতালৰ পৰা ডিছাৰ্জ লৈ ঘৰলৈ আনিলে৷তিনিমাহৰ বাবে বেডৰেষ্ট দিছে,লাহে লাহে শৰীৰৰ ঘাঁবোৰো শুকাবলৈ ধৰিছে৷হয়তো বৰ্ষাৰ মৰমে তাক সোনকালে সুস্থ হ’বলৈ বাধ্য কৰাইছে ৷প্ৰিয়াহঁতো ঘৰৰ পৰা আহি পালেহি৷বৰ্ষাৰ জীৱনত যে ইমানখিনি পৰিৱৰ্তন আহিলে সেইটো ভাবিয়েই প্ৰিয়াৰ ভয় লাগিছে৷মায়ালৈয়ো খঙ উঠিছে,স্বাৰ্থপৰ হৈ কিদৰে এখন সংসাৰ ভাঙি নিজৰ অস্তিত্ব ঘুৰাই পোৱাৰ স্বাৰ্থত লাগিছে তাই,ভাবিয়েই ঘৃণা উপজিছে তাইৰ ওপৰত৷প্ৰিয়াই সমীৰৰ খবৰ ল’বলৈ আহোঁতে অনুভৱ কৰিলে,সমীৰক আগতকৈ অলপ সলনি হোৱা যেন৷প্ৰতিটো কথাতেই সি এতিয়া বৰ্ষাৰ ওপৰত ডিপেন্দ হৈ থাকে৷নিজে কৰিব নোৱাৰাৰ বাবেই নহয় তাৰ চকুত বৰ্ষাৰ নামটো উচ্চাৰণ কৰোঁতে এক বেলেগ ধৰণৰ সুখ দেখা পাই৷তাতে সমীৰে ডিভোৰ্চ পেপাৰখন জ্বলাই পেলোৱা কথাটো বৰ্ষাই প্ৰিয়াক জনাওতে তাই জোকাইছিল "বৰ্ষা শিল গলাই দিলা " বৰ্ষাই মিচমিচাই হাঁহিছিল যদিও সেই হাঁহিৰ আঁৰত ভয় এটি লোকাই আছিল৷সেই ভয় মায়াৰ বাবে সেইটোও বুজি উঠিছিল,সেয়ে প্ৰিয়াই বৰ্ষাক বুজাইছিল যদি সমীৰক নিজৰ কৰিব বিচাৰা মায়াক আতৰাই পঠিওৱা৷সমীৰক নিজৰ কৰাৰ যত্ন কৰা৷তাৰ ওপৰত চকু ৰাখা,মনত ৰাখিবা যে সি যাতে মায়াৰ সৈতে কন্টেকত আহিব নোৱাৰে৷বৰ্ষাইয়ো মনতে ভাবিছিল যি হয় ভালৰ বাবেই হয়,কিন্তু মায়াক কিদৰে আতৰাই ৰাখিব সেইটো ভাবি পোৱা নাছিল৷চাই থাকোঁতেই এমাহ পাৰ হ’ল ৷মি.বৰুৱা আৰু বৰুৱানীও ঘৰমুৱা হ’ল৷সমীৰৰ অফিচৰ কামখিনি নিবিড়েই চোৱাচিতা কৰি আছে৷সেই সংক্ৰান্তত প্ৰায়েই অহাযোৱা কৰি থাকে৷ছায়াক ভালপোৱাৰ কথাটো সমীৰক জনাইছে যদিও বাকীবোৰ কথা এতিয়ালৈ জনোৱা হোৱা নাই৷কাৰণ সমীৰৰ জীৱনত এতিয়াও মায়া আছেনে নাই সিহঁতি সেই বিষয়ে কোনো কথাই নাজানে৷তাতে মনত কষ্ট পোৱা কোনো কথাই ক’বলৈ ডাক্তৰেও মানা কৰিছে৷এক সঠিক সময়ৰ অপেক্ষাত সিহঁতিও দিনবোৰ পাৰ কৰিছে৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment