Sunday, August 15, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-২২ *************************** ৰৈ ৰৈ চাওঁ তোক ,হেপাঁহ নপলাই হিয়াতে হিয়া খন দিবিনে লগাই.. মোৰে হৈ থাকিবি তোৰে হৈ ৰ’ম সুখৰে আধা দি দুখৰ আধা ল’ম...! বহুপৰ দৃষ্টিয়ে ৰুদ্ৰৰ শেঁতা পৰা মুখখন দুৰৰ পৰাই চাই থাকিল ৷তাই নাজানে ৰুদ্ৰৰ মাজত শান্তভাৱে বলি থকা ধুমুহাজাকৰ কথা৷ ৰুদ্ৰৰ সৈতে সুখ-দুখৰ প্ৰতিটো সময়েই একেলগে ভগাই ল’ব খুজিলেও সেইয়া জানো সম্ভৱ তাইৰ বাবে? অপ্ৰকাশিত ভালপোৱাত তাই জানো পাৰিব ৰুদ্ৰৰ ওচৰত গৈ তাক সহাৰি জনাবলৈ৷তাই ইচ্ছা কৰিও হয়টো ৰুদ্ৰক নজনাকৈ নুবুজাকৈ তাইৰ মনৰ কথাবোৰ জনাবগৈ নোৱাৰে৷একপক্ষীয় হিচাপে ৰুদ্ৰক ভাল লাগিলেও কেনেবাকৈ ৰুদ্ৰই কথাবোৰ জানিব পাৰিলে যি অলপ সিহঁতৰ মাজৰ দুৰত্ব কমিছে সেই কমি অহা দুৰত্ববোৰক সদায়ৰ কাৰণে নুই কৰিব নোৱাৰে৷ কথাবোৰ ভাবি ভাবি কেতিয়ানো তাই হোষ্টেলৰ গেটৰ মুখ পালেহি ক’বই নোৱাৰিলে৷ ৰুমলৈ আহি দৃষ্টিয়ে কিছুসময় শুবলৈ চেষ্টা কৰিছিল যদিও ৰুদ্ৰৰ ৰহস্যময় স্বভাৱতো পৰিলক্ষিত হোৱাৰ পৰাই তাই মনটো কিছু অশান্ত অনুভৱ কৰিছে৷ ৰুদ্ৰৰ কথাকে ভাবি গুণি থাকোঁতে ইতিমধ্যে বহুকেইটা কথাই আহি তাইৰ মনত জুমুঠি বান্ধিছেহি৷কোনোবাখিনিত তাইৰ নিজকে দুখী দুখী যেন অনুভৱ হৈছে৷ কাৰণ তাই ৰুদ্ৰক ঘৰৰ কথা সুধাৰ পাছৰে পৰাই তাৰ মুখৰ গতিপথেই সলনি হৈ পৰাটো লক্ষ্য কৰিছিল৷ তাৰ পাছত কি হ’ল তাই নাজানিলেও কেনেবাকৈ তাইৰ লগৰ সৃষ্টিৰ দৰেই ৰুদ্ৰইয়ো ঘৰুৱা সমস্যাৰ ভুক্তভোগী হৈ সেইসময়ত মুখেৰে একো নামাতিলে নেকি ,যদি কথাটো তেনেকুৱা তেনেহ’লে পুৰনি ঘাঁত নিমখ ঢলাৰ বাবে দায়ী তাই ৷ তাই বুজি পায় ল’ৰাবোৰে মনত হাজাৰটা দুখ কষ্ট পুহি ৰাখিলেও ছোৱালীৰ দৰে আনৰ আগত সহজে প্ৰকাশ কৰি দিব নোৱাৰে৷ হয়তো ৰুদ্ৰও তাৰ ব্যতিক্ৰম নহয় ৷ দৃষ্টিয়ে জানে তাইৰ অশান্ত মনটোক শান্ত কৰিব পৰা উপায়৷ মুখহাত কেইটা ধুই ৰুমটোত ধুনীয়া সুগন্ধিৰ ধূপ দুদাল জ্বলাই সামূহিক প্ৰাৰ্থনা থলীলৈ মৌ’কো লগত লৈ উলাই আহিল৷ চাৰিওদিশে সিহঁতৰ "ব্ৰক্ষ্মা আদি কৰি জীৱ য’ত " প্ৰাৰ্থনাটোৰে হোষ্টেলৰ চৌপাশক পবিত্ৰ কৰি তুলিলে৷এইদৰে চিঞৰি চিঞৰি প্ৰাৰ্থনা গালে দৃষ্টিৰ মনটোও কিছু শান্ত যেন লাগে৷ক্ষন্তেকৰ বাবে হ’লেও হৰিভক্তিত মগন হৈ সকলোৱে পাহৰি যাব পাৰে জীৱনৰ সুখ,দুখ আদি কষ্টকৰ সময়ৰ প্ৰতিটো কথাই৷আচলতে কিছুদিন আগৰ পৰা হোষ্টেলৰ ছোৱালীবোৰে পুনৰ পূৰ্ব নিয়ম অনুসৰি সন্ধিয়া সময়ত আটাইবোৰে মিলি প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰিছে৷ প্ৰায় ছোৱালীবোৰ সন্ধিয়া সময়ত হোষ্টেলত নাথাকিলেও যিকেইজনী থাকে সিহঁতেই মিলিজুলি ৬.৩০ বজাত প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰি দিয়ে ৷কেতিয়াবা সিহঁতৰ লগতে ৰান্ধনী খুড়ী দুজনীও বহি লয়হি আৰু তাৰপাছতে আটাইবোৰে মিলি সন্ধিয়াৰ চাহ কাপ একেলগে উপভোগ কৰে৷ হোষ্টেলত প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰাৰ দিনৰে পৰাই যিহেতু চাহৰ আদ্দাও আৰম্ভ হৈছে সেয়ে দৃষ্টিৰ DU Haatত চাহ খাবলৈ যোৱা অভ্যাসটোও নোহোৱা হ’বলৈ ধৰিছে৷ হোষ্টেলত এই সময়খিনি তাইৰ ভাল লাগে ,কাৰণ দিনটোৰ ব্যস্ততাবোৰৰ পৰা আতৰি সিহঁত আটাইবোৰে একেলগ হৈ নিজৰ মন পছন্দৰ যিকোনো কথাই আলোচনা কৰিব পাৰে৷আজিও আদ্দাত ইলেকচনৰ নমিনেশ্বন পাছ হোৱা কেণ্ডিডেট কেইগৰাকীৰ বিষয়ে বহু কথাই আলোচনা হ’ল৷ কিন্তু সিহঁতৰ গঠনমুলক আলোচনাৰ মাজতে দুই এজনীয়ে নিজৰ ভাললগা কেণ্ডিডেটজনৰ বিষয়ে কিছুমান কথাত হয়ভৰ দিব নোৱাৰি অনিচ্ছা প্ৰকাশ কৰি সেইখিনিৰ পৰা আতৰি গ’ল৷ দৃষ্টিয়ে কাৰো কথাতে একো মাত নমতাকৈ মনে মনে বহি আছে ৷আজি যেন তাইৰ মৌন ব্ৰত ধাৰণ কৰাৰহে দিন৷ আচলতে এইবোৰ কথাৰ আলোচনাত ভাগ ল’বলৈ তাই বেয়া পাই৷ কেণ্ডিডেটবোৰৰ বিষয়ে গঠনমূলক আলোচনা কৰাটো ভাল কথা কিন্তু সেই আলোচনাত যে সকলোৰে মতামত বেলেগেই হ’ব তাই সেইটো কথা ভালকৈয়ে জানে,সেয়েহে মাত মতা নাই কোনোফালে৷ দৃষ্টিক এইদৰে মনে মনে বহি থকা দেখিয়ে কোনোবা দুজনীমানে সুধিয়ে পেলালে " তুমি ইলেকচনত ভোটতো কাক দিম বুলি ভাবিছা?" দৃষ্টিয়ে গহীনাই কৈ থ’লে " মই এতিয়ালৈ এই বিষয়ে একো ভবাই নাই ৷যিহেতু ইলেকচনলৈ এতিয়াও এসপ্তাহ সময় আছে সেয়ে কেম্পেনিং চাম,তাৰপাছতহে থিৰাং কৰিম আচলতে মোৰ বিবেকে কোনগৰাকীক যোগ্য বুলি ভাৱে৷" লগালগ হাতচাপৰি কেইটামান বাজি উঠিল দৃষ্টিৰ নামত৷ দুজনীমানে সেই কথাত হয়ভৰ জনালে৷ সিহঁতৰ আদ্দাটোৰ বিপৰীতে বেলেগকৈ বহা জয়শ্ৰীহঁতৰ চিনিয়ৰ গ্ৰুপটোৱে হাতচাপৰিৰ শব্দ শুনি সিহঁতৰ কথাবতৰাবোৰ শুনি থকাৰ পৰা তাৰে নেইনা নামৰ চিনিয়ৰ ছোৱালীজনীয়ে ক’লে " এইখন ইউনিভাৰ্চিটি হয় ,ইয়াত ইলেকচন যোগ্য অযোগ্য লৈ বিচাৰ নহয়৷ যি বেছিকৈ টকা খৰচ কৰিব পাৰিব,যাৰ চেহেৰা ধুনীয়া,হেন্দচাম ,সিহঁতিহে আগবাঢ়িব পাৰিব৷মানুহ মাত্ৰেই আৱেগিক,ইয়াত বিবেকৰ কথাই নাহে৷ তহঁতৰ কথাবোৰ শুনি আছোঁ অথনিৰে পৰা,কিন্তু ডাঙৰ ডাঙৰ লেকচাৰ দি ইয়াত লাভ নাই ,এতিয়া যোগ্য জনক ভোট দিম বুলি কৈ ফিটাহি মাৰি পাছলৈ য’ৰ পৰা টকা পইচা,খোৱা বস্তু বেছিকৈ আহিব তাতেই ভোটটো পৰিবগৈ যে সেইটো ভালদৰে জানো৷ইয়াত মানুহ বিক্ৰী হ’বলৈ বেছি সময় নালাগে৷টকাৰ আগত কি যোগ্য কি অযোগ্য ৷বহুত দেখিলোঁ ডাঙৰ ডাঙৰ কথাৰে লেকচাৰ দিয়া নমুনা কিন্তু লাভ নাই ৷শেষত গৈ একেই হয়গৈ৷" ফেটিসাপৰদৰে ফুচফুচনি মাৰি একে উশাহতে কথাবোৰ কৈ সিহঁত কেইজনী সেইখিনিৰ পৰা আতৰি গ’ল৷ দৃষ্টিয়ে ওলোটাই কিবা এটা ক’বলৈয়ো সুবিধাই নাপালে৷ জয়শ্ৰীয়ে তাইলৈ টেলেকাটেলেক কৈ চাই থকাত নেইনাৰ প্ৰতিটো কথাই আহি যেন দৃষ্টিৰ বুকুত শূল হৈ খুন্দিয়াইছিল ৷ দৃষ্টিয়ে ক’ব বিচাৰিছিল যে "মই আনৰ দৰে নহয়,আৱেগৰ ভৰত বিকেকক বিক্ৰী কৰা বিধৰ নহয়৷টকা পইচা বা খোৱা বস্তুৰ লালসা মোৰ নাই "কিন্তু তাই একো এটা শব্দ ফুটাই ক’বলৈয়ো সুবিধাই নাপালে৷তাইৰ চকুহাল ৰঙাকৈ চলচলীয়া হৈ পৰিল৷ পাৰভাঙি বাগৰি আহিব খোজা চকুপানীবোৰ কোনোবাই দেখাৰ আগতে লুকুৱাবলৈ চেষ্টা কৰি ল’ৰালৰিকৈ তাইৰ ৰুমটোৰ দিশে খোজ ল’লে৷তাত থকা সকলোৱে দৃষ্টিৰ অসহায় অৱস্থাটোৰ কথা বুজিছিল যদিও চিনিয়ৰৰ ভয়তে কোনেও একো এটা ক’বলৈ সাহ নকৰিলে৷ মৌ’য়ে সকলোৰে গতিবিধিবোৰ লক্ষ্য কৰি দৃষ্টিৰ পাছে পাছে ৰুমলৈ সোমাই আহিল৷ বিচনাখনত পৰি গাৰুটোক সাবতি দৃষ্টিয়ে উচুপি উঠিল৷দৃষ্টিক এইদৰে কন্দাকটা কৰা দেখি মৌ’ আহি তাইৰ ওচৰতে বহি ল’লেহি৷ মৌ’ক কাষত পাই দৃষ্টিৰ উচুপনিবোৰ আগতকৈ আৰু বেছিকৈ বাঢ়ি আহিল,মৌ’ৰ কান্ধত মুৰ থৈ তাই কৈ গ’ল " চোৱা মৌ’ মই কিবা ভুলকৈ কৈছিলোঁ জানো? কিয় বাৰু এওঁলোকে মোৰ প্ৰতিটো কথাকে ভুল বুলি পতিয়ন নিয়াবলৈ উঠি পৰি লাগি থাকে মই বুজি নাপাওঁ৷ কিন্তু ইনচাল্ট কৰিলে মই বৰ বেয়া পাওঁ " মৌ’য়ে জানে দৃষ্টিৰ ভুল নাথাকিলেও জয়শ্ৰী আৰু তাইৰ লগৰ দুজনীমানে প্ৰতিটো কথাতে দৃষ্টিক সেয় জ্ঞান কৰিবলৈ চেষ্টা চলাই থাকে৷ জয়শ্ৰীয়ে এনে কাম যে ৰুদ্ৰক পোৱাক আপাহতেই কৰি থাকে সেই কথা তাই নুবুজা নহয় ৷ কিন্তু দৃষ্টিৰ গাতটো কোনো ভুল নাই ,কাৰোবাক ভালপোৱাটো জানো ভুল হ’ব পাৰে? যদি জয়শ্ৰীয়ে ৰুদ্ৰৰ বাবে দৃষ্টিৰ সৈতে এনে ব্যৱহাৰ কৰে তেনেহ’লে মুখামুখিকৈ কথাবোৰ খুলি কোৱাই ভাল হ’ব লাগে৷এনেকৈ সময় অসময় লৈ যাৰে তাৰে আগত কাৰোবাৰ ব্যক্তিগতসন্মান লাঘৱ কৰাৰ তাইৰ কোনো অধিকাৰ নাই ৷চিনিয়ৰ হ’লেও প্ৰতিটো কথাই মানি চলিব নোৱাৰে ৷সকলোৰে জীৱনত নিজৰ ইচ্ছাৰে জীয়াই থকাৰ অধিকাৰ আছে আৰু সেই অধিকাৰখিনিক আনে এইদৰে খৰ্ব কৰিব নোৱাৰে৷ দৃষ্টিৰ মুৰত হাত ফুৰাই কথাবোৰ ভাবি ভাবি মৌ’য়ে ভুৰভুৰাই উঠিল৷ দৃষ্টিয়ে মুখেৰে একো নামাতিলে৷ কিন্তু এপাকত মৌ’ক সুধিলে " মই ৰুদ্ৰ দাক ভালপাই কিবা ভুল কৰিলোঁ নেকি? " " তোমাৰ কাৰোবাক ভাললাগিছে তুমি নিজাববীয়াকৈ তেওঁক একপক্ষীয় ভাৱে ভাল পাইছা তাত কিবা ভুল কৰিব লগা আছে বুলি মই নাভাবোঁ৷ অন্ততঃ তুমি জয়শ্ৰী বাৰ দৰে দুই তিনিবাৰ প্ৰেম প্ৰস্তাৱ দি ৰুদ্ৰদাৰ পৰা ভালপোৱাবোৰ টানি আজুৰি বিচাৰিব যোৱা নাই ৷তোমাৰ যি ভাললাগে তাকেই কৰা৷ কোনে কি কয় ক’বলৈ দিয়া ৷ইনেও কিছুমানৰ স্বভাৱেই এনেকুৱা যে নিজে পাব নোৱাৰিলে আনৰ হ’বলৈও নিদিয়ে৷" দৃষ্টিয়ে মুখেৰে একো নমতাকৈ বহু সময় নিতাল মাৰি শুই থাকিল৷ তেনেকুৱাতে তাইৰ ফোনটো বাজি উঠিল৷ এই সময়ত কাৰো লগতেই কথা পতাৰ ইচ্ছা নাই তাইৰ সেয়ে কোনে ফোন কৰিছে নুচুৱাকৈয়ে ক’লটো কাটি দিলে ৷ পুনৰ দুই তিনিবাৰ ফোনটো বাজি উঠাত খঙতে চুইছ অ’ফ কৰি ভাতপানী নোখোৱাকৈ শুই থাকিল৷ (আগলৈ)

No comments:

Post a Comment