Wednesday, August 25, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-২৩ *************************** (বহুদিন লেখনিটো আগবঢ়াই দিব নোৱাৰাৰ বাবে ক্ষমাপ্ৰাৰ্থী ৷কভিদ’ৰ বাবে কিছুদিন শাৰীৰিক অসুস্থতাত ভুগি আছিলোঁ সেয়ে লেখনিটো আগবঢ়াই দিব পৰা নাছিলোঁ৷ আশাকৰোঁ আপোনালোকে বুজিব৷।আজিৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ ৷পঢ়িব বুলি আশা ৰাখিলোঁ ৷ধন্যবাদেৰে দেৱাশ্ৰী বৰা ) মাজৰাতি পেটত পচন্দ ভোকে অনশন কৰাত দৃষ্টিৰ টোপনি ভাগিল ৷টেবুলতে থকা বিস্কুটৰ বৈয়ামটোৰ পৰা বিস্কুট দুখন খাই শুবলৈ চেষ্টা কৰিল৷ কিন্তু বহুপৰ বিচনাত পৰি থাকিও টোপনি নাহিল তাইৰ৷ মোবাইলৰ চুইছটো অ’ন কৰি ল’লে৷তাইলৈ ইতিমধ্যে পাচঁটা ক’ল আহি মিচক’ল হৈ গৈছে আৰু চুইছ অ’ফ থকাৰ বাবে কেইবাটাও মেছেজ একেলগে আহি ভাইব্ৰেচনত ৰখা মবাইলটো হেঙাই গ’ল৷ এফালৰ পৰা চাবলৈ আৰম্ভ কৰিলে সিদ্ধাৰ্থৰ ফোন আৰু কেইবাটাও মেছেজ৷হয়তো কাৰোবাৰ মুখেৰে কেনেবাকৈ হৈ যোৱা ঘটনাবোৰ জানিব পাৰিলে৷কিন্তু এই সময়ত একেবোৰ কথাৰ অৱতাৰণা কৰি তাইৰ কথা পাতিবলৈ মন নগ’ল৷লগতে তাইৰ স্কুলীয়া বান্ধৱী প্ৰত্যাক্ষাৰো কেইবাটাও মিচক’ল৷সময়টো চালে এক বাজিবৰ হ’ল সেয়ে এই ৰাতিখন ফোন কৰিবলৈ বেয়া লাগিল৷ হোৱাটছপআপটো অ’ন কৰি হোৱাটছপআপ স্ক্ৰীণখন এফালৰ পৰা চাই যাওঁতে প্ৰত্যাক্ষাৰ মেছেজ এটাও পালে " সময় পালে কেতিয়াবা মোৰ ফোনটোও ৰিচিভ কৰিবি৷বৰ অশান্তিত আছোঁ দৃ...মোৰ জীয়াই থকাৰ হেপাঁহ নোহোৱা হৈ গৈছে৷প্লিজ মোক জীয়াই থাকিবলৈ অলপ সকাহ দে ,মোৰ লগত কথা পাত ৷এনেকে নহ’লে মই মৰি যাম কেতিয়াবা" মেছেজটো পঢ়ি তাইৰ চকুলো বাগৰি আহিল৷লগালগ ক’ল লিষ্টখনৰ পৰা প্ৰত্যাক্ষাৰ নাম্বাৰটো ডাইল কৰিলে ,কিন্তু ফোনৰ সিমুৰৰ পৰা ভাহি আহিল "দ্যা নম্বাৰ ইউ হেভ ডাইল ইট’ছ কাৰেণ্টলি চুইছ অ’ফ " ৷ বাৰে বাৰে প্ৰত্যাক্ষাৰ নাম্বাৰটো ডাইল কৰিও সেই একে কথাই৷ ভয় ভাৱ এটাই দৃষ্টিক খেদি আহিল৷ তাই শোৱাৰ পৰা বহি থপথপকৈ কপিঁবলৈ ধৰিলে৷ নজনাকৈ কান্দোনৰ ৰুল এটা উলাই আহিল৷ তাইৰ কান্দোনৰ মাত শুনি মৌ’য়ে সাৰ পাই তাইৰ কাষ পালেহি ৷দৃষ্টিক এইদৰে কান্দি থকা দেখি মৌ’য়ে দৃষ্টিয়ে কিবা বেয়া সপোন দেখি কান্দিছে বুলিয়েই পানী-দুনি খাবলৈ দিছে,কিন্তু এই সময়ত দৃষ্টিয়ে কান্দোনবোৰ ৰখাবই পৰা নাই৷হুকহুকাই কান্দি থকাৰ পৰা দৃষ্টিয়ে মোবাইলটো হাতত তুলি মৌ’ৰ ফালে আগবঢ়াই প্ৰত্যাক্ষাই পঠিওৱা মেছেজটো দেখুৱালে ৷মৌ’য়ে মেছেজটো পঢ়িয়ে দৃষ্টিলৈ প্ৰশ্নবোধক চাৱনিৰে চাই উঠাৰ পৰা দৃষ্টিৰ মোবাইলটো কাঢ়ি অন্য কিবা মেছেজ পাই নেকি খুচৰি চালে৷ মৌ’ৰ মনত প্ৰত্যাক্ষাৰ মেচেজটোৱে কিবা অন্য বিপদৰ ফালে সংকেত দেখুৱাইছে৷হয়তো দৃষ্টিয়েও সেইবুলিয়েই কান্দিছে ৷দৃষ্টিক বুজাবলৈ মৌ’য়ে ক’লে "একো নাই দৃষ্টি তাই শুলে চাগৈ সেয়ে ফোনটো ৰিচিভ কৰা নাই. তুমি বৰ বেছি চিন্তা নকৰিবা ৷ৰাতিপুৱা আমি কথা পাতিম ভালদৰে৷" মৌ’ৰ কথাবোৰ নিজেও ভাবি গুণি অলপ সময়ৰ বাবে দৃষ্টিয়ে নিজকে চম্ভালি ল’লে৷ আচলতে দৃষ্টিয়ে কিছুমান কথাক লৈ বৰ ভাবুক,জীয়া মৰাৰ জীৱন নামৰ এই খেলখলত কাৰোবাক হেৰুৱাই দিয়াৰ ভয় খুউব বেছি ৷ পিছে এই ৰাতিখন নিজৰ অশান্ত মনটোৰ উপৰিও মৌ’কো অশান্তি দিবলৈ মন নকৰিলে৷সেয়ে মৌ’ক সাবটি দুইজনী শুই থাকিল৷ ৰাতিপুৱালৈ দৃষ্টিয়ে সাৰ পাইয়ে দুবাৰমান প্ৰত্যাক্ষাৰ নাম্বাৰটো ডাইল কৰিলে কিন্তু তেতিয়াও চুইছ অ’ফ হৈয়ে আছে৷ ব্ৰাছডাল হাতত লৈ বাথৰুমৰ ফালে ওলাই গ’ল৷ পাপৰিয়ে আহি দৃষ্টিৰ কাণে কাণে সুধিলেহি "মেইন হোষ্টেলত কোনোবা ছোৱালী এজনীয়ে চুইচাইড কৰিলে ,কথাটো শুনিছা নেকি কেনেবাকৈ?" ৰাতিপুৱাই বেয়া খবৰ এটা শুনি বহুপৰ তধা লাগি ৰোৱাৰ পৰা কৈ উঠিল " কি...??? চুইচাইড কৰিছে কিন্তু কোনে ,কিয়" পাপৰিয়ে দৃষ্টিৰ মুখতে টেপা মাৰি ধৰি ক’লে " চুপ্ প ,মনে মনে ,মোক সিহঁতৰ হোষ্টেলৰ ছোৱালী এজনীয়েহে কৈছে৷ সচাঁ মিছা নাজানো বিশেষকৈ৷মই তুমি জানা বুলিহে সুধিছোঁ৷ " দৃষ্টিয়ে ফুচফুচাই কৈ উঠিল " মই নাজানো নহয় ,কোনে ক’লে তোমাক " "জে.চি.এনৰ মানসীয়ে ক’লে ৷ পাক্কা খবৰ বোলে ৷কাকো নক’বা ,এইবোৰ খবৰ কোনোবাই আমি বিয়পোৱা বুলি শুনিলে বেয়া হ’ব৷ ইনেও ইউনিভাৰ্চিটিত এইবোৰৰ বৰ বেছি গুৰুত্ব নাই বুলিয়েই শুনিছোঁ,হ’লেও আনৰ মুখত শুনা হে " দৃষ্টিয়ে বৰ বেছি একো সুধি নাথাকিলে৷গা পা ধুই আহি ৰুমত সোমালেহি৷ মনটো আজি গুমা হৈয়ে আছে তাইৰ সেয়ে ফাৰ্ষ্ট ক্লাছটো নকৰে৷ মৌ’ৰ পিৰিয়ডছৰ দুদিন সেয়ে তাইয়ো ক্লাছলৈ নাযায় আজি৷ দৃষ্টিয়ে পুনৰ প্ৰত্যাক্ষাৰ নাম্বাৰটো ডাইল কৰি চালে কিন্তু এতিয়াও চুইচঅ’ফ৷ৰাতিপুৱাই বেয়া খবৰ এটা শুনিও মনত ভয় ভাৱ এটা বাঁহ লৈয়ে আছে তাতে আকৌ প্ৰত্যাক্ষাৰো ফোনটো চুইচঅ’ফ৷ দৃষ্টিৰ চিন্তাক্লিষ্ট মুখখন দেখি মৌ’য়ে সুধিলে " কি হ’ল দৃষ্টি ,তোমাৰ লগৰজনীয়ে ফোন ৰিচিভ কৰাই নাই নেকি?" দৃষ্টিয়ে সোঁৱেবাঁৱে মুৰ জোকাৰিলে৷মনলৈ বাৰে বাৰে পাপৰিয়ে কোৱা কথাটো আহি থকাৰ বাবে মৌ’ক এপাকত সুধিয়ে পেলালে " ইউনিভাৰ্চিটিত কিবা চুইচাইডৰ কথা শুনিছা নেকি?" মৌ’য়ে দৃষ্টিলৈ কেৰাহিকৈ চাই সুধিলে "তুমি কেনেকৈ গম পালা৷ " "সেইবোৰ বাদ দিয়া কথাটো সচাঁ নেকি?" "আমাৰ ডিপাৰ্টমেণ্ট গ্ৰুপত কথাটো বহুতে পাতি আছে আৰু অলপ আগত বাথৰুমলৈ যাওঁতেও সংগীতা বা হঁতে পাতি থকা শুনিছিলোঁ৷সচাঁয়ে হয় চাগে ৷ নহ’লেনো মিচাতে ওলাবনে? মই আকৌ তুমি যোৱানিশাৰ পৰাই চিন্তিত হৈ থকাৰ বাবেহে কোৱা নাছিলোঁ তোমাক ৷" দৃষ্টিয়ে মৌ’ৰ ফালেই আগবাঢ়ি গৈ পুনৰ প্ৰত্যাক্ষাৰ নাম্বাৰটো ডাইল কৰিলে কিন্তু একেই ৷ভয়াৰ্ত অনুভৱেৰে কপাঁ কপাঁ মাতেৰে মৌ’ক ক’লে " যদি কেনেবাকৈ প্ৰত্যাক্ষাইয়ো যদি এনে কিবা এটাই কৰে তেতিয়াহ’লে ৷মই কিন্তু নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিম" পাছৰ কথাকেইটা কওঁতে দৃষ্টিৰ মাতটো থোকাথুকি হৈ চকুৰ লোটক এধাৰিমান বৈ আহিল ৷মৌ’ৰ নিস্তব্ধতাই দৃষ্টিৰ মনটো আস্ফালন কৰি উঠিছে৷তাইৰ আৱেগিক মনটোত চুইচাইড নামৰ বিষ এটা ঝংকাৰিত হৈছে৷ ককবকাই থকা হৃদপিণ্ডটোক সকাহ দিবলৈ দ্বিতীয় ক্লাছটোৰ বাবে সময়তকৈ কিছু আগতীয়াকৈ ওলাই আহিল ৷জ্যোতিবাটচ’ৰাৰ মুখতে ৰুদ্ৰৰ সতে মুখামুখি হ’ল ,কিন্তু তাই ইচ্ছা কৰিয়েই ৰুদ্ৰক নমতাকৈ পাৰ হৈ আহিল ৷ কাৰণ এই সময়ত যদি ৰুদ্ৰই কেনেবাকৈ কিবা প্ৰশ্ন কৰে তেতিয়া তাই যে হকেবিহকে সকলো কথাই খুলি কৈ দিব সেইটো জানে ৷চকুহাল জোৰকৈ টেপা মাৰি তাই যাতে ৰুদ্ৰৰ চকুত নপৰে সেইটো কথা ভাবিয়েই আগুৱাই আহিল ৷ কিন্তু তেনেকুৱাতেই পাছফালৰ পৰা ৰুদ্ৰই মাত লগালে " দৃষ্টি শুনাচোন " ৰৈ দিলে দিলে তাই৷হৃদয়ৰ গতিবেগবোৰ বাঢ়ি আহিল তাইৰ ৷ৰুদ্ৰ তাইৰ ফালে আগবাঢ়ি আহি সুধিলে " তোমাক জয়শ্ৰীয়ে কিবা কৈছিল নেকি?" দৃষ্টিৰ ভয়তে হৃদধ্বনিবোৰ তীব্ৰ হ’বলৈ ধৰিলে৷আঙুলি কেইটা লিৰিকিবিদাৰি তল মুৰ কৰি থকাৰ পৰা কৈ হেপ ঢুকি কৈ উঠিল " মানে ? কি কোৱা কথা সুধিলে আপুনি " ৷ ৰুদ্ৰই দৃষ্টিলৈ চাই খঙাল সুৰত কৈ দিলে " যদি তুমি একো নাজানাই তোমাক কিবা সুধিও লাভ নাই " ৷ দৃষ্টিয়ে কি উত্তৰ দিব ভাবি থাকোঁতেই তাইৰ ফোনটো বাজি উঠিল ৷ প্ৰত্যাক্ষাৰ ফোন ,লগালগ ৰুদ্ৰৰ কথাবোৰক আওকাণ কৰি তাইৰ ফোন ৰিচিভ কৰি প্ৰত্যাক্ষাৰ মাতটো শুনাৰ পাছতেই বিৰক্তিৰ সুৰত গালি পৰাৰ দৰেই কৈ উঠিল " পগলা হ’লি নেকি তই ,এনেকৈ কোনোবাই ফোন চুইচঅ’ফ কৰি থয় নেকি৷ তই জাননে যোৱাৰাতি তোৰ মেছেজটো পোৱাৰ পাছত মোৰ কি অৱস্থা হৈছে ,কিম্মান ভয় খাইছিলোঁ মই ৷ " দৃষ্টিয়ে কথা পাতি আগুৱাই আহোঁতে বাটতে হুকহুকাই কান্দি পেলালে৷ দৃষ্টিৰ কান্দোনবোৰ শুনিয়েই প্ৰত্যাক্ষাই ক’লে " হ’ব দে ,বেছি চিন্তা নকৰিবি৷ মই এতিয়া থিকেই আছোঁ ৷ক’ত আছ তই " "ইউনিভাৰ্চিটিত ,ক্লাছ কৰিব আহিছোঁ ৷" " বহুত কথা পাতিবলৈ আছে ৷আবেলি ফোন কৰিম ,তই এতিয়া ক্লাছ কৰি ল’৷বেছি চিন্তা কৰি নাথাকিবি ,মই থিকেই আছোঁ ৷ " দৃষ্টিয়ে কিবা এটা সুধিবলৈ লোৱাৰ আগতেই প্ৰত্যাক্ষাই ক’লটো কাটি দিলে৷ হ’লেও প্ৰত্যাক্ষা ভালে থকাৰ কথাটো শুনি তাইৰ মনত অলপ হ’লেও সকাহ পালে৷চকুপানীবোৰ মোহাৰিবলৈ লওঁতেই ৰুদ্ৰই ৰুমাল এখন আগবঢ়াই দিলে তাইৰ ফালে৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment