Wednesday, June 24, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৫৮)
_____________________
ফৰিংচিতিকা সময়বোৰ বৰ আউল লগা৷কেনিনো উৰি যায় ধৰিবই নোৱাৰি৷প্ৰথমে জীয়া এতিয়া অনুজ আৰু বা কোন কেতিয়া ক’ত আতৰি যায় কি থিক৷সময়ৰ ওপৰত ৰাশিৰ বিশ্বাস নোহোৱা হৈ পৰিছে,কথাবোৰ ভাবি ভাবি টোপনিও নহা হৈছে,কান্দিবও নোৱাৰে সেয়ে চাদৰ ওপৰতে বহি আছেগৈ৷তেনেকুৱাতে পিছফালৰ পৰা মিনু আন্টিয়ে মাত দিলে"ইমান ৰাতি শোৱা নাই যে"?
:"অহ্ মই ভয় খাই গ’লো,আপুনি ইমান ৰাতি ইয়াত যে ?"
:"sorry কিন্তু তোমাক এইদৰে অকলে ইমান ৰাতি ইয়াত দেখি মই ভাবিলোঁ তুমি কাৰোবাৰ কথা ভাবি আছা৷সকলো থিকেই আছেনে?হয়তো তুমি কাৰোবাক বৰ বেয়াকৈ miss কৰি আছা নহয়নে?"
:"হয় অলপ তেনেকুৱাই কিন্তু আপুনি কেনেকৈ জানিলে?"
:"এইবোৰ সময় মইও পাৰ কৰি আহিছো সেয়ে বুজি পাওঁ৷কিন্তু মই ভাবো তুমি যদি জীয়াৰ কথা ভাবি আছা তেনেহ’লে সময়ৰ লগত আগবাঢ়ি আহা,এইদৰেই মনত দুখ বান্ধি ফুৰিলে জীয়াৰ আত্মাই শান্তি নাপাব আৰু অনুজ য’ত আছে থিকেই আছে বেছি চিন্তা নকৰিবা৷"
:"আন্টি আপুনি কেনেকৈ জানিলে মই অনুজৰ কথা ভাবি আছোঁ বুলি?"
:"এইবোৰ মই মোৰ experienceৰ পৰা জানিছোঁ আচলতে মানুহ দেখিলেই বুজি পাওঁ মনৰ মাজত চলি থকা যুদ্ধখনৰ কথাবোৰ"
:"তেনেহ’লে আপুনি আমাৰ কথাও জানে "
"নিশ্চয়,সুখী হোৱা আৰু সময়ৰ লগত খোজ মিলাই আগবাঢ়া৷অনুজ সোনকালেই আহিব৷" বুলি কৈ তেওঁ আতৰি গ’ল৷মিনু আন্টি হ’ল শেৱালি আন্টিৰ কেয়াৰটেকাৰ লগতে ঘৰৰ সকলো কাম খোৱা বোৱাৰ পৰা ধৰি লৈ চাফ চফাই সকলোবোৰ কৰে৷শেৱালি আন্টিৰ কোনো ধৰণৰ কষ্ট নহওঁক বুলিয়েই তেওঁৰ ভায়েকে সহায়ৰ বাবে থৈ গৈছে৷মিনু আন্টি থকাৰ পৰাই ৰাশিৰো বহুখিনি সুবিধা হৈছে৷তেওঁ জীৱনটোক লৈ বহুত পজিটিভ,তেওঁৰ motivational quotesবোৰে ৰাশিক বহুত সাহস দিয়ে ৷তেওঁ psychology honours লৈ M.A pass কৰিছে যদিও নিজৰ অতীতৰ পৰা পলাবলৈয়ে এনেকৈ কোনেও নজনাকৈ নিজকে লোকোৱাই ৰাখিছে৷প্ৰায় পাচঁবছৰ ধৰি শেৱালি আন্টিৰ ভায়েকৰ ঘৰতে আছিল৷তেওঁ কেতিয়াও নিজৰ বিষয়ে একো খুলি কোৱা নাই কি হৈছিল তেওঁৰ সৈতে,কিন্তু তেওঁক দেখিলেই লাগে যেন তেওঁৰ জীৱনত নিশ্চয় কিবা ঘটিছে৷তেওঁৰ লগত কথা পাতিলে ৰাশিৰ এনে অনুভৱ হয় যেন মিনু আন্টিৰ জীৱনৰ বহুত ডাঙৰ ৰহস্য আছে যিটো তেওঁ লোকোৱাই ৰাখিছে অতদিনে সকলোৰে পৰা৷
অনুজে ট্ৰেইনিংলৈ যোৱা ছয়মাহ পাৰ হ’ল৷এতিয়া পোন্ধৰ দিনৰ বাবে ছুটীত আহিব সেয়ে ৰাশিৰ সুখৰ ঠিকনাই নাই ৷ক’ত ক’ত যাব কি কৰিব,কেনেকৈ কৰিব,তাই মিনু আন্টৰ পৰা শিকা কি কি ৰেচিপি বনাই খোৱাব আৰু যাৰ বাবে অনুজ চাৰপ্ৰাইজদ হৈ যাব৷মুঠৰ ওপৰত সকলোখিনি প্লেনিং মনৰ মাজতে কৰিয়েই পেলালে৷সচাই ভগৱানে এখন হাতেৰে কিবা এটা কাঢ়ি ল’লে আনখন হাতেৰে দিবলৈ নাপাহৰে৷দুদিন দেৰি হ’ব পাৰে কিন্তু দিয়াত কোনো ভুল নকৰে৷জীয়াৰ মৃত্যুৰ দিনাখনৰ পৰাই ৰাশিয়ে শপত খাইছিল বক্সিং নেখেলোঁ বুলি,জীয়াই উপহাৰ দিয়া আটাইতকৈ মুল্যবান গিফ্টটো আৰু জীৱনত নাৰাখো বুলি সেইদিন ধৰি বক্সিং যি বাদ দিলে তাৰ আজিও কোনো সম্ভাৱনা নাই৷অনুজে বহুত force কৰিছিল কিন্তু তাই কাৰো এটা কথাও নুশুনিলে৷এদিন পলৰ মাকে ৰাশিলৈ ফোন কৰি জনাইছিল পল লাহে লাহে মানসিক আৰু শাৰীৰিক ভাৱে সবল হৈ উঠিছে বুলি৷কিন্তু তেওঁ যেতিয়া ৰাশিৰ খবৰটো শুনিছিল আচৰিত হৈছিল৷বহুদিন ধৰি পলৰ ট্ৰিটমেণ্টৰ বাবে ৰাশিৰ লগত ভালদৰে যোগাযোগ কৰিব পৰা নাছিল তাতে ৰাশিয়েও সকলোৰে লগত সম্পূৰ্ণৰূপৰ যোগাযোগ এৰাই চলিছিল সেয়ে পলৰ খবৰটো পাওঁতে দেৰিয়েই হ’ল৷এতিয়া এইকেইদিনতে পলহঁতে ৰাশিক লগ কৰিবলৈ যোৰহাট অহাৰ কথা আছে লগতে যোৰহাটখনো দুদিনমান ভালদৰে ফুৰাৰ কথাও আছে৷ ৰাশিৰ অলপ ভয় ভয় অনুভৱ হৈ আছে,কাৰণ অনুজেটো পলহঁতৰ পৰা দুৰত থাকিবলৈয়ে কৈছিল তাতে এতিয়া দুইটা একেলগেই আহিব,কেনেবাকৈ যদি গম পাই পলক সহায় কৰিবলৈ সিহঁতৰ ঘৰত থকাৰ কথা আৰু তাই তাক ইমান দিনে মিচা কথা কৈ সচাটো লুকুৱাই ৰখাটো তেতিয়াহ’লে অনুজৰ বহুত খং উঠিব সেয়ে দুয়োটাক ইটোৱে আনটোৰ মুখামুখি নোহোৱাকৈ দুৰে দুৰে ৰখাৰ কথাটোৱে ভাবিলে৷
মাৰ্চৰ 17তাৰিখৰ দিনা অনুজে আহি যোৰাহাট পালেহি আৰু কেতিয়া পাবহি কাকো খবৰ নিদিয়াকৈয়ে ঘৰলৈ ওলালহি৷ৰাশি সেইটো সময়ত ঘৰত নাছিল সেই সুযোগতে তাইৰ ৰুমত চিঠি এখন থৈ আহিল আৰু তাত লিখিলে যে ''i am home come & find me "৷আবেলি কলেজৰ পৰা আহি ৰাশিয়ে বিচনাতে চিঠিখন পাই গোটেইজনী ৰঙিলী পমিলি হৈ ধৰফৰাই গোটেই ঘৰটোতে তাক বিচাৰিবলৈ ধৰিলে৷প্ৰথমে শেৱালি আন্টিকেই সুধিলেগৈ অনুজ ক’ত আছে কিন্তু তেওঁ নাজানো বুলি কোৱাত তাৰ ৰুমটোৰ পৰা আৰম্ভ কৰি গোটেই চুককোণ বিচাৰিও ক’তো নাপায় একেবাৰে শেষত চাদৰ ওপৰ পালেহি ৷তাতে কল্ডড্ৰিংছৰ বটল দুটা মুখৰ আগত লৈ বেঞ্চখনতে সি বহি আছে৷তাই তাক দেখিয়ে একচেকেণ্ডো সময় দেৰি নকৰি পাছফালৰ পৰা সাবটি ধৰিলগৈ আৰু কান্দিবলৈ লাগিলে এনেকৈ নোকোৱাকৈ কিয় ঘৰলৈ গুচি আহিলি বুলি৷সি ক’লে
:""বেয়া পাইছ যদি আকৌ ঘুৰি যাওঁ"
:"নহ’ব ক’তো যাবলৈ নিদো তোক,তই মোৰ লগতেই থাকিব লাগিব৷"
অনুজে তাইৰ আগলৈ পৰা চুলিকেইডাল সামৰি "এই পোন্ধৰ দিন তোৰ নামত "বুলি কৈ তাইৰ ফালে আগবাঢ়ি গ’ল৷উফ্ বহুত দিনৰ মুৰত যেন এই অনুভৱ,লাজতে গোটেইজনী ৰঙাচিঙা পৰি গ’ল৷বুকুৰ ধপধপনিবোৰে যেন বেকগ্ৰাউণ্ড মিউজিকহে বজাইছে সেয়ে ভয়তে তাৰ উঠত হাত থৈ ক’লে " তই এনেকৈ ৰোমান্তিক হ’লে ভয় লাগে মোৰ"৷এইষাৰ শুনি অনুজে হাহিঁত থাকিব নোৱাৰা হ’ল আৰু যোৰকৈ সাবটি লৈ তই নিবিচৰালৈকে একো নকৰোঁ কিন্তু তই মোক return giftটো ঘুৰাবলৈয়ে আছে বুলি কোৱাত তাই লগালগ তপককৈ তাৰ গালতে চুমা এটা দি তললৈ ল’ৰ মাৰিলে৷এইবোৰ ইমান খৰকৈ হ’ল যে অনুজে একো ধৰিবই নোৱাৰিলে,তাই নিজেই মনা কৰি চুমা এটা তপককৈ দি দিলে গালত৷সেয়ে হাহিঁমুখীয়া মনটো লৈ লাজে লাজে সিও ৰুমত সোমালগৈ৷তাৰ জীৱনটো কোনো নাৰীৰ উঠৰ পৰশ এয়াই প্ৰথম৷সন্ধিয়া অনুজে মাকৰ কাষতে বহি লৈ মাকৰ ভৰি পিটিকি আছিল তেনেকুৱাতে ৰাশিয়ে চাহৰ প্লেটখন লৈ শেৱালি আন্টিৰ ৰুমলৈকে সোমাই আহিল,ৰাশিৰ হাতত চাহৰ ট্ৰেখন দেখি শেৱালি আন্টিয়ে অনুজক ক’লে "বাবা ৰাশিয়ে দুমাহতে বহুত কাম শিকিলে দেই,চাহকাপো তাইয়েই বনাই আনিছে,আজিকালি ভাতপানীও বনাবলৈ শিকিলে,ৰাশি এতিয়া আগৰ নিচিনা হৈ থকা নাই " কথাষাৰ শুনিয়েই অনুজে চাহৰ কাপটো মুখৰ আগত লৈ ভেবালাগি ৰাশিৰ ফালে চালে৷ৰাশিয়ে তাৰ মেলি থকা মুখখন জপাই,আৰু কি কি বনাও চাই থাক বুলি কৈ ভিতৰলৈ ল’ৰ মাৰিলে৷ইমান কম সময়ত ৰাশিয়ে ইমানবোৰ কাম শিকিলে যিবোৰ দুবছৰতো হাত লগায়েই নাপালে৷অনুজৰ মনটো অলপ ভাল লাগি গ’ল,চাহকাপ খাই মাকলৈ অনা শাৰীখন দি ৰাশিৰ গিফ্টটো দিবলৈ তাইক তাৰ ৰুমলৈ মাতি নি তাইৰ ডিঙিত ধুনীয়া হাৰ্টচেপৰ লকেট থকা চেইনদাল পিন্ধাই " অথনি মোক মনা কৰি নিজেই ৰোমাণ্টিক ফিল কৰাই আতৰি গলি যে " বুলি কৈ তাইক আইনাখনৰ মুখৰ আগত বহোৱাই পিছফালৰ পৰা সাবটি ধৰিলে৷তাই লাজতে ভয়তে পেপুৱা লগা দি "কোনোবাই দেখিব বুলি কৈ "তাক থেলা মাৰি বাহিৰলৈ আহিবলৈ চালে কিন্তু সি তাইৰ হাতখনত ধৰি এৰিয়েই নিদিয়া হ’ল৷তাই হাতখন এৰুৱাবলৈ নানা বুদ্ধিও ক’লে কিন্তু সি একোকে নুশুনা দেখি 'আন্টি আপুনি' বুলি মিচাকে কোৱাত অনুজে হাতখন এৰি দিয়াত দৰাদৌৰিকৈ ৰুমটোৰ পৰা ওলাবলৈ চাওঁতে দৰ্জাখনতেই খুন্দিয়াই দিলেগৈ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment