Wednesday, June 17, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৫৪)
_____________________
ৰাতিলৈ ৰাশিয়ে অনুজৰ লগত বহুতদেৰি ফোনতে কথা পাতিলে৷গালি খোৱাৰ ভয়তে পলক লগ কৰিবলৈ যোৱা কথাটোও নক’লে ৷মানুহে চকুৰ আতঁৰ হ’লে মনৰো আতৰ হয় বুলি কয় কিন্তু সিহঁতৰ সৰুসুৰা কাজিয়াবোৰে এক চেকেণ্ডৰ বাবেও ইটোৱে সিটোক মনৰ পৰা আতৰ হ’বলৈয়ে নিদিয়ে৷দিনবোৰো চমু চাপি আহিছে,ফাইনেল খেলখনলৈ মাথোঁ দুটা দিন আছে৷সংসাৰৰ সকলো কথা বাদ দি ৰাশিয়ে এইবাৰ মাত্ৰ খেলখনত জিকি অনুজক চাৰপ্ৰাইজ দিয়াৰ কথাহে ভাবি আছে৷তাইৰ কষ্টবোৰ দেখি ট্ৰেইনাৰ কেইজনেও সলাগিছে৷তাকে দেখি খেলত জিকাৰ হেপাঁহ আৰু উদ্যম দুয়োটাই একেবাৰেই দুগুণে বাঢ়ি গৈছে৷
ৰাতিপুৱাই শুই উঠি গা পা ধুই গোহাঁই ঘৰতে শেৱালি আন্টিয়ে ৰাশিৰ খেলখনৰ বাবে চাকি এগচি দিছে৷আজি ফাইনেল খেল আৰু খেলখন আৰম্ভ হোৱাৰ আগতেই জীয়া আৰু অনুজে এবাৰ ৰাশিৰ সৈতে কথা পাতি Best wishes দিছিল ৷যাতে এইবাৰ তাই খেলখনত জয়ী হয়৷ৰাশিৰ খেল চাবলৈ পল আৰু পলৰ মাকো ষ্টেদিয়ামলৈ আহিছে৷অনুজে ঘৰতে গোটেইখন ধৰধৰমাৰ মাৰ কৰি আছে,খেলিছে ৰাশিয়ে কিন্তু তাৰ হে ভয় বাঢ়িছে৷ৰাশিয়ে খেলত জিকিলে তাইক গিফ্ট দিব বুলিয়ে চেইন এডাল আনি থৈছিল,সেইদালকে লৈ ভগৱানক ভাবি আছে,জীয়াই অনুজক ইফালৰ পৰা সিফাল কৰি থকা দেখি কিনো হ’ল জানিবলৈ ওচৰতে বহিলহি আৰু অনুজৰ চেইনদাল দেখিয়ে coinsidently তইয়ো ৰাশিৰ বাবে লকেট এটা আনি থৈছিল দিবলৈহে পাহৰি আছে বুলি কৈ লকেটটো আনি অনুজক দেখুৱালেহি৷লভ ডিজাইনৰ লকেটটোত এফালে জীয়া আৰু আনফালে ৰাশিৰ ফটো দিয়া আছে৷গল্ডেন ৰংৰ খুউব ধুনীয়া চকুল লগা লকেটটো দেখি অনুজে এইটো এইদাল চেইনতে লগাই ৰাশিক গিফ্ট দিম বুলি লৈ থ’লে৷হাহিঁ ধেমালিৰে সময়বোৰ ৰঙীন হৈছিলহে হঠাৎ জীয়ালৈ ক’ল এটা আহিল আৰু তাই লগালগ ৰুমলৈ গৈ কাপোৰ কানি বান্ধি আনি "অনুজদা, মই ঘৰলৈ যাওঁ important কাম এটা আছে, ৰাশি আহিলে মই ইমপৰটেন্ট কাম এটাত ঘৰ যোৱা বুলি ক’বা আৰু লকেটটো তুমিয়েই চেইনডালৰ লগত দি দিবা" ৷হঠাৎ এনেকৈ জীয়া যাবলৈ ওলোৱা দেখি অনুজ আৰু শেৱালি আন্টিয়ে তাইক কিয় যায়,কি হ’ল ধেৰ প্ৰশ্ন কৰিলে কিন্তু তাইৰ হাতত একো এটা প্ৰশ্নৰো উত্তৰ নাছিল মাত্ৰ তাই কৈছে ঘৰৰ পৰা আৰজেণ্ট ফোন কৰি তাইক মাতিছে৷অনুজে বাছ ষ্টেণ্ডলৈকে থ’বলৈ যাম নেকি সুধিছিল কিন্তু ইমান গৰমত নালাগে,অকলেই পাৰিম বুলি কৈ তাই ওলাই গ’ল৷
জীয়া ওলাই যোৱাৰ ডেৰঘন্টামানৰ পাছত অনুজে তাই ক’ত পালেগৈ,ঘৰ পালেনে নাই জানিবলৈ ক’ল কৰিলে কিন্তু ক’লটো কোনোবা বেলেগেহে ৰিচিভ কৰিলে৷তাইৰ ঘৰৰ কোনোবাই ৰিচিভ কৰিলে বুলি সি কোনো মাত নিদিয়াকৈ ক’লটো কাটি দিলে৷কিন্তু অলপসময় পাছত পুলিচ ষ্টেচনৰ পৰা অনুজলৈ ফোন আহিল আৰু জীয়াৰ এক্সিডেণ্ট হোৱাৰ খবৰটোৰ লগতে JMCHত এডমিট কৰাৰ কথাটোও ক’লে৷ফোনত কি হ’ল কেনেকৈ হ’ল একো সুধি নাথাকি সি লৰালৰিকৈ মাকক কথাটো জনাই দুয়োটা গৈ মেডিকেল পালেগৈ৷আই.চি.ইউ ৰ মিকু নামৰ ৱাৰ্ডটোত জীয়াক এডমিট কৰা হৈছে আৰু জীয়াৰ ঘৰৰ মানুহলৈয়ো খবৰ দিয়া হৈ গ’ল৷কিন্তু এতিয়ালৈকে কোনো পোৱাহিয়েই নাই,নাৰ্চে আহি অপাৰেচনৰ বাবে ঘৰৰ মানুহৰ চাইন বিচাৰিলে৷কিন্তু অনুজহঁতে আহি পাইয়ে এনেকুৱাবোৰ দেখি কি হ’ল একোৱেই বুজি পোৱা নাই ৷মাকক দাতিঁৰ বেন্সখনতে বহুৱাই ভয়ে ভয়ে অনুজে পুলিচজনৰ কাষলৈ কি হ’ল জানিবলৈ আগুৱাই গ’ল,আৰু পুলিচজনৰ কথা শুনি অনুজ মাটিতে লুটিখাই পৰিলে৷অনুজক লুটিখাই পৰা দেখি মাকে দৌৰি অহাদি আহি কি হ’ল সুধিলে ৷অনুজে একো ক’ব পৰা নাই তাৰ উঠদুটা মাথোঁ ল’ৰি আছে,কথাবোৰ স্পষ্ট হোৱা নাই৷মাকৰ মনটোত অসংখ্য বেয়া বেয়া চিন্তাই আহি জুমুৰি ধৰিলেহি৷মাকে কি হ’ল ক’ ক’ বাবা কি হ’ল বুলি সুধি থাকিলে৷সি ক’লে
:"মা এওঁ কৈছে জীয়াই বোলে গাড়ীৰ আগত পৰি চুইচাইড কৰিবলৈ চেষ্টা কৰিছিল,কিন্তু তাইটো আজি ঘৰৰ পৰা হাহিঁ মাতিয়েই ওলাই গৈছিল আৰু জীয়াই এনেকুৱা একো কৰিব নোৱাৰে,তুমি কোৱাচোন"
"মই জানো জীয়াই তেনেকুৱা একো নকৰে৷মই কথা পাতোঁ ৰ’বা "বুলি কৈ শেৱালি আন্টিয়ে পুলিচৰ কনষ্টেবল জনৰ সৈতে কথা পাতি জীয়াই চুইচাইড কৰিবই নোৱাৰে বুলি ক’লে ৷কিন্তু তেখেতে ক’লে"
:"এক্সিডেন্টটো দেখাসকলেটো সেইটোৱেই কৈছে ,ভোগদৈৰ অভাৰব্ৰীজখনৰ ওচৰত ছোৱালীজনীয়ে জানি বুজিয়েই ট্ৰাকখনৰ আগলৈ জপিয়াই দিলে"
:"আপোনালোকৰ কিবা এটা ভুল হৈছে নেকি,জীয়াই ভোগদৈৰ অভাৰব্ৰীজলৈ কিয় যাব৷তাইটো আজি ঘৰলৈ যাবলৈহে ওলাইছিলে আৰু হাহিঁ মাতিও আছিলে৷বেয়া নাপায় যদি ছোৱালীজনীক লগ পাব পাৰোনে?"
:"নাই pateintৰ অৱস্থা বহুতেই বেয়া,বাছিবনে নাই তাৰো কোনো গেৰাণ্টী নাই আৰু অপাৰেচন নোহোৱালৈকে তেওঁৰ কাষলৈ কাকো যাবলৈ দিব নোৱাৰিম৷কিন্তু ছোৱালীজনীৰ লগত তাইৰ মবাইল,বেগ আৰু কিবাকিবি দুইএটা বস্তুটো পাইছোঁ সেইকেইটাৰ পৰা আপোনালোকৰ doubt clearহ’ব পাৰে৷"
অনুজে বহাৰ পৰা উঠি বস্তুকেইটা চাওঁ বুলি পুলিচজনৰ পাছে পাছে গ’ল ৷তাৰ লগে লগে শেৱালী আন্টিয়ে গৈ যেতিয়া বস্তু বাঢ়নীবোৰ জীয়াৰ বুলিয়েই চিনাক্ত হ’ল তেওঁলোকৰ ভৰিতলৰ মাটিবোৰ যেন নোহোৱা হৈ গৈছিল৷জীয়াৰ ঘৰৰ মানুহ কোনো নহা দেখি লোকেল গাৰ্জেন হিচাপে অপাৰেচনৰ বাবে তেওঁলোকেই চাইন কৰি দিলে৷ৰাশিহঁতৰ ঘৰলৈয়ো খবৰ দিয়াত ৰাশিৰ দেউতাক আহি ওলালহি৷তেতিয়ালৈকে জীয়াহতঁৰ ঘৰৰ কোনো মানুহেই নহা দেখি ভালদৰে খবৰ খাটি কৰাত জীয়াহতঁৰ ঘৰৰ ভয়ংকৰ তথ্যবোৰ সিহঁতৰ হাতত পৰিলহি৷
ৰাশিয়ে খেলখল শেষ হোৱাৰ পাছটো অনুজৰ ফোনটো নহাত বাৰে বাৰে তালৈ ক’ল কৰিলে৷অনুজে ফোন ৰিচিভ নকৰাত
এপাকত তাইৰো বুকুখন ধিপিংকৈ মাৰিলে সেয়ে জীয়ালৈ ক’ল কৰিলে৷কিন্তু জীয়াৰ ফোনটোও ৰিচিভ নকৰাত শেৱালি আন্টিলৈ ক’ল কৰিলে৷তেওঁ ফোনটো ৰিচিভ কৰিয়ে কপাঁ কপাঁ মাতেৰে ক’লে
:"কোৱা"
:"আন্টি অনুজ জীয়া এটাইয়ো ক’ল ৰিচিভ কৰা নাই যে,মোৰ খেল কেতিয়াবাই শেষ হ’ল আৰু ইহঁতি খবৰ এটাও লোৱা নাই যে,মোক আপোনালোকে পাহৰিয়েই পেলালে "
:"নাই অ’ নাই পাহৰা "(অলপকৈ উচুপি উঠিছে)
:"কিয় আন্টি কি হ’ল আপুনি কান্দিছে নেকি ?"
:"নাই "
:"অনুজ আৰু জীয়া ক’ত ফোনটো দিয়কচোন"
এইবাৰ আৰু সহ্য কৰিব নোৱাৰি তেওঁ কান্দিয়েই পেলালে৷তেওঁৰ কান্দোনৰ বিননিত ৰাশিৰ মনৰ ভয়টোৱে তাইৰ বুকুত ধিপিং ধিপিংকৈ মাৰিলে,তেনেকুৱাতে অনুজে হস্পিতালৰ ফৰ্মেলিটিখিনি সামৰি আহি পাই মাকৰ হাতৰ পৰা ফোনটো কাঢ়িলৈ ৰাশিৰ নামটো দেখি হেল্ল বুলি ক’লে৷
:"অনু is everything right,মোৰ মনটো কিবা ভাল লগা নাই আৰু আন্টিয়ে কিয় কান্দিছে "
:"সব থিকেই আছে,আজি মাংস বনাইছিল তই খাই ভাল পাওঁ যে আৰু তাতে ইমানদিন তই নাই সেয়ে তোৰ মাতটো শুনিয়েই emotional হৈ গ’ল৷"
:"সচাঁ কৈছটো আৰু জীয়া ক’ত গ’ল "
:"জীয়া চাদলৈ গৈছে কাপোৰ আনিবলৈ"
:"অঔ তহঁতি একমিনিটৰ বাবে মোক ভয় খোৱাই দিছিলি কোনেও ফোন ৰিচিভ কৰা নাই ,মোৰ খবৰ এটাও লোৱা নাই ৷"
:"মই কাম এটাত বিজি হৈ আছোঁ তোক পাছত ক’ল কৰি আছোঁ"
:"কি মানে?মোৰ খেলখন কেনেকুৱা হ’ল সুধিবলৈয়ো টাইম নাই ,এনেকুৱা কি ডাঙৰ কাম কৰি আছ"
:"মই জানো তই ভাল খেলিছ বুলি,তই মাত্ৰ সোনকালে গুচি আহ,বহুত মিছ কৰিছোঁ "
:"সোনকালেই যাম বাৰু "
:"থিক আছে bye ,take care"
ফোনটো ৰাখি অনুজৰ চকুপানী টোপটোপকৈ ববলৈ ল’লে৷শেৱালি আন্টিয়ে ৰাশিক কিয় জীয়াৰ কথাবোৰ নক’লে সুধিলে আৰু সি ক’লে
:"জীয়াৰ এইটো অৱস্থাৰ কথা যদি তাইক কওঁ তাই এতিয়াই গুচি আহিব আৰু তাইৰ যদি কিবা হয়,জীয়াৰ নিচিনাকৈ৷নাই নাই তাই আহিলেহে ক’ম,তুমিও নক’বা আৰু আনকো তাইক এইবোৰ ক’বলৈ মনা কৰিবা,ইনেই টেনচন ল’ব৷"
অনুজ আৰু শেৱালি আন্টিৰ কথাবোৰ শুনি থকা ৰাশিৰ দেউতাকে ক’লে
:"কিন্তু বোপা জীয়া ৰাশিৰ ..."
:"প্লিজ খুড়া ৰাশিক এই বিষয়ে একোৱেই নক’ব৷ইনেও খেল শেষহ’ল যেতিয়া দুই এদিনতে তাইয়ো আহিবই ,এইখিনি সময়ত তাই বা তাত কেনেকৈ আছে৷সেয়ে তাইক এতিয়াই এইবোৰ কোৱাটো ভাল নহ’ব ৷"
অনুজৰ কথাবোৰ বুজি সকলোৱে তাৰ কথাতে হয়ভৰ দিলে৷যদিও জীয়াৰ অৱস্থাটো চাই কি হ’ব একোৱেই ধৰিব পৰা নাই৷অলপ আগৰলৈকে হাহিঁ মাতি থকা ছোৱালীজনী হঠাৎ এনেকুৱা কি হৈ গ’ল যে তাই ইমান ডাঙৰ এটা পদক্ষেপ নভবা নিচিনাকৈয়ে লৈ ল’লে৷বিশ্বাস কৰিব নোৱাৰি কিন্তু ৰাস্তাৰ দাতিত লগাই থোৱা চিচিটিভিৰ কেমেৰা ফটোবোৰৰ সহায়ত জীয়াই ফোনত কথা পাতি পাতি ট্ৰাকখন অহাত জানিবুজিয়েই জপিয়াই দিছে বুলি জলজলপটপটকৈ ধৰিব পাৰি৷সচাঁই মানুহৰ জীৱন তেনেই ক্ষন্তেকীয়া,এই আছে এই নাই৷সকলোবোৰতো থিকেই চলি আছিল,জীয়াই প্ৰথমৰ দৰে ভাবুক হৈ নাথাকি সাহসেৰে জীৱন সংগ্ৰাম উঠিপৰি লাগিছিল৷ঘৰৰ সমস্যাবোৰেও লাহে লাহে তাই কোঙা কৰিব পৰা নাছিল৷তাইয়ো জীৱন যুদ্ধত থিয় দিয়া এগৰাকী সাহসী যুদ্ধা কিন্তু এতিয়া তাই হস্পিতালৰ বেডিংত যুজি জীৱন আৰু মৃত্যুৰ লগত যুজি আছে৷তেজ মঙহৰ নালাগে আজি তাইৰ কাষত থিয় দিবলৈ তাইক ন’ মাহ দিন পেটত ৰাখি জন্মদিয়া মাকজনীও নাই৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment