Saturday, June 6, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৫০)
_____________________
অনুজে কিবা ক’ব খুজিছোঁ বুলি কোৱাতেই ৰাশিৰ বুকুখন ধপধপাই উঠিল৷খাবলৈ লোৱা পানীৰ গিলাচটো টেবুলখনতে এৰি কি ক’ব লগা আছে মেছেজ কৰি দে,মোৰ ৰুমত কাম এটা আছে বুলি কৈ দৌৰি গুচি গ’ল৷আজি প্ৰথমবাৰ অনুজৰ লগত মুখামুখিকৈ কথা পাতিবলৈ লাজ লাগিছে তাইৰ৷ৰুমলৈ গৈ সি কি ক’ব খুজিছে ভাবি ভাবি মোবাইলটো হাতত লৈ বহি আছে৷ঘপককৈ মোবাইটো ভাইব্ৰেত হোৱাত Whatsappটো খুলি চালে৷অনুজৰেই মেছেজ৷কিন্তু সোনকালে seen কৰিলে তাৰ মেছেজটোৰ বাবেই বাট চাই আছিল বুলি ভাবিব পাৰে সেয়ে অলপ দেৰিকৈ চাব মেছেজটো ৷অনুজে কি বা ক’ব জানিবলৈয়ো মন গৈ আছে,কি কৰিব নকৰিবকে গান এটা বজাই হেডফোনদাল লগাই ল’লে৷আজি তাইৰ গান শুনিও ভাল লগা নাই,কি হৈছে তাইৰ নিজেই বুজি পোৱা নাই ৷তথাপিও খুউব কষ্টৰে দহ মিনিট যোৱাৰ পাছত whatsappটো on কৰিলে৷বাপ'ৰে অনুজৰ পাচটামান মেছেজ ,আৰু পলম নকৰি লগালগ তাৰ chatটো খুলিলে৷সি লিখিছে " i am sorry মোৰ কিবা কথাত যদি তই hurt হৈছ’৷ মোৰ তোক hurt কৰাৰ কোনো intention নাছিল আৰু মই কেতিয়াও ভবা নাছিলোঁ তোৰ ওপৰত মোৰ কেতিয়াবা এনেকৈ feelings আহিব বুলি৷বাকী কথাবোৰটো তোক জীয়াই ক’লেই,পাৰিলে মাফ কৰি দিবি৷মোৰ পগলামীবোৰৰ কাৰণে আমাৰ friendshipটো বেয়া নকৰিবি৷মোৰ নিজৰ ওপৰতে guilty feel হৈ আছে৷" মেছেজটো পঢ়ি তাই ৰিপ্লাই দিলে
:"বছ,ইমানেই ক’ব আছিল নে আৰু বেলেগ কিবা?"
:"নাই thats all"
:" Sure টো,পিছত নক’বি মই নুশুনিলো বুলি"
:"আৰে yaar কি বুলি কওঁ ভাবি পোৱা নাই "
:"okey নালাগে ক’ব"
:"ৰ’হ ৰ’হ কৈ আছোঁ
you will be my better hulf ?yesনক’লেও চলিব but please friendship বেয়া নকৰিবি৷বাকী তোৰ কথা তই কি decission লওঁ"
অনুজৰ মেছেজটো পঢ়ি ৰাশিৰ হাহিঁ উঠিল,এনেকৈয়ো বাৰু কোনোবাই কাৰোবাক propose কৰেনে৷সি propose কৰিছে নে নাই ধৰিবই পৰা নাই বুলি হাহিঁ হাহিঁ "মোক ভাবিবলৈ অলপ টাইম দে "বুলি অনুজলৈ ৰিপ্লাই দিলে৷সেইদিনা তাই এবাৰো অনুজৰ সন্মুখলৈ নোলালে৷কিন্তু একেখন ঘৰতে থাকিও সিহঁতৰ মাজত chat চলি থাকিল৷তাই তাক মাজে মাজে তাইৰ পৰা নিগনিৰ দৰে লুকাই চুৰিকৈ ৰুমটোত সোমাই নাথাকিবলৈয়ো ক’লে৷তথাপি তাইৰ নিজৰে লাজ গুচা নাই তাৰ সন্মুখলৈ ওলাবলৈ আৰু অনুজক তাইৰ পৰা লুকাচুৰিকৈ থাকিবলৈয়ো মনা কৰিছে৷লাহে লাহে সময়বোৰ পাৰ হৈ বহাগৰ বিহুৱেই পালেহি৷অনুজ ৰাশি আৰু জীয়াৰ সময়বোৰ এতিয়া আগতকৈ অলপ সহজ হৈ পৰিছে৷দুই এদিনতে কলেজত বিহুৰ বন্ধও দিব আৰু ৰাশিহঁত ঘৰলৈ যাবগৈ৷ৰাশি অনুজৰ কাষত থাকিলে একো নাই কিন্তু এসপ্তাহৰ বাবে ঘৰলৈ যাব আৰু ঘৰলৈ গ’লেই কথাপতাবোৰ কম হৈ যাব তাতে তাইৰ mood যেতিয়াই তেতিয়াই সলনি হৈয়ে থাকে সেয়েহে অনুজে ভয়তে তাৰ proposalটোৰ কথা ৰাশিক আকৌ এবাৰ মনত পেলাই দিলে৷জীয়াৰ বুজনিত আৰু সময়ৰ লগত ৰাশিয়েও অনুভৱ কৰিলে তাইও যে অনুজক ভাল পাই পেলাইছে,কেতিয়াৰ পৰা সেইটো তাইয়ো নাজানে কিন্তু ভাল পাই পেলাইছে যে সেইটো খাটাং৷অনুজে proposalটোৰ কথা মনত পেলাই দিয়াত তাই ভালেই পালে সেই সুবিধাতে তাক লগালগ মেছেজৰ ৰিপ্লাই কৰি দিলে
:"answer জানিবলৈ তইনো propose কৰিছিলি কেতিয়া ?"
:"কিয় সিদিনা সুধা নাছিলোঁ নিকি?তইয়ো চোন টাইম বিচাৰিছিলি,বিশ্বাস নকৰিলে এইয়া screenshots চা"
:"আৰে বাবা গম পাইছো কিন্তু তোৰ proposalটো চা,এনেকে কোনোবাই কাৰোবাক propose কৰিলে yes দিব নিকি?"
:" তোৰ কাৰণে দুবাৰকে surprise plan কৰোঁতে তইহে spoil কৰিলি সকলোবোৰ আৰু এতিয়া এনেকৈ ক’বলে আহিছ "
:"হ’ব হ’ব থ’! তই আৰু একো কৰিব নালাগে, ঘৰ যোৱা দিনা মই তোক answerটো দি থৈ যাম৷"
কথামতেই অনুজে ৰাশিহঁত ঘৰ যোৱাদিনা ৰাতিপুৱা দহমান বজাত ৰাশিক এবাৰ ভালকৈ propose কৰিম বুলি বিচাৰি আহিলে৷কিন্তু ৰুমটোত ৰাশি জীয়া এজনীকো নেদেখি ক’ত গ’ল মাকক সুধিলগৈ৷মাকে ক’লে অলপ আগতেই সিহঁত ওলাই গ’ল,যোৱাৰ আগত তোক মাত দিছিল তইহে নুশুনিলি৷মাকৰ কথাষাৰ শুনি অনুজে ল’ৰালৰিকৈ মুখহাত ধুই ৰাশিক বিচাৰি ASTC পালেগৈ৷লগ পালেই তাইক দিবলৈ বুলি দোকানৰ পৰা কিবাকিবি কিনি ল’লে৷
ৰাশিয়ে বহি থকা বাছখন ষ্টাৰ্ট দি থোৱা আছে পেছেঞ্জাৰ ফুল হ’লেই শিৱসাগৰলৈ ৰাওনা হ’ব৷ৰাশিয়ে খিৰিকীৰে বাহিৰলৈ চাওঁতে অনুজে কিবা বিচাৰি থকা যেন দেখিলে আৰু তেনেকুৱাতে proposalৰ answer দিয়া কথাটোলৈ মনত পৰি গ’ল৷লগালগ বেগৰ পৰা মবাইটো উলিয়াই ল’লে আৰু দেখিলে অনুজৰ এগালমান মিছকল আৰু কেইবাটাও মেছেজো আছে৷বেছি পলম নকৰি তাৰ মেছেজবোৰ নপঢ়াকৈয়ে তাই inboxত গৈ মেছেজ টাইপ কৰিলে "Don’t search me anywhere because I am always in your heart. Put your hand on your heart and you will feel me. Please never leave me and never ever let me go because I will never find a more beautiful place to live. be with me as mine till the end of life. I love you! "মেছেজটো পোৱাৰ দুইমিনিটমান পাছতেই অনুজৰ ফোন আহিল
:" সচাঁনে মই কিবা সপোন দেখি আছোঁ "
:"নাই মই তোৰ ওপৰত Prank কৰিছিলোঁ "
:"চা ৰাতিপুৱাই ধেমালি নকৰিবি’,মেছেজটো পঢ়ি মই কিবা মানুহটো এতিয়াও কপি আছোঁ,i couldnot believe তই মোক accept কৰিলি"
:"মই prank কৰিছোঁ বুলি ক’লো নহয়"
:"এনেকে prank কৰে নেকি?bdw তই মানুহজনী আছ ক’ত,শিৱসাগৰ যোৱা বাছ কেইখনত তোক নাপালোঁ যে "
:"বাছতে বহি আছোঁ আৰু তোক দেখি আছোঁ "
:"ক’ত আছ?ক’ আকৌ"
:"দম আছে যদি বিচাৰি ল’
:"চা দমত ধৰি কথা নক’বি দেই,দুইমিনিটত মই নিবিচৰাকৈ তই নিজেই আহি যাবি "
:" তৌহ challenge কৰিছ মানে "
:"ভাবি ল’,তোৰ কাৰণে মায়ে গাজৰৰ হালোৱা দি পঠাইছে,তোৰ যদি মন নাই মই ঘুৰাই লৈ যাওঁ ,believe নাই হোৱা যদি চাই ল’ ৷ হ’ব দে তোৰটো খাবলৈয়ে মন নাই so মোৰ হাতত উপায় নাই ঘৰলৈকে ঘুৰাইয়ে লৈ যাওঁ আৰু "
:"হ’ব হ’ব মোলৈহে দিছে,তোৰ frontত থকা বাছখনৰ sideৰ খনত লাষ্টৰ ফালে আছোঁ দি থৈ যা হি "
অনুজে ফোনটো কাণত লৈয়ে তাইৰ ওচৰ পালেহি আৰু তাইৰ হাতত বেগটো দিলে৷সন্মুখত থাকিও সিহঁতি ফোনতেই কথা পাতি আছিল সিহঁতি প্ৰথমবাৰ ইমান সময় ফোনত কথা পাতিছে৷বেগটোত কি আছে চাই ৰাশিৰ খং উঠিল আৰু ফোনটো কাটি উল্লু বনালি বুলি খিৰিকীৰে মুৰটো উলিয়াই তাক ভালকৈ এসেকা দিলে৷সিহঁতৰ দিনবোৰ কাজিয়া নকৰাকৈ পাৰেই নহয়৷দুয়োটাই সৰুসুৰা ইটো সিটো লাগিয়েই থাকে৷এঘন্টামানৰ পাছত অনুজে তাইলৈ ক’ল কৰিলে কিন্তু ৰিচিভ নকৰা দেখি inboxতে মেছেজ দিলে"ঘৰ পালিনে "তাইৰ খং এতিয়াও কম হোৱা নাই,মাকৰ হাতৰ হালোৱা বুলি কৈ বেগটোত chipsৰ পেকেট এটা আৰু চকলেট এটা ভৰাই দিছে আৰু তাই লোভতে অনুজৰ লগত challengeটো হাৰিলে৷তাৰ লগত মেছেজ নকৰোঁ বুলিয়ে whatsappৰ মেছেজবোৰ seen কৰিও ৰিপ্লাই কৰা নাছিল কিন্তু যেতিয়া তাই অথনি দিয়া মেছেজটো সচানে মিছা সুধিলে তাই সেইবোৰ একো নহয় বুলি কৈ অফলাইন গুচি গ’ল৷
ঘৰ পাই ৰাতিলৈ মোবাইটো হাতত ল’লে আৰু অনুজে দি থোৱা দহ বাৰটা মান মেছেজ এটা এটাকৈ পঢ়ি হোৱাত ৰিপ্লাইত লিখিলে" 12টা মানতেই ঘৰ পালোহি "তাইৰ মেছেজটো পোৱাৰ পাছতেই অনুজৰ মেছেজ আহিল
:"মই তোক ইমান এগাল মেছেজ দি থৈছোঁ আৰু তই মাত্ৰ এটা ৰিপ্লাই কৰিছ?this is not fare miss rakhi dutta"
:"হুম couse anuj is a cheater"
:"মই Cheat নকৰা হেতেন তোক জানো যোৱাৰ আগত চাবলৈ পালোঁহেতেন৷anyways মই জানোটো আন একো নহ’লেও খোৱাৰ কথাত তই কেতিয়াও মনা নকৰ’ তাতে মাৰ হাতৰ special গাজৰৰ হালোৱা"
:"হ’ব হ’ব Mr. ইমান উৰিব নালাগে "
:"Mr. পৰা মনত পৰিল answerটো সচাঁনে?"
:"যদি তই মোৰ পাচটা চৰ্ত মানি লওঁ তেতিয়াহ’লে positive হ’ব পাৰে নহ’বা আশা কৰিবলৈ বাদ দে আৰু"
:"1st কৈ ল’,চৰ্ত মানো নামানো মোৰ কথা তই কৈ যা " (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment