Friday, August 14, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 43) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) ফোপাই জোপাই দৌৰি অহাদি আহি মায়াই বৰ্ষাৰ হাতত তাই দোকানত এৰি অহা বেগটো আগবঢ়াই দিলেহি৷বৰ্ষাই হাত পাতি ল’লে যদিও সমীৰে অবাক হৈ সিহঁতলৈয়ে চাই থকাটো মন কৰিলে৷মায়াই অৱশ্যে তেতিয়ালৈকে সমীৰক দেখাই নাই,মাত্ৰ দৌৰি অহাৰ বাবে ভাগৰ লগাত ঘন ঘনকৈ উশাহ টানি বৰ্ষাক কৈ আছে "তুমি এৰি থৈ আহিছিলা আকৌ,মই দেখিলোঁ বুলিহে,মই যাওঁ দিয়া বাই " মায়াই উভতি যাবলৈ লওঁতেই সমীৰে তাইৰ হাতত থাপমাৰি ধৰিলে৷মায়াই ঘুৰি চাই সমীৰক দেখি একে ঠাইতে থৰ হৈ চাই আছে৷দুয়োটাৰ চকুত চকু পৰাত ইটোৱে সিটোৰ চকুলৈ চাই আছে৷দুবছৰৰ অন্তত আজি সিহঁতৰ মুখামুখি হৈছে ৷হেপাঁহ পলোৱাই ইটোৱে সিটোক চাই আছে৷আৱেগক প্ৰশ্ৰয় দি বৰ্ষাই এই মুহূৰ্তত সিহঁতক চোৱাৰ বাদে অন্য একোৱেই কৰিব নোৱাৰে৷ভিতৰৰ পৰা মোচৰ খাই পৰিছে গোটেই জনী৷আইনা ভগাৰ দৰে হিয়াখন ভাঙি টুকুৰা টুকুৰ হৈ পৰিছে৷ক্ষত বিক্ষত সেই টুকুৰাবোৰ তুলিবলৈয়ো তাইৰ সাহস হোৱা নাই৷ এইমুহূৰ্তত সমীৰৰ চকুত বৰ্ষাৰ প্ৰতি ঘৃণাৰ এক জ্বলন্ত প্ৰতিচ্ছবি৷ক্ষোভত ভিতৰৰ পৰা ভাগি পৰিছে৷তাৰ বুকুত একুৰা জুই দপদপাই জ্বলি উঠিছে৷কিন্তু মায়াক ভালপায় বুলি নহয় বৰ্ষাই মায়াক চিনি পায় তাৰপাছতো এইষাৰ কথা তাক নজনালে অথচ সমীৰে মায়াৰ বাবে দিনে নিশাই পগলাৰ দৰে চটফটাই থকা সময়বোৰ বৰ্ষাই একেবাৰে ওচৰৰ পৰা লক্ষ্য কৰিছিল৷বৰ্ষাই তাক বিশ্বাসঘাটকতা কৰিলে এই ভাৱতে মুৰত সৰি পৰিছে বখলাবখলে বিশ্বাসঘাটকতাৰ চপৰাবোৰ৷ মায়াই সশব্দে উচুপি উঠি ক’লে "সমীৰ তুমি ইয়াত ?" সমীৰৰ চকুহাল চলচলীয়া হৈ আছে এই যেন পুৰণা প্ৰেম অতদিনৰ মুৰত ঘুৰাই পোৱাত সাবটি ধৰিব,কিন্তু নোৱাৰিলে৷কাৰণ মায়াৰ স্মৃতিবোৰ হয়টো কোনোবাখিনিত এৰি থৈ আহিলে৷অলপ আগত বৰ্ষাক নিজৰ কৰাৰ সপোনবোৰ এতিয়া তাৰ বাবে ধূসৰ হৈ আহিল৷সি কি কৰিব লাগে ,কি উত্তৰ দিব একোৱেই বুজিব পৰা নাই৷তেনেকুৱাতেই মায়াই বৰ্ষালৈ চাই ক’লে "বৰ্ষা তাৰমানে সমীৰ আৰু তুমি ..." নোৱাৰিলে তাই পাছৰ খিনি ভাবিবলৈয়ো৷হুকহুকাই কান্দি কান্দি ল’ৰ মাৰিলে সেইখিনিৰ পৰা আৰু মায়াৰ পাছে পাছে দৌৰ দিলে সমীৰে৷ মাজ বাটতে অকলশৰীয়া হৈ পৰিল বৰ্ষা৷বুকুত খহি পৰা শিল টুকুৰা লৈ একেঠাইতে থৰ হ’ল৷ফুটপাথত অহাযোৱা কৰা মানুহবোৰৰ খুন্দাত নিজকে হেৰুৱাই পেলাইছে৷সমীৰে তাইক এৰি যোৱা বাটেৰে চাই আছে৷ৰাতিৰ আন্ধাৰৰ সৈতে জীৱনৰ পোহৰখিনিকো হেৰুৱাই দিয়াৰ দৰেই লাগিছে তাইৰ৷অসম্পূৰ্ণ হৈ পৰিছে তাই,সমীৰ মায়া ক’ত গ’ল নাজানে তাই,আনকি সিহঁতৰ পিছত দৌৰিবও নোৱাৰে৷কাৰণ এই দৌৰত তাই হয়টো কোনোবাখিনিতেই উফৰি থাকি যাব৷এঘন্টা,দুঘণ্টাকৈ বহুসময় সমীৰে ঘুৰি অপেক্ষাত কটাই দিলে,কিন্তু সমীৰে ওলটি অহাৰ কোনো বাটেই নল’লে৷ফোন কৰিবলৈয়ো ভয় লাগিছে তাইৰ,ক’ত আছে জানিলে সকলো কথাই বিৱৰি কোৱাৰ কথাও ভাবিলে কিন্তু সি জানো এতিয়া তাইৰ কোনো কথাত বিশ্বাস কৰিব৷নিজৰ ওপৰতে এটাৰ পিছত আনটো ভুল জাপি জাপি,এইবাৰ ভুলৰ শুদ্ধৰণিৰ লগতে উপযুক্ত শাস্তিকো তাই মানি ল’ব বুলিয়েই সমীৰলৈ ফোন লগালে৷নাই ফোনটো চুইটচ অ’ফ৷এই ৰাতিখন এইখিনিত তালৈ বাট চাই জানো কিবা লাভ হ’ব,কেনেবাকৈ ঘৰ পালেগৈ বুলিয়েই তাইয়ো ঘৰলৈ বুলিয়েই বাট ল’লে৷ সমীৰৰ লগত গাড়ীতে গৈছে যেতিয়া হাতত টকা পইচা লোৱাৰ কোনো প্ৰয়োজন নাছিল তথাপিও এশ টকা এটা বেগতে ভৰাই থৈছিল,কিন্তু তাই ভালদৰে বুজি নোপোৱাত গাড়ী এখন ভাৰা কৰিয়েই ঘৰলৈকে আহিলে৷ড্ৰাইভাৰ জনলৈ হাতত থকা এশ টকাটোকে আগবঢ়াই দিলে কিন্তু ভাড়া হ’ল তিনিশ টকা,ৰুমৰ পৰা টকা আনি দিবলৈয়ো চাবিটো সমীৰৰ হাতত থাকিলে,কিন্তু গাড়ী চালক জনে পইচা নহ’লে নাযায়েই সেইখিনিৰ পৰা৷ৰাতিখন খুজিবলৈয়ো ওচৰত কোনো নাই ,উপায় নোহোৱাত কাণত থকা সোণৰ কাণফুলি এপাতকে খুলি দি ল’ৰালৰিকৈ ৰুমৰ ফালে ঢপলিয়াই আহিল৷ লোভ মোহ বা টনাআজোৰা কৰাৰ সময় নাই এতিয়া ৷দৌৰি দৌৰি ৰুমৰ কাষ পালেহি৷কিন্তু সমীৰ ৰুমটো নাই দৰ্জাখন ল’ক হৈ আছে৷আজি প্ৰিয়াহঁতো নাই তাইক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ,নিবিড়কো এই ৰাতিখন ফোন কৰি অশান্তি দিবলৈ মন নগ’ল৷এইমুহূৰ্তত তাইক সমীৰৰ চিন্তাইহে খুলি খুলি খাইছে৷দৰ্জাখনৰ মুখতে হাতভৰি কুচিমুচি বহি লৈ সমীৰৰ বাবে বাট চাই আছে৷কিয় যে ভুল কৰি পেলালে সমীৰক কথাবোৰ আগতেই নকৈ সেই কথাই তাইক ভিতৰৰ পৰা খুলি খুলি খাইছে৷ ৰাতি প্ৰায় তিনিমান বাজিছে,সমীৰলৈ বাট চাই বৰ্ষাই এতিয়াও দোৱাৰ মুখতে বহি আছে৷আজি বহুদিনৰ মুৰত টেটুলৈকে মদ গিলি সমীৰে ঢলংপলং খোজ দি তাইৰ ফালেই আগবাঢ়ি আহিছে৷সমীৰক দেখাৰ লগেলগেই ভয়তে তাইৰ উশাহটো বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে৷বুকুৰ ধপধপনিবোৰ ইমানেই বাঢ়িছে যে তাই নিজ কাণেৰেই শুনা পোৱাৰ উপৰিও বুকুফালি কলিজাটো ওলাই আহিব যেন লাগিছে৷এতিয়া সমীৰে তাইক কি কৰিব ভাবিয়েই তাই থৰথৰকৈ কপিঁছে,কিন্তু সমীৰে তাইলৈ কেৰাহিকৈয়ো নাচালে,দুৱাৰখন খুলি মনে মনে ভিতৰলৈ সোমাই গ’ল৷তাইয়ো ভয়ে ভয়ে সমীৰৰ পাছে পাছে ভিতৰলৈ সোমাই আহি সমীৰৰ ভৰিতে ধৰি কান্দিবলৈ ধৰিলে ৷লগতে তাইৰ ভুলৰ বাবেও ক্ষমা খুজি ক’লে যে "মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ’ল,মোক এবাৰলৈ ক্ষমা কৰি দিব৷মই আপোনাক সকলো কথাই আগতেই কৈ দিব লাগিছিল,বিচাৰিছিলোঁ ক’বলৈ কিন্তু ..." সমীৰে তাইৰ কোনো কথালৈ আক্ষেপ নকৰি,তাইৰ কথাষাৰ শেষ হ’বলৈ নৌপাওঁতেই চিঞৰি ক’লে " ভুল তোমাৰ নহয় বৰ্ষা ভুল মোৰ হ’ল৷তোমাৰ দৰে স্বাৰ্থলোভী ছোৱালী এজনীক বিয়া পতাটোৱেই নহয়,তোমাক বিশ্বাস কৰি তাতোতকৈ ডাঙৰ ভুল কৰিলোঁ৷তুমি কি ভাবিছা সচাঁ কথাবোৰ লুকাই থাকে ?আজি যদি মই মায়াক হেৰুৱাব লগীয়া হয় তাৰ একমাত্ৰ কাৰণ তুমি হ’বা বৰ্ষা মাত্ৰ তুমি" কথাষাৰ কৈ এক চেকেণ্ডৰ বাবেও সেইখিনিত ৰৈ নাথাকি সমীৰে দপদপাই ভিতৰলৈ সোমাই গ’ল৷আইনাত স্পষ্টকৈ জিলিকি পৰা নিজৰ মুখখন দেখি হাততে পোৱাকৈ ৰখা ফুলিদানীটো আইনাখনলৈ দলিয়াই দিলে৷খঙতে গোটেই ৰুমটোৰ বস্তু বাঢ়নি দলিয়াই শেষ কৰিছে৷কি হ’বলৈ গৈছে বৰ্ষাই একোকে বুজি পোৱা নাই,মাত্ৰ ৰুমৰ পৰা অহা খিলিং খালাং বস্তু ভগাৰ শব্দবোৰত ভয়তে কঁপি আছে৷শব্দবোৰ অলপ সময় নোহোৱাকৈ থকাৰ পাছত ভিতৰত কি হৈছে,সমীৰে কি কৰিছে চাবলৈ বুলি ভয়ে ভয়ে এখোজ দুখোজকৈ তাইয়ো ৰুমটোৰ ফালে আগবাঢ়ি আহিল৷ৰুমটোত বিশৃংখল হৈ পৰা বস্তুবোৰত চকু নিবদ্ধ কৰি সমীৰলৈ চাওঁতে দেখিলে যে,কিবাকিবি ফাইল এসোপামানৰ পৰা কাগজ এখন উলিয়াই বৰ্ষাক দেখাৰ লগালগেই তাইৰ ফালে আগুৱাই আহিছে৷সমীৰে কি কৰিবলৈ ওলাইছে বুজিবলৈ নাপাওঁতেই সি তাইক ওৱালৰ ফালে থেলি নি তাইৰ মুখখনত জোৰেৰে চেপি ধৰি কাগজ এখন মুখলৈকে দলিয়াই চিঞৰি ক’লে " তোমাৰ ওপৰত বিশ্বাস কৰাৰ বহুত আগতেই মই এনেকুৱা কৰিব লাগিছিল "আৰু তাৰ পাছতে থেলামুৰি এটা দি হুহোৱাই ৰুমবোৰ পৰা ওলাই গ’ল৷সমীৰৰ ইমান বেছি খঙ দেখি দীঘল দীঘলকৈ উশাহ টানি কপাঁ কপাঁ হাতেৰে মাটিত পৰা কাগজখন তুলি ল’লে৷ ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল "Divorce agreement"৷অতদেৰিৰ পৰা বৈ থকা চকুপানীখিনি পলকতে শুকাই গ’ল,মুখৰ মাত নোহোৱা হৈ পৰিল৷ওৱালখনতেই মুৰটো থৈ ভাগৰি পৰিল৷হয়তো এয়াই শেষ এই সম্পৰ্কৰ ৷ ৰাতিপুৱাৰ পোহৰবোৰ আহি চকুত পৰিলতহে বাস্তৱৰ পৃথিৱীখনৰ পোহৰে আহি কোঠাটো ৰঙীন কৰিলে কিন্তু বৰ্ষাৰ জীৱনটোত যে স্হায়ীকৈ আন্ধাৰ এচপৰা লাগি ধৰিলেহি৷নিজৰ ওপৰতে পুতৌ জাগিছে,ভগ্ন হৃদয়ৰ চিঞৰে ভিতৰৰ পৰাই দুৰ্বল কৰি পেলাইছে তাইক৷হাতত থকা ডিভোৰ্চ পেপাৰখন পুনৰ বাৰ তন্নতন্নকৈ চকু ফুৰাইছে৷মায়া ঘুৰি আহিলে সম্পৰ্কটো হেৰাই যাব বুলি ভাবিছিল কিন্তু আগতীয়াকৈয়ে সমীৰে যে ডিভোৰ্চ পেপাৰখন ৰেডি কৰি থৈছিল সেইকথা ভাবিয়েই কষ্ট হৈছে তাইৰ৷মনতে ভাবিছিল,ইমান দিনে সমীৰৰ সলনি হোৱা ব্যৱহাৰ মানে তাইৰ বাবে পুতৌৰ বাদে আন একোৱেই নাছিল৷তাৰমানে বিয়াৰ এবছৰৰ পাছতো সমীৰে তাইক নিজৰ কৰিবই নোৱাৰিলে৷ইমানদিনে তাইৰ লগত সমীৰে তাৰমানে সুখী হোৱাৰ এখন পৰিকল্পিত নাটকহে কৰি আছিল৷এক বুজনি সদৃশ গেঙনি অস্পষ্টভাৱে তাইৰ মুখৰ পৰা ওলাই আহিল৷ "নালাগে মোক পত্নীৰ অধিকাৰ,মোৰেই ভুল হ’ল নতুনকৈ সপোন দেখাৰ৷" পগলাৰ দৰে বিশৃংখল ৰুমটোত পৰি ৰোৱা বস্তুখিনিৰ মাজত পেন এটা বিচাৰি হাবাথুৰি খাইছে৷কিন্তু নাপালে পেন বিচাৰি,সেয়ে বাহিৰৰ ৰুমটোলৈ ওলাই আহি কপাঁ কপাঁ হাতেৰে ক’ৰবাত পেন এটা পাই নেকি তাকেই বিচাৰিছে৷তেনেকুৱাতে চোফাখনতে নিচিন্ত মনেৰে সমীৰে শুই থকা দেখি এইবাৰ তাইৰো অলপকৈ খঙটো উঠি আহিল৷কিন্তু সমীৰৰ ওপৰত খঙ দেখুৱাৰ সাহসকন তাইৰ নাই,সেয়ে পেন এটা পাওঁতেই পেপাৰখনত চহী এটা কৰি টেবুলখনতে থ’লে আৰু দৌৰি আহি ৰুমতে সোমাই দোৱাৰত হুকটো লগাই ল’লে ৷বিচনাখনতে পৰি গাৰোটোত মুখগুজি যিমান পাৰে চিঞৰি চিঞৰ কান্দি ল’লে৷মনতে ভাবিলে "কান্দি থাকি লাভ নাই বৰ্ষা,এয়াই কপালৰ লিখন তই মানি ল’,চিঙি দে সংসাৰৰ মায়ামোহৰ বন্ধন৷আতৰি যা তই " ৰাতিটো টোপনি খতি হোৱাৰ লগতে অত্যাধিক নিচা কৰাৰ কাৰণে সমীৰৰ মুৰটো খুবকৈ কামুৰিছে৷চকুহাল নেমেলাকৈয়ে নেমুপানী এগিলাচৰ বাবে বৰ্ষাক চিঞৰিলে৷তিনিচাৰি বাৰ মাত দিয়াৰ পাছতো বৰ্ষা ওলাই নাহিল৷ৰাতি ঘটা ঘটনাবোৰৰ কথা তাৰ এতিয়ালৈ মনত নাই,সময়টো চালে বাৰ বাজিবৰ হ’ল৷উঠি আহি ইফালেসিফালে চালে য’ত ত’ত বস্তুবোৰ পৰি আছে,লাহে লাহে এটা দুটা কথা চকুৰ সন্মুখত ভাহি আহিল৷টেবুলত পৰি থকা ডিভোৰ্চ পেপাৰখনতো তাৰ চকু পৰিল,লগালগ বুকুখন ধৰফৰাই উঠিল৷হাতত তুলি চালে বৰ্ষাই সেইখনত চাইন কৰি থৈছে৷চকুৰ সন্মুখত ভাহি আহিল বৰ্ষাৰ মুখলৈ কাগজখন দলিয়াই দিয়াৰ দৃশ্যটো ৷বৰ্ষাই এইখনত চাইন কৰি ক’ত গ’ল ভাবিয়েই পাকঘৰ,ড্ৰয়িং ৰুম সকলোতে চকু ফুৰোৱাৰ পাছতো ক’তো নেদেখি সিহঁতৰ ৰুমৰ বন্ধ দোৱাৰত টুকৰ দিলে৷কিন্তু ভিতৰৰ পৰা কোনো উত্তৰেই নাপালেই ৷(আগলৈ) দেৱাশ্ৰী বৰা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment