Sunday, June 14, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৫৩)
_____________________
ডিব্ৰুগড় আহি পাই ৰাশিয়ে খুউব ভালদৰে মনপুতি খেলৰ লগতেই ব্যস্ত হৈ পৰিল৷এদিন হঠাৎ তাই পলক লগ পালে আৰু তাৰ সৈতে কথাপাতিব বিচাৰিলে কিন্তু সি তাইৰ কাষেদিয়েই অচিনাকি মানুহৰ দৰে পাৰ হৈ গ’ল৷তাৰ অৱস্থাটো থিক ভাল যেন নালাগিল,সি অদ্ভুত আচৰণ কৰিছিল৷ তাই মাত দিয়াটো তাইৰফালে একেথৰে চাই ৰৈছিল আৰু নিজে নিজেই আতৰি গৈছিল৷দেখাত তাক এতিয়াও আগৰ দৰেই অকলশৰীয়া যেনেই লাগিছে ৷পলৰ অৱস্থাটো দেখি ৰাশি হতভম্ব হৈ ৰ’ল৷সাতমাহতেই বহুখিনি সলনি হ’ল,কিন্তু ঘৰলৈ যোৱাৰ পাছত পলৰ লগত কন্টেক কৰিবলৈ তাই কেইবাবাৰো চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে৷তাৰ নেচনেলত নোপোৱাৰ খবৰটো পেপাৰ পঢ়োতেই বুজি উঠিছিল৷সি বাৰু নেচনেলত নোপোৱাৰ বাবে ভাগি পৰিলে নেকি জানিবলৈ তাই চেষ্টা কৰিলে৷তাই থকা ইনষ্টিটিউট খনৰ পৰাই কিবা কৰি পলৰ বিষয়ে অলপ ইনফৰমেশ্যন উলিয়ালে আৰু পলৰ মাকৰ নম্বৰটোও তাতেই পালে৷পলৰ কথাবোৰ তাই অনুজকো কৈছিল কিন্তু সি এইবোৰত গুৰুত্ব দিয়া নাই "পুনৰ এইবোৰত লাগি নিজৰ কেৰিয়াৰটো বৰবাদ নকৰিবি বুলিহে ক’লে"৷কিন্তু অনুজৰ কথাৰ কাণসাৰ নকৰি তাই পলৰ মাকৰ নম্বৰটোত ফোন লগালে৷সিমুৰৰ পৰা ৰিচিভ কৰিয়েই ক’লে
:"হেল্ল কোনে কৈছে?"
:"মই ৰাশিয়ে কৈছোঁ,মনত আছেনে গুৱাহাটীৰ খানাপাৰাত খেলৰ বাবে লগ পাইছিলো যে পলৰ লগৰ৷"
:"তোমাক কেনেকৈ পাহৰিম"(কপা কপা মাতেৰে ক’লে) কোৱা কিয় ফোন কৰিছিলা ৷"
:"আন্টি মই পলৰ খবৰ সুধিবলৈ ফোন কৰিছিলোঁ৷তাক কালি লগ পাইছিলো But সি বহুত strange behave কৰিছিল আৰু মোকো চিনি নাপালে,সি ঠিকেই আছেনে?"
:" নাই সি একেবাৰেই ঠিক নাই,সেইদিনা মোৰ ভুল হৈ গ’ল অ’ ৷পাৰিলে মোক ক্ষমা কৰি দিবা৷"
:"আন্টি আপুনি এনেকৈ কিয় কৈছে ,আপুনি মাক হিচাপে নিজৰ ল’ৰাটোৰ বাবে ভালটো বিচাৰিছিল মাত্ৰ আপোনাৰ পথটো শুদ্ধ নাছিল৷বাৰু পলৰ কি হৈছে"
:" নেচনেলত চিলেক্ট হোৱাৰ দিনা মই যেতিয়া তাক ঘৰলৈ লৈ আহিছিলোঁ,সি তোমাক এবাৰ লগ কৰিবলৈ বহুত জিদ কৰিছিল,কিন্তু মইহে নিদিলোঁ৷ঘৰত আহিও সি ভালদৰে মোৰ সৈতে কথা নপতা হ’ল,কয় বোলে প্ৰথমবাৰ কোনোবা ফ্ৰেণ্ড হৈছিল তাৰ লগত আৰু মোৰ বাবে সি হেৰুৱাব লগীয়া হ’ল৷লাহে লাহে সকলো সলনি হৈছিল মোৰ বাহিৰে তাৰ কোনো নাছিল সেয়ে বেছিদিন বেয়া পাই থাকিব নোৱাৰিলে,তথাপিও মনে মনে তাৰ মোৰ ওপৰত খং এটা উঠি থাকিবলৈ ল’লে৷সি খিংখিঙীয়া হৈ পৰিল,মাতবোল একেবাৰেই নকৰা হ’ল৷খেলৰ দিন চমু চাপি আহিল,নুখুৱা নুবুৱাকৈ দিনৰাতি একাকাৰ কৰি মাত্ৰ খেলত ধ্যান দিলে৷মই তাৰ খংৰ আগত একো কৰিব নোৱাৰা হ’লো৷তাৰ ব্যৱহাৰ পাতি বেয়া হৈ পৰিল,অত্যন্ত খং হ’লেও তাক বুজাইছিলো বাৰে বাৰে এবাৰ যদি নেচনেলত কিবা এটা পাই তেনেহ’লে আৰু চিন্তা কৰিব লগীয়া বিশেষ নাই৷মোৰ জহতেই সিও অত্যাধিক কষ্ট কৰিলে আৰু নেচনেলৰ বাবে থাইলেণ্ড পালোগৈ৷খেলত সি হাৰিলে,সেইদিনা ৰাতিপুৱাই মোৰ লগত সৰু কথা এটাৰ বাবে তৰ্কাতৰ্কি হৈছিল৷মই তাক নেচনেলত পাব লাগিব বুলিয়েই জোৰ দিছিলোঁ আৰু তাৰ খংটোৰ বাবেই সকলো খেলিমেলি হৈ গ’ল৷ইমান খং কিয় বুজিব নোৱাৰিলোঁ৷তাৰ পাছত সি ৰুমতে সোমাই থাকিবলৈ ল’লে,মাতবোল একেবাৰেই নকৰা হ’ল৷ডক্টৰৰ ওচৰলৈ নিলোঁ ক’লে সি mentally depressed হৈ আছে৷আৰু তেওঁলোকে phycologistsৰ কাৰণে consult কৰিলে৷কিন্তু সি যাব নুখুজিলে৷ঘৰৰ পৰাও নোলোৱাই হ’ল৷ল’ৰাটোৰ এনেকুৱা ব্যৱহাৰ দেখি মই তোমাক বহুতবাৰ লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ৷সি এতিয়াও তেনেকৈয়ে আছে,খেলিবলৈয়ো এৰি দিলে৷মাজে মাজে instituteলৈ যায়,গেটৰ মুখৰ পৰাই চাই গুচি আহে৷কাকো মাতবোল নকৰে,নিজৰ ৰুমতেই সোমাই থাকে৷নাজানো মোৰ ল’ৰাটো কি হৈ গ’ল৷মানুহে তাক আজিকালি পাগল হ’ল বুলিয়ো কয়,চকুৰ আগত মই মোৰ ফুলকুমলীয়া উঠি অহা ল’ৰাটো কেনেকৈ চাই থাকোঁ৷সেইদিনা যদি তুমি লগত থাকিলা হয় হয়তো আজি তাৰ এনেকুৱা নহ’লহেতেন৷খেলত হৰাৰ পাছত সি একেবাৰেই ভাগি পৰিছিল,তাক উৎসাহ দিবলৈ তাৰ কোনো বন্ধুও নাছিল,তাৰ লগত কথাপাতিবলৈয়ো কোনো নাছিল৷মই সেইদিনাহে বুজিছিলো মানুহৰ জীৱনত বন্ধুত্বৰ মুল্য কি৷
:"আন্টি আপুনি নাকান্দিবচোন,ভুল সকলোৰে হয় আৰু মই কিবা সহায় কৰিব পাৰোঁ নিকি,যদি মোৰ ফালৰ পৰা কিবা কৰিব পৰা যায় মই নথৈ সুখী হ’ম৷"
:"ৰাশি তুমি মোৰ ভুলবোৰ ক্ষমা কৰি যদি পাৰা এদিন আমাৰ ঘৰলৈ আহিবানে৷"
"মই ইনষ্টিটিউটৰ পৰা পাৰমিশ্বন লৈ আপোনাক জনাব বাৰু "বুলি কৈ ক’লটো কাটি দিলে৷ৰাশিৰ মনটোত শোক এটাই বেৰি ধৰিলে৷কেনেকৈ মানুহৰ জীৱনে হঠাৎ এনেকুৱা ৰূপ ল’ব পাৰে৷পলৰ দৰে ল’ৰা এটা ইমান কম বয়সতে এনেকুৱা হ’ব পাৰেনে৷এই সকলোখিনিত মাকৰ দুখ নথকা নহয়৷যদি মাকে টকা পইচাৰ কবলত অন্ধ নহৈ মানবীয়তাৰ কথা বুজি উঠিল হয় আৰু পলক যদি বন্ধুত্ব গঢ়াত সদায় কৰিলে হয় তেন্তে আজি সি হীনমন্যতাত নুভুগিলে হয়৷মাকে যদি উচিত সময়ত উচিত ব্যৱস্থা ল’লেহেতেন,সময়ৰ লগত কেনেকৈ চলিব লাগে শিকালেহেতেন,তাক তাৰ জীৱনটো নিজৰমতে চলিবলৈ দিলেহেতেন,আজি পল একেবাৰেই সুস্থ হৈ থাকিল হয়৷
ৰাশিয়ে কথাবোৰ ভাবি ভাবি শুবলৈ লওঁতেই অনুজৰ ফোন আহিল৷ক’লটো ৰিচিভ কৰি তাই ধীৰ মাতেৰে ক’ কি হ’ল বুলি কোৱাত অনুজ অলপ আচৰিত হ’ল আৰু তাইক সুধিলে
:"কি হ’ল তোৰ কিবা গা চা বেয়া নেকি?"
:"নাই মই থিকেই আছোঁ কথা এটাহে ভাবি আছিলোঁ "
:"কি কথা ভাবি আজি আমাৰ টেকটেকীজনী গহীন হৈ আছে জানিব পাৰোনে?"
:"অ’ প্লিজ অনুজ ,মই এতিয়া ধেমালি কৰাৰ moodত একেবাৰেই নাই"
:"is anything serious?"
:"তই মোক গালি নাপাৰিবি দেই,তই মনা কৰাৰ পাছতো মই আজি পলৰ মাকলৈ ফোন কৰিছিলোঁ"
:"তোক মই মানা কৰা পাছতো তই এইবোৰত কিয় লাগি আছ্৷আকৌ আগৰবাৰৰ দৰে চিলেক্ট নহ’লে নিজেই পস্তাবি হ’লে কৈ দিছোঁ৷লোকৰ প্ৰব্লেমবোৰকে সামৰি নাথাকিবিচোন তোৰ নিজৰ লাইফটোৰ কথা ভাব"
:"এইবোৰ কাৰণতে একো কথা নকওঁ তোক,দেখিছ নহয় কেনেকৈ গালি দিবলৈ ষ্টাৰ্ট কৰি দিলি "
:"গালি খোৱা কাম কৰিলে গালি খাবিয়েই৷আৰু মই তোক এইবোৰৰ পৰা দুৰত থাকিবলৈ কৈছোঁ৷নিজৰ কাম ভালদৰে কৰ’ আৰু তই এইবাৰ চিলেক্ট হোৱাটো বিচাৰোঁ,তই যদি এইবাৰো চিলেক্ট নহওঁ তেনেহ’লে পাছত আমাৰ ৰিলেচনটোৰ কথা কোনোবাই গম পাব হ’লে,প্ৰেম কৰি কৰি মোৰ বাবেই তোৰ কেৰিয়াৰ বৰবাদ হ’ল বুলি ওলাব৷তাতে সেই মানুহজনী কিমান অহংকাৰী তই জান নহয় বাদ দে,সিহঁতি যি কৰে কৰিবলৈ দে"
:"বুজিছোঁ কিন্তু মানুহৰ situationবোৰ সদায় একেই নাথাকে৷কালি তেওঁ যেনেকুৱা আছিল আজি কথা পাতি একেবাবে তাৰ বিপৰীতটো দেখিছোঁ৷আৰু পলৰ কি হৈছে তই নাজান নহয় "
:"মই জানিবও নোখোজো আৰু তোৰ যদি এইবোৰকে কৰিবলৈ মন তেনেহ’লে ঘৰলৈ গুচি আহ৷কোনোবা এটা কাম ক’ৰ,যদি সেইটোকে কৰিব নোৱাৰ মোৰ লগত কথা নাপাতিবি"
ৰাশিয়ে অনুজক বুজাবলৈ চেষ্টা কৰিও নোৱাৰিলে৷সি তাইৰ কোনো কথাই শুনিব নোখোজে সেয়ে তাই পলৰ related কোনো কথাতে মন নিদিওঁ বুলি ক’লে আৰু এইবাৰ চিলেক্ট হৈ দেখুৱাব বুলিও কথা দিলে৷অনুজৰ লগত কথা পাতি হোৱাত তাই বিচনাতে পৰি পলৰ কথাটো আৰু তাক তেনেকুৱা অৱস্থাত এৰি দিয়াটো ভাল নহ’ব বুলি ভাবিলে৷কৰিবনো কি উপায়ো নাই,অনুজেটো চিধাচিধি মনা কৰি দিছে আৰু কেনেবাকৈ গম পাব হ’লটো কথা বেয়া হ’ব৷তথাপিও তাই মনে মনে পলৰ বাবে কিবা এটা কৰাৰ কথা ভাবিলে৷পাছদিনা পলৰ মাকে ৰাতিপুৱাই ফোন কৰি আবেলিলৈ তাইক এপাক লগ পাবৰ বাবে বিচাৰিলে৷তাইয়ো মনা কৰিবলৈ বেয়া পাই আহিব বুলিয়ে ক’লে৷আবেলি তেখেতৰ লগত কথা বতৰা পাতি দেওবাৰ এটাত তেওঁলোকৰ ঘৰলৈ যোৱাৰ প্ৰগেম পাতিলে,লগতে ইনষ্টিটিউটত এপ্লিকেচন এখন দি দিলে৷তাতে পলৰ মাকে গাৰ্জেন হিচাপে sign কৰাত পাৰমিশ্বনটো পালে৷
নিদিষ্ট দেওবাৰটোত ৰাতিপুৱাই পলৰ মাকে গাড়ীখন লৈ তাইক নিবলৈ অহাত তেখেতৰ লগতেই গৈ ঘৰ পালেগৈ৷খুউব ধুনীয়াকৈ সজাই পৰাই বনোৱা ঘৰটোৰ দীঘলীয়া কৰিদৰটোৰে গৈ পলৰ ৰুমত সোমালগৈ৷ৰুমটো একেবাৰেই আন্ধাৰ,খিৰিকীখনো মেলা নাই,দৰ্জাখন খুলি দিয়াত বাহিৰৰ ৰুমৰ পৰা অহা জিলিকনিৰ বাদে একো নাই৷মৃদু পোহৰৰ ৰুমটোত বিচনাখনৰ চুক এটাত পল বহি আছে তল মুৰ কৰি৷অবাক লাগি ৰাশিলৈ মুৰতুলি চাইছে হয়তো মাকৰ বাহিৰে প্ৰথমবাৰ আন কোনোবা তাৰ ৰুমলৈ আহিছে৷তাইক দেখি সি অলপো সুখী নহয় যেনেই লাগিছে৷ৰাশিৰো মনত ভয় ভয় ভাব এটা আহি আছে,কাকো নোকোৱাকৈ অচিনাকি ঠাইত অচিনাকি মানুহ এঘৰলৈ এনেকৈ আহিছে৷অনুজক ক’লেও সি খং কৰিব সেয়ে তাকো এই বিষয়ে একো নজনোৱাকৈ আহিছে৷পলৰ মাকে দুৰৰ পৰাই ৰুমটো দেখুৱাই দিয়াত পুনেই ৰুমটোলৈ সোমাই আহিলে৷লাইটৰ চুইচবৰ্ডখনো ক’ত আছে বিচাৰি পোৱা নাই,সেয়ে পলক মাত লগাই খিৰিকীখন মেলি পৰ্দাখনকেইখন চপাই দিলেগৈ৷ৰুমটো পোহৰ হৈ পৰাত পলে বন্ধ কৰিবলৈ চিঞৰ মৰাত মাকে দৌৰি আহি তাৰ ৰুম পালেহি৷ৰাশিয়ে তাৰ চিঞৰ শুনি প্ৰায় ভয় খায় উঠিছিল৷মাকে পলক ৰাশিৰ লগত কথা পাতিবলৈ বুজাই ,ৰাশিক নিজেই কিবাকিবি সুধিবলৈ কৈ পাকঘৰ পালেগৈ৷ৰাশিয়ে পলৰ কাষতে বহি তাইক চিনি পাইছেনে আৰু গুৱাহাটীৰ দুইএটা কথা মনত পেলাই দিলে৷অলপ সময় পাছত পলে এপাকত তাইক গবামাৰি ধৰি আকৌ নোযোৱা নহয় মোক এৰি বুলি কোৱাত তাইৰ জীয় উৰি যাওঁ যেন কৰিল৷তথাপিও তাৰ মানসিক অৱস্থাটোৰ কথা ভাবিয়েই তাক নাযাওঁ বুলি কৈ তাৰ কাষৰ পৰা উঠি দিলে৷তাই তাৰ লগত দুই এটা কথা পাতি তাৰ লগত সহজ হ’বলৈ খুজিলে আৰু ৰুমটো কিয় আন্ধাৰ কৰি ৰাখিছে সুধিলে৷সি ক’লে " মোৰ গোটেই জীৱনটোতেই পোহৰ নেদেখিলো,ৰুমটো পোহৰাই কি কৰিম৷" ৰাশিয়ে বুজালে বহুত কিবাকিবি,হয়তো সিও বুজিছিল আৰু সেয়ে তাইৰ কথাবোৰ খুউব মন দি শুনিছিল৷কথাবতৰা পাতি হোৱাত ৰাশিয়ে ৰুমটোৰ পৰা ওলাই আহিব খোজাত সিও তাইৰ পাছে পাছে ওলাই আহিছিল৷এনেকৈ বহুদিনৰ মুৰত ৰুমটোৰ পৰা বাহিৰলৈ ওলাই অহা দেখি তাৰ মাক খুউব সুখী৷অতদিনৰ মুৰত অসম্ভৱ যেন লগা কাম এটাও ৰাশিৰ বাবে আজি সম্ভৱ হৈ উঠিল৷পলে সৰু ল’ৰাটোৰ দৰে ঘৰটোত ৰাশিৰ পাছে পাছে ঘুৰি ফুৰিল৷তাইৰ যাবলৈ সময় হোৱাত তাইক যাবলৈ নিদি হাতখন ধৰি ৰাখিছে,কিন্তু মাকে আকৌ তাই আহিব বুলি কোৱাতহে হাতখন এৰি দিলে৷বহুদিনৰ মুৰত পলৰ মুখত হাহিঁ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মনটোও মুকলি যেন লাগিছে৷অলপহ’লেও পলৰ জীৱনত ৰং সিচিব পাৰি ৰাশিৰো ভাল লাগিল,মাকৰ লগত পলেও তাইক ইনষ্টিটিউটৰ ওচৰত নমাই থৈ গ’লহি৷
পলহঁতৰ ঘৰৰ পৰা আহি তাই মনটোৱে শান্তি পাইছে যদিও গোটেই দিনটো এনেকৈ অচিনাকি মানুহ এঘৰত আছেগৈ আৰু তাৰ বাবে অনুজকো মিছা মাতিছে৷তাই তাত থাকোঁতে অনুজে ফোন কৰাত আজি সিহঁতৰ কিবা মিটিং আছে বুলি মিছাকৈয়ে কৈছিল৷আবেলিয়ো ফোন কৰোতে অনুজৰ ফোনটো ৰিচিভ নকৰিলে,এতিয়া তাই তালৈ ফোন কৰি আছে যদিও সি ৰিচিভ কৰা নাই ৷সেয়ে জীয়ালৈকে ফোন কৰি অনুজৰ কথা সুধিলে৷জীয়াই ক’লে তাই ফোন ৰিচিভ নকৰাৰ কাৰণে বোলে অনুজে তাইক কৈছিলহি,এজনীয়ে দেওবাৰ দিনটোত অলপ আজৰি পায় তাতো মোৰলৈ সময় নাই,তাতে তাই ক’লটো কাটি দিয়াত খংতে কথা নাপাতো বুলি কৈছিলহেনো৷জীয়াই ৰাশিকে গালি পাৰিছে ইমান ইমপৰটেন্ট মিটিংনে,একমিনিটো সময় নথকাকৈ৷ৰাশিয়ে উপায় নাপায় জীয়াক সকলোবোৰ কথা খুলি ক’লে,জীয়াই অৱশ্যে বেয়াপোৱা নাই তথাপিও আনৰ বাবে কিবা কৰোতে নিজক নাপাহৰিবি বুলিহে কৈছে৷এবাৰলৈ মাফ কৰি অনুজক বুজাই বঢ়াই কথা পতাই দিম বুলি ক’লে৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment