Wednesday, April 29, 2020

#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক ----------------------------------------------------- #দেৱাশ্ৰী_বৰা (#খণ্ড_২৭) ----------------------------- জোনাকৰ হাতত প্লাষ্টাৰ লগোৱা আছে আৰু প্লাষ্টাৰটোৰ ওপৰত দুই এটা কিবা কিবি লিখাও আছে৷হয়তো তাৰ লগৰবোৰে লিখিছে৷কপালৰ কাষতে সৰুকৈ বেণ্ডেজো লগোৱা আছে ৷ৰাশিয়ে থৰ লাগি জোনাকৰ হাত খনলৈ চাই থকা দেখি সি ক’লে :"একো নাই সোনকালে থিক হৈ যাব,পিছে তুমি ক’ত যোৱা গীতাৰ লৈ মেলি" তাই বহুত ভাবিলে কৈ দিওঁ নিকি কিন্তু কেনেকৈ ক’ব একো বুজি নাপায় কথাষাৰ সলনি কৰি সুধিলে- :"আপুনি ইয়াত যে হাত দেখোন ভালেই হোৱা নাই" :"তিনিদিন ৰুমতে সোমাই Boreহৈ গৈছোঁ so অলপ ওলাই আহিছোঁ হাৱা খাওঁ বুলি" :"আপুনি অকলে আহিছেনে এনেকুৱা conditionত"৷ :"নাই,মোৰ লগৰ চিন্ময় যে সিও আহিছিল,bdw তুমি ক’ত যোৱা নক’লা যে" :"গীতাৰৰ ষ্টিং এদাল চিঙিলে তাকে repair কৰিবলৈ আহিছিলোঁ৷বেয়া নাপায় যদি help এটা কৰিব নেকি? :"কোৱা,মই কৰিব পৰা কাম হ’লে definately কৰিম৷ :"মই Actually যোৰহাটত নতুন যে ভালদৰে চিনি নাপাওঁ দোকান বজাৰ,গীতাৰৰ ষ্টিংডাল ক’ত লগাম ক’ব নেকি?মানে ভাল দোকান চিনাকি আছে নেকি?" :"G3 music station বুলি আছে এখন,দেৱাল ৰ’ড পৰিব,সেইখন মোৰ ভাল চিনাকি,দোকানখনো ভাল বাৰু ,মোৰ হাতখন ভালহৈ থকা হ’লে মইয়ে তোমাৰ লগত গৈ দিলোঁ হয়৷তুমি মোৰ লগৰ যে অনুজকো ক’ব পাৰা সি এইবোৰ জানেটো" "হ’ব বাৰু দোকান নাপালে মই আপোনাক ক’ম বাৰু" বুলি কৈ তাই সেইখিনিৰ পৰা যিমান পাৰে পলাবলৈ চালে৷তাইৰ লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলে মিছা কথা কোৱাটো যে কিমান ভয়ংকৰ,মাত্ৰ এটা মিছা কথা লোকোৱাবলৈ তাই বাৰে বাৰে মিছা ক’ব লগা হৈছে৷তাই সোনকালেই জোনাকক সচাঁ কথাবোৰ কোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ল৷ সন্ধিয়া ঘৰপাই অনুজক Surpriseদিবলৈ বুলি তাৰ ৰুমলৈ সোমাই গ’ল৷সি ৰুমত নাছিল,অনুজহঁতৰ নতুন ঘৰটো বনোৱাৰ বহুত দিনৰ পাছতহে তাই ইয়ালৈ আহিছিল৷কিন্তু অনুজৰ ৰুমটোত কোনো দিনাই সোমোৱা নাছিল৷দিনটো গীতাৰখন ল’বলৈ সোমাওঁতে ভালদৰে একো মন নকৰিলে৷অনুজে তাৰ ৰুমটো প্ৰায় অন্ধকাৰ কৰি থয়,এই অান্ধাৰবোৰৰ মাজতো যে ইমান ধুনীয়া কিবাকিবি থাকিব পাৰে তাই অনুভৱেই কৰিব পৰা নাছিল৷ ৰুমটোত সোমায়েই প্ৰথমে সৰুকৈ কৰিডৰ এটা আছিল,তাৰ কাষতে এটা আলমিৰাহ আৰু তাত বহুত উপন্যাসৰ কিতাপ,কিছুমান ইংৰাজীৰ আৰু কিছুমান অসমীয়াৰ লগতে অন্য বহুতো কিতাপেৰে ভৰপূৰ হৈ এটা সৰু সুৰা লাইব্ৰেৰী খুলি ৰাখিছিল৷তাৰ কাষতে তাৰ পঢ়া টেবুলখন আৰু টেবুলৰ ওপৰৰ ওৱাল খনত তাৰ এটা এটা প্ৰিয় অনুভৱ প্ৰতিদিনাই লিখি গৈছিল৷তাৰ কাষতে এটা গ্লাছৰ আলমিৰাহ আৰু তাত অনুজৰ সমষ্টখিনি সফলতাৰে ভৰি আছিল৷সহজকৈ ক’বলৈ গ’লে গানৰ প্ৰতিযোগিতা হওঁক বা তাৰ গল্প কবিতা,খেলাধূলা কৰি পোৱা এগ্গালমান প্ৰাইজ৷আৰু তাৰ কাষতে সি আটাইতকৈ বেছি ভালপোৱা car collection বোৰ৷ৰাশিয়ে সৰু পৰাই দেখিছিল অনুজৰ কিদৰে গাড়ীবোৰৰ প্ৰতি হাবিয়াস আছিল৷Old modelৰ পৰা new modelলৈকে যিমান গাড়ী আছে সেই সকলোবোৰৰে collection ৰাখিছে সি,লাগিলে গাড়ীখনৰ মিনি ফ্ৰেম হওঁক বা ফটো৷ৰুমটোৰ সিটোকোণত তাৰ gym মৰা দুই এপদ বস্তু আৰু বিচনাখনৰ লগতে ডাঙৰ খিৰিকীখন৷তাই খিৰিকীখনৰ কাষলৈ গৈ পৰ্দাখন আতৰাই বাহিৰলৈ চালে৷এচাতি মৃদুু বতাহে তাইৰ মন প্ৰান শীতল কৰি গ’ল৷খিৰিকীৰ সিপাৰে থকা সেউজীয়াবোৰত তাই সদায় বিচাৰি ফুৰা ভালপোৱাবোৰক পালে৷বিচনাখনৰ কাষতে আইনা থকা wardrobe এটা ৷wardrobeটোৰ ওপৰত দুটা বক্স আছিল আৰু তাত লিখা আছিল "old is gold"৷তাইৰ মনত হাবিয়াস বাঢ়িলে সেই বক্স কেইটাত কি আছে জানিবলৈ৷পুৰনি বস্তুবোৰ ইমান সামৰি ৰাখিছে যেতিয়া তাত নিশ্চয় কিবা বহুত জৰুৰী বস্তুৱে আছে কিন্তু জৰুৰী বস্তুনো কিয় মানুহে দেখাকৈ থ’ব বুলি পুনৰ গীতাৰ খনৰ কাষ পালেগৈ৷তাইৰ সপোনৰো অগোচৰ ল’ৰাৰ ৰুমবোৰো যে ইমান ধুনীয়া আৰু পৰিপাটি হ’ব পাৰে৷ৰুমটোত সোমোৱাৰ আগলৈকে তাই বহুকথাই জনা নাছিল৷কিন্তু ৰুমটোত সোমোৱাৰ পাছত তাই এটা নতুন অনুজক বিচাৰি পালে যিটো তাই দেখা বাস্তৱৰ অনুজৰ পৰা একেবাৰে পৃথক৷ ৰুমটোৰ পৰা ওলোৱাৰ আগত টেবুলৰ পৰা কাগজ এটুকুৰা লৈ তাতে "sorry"বুলি লিখি স্মাইলী দুটা আকিঁ থৈ আহিলে৷ তাইৰ মনত অনুজৰ প্ৰতি থকা নঞৰ্থক ভাবধাৰাবোৰ কিছু হ’লেও কম হ’ল৷তাই সদায় অনুজক "নিকম্মা ,এলেহুৱা "বুলি ভাবিছিল৷কামোৰ দি থকা উৎপতীয়া ল’ৰাটোৰো যে ইমান শান্ত মনৰ অধিকাৰী হ’ব পাৰে তাই ৰুমটোলৈ অহাৰ পূৰ্বে বুজিয়েই পোৱা নাছিল৷ অনুজে ৰাশিক ৰুমৰ পৰা ওলাই অহা দেখি সন্দেহৰ দৃষ্টিৰে তাইলৈ চাই বাট আগুচি সুধিলে :"তই মোৰ ৰুমত কি কৰিছিলি?" :"তোলৈ surprise এটা থৈ আহিছোঁ" :"কি surprise " :"নিজে চাই ল’ " সি ৰুমলৈ গৈ প্ৰথমেই wardrobeৰ ওপৰত থোৱা বক্সটো সঠিক জেগাত আছেনে চাই শান্তিৰ এটা নিশ্বাস এৰি ৰাশিয়ে কি surprise দিছে বিচাৰিলে৷বিচনাতে গীতাৰখনৰ লগত কাগজৰ টুকুৰা এটা পালে আৰু পঢ়ি চালে তাত কি লিখা আছে৷গীতাৰখনৰ ষ্টিংদাল থিক কৰি দিছে তাই ৷সি নজনাকৈয়ে তাৰ মনটো ভাল লাগি গ’ল৷ সন্ধিয়া বেলিডুবা আকাশখন চাই ৰাশিয়ে বৰ ভাল পায় ৷অনুজে তাইক বিচাৰি চাদৰ ওপৰ পালেগৈ৷তাইক thank you ক’লে আৰু তাইলৈ বুলি "বেলি ডুবু ডুবু ইশ্বাৰা নুবুজো " গানটো গীতাৰখন হাতত লৈ গুণগুণালে৷তাই তাক মাজতে তাৰ ৰুমত থকা বক্সটোৰ কথা সুধিলে,সি একো নাই বুলি কৈ ৰুমলৈ গৈ বক্সটোৰ ভিতৰত লোকোৱাই থোৱা তাৰ পুৰণা ফটো এলবামটো উলিয়াই wardrobeৰ ভিতৰৰ main lockerটোত ভৰাই থ’লে৷(আগলৈ)

1 comment: