Monday, August 2, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই ) খণ্ড -১১ ************************** উইকিণ্ডৰ শেষত ইউনিভাৰ্চিটিত বহুত কিবাকিবি প্ৰগ্ৰেম নাইবা ইটো সিটো ইভেন্ট পাতিয়েই থাকে৷আজিও তেনেকুৱাই কিবা "ইতিহাস ,সংস্কৃতি আৰু নৱপ্ৰজন্মৰ শৈক্ষিক বৌধিক মনোভাৱ " সম্পৰ্কত আবেলি চাৰি বজাৰ পৰা জ’চাগৰ সন্মুখতে সভা এখনৰ আয়োজন কৰিছে৷ দৃষ্টিৰ যাবলৈ একেবাৰেই মন নাই ,সেয়ে প্ৰথমে নাযাওঁ বুলিয়ে কৈছিল কিন্তু সিহঁতৰ হোষ্টেলৰ চিনিয়ৰ দুজনীমানে লগ ধৰিছে বাবেহে উপায় নোহোৱাত পৰিল৷আজিও তাই আনদিনাতকৈ ৰাতিপুৱা কিছু দেৰিলৈ শোৱাৰ কথা ভাবিছিল কিন্তু সপ্তাহৰ শেষত ধুবলৈ বুলি দমাই থোৱা কাপোৰখিনি সোনকালে ধুই পখালি আজৰি হওঁ বুলিয়েই বিচনা এৰি উঠি আহিল৷ ইফালে আজি মৌ’ৰ সৈতে তাইৰ হ’বলগা মানুহজন চিৰঞ্জীৱক লগ কৰিবলৈ যাব বুলিও আগৰাতিয়ে কথা দি থৈছে৷বৰ এটা ইচ্ছা নাছিল আনৰ মাজত কাবাম মে হাৰ্ডি হৈ ওলমি যাবলৈ কিন্তু মৌয়ে যোৰ কৰাৰ বাবেহে তাইয়ো কথা দিব লগাত পৰিল ৷ যিমান পাৰে সোনকালে কামবনৰ ব্যস্ততা সামৰি চিৰঞ্জীৱে দিয়া সময় মতেই দুয়োজনী হোষ্টেলৰ পৰা DU HAATৰ ফালেই ওলাই আহিল৷চিৰঞ্জীৱক লগ পোৱাৰ পাছত তিনিওটাই ৰঞ্জিত দাৰ দোকানখনতে বাহিৰৰ ফালে ৰ’দ নপৰিবলৈ বুলি মেলি থোৱা ডাঙৰ ছাটিটোৰ তলতেই বহি ল’লেহি৷ চিৰঞ্জীৱ খুউব নৰম স্বভাৱৰ ল’ৰা, কিন্তু দৃষ্টিয়ে বুজি নাপায় মৌয়ে কিয় চিৰঞ্জীৱ আৰু তাইৰ সম্পৰ্কটোক সহজভাৱে ল’ব নোৱাৰে৷ আগতেও এবাৰ মৌ’ৰ সৈতে চিৰঞ্জীৱক লগ কৰিবলৈ বুলি জ্যোতি বাটচ’ৰালৈকে ওলাই আহিছিল ,সেইদিনাৰ পৰাই দৃষ্টিয়ে লক্ষ্য কৰিছিল মৌ আৰু চিৰঞ্জীৱৰ মাজত থকা দুৰত্ববোৰ৷ কিন্তু তেতিয়ালৈ সেই দুৰত্ববোৰ মাত্ৰ হ’বলগা এৰেঞ্জ মেৰেজৰ বাবেহে বুলি ভাবিছিল৷ কিন্তু যেতিয়া মৌ’য়ে ৰুমত শুই বহি থাকিলেও চিৰঞ্জীৱে ফোন কৰিলে ব্যস্ততাৰ অজুহাত দেখুৱাই কথা বতৰা নাপাতে তেতিয়াই দৃষ্টিৰ সন্দেহবোৰ বাঢ়ি যায়৷ মৌয়ে কোৱা মতে চিৰঞ্জীৱৰ সৈতে সম্পৰ্কটোৰ ছমাহ পাৰ হ’ল কিন্তু এই ছমাহত সম্পৰ্ক এটাত গঢ় লোৱা মৰম চেনেহ,মধুৰতা বা আন কোনো প্ৰেমিক প্ৰমিকাৰ মাজত দেখা আত্মীয়তা, অনুভূতিবোৰ তাই সিহঁতৰ মাজত নেদেখে৷ চিৰঞ্জীৱে নিজৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰে,হয়তো আজিকালি মৌ’ৰ স্বভাৱগত লক্ষণ বুলি ভাৱিয়ে লাহে লাহে সকলো থিক হোৱাৰ আশাৰে বাট চায় ৷ আজিও সিহঁতি একেলগে পাৰ কৰা আধাঘন্টাতকৈ বেছি সময় পাৰ হ’ল ,এই সময়খিনিত মৌয়ে মাত্ৰ চিৰঞ্জীৱে সুধা প্ৰশ্ন কেইটা বাদ দি নিজাববীয়াকৈ কোনো প্ৰশ্নৰে উত্থাপন নকৰিলে৷ দৃষ্টিৰ কেতিয়াবা এনে লাগে যেন মৌ’য়ে মাত্ৰ নিজৰ দায়িত্বসমূহ সামৰি মাক দেউতাকৰ লগতে ঘৰৰখনৰ সন্মানৰ বাবেহে সম্পৰ্কটো আগুৱাই নিছে৷ কিন্তু তাই ভবাৰ দৰে কথাবোৰ নহ’বও পাৰে বুলি সিহঁতক অকলশৰীয়াকৈ অলপ সময়ৰ বাবে এৰি আতৰি আহিল৷ দেওবাৰে DU HAATত মাত্ৰ নগণ্য সংখ্যকহে দোকানবোৰ খোলা থাকে৷ বন্ধ দোকানবোৰৰ মাজে মাজে খোজ দিবলৈ মন নোযোৱাত দৃষ্টিয়ে থানাখনৰ সিপাৰে থকা ৰাস্তাটোৰ ফালে আগবাঢ়ি আহিল৷ কিছুদূৰ আগবাঢ়ি অহাত বৰগছজোপাৰ তলতে ৰুদ্ৰক চিগাৰেট টানি থকা দেখিলে,ৰুদ্ৰই তাইক এইদৰে সন্মুখত দেখি হাতত থকা চিগাৰেটটো ল’ৰালৰিকৈ দুৰলৈ দলিয়াই পঠিয়ালে৷ আজি প্ৰথমবাৰ দৃষ্টিৰ ৰুদ্ৰক দেখি মনটো সেমেকি পৰিছে,তাক মাতিবলৈ মন নাছিল যদিও চকুৱে চকুৱে পৰাত "দাদা " বুলি কৈ আগুৱাই আহিল৷ আনদিনা দৃষ্টিৰ মুখত উলমি থকা লাজ,ভয় যেন অনুভূতিবোৰ ৰুদ্ৰই আজি দৃষ্টিৰ অৱশ যেন লগা মুখখনত নেদেখিলে৷নাৰীৰ প্ৰতি ৰুদ্ৰৰ দুৰ্বলতা কেতিয়াও নাই যদিও দৃষ্টিক দেখিলেই তাৰ কিবা মৰম লাগি যায় এই পোৱালীযেন লগা ছোৱালীজনীলৈ৷সি বুজিব নোৱাৰে কিয় হয় এনেকুৱা,বহুপৰ সেইখিনিতে কিবাকিবি ভাবি ৰৈ থাকিল৷ পুনৰ দৃষ্টিয়ে তাৰ সমুখেৰে পাৰ হৈ যাওঁতে মাতো নামাতোকৈ দৃষ্টিক সুধিলে "আজি অকলে এইদৰে যে " ৰুদ্ৰৰ মাতত দৃষ্টিৰ কলিজাখন ধিপধিপাই উঠিল,তাই এই মাতষাৰ কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে ৷ৰৈ দিলে একেঠাইতে,ৰুদ্ৰই তাইৰ ফালে আগবাঢ়ি অহা যেন পাই নজনাৰ ভাও ধৰিয়ে সুধিলে " কিবা কৈছিল " গহীন কণ্ঠস্বৰে ৰুদ্ৰই ক’লে " আজি লগত কোনো নাই নেকি?" "ৰুমমেটৰ লগত আহিছিলোঁ, তাইৰ ফিয়ান্সে আহিছে কথাপাতি আছে বাবে মই অলপ ওলাই আহিলোঁ" "অ’হ দেখি থাকোঁ তোমাক ইউনিভাৰচিটিৰ অলিয়েগলিয়ে পিটপিটাই ফুৰা" দৃষ্টিৰ বুকুখনে ধাপ্ কৈ শব্দ কৰি উঠিল,তাৰমানে ৰুদ্ৰইয়ো তাইক লক্ষ্য কৰি থাকে নেকি?আগতকৈও বেছিকৈ বুকুখনৰ ধিপধিপনিবোৰ বাঢ়ি আহিল৷লাজ লাজ অনুভৱ এটাই তাইৰ চকু কাণ গৰম কৰি দিলেহি ৷ আঙুলি কেইটা লিৰিকিবিদাৰি ৰৈ থাকিল তাই একো নোকোৱাকৈ৷ তাকে দেখি অসহজ অনুভৱবোৰ আতৰ হওঁক বুলিয়ে ৰুদ্ৰই পুনৰ সুধিলে "ক্লাছবোৰ হৈ আছেনে? আই মিন ইউনিভাৰচিটিত ক্লাছ কৰি কেনেকুৱা লাগিছে ?" মাতটো ওলাও নোলাও কৰি দৃষ্টিয়ে ক’লে " ভালেই লাগিছে ক্লাছ কৰি" ৰুদ্ৰই "উমম" বুলি কৈ কিছুসময় দুয়োটাই মুখেৰে একো নমতাকৈ ৰৈ থাকিল৷মৌনসময়বোৰেও কেতিয়াবা বহু কথাই কৈ দিয়ে৷দৃষ্টিয়ে চকুহাল মুদি মনতে ভগৱানক ভাবি ক’লে "এইসময়খিনি যেন ইয়াতেই ৰৈ যাওঁক "৷যেন ৰুদ্ৰ এবাৰলৈ আতৰি গ’লেই তাই হেৰুৱাই পেলাব এইদৰে লগ পোৱাৰ সুবিধাকন৷কিন্তু ৰুদ্ৰ কাষত ৰ’লেই কথা পাতিবলৈয়ো তাই শব্দৰ অভাৱ অনুভৱ কৰে৷বিচাৰি নাপায় শব্দবোৰ , তথাপিও সুধো নুসুধোকৈ ক’লে " আপুনি মেইন হোষ্টেলত থাকে নেকি? " "হয় "বুলি কৈ ৰুদ্ৰই মুৰ দুপিয়ালে৷ আৰু কি সুধিব দৃষ্টিয়ে একো ভাবিয়েই নাপালে৷আতৰি আহিবলৈয়ো মন যোৱা নাই,কথা পাতিবলৈ বহুত আছে ৰুদ্ৰৰ সৈতে কিন্তু সি সন্মুখত থাকিলেই যে তাইৰ সকলোবোৰ খেলিমেলি হৈ যায় ৷তাইৰ মুৰটোৱে কাম নকৰা যেন লাগিল ,তেনেকুৱাতেই তাইৰ ফোনটো বাজি উঠিল৷ ফোনটো চালে "মৌ’ৰ ফোন ৷"ৰিচিভ কৰিলত মৌ’য়ে চিৰঞ্জীৱ যাবলৈ ওলাইছে বুলি কৈ মাতি পঠিয়ালে৷ সেয়ে নিজৰ ইচ্ছাবোৰক বাধা দি ৰুদ্ৰক ক’লে "মই যাওঁ ,লগৰজনী ৰৈ আছে ৷" তাই আতৰি অহাৰ আগত ৰুদ্ৰই কৈ পঠিয়ালে " আজি সন্ধিয়া জ’চাগৰ ফ্ৰন্টত আমি মিটিং এখন দিছোঁ আহিবা,লগ পাম " ৷ কথাটো শুনি দৃষ্টিৰ মনটো ভাল লাগি গ’ল,উৎসুক হৈ পৰিল অনাগত সময়খিনিলৈ৷ দৃষ্টিৰ মুখত অপ্ৰকাশিত ৰঙ,এই ৰঙ ভালপোৱাৰ নে ভাললগাৰ তাই নাজানে৷ তাই সুখী সেয়ে নিজৰ মাজতে সামৰি ল’লে ভাললগাবোৰ৷ (আগলৈ) (পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ হিয়াভৰা মৰম আৰু শ্ৰদ্ধা জনালোঁ৷আপোনালোকৰ মৰম আৰু সহায় সহযোগিতাৰ বাবেই আজি মোৰ উপন্যাসখনে দহটা খণ্ড অতিক্ৰম কৰাত সফল হ’ল,আশাকৰোঁ আপোনালোকৰ মৰম আৰু দিহা পৰামৰ্শৰে উপন্যাসখন শেষলৈ আগুৱাই নিয়াত যাতে সফল হ’ব পাৰোঁ৷ প্ৰান্তত দেৱাশ্ৰী বৰা ❤️)

No comments:

Post a Comment